অধ্যয়নৰ লেখ ৩৮
ভৰসাযোগ্য হওক!
“পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী মনৰ লোকে কথা লুকুৱাই ৰাখে।”—হিতো. ১১:১৩.
গীত ১০১ একতাৰে কাম কৰক
লেখৰ এক আভাস *
১. আমি কেনে ব্যক্তিক ভৰসাৰ যোগ্য বুলি কʼব পাৰোঁ?
এজন ভৰসাযোগ্য বক্তিয়ে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে আৰু সঁচা কথা কয়। (গীত. ১৫:৪) যেতিয়া এনে ব্যক্তিক আমি কিবা কাম দিওঁ, তেতিয়া তেওঁ এই কামটো কৰিব নে নকৰে বুলি ভাবি চিন্তিত নহওঁ। কিয়নো আমাৰ বিশ্বাস থাকে যে সেই কাম নিশ্চয় হʼব। আমিও ভাই-ভনীসকলে বিশ্বাস কৰিব পৰা ব্যক্তি হʼব বিচাৰোঁ। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে আমি ভৰসাৰ যোগ্য কেনেকৈ হʼব পাৰোঁ?
২. লোকসকলে আমাৰ ওপৰত ভৰসা কৰাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?
২ কোনোবাই আমাক ভৰসা কৰক বুলি আমি তেওঁক জোৰ কৰিব নোৱাৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি এনে কাম কৰিব লাগিব, যাৰ পৰা লোকসকলে আমাৰ ওপৰত ভৰসা কৰিব পাৰে। কাৰোবাৰ ভৰসাযোগ্য হোৱাটো টকা-পইচা অৰ্জন কৰাৰ দৰে হয়। যিদৰে টকা-পইচা অৰ্জন কৰিবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। ঠিক সেইদৰে আনৰ ভৰসাযোগ্য হʼবলৈও সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। যেনেকৈ টকা-পইচা খৰচ হʼবলৈ বেছি সময় নালাগে, ঠিক সেইদৰে ভৰসা হেৰুৱাবলৈও বেছি সময় নালাগে। আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ। কাৰণ তেওঁ ভৰসাযোগ্য হয় বুলি প্ৰমাণ কৰিছে। বাইবেলত কোৱা হৈছে, “তেওঁৰ সকলো কাৰ্য্য বিশ্বাসযোগ্য।” (গীত. ৩৩:৪) আমিও যিহোৱাৰ দৰে ভৰসাৰ যোগ্য হোৱাটো তেওঁ বিচাৰে। (ইফি. ৫:১) গতিকে আহক যিহোৱাৰ দৰে ভৰসাৰ যোগ্য হোৱা তেওঁৰ কিছুমান বিশ্বাসী সেৱকসকলৰ পৰা শিকোঁ। আমি এনে পাঁচটা গুণৰ বিষয়ে শিকিম, যিবোৰ মনত ৰাখিলে আমি ভৰসাৰ যোগ্য হʼব পাৰিম।
প্ৰাচীন সময়ৰ লোকসকলৰ নিচিনা ভৰসাৰ যোগ্য হওক
৩-৪. (ক) দানিয়েল এজন ভৰসাৰ যোগ্য ব্যক্তি আছিল বুলি আমি কিয় কʼব পাৰোঁ? (খ) যদি আমি ভৰসাৰ যোগ্য হʼব বিচাৰোঁ, তেনেহʼলে আমি কি কথাৰ বিষয়ে ভাবিব লাগিব?
