Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫২

নিৰাশা—এই সংঘৰ্ষত আপুনি জয় লাভ কৰিব পাৰে

নিৰাশা—এই সংঘৰ্ষত আপুনি জয় লাভ কৰিব পাৰে

“যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব।”—গীত. ৫৫:২২.

গীত ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত এৰি দিয়া

লেখৰ এক আভাস *

১. যদি আমি নিৰাশ হওঁ, তেনেহʼলে কি হʼব পাৰে?

আমাৰ জীৱনত প্ৰতিদিনে সমস্যা আহে আৰু আমি তাৰ সন্মুখীন হʼবলৈ সম্পূৰ্ণ চেষ্টা কৰোঁ। কিন্তু আমি নিৰাশ হোৱাৰ সময়ত সমস্যাবোৰ সন্মুখীন হʼবলৈ আমাৰ বাবে কঠিন হৈ পৰে। নিৰাশাৰ ভাবনাই আমাক ভিতৰে ভিতৰে দুৰ্বল কৰি আমাক নিৰুৎসাহ কৰিব পাৰে আৰু আমাৰ আনন্দও নাইকিয়া হʼব। হিতোপদেশ ২৪:১০ পদত লিখা আছে, “সঙ্কটৰ কালত তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম।” এই কথা একেবাৰে সত্য। নিৰাশ হʼলে আমাৰ সাহস কমি যাব আৰু আমি জীৱনত সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব নোৱাৰিম।

২. (ক) আমি কি কি কাৰণৰ বাবে নিৰাশ হʼব পাৰোঁ? (খ) এই লেখত আমি কিহৰ বিষয়ে শিকিম?

আমি বহুতো কাৰণৰ বাবে নিৰাশ হওঁ। আমি নিজৰ দুৰ্বলতা বা ভুলৰ বাবে নতুবা অসুস্থ শৰীৰৰ বাবে নিৰাশ হৈ পৰোঁ। যেতিয়া আমি যিহোৱাৰ সেৱাত নিজৰ মন পছন্দৰ কাম বা দায়িত্ব নাপাওঁ অথবা আমাৰ প্ৰচাৰ এলেকাৰ বেছি ভাগ লোকে নুশুনে, তেতিয়াও আমি নিৰাশ হʼব পাৰোঁ। এই লেখত আমি শিকিম যে নিৰাশাৰ সন্মুখীন হʼবলৈ আমি কি কি কৰিব পাৰোঁ।

যদি আমাৰ মাজত কিবা দুৰ্বলতা আছে

৩. কি কথা মনত ৰাখিলে আমি নিজকে অযোগ্য বুলি নাভাবিম?

আমি সকলোৱে কেইবাবাৰো ভুল কৰোঁ আৰু আমাৰ মাজত কিছুমান দুৰ্বলতা আছে। সেইবাবে, আমি হয়তো ভাবিব পাৰোঁ যে আমি বৰ বেয়া ব্যক্তি হয় আৰু যিহোৱাই আমাক নতুন পৃথিৱীত জীৱন নিদিব। কিন্তু এইদৰে ভবাটো উচিত নহয়। আমি কি কথা মনত ৰখা উচিত, যাতে আমি নিজকে বেয়া ব্যক্তি বুলি নাভাবোঁ? বাইবেলে কৈছে যে যীচুক এৰি সকলো ব্যক্তিয়ে “পাপ কৰিলে।” (ৰোম. ৩:২৩) যিহোৱাই আমাৰ মাজত ভুল-ত্ৰুটি বিচাৰি নুফুৰে। আনকি আমি কেতিয়াও ভুল নকৰিম বুলিও আশা নকৰে। তেওঁ এজন মৰমিয়াল পিতৃ হয় আৰু তেওঁ আমাক সহায় কৰিব বিচাৰে। তেওঁ লক্ষ্য কৰিছে যে আমি নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ কিমান সংঘৰ্ষ কৰি আছোঁ, যাতে আমি নিজকে অযোগ্য বুলি নাভাবোঁ। তেওঁ এই সংঘৰ্ষত আমাক সহায় কৰিব বিচাৰে।—ৰোম. ৭:১৮, ১৯.

আমি আগতে যি কাম কৰিছিলোঁ আৰু আজি যি কৰি আছোঁ, তাক যিহোৱাই জানে (অনুচ্ছেদ ৫ চাওক) *

৪-৫. প্ৰথম যোহন ৩:১৯, ২০ পদত উল্লেখ কৰা কি কথাৰপৰা দুগৰাকী ভনীয়ে উৎসাহিত হৈছিল?

