Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩০

প্ৰথম ভৱিষ্যতবাণী—আপোনাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

প্ৰথম ভৱিষ্যতবাণী—আপোনাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

‘মই তোৰে নাৰীৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম।’—আদি. ৩:১৫.

গীত ১৫ যিহোৱাৰ প্ৰথম পুত্ৰৰ প্ৰশংসা কৰা!

লেখৰ এক আভাস *

১. আদম আৰু হৱাই পাপ কৰাৰ কিছু সময়ৰ পাছত যিহোৱাই কি কৰিলে? (আদিপুস্তক ৩:১৫)

 আদম আৰু হৱাই পাপ কৰাৰ কিছু সময়ৰ পাছতে যিহোৱাই এটা বিশেষ ভৱিষ্যতবাণী কৰিলে। এই ভৱিষ্যতবাণীৰ পৰা তেওঁৰ সন্তানসকলে এটা আশা লাভ কৰে। আদিপুস্তক ৩:১৫ পদত এই ভৱিষ্যতবাণীৰ বিষয়ে উল্লেখ আছে।—পঢ়ক।

২. আদিপুস্তক ৩:১৫ পদত দিয়া ভৱিষ্যতবাণীটো কিয় বিশেষ হয়?

যদিও এই ভৱিষ্যতবাণীটো বাইবেলৰ প্ৰথম কিতাপত লিখা আছে, কিন্তু বাইবেলৰ আন কিতাপবোৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। যিদৰে এডাল মালাত বহুতো মণি থাকে আৰু এই মণিবোৰক এডাল ৰছীয়ে বান্ধি ৰাখে। ঠিক সেইদৰে বাইবেলতো বহুতো কিতাপ আছে, কিন্তু আদিপুস্তক ৩:১৫ পদত যি বাৰ্তা দিয়া আছে, এই বাৰ্তাই এই সকলো কিতাপক বান্ধি ৰাখে। এই বাৰ্তাটো হৈছে যিহোৱাই এজন উদ্ধাৰকৰ্তাক পঠিয়াব আৰু তেওঁ চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক ধ্বংস কৰিব। * যেতিয়া সিহঁতৰ ধ্বংস হʼব, তেতিয়া যিহোৱাৰ লোকসকলে বহুত আনন্দিত হʼব।

৩. এই লেখত আমি কি শিকিম?

আদিপুস্তক ৩:১৫ পদত দিয়া ভৱিষ্যতবাণীৰ লগত জড়িত কিছুমান প্ৰশ্নৰ বিষয়ে এই লেখত আলোচনা কৰিম। সেয়া হৈছে, (১) এই ভৱিষ্যতবাণীত কোনে কাক চিত্ৰিত কৰিছে? (২) এই ভৱিষ্যতবাণী এতিয়ালৈকে কেনেকৈ পূৰ হʼল? (৩) এই ভৱিষ্যতবাণীৰ পৰা আমি কেনেকৈ লাভৱান হৈছোঁ?

এই ভৱিষ্যতবাণীত কোনে কাক চিত্ৰিত কৰে?

৪. সাপ কোন হয়? আৰু আমি এইদৰে কিয় কʼব পাৰোঁ?

আদিপুস্তক ৩:১৪, ১৫ পদত এটা ‘সৰ্প’ বা সাপ আৰু সাপৰ ‘বংশ’ আৰু এগৰাকী ‘নাৰী’ আৰু নাৰীৰ ‘বংশৰ’ বিষয়ে উল্লেখ কৰিছে। তেওঁলোক কোন হয়, তাৰ বিষয়ে আমি বাইবেলৰ পৰা শিকিব পাৰোঁ। * আহক প্ৰথমে সাপৰ বিষয়ে চাওঁ। এদন বাগিচাত যিহোৱাই যিবোৰ কথা কৈছিল, সেইবোৰ সাপে বুজি নাপায়। সেইবাবে ভৱিষ্যতবাণীত কোৱা সাপ সঁচাকৈ সাপ নহয়। তেনেহʼলে সি কোন? প্ৰকাশিত বাক্য ১২:৯ পদত উল্লেখ কৰা পুৰণি সাপটো চয়তান হয়। সাপৰ বংশ কোন হয়, এতিয়া আহক তাৰ বিষয়ে আলোচনা কৰোঁ?

