Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১

শান্ত হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখক

শান্ত হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখক

২০২১ চনৰ বাৰ্ষিক পাঠ: “শান্ত হলেহে . . . বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।”—যিচ. ৩০:১৫.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

লেখৰ এক আভাস *

১. ৰজা দায়ূদৰ দৰে আমাৰ মনলৈও কি প্ৰশ্ন আহিব পাৰে?

আমি সকলোৱে শান্তিপূৰ্ণ জীৱন জীয়াই থাকিব বিচাৰোঁ। চিন্তিত হৈ থাকিবলৈ কোনেও ভাল নাপায়। তথাপি, কেতিয়াবা কেতিয়াবা চিন্তাই আমাক আগুৰি ধৰে। ৰজা দায়ূদৰ মনলৈ যি প্ৰশ্ন আহিছিল, হয়তো সেই প্ৰশ্ন আমাৰ মনলৈও আহিব পাৰে। তেওঁ যিহোৱাক এইদৰে কৈছিল, “ওৰে দিনটো হৃদয়ত দুখ ৰাখি, কিমান কাল নো মই বিবেচনা কৰি থাকিম?”—গীত. ১৩:২.

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এয়া সঁচা যে আমি চিন্তাৰপৰা সম্পূৰ্ণৰূপে মুক্ত হʼব নোৱাৰোঁ। কিন্তু আমি নিজৰ চিন্তা কিছু পৰিমাণে নিশ্চয় কম কৰিব পাৰোঁ। এই লেখত আমি সৰ্বপ্ৰথমে চাম যে কি কি কাৰণৰ বাবে আমি চিন্তিত হʼব পাৰোঁ। তাৰ পাছত আমি এনে ছয়টা বিষয়ৰ ওপৰত ধ্যান দিম, যাৰ সহায়ত আমি চিন্তিত হোৱাৰ সময়তো আমি শান্ত হৈ থাকিব পাৰিম।

চিন্তিত হোৱাৰ কাৰণ

৩. আমি হয়তো কি কি কাৰণৰ বাবে চিন্তিত হৈ পৰোঁ আৰু সেইবোৰ বাধা দিয়াটো আমাৰ হাতত আছেনে?

আমি বহুতো কাৰণৰ বাবে চিন্তিত হৈ পৰোঁ। যেনে, বস্তু-বাহিনীৰ দাম বাঢ়িলে, অপৰাধ বাঢ়িলে আৰু যেতিয়া আমাৰ সহকৰ্মী বা সহপাঠীয়ে আমাক বিশ্বাসঘাত কৰিবলৈ বা অনৈতিক কাম কৰিবলৈ হেঁচা দিয়ে, তেতিয়াও আমি চিন্তিত হৈ পৰোঁ। এনেধৰণৰ অপৰাধক আমি বাধা দিব নোৱাৰোঁ। কিয়নো আমি এনে জগতত জীয়াই আছোঁ, যʼত বেছিভাগ লোকে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন নকৰে। ইয়াৰ উপৰিও, এই জগতৰ ঈশ্বৰ চয়তানে জানে যে ‘সংসাৰৰ চিন্তাৰ’ বাবে যিহোৱাৰ কিছুমান সেৱকে তেওঁৰ উপাসনা কৰিবলৈ এৰি দিব। (মথি ১৩:২২; ১ যোহ. ৫:১৯) সেইবাবে, আজি আমাৰ জীৱন বহুতো চিন্তা আৰু সমস্যাৰে ভৰি পৰিছে।

৪. আমাৰ ওপৰত সমস্যা আহিলে কি হʼব পাৰে?