দীয়া আৰু মঞ্জুৰ  * উদাহৰণলৈ মন কৰক। দীয়া সৰু হৈ থাকোঁতে তাইৰ লগত বৰ বেয়া ব্যৱহাৰ কৰা হৈছিল আৰু তাইক হেয়জ্ঞান কৰা হৈছিল। কোনেও কেতিয়াও তাইৰ প্ৰশংসা কৰা নাছিল। সেইবাবে, ডাঙৰ হৈ তাই নিজকে অযোগ্য বুলি ভাবিবলৈ ধৰিলে। তাই সৰু-সুৰা ভুল কৰিলেও নিজকে ভাবিবলৈ ধৰে যে তাই কোনো কামৰ যোগ্য নহয়। মঞ্জুৰ লগতো এইদৰেই হৈছিল। তাইৰ পৰিয়ালে তাইক হেয়জ্ঞান কৰিছিল। সেইবাবে, তাই নিজকে গুৰুত্বহীন বুলি অনুভৱ কৰিছিল। সত্যত অহাৰ পাছতো তাই ভাবিছিল যে তাইক যিহোৱাৰ সাক্ষী বুলি কোৱাৰ যোগ্য নহয়।

দীয়া আৰু মঞ্জুৱে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়া নাছিল। তেওঁলোকে কেনেকৈ সাহস পালে? তেওঁলোকে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু নিজৰ মনৰ সকলো বোজা তেওঁৰ ওপৰত দিলে। (গীত. ৫৫:২২) তেওঁলোকে বুজি পালে যে তেওঁলোকৰ লগত কি কি ঘটনা ঘটিছে আৰু তেওঁলোকে নিজকে কিমান অযোগ্য বুলি ভাবে, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। যদিও তেওঁলোকে নিজৰ মাজত ভাল গুণবোৰ দেখা নাপায়, কিন্তু যিহোৱাই তেওঁলোকৰ ভাল গুণবোৰ দেখা পায়।—১ যোহন ৩:১৯, ২০ পঢ়ক।

৬. যদি কোনোবাই বাৰে বাৰে চেষ্টা কৰাৰ সত্ত্বেও পুনৰ সেই ভুল কৰে, তেনেহʼলে তেওঁক কেনেকুৱা লাগে?

যদি এজন ব্যক্তিয়ে বহুতো সংঘৰ্ষ কৰাৰ পাছত নিজৰ বেয়া অভ্যাসবোৰ এৰি দিয়ে, কিন্তু পুনৰ সেই একেই ভুল কৰে, তেনেহʼলে তেওঁ নিৰাশ হʼব পাৰে। পাপ কৰিলে নিজকে দোষী অনুভৱ কৰাটো স্বাভাৱিক। (২ কৰি. ৭:১০) কিন্তু আমি ইমানেই দোষী অনুভৱ কৰা উচিত নহয় যে আমি কোনো কামৰ যোগ্য নহয় আৰু যিহোৱাই আমাক কেতিয়াও ক্ষমা নকৰিব বুলি ভাবিব পাৰোঁ। আমি যি ভাবোঁ সেয়া ভুল হয়। এইদৰে ভাবিলে আমি দুৰ্বল হʼব পাৰোঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব পাৰোঁ। মনত পেলাওক আমি হিতোপদেশ ২৪:১০ পদত কি পঢ়িছিলোঁ, যদি আমি নিৰাশ হৈ যাওঁ, তেনেহʼলে সমস্যাবোৰ সন্মুখীন হʼবলৈ আমাৰ ওচৰত শক্তি নাথাকিব। যেতিয়া আমি কিবা ভুল কৰোঁ, তেতিয়া আমি কি কৰা উচিত? আমি যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁক ক্ষমা বিচৰা উচিত আৰু এইদৰে যিহোৱাৰ লগত কথা পাতি আমি বিষয়টো সমাধান কৰা উচিত। (যিচ. ১:১৮) যিহোৱাই লক্ষ্য কৰিছে যে আপুনি নিজৰ ভুলৰ বাবে অনুতাপ কৰিছে আৰু নিজকে সলনি কৰিবলৈ আপুনি চেষ্টা কৰিছে। সেইবাবে, তেওঁ আপোনাক ক্ষমা কৰিব। যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ উপৰিও প্ৰাচীনসকলকো নিজৰ ভুলৰ বিষয়ে কওক। যিহোৱাৰ লগত পুনৰ ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকে আপোনাক সহায় কৰিব।—যাকো. ৫:১৪, ১৫.