৩ দানিয়েল এনে এজন ব্যক্তি আছিল, যাৰ ওপৰত লোকসকলে ভৰসা কৰিছিল। যেতিয়া দানিয়েল ডেকা আছিল, তেতিয়া তেওঁক বন্দী বনাই বাবিলত নিয়া হʼল। কিছু সময়ৰ পাছত তেওঁ বাবিলত এটা ভাল নাম অৰ্জন কৰিলে আৰু সকলোৱে তেওঁৰ ওপৰত ভৰসা কৰিবলৈ ধৰিলে। যেতিয়া দানিয়েলে যিহোৱাৰ সহায়ত ৰজা নবুখদনেচৰৰ সপোনৰ অৰ্থ কʼলে, তেতিয়া দানিয়েলৰ ওপৰত সকলোৰে ভৰসা আৰু বাঢ়িল। এবাৰ দানিয়েলে ৰজাক কʼবলগীয়া আছিল যে যিহোৱা তেওঁৰ পৰা আনন্দিত নাই। ৰজা নবুখদনেচৰৰ বহুত সোনকালে খং উঠিছিল। সেইবাবে, তেওঁক এই খবৰ দিবলৈ হয়তো দানিয়েলৰ বাবে বৰ কঠিন হৈছিল। তথাপি তেওঁ সাহস গোটাই ৰজা নবুখদনেচৰক এই কথাটো কʼলে। (দানি. ২:১২; ৪:২০-২২, ২৫) ইয়াৰ বহু বছৰৰ পাছত এবাৰ বাবিলৰ ৰাজমহলৰ দেৱালত কিছুমান শব্দ দেখিবলৈ পোৱা গʼল। সেই শব্দৰ অৰ্থ কোনেও বুজাব নোৱাৰিছিল। দানিয়েলে সেই শব্দৰ সঠিক অৰ্থ বুজাই আকৌ এবাৰ দেখুৱালে যে তেওঁ ভৰসাৰ যোগ্য হয়। (দানি. ৫:৫, ২৫-২৯) আগলৈ গৈ ৰজা দাৰিয়াবচ আৰু আন অধিকাৰীসকলে মন কৰিলে যে দানিয়েল যোগ্য ব্যক্তি হয়। তেওঁলোকে এয়াও দেখিলে যে দানিয়েল ‘বিশ্বাসী হয়, তেওঁত কোনো ভূল বা দোষ’ নাই। (দানি. ৬:৩, ৪) সেই ৰজা আৰু অধিকাৰীসকলে যিহোৱাৰ উপাসনা কৰা নাছিল, তথাপি তেওঁলোকে দানিয়েলক ভৰসাৰ যোগ্য বুলি কʼলে।
৪ যদি আমিও দানিয়েলৰ নিচিনা ভৰসাযোগ্য হʼব বিচাৰোঁ, তেনেহʼলে নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ: ‘যিহোৱাৰ সাক্ষী নোহোৱা লোকসকলৰ মাজত মোৰ কেনে নাম আছে? মই ভৰসাৰ যোগ্য আৰু দায়িত্বশীল ব্যক্তি হয় বুলি তেওঁলোকে ভাবেনে?’ এই কথাবোৰৰ ওপৰত ধ্যান দিয়াটো অতি প্ৰয়োজন। কিয়নো যদি আমি ভৰসাৰ যোগ্য হওঁ, তেনেহʼলে ইয়াৰ পৰা যিহোৱাৰ নাম মহিমা হʼব।
৫. হননিয়া কিয় ভৰসাযোগ্য আছিল?
৫ খ্ৰীষ্টপূৰ্ব ৪৫৫-ত যিৰূচালেমৰ দেৱাল নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাৰ পাছত ৰাজ্যপাল নহিমিয়াই চহৰৰ ভালদৰে চোৱা-চিতা কৰিব পৰা লোকসকলক বাছনি কৰিবলৈ ধৰিলে। এই কামৰ বাবে তেওঁ যিসকল লোকক বাছনি কৰিলে, তেওঁলোকৰ মাজত কোঠৰ অধ্যক্ষ হননিয়াও আছিল। বাইবেলত তেওঁৰ বিষয়ে এইদৰে কোৱা আছে, “হননিয়া বিশ্বাসী মানুহ আছিল, আৰু অনেক মানুহত্কৈ তেওঁ ঈশ্বৰলৈ অধিক ভয় ৰাখিছিল।” (নহি. ৭:২) তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু যিহোৱাই বেয়া পোৱা একো কাম তেওঁ কৰা নাছিল। সেইবাবে, তেওঁক যিয়ে কাম কৰিবলৈ দিয়া হৈছিল, সেই সকলো কাম তেওঁ ভালদৰে কৰিছিল। যদি আমি হননিয়াৰ দৰে যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁলৈ ভয় ৰাখোঁ, তেনেহʼলে আমাকো যি কাম কৰিবলৈ দিয়া হʼব, সেই কামবোৰ ভালদৰে কৰিব পাৰিম। এইদৰে কৰিলে ভাই-ভনীসকলে আমাৰ ওপৰত ভৰসা কৰিব পাৰিব।
৬. তুখিক পৌলৰ এজন ভৰসাযোগ্য বন্ধু আছিল বুলি আমি কিয় কʼব পাৰোঁ?