আমি হয়তো নিজৰ সমস্যাক লৈ ইমানেই চিন্তিত হৈ পৰোঁ, যাৰ বাবে আমি দিনে-ৰাতি সেইবোৰৰ বিষয়ে চিন্তা কৰি থাকোঁ। যেনে, আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ টকা-পইচা কʼৰপৰা পাম। যদি আমি বেমাৰ হৈ পৰোঁ আৰু কামলৈ যাব নোৱাৰোঁ, তেনেহʼলে আমি আমাৰ চাকৰি হেৰুৱাম। আমি এয়াও ভাবি চিন্তিত হʼব পাৰোঁ যে যদি আমাক বেয়া কাম কৰিবলৈ হেঁচা দিয়া হয়, তেনেহʼলে আমি যিহোৱাৰ আজ্ঞা উলংঘন কৰিম। অতি সোনকালে যেতিয়া চয়তানক সমৰ্থন কৰা লোকসকলে ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিব, তেতিয়া আমি কি কৰিম, এই কথা ভাবিও হয়তো আমি চিন্তিত হʼব পাৰোঁ। এনে পৰিস্থিতিত হয়তো আমি ভাবিব পাৰোঁ, ‘এইবোৰৰ বিষয়ে ভাবি চিন্তিত হোৱাটো উচিত হʼবনে?’

৫. “চিন্তা নকৰিবা,” এই বাক্যৰ যোগেদি যীচুৱে কি কʼব বিচাৰিছিল?

যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “চিন্তা নকৰিবা।” (মথি ৬:২৫) যীচুৱে কোৱাৰ অৰ্থ এইটো আছিল নেকি যে আমি কেতিয়াও কোনো কথা লৈ চিন্তা কৰা উচিত নহয়? নিশ্চয় নহয়। প্ৰাচীন সময়ত যিহোৱাৰ সেৱকসকলৰ মনতো বহুতো চিন্তা আছিল। তথাপি যিহোৱাই তেওঁলোকক ত্যাগ নকৰিলে। * (১ ৰাজা. ১৯:৪; গীত. ৬:৩) যীচুৱে কোৱাৰ অৰ্থ এয়া আছিল যে আমি কোনো বিষয়ক লৈ প্ৰয়োজনতকৈ বেছি চিন্তা কৰা উচিত নহয়। বেছিকৈ চিন্তা কৰিলে যিহোৱাৰ সেৱাৰপৰা আমাৰ ধ্যান আঁতৰি যাব। গতিকে, বেছিকৈ চিন্তা নকৰিবলৈ আমি কি কৰিব পাৰোঁ?—“ চিন্তা কম কৰাৰ উপায়” নামৰ বক্স চাওক।

চিন্তা কম কৰাৰ ছয়টা উপায়

অনুচ্ছেদ ৬ চাওক *

৬. ফিলিপীয়া ৪:৬, ৭ পদৰ অনুসৰি কি কৰিলে আমি মনৰ শান্তি লাভ কৰিম?

(১ ) বাৰে বাৰে প্ৰাৰ্থনা কৰক। যদি আপুনি কোনো সমস্যাক লৈ চিন্তিত হৈছে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক। (১ পিত. ৫:৭) যিহোৱাই আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব আৰু আপোনাক ‘সকলো বুদ্ধিতকৈ উত্তম ঈশ্বৰৰ শান্তি’ দিব। (ফিলিপীয়া ৪:৬, ৭ পঢ়ক।) যিহোৱাই আপোনাক পবিত্ৰ আত্মা দিব, যাতে আপুনি সমস্যাৰ সময়তো শান্ত হৈ থাকিব পাৰে।—গালা. ৫:২২.

৭. প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত?

যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি চিন্তিত হোৱাৰ কাৰণ আৰু আপোনাৰ অনুভৱৰ বিষয়ে তেওঁক স্পষ্টকৈ জনাওক। যদি আপুনি নিজৰ সমস্যা দূৰ কৰিবলৈ কিবা কৰিব পাৰে, তেনেহʼলে যিহোৱাৰপৰা সহায় বিচাৰক। তেওঁ আপোনাক সঠিক নিৰ্ণয় লʼবলৈ বুদ্ধি আৰু সাহস দিব। কিন্তু যদি আপুনি নিজৰ সমস্যা দূৰ কৰিবলৈ একো কৰিব নোৱাৰে, তেনেহʼলে সেই বিষয়ে বেছিকৈ চিন্তা নকৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। নিজৰ মনৰ কথা যিহোৱাক স্পষ্টকৈ জনালে আমি ভালদৰে বুজিব পাৰিম যে তেওঁ কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে। আমি লগে লগে প্ৰাৰ্থনাৰ উত্তৰ নাপালেও যিহোৱালৈ প্ৰাৰ্থনা কৰি থকা উচিত। আমি নিজৰ মনৰ কথা খুলি কোৱাৰ উপৰিও আমি তেওঁক বাৰে বাৰে প্ৰাৰ্থনা কৰাটোও তেওঁ বিচাৰে।—লূক ১১:৮-১০.