৭. যদি আমি নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ সংঘৰ্ষ কৰি আছোঁ, তেনেহʼলে আমি কিয় নিৰাশ হোৱা উচিত নহয়?

যিসকল লোকে নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ সংঘৰ্ষ কৰে, তেওঁলোকক ফান্সৰ এজন প্ৰাচীন ছনʼ লূকে এইদৰে কয়, “যিজনে কেতিয়াও ভুল নকৰে, যিহোৱাৰ দৃষ্টিত তেওঁ ধাৰ্মিক ব্যক্তি নহয়। ইয়াৰ পৰিৱৰ্তে ভুল কৰাৰ পাছত যিজনে অনুতাপ কৰে, তেওঁকহে যিহোৱাই ধাৰ্মিক বুলি গণ্য কৰে।” (ৰোম. ৭:২১-২৫) যদি আপুনি কিবা দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে, তেনেহʼলে নিজকে দোষ নিদিব। ঈশ্বৰৰ দৃষ্টিত আমি কোনেও নিজে নিজে ধাৰ্মিক হʼব নোৱাৰোঁ। ঈশ্বৰে মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি আমাক যি অনুগ্ৰহ দেখুৱাইছে, তাৰ বাবেহে আমি ধাৰ্মিক বুলি গণ্য হʼলোঁ।—ইফি. ১:৭; ১ যোহ. ৪:১০.

৮. নিৰাশ হʼলে আমি আৰু কাৰপৰা সহায় লʼব পাৰোঁ?

আমি নিজৰ খ্ৰীষ্টান ভাই-ভনীসকলৰপৰাও সহায় বিচাৰিব পাৰোঁ। যদি কেতিয়াবা আমাৰ মন গধুৰ যেন লাগে, তেনেহʼলে আমি আমাৰ ভাই-ভনীক জনোৱাৰ যোগেদি আমি নিজৰ মন পাতল কৰিব পাৰোঁ। যেতিয়া তেওঁলোকে আমাৰ কথা ধ্যান দি শুনিব আৰু আমাক সাহস দিবলৈ কিবা কথা কʼব, তেনেহʼলে আমি ভাল অনুভৱ কৰিম। (হিতো. ১২:২৫; ১ থিচ. ৫:১৪) নাইজেৰিয়াৰ জয় নামৰ এজনী ভনী বৰ নিৰাশ আৰু দুখিত আছিল। কিন্তু তাই এতিয়া এইদৰে কয়, “ভাই-ভনীসকলৰ সহায়ৰ বাবে মই নিজৰ দুখ সহন কৰিব পাৰিলোঁ। যদি তেওঁলোক নোহোৱা হʼলে মোৰ কি হʼলহেতেঁন? যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে আৰু ভাই-ভনীসকলৰ যোগেদি মোক সাহস দিলে। ইয়াৰপৰা মই শিকিলোঁ যে মই কেনেকৈ নিৰাশাত থকা লোকসলক সাহস দিব পাৰোঁ।” কিন্তু আমি দুখিত আছোঁ আৰু আমাক সহায়ৰ প্ৰয়োজন আছে বুলি সকলো সময়তে আমাৰ ভাই-ভনীয়ে বুজিব নোৱাৰে। আমি নিজে কোনো পৰিপক্ক ভাই বা ভনীক জনোৱা উচিত যে আমি কেনে অনুভৱ কৰোঁ, যাতে তেওঁলোকে আমাক উৎসাহিত কৰিব পাৰে।

যদি আমি বেমাৰ হওঁ

৯. গীতমালা ৪১:৩ আৰু ৯৪:১৯ পদত কি লিখা আছে, যাৰপৰা আমি সান্ত্বনা লাভ কৰোঁ?

