জীৱন কাহিনী
যিহোৱাই আমাক যি কৰিবলৈ কৈছিল আমি সেয়াই কৰিলোঁ
বতাহ-ধুমুহাৰ বাবে নদীখন লেতেৰা হৈ পৰিছিল। পানীৰ সোঁত ইমানেই দ্ৰুতগতিত আছিল যে ডাঙৰ ডাঙৰ শিলো নিজৰ ঠাইৰপৰা আঁতৰি গৈছিল। দলং ভাঙি পানীত উটি গৈছিল। মোৰ স্বামী হাৰ্বী, মই আৰু আমিছ ভাষাৰ অনুবাদক আমি তিনিও নদীৰ কাষত থিয় হৈ আছিলোঁ। আমি বহুত ভয়ভিত হৈছিলোঁ। আমি নদীখন কেনেকৈ পাৰ কৰিম, বুজি পোৱা নাছিলোঁ। নদীৰ সিপাৰে থকা ভাইসকলে আমাৰ প্ৰতি চিন্তিত আছিল। তাৰ পাছত নদীখন পাৰ কৰিবলৈ আমি নিজৰ গাড়ীখন এখন ট্ৰাকৰ পিছফালে উঠালোঁ। কিন্তু গাড়ীখন বান্ধিবলৈ কোনো ৰছী বা শিকলি নাছিল। ট্ৰাকখন পানীত নামিল আৰু লাহে লাহে পাৰ হʼবলৈ ধৰিলে। নদীখনৰ পাৰ বহুত দূৰৈত আছে যেন লাগিছিল। আমি গোটেই ৰাস্তাত প্ৰাৰ্থনা কৰিছিলোঁ আৰু অৱশেষত আমি সুৰক্ষিতভাৱে পালোঁগৈ। এয়া ১৯৭১ চনৰ ঘটনা হয়। সেইসময়ত আমি ঘৰৰপৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈত থকা টাইৱানৰ পূব উপকূল অঞ্চলত সেৱা কৰি আছিলোঁ। আমি ইয়াত কেনেকৈ আহি পালোঁ আহক মই আপোনালোকক আৰম্ভণিৰপৰা কওঁ।
যিহোৱাৰ প্ৰতি প্ৰেম বাঢ়িল
হাৰ্বী পশ্চিম অষ্ট্ৰেলিয়াৰ মিডলেণ্ড জেকচন চহৰৰ আছিল। তেওঁলোক চাৰিজন ভাই আছিল আৰু হাৰ্বী সকলোতকৈ ডাঙৰ আছিল। তেওঁলোকে ৮০ বছৰৰ আগতেই সত্য শিকিছিল। সেইসময়ত অষ্ট্ৰেলিয়াত আৰ্থিক সমস্যা হৈছিল। হাৰ্বীৰ যিহোৱাৰ প্ৰতি লাহে লাহে প্ৰেম বাঢ়িল আৰু তেওঁ ১৪ বছৰ বয়সত বাপ্তিষ্মা লৈছিল। এবাৰ এজন ভায়ে তেওঁক সভাত প্ৰহৰীদুৰ্গ পঢ়িবলৈ কৈছিল, কিন্তু তেওঁ অস্বীকাৰ কৰিলে। কিয়নো তেওঁ ভালদৰে পঢ়িব নোৱাৰিম বুলি ভাবিছিল। ভাইজনে তেওঁক বুজালে, “যিহোৱাৰ সংগঠনত যেতিয়া আপোনাক কোনোবাই কাম দিয়ে, তেতিয়া আপুনি সেই কাম কৰাৰ যোগ্য হয় বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস থাকে!”—২ কৰি. ৩:৫.