৮. আমি আৰু কি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ?

আপুনি যিহোৱাক নিজৰ চিন্তাৰ বিষয়ে জনোৱাৰ সময়ত তেওঁক ধন্যবাদ দিবলৈ নাপাহৰিব। কঠিন পৰিস্থিতিত তেওঁ দিয়া আশীৰ্বাদবোৰৰ বিষয়ে ধ্যান কৰাটো ভাল কথা। যদি নিজৰ ভাৱনাৰ বিষয়ে যিহোৱাক জনাবলৈ কেতিয়াবা কঠিন লাগে, তেনেহʼলে আপুনি কি কৰিব পাৰে? যদি আপুনি তেওঁক কেৱল এইদৰে কয়, ‘মোক সহায় কৰা যিহোৱা,’ তেনেহʼলে তেওঁ আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব।—২ বং. ১৮:৩১; ৰোম. ৮:২৬.

অনুচ্ছেদ ৯ চাওক *

৯. যিহোৱাৰ লোকসকলক প্ৰকৃততে কোনে ৰক্ষা কৰিব পাৰিলেহেঁতেন?

(২ ) নিজৰ বুদ্ধিৰ ওপৰত নহয়, কিন্তু যিহোৱাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰক। ভৱিষ্যতবক্তা যিচয়াৰ সময়ত অচূৰীয়াসকলে যিহূদাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব বুলি তেওঁলোকে ভয় কৰিছিল। সেইবাবে, নিজকে ৰক্ষা কৰিবলৈ তেওঁলোকে মিচৰ দেশৰপৰা সহায় বিচাৰিলে। (যিচ. ৩০:১, ২) যিহোৱাই তেওঁলোকক সতৰ্ক কৰিলে যে মিচৰ দেশৰ ওপৰত ভৰসা কৰাৰ বাবে তেওঁলোকৰ বেয়া পৰিণাম হʼব। (যিচ. ৩০:৭, ১২, ১৩) যিচয়াৰ যোগেদি যিহোৱাই তেওঁলোকক বাৰ্তা দিলে যে প্ৰকৃততে কোনে তেওঁলোকক ৰক্ষা কৰিব পাৰে। যিহোৱাই এইদৰে কৈছিল, “শান্ত হলেহে . . . বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।”—যিচ. ৩০:১৫.

১০. আমি কি কি পৰিস্থিতিত যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ?

১০ আমি কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ? ধৰি লওক, আপুনি ভাল দৰমহা পোৱা এটা চাকৰি পাইছে। কিন্তু ইয়াৰ বাবে আপুনি বেছি সময় কাম কৰিব লাগিব আৰু সভা আৰু প্ৰচাৰৰ বাবে বেছি সময় নাপাব। অথবা কামৰ ঠাইত কোনোবাই হয়তো আপোনাক কয় যে তেওঁ আপোনাক ভাল পায়। কিন্তু তেওঁ যিহোৱাৰ সাক্ষী নহয়। কল্পনা কৰক, আপুনি বহুত প্ৰেম কৰা পৰিয়ালৰ কোনো সদস্যই আপোনাক এইদৰে কয়, “যদি তুমি মোৰ লগত থাকিব বিচাৰা, তেনেহʼলে তুমি যিহোৱাক ত্যাগ কৰিব লাগিব।” এই তিনিওটা পৰিস্থিতিত সঠিক নিৰ্ণয় লোৱাটো সহজ নহয়। কিন্তু সকলো পৰিস্থিতিত সঠিক নিৰ্ণয় লʼবলৈ যিহোৱাই আপোনাক ভাল পৰামৰ্শ দিয়ে। (মথি ৬:৩৩; ১০:৩৭; ১ কৰি. ৭:৩৯) কিন্তু প্ৰশ্ন হৈছে, যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা আছেনে আৰু আপুনি তেওঁৰ পৰামৰ্শ পালন কৰিবনে?