যিহোৱাৰপৰা সহায় বিচাৰক। যদি আমাৰ শৰীৰ ভালে নাথাকে, তেনেহʼলে আমি সহজে নিৰাশ হʼব পাৰোঁ। যদি আমি বহু দিনৰপৰা বেমাৰত ভুগি আছোঁ, তেনেহʼলে আমি বেছিকৈ দুখিত হʼব পাৰোঁ। এনে পৰিস্থিতিত আমি যিহোৱাৰপৰা সহায় বিচৰা উচিত। এয়া সঁচা যে যিহোৱাই আজি আচৰিতভাৱে আমাৰ বেমাৰ দূৰ নকৰিব। কিন্তু তেওঁ আমাক সান্ত্বনা আৰু সহন কৰিবলৈ শক্তি দিব পাৰে। (গীতমালা ৪১:৩; ৯৪:১৯ পঢ়ক।) আমাৰ বাবে ঘৰৰ বস্তু কিনিবলৈ আৰু ঘৰৰ কামত সহায় কৰিবলৈ যিহোৱাই আমাৰ ভাই-ভনীসকলক অনুপ্ৰাণিত কৰিব পাৰে। ভাই-ভনীসকলে হয়তো আমাৰ বাবে প্ৰাৰ্থনাও কৰিব পাৰে। যিহোৱাই বাইবেলৰপৰা এনে কিছুমান কথা মনত পেলাই দিব পাৰে, যাৰপৰা আমি সান্ত্বনা লাভ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আহিবলগীয়া নতুন পৃথিৱীত আমি কিমান যে ভাল জীৱন লাভ কৰিম। তাত কোনো বেমাৰ নাথাকিব আৰু দুখ-কষ্ট নাথাকিব।—ৰোম. ১৫:৪.

১০. ঈছাঙে সকলো সময়তে কিয় নিৰাশ হোৱা নাছিল? বুজাওক।

১০ নাইজেৰিয়াত থকা ঈছাঙৰ লগত এক দুৰ্ঘটনা ঘটিল, যাৰবাবে তেওঁ খোজকাঢ়িব নোৱাৰা হʼল। ডাক্তৰে কʼলে, তেওঁ কেতিয়াও খোজকাঢ়িব নোৱাৰে। ঈছাঙে এইদৰে কয়, “মই একেবাৰে নিৰাশ হৈ পৰিলোঁ। মই আচৰিত হʼলোঁ।” কিন্তু তেওঁ সদায় নিৰাশ হৈ আছিলনে? কেতিয়াও নহয়। তেওঁক কিহে সহায় কৰিলে? তেওঁ এইদৰে কয়, “মই আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা কৰিবলৈ আৰু বাইবেল অধ্যয়ন কৰিবলৈ কেতিয়াও এৰা নাছিলোঁ। আমি সকলো সময়তে নিজৰ সমস্যাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আমি যি আশীৰ্বাদ লাভ কৰিছোঁ, তাৰ বিষয়ে চিন্তা কৰিম বুলি থিৰাং কৰিলোঁ। যেনে, ঈশ্বৰৰ নতুন পৃথিৱীত কিমান যে ভাল জীৱন লাভ কৰিম!”

খোজকাঢ়িব নোৱাৰা ভাই-ভনীসকলেও কিবা নহয় কিবা প্ৰকাৰে প্ৰচাৰ কৰিব পাৰে আৰু আনন্দ লাভ কৰিব পাৰে (অনুচ্ছেদ ১১-১৩ চাওক)

১১. ভয়ানক বেমাৰ হোৱাৰ সত্ত্বেও চিণ্ডীয়ে কিয় সন্তুষ্টি লাভ কৰিলে?

১১ মেক্সিকʼত বাস কৰা চিণ্ডীয়ে যেতিয়া জানিব পাৰিলে যে তাইৰ এক ভয়ানক বেমাৰ আছে, তেতিয়া তাই এই দুখ কেনেকৈ সহন কৰিব পাৰিলে? যেতিয়া তাইৰ চিকিৎসা হৈ আছিল, তেতিয়া তাই প্ৰতিদিনে যিকোনো এজন ব্যক্তিক সাক্ষ্য দিবলৈ লক্ষ্য ৰাখিছিল। তাই এইদৰে কয়, “মই আনক সাক্ষ্য দি থকাৰ বাবে অপাৰেচনৰপৰা নিজৰ ধ্যান আঁতৰাব পাৰিলোঁ। মই সকলো সময়তে নিজৰ কষ্টৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে, আনকো ধ্যান দিবলৈ ধৰিলোঁ। ডাক্তৰ আৰু নাৰ্চসকলক সাক্ষ্য দিবলৈ মই এটা উপায় ব্যৱহাৰ কৰিলোঁ। তেওঁলোকৰ লগত কথা পতাৰ সময়ত মই প্ৰথমে তেওঁলোকৰ ঘৰৰ লোকসকলৰ বিষয়ে সুধিছিলোঁ। তাৰ পাছত মই তেওঁলোকক সুধিছিলোঁ, এই কাম ইমান কঠিন হোৱাৰ সত্ত্বেও তেওঁলোকে ডাক্তৰ বা নাৰ্চ হোৱাৰ নিৰ্ণয় কিয় কৰিলে। এনেধৰণৰ প্ৰশ্ন কৰাৰ যোগেদি তেওঁলোকে কি বিষয়ৰ প্ৰতি আগ্ৰহী মই বুজিব পাৰিছিলোঁ। বহুতো ডাক্তৰ আৰু নাৰ্চে মোক কয় যে কোনো ৰোগীয়ে তেওঁলোকক ‘আপুনি কেনেকুৱা আছে’ বুলি কেতিয়াও নুসোধে। তেওঁলোকৰ বিষয়ে চিন্তা কৰাৰ বাবে তেওঁলোকৰ মাজৰ বহুতো লোকে মোক ধন্যবাদ দিলে। আনকি কিছুমানে নিজৰ ঠিকনা আৰু ফোন নম্বৰো দিলে। সেই কঠিন পৰিস্থিতিক সহন কৰিবলৈ যিহোৱাই মোক নিশ্চয় সহায় কৰিব বুলি মই জানিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে তেওঁ মোক ইমান সন্তুষ্টিও দিব।”—হিতো. ১৫:১৫.