মই ইংলেণ্ডৰ হওঁ। মোৰ মা, বাইদেউ আৰু মই তাতে সত্য শিকিছিলোঁ। দেউতাই আমাৰ বিৰোধ কৰিছিল। মই যেতিয়া ৯ বছৰ বয়সত বাপ্তিষ্মা লৈছিলোঁ, তেতিয়া তেওঁ মোৰ নিৰ্ণয়ৰপৰা আনন্দিত নাছিল। মই অগ্ৰগামী সেৱা কৰিব বিচাৰিছিলোঁ আৰু এগৰাকী মিচনেৰী হʼব বিচাৰিছিলোঁ। কিন্তু দেউতাই কৈছিল যে যেতিয়ালৈকে মই ২১ বছৰৰ নহওঁ, তেতিয়ালৈকে মই অগ্ৰগামী সেৱা কৰিব নোৱাৰোঁ। কিন্তু মই ইমান সময়লৈকে অপেক্ষা কৰিব বিচৰা নাছিলোঁ। সেইবাবে, মই ১৬ বছৰৰ বয়সত দেউতাৰপৰা অনুমতি বিচাৰিলোঁ আৰু অষ্ট্ৰেলিয়াত বাইদেউৰ ওচৰলৈ গʼলোঁ। অৱশেষত ১৮ বছৰ বয়সত মই অগ্ৰগামী সেৱা
আৰম্ভ কৰিলোঁ। কিছুসময়ৰ পাছত দেউতাও সত্য শিকিলে।অষ্ট্ৰেলিয়াত মই হাৰ্বীক লগ পালোঁ। আমি দুয়োজনে মিচনেৰী হʼব বিচাৰিছিলোঁ। ১৯৫১ চনত আমি বিয়া কৰিলোঁ। আমি একেলগে মিলি দুবছৰ অগ্ৰগামী সেৱা কৰিলোঁ। তাৰ পাছত আমাক মণ্ডলীবোৰত সাক্ষাৎ কৰিবলৈ কোৱা হʼল। আমি পশ্চিম অষ্ট্ৰেলিয়াৰ সকলো মণ্ডলীত সাক্ষাৎ কৰিবলগীয়া আছিল, যি বহুত ডাঙৰ এলেকা আছিল। এখন মণ্ডলীৰপৰা আন এখন মণ্ডলীলৈ পাবলৈ কেইবা ঘণ্টাও যাত্ৰা কৰিবলগীয়া হৈছিল। আমি মৰুভূমি আৰু নিজান ঠাইৰপৰা যাবলগীয়া হৈছিল।
আমাৰ সপোন পূৰ হʼল
আমাক ১৯৫৪ চনত গিলিয়েড স্কুলৰ ২৫তম ক্লাছৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। মিচনেৰী হোৱাৰ সপোন পূৰ হʼবলগীয়া আছিল। আমি পানী জাহাজেৰে নিউয়ৰ্কলৈ গʼলোঁ। গিলিয়েড স্কুলত আমি বাইবেলৰ গভীৰভাৱে অধ্যয়ন কৰিলোঁ। স্কুলত আমি স্পেনিচ ভাষা শিকিবলগীয়া হৈছিল। হাৰ্বীৰ বাবে স্পেনিচ ভাষা বৰ কঠিন আছিল আৰু তেওঁ সেই ভাষা ভালদৰে কʼবও নোৱাৰিছিল।
ক্লাছৰ সময়ত শিক্ষকসকলে কৈছিল যে যিসকলে জাপানত সেৱা কৰিব বিচাৰে, তেওঁলোকে জাপানী ভাষা শিকিবলৈ নিজৰ নাম দিব পাৰে। কিন্তু আমি নিজৰ নাম নিদিলোঁ। কিয়নো আমি কʼত সেৱা কৰিম, সেয়া যিহোৱাৰ সংগঠনে কোৱাটো আমি বিচাৰিছিলোঁ। আমি নাম দিয়া নাই বুলি গিলিয়েড স্কুলৰ শিক্ষক ভাই এলবাৰ্ট স্ক্ৰডাৰে গম পালে। তেওঁ আমাক কৈছিল, “তোমালোকে ভাবিবলৈ আৰু সময় লʼব পাৰা।” তেতিয়াও আমি নাম নিদিয়াৰ বাবে ভাই স্ক্ৰডাৰে আমাক কʼলে, “মই আৰু আন শিক্ষকসকলে তোমালোকৰ নাম দি দিলোঁ। চাই লোৱা হয়তো তোমালোকৰ বাবে জাপানী ভাষা বেছি সহজ হʼব।” হাৰ্বীয়ে জাপানী ভাষা সহজে শিকিব পাৰিলে।