অনুচ্ছেদ ১১ চাওক *

১১. বাইবেলত উল্লেখ কৰা কোনবোৰ ঘটনা পঢ়িলে আমি বিৰোধৰ সন্মুখীন হোৱাৰ সত্ত্বেও শান্ত হৈ থাকিব পাৰিম?

১১ (৩ ) ভাল আৰু বেয়া উদাহৰণৰপৰা শিকক। বাইবেলত উল্লেখ কৰা বহুতো ঘটনাৰপৰা বুজিব পাৰি যে শান্ত হৈ যিহোৱাৰ ওপৰত ভৰসা কৰাটো কিমান প্ৰয়োজন। আপুনি এই ঘটনাবোৰ পঢ়াৰ সময়ত মন কৰক যে যিহোৱাৰ সেৱকসকলে শত্ৰুৰ বিৰোধৰ সন্মুখীন হোৱাৰ সত্ত্বেও কেনেকৈ শান্ত হৈ থাকিব পাৰিলে। উদাহৰণস্বৰূপে, যেতিয়া যিহূদী মহা-সভাই প্ৰচাৰ কাম বন্ধ কৰিবলৈ পাঁচনিসকলক কঠোৰ আদেশ দিছিল, তেতিয়া তেওঁলোকে ভয় কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সাহসেৰে কʼলে, “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।” (পাঁচ. ৫:২৯) পাঁচনিসকলক কোবোৱাৰ সত্ত্বেও তেওঁলোক ব্যাকুল হোৱা নাছিল। কিয়নো তেওঁলোকে জানিছিল যে যিহোৱা তেওঁলোকৰ লগত আছে আৰু তেওঁলোকৰ প্ৰতি যিহোৱা আনন্দিত। সেইবাবে, তেওঁলোকে শুভবাৰ্তা প্ৰচাৰ কৰি থাকিল। (পাঁচ. ৫:৪০-৪২) বিৰোধীসকলে স্তিফানক হত্যা কৰাৰ সময়তো তেওঁ শান্ত হৈ আছিল। বাইবেলে কৈছে, “তেওঁৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা” দেখা গৈছিল। (পাঁচ. ৬:১২-১৫) স্তিফানৰ বিশ্বাস আছিল যে তেওঁৰ প্ৰতি যিহোৱা আনন্দিত। সেইবাবে, তেওঁ শান্ত হৈ থাকিব পাৰিলে।

১২. প্ৰথম পিতৰ ৩:১৪ আৰু ৪:১৪ পদৰ অনুসৰি আমাক তাড়না দিয়াৰ সময়ত আমি কিয় আনন্দত থাকিব পাৰোঁ?

১২ পাঁচনিসকলৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱা তেওঁলোকৰ লগত আছে। কিয়নো যিহোৱাই তেওঁলোকক আচৰিত কৰ্ম কৰিবলৈ শক্তি দিছিল। (পাঁচ. ৫:১২-১৬; ৬:৮) যদিও আজি আমি আচৰিত কৰ্ম কৰিবলৈ শক্তি পোৱা নাই, তথাপি তেওঁ নিজৰ বাক্যৰ যোগেদি আমাক আশ্বাস দিয়ে যে যেতিয়া আমি ধাৰ্মিকতাৰ কাৰণে দুখ-ভোগ কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয় আৰু আমাক পবিত্ৰ আত্মা দিয়ে। (১ পিতৰ ৩:১৪; ৪:১৪ পঢ়ক।) সেইবাবে, আমি এই বিষয়ে ভাবি চিন্তিত হোৱা উচিত নহয় যে আহিবলগীয়া সময়ত যেতিয়া আমাক তাড়না দিয়া হʼব, তেতিয়া আমি কি কৰিম। ইয়াৰ পৰিৱৰ্তে আজি আমি যিহোৱাৰ ওপৰত নিজৰ ভৰসা বঢ়োৱা উচিত যে আহিবলগীয়া সময়ত যিয়েই পৰিস্থিতি নহওক কিয়, তেওঁ আমাক ৰক্ষা কৰিব পাৰে। প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে আমিও যীচুৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰা উচিত। তেওঁ কৈছিল, “তোমালোকৰ বিৰুদ্ধীবিলাকৰ কোনেও প্ৰতিৰোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা মুখ আৰু জ্ঞান মই তোমালোকক দিম।” তেওঁ আৰু এটা কথা কৈছিল, “তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।” (লূক ২১:১২-১৯) মনত ৰাখক, যিহোৱাই নিজৰ মৃত বিশ্বাসী সেৱকসকলৰ সৰু সৰু কথাবোৰ মনত ৰাখিব আৰু তেওঁলোকক জীৱিত কৰিব।