১২-১৩. (ক) কিছুমান অসুস্থ আৰু বৃদ্ধ ভাই-ভনীয়ে কেনেকৈ প্ৰচাৰ কৰে? (খ) ইয়াৰ পৰিণাম কি হয়?

১২ যিসকল ভাই-ভনীয়ে বেমাৰত ভুগি আছে অথবা খোজকাঢ়িব নোৱাৰে, তেওঁলোকে বেছিকৈ প্ৰচাৰ কৰিব নোৱাৰে বুলি নিৰাশ হৈ পৰে। কিন্তু এনে বহুতো ভাই-ভনীয়ে ভালদৰে সাক্ষ্য দিয়ে। আমেৰিকাৰ লʼৰেল নামৰ এগৰাকী ভনীয়ে ৩৭ বছৰ ধৰি উশাহ লʼবলৈ এটা মেচিনত বন্দী হৈ থাকিবলগীয়া হৈছিল। ইয়াৰ উপৰিও তাইৰ কেন্সাৰ হৈছিল। তাইৰ বহুতো ডাঙৰ ডাঙৰ অপাৰেচন হৈছিল আৰু তাইৰ ছালৰ ৰোগো হৈছিল। কিন্তু ইমান ডাঙৰ ডাঙৰ সমস্যা থকাৰ সত্ত্বেও তাই আনক সাক্ষ্য দিবলৈ এৰা নাছিল। যেতিয়া মেডিকেলৰপৰা নাৰ্চ আৰু আন কৰ্মচাৰীসকলে তাইৰ ঘৰলৈ আহিছিল, তেতিয়া তাই তেওঁলোকক সাক্ষ্য দিছিল। তাই কমেও ১৭ জন লোকক যিহোৱাৰ সাক্ষী হʼবলৈ সহায় কৰিছিল। *

১৩ ফ্ৰান্সত থকা ৰিচাৰ্ড নামৰ এজন প্ৰাচীনে কয় যে, যিসকল ভাই-ভনীয়ে নিজৰ ঘৰ বা বৃদ্ধ আশ্ৰমৰপৰা কʼলৈকো যাব নোৱাৰে, তেওঁলোকে কি কৰিব পাৰে। প্ৰাচীনজনে এইদৰে কয়, “তেওঁলোকে আমাৰ কিছুমান কিতাপ-পত্ৰিকা এখন টেবুলত ৰাখিব পাৰে। তাক দেখি লোকলকলে জানিব বিচাৰিব যে এই প্ৰকাশনবোৰ কিহৰ বিষয়ে আছে আৰু তেতিয়া ভাই-ভনীসকলে সাক্ষ্য দিব পাৰিব। আগৰ দৰে ঘৰে ঘৰে গৈ প্ৰচাৰ কৰা ভাই-ভনীসকলে এইদৰে কৰাৰ যোগেদি নিৰাশ নহʼব।” এই ভাই-ভনীসকলে চিঠি লিখি আৰু ফোনৰ যোগেদিও সাক্ষ্য দিব পাৰে।

যদি আমাৰ ওচৰত মন পছন্দৰ কাম বা দায়িত্ব নাথাকে

১৪. ৰজা দায়ূদৰপৰা আমি কি শিকিব পাৰোঁ?

