Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

যিহোৱাৰ সাক্ষীসকলে ডেটিং এপচ বা ৱেবছাইটৰ যোগেদি জীৱন সংগী বিচৰাটো উচিত হʼবনে?

এজন পুৰুষ আৰু এগৰাকী তিৰোতাই বিবাহিত জীৱনত সদায় আনন্দিত থকাটো যিহোৱাই বিচাৰে। (মথি ১৯:৪-৬) যদি আপুনি বিয়া কৰিব বিচাৰে, তেনেহʼলে আপুনি ভাল জীৱন সংগী কেনেকৈ বিচাৰি পাব? যিহোৱাই আমাক সৃষ্টি কৰিছে, সেইবাবে তেওঁ ভালদৰে জানে যে আমি ভাল জীৱন সংগী কেনেকৈ বিচাৰি পাম। তেওঁ আমাক বহুতো সিদ্ধান্ত দিছে, সেইবোৰ পালন কৰাৰ যোগেদি আমি সঠিক নিৰ্ণয় লʼব পাৰিম। আহক এনে কিছুমান সিদ্ধান্তলৈ মন কৰোঁ।

প্ৰথম সিদ্ধান্ত হৈছে, “মন সকলোকৈ কপটময়।” (যিৰি. ১৭:৯) আমি এই কথা সদায় মনত ৰখা উচিত। যেতিয়া দুজন ব্যক্তিয়ে ইজনে-সিজনক ভাল পাবলৈ ধৰে, তেতিয়া তেওঁলোকে এজনে-আনজনৰ প্ৰতি আকৰ্ষিত হয়। সেইবাবে, ভাবি-চিন্তি নিৰ্ণয় লোৱাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰে। যদি এজন ব্যক্তিয়ে আৱেগিক হৈ বিয়া কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে ইয়াৰ পৰিণাম বেয়া হʼব পাৰে। (হিতো. ২৮:২৬) সেইবাবে, এজন অচিনাকী ব্যক্তিক নিজৰ মনৰ কথা নজনাব আৰু তেওঁক কোনো কথাও নিদিব।

দ্বিতীয় সিদ্ধান্ত হিতোপদেশ ২২:৩ পদত দিয়া হৈছে, “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।” ডেটিং এপচ আৰু ৱেবছাইট ব্যৱহাৰ কৰিলে কি বিপদ হʼব পাৰে? কিছুমান লোকে অনলাইনত ডেটিং কৰে। কিন্তু দুখৰ বিষয় যে কিছুমানে তেওঁলোকৰ অনুভূতিৰ লগত খেল খেলিছে আৰু বিশ্বাসঘাত কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে কিছুমান সহজ-সৰল লোকসকলৰপৰা মিছা একাউন্ট খোলাই টকা-পইচা লৈছে। বিশ্বাসঘাত কৰা এই লোকসকলৰ ভিতৰত কিছুমানে নিজকে যিহোৱাৰ সাক্ষী বুলিও কৈছে।

অনলাইন ডেটিঙৰ আৰু এটা বিপদ আছে। সেয়া হৈছে কিছুমান এপচ আৰু ৱেবছাইটে কম্পিউটাৰ প্ৰʼগ্ৰামৰ যোগেদি এয়া জনাবলৈ চেষ্টা কৰে যে আপুনি কাৰ লগত ডেটিং কৰিলে ভাল হʼব। কিন্তু এইদৰে কৰিলে আপুনি সদায় আনন্দিত থাকিব বুলি কোনো গেৰেন্টি নাই। চিন্তা কৰক, বিয়া কৰাটো এক গুৰুত্বপূৰ্ণ নিৰ্ণয় হয়। আপুনি এই নিৰ্ণয় লʼবলৈ মানুহে বনোৱা কম্পিউটাৰ প্ৰʼগ্ৰামৰ ওপৰত ভৰসা কৰিব নে বাইবেলত দিয়া সিদ্ধান্তৰ ওপৰত, যি কেতিয়াও ভুল নহয়?—হিতো. ১:৭; ৩:৫-৭.

তৃতীয় সিদ্ধান্ত হিতোপদেশ ১৪:১৫ পদত দিয়া হৈছে, “নিৰ্ব্বোধ লোকে সকলো কথা পতিয়ায়; কিন্তু বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” বিয়া কৰাৰ আগতে আপুনি এজন ব্যক্তিক ভালদৰে জনা উচিত। কিন্তু ডেটিং এপচ আৰু ৱেবছাইটৰ যোগেদি এনে কৰাটো কঠিন হয়। এইবোৰৰ যোগেদি যদিও আপুনি সেই ব্যক্তিৰ বিষয়ে কিবা নহয় কিবা তথ্য জানিব পাৰে বা মেছেজৰ যোগেদি তেওঁৰ লগত কথা পাতিব পাৰে। কিন্তু আপুনি কি ভাৱে, এইদৰে কৰাৰ যোগেদি সেই ব্যক্তিজনৰ বিষয়ে সকলো কথা জানিব পাৰেনে? এনে কৰাৰ যোগেদি সঠিক ব্যক্তিক বিচাৰি পালে বুলি বহুতোলোকে ভাবিব পাৰে। কিন্তু যেতিয়া তেওঁলোকে সেই ব্যক্তিজনক লগ কৰে, তেতিয়াহে তেওঁৰ আচল ৰূপ ওলাই পৰে। কিয়নো তেওঁলোকে ভবাৰপৰা সেই ব্যক্তিজন একেবাৰে বেলগ হয়।