১৩. বাইবেলত উল্লেখ কৰা বেয়া উদাহৰণলৈ ধ্যান দিলে আমাৰ কি লাভ হʼব?

১৩ বাইবেলত এনে লোকসকলৰ উদাহৰণ দিয়া হৈছে, যিসকলে সমস্যাৰ সময়ত শান্ত হৈ নাথাকিল আৰু যিহোৱাৰ ওপৰত ভৰসা কৰা নাছিল। সেই একে ভুল নকৰিবলৈ তেওঁলোকৰ উদাহৰণে আমাক সহায় কৰিব। যিহূদাৰ ৰজা আচাৰ উদাহৰণলৈ মন কৰক। ৰজা আচাৰ শাসন কালৰ আৰম্ভণিতে যেতিয়া এটা বিশাল সৈন্য-বাহিনীয়ে যিহূদাৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু যিহোৱাৰ সহায়ত তেওঁ জয়লাভ কৰিলে। (২ বং. ১৪:৯-১২) কিছু সময়ৰ পাছত ইস্ৰায়েলৰ ৰজা বাচাই এটা সৰু সৈন্য-বাহিনীক লৈ আচাৰ লগত যুদ্ধ কৰিবলৈ আহিল। এইবাৰ আচাই যিহোৱাৰ ওপৰত ভৰসা নকৰি, টকা-পইচা দি অৰামীয়াসকলৰপৰা সহায় বিচাৰিলে। (২ বং. ১৬:১-৩) বৃদ্ধ অৱস্থাত তেওঁৰ এটা ডাঙৰ বেমাৰ হৈছিল। সেইসময়তো তেওঁ যিহোৱাৰপৰা সহায় নিবিচাৰিলে।—২ বং. ১৬:১২.

১৪. ৰজা আচাৰ ভুলৰপৰা আমি কি শিকিব পাৰোঁ?

১৪ আৰম্ভণিতে আচাৰ ওপৰত যেতিয়া সমস্যা আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰপৰা সহায় বিচাৰিলে। কিন্তু পাছত যেতিয়া তেওঁৰ ওপৰত সমস্যা আহিল, তেতিয়া তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে, নিজৰ ওপৰত ভৰসা কৰিলে। আচাই হয়তো ভাবিছিল যে অৰামীয়াসকলৰপৰা সহায় বিচাৰি তেওঁ বৰ বুদ্ধিমানৰ কাম কৰিছে। কিন্তু প্ৰকৃততে এইদৰে নহয়। যিহোৱাই নিজৰ ভৱিষ্যতবক্তাৰ যোগেদি আচাক এইদৰে কৈছিল, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্যসামন্ত তোমাৰ হাতৰ পৰা সাৰিল।” (২ বং. ১৬:৭) ৰজা আচাৰ ভুলৰপৰা আমি কি শিকিব পাৰোঁ? আমি এয়া ভবা উচিত নহয় যে আমি যিহোৱাৰপৰা কোনো পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। আমি নিজৰ সমস্যা নিজেই সমাধান কৰিম। হঠাতে কোনো নিৰ্ণয় লোৱাৰ সময়ত যদি আমি শান্ত হৈ থাকোঁ আৰু যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেন্তে সঠিক নিৰ্ণয় লʼবলৈ তেওঁ আমাক সহায় কৰিব।

অনুচ্ছেদ ১৫ চাওক *

১৫. বাইবেল পঢ়াৰ সময়ত আপুনি কি কৰিব পাৰে?