১৪ আমি হয়তো যিহোৱাৰ সেৱাত কোনো কাম বা দায়িত্ব লʼব বিচাৰোঁ। কিন্তু কিবা কাৰণত আমি হয়তো সেই দায়িত্ব লাভ কৰা নাই। হয়তো আমি বৃদ্ধ হৈছোঁ বা আমাৰ শৰীৰ ভালে নাথাকে বা আন কোনো কাৰণ হʼব পাৰে। এনে পৰিস্থিতিত আমি হয়তো নিৰাশ হʼব পাৰোঁ। কিন্তু এই ক্ষেত্ৰত আমি দায়ূদৰপৰা বহুতো কথা শিকিব পাৰোঁ। যিহোৱাৰ বাবে মন্দিৰ বনাবলৈ দায়ূদৰ বৰ মন আছিল। কিন্তু এই কামৰ বাবে যিহোৱাই আন এজনক বাছনি কৰিলে। যেতিয়া দায়ূদক এই কথা কোৱা হৈছিল, তেতিয়া তেওঁ নিৰাশ নহʼল। ইয়াৰ পৰিৱৰ্তে, যিহোৱাই যিজন ব্যক্তিক এই কামৰ বাবে বাছনি কৰিছিল, তেওঁক বহুতো সহায় কৰিলে। মন্দিৰ নিৰ্মাণ কৰিবলৈ দায়ূদে বহুতো সোণ আৰু ৰূপ দান কৰিলে। দায়ূদৰ উদাহৰণৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ।—২ চমূ. ৭:১২, ১৩; ১ বং. ২৯:১, ৩-৫.

১৫. ভাই অয়গে কেনেকৈ নিৰাশাৰ সন্মুখীন হৈছিল?

১৫ ফ্ৰাঞ্চত থকা অয়গ নামৰ এজন ভায়ে বৰ অসুস্থ হৈ পৰিছিল। সেইবাবে, তেওঁ প্ৰাচীন হিচাপে সেৱা কৰিবলৈ এৰি দিছিল। তেওঁ ইমানেই অসুস্থ হৈ পৰিছিল যে ঘৰৰ সৰু-সুৰা কামো কৰিব নোৱাৰিছিল। তেওঁ কৈছিল, “মই নিজকে অযোগ্য বুলি ভাবিবলৈ ধৰিলোঁ আৰু একেবাৰে নিৰাশ হৈ পৰিছিলোঁ। মই বুজিব পাৰিলোঁ যে মই আগৰ দৰে সেৱা কৰিব নোৱাৰোঁ বুলি ভাবি দুখি হোৱা উচিত নহয়। যেতিয়া মই নিজৰ চিন্তাধাৰা সলনি কৰিলোঁ, তেতিয়া মই যিহোৱাৰ সেৱাত যি কৰিছিলোঁ, তাৰপৰা মই আনন্দ লাভ কৰিছিলোঁ। মই কেতিয়াও হাৰ নামানিম বুলি থিৰাং কৰিলোঁ। মই গিদিয়োন আৰু তাৰ ৩০০ জন লোকক মনত ৰাখোঁ। তেওঁলোকে ভাগৰি যোৱাৰ সত্ত্বেও থিৰে আছিল, ময়ো থিৰে থাকিব বিচাৰোঁ।”—বিচা. ৮:৪.

১৬. স্বৰ্গদূতসকলৰপৰা আমি কি শিকিব পাৰোঁ?

১৬ বিশ্বাসী স্বৰ্গদূতসকলেও আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিলে। ৰজা আহাবৰ সময়ছোৱাত যিহোৱাই স্বৰ্গদূতসকলৰপৰা পৰামৰ্শ বিচাৰিছিল যে দুষ্ট ৰজা আহাবক মূৰ্খ বনাবলৈ কি কৰাটো উচিত হʼব। তেতিয়া স্বৰ্গদূতসকলে বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে। কিন্তু ঈশ্বৰে এজন স্বৰ্গদূতক কʼলে যে তেওঁ দিয়া পৰামৰ্শটো কাম কৰিব।(১ ৰাজা. ২২:১৯-২২) আন স্বৰ্গদূতসকলে এয়া ভাবি নিৰাশ হৈছিলনে যে আমি মিছাতে পৰামৰ্শ দিলোঁ আৰু আমাৰ সময় নষ্ট কৰিলোঁ। নহয়, তেওঁলোকে এইদৰে ভবা নাছিল। স্বৰ্গদূতসকল সঁচাকৈ নম্ৰ আৰু যিহোৱাৰ প্ৰশংসা হোৱাটো তেওঁলোকে বিচাৰে।—বিচা. ১৩:১৬-১৮; প্ৰকা. ১৯:১০.

১৭. যদি আমাৰ ওচৰত মন পছন্দৰ কাম বা দায়িত্ব নাথাকে তেনেহʼলে আমি কি কৰা উচিত?