সাপ

চয়তান, যাক প্ৰকাশিত বাক্য ১২:৯ পদত ‘পুৰণি সাপ’ বুলি কোৱা হৈছে (অনুচ্ছেদ ৪)

৫. সাপৰ বংশ কোন?

বহু বাৰ যেতিয়া বাইবেলত কোনো বংশৰ বিষয়ে কোৱা হয়, তেতিয়া ইয়াৰ অৰ্থ এয়া নহয় যে সেই বংশ তেওঁৰ সন্তানেই হʼব, ইয়াৰ লাক্ষণিক অৰ্থও থাকিব পাৰে। যেনেকৈ কোনো এজন ব্যক্তিয়ে যদি কাৰোবাৰ দৰে কাম কৰে বা ব্যৱহাৰ কৰে, তেনেহʼলে তেওঁক সেই ব্যক্তিজনৰ বংশ বা সন্তান বুলি কোৱা হয়। সেইবাবে আমি সেই দুষ্ট স্বৰ্গদূত আৰু মানুহক সাপৰ বংশ বুলি কʼব পাৰোঁ, যিসকলে চয়তানৰ দৰে যিহোৱাক সহযোগ নকৰে আৰু তেওঁৰ লোকসকলক বিৰোধ কৰে। নোহৰ সময়ত স্বৰ্গ এৰি পৃথিৱীলৈ অহা স্বৰ্গদূতবিলাককো সাপৰ বংশ বুলি কʼব পাৰি। ইয়াৰ লগতে যিসকল লোকে চয়তানৰ দৰে বেয়া কাম কৰে, তেওঁলোকেও সাপৰ বংশ।—আদি. ৬:১, ২; যোহ. ৮:৪৪; ১ যোহ. ৫:১৯; যিহূ. ৬.

সাপৰ বংশ

দুষ্ট স্বৰ্গদূত আৰু যিহোৱাক সহযোগ নকৰা আৰু তেওঁৰ লোকসকলক বিৰোধ কৰা বেয়া লোকসকল (অনুচ্ছেদ ৫)

৬. সেই ‘নাৰী’ কিয় হৱা হʼব নোৱাৰে?

আহক এতিয়া চাওঁ যে ‘নাৰী’ কোন হয়? হৱা, সেই নাৰী হʼব নোৱাৰে। ইয়াৰ এটা কাৰণলৈ মন কৰক। আমি শিকিলোঁ যে সাপ হৈছে চয়তান আৰু সি এটা স্বৰ্গদূত হয়। ভৱিষ্যতবাণীত কোৱা হৈছে যে নাৰীৰ বংশই সাপৰ “মূৰ গুড়ি কৰিব।” কিন্তু মন কৰক হৱা এগৰাকী মানুহ হয় আৰু তেওঁৰ যি সন্তান জন্ম হʼব, সিও এজন মানুহ হʼব। এজন মানুহে এজন স্বৰ্গদূতক কেনেকৈ ধ্বংস কৰিব পাৰে। ইয়াৰ পৰা জানিব পাৰি যে হৱা সেই নাৰী নহয়। গতিকে এতিয়া প্ৰশ্ন হʼব পাৰে যে সেই নাৰী কোন?

৭. প্ৰকাশিত বাক্য ১২:১, ২, ৫, ১০ পদৰ পৰা কেনেকৈ জানিব পাৰি যে আদিপুস্তক ৩:১৫ পদত কোৱা নাৰী কোন?