গীতৰচকে এইদৰে কৈছিল, “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ।” (গীত. ২৬:৪) আজি ডেটিং এপচ আৰু ৱেবছাইটবোৰত লোকসকলে নিজৰ বিষয়ে খুলি নকয়, কিয়নো আনে তেওঁলোকক ভাল পোৱাটো তেওঁলোকে বিচাৰে। তেওঁলোকৰ লগত কথা পাতিলেও আমি তেওঁলোকৰ সম্পূৰ্ণ কথা জানিব নোৱাৰোঁ। এজন যিহোৱাৰ সাক্ষীয়ে নিজকে কিছুমান প্ৰশ্ন সুধিব লাগিব। যেনে, যদি কোনোবাই আপোনাক কয় যে তেওঁ এজন যিহোৱাৰ সাক্ষী হয়, তেনেহʼলে তেওঁ বাপ্তিষ্মা লৈছে বুলি আপুনি নিশ্চিতনে? যিহোৱাৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক আছেনে? মণ্ডলীত তেওঁৰ এটা ভাল নাম আছেনে? তেওঁ ভাল উদাহৰণ ৰাখিছে নে তেওঁ আনৰ বাবে ‘কুসঙ্গ’ হয়? (১ কৰি. ১৫:৩৩; ২ তীম. ২:২০, ২১) তেওঁ বাইবেলৰ সিদ্ধান্তৰ অনুসৰি বিয়া কৰিবলৈ যোগ্য হয়নে? এই প্ৰশ্নবোৰৰ উত্তৰ জনাটো অতি প্ৰয়োজন, কিন্তু ডেটিং এপচ আৰু ৱেবছাইটৰ যোগেদি সঠিক উত্তৰ পোৱাটো কঠিন হয়। এই প্ৰশ্নবোৰৰ উত্তৰ কেৱল সেই ভাই-ভনীয়ে দিব পাৰে, যিসকলে সেই ব্যক্তিজনক ভালদৰে চিনি পায়। (হিতো. ১৫:২২) যিহোৱাৰ এজন বিশ্বাসী সেৱকে এনে এজন ব্যক্তিৰ লগত বিয়া কৰাৰ বিষয়ে ভাৱিবই নোৱাৰে, যিজনে যিহোৱাৰ উপাসনা নকৰে। এনে কৰাটো অবিশ্বাসীৰ লগত “অসমানভাবে যোঁতা” হোৱা যেন হʼব।—২ কৰি. ৬:১৪; ১ কৰি. ৭:৩৯.

ডেটিং এপচ আৰু ৱেবছাইট ব্যৱহাৰ কৰাটো বহুত বিপদজনক হয়। কিন্তু আপুনি কি কি উপায়েৰে নিজৰ বাবে জীৱন সংগী বিচাৰিব পাৰে? যদি সম্ভৱ হয়, তেনেহʼলে সভা, সন্মিলন, অধিৱেশনবোৰত আৰু আন সময়ত ভাই-ভনীসকলৰ লগত গোট খাওতে আপুনি এজন ব্যক্তিৰ লগত ভাল চিনাকী হʼব পাৰে।

একেলগে সময় কটোৱাৰ যোগেদি আপুনি জানিব পাৰিব যে আপোনালোকৰ দুয়োজনৰ লক্ষ্য একে হয় নে নহয়

কিন্তু যেতিয়া এঠাইত গোট খোৱাটো সম্ভৱ নহয়, যেনে কভিড-১৯ মহামাৰীৰ সময়ত, তেতিয়া সাক্ষীসকলে অনলাইনত সভা কৰে। আপুনি এই সভাবোৰত আন অবিবাহিত ভাই-ভনীক লগ কৰিব পাৰে, তেওঁলোকৰ ভাষণ আৰু উত্তৰবোৰ শুনিব পাৰে। (১ তীম. ৬:১১, ১২) নাইবা আপুনি সভাৰ পাছত ব্ৰেকআউট ৰোমত এজনে আনজনৰ লগত কথা পাতিব পাৰে। আপুনি ভাই-ভনীসকলৰ লগত অনলাইনত গোট খোৱাৰ সময়তো সেই ব্যক্তিৰ বিষয়ে জানিব পাৰে। যেনে, আনৰ লগত তেওঁৰ কথা-বতৰা আৰু ব্যৱহাৰ-পাতি কেনেকুৱা হয়। (১ পিত. ৩:৪) লাহে লাহে আপুনি জানিব পাৰিব যে আপোনালোকৰ দুয়োজনৰ লক্ষ্য একে হয় নে নহয় আৰু তেওঁ আপোনাৰ জীৱন সংগী হʼব পাৰিব নে নোৱাৰে।

যদি অবিবাহিত লোকসকলে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন সংগী বিচাৰে, তেনেহʼলে আপোনালোকে সদায় আনন্দিত হʼব। তেওঁলোকৰ বিষয়ে বাইবেলত এইদৰে কৈছে, “যি জনে ভাৰ্য্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।”—হিতো. ১৮:২২.