১৭ মনত ৰাখক যিহোৱাৰ এজন সাক্ষী হোৱা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাটো আমাৰ বাবে সকলোতকৈ ডাঙৰ আশীৰ্বাদ। আজি আমি যিহোৱাৰ সেৱাত যি কাম কৰিছোঁ বা যি দায়িত্ব লাভ কৰিছোঁ। সেয়া ভৱিষ্যতে হয়তো নাথাকিবও পাৰে। আমি কি কাম কৰিছোঁ বা কি দায়িত্ব পালন কৰিছোঁ, এয়া দেখি যিহোৱাই আমাক গুৰুত্বপূৰ্ণ বুলি নাভাবে। যেতিয়া আমি নম্ৰ হৈ থাকিম, তেতিয়াহে যিহোৱা আৰু আমাৰ ভাই-ভনীসকলে আমাক মূল্যৱান বুলি গণ্য কৰিব আৰু আমাক প্ৰেম কৰিব। সেইবাবে, সদায় নম্ৰ হৈ থাকিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। বাইবেলত লিখা যিহোৱাৰ নম্ৰ সেৱকসকলৰ বিষয়ে ধ্যান কৰক আৰু আপুনি যিমান পাৰে সিমান, নিজৰ ভাই-ভনীসকলৰ আনন্দেৰে সেৱা কৰক।—গীত. ১৩৮:৬; ১ পিত. ৫:৫.

যদি লোকসকলে শুভবাৰ্তা নুশুনে

১৮-১৯. যদি বেছিভাগ লোকে আপোনাৰ বাৰ্তা নুশুনে, তেনেহʼলে আনন্দিত থাকিবলৈ আপুনি কি কৰিব পাৰে?

১৮ আপোনাৰ প্ৰচাৰ এলেকাৰ বেছিভাগ লোকে নুশুনে বা ঘৰত নাথাকে বুলি আপুনি কেতিয়াবা কেতিয়াবা নিৰাশ হয় নেকি? উদ্যমী হৈ থাকিবলৈ আৰু আনন্দেৰে এই কাম কৰিবলৈ আপুনি কি কৰিব পাৰে। “ প্ৰচাৰত আনন্দ কেনেকৈ লাভ কৰিব পাৰি?” নামৰ বক্সত কিছুমান পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও প্ৰচাৰ কাৰ্য্যৰ বিষয়ে আমি সঠিক দৃষ্টিভংগী ৰখা উচিত। ইয়াত কি কি জড়িত হৈ আছে, আহক চাওঁ।

১৯ আমি মনত ৰখা উচিত যে প্ৰচাৰ কৰাৰ মুখ্য উদ্দেশ্য হৈছে লোকসকলক ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে জনোৱা। যীচুৱে স্পষ্টৰূপে কৈছিল যে কম সংখ্যক লোকে জীৱনৰ পথত চলিবলৈ নিৰ্ণয় লʼব।(মথি ৭:১৩, ১৪) আমি এয়াও মনত ৰখা উচিত যে প্ৰচাৰ কাৰ্য্যত আমি যিহোৱা, যীচু আৰু স্বৰ্গদূতসকলৰ লগত মিলি কাম কৰোঁ। লোকসকলে আমাৰ বাৰ্তা শুনক বা নুশুনক তেওঁলোকৰ লগত মিলি কাম কৰাটো এক ডাঙৰ আশীৰ্বাদ হয়।(মথি ২৮:১৯, ২০; ১ কৰি. ৩:৯; প্ৰকা. ১৪:৬, ৭) যোগ্য লোকসকলক যিহোৱাই নিজৰ ফালে আকৰ্ষিত কৰে। (যোহ. ৬:৪৪) সেইবাবে, এজন ব্যক্তিয়ে যদিও আজি আমাৰ বাৰ্তা শুনা নাই, কিন্তু এদিন নহয় এদিন তেওঁ নিশ্চয় শুনিব।

২০. যিৰিমিয়া ২০:৮, ৯ পদৰ অনুসৰি যদি আমি প্ৰচাৰ এলেকাক লৈ নিৰাশ হওঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

