Skip to content

Skip to table of contents

আপোনাৰ মনত আছেনে?

আপোনাৰ মনত আছেনে?

আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছেনে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:

অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?

আমি তেওঁলোকৰ বিশ্বাসক নিশ্চয় মূল্যাংকন কৰোঁ। কিন্তু আমি তেওঁলোকৰ ওপৰত বেছিকৈ ধ্যান দিয়া উচিত নহয়। আমি “গৰ্ব্ব-কথা” কোৱাৰপৰা আঁতৰি থাকিম। (যিহূ. ১৬) আমি তেওঁলোকৰ আশাৰ বিষয়েও সোধা উচিত নহয়।—w২০.০১, পৃষ্ঠা ২৯.

যিহোৱা ঈশ্বৰে আপোনাৰ প্ৰতি ধ্যান দিয়ে বুলি কি কি কথাপৰা আপোনাৰ বিশ্বাস দৃঢ় হোৱা উচিত?

বাইবেলে কৈছে যে আপুনি জন্ম হোৱাৰ আগতেই যিহোৱাই আপোনাক ধ্যান দিছিল। তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনে। আপুনি কি ভাবে আৰু কেনে অনুভৱ কৰে, তাক যিহোৱাই জানে। আপোনাৰ কাৰ্য্যই তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। (১ বং. ২৮:৯; হিতো. ২৭:১১) যিহোৱাই নিজেই আপোনাক তেওঁৰ ফালে আকৰ্ষিত কৰিছে।—w২০.০২, পৃষ্ঠা ১২.

আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া অনুচিত?

যিহোৱাৰ বিষয়ে আমি আনন্দেৰে কম। যেতিয়া কোনোবাই ভুল পথত চলিবলৈ ধৰে, তেতিয়া আমি কোৱা উচিত। প্ৰয়োজনীয় পৰামৰ্শ দিবলৈ প্ৰাচীনসকলে সাজু থকা উচিত। কিন্তু কিছুমান ক্ষেত্ৰত আমি মনে মনে থকা উচিত। আমাৰ কাম নিষেধ কৰা দেশৰ প্ৰচাৰ অথবা আন কামবোৰ কেনেকৈ কৰা হৈছে, এই বিষয়ে আমি আনক সোধা বা কোৱা উচিত নহয়। আমি গুপ্ত কথাবোৰ প্ৰকাশ কৰা উচিত নহয়।—w২০.০৩, পৃষ্ঠা ২০-২১.

যোৱেল ২ অধ্যায় আৰু প্ৰকাশিত বাক্য ৯ অধ্যায়ত উল্লেখ কৰা ফৰিংবোৰৰ মাজত কি পাৰ্থক্য আছে?

যোৱেল ২:২০-২৯ পদত কৈছে যে ঈশ্বৰে ফৰিংবোৰক দূৰ কৰিব আৰু তেওঁলোকে যি যি নষ্ট কৰিছে, তাৰ ক্ষতিপূৰণ কৰিব। ইয়াৰ পাছতহে ঈশ্বৰে নিজৰ পবিত্ৰ আত্মা বাকি দিব। বাবিলৰ সৈন্য-সামন্তই ইস্ৰায়েলীসকলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত এই ভৱিষ্যতবাণীৰ কিছুমান কথা পূৰ হৈছিল আৰু কিছুমান আগলৈ গৈ পূৰ হʼল। প্ৰকাশিত বাক্য ৯:১-১১ পদত উল্লেখ কৰা ফৰিংবোৰে বৰ্তমান সময়ৰ অভিষিক্ত খ্ৰীষ্টানসকলক চিত্ৰিত কৰে। তেওঁলোকে নিৰ্ভয়ে এই দুষ্ট জগতক যিহোৱাৰ ন্যায়ৰ বাৰ্তা শুনায়। সেইবাবে, তেওঁলোকৰ বাৰ্তাই জগতৰ লোকসকলক আঘাত কৰে।—w২০.০৪, পৃষ্ঠা. ৩-৬.

