পাঠকসকলৰ প্ৰশ্ন
হিতোপদেশ ২৪:১৬ পদত লিখা আছে, “ধাৰ্ম্মিক লোক সাত বাৰ পৰিও আকৌ উঠে।” ইয়াৰ অৰ্থ এয়া নেকি যে এজন ব্যক্তিয়ে বাৰে বাৰে পাপ কৰিলেও ঈশ্বৰে তেওঁক ক্ষমা কৰি দিব?
এই পদত ‘পৰি’ যোৱাৰ অৰ্থ পাপ কৰা নহয়। ইয়াৰ অৰ্থ হৈছে এজন ধাৰ্ম্মিক ব্যক্তিয়ে বাৰে বাৰে সমস্যাৰ সন্মুখীন হোৱাৰ সত্ত্বেও নিজকে চম্ভালি লোৱা। এই অৰ্থত তেওঁ পৰিও পুনৰ উঠিব।
ইয়াৰ ওপৰ-তল পদবোৰলৈ মন কৰক: “হেৰ দুষ্ট মানুহ, ধাৰ্ম্মিকৰ নিবাসৰ বিৰুদ্ধে খাপ দি নাথাকিবি, আৰু তেওঁৰ আশ্