আমি ১৯৫৫ চনত জাপানলৈ আহিলোঁ। সেইসময়ত গোটেই দেশত কেৱল ৫০০ জন প্ৰচাৰক আছিল। হাৰ্বী ২৬ বছৰৰ আছিল আৰু মই ২৪ বছৰৰ আছিলোঁ। আমাক কʼবে চহৰলৈ পঠিওৱা হৈছিল আৰু তাত আমি চাৰি বছৰ সেৱা কৰিলোঁ। তাৰ পাছত হাৰ্বীক চাৰ্কিট ওভাৰচিয়াৰৰ দায়িত্ব দিয়া হʼল আৰু আমি আনন্দেৰে নগʼয়া চহৰত সেৱা কৰিলোঁ। আমাক ইয়াৰ সকলো কথা ভাল লাগিছিল। যেনে: ভাই-ভনী, ইয়াৰ আহাৰ আৰু সুন্দৰ দৃশ্য। কিছুসময়ৰ পাছত যিহোৱাৰ সেৱাত আমি আন এটা সুযোগ পালোঁ, যাক আমি অস্বীকাৰ নকৰিলোঁ।
নতুন দায়িত্বই নতুন সমস্যা আনিলে
তিনি বছৰলৈকে চাৰ্কিট ওভাৰচিয়াৰৰ দায়িত্ব পালন কৰাৰ পাছত জাপানৰ শাখা কাৰ্য্যালয়ে আমাক সুধিলে যে আমি টাইৱানলৈ গৈ আমিছ জাতিৰ লোকক প্ৰচাৰ কৰিব পাৰিমনে? আমিছ ভাষা কোৱা কিছুমান ভাই ধৰ্মত্যাগী হৈছিল। সেইবাবে, তেওঁলোকক বাধা দিবলৈ টাইৱান শাখা * জাপানত সেৱা কৰি আমাক বহুত ভাল লাগিছিল। ইয়াক এৰি যোৱাটো আমাৰ বাবে বৰ কঠিন হৈছিল। কিন্তু হাৰ্বীয়ে কেতিয়াও কোনো দায়িত্ব পালন কৰিবলৈ অস্বীকাৰ কৰা নাছিল। সেইবাবে, আমি যাবলৈ সন্মত হʼলোঁ।
কাৰ্য্যালয়ক এনে এজন ভাইৰ প্ৰয়োজন আছিল, যিয়ে জাপানী ভাষা ভালদৰে জানিছিল।আমি ১৯৬২ চনৰ নৱেম্বৰ মাহত টাইৱানলৈ পালোঁগৈ। সেইসময়ত তাত ২,২৭১ জন প্ৰচাৰক আছিল আৰু বেছিভাগ ভায়ে আমিছ ভাষা কৈছিল। কিন্তু প্ৰথমে আমি চীনী ভাষা শিকাৰ প্ৰয়োজন আছিল। আমাৰ ওচৰত কেৱল এখন কিতাপ আছিল আৰু এজন শিক্ষক আছিল, যিজনে ইংৰাজী নাজানিছিল। তথাপি আমি চীনী ভাষা শিকিলোঁ।
টাইৱান গৈ পোৱাৰ কিছুসময়ৰ পাছত হাৰ্বীক শাখা সেৱকৰ দায়িত্ব দিয়া হʼল। শাখা কাৰ্য্যালয়ৰ এলেকা বেছি ডাঙৰ নাছিল। সেইবাবে, হাৰ্বীয়ে প্ৰতিমাহে এসপ্তাহতে শাখা কাৰ্য্যালয়ৰ লগত জড়িত থকা কামবোৰ শেষ কৰিছিল আৰু বাকী তিনি সপ্তাহত আমিছ ভাইসকলৰ লগত প্ৰচাৰ কৰিছিল। মাজে-সময়ে তেওঁ জিলা ওভাৰচিয়াৰৰ দায়িত্বও পালন কৰিছিল আৰু