বৰ্তমান সময়ত উত্তৰ দেশৰ ৰজা কোন হয়?

ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ। তেওঁলোকে সাক্ষীসকলক অত্যাচাৰ কৰে আৰু প্ৰচাৰ কাম বন্ধ কৰে। ইয়াৰপৰা বুজিব পাৰি যে তেওঁলোকে ঈশ্বৰৰ লোকসকলক ঘৃণা কৰে। তেওঁলোকে দক্ষিণ দেশৰ ৰজাতকৈ বেছি শক্তিশালী হʼবলৈ চেষ্টা কৰি আহিছে।—w২০.০৫, পৃষ্ঠা ১৩.

গালাতীয়া ৫:২২ পদত উল্লেখ কৰা গুণবোৰ কেৱল পবিত্ৰ “আত্মাৰ ফল” হয়নে?

নহয়। পবিত্ৰ আত্মাৰ সহায়ত আমি ধাৰ্ম্মিকতাৰ দৰে বহুতো গুণ বিকশিত কৰিব পাৰোঁ। (ইফি. ৫:১০)—w২০.০৬, পৃষ্ঠা ১৭.

চʼচিয়েল মিডিয়াত নিজৰ ফটো আৰু লিখনি পʼষ্ট কৰাৰ এটা বিপদ কি হʼব পাৰে?

ইয়াৰপৰা লোকসকলক লাগিব পাৰে যে আমি নম্ৰ নহয় আৰু আমি নিজৰ বিষয়ে ফিতাহি মাৰিছোঁ।—w২০.০৭, পৃষ্ঠা ৬-৭.

খ্ৰীষ্টানসকলে নিপুণ মাছমৰীয়াৰপৰা কি শিকিব পাৰে?

মাছমৰীয়াসকলে সঠিক ঠাই আৰু সঠিক সময়ত মাছ ধৰে। তেওঁলোকে সঠিক সঁজুলি ব্যৱহাৰ কৰিবলৈ জানে। সমস্যা আহিলেও তেওঁলোকে সাহসেৰে কাম কৰে। আমি আমাৰ প্ৰচাৰ কাৰ্য্যত এইদৰেই কৰিব পাৰোঁ।—w২০.০৯, পৃষ্ঠা ৫.

নিজৰ বিদ্যাৰ্থীৰ মনত ঈশ্বৰৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰি?

প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰু শিকা বিষয়বোৰ ধ্যান কৰিবলৈ আমি নিজৰ বিদ্যাৰ্থীক উৎসাহিত কৰিব পাৰোঁ। তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈও শিকাব পাৰোঁ।—w২০.১১, পৃষ্ঠা ৪.

“সকলোকে জীউৱা হব,” ইয়াত কোন লোকসকল জড়িত আছে?—১ কৰি. ১৫:২২.

পৌলে ইয়াত এয়া কোৱা নাছিল যে মৃত হোৱা সকলোকে পুনৰুত্থান কৰা হʼব। এই চিঠিখন তেওঁ কৰিন্থত থকা অভিষিক্ত ভাইসকললৈ লিখিছিল, যিসকল ‘খ্ৰীষ্ট যীচুত পবিত্ৰ, আমন্ত্ৰিত পবিত্ৰ লোক।’ (১ কৰি. ১:২; ১৫:১৮)—w২০.১২, পৃষ্ঠা ৬.

অতি সোনকালে অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত কি কাম দিয়া হʼব?—১ কৰি. ১৫:৫১-৫৩.

অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ সেনাধ্যক্ষ যীচুক অনুকৰণ কৰি লোহাৰ দণ্ডেৰে ৰাজ্য শাসন কৰিব। (প্ৰকা. ২:২৬, ২৭)—w২০.১২, পৃষ্ঠা ১২-১৩.