৬ আমি তুখিকৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁ পৌলৰ এজন ভৰসাযোগ্য বন্ধু আছিল। যেতিয়া পৌল এখন ঘৰত বন্দী হৈ আছিল, তেতিয়া তুখিকে পৌলক বহুত সহযোগ কৰিলে। সেইবাবে, পৌলে তেওঁক “বিশ্বাসী পৰিচাৰক” বুলি কৈছিল। (ইফি. ৬:২১, ২২) তুখিকে ইফিচ আৰু কলচীয়াৰ ভাই-ভনীসকলক চিঠিবোৰ দিবলগীয়া আছিল। ইয়াৰ উপৰিও পৌলে তেওঁক ভাই-ভনীসকলক শান্ত্বনা দিবলৈ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈও কʼলে। পৌলৰ সম্পূৰ্ণ ভৰসা আছিল যে তুখিকে এই কামটো ভালদৰে কৰিব। তুখিকৰ নিচিনা আজি এনে বহুতো ভৰসাযোগ্য ভাই আছে, যিসকলে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক আৰু মজবুত কৰিবলৈ বহুত পৰিশ্ৰম কৰে।—কল. ৪:৭-৯.
৭. আপুনি নিজৰ মণ্ডলীৰ প্ৰাচীন আৰু পৰিচাৰকসকলৰ পৰা ভৰসাযোগ্য হোৱাৰ বিষয়ে কি শিকিব পাৰে?
৭ বৰ্তমান সময়তো আমাৰ মণ্ডলীত এনে প্ৰাচীন আৰু পৰিচাৰকসকল আছে, যিসকলৰ ওপৰত আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। তেওঁলোকে দানিয়েল, হননিয়া আৰু তুখিকৰ দৰে নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰে। যেনে, তেওঁলোকে ভাই-ভনীসকলক আগতীয়াকৈ কৈ দিয়ে যে তেওঁলোকে সপ্তাহৰ মাজৰ সভাত কোনটো ভাগ আগবঢ়াব লাগিব। সেইবাবে, যেতিয়া আমি সভালৈ যাওঁ, তেতিয়া আমাৰ মনলৈ এই প্ৰশ্ন নাহে যে আজি কোনো এটা ভাগ আগবঢ়োৱা হʼব নে নহʼব। সেই ভাইসকলৰো আমাৰ ওপৰত সম্পূৰ্ণ ভৰসা থাকে যে আমাক যি ভাগ আগবঢ়াবলৈ কোৱা হৈছে, সেই ভাগটো আমি ভালদৰে তৈয়াৰী কৰিম আৰু ভালদৰে আগবঢ়াম। আমি এইদৰে কৰিলে ভাইসকলে বহুত আনন্দিত হয়। ইয়াৰ লগতে যদি আমি নিজৰ বাইবেল বিদ্যাৰ্থীক জনভাষণ শুনিবলৈ মাতোঁ, তেতিয়া আমাৰ সম্পূৰ্ণ ভৰসা থাকে যে কোনোবা নহয় কোনোবা ভায়ে নিশ্চয় সেই ভাষণ আগবঢ়াব। প্ৰাচীনসকলে ইয়াৰ ব্যৱস্থা কৰিবলৈ পাহৰি গʼল বুলি আমি কেতিয়াও নাভাবোঁ। প্ৰচাৰ কৰিবলৈ আমাক যি প্ৰকাশনবোৰ লাগে, সেইবোৰ পাম বুলি আমাৰ সম্পূৰ্ণ ভৰসা থাকে। এই ভাইসকলে আমাৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱাৰ বাবে আমি যিহোৱাৰ প্ৰতি অতি কৃতজ্ঞ। এই ভাইসকলৰ দৰে আমি ভৰসাৰ যোগ্য কেনেকৈ হʼব পাৰোঁ?