সন্মিলনত ভাষণ দিছিল। হাৰ্বীয়ে বিচৰা হʼলে জাপানী ভাষাত ভাষণ দিব পাৰিলেহেঁতেন আৰু আমিছ ভাই-ভনীসকলেও সেই ভাষা বুজি পাইছিল। কিন্তু তাৰ চৰকাৰৰ নিয়ম আছিল যে ধাৰ্মিক সভা কেৱল চীনী ভাষাত হোৱা উচিত। সেইবাবে, হাৰ্বীয়ে কোনোমতে চীনী ভাষাত ভাষণ দিছিল আৰু এজন ভায়ে আমিছ ভাষাত সেইবোৰ অনুবাদ কৰিলে।
সেইসময়ত টাইৱানত সামৰিক আইন (মাৰ্শল লʼ) আছিল। সেইবাবে ভাইসকলক সন্মিলনৰ বাবে পুলিচৰপৰা অনুমতি লʼবলগীয়া হৈছিল। অনুমতি লʼবলৈ বহুবাৰ যাবলগীয়া হৈছিল। যদি পুলিচে সন্মিলনৰ সপ্তাহৰলৈকে অনুমতি নিদিয়ে, তেনেহʼলে হাৰ্বীয়ে আৰক্ষী থানাত গৈ বহিছিল। যেতিয়ালৈকে তেওঁ অনুমতি পোৱা নাছিল, তেতিয়ালৈকে তেওঁ তাৰপৰা আঁতৰি যোৱা নাছিল। এজন বিদেশীয়ে থানাত বহি থকা দেখি পুলিচে লাজ পাই অনুমতি দিছিল। হাৰ্বীৰ এই উপায় সদায় কামত আহিছিল।
মোৰ প্ৰথম আৰোহণ
যেতিয়া আমি ভাইসকলৰ লগত প্ৰচাৰ কৰিছিলোঁ, তেতিয়া আমি কেইবাঘণ্টা খোজ কাঢ়িছিলোঁ, পাহাৰত বগাইছিলোঁ, নদীবোৰ পাৰ কৰিছিলোঁ। মোৰ আজিও সেই দিনটো মনত আছে, যেতিয়া মই প্ৰথমবাৰ পাহাৰ আৰোহণ কৰিছিলোঁ। সেই দিনাখন ৰাতিপুৱা আমি সোনকালে জলপান কৰি দূৰৈৰ গাঁৱলৈ যাবলৈ চাৰে পাঁচটাৰ বাছত উঠিলোঁ। এখন ডাঙৰ নদী পাৰ কৰিলোঁ আৰু এখন ওখ পাহাৰত উঠিলোঁ। এই পাহাৰ ইমানেই ওখ আছিল যে মোৰ আগে আগে যোৱা ভাইজনৰ কেৱল ভৰি কেইখনেই দেখা পাইছিলোঁ।
পাহাৰত উঠাৰ পাছত হাৰ্বীয়ে কিছুমান ভাইৰ লগত প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু মই অকলে এখন সৰু গাঁৱত প্ৰচাৰ কৰিবলৈ ধৰিলোঁ, যʼত জাপানী ভাষা কোৱা লোকসকল আছিল। প্ৰায় এটামান বজাত মোৰ ভোকত মূৰ ঘূৰাইছিল। যেতিয়া মই হাৰ্বীক লগ পালোঁ, তেতিয়া আন ভাইসকল তেওঁৰ লগত নাছিল। হাৰ্বীয়ে প্ৰচাৰত কিছুমান পত্ৰিকা দিছিল, তাৰ সলনি তেওঁ কুকুৰাৰ তিনিটা কণী পাইছিল। কণী কেনেকৈ খাব লাগে, সেয়া তেওঁ মোক দেখুৱালে। তেওঁ কণীৰ দুয়োফালে ফুটা কৰিলে আৰু চুপি খালে। যদিও মোক কেঁচা কণী খাবলৈ মন যোৱা নাছিল, তথাপি মই এটা খালোঁ। তাৰ পাছত আনটো কণী কোনে খালে? মই খালোঁ কিয়নো হাৰ্বীয়ে ভাবিলে যে যদি মই অচেতন হৈ পৰোঁ, তেনেহʼলে তেওঁ মোক উঠাই তললৈ লৈ যাব নোৱাৰিব।
