পাঠকসকলৰ প্ৰশ্ন
প্ৰথম কৰিন্থীয়া ১৫:২৯ পদত পৌলে কোৱাৰ অৰ্থ এয়া আছিল নেকি যে তেওঁৰ সময়ছোৱাত খ্ৰীষ্টানসকলে মৃত লোকসকলৰ বাবে বাপ্তিষ্মা লৈছিল?
নহয়। বাইবেল বা ইতিহাসৰ কোনো কিতাপত এইদৰে উল্লেখ নাই যে খ্ৰীষ্টানসকলে মৃত লোকসকলৰ বাবে বাপ্তিষ্মা লৈছিল।
অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলত (o.v) এই পদত লিখা আছে, “যদি মৃতবিলাকক সমুলি তোলা নহয়, তেন্তে তেওঁবিলাকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?” সেইবাবে, কিছুমান লোকে বিশ্বাস কৰিছিল যে পৌলৰ সময়ছোৱাত খ্ৰীষ্টানসকলে মৃত লোকসকলৰ বাবে বাপ্তিষ্মা লৈছিল। কিন্তু মন কৰক যে এই বিষয়ে বাইবেলৰ দুজন বিদ্বানে কি কৈছে।
ডক্তৰ গ্ৰেগৰী লʼকউডৰ মতে বাইবেল বা ইতিহাসত কʼতো উল্লেখ নাই যে কোনোবাই মৃত লোকসকলৰ বাবে বাপ্তিষ্মা লৈছিল। প্ৰফেচৰ গʼৰ্ডন ডী. ফিয়েও এইদৰেই কৈছে। তেওঁ লিখিছে, “বাইবেল বা ইতিহাসত এনে কোনো ঘটনা উল্লেখ নাই, যাৰপৰা প্ৰমাণ হয় যে এনেধৰণৰ বাপ্তিষ্মা লোৱা হৈছিল। নতুন নিয়মত এনেধৰণৰ বাপ্তিষ্মাৰ বিষয়ে কʼতো উল্লেখ নাই। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এনেধৰণৰ বাপ্তিষ্মা লৈছিল বা পাঁচনিসকলৰ মৃত্যুৰ পাছত গীৰ্জাত এনেধৰণৰ বাপ্তিষ্মা লোৱা হৈছিল বুলি কোনো প্ৰমাণ নাই।”
বাইবেলে কৈছে যে যীচুৱে নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দিছিল, “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) এজন ব্যক্তিয়ে বাপ্তিষ্মা লৈ যীচুৰ শিষ্য হʼবলৈ যিহোৱা আৰু তেওঁৰ পুত্ৰৰ বিষয়ে জানিব লাগিব, তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু তেওঁলোকৰ আজ্ঞা পালন কৰিব লাগিব। মৃত ব্যক্তিজনে এইদৰে কৰিব নোৱাৰে বা এজন জীৱিত ব্যক্তিও তেওঁৰ বাবে এইদৰে কৰিব নোৱাৰে।—উপ. ৯:৫, ১০; যোহ. ৪:১; ১ কৰি. ১:১৪-১৬.
তেনেহʼলে ১ কৰিন্থীয়া ১৫:২৯ পদত পৌলে কি কʼব বিচাৰিছে?
কৰিন্থৰ কিছুমান খ্ৰীষ্টানে কৈছিল যে মৃত লোকসকলক জীৱিত কৰা নহʼব। (১ কৰি. ১৫:১২) তেওঁলোকৰ চিন্তাধাৰাক ভুল বুলি প্ৰমাণ কৰিবলৈ পৌলে এইদৰে কৈছিল। পৌলে কৈছিল যে তেওঁ “ঘন্টাই ঘন্টাই সঙ্কটত” পৰে অৰ্থাৎ পদে পদে তেওঁৰ জীৱন বিপদত আছিল। তথাপি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যদি তেওঁৰ মৃত্যুও হৈ যায়, তেনেহʼলে ঈশ্বৰে তেওঁক পুনৰুত্থান কৰিব আৰু যীচুক স্বৰ্গত জীৱন দিয়াৰ দৰে তেওঁকো দিব।—১ কৰি. ১৫:৩০-৩২, ৪২-৪৪.
কৰিন্থৰ খ্ৰীষ্টানসকলে মনত ৰখা উচিত আছিল যে অভিষিক্ত হোৱাৰ বাবে তেওঁলোকেও প্ৰতিদিনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব আৰু মৃত্যু হোৱাৰ পাছতহে তেওঁলোকৰ পুনৰুত্থান হʼব। যদি তেওঁলোকে “খ্ৰীষ্ট যীচুৰ উদ্দেশে বাপ্তাইজিত” হৈছিল, তেন্তে ‘তেওঁৰ মৃত্যুৰ উদ্দেশেও বাপ্তাইজিত’ হৈছিল। (ৰোম. ৬:৩) ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টান হিচাপে তেওঁলোকে বহুতো সমস্যা ভুগিব লাগিব আৰু মৃত্যু হʼব লাগিব। তাৰ পাছতহে স্বৰ্গত জীৱন লাভ কৰিব।
পানীত বাপ্তিষ্মা লোৱাৰ প্ৰায় দুবছৰৰ পাছত যীচুৱে নিজৰ দুজন পাঁচনিক কৈছিল, “মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হবা।” (মাৰ্ক ১০:৩৮, ৩৯) যীচুৱে ইয়াত পানীত বাপ্তিষ্মা লোৱাৰ বিষয়ে কোৱা নাছিল। তেওঁ এয়া কৈছিল যে তেওঁলোকে গোটেই জীৱন ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব লাগিব আৰু শেষত মৃত্যু হʼব লাগিব। পৌলে লিখিছিল যে অভিষিক্ত লোকসকলে ‘খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হবলৈ, তেৱেঁ সৈতে দুখভোগ’ কৰিব লাগিব। (ৰোম. ৮:১৬, ১৭; ২ কৰি. ৪:১৭) খ্ৰীষ্টৰ সৈতে গৌৰৱাম্বিত হʼবলৈ অৰ্থাৎ স্বৰ্গত জীৱন লাভ কৰিবলৈ তেওঁলোকে মৃত্যু হʼব লাগিব।
এই সকলো কথা মনত ৰাখি ১ কৰিন্থীয়া ১৫:২৯ পদটো সঠিকভাৱে এইদৰে অনুবাদ কৰিব পাৰি: “তেনেহʼলে মৃত্যুৰ বাবে বাপ্তিষ্মা লোৱা লোকসকলৰ কি হʼব? যদি মৃত লোকসকলক জীৱিত কৰা নহʼব, তেনেহʼলে তেওঁলোকে মৃত্যুৰ বাবে কিয় বাপ্তিষ্মা লয়?”