গোপন কথাবোৰ গোপনে ৰাখক
৮. আমি ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰোঁ, কিন্তু আমি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত? (হিতোপদেশ ১১:১৩)
৮ আমি নিজৰ ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ। সেইবাবে, প্ৰায়ে তেওঁলোকৰ খা-খবৰ লওঁ। কিন্তু আমি ভাই-ভনীসকলৰ ব্যক্তিগত বিষয়বোৰত যাতে নোসোমাওঁ, তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত। প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীতো এনে কিছুমান লোক আছিল, যিসকলে ‘ঘৰে ঘৰে ফুৰিছিল,’ আনৰ কথা লগাই ফুৰিছিল, “লোকৰ বন” চাইছিল আৰু “অনুচিত কথা কবলৈ” শিকিছিল। (১ তীম. ৫:১৩) আমি ধ্যান দিয়া উচিত, যাতে আমি তেওঁলোকৰ দৰে হৈ নপৰোঁ। যদি কোনোবাই আপোনাক কিবা এটা কথা কয় আৰু সেই কথাটো কাকো নকʼবলৈ কয়, তেনেহʼলে আপুনি কাকো কোৱা উচিত নহয়। যেনে, কোনো এজনী ভনীয়ে নিজৰ বেমাৰ বা সমস্যাৰ বিষয়ে আপোনাক জনায় আৰু আপোনাক কয় যে সেই কথাটো আপুনি কাকো নকʼব, তেনেহʼলে আপুনি কাকো কোৱা উচিত নহয়। * (হিতোপদেশ ১১:১৩ পঢ়ক।) গতিকে আহক এতিয়া আমি চাওঁ যে কেনে পৰিস্থিতিত আমি ইফালৰ কথা সিফালে লগোৱা উচিত নহয়।
৯. পৰিয়ালৰ প্ৰতিজনে ভৰসাযোগ্য হয় বুলি কেনেকৈ দেখুৱাব পাৰে?
৯ পৰিয়ালৰ কথা। পৰিয়ালৰ প্ৰতিজনে ধ্যান দিয়া উচিত যে তেওঁলোকে যাতে নিজৰ ঘৰৰ কিছুমান কথা আন কাকো নকয়। হয়তো স্বামীক নিজৰ পত্নীৰ কোনো এটা কথাত হাঁহি উঠে, তেনেহʼলে তেওঁ সেই কথাটো আনৰ আগত কোৱাটো উচিত নহয়। কিয়নো এইদৰে কৰিলে তেওঁৰ পত্নীয়ে হয়তো লাজ অনুভৱ কৰিব পাৰে। যদি স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰে, তেনেহʼলে তেওঁ কেতিয়াও এইদৰে নকৰিব। (ইফি. ৫:৩৩) কিশোৰ-কিশোৰীসকলেও বিচাৰে যে আনে তেওঁলোকক সন্মান কৰক। সেইবাবে, মাক-দেউতাকে ধ্যান দিয়া উচিত যে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ ভুলৰ বিষয়ে যাতে আনক নকয়। (কল. ৩:২১) যদি কাৰোবাৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক শিকোৱা উচিত যে তেওঁলোকে নিজৰ ঘৰৰ এনে কোনো কথা আনৰ আগত কʼব নালাগে, যাৰ পৰা পৰিয়ালৰ লোকসকলে লাজত পৰিব পাৰে। (দ্বিতী. ৫:১৬) যদি পৰিয়ালৰ প্ৰতিজনে এই কথাৰ প্ৰতি ধ্যান দিয়ে, তেনেহʼলে তেওঁলোকৰ সম্পৰ্ক ভাল হৈ থাকিব।
১০. কাক প্ৰকৃত ‘বন্ধু’ বুলি কʼব পাৰি? (হিতোপদেশ ১৭:১৭)