গা-ধোৱাৰ বেলেগ উপায়
এবাৰ আমি যেতিয়া চাৰ্কিট সন্মিলনৰ বাবে আহিছিলোঁ, তেতিয়া বেলেগ ধৰণৰ ঘটনা ঘটিল। আমি এজন
ভাইৰ ঘৰত আছিলোঁ। তেওঁৰ ঘৰ ৰাজ্যগৃহৰ একেবাৰে কাষত আছিল। আমিছ লোকসকলে গা-ধোৱাটো অতি প্ৰয়োজন বুলি ভাবিছিল। সেইবাবে, চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে আমাৰ বাবে গা-ধোৱাৰ সকলো ব্যৱস্থা কৰি দিলে। হাৰ্বীৰ বহুত কাম থকাৰ বাবে তেওঁ মোক প্ৰথমে গা-ধুবলৈ কʼলে। মই দেখিলোঁ যে তাত এটা বাল্টিত ঠাণ্ডা পানী, আনটো বাল্টিত গৰম পানী আৰু এটা খালী চৰিয়া আছে। এয়া দেখি মই আচৰিত হʼলোঁ। চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে এই সকলো ঘৰৰ বাহিৰত থৈছিল আৰু ভাইসকলে ওচৰতে সন্মিলনৰ তৈয়াৰী কৰি আছিল। মই ভনীগৰাকীক এখন পৰ্দা বিচাৰিলোঁ, তাই প্লাষ্টিকৰ কিবা এটা আনিলে। কিন্তু তাৰপৰা সকলো স্পষ্টকৈ দেখিছিল। মই ভাবিলোঁ যে ঘৰৰ পাছফালে গৈ গা-ধুই লʼম। কিন্তু তাত ৰাজহাঁহ আছিল আৰু সিহঁতৰ ওচৰলৈ গʼলেই সিহঁতে খুটিছিল। তাৰ পাছত মই ভাবিলোঁ, “সকলো ভায়ে কামত ইমানেই ব্যস্ত আছে যে মই গা-ধুইছোঁ বুলি কোনেও গমেই নাপাব। যদি মই গা-নুধুওঁ, তেনেহʼলে ইয়াৰ ভাই-ভনীসকলে বেয়া পাব। কোনোমতে গা-ধুই লওঁ।” তাৰ পাছত মই গা-ধুলোঁ।আমিছ ভাষাত প্ৰকাশন
হাৰ্বীয়ে অনুভৱ কৰিলে যে আমিছ ভাইসকলৰ বিশ্বাস ইমান দৃঢ় নাই। কিয়নো, বেছিভাগ লোকে পঢ়িব নাজানিছিল আৰু তেওঁলোকৰ ভাষাত কোনো প্ৰকাশনো নাছিল। সেই সময়ছোৱাতে আমিছ ভাষাৰ লিপি তৈয়াৰ হৈছিল। আমি ভাইসকলক তেওঁলোকৰ ভাষাত পঢ়িবলৈ শিকাবলৈ নিৰ্ণয় লʼলোঁ। এই কাম সহজ নাছিল। ইয়াত বহুত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। আমাৰ পৰিশ্ৰমৰ ভাল পৰিণাম হʼল। পঢ়িবলৈ শিকাৰ পাছত ভাই-ভনীসকলে নিজেই যিহোৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ শিকিলে। প্ৰায় ১৯৬৬ চনৰ সময়ছোৱাত আমিছ ভাষাত প্ৰকাশন উপলব্ধ হʼবলৈ আৰম্ভ হʼল। ১৯৬৮ চনৰপৰা প্ৰহৰীদুৰ্গ পত্ৰিকা ছপা কৰা হʼল।