সেই নাৰীগৰাকী প্ৰকৃততে কোন হয়, তাৰ বিষয়ে আমি বাইবেলৰ শেষৰ কিতাপৰ পৰা জানিব পাৰোঁ। (প্ৰকাশিত বাক্য ১২:১, ২, ৫, ১০ পঢ়ক।) তাত এইদৰে উল্লেখ আছে তেওঁৰ মূৰত ১২ টা তৰাৰ কিৰীটি আছে আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছে। তেওঁ এটি সন্তানক জন্ম দিয়ে আৰু ইয়ে ঈশ্বৰৰ ৰাজ্যক চিত্ৰিত কৰে। আমি জানোঁ যে এই ৰাজ্য স্বৰ্গত আৰম্ভ হʼল। গতিকে সেই নাৰী পৃথিৱীত নহয় স্বৰ্গত থাকিব। ইয়াৰ অৰ্থ হৈছে সেই নাৰী যিহোৱাৰ সংগঠনৰ স্বৰ্গীয় ভাগক চিত্ৰিত কৰে, যʼত কোটি কোটি বিশ্বাসী স্বৰ্গদূতসকল আছে।—গালা. ৪:২৬.

নাৰী

যিহোৱাৰ সংগঠনৰ স্বৰ্গীয় ভাগ, যি কোটি কোটি স্বৰ্গদূতেৰে গঠিত (অনুচ্ছেদ ৭)

৮. (ক) নাৰীৰ বংশৰ মূখ্য ভাগ কোন হয়? (খ) তেওঁ কেতিয়া ইয়াৰ ভাগ হʼল? (আদিপুস্তক ২২:১৫-১৮)

নাৰীৰ বংশৰ মূখ্য ভাগ কোন হয়, তাৰ বিষয়ে আমি বাইবেলৰ পৰাই জানিব পাৰোঁ। বাইবেলত আগতীয়াকৈ কোৱা হৈছিল যে তেওঁ অব্ৰাহামৰ বংশৰ পৰা আহিব। (আদিপুস্তক ২২:১৫-১৮ পঢ়ক।) ভৱিষ্যতবাণীত কোৱাৰ দৰে যীচু অব্ৰাহামৰ বংশৰ পৰা আহিল। (লূক ৩:২৩, ৩৪) ইয়াৰ উপৰিও নাৰীৰ বংশ কোনো মানুহে হʼব নোৱাৰে। কিয়নো তেওঁ চয়তানক নাশ কৰিব লাগিব। প্ৰায় ৩০ বছৰ বসয়ত যেতিয়া যীচুৱে বাপ্তিষ্মা লৈছিল, তেতিয়া যিহোৱাই পবিত্ৰ আত্মাৰে অভিষেক কৰি প্ৰকাশ কৰিছিল যে যীচু তেওঁৰ প্ৰিয় পুত্ৰ হয়। সেই সময়ত যীচু নাৰীৰ বংশৰ মূখ্য ভাগ হʼল। (গালা. ৩:১৬) পাছত যীচুৰ মৃত্যু হʼল। কিন্তু যিহোৱাই তেওঁক পুনৰ জীৱিত কৰিলে আৰু “প্ৰতাপ আৰু সমাদস্বৰূপ মুকুটেৰে তেওঁক বিভূষিত” কৰিলে আৰু তেওঁক ‘স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা দিয়া হল।’ ইয়াৰ লগতে “চয়তানৰ কৰ্ম্ম লুপ্ত” কৰিবলৈ তেওঁক অধিকাৰ দিয়া হʼল।—ইব্ৰী ২:৭; মথি ২৮:১৮; ১ যোহ. ৩:৮.

নাৰীৰ বংশ

যীচু খ্ৰীষ্ট আৰু তেওঁৰ লগত শাসন কৰা ১,৪৪,০০০ জন (অনুচ্ছেদ ৮-৯)

৯-১০. (ক) যীচুৰ উপৰিও আৰু কোন নাৰীৰ বংশৰ ভাগ হয় আৰু তেওঁলোকে কেতিয়া ইয়াৰ ভাগ হৈ পৰে? (খ) এতিয়া আমি কি শিকিম?