১০ বন্ধুসকলৰ কথা। আমি নিজৰ বন্ধুসকলৰ লগত বহুত কথা পাতোঁ। কিন্তু কেতিয়াবা আপুনি হয়তো কোনো এটা কথাক লৈ বহুত চিন্তিত হয়। কল্পনা কৰক, আপুনি সাহস গোটাই কোনো ভাল বন্ধুক সেই বিষয়ে কয়। কিন্তু আপুনি পাছত গʼম পাই যে তেওঁ আপোনাৰ কথা আনক কৈ দিলে। তেতিয়া আপোনাক কেনেকুৱা লাগিব? যেতিয়া কোনোবাই আমাৰ ভৰসা হেৰুৱায়, তেতিয়া আমাক বহুত দুখ লাগে। কিন্তু আমাৰ কথা আনে কাকো নকʼলে আমাৰ বৰ ভাল লাগে। বাইবেলতো এনে ভৰসাযোগ্য বন্ধুক প্ৰকৃত ‘বন্ধু’ বুলি কোৱা হৈছে।—হিতোপদেশ ১৭:১৭ পঢ়ক।
১১. (ক) প্ৰাচীন আৰু তেওঁৰ পত্নীসকল কিয় ভৰসাযোগ্য? (খ) এই অনুচ্ছেদৰ লগত জড়িত ছবিখনত দেখুৱা প্ৰাচীনৰ পৰা আমি কি শিকিব পাৰোঁ?
১১ ভাই-ভনীসকলৰ কথা। ভাই-ভনীসকলে প্ৰাচীনসকলক বহুত ভৰসা কৰে। প্ৰাচীনসকল আন ভাই-ভনীসকলৰ বাবে ‘বতাহৰ পৰা লুকুৱা ঠাই, আৰু ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাইৰ’ নিচিনা হয়। (যিচ. ৩২:২) আমি সম্পূৰ্ণ ভৰসা কৰোঁ যে আমি যি কথা কওঁ, সেই কথা তেওঁলোকে আন ব্যক্তিক কেতিয়াও নকʼব। সেইবাবে, আমি তেওঁলোকক এনে কথা জনোৱাৰ বাবে হেঁচা দিব নালাগে, যি কথা জনাৰ আমাৰ অধিকাৰ নাই। এই ক্ষেত্ৰত প্ৰাচীনসকলৰ পত্নীসকল প্ৰশংসাৰ যোগ্য। কিয়নো তেওঁলোকে কিবা গোপনীয় কথা জানিবৰ কাৰণে তেওঁলোকৰ ওপৰত হেঁচা নিদিয়ে। এইদৰে যেতিয়া এজন প্ৰাচীনে কিবা গোপনীয় কথা তেওঁৰ পত্নীক নজনায়, ইয়াৰ যোগেদি তেওঁৰ পত্নীৰহে লাভ হয়। এই বিষয়ে এজন প্ৰাচীনৰ পত্নীয়ে এইদৰে কৈছে, “মই বৰ সুখী যে যেতিয়া মোৰ স্বামীয়ে কাৰোবাক উৎসাহিত কৰিবলৈ বা মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ যায়, তেতিয়া তেওঁ সেই ভাই-ভনীসকলৰ বিষয়ে একোকে নজনায়। আনকি মোক তেওঁলোকৰ নামো নজনায়। এনেও মই একো কৰিব নোৱাৰোঁ। গতিকে যেতিয়া মোৰ স্বামীয়ে এই বিষয়ে একো নজনায়, তেতিয়া মোৰেই লাভ হয়। কাৰণ মই এই বিষয়ক লৈ চিন্তিত নহওঁ। সেইবাবে, মই মণ্ডলীৰ ভাই-ভনীসকলৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব পাৰোঁ। মোৰ ভৰসা আছে যে মই মোৰ স্বামীক মোৰ কিবা সমস্যাৰ বিষয়ে তেওঁক জনালে তেওঁ এই কথা কাকো নকʼব।” লোকসকলে আমাৰ ওপৰত ভৰসা কৰাটো আমি সকলোৱে বিচাৰোঁ। গতিকে আহক আমি এনে পাঁচটা গুণৰ বিষয়ে ধ্যান দিম, যিয়ে আমাক ভৰসাযোগ্য হʼবলৈ সহায় কৰিব।
কেনেকৈ ভৰসাযোগ্য হ’ব পাৰি?