কিন্তু চৰকাৰে কেৱল চীনী ভাষাত প্ৰকাশন ছপা কৰিবলৈ অনুমতি দিছিল। সেইবাবে, ভাইসকলক আমিছ ভাষাত প্ৰহৰীদুৰ্গ দিবলৈ আমি বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰিলোঁ। উদাহৰণস্বৰূপে, কিছুসময়ৰ বাবে আমি প্ৰহৰীদুৰ্গৰ এনে পত্ৰিকা উলিয়ালোঁ, যʼত মেণ্ডৰিন আৰু আমিছ দুয়োটা ভাষাতে লিখা আছিল। যদি কোনোবাই বেছিকৈ সুধিছিল, তেনেহʼলে আমি তেওঁলোকক কৈছিলোঁ যে আমি আমিছ লোকসকলক চীনী ভাষা শিকাইছোঁ। তেতিয়াৰেপৰা যিহোৱাৰ সংগঠনে একেৰাহে আমিছ ভাষাত কিতাপ-পত্ৰিকাবোৰ প্ৰকাশিত কৰিছে। এই প্ৰকাশনবোৰৰ সহায়ত আমাৰ ভাই-ভনীসকলে বাইবেলৰ সত্যতা শিকিব পাৰিছে।—পাঁচ. ১০:৩৪, ৩৫.
মণ্ডলীবোৰক শুদ্ধ কৰা হʼল
১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত আমিছ ভাষা কোৱা বহুতো ভাই-ভনীয়ে ইশ্বৰৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰা নাছিল। তেওঁলোকে বাইবেলৰ সিদ্ধান্তবোৰ
ভালদৰে বুজি পোৱা নাছিল। সেইবাবে, কিছুমান লোকে অনৈতিক জীৱন-যাপন কৰিছিল, অতিমাত্ৰা মদ্যপান কৰিছিল, তামোল আৰু ধপাত খাইছিল। হাৰ্বীয়ে বেলেগ বেলেগ মণ্ডলীলৈ গৈছিল আৰু এই ক্ষেত্ৰত যিহোৱাৰ দৃষ্টিভংগী বুজিবলৈ ভাইসকলক সহায় কৰিছিল। এবাৰ আমি এই কামৰ বাবে এখন মণ্ডলীলৈ যোৱাৰ সময়ত সেই ঘটনা ঘটিছিল, যি মই আৰম্ভণিতে উল্লেখ কৰিছিলোঁ।নম্ৰ ভাইসকলে নিজকে সলনি কৰিবলৈ সাজু আছিল। কিন্তু দুখৰ বিষয় যে বহুতো ভাই-ভনীয়ে নিজকে সলনি কৰিবলৈ বিচৰা নাছিল। কেৱল ২০ বছৰৰ ভিতৰতে টাইৱানৰ প্ৰচাৰকৰ সংখ্যা ২,৪৫০-ৰপৰা কমি ৯০০ জন হʼল। এয়া দেখি আমাক বৰ দুখ লাগিল। কিন্তু আমি জানিছিলোঁ যে যদি সংগঠনত কোনোধৰণৰ অশুদ্ধতা থাকে, তেন্তে তাত যিহোৱাৰ আশীৰ্বাদ নাথাকিব। (২ কৰি. ৭:১) কিছুসময়ৰ পাছত সকলো মণ্ডলীয়ে শুদ্ধতাৰে যিহোৱাৰ উপাসনা কৰিবলৈ ধৰিলে। যিহোৱাৰ আশীৰ্বাদত আজি টাইৱানত ১১,০০০ তকৈ বেছি প্ৰচাৰক আছে।