১৫ (৪ ) বাইবেলৰ পদবোৰ মনত পেলাওক। বাইবেল পঢ়াৰ সময়ত যদি আপুনি এনে এটা পদ পায়, যি শান্ত হৈ থাকিবলৈ আৰু যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ সহায় কৰিব পাৰে, তেনেহʼলে তাক মনত ৰাখিবলৈ চেষ্টা কৰক। এনে কৰিবলৈ আপুনি সেই পদটো জোৰেৰে পঢ়িব পাৰে বা কʼৰবাত লিখি ৰাখিব পাৰে আৰু বাৰে বাৰে পঢ়িব পাৰে। যিহোচূৱাক ব্যৱস্থাৰ কিতাপখন দিনে-ৰাতি পঢ়িবলৈ কোৱা হৈছিল, যাতে তেওঁ বুদ্ধিমতাৰে কাম কৰিব পাৰে। ব্যৱস্থাৰ কিতাপখন পঢ়ি তেওঁ নিজৰ ভয় নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন আৰু সাহসেৰে ঈশ্বৰৰ লোকসকলৰ নেতৃত্ব লʼব পাৰিলেহেঁতেন। (যিহো. ১:৮, ৯) কঠিন পৰিস্থিতিত আপুনি সহজে ব্যাকুল হʼব পাৰে বা চিন্তিত হʼব পাৰে। এনে পৰিস্থিতিত ঈশ্বৰৰ বাক্যই আপোনাক মনৰ শান্তি দিব।—গীত. ২৭:১-৩; হিতো. ৩:২৫, ২৬.

অনুচ্ছেদ ১৬ চাওক *

১৬. যিহোৱাই মণ্ডলীৰ যোগেদি শান্ত হৈ থাকিবলৈ আৰু তেওঁৰ ওপৰত ভৰসা কৰিবলৈ কেনেকৈ সহায় কৰে?

১৬ (৫ ) ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰক। যিহোৱাই নিজৰ লোকসকলৰ যোগেদি আপোনাক শান্ত হৈ তেওঁৰ ওপৰত ভৰসা কৰিবলৈ সহায় কৰে। সভাবোৰত আপুনি ভাষণ আৰু আনৰ টিপ্পনীৰপৰা লগতে ভাই-ভনীসকলৰ লগত কথা পাতি আপুনি উৎসাহ লাভ কৰিব। (ইব্ৰী ১০:২৪, ২৫) যেতিয়া আপুনি মণ্ডলীৰ কোনো ভাল বন্ধুক নিজৰ চিন্তাৰ বিষয়ে জনায়, তেতিয়াও আপুনি সাহস লাভ কৰিব। আপোনাৰ বন্ধুৰ “মঙ্গলৰ বাক্যই” আপোনাৰ চিন্তা কম কৰিব পাৰে।—হিতো. ১২:২৫.

অনুচ্ছেদ ১৭ চাওক *

১৭. ইব্ৰী ৬:১৯ পদৰ অনুসৰি নতুন পৃথিৱীৰ আশাই আমাক কেনেকৈ দৃঢ় কৰে?