১২. ভৰসাযোগ্য হʼবলৈ প্ৰেম কৰাটো কিয় গুৰুত্বপূৰ্ণ? বুজাওক।
১২ যিহোৱা আৰু আনক প্ৰেম কৰক। এজন ভৰসাযোগ্য ব্যক্তি হ’বলৈ আনক প্ৰেম কৰাটো অতি গুৰুত্বপূৰ্ণ। যীচুৱে কৈছিল যে যিহোৱাক প্ৰেম কৰা আৰু নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰা, এয়ে আটাইতকৈ ডাঙৰ আজ্ঞা। (মথি ২২:৩৭-৩৯) আমি যিহোৱাক প্ৰেম কৰোঁ। সেইবাবে, আমি তেওঁৰ দৰে ভৰসাযোগ্য হʼব বিচাৰোঁ। আমি ভাই-ভনীসকলকো প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকৰ গোপনীয় কথা আমি গোপনে ৰাখোঁ। আমি কেতিয়াও তেওঁলোকৰ কথা আনক নজনাওঁ। কিয়নো তেওঁলোকৰ লোকচান হোৱা আৰু তেওঁলোকে লাজত পৰাটো আমি নিবিচাৰোঁ।—যোহ. ১৫:১২.
১৩. আমি নম্ৰ হʼলে লোকসকলে কিয় আমাৰ ওপৰত ভৰসা কৰিব পাৰিব?
১৩ নম্ৰ হওক। যদি আমি ভৰসাযোগ্য হ’ব বিচাৰোঁ, তেনেহ’লে আমি নম্ৰ হোৱাটো অতি প্ৰয়োজন। এজন নম্ৰ ব্যক্তিয়ে কেতিয়াও কিবা এটা কথা আনক জনাবলৈ খৰ-খেদা নকৰে। তেওঁ এয়াও নাভাবে যে যদি তেওঁ সকলোতকৈ আগতে গৈ কিবা এটা বিষয়ে আনৰ আগত কৈ দিয়ে, তেনেহ’লে লোকসকলে তেওঁক প্ৰশংসা কৰিব। (ফিলি. ২:৩) তেওঁ এয়াও নেদেখুৱায় যে তেওঁ কিবা এটা কথা জানে, যাৰ বিষয়ে তেওঁ আনক জনাব নোৱাৰে। যি বিষয়ে বাইবেল আৰু বাইবেলৰ আধাৰিত প্ৰকাশনবোৰত স্পষ্টকৈ কোৱা নাই, তাৰ বিষয়ে তেওঁ নিজৰ মতামত কৈ নুফুৰিব।
১৪. যদি আমি ভাবি-চিন্তি কথা কওঁ, তেনেহʼলে লোকসকলে আমাৰ ওপৰত কিয় ভৰসা কৰিব?