এই বংশৰ আৰু এটা ভাগ আছে। ইয়াৰ বিষয়ে পাঁচনি পৌলে যিহূদী আৰু গ্ৰীক অভিষিক্ত খ্ৰীষ্টানক এইদৰে কৈছিল, “তোমালোক যদি খ্ৰীষ্টৰ হোৱা, তেন্তে তোমালোক অব্ৰাহামৰ বংশ, প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী।” (গালা. ৩:২৮, ২৯) ইয়াৰ পৰা জানিব পাৰি যে যদি যিহোৱাই এজন খ্ৰীষ্টানক পবিত্ৰ আত্মাৰে অভিষেক কৰে, তেতিয়া তেওঁ এই বংশৰ ভাগ হৈ পৰে। ইয়াৰ অৰ্থ হৈছে নাৰীৰ বংশ যীচু আৰু তেওঁৰ লগত শাসন কৰা ১,৪৪,০০০ জন লোকেৰে গঠিত। (প্ৰকা. ১৪:১) তেওঁলোকে যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখে আৰু তেওঁৰ দৰেই কাম কৰে।

১০ এতিয়ালৈকে আমি শিকিলোঁ যে আদিপুস্তক ৩:১৫ পদত কোৱা লোকসকল কোন হয়। কিন্তু এতিয়া আমি চাম যে এই ভৱিষ্যতবাণী এতিয়ালৈকে কেনেকৈ পূৰ হʼল আৰু ইয়াৰ পৰা আজি আমি কেনেকৈ লাভৱান হৈছোঁ।

এই ভৱিষ্যতবাণী এতিয়ালৈকে কেনেকৈ পূৰ হʼল?

১১. নাৰীৰ বংশৰ “গোৰোৱা” কেনেকৈ আঘাত কৰা হʼল?

১১ আদিপুস্তক ৩:১৫ পদত কোৱা হৈছে যে সাপে নাৰীৰ বংশৰ “গোৰোৱা” আঘাত কৰিব। যেতিয়া চয়তানে যিহূদী আৰু ৰোমৰ লোকসকলৰ যোগেদি যীচুক মৃত্যুদণ্ড দিছিল, তেতিয়া এই ভৱিষ্যতবাণী পূৰ হʼল। (লূক ২৩:১৩, ২০-২৪) যেতিয়া আমি গোৰোৱাত আঘাত পাওঁ, তেতিয়া আমি কিছু দিনলৈকে ভালদৰে খোজকাঢ়িব নোৱাৰোঁ আৰু বেছিকৈ কাম কৰিব নোৱাৰোঁ। ঠিক সেইদৰে যেতিয়া যীচুৰ মৃত্যু হʼল, তেতিয়া তেওঁ প্ৰায় তিনি দিনলৈকে একো কৰিব নোৱাৰিলে।—মথি ১৬:২১.

১২. সাপৰ মূৰ কেতিয়া আৰু কেনেকৈ গুড়ি কৰা হʼব?

১২ ভৱিষ্যতবাণীত কোৱা হৈছিল যে নাৰীৰ বংশই সাপৰ মূৰ গুড়ি কৰিব। কিন্তু যীচুৰ দেখোন মৃত্যু হʼল, তেনেহʼলে এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼব? ইয়াৰ বাবে যীচুক পুনৰ জীৱিত কৰাৰ প্ৰয়োজন আছিল। যীচুৰ মৃত্যুৰ তৃতীয় দিনাখন যিহোৱাই তেওঁক অদৃশ্য শৰীৰ দি পুনৰ জীৱিত কৰিলে আৰু তেওঁক স্বৰ্গত অমৰ জীৱন দিলে। যিহোৱাই যি সময় নিৰ্ধাৰিত কৰিছে, সেই সময়তেই যীচুৱে চয়তানক ধ্বংস কৰিব। (ইব্ৰী ২:১৪) ইয়াৰ উপৰিও যীচু আৰু তেওঁৰ লগত শাসন কৰাসকলে পৃথিৱীৰ পৰা সাপৰ বংশক অৰ্থাৎ ঈশ্বৰৰ সকলো শত্ৰুক ধ্বংস কৰিব।—প্ৰকা. ১৭:১৪; ২০:৪, ১০. *

এই ভৱিষ্যতবাণীৰ পৰা আমাৰ কেনেকৈ লাভ হৈছে?