১৭ (৬ ) নিজৰ আশাক নিশ্চিত কৰক। নতুন পৃথিৱীৰ আশা এক “লঙ্গৰস্বৰূপ।” ইয়ে আমাক সমস্যা আৰু চিন্তাৰ সত্ত্বেও দৃঢ় কৰি ৰাখে। (ইব্ৰী ৬:১৯ পঢ়ক।) যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত ধ্যান কৰক। তেওঁ প্ৰতিজ্ঞা কৰিছে যে ভৱিষ্যতে আমি কোনো কথাক লৈ চিন্তা নকৰিম। (যিচ. ৬৫:১৭) কল্পনা কৰক, আপুনি নতুন পৃথিৱীত আছে। চাৰিওফালে শান্তিৰ পৰিৱেশ আৰু তাত কোনো কথাৰ ভয় নাই। (মীখা ৪:৪) যেতিয়া আপুনি আনক নতুন পৃথিৱীৰ বিষয়ে জনাব, তেতিয়াও আপোনাৰ আশা নিশ্চিত হʼব। সেইবাবে, মনে-প্ৰাণে প্ৰচাৰ কৰক। এইদৰে কৰিলে আপোনাৰ ভৰসা বাঢ়িব যে আপোনাৰ আশা নিশ্চয় পূৰ হʼব।—ইব্ৰী ৬:১১.

১৮. আহিবলগীয়া সময়ত কি হʼব আৰু এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ?

১৮ এই জগতৰ অন্ত যেনেকৈ ওচৰ চাপি আহিছে, তেনেকৈ আমাৰ জীৱনতো সমস্যা আৰু চিন্তাবোৰ বেছিকৈ বাঢ়ি গৈছে। ২০২১ চনৰ বাৰ্ষিক পাঠ মনত ৰাখিলে আমি সমস্যাৰ সময়ত শান্ত হৈ থাকিব পাৰিম। আমি নিজৰ শক্তিৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা ৰাখিম। এই লেখত আমি আলোচনা কৰিলোঁ যে যিহোৱাই এইদৰে প্ৰতিজ্ঞা কৰিছে, “শান্ত হলেহে . . . বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।” (যিচ. ৩০:১৫) গতিকে, আহক নিজৰ কামৰ যোগেদি প্ৰকাশ কৰোঁ যে যিহোৱাৰ এই প্ৰতিজ্ঞাৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে।

গীত ৮ যিহোৱা আমাৰ গড়

^ অনু. 5 জীৱনৰ বহুতো সমস্যাই আমাক চিন্তিত কৰি তোলে। ২০২১ চনৰ বাৰ্ষিক পাঠে আমাক এই কথাৰ ওপৰত ধ্যান দিবলৈ আমাক সহায় কৰে যে এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। এই লেখত আলোচনা কৰা হʼব যে আমি বাৰ্ষিক পাঠত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ।

^ অনু. 5 কিছুমান ভাই-ভনীয়ে সৰু সৰু কথাক লৈ ব্যাকুল হৈ পৰে বা বেছিকৈ চিন্তা কৰে। ই এক প্ৰকাৰৰ বেমাৰ হয়। কিন্তু যীচুৱে এনেধৰণৰ চিন্তাৰ বিষয়ে কোৱা নাছিল।

^ অনু. 63 ছবিৰ বিষয়ে: (১) এগৰাকী ভনীয়ে দিনত নিৰন্তৰে নিজৰ চিন্তাৰ বিষয়ে প্ৰাৰ্থনা কৰি আছে।

^ অনু. 65 ছবিৰ বিষয়ে: (২) কামৰ ঠাইত বিৰতিৰ সময়ত তাই বুদ্ধি পাবলৈ যিহোৱাৰ বাক্য পঢ়ি আছে।

^ অনু. 67 ছবিৰ বিষয়ে: (৩) তাই বাইবেলত উল্লেখ কৰা ভাল আৰু বেয়া উদাহৰণবোৰৰ বিষয়ে ভাবি আছে।

^ অনু. 69 ছবিৰ বিষয়ে: (৪) তাই মনত ৰাখিব বিচৰা উৎসাহজনক পদটো লিখি ফ্ৰীজত লগাই আছে।

^ অনু. 71 ছবিৰ বিষয়ে: (৫) তাই বন্ধুসকলৰ লগত প্ৰচাৰ কৰি আনন্দ উপভোগ কৰিছে।

^ অনু. 73 ছবিৰ বিষয়ে: (৬) তাই নতুন পৃথিৱীৰ বিষয়ে ভাবি নিজৰ আশা দৃঢ় কৰিছে।