১৪ ভাবি-চিন্তি কাম কৰক। যি ব্যক্তিয়ে ভাবি-চিন্তি কথা কয়, লোকসকলে তেওঁৰ ওপৰত ভৰসা কৰে। তেওঁ ভালদৰে জানে যে কেতিয়া ‘কব’ লাগে আৰু কেতিয়া “নিমাতে” বা মনে মনে থাকিব লাগে। (উপ. ৩:৭) আপোনালোকে হয়তো এই কথাষাৰ শুনিছে “কথা কোৱাতকৈ মনে মনে থকাই ভাল।” হিতোপদেশ ১১:১২ পদতো এইদৰে কোৱা হৈছে, “বিবেচক নিমাতে থাকে।” ইয়াৰ পৰা বুজিব পাৰি যে কেতিয়াবা কেতিয়াবা আমি মনে মনে থকাটোৱেই ভাল। এজন প্ৰাচীনৰ উদাহৰণলৈ মন কৰক। তেওঁৰ বহুতো অভিজ্ঞতা থকাৰ বাবে বহু বাৰ আন মণ্ডলীৰ প্ৰাচীনসকলে কিছুমান সমস্যাৰ সমাধান কৰিবলৈ তেওঁৰ পৰা পৰামৰ্শ লয়। তেওঁৰ নিজৰ মণ্ডলীৰ প্ৰাচীন এজনে তেওঁৰ বিষয়ে এইদৰে কৈছে, “আমাক যাতে আন মণ্ডলীৰ কথা কেতিয়াও নকয়, তাৰ প্ৰতি তেওঁ ধ্যান দিয়ে।” সেই প্ৰাচীনজনে ভাবি-চিন্তি কথা কয় আৰু ইফালৰ কথা সিফালে নকয়। সেইবাবে, মণ্ডলীৰ প্ৰাচীনসকলৰ সম্পূৰ্ণ ভৰসা আছে যে তেওঁ নিজৰ মণ্ডলীৰ কথাবিলাক আনক নক’ব আৰু সেই প্ৰাচীনজনক তেওঁলোকে বহুত সন্মান কৰে।
১৫. আমি সঁচা কথা কʼলে আনে আমাৰ ওপৰত কিয় ভৰসা কৰিব পাৰিব? এটা উদাহৰণ দি বুজাওক।
১৫ সঁচা কথা কওক। সদায় সঁচা কথা কোৱা লোকসকলৰ ওপৰত আমি ভৰসা কৰিব পাৰোঁ। (ইফি. ৪:২৫; ইব্ৰী ১৩:১৮) ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। ধৰি লওক, সভাত আপোনাৰ এটা ভাগ আছে আৰু আপুনি জানিব বিচাৰে যে এই ভাগ আৰু ভালদৰে কেনেকৈ দিব পাৰিব। সেইবাবে, আপুনি কাৰোবাক মনোযোগেৰে শুনিবলৈ আৰু আপোনাক কʼত কʼত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে জনাবলৈ কয়। কিন্তু আপুনি কাক সুধিব? যিজনে সদায় আপোনাক প্ৰশংসা কৰে তেওঁক নে যিজনে আপুনি কʼত শুধৰণি কৰিব লাগিব, তাৰ বিষয়ে সঁচাকৈ কয়? বাইবেলত এইদৰে কোৱা হৈছে, “গুপ্ত প্ৰেমত্কৈ প্ৰকাশিত অনুযোগ ভাল। বন্ধুৰ প্ৰহাৰ বিশ্বাসৰ যোগ্য।” (হিতো. ২৭:৫, ৬) আপুনি কʼত শুধৰণি কৰিব লাগিব, যদি কোনোবাই আপোনাক সঁচাকৈ কয়, তেতিয়া হয়তো আপোনাক ভাল নালাগিব। কিন্তু পাছত আপোনাৰে লাভ হʼব।
১৬. নিজকে নিয়ন্ত্ৰণ কৰাৰ বিষয়ে আমি হিতোপদেশ ১০:১৯ পদৰ পৰা কি শিকিব পাৰোঁ?