১৩. এই ভৱিষ্যতবাণীৰ পৰা আজি আমি কেনেকৈ লাভৱান হৈছোঁ?

১৩ এই ভৱিষ্যতবাণী পূৰ হোৱাৰ বাবে আপোনাৰ কেনেকৈ লাভ হʼল, তাৰ বিষয়ে চিন্তা কৰক। যীচুৱে এই পৃথিৱীত থকাৰ সময়ত যিদৰে কাম কৰিছিল আৰু লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, সেই সকলোবোৰ তেওঁৰ পিতৃৰ দৰেই আছিল। (যোহ. ১৪:৯) যেতিয়া আমি যীচুৰ বিষয়ে শিকিলোঁ, তেতিয়া আমি যিহোৱাৰ বিষয়ে শিকিব পাৰিলোঁ আৰু তেওঁক প্ৰেম কৰিব পাৰিলোঁ। যীচুৱে আমাক যি কথা শিকালে আৰু তেওঁ সংগঠনৰ যোগেদি আজি যিবোৰ নিৰ্দেশনা দি আছে, তাৰ পৰাও আমাৰ বহুতো লাভ হয়। তেওঁ আমাক এনেদৰে জীৱন-যাপন কৰিবলৈ শিকালে, যাৰ পৰা যিহোৱা আনন্দিত হয়। অৱশেষত, তেওঁৰ গোৰোৱা আঘাত কৰা হʼল অৰ্থাৎ তেওঁক মৃত্যুদণ্ড দিয়া হʼল। তেওঁৰ এই বলিদানৰ পৰাও আমি লাভৱান হʼলোঁ। যিহোৱাই যীচুৰ এই বলিদানৰ আধাৰত “সকলো পাপৰ পৰা আমাক শুচি কৰে।”—১ যোহ. ১:৭.

১৪. এদন বাগিচাত কৰা ভৱিষ্যতবাণী কিয় লগে লগে পূৰ হʼব নোৱাৰিছিল? বুজাওক।

১৪ যিহোৱাই এদন বাগিচাত যি ভৱিষ্যতবাণী কৰিছিল, সেই ভৱিষ্যতবাণী লগে লগে পূৰ হʼব নোৱাৰে। আমি এয়া কিয় কʼব পাৰোঁ? কিয়নো নাৰীৰ বংশ আহিবলৈ সময় লাগিব আৰু লোকসকলে চয়তানক সহযোগ কৰিবলৈও সময় লাগিব। ইয়াৰ উপৰিও নাৰীৰ বংশ আৰু সাপৰ বংশৰ মাজত শত্ৰুভাৱ বা ঘৃণাভাৱ উৎপন্ন হʼবলৈও সময়ৰ প্ৰয়োজন হʼব। এই ভৱিষ্যতবাণী ভালদৰে বুজিবলৈ চেষ্টা কৰিলে আমি জানিব পাৰোঁ যে চয়তানৰ জগতে ঈশ্বৰৰ লোকসকলক ঘৃণা কৰিব। যীচুৱেও নিজৰ শিষ্যসকলক আগতীয়াকৈ কৈছিল যে তেওঁলোকক ঘৃণা কৰা হʼব। (মাৰ্ক ১৩:১৩; যোহ. ১৭:১৪) যোৱা ১০০ বছৰ ধৰি ঈশ্বৰৰ লোকসকলৰ লগত এইদৰে হোৱাটো আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ।

১৫. (ক) জগতে আমাক আগতকৈ বেছি কিয় ঘৃণা কৰে? (খ) আমি চয়তানক কিয় ভয় কৰাৰ প্ৰয়োজন নাই?