২০ আমি ভৱিষ্যতবক্তা যিৰিমিয়াৰপৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁক এনে এটা এলেকা দিয়া হৈছিল, যʼত যিহোৱাৰ বাৰ্তা শুনোৱাটো বৰ কঠিন আছিল। ‘ওৰে দিন’ লোকসকলে তেওঁক অপমান কৰিছিল আৰু ঠাট্টা কৰিছিল। (যিৰিমিয়া ২০:৮, ৯ পঢ়ক।) এবাৰ যিৰিমিয়াই ইমানেই নিৰাশ হৈ পৰিছিল যে তেওঁ প্ৰচাৰ কাম বন্ধ কৰাৰ বিষয়ে ভাবিছিল। কিন্তু তেওঁ এইদৰে নকৰিলে। কিয়নো “ঈশ্বৰৰ বাক্যই” তেওঁৰ হৃদয়ত জুইৰ দৰে জ্বলিবলৈ ধৰিলে আৰু তেওঁ নিজকে বাধা দিব নোৱাৰিলে। যদি আমি প্ৰতিদিনে বাইবেল পঢ়োঁ আৰু ধ্যান কৰোঁ, তেনেহʼলে যিহোৱাৰ বাক্যই আমাৰ মন আৰু হৃদয়ত গভীৰভাৱে প্ৰভাৱ পেলাব। তেতিয়া আমিও যিৰিমিয়াৰ দৰে প্ৰচাৰ কাম নকৰাকৈ থাকিব নোৱাৰিম। আমি এই কাম আনন্দেৰে কৰি থাকিম আৰু হয়তো আমি আমাৰ বাৰ্তা শুনা লোকক লগ পাম।—যিৰি. ১৫:১৬.

২১. আমি নিৰাশ হোৱাৰ সত্ত্বেও কি কৰিব পাৰোঁ, যাতে আমি এই সংঘৰ্ষত জয়লাভ কৰিব পাৰোঁ?

২১ আগতে উল্লেখ কৰা দীয়াই কয় যে, যেতিয়া আমি নিৰাশ হওঁ, তেতিয়া চয়তানে ইয়াৰ সুযোগ লৈ আমাক যিহোৱাৰপৰা দূৰ কৰিব বিচাৰে। এয়া তাৰ এক ডাঙৰ কৌশল। কিন্তু আমি মনত ৰখা উচিত যে চয়তানৰ সকলো কৌশলক যিহোৱাই ব্যৰ্থ কৰিব পাৰে। গতিকে, আপুনি নিৰাশ হোৱাৰ যিয়েই কাৰণ নহওক কিয়, আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ কিবা দুৰ্বলতা আছে, তেনেহʼলে তাক দূৰ কৰিবলৈ তেওঁ আপোনাক সহায় কৰিব। যদি আপুনি অসুস্থ, তেনেহʼলে তেওঁ আপোনাৰ যত্ন লʼব। যদি আপুনি যিহোৱাৰ সেৱাত মন পছন্দৰ কাম বা দায়িত্ব পোৱা নাই, তথাপি তেওঁ আপোনাক আনন্দত থাকিবলৈ সহায় কৰিব। প্ৰচাৰ কাৰ্য্যত বেছিভাগ লোকে আপোনাৰ বাৰ্তা নুশুনিলেও, তেওঁ আপোনাক উদ্যমী হৈ থাকিবলৈ সহায় কৰিব। যেতিয়া আপুনি নিৰাশ হয়, তেতিয়া নিজৰ পিতৃ যিহোৱাক মনৰ সকলো কথা খুলি কওক। তেওঁ আপোনাক দৃঢ় কৰিব। যিহোৱাৰ সহায়ত আপুনি এই সংঘৰ্ষত জয়লাভ কৰিব পাৰিব।

গীত ৪১ মোৰ প্ৰাৰ্থনা শুনা

^ অনু. 5 আমি সকলোৱে কেতিয়াবা কেতিয়াবা নিৰাশ হৈ পৰোঁ। এই লেখৰপৰা আমি জানিম যে নিৰাশাৰ সন্মুখীন হোৱাৰ সময়ত আমি কি কৰা উচিত? আমি এয়াও শিকিম যে যিহোৱাৰ সহায়ত আমি এই সংঘৰ্ষত জয়লাভ কৰিব পাৰিম।

^ অনু. 4 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 12 ভনী লʼৰেল নিস্বটৰ জীৱনী জানুৱাৰী ২২, ১৯৯৩ চনৰ সচেতন থাকক! (ইংৰাজী) আলোচনীত দিয়া হৈছে।

^ অনু. 69 ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে কিছু সময়ৰ বাবে নিৰাশ হয়। বিগত সময়ছোৱাত তাই কিমান সেৱা কৰিছিল, তাৰ বিষয়ে তাই মনত পেলায়। তাই যিহোৱালৈ প্ৰাৰ্থনাও কৰে। তাইৰ বিশ্বাস হয় যে আগতে তাই যি সেৱা কৰিছিল আৰু আজি যি কৰি আছে, তাক যিহোৱাই কেতিয়াও নাপাহৰে।