১৯৮০ চনৰ পাছৰেপৰা আমিছ ভাষা কোৱা মণ্ডলীবোৰে বিশ্বাসত দৃঢ় হʼবলৈ ধৰিলে। এতিয়া হাৰ্বীয়ে চীনী ভাষা কোৱা ভাইসকলৰ লগত প্ৰচাৰত বেছি সময় কটাবলৈ ধৰিলে। এনে বহুতো ভনী আছিল, যিসকলৰ স্বামী সত্যত নাছিল। তেওঁলোকক সত্য শিকাবলৈ হাৰ্বীক বহুত ভাল লাগিছিল। যেতিয়া এজনী ভনীৰ স্বামীয়ে প্ৰথমবাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, তেতিয়া হাৰ্বীয়ে কিমান আনন্দিত হৈছিল, মোৰ এতিয়াও মনত আছে। যেতিয়া মই বহুতো ধাৰ্মিক লোকক যিহোৱাৰ বিষয়ে শিকালোঁ, তেতিয়া ময়ো আনন্দিত হʼলোঁ। মই নিজৰ বিদ্যাৰ্থীৰ লʼৰা আৰু ছোৱালীৰ লগত টাইৱানৰ শাখা কাৰ্য্যালয়ত সেৱা কৰাৰ সুযোগো পালোঁ।
তেওঁক হেৰুৱাৰ বেদনা
হাৰ্বীৰ লগত ৫৯ বছৰ অতিবাহিত কৰাৰ পাছত ২০১০ চনৰ ১ জানুৱাৰীত কেন্সাৰ হোৱাৰ বাবে তেওঁৰ মৃত্যু হʼল। তেওঁ প্ৰায় ৬০ বছৰলৈকে পূৰ্ণসময়ৰ সেৱা কৰিলে। তেওঁলৈ মোৰ বৰ মনত পৰে। কিন্তু মই এই কথাৰ বাবেও আনন্দিত যে দুখন দেশত মই তেওঁৰ লগত সেৱা কৰিব পাৰিলোঁ। মই এচিয়াৰ আটাইতকৈ কঠিন ভাষা কʼবলৈ শিকিলোঁ আৰু হাৰ্বীয়ে লিখিবলৈও শিকিলে।
হাৰ্বীৰ মৃত্যুৰ প্ৰায় চাৰি বছৰৰ পাছত প্ৰশাসন গোষ্ঠীয়ে নিৰ্ণয় লʼলে যে মই অষ্ট্ৰেলিয়ালৈ উভতি যোৱা উচিত। প্ৰথমে মই টাইৱান এৰি নাযাওঁ বুলি ভাবিছিলোঁ। কিন্তু মই হাৰ্বীৰপৰা শিকিলোঁ যে যিহোৱাৰ সংগঠনে যেতিয়া আমাক কিবা কৰিবলৈ কয়, তেতিয়া আমি তাক অস্বীকাৰ কৰা উচিত নহয়। সেইবাবে, মই পুনৰ অষ্ট্ৰেলিয়ালৈ গʼলোঁ। পাছত মই অনুভৱ কৰিলোঁ যে এই নিৰ্ণয় সঠিক আছিল। মই বৃদ্ধ হৈছিলোঁ আৰু মোক সহায়ৰ প্ৰয়োজন আছিল।
আজি মই অষ্ট্ৰেলিয়াৰ শাখা কাৰ্য্যালয়ত সেৱা কৰি আছোঁ আৰু শনিবাৰ আৰু দেওবাৰে মণ্ডলীৰ লগত প্ৰচাৰলৈ যাওঁ। মোৰ কাম হৈছে চীনী আৰু জাপানী ভাষা কোৱা লোকসকলক বেথেল ফুৰোৱা। মই এই কামৰপৰা বৰ আনন্দ লাভ কৰোঁ। তথাপি মই সেই দিনৰ বাবে অপেক্ষা কৰি আছোঁ, যেতিয়া যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু আমাৰ মৃত হোৱা আপোনজনাক পুনৰ জীৱিত কৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই নিজৰ সেৱক হাৰ্বীকো পুনৰ জীৱিত কৰিব, যিয়ে কেতিয়াও যিহোৱাৰ কামক অস্বীকাৰ কৰা নাছিল।—যোহ. ৫:২৮, ২৯.
^ অনু. 14 যদিও আজি টাইৱানৰ মুখ্য ভাষা চীনী হয়। কিন্তু বহুবছৰৰপৰা জাপানী মুখ্য ভাষা আছিল। সেইবাবে, টাইৱানৰ বহুতো জাতিয়ে জাপানী ভাষা কৈছিল।