১৫ যীচু ১৯১৪ চনত ঈশ্বৰৰ ৰাজ্যৰ ৰজা হʼল আৰু ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ চয়তানক স্বৰ্গৰ পৰা পৃথিৱীলৈ পেলাই দিলে। কিন্তু চয়তান মনে মনে থকা নাই। সি জানে যে তাৰ ওচৰত অলপ সময় বাকী আছে, সেইবাবে সি খঙত আছে আৰু তাৰ খং যিহোৱাৰ সাক্ষীসকলৰ ওপৰত উলিয়াই আছে। (প্ৰকা. ১২:৯, ১২, ১৩, ১৭) সেইবাবে আজি চয়তানৰ জগতে আমাক আগতকৈ বেছি ঘৃণা কৰে। কিন্তু আমি চয়তান আৰু তাক সহযোগ কৰাসকলক ভয় কৰাৰ প্ৰয়োজন নাই। আমি পাঁচনি পৌলৰ কথা মনত ৰাখিব পাৰোঁ। তেওঁ এইদৰে কৈছে, “যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে?” (ৰোম. ৮:৩১) যিহোৱাই এতিয়ালৈকে আদিপুস্তক ৩:১৫ পদৰ ভৱিষ্যতবাণী যিদৰে পূৰ কৰিলে, তাৰ পৰা প্ৰমাণ হয় যে আমি তেওঁৰ ওপৰত ভৰসা কৰিব পাৰোঁ।

১৬-১৮. আদিপুস্তক ৩:১৫ পদত উল্লেখ থকা ভৱিষ্যতবাণী ভালদৰে বুজি পোৱাৰ বাবে কাৰ্টিছ, উৰচুলা আৰু জেচিকাই কেনেকৈ লাভৱান হʼল?

১৬ আদিপুস্তক ৩:১৫ পদত যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে, তালৈ মন কৰিলে আমি সাহসেৰে সমস্যাৰ সন্মুখীন হʼব পাৰোঁ। গোৱাম দ্বীপত মিচনেৰী সেৱা কৰা ভাই কাৰ্টিছে এইদৰে কৈছে, “বহু বাৰ মই এনে কিছুমান সমস্যাৰ সন্মুখীন হৈছিলোঁ, যেতিয়া মোৰ অনুভৱ হৈছিল যে মই যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিম। সেই সময়ত মই আদিপুস্তক ৩:১৫ পদৰ ভৱিষ্যতবাণীটো কেনেকৈ পূৰ হʼল, তাৰ বিষয়ে চিন্তা কৰিলোঁ। এইদৰে কৰাৰ বাবে যিহোৱাৰ ওপৰত মোৰ আৰু ভৰসা বাঢ়িল।” ভাই কাৰ্টিছে সেই দিনৰ বাবে বাট চাই আছে, যেতিয়া যিহোৱাই সকলো দুখ-কষ্ট আৰু সমস্যা সদায় কালৰ বাবে আঁতৰাই দিব।

১৭ জাৰ্মানীৰ ভনী উৰচুলাই কৈছে যে তেওঁ যেতিয়া আদিপুস্তক ৩:১৫ পদত কোৱা ভৱিষ্যতবাণী অধ্যয়ন কৰিলে, তেতিয়া তেওঁ বুজিব পাৰিলে যে বাইবেলৰ আন ভৱিষ্যতবাণীবোৰ ইয়াৰ লগত কেনেকৈ জড়িত হৈ আছে। ইয়াৰ বিষয়ে জানি তেওঁ আচৰিত হʼল আৰু যিহোৱাই যে বাইবেলখন লিখোৱাইছে, তাৰ ওপৰত তেওঁৰ বিশ্বাস আৰু বাঢ়িল। তেওঁ এয়াও কৈছে যে “যিহোৱাই মানৱজাতিক আশা দিবলৈ লগে লগে পদক্ষেপ লʼলে। ইয়াৰ বিষয়ে চিন্তা কৰি মই যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰিবলৈ ধৰিলোঁ।”