১৬ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। এজন ভৰসাযোগ্য ব্যক্তি হ’বলৈ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজন। আমি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে কোনো গোপনীয় কথা আনক কেতিয়াও নজনাম। তেতিয়াও নজনাম, যেতিয়া আমাক কʼবলৈ মন যায়। (হিতোপদেশ ১০:১৯ পঢ়ক।) বিশেষকৈ চচিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত এই কথা আমি বেছিকৈ ধ্যান দিয়া উচিত। যদি আমি ধ্যান নিদিওঁ, তেনেহʼলে আমি হয়তো নজনাকৈ ইন্টাৰনেটত এনে কথা কৈ দিব পাৰোঁ, যাৰ বিষয়ে বহুতো লোকে জনাটো উচিত নহয়। এবাৰ কোনো এটা কথা ইন্টাৰনেটত দিয়াৰ পাছত এই কথা কিমান লোকৰ মাজত বিয়পি পৰিব, তেওঁলোকে ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব আৰু ইয়াৰ যোগেদি কি কি সমস্যা হ’ব পাৰে আমি ক’ব নোৱাৰোঁ। বিৰোধীসকলে আমাৰ ভাই-ভনীসকলৰ বিষয়ে কথা উলিয়াবলৈ চেষ্টা কৰাৰ সময়তো আমি নিজকে নিয়ন্ত্ৰণ কৰি মনে মনে থকা উচিত। হয়তো আমি এনে এখন দেশত থাকিব পাৰোঁ, য’ত আমাৰ কামৰ বিৰোধ কৰা হয় বা নিষেধ কৰা হৈছে আৰু হয়তো পুলিচে আমাক সোধ-পোচ কৰিব পাৰে। আমাৰ লগত এইদৰে হʼলে আমি ‘মুখত সোপা দি থকা’ অৰ্থাৎ মনে মনে থকা উচিত আৰু আমাৰ ভাই-ভনীসকলে বিপদত পৰা এনে কোনো কথা কোৱা উচিত নহয়। (গীত. ৩৯:১য়্ৰ) আমাৰ পৰিয়াল, বন্ধু, ভাই-ভনী আৰু আন লোকসকলে আমাৰ ওপৰত ভৰসা কৰাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু আমি নিজকে নিয়ন্ত্ৰণ কৰিলেহে তেওঁলোকে আমাৰ ওপৰত ভৰসা কৰিব পাৰিব।
১৭. মণ্ডলীত এজনে-আনজনক ভৰসা কৰিবলৈ আমি কি কৰিব লাগিব?
১৭ যিহোৱাৰ সংগঠনৰ ভাগ হোৱাৰ বাবে আমি অতি আনন্দিত। আমি এজনে-আনজনক বহুত প্ৰেম কৰোঁ আৰু এজনে-আনজনৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ। সংগঠনত যদি এনেধৰণৰ পৰিৱেশ হৈ থকাটো আমি বিচাৰোঁ, তেনেহ’লে আমি ভৰসাযোগ্য হৈ থকাটো আমাৰ প্ৰতিজনৰে দায়িত্ব হয়। যদি আমি আনক প্ৰেম কৰোঁ, নম্ৰ হওঁ, ভাবি-চিন্তি কাম কৰোঁ, সঁচা কথা কওঁ আৰু নিজকে নিয়ন্ত্ৰণত ৰাখোঁ, তেন্তে আনে আমাৰ ওপৰত ভৰসা কৰিব পাৰিব। কিন্তু ভৰসা হেৰুৱাবও পাৰে। সেইবাবে, আহক আমি এনে কাম কৰি থাকোঁ, যাৰ পৰা লোকসকলে আমাৰ ওপৰত সদায় ভৰসা কৰি থাকিব পাৰে। এনে কৰাৰ যোগেদি আমি যিহোৱাৰ দৰে ভৰসাযোগ্য হʼব পাৰিম।
গীত ১২৩ সংগঠনৰ নিয়মবোৰ হৃদয়েৰে পালন কৰক
^ লোকসকলে আমাৰ ওপৰত ভৰসা কৰাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি ভৰসাৰ যোগ্য হʼব লাগিব। এই লেখত আমি শিকিম যে ভৰসাযোগ্য হোৱাটো কিয় গুৰুত্বপূৰ্ণ আৰু ভৰসাযোগ্য হʼবলৈ আমি কি কৰিব লাগিব।
^ মণ্ডলীত কোনোবাই যদি গম্ভীৰ পাপ কৰিছে বুলি গম পাওঁ, তেনেহʼলে ইয়াৰ বিষয়ে প্ৰাচীনসকলক কʼবলৈ আমি তেওঁক কʼব পাৰোঁ। যদি তেওঁ নকয়, তেনেহʼলে আমি প্ৰাচীনসকলক ইয়াৰ বিষয়ে জনোৱা উচিত। কাৰণ আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰোঁ আৰু মণ্ডলীত শুদ্ধতা বজাই ৰাখিব বিচাৰোঁ।
^ ছবিৰ বিষয়ে: এজন প্ৰাচীনে আৰু এজন ভাইৰ লগত এগৰাকী ভনীৰ মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ গৈছে, কিন্তু ভনীগৰাকীৰ কথা তেওঁ নিজৰ পৰিয়ালক কোৱা নাই।