১৮ মাইক্ৰনেছিয়াৰ ভনী জেচিকাই এইদৰে কৈছে, “মোৰ সেই দিনটো আজিও মনত আছে, যেতিয়া মোৰ বিশ্বাস হʼল যে এয়াই সত্য হয়। মই বুজিব পাৰিলোঁ যে আদিপুস্তক ৩:১৫ পদৰ ভৱিষ্যতবাণী পূৰ হৈ আছে। মই এয়াও জানিব পাৰিলোঁ যে মই আজি যিদৰে জীৱন-যাপন কৰিছোঁ, সেইদৰে জীৱন-যাপন কৰাটো যিহোৱাই নিবিচাৰে। এই ভৱিষ্যতবাণী পঢ়ি মোৰ বিশ্বাস বাঢ়িল যে যদি মই যিহোৱাৰ সেৱা কৰি থাকোঁ, তেনেহʼলে আজি মই এটা ভাল জীৱন জীয়াই থাকিব পাৰিম আৰু ভৱিষ্যতে ইয়াতকৈ ভাল জীৱন জীয়াই থাকিব পাৰিম।”

১৯. ভৱিষ্যতবাণীৰ বাকী ভাগো পূৰ হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

১৯ এই লেখত আমি শিকিলোঁ যে আদিপুস্তক ৩:১৫ পদত উল্লেখ থকা ভৱিষ্যতবাণীটো পূৰ হৈ আছে। আমি এয়াও শিকিলোঁ যে সাপৰ বংশ আৰু নাৰীৰ বংশ কোন। নাৰীৰ বংশৰ মূখ্য ভাগ অৰ্থাৎ যীচুৰ গোৰোৱাক আঘাত কৰা হʼল আৰু তেওঁ সুস্থও হʼল। এতিয়া তেওঁ স্বৰ্গত শক্তিশালী ৰজা হয় আৰু তেওঁক অমৰ জীৱন দিয়া হৈছে। যিসকল লোক নাৰীৰ বংশৰ দ্বিতীয় ভাগ হয়, তেওঁলোকৰ মাজৰ বেছিভাগক যিহোৱাই বাছনি কৰিলে। এই ভৱিষ্যতবাণীৰ বেছিভাগ কথা পূৰ হʼল। গতিকে আমি বিশ্বাস কৰিব পাৰোঁ যে সাপৰ মূৰ গুড়ি কৰা হʼব। সেই সময়ত যিহোৱাৰ লোকসকল বৰ আনন্দিত হʼব! গতিকে আহক আমি তেতিয়ালৈকে হাৰ নামানি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ যে তেওঁ নাৰীৰ বংশৰ যোগেদি “পৃথিৱীৰ সমুদায় জাতিক আশীৰ্বাদ দিব।”—আদি. ২২:১৮.

গীত ২৩ যিহোৱাৰ ৰাজ্য আৰম্ভ হʼল

^ যদি আমি বাইবেলৰ সম্পূৰ্ণ বাৰ্তা বুজিব বিচাৰোঁ, তেনেহʼলে আমি আদিপুস্তক ৩:১৫ পদত দিয়া ভৱিষ্যতবাণী ভালদৰে বুজিব লাগিব। যদি আমি এই ভৱিষ্যতবাণী গভীৰভাৱে অধ্যয়ন কৰিম, তেনেহʼলে যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস বাঢ়িব আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস হʼব যে তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব।

^ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ (হিন্দী) অতিৰিক্ত লেখ খ১ “বাইবেলৰ বাৰ্তা” পঢ়ক।

^আদিপুস্তক ৩:১৪, ১৫ পদত কোনে কাক চিত্ৰিত কৰে?” নামৰ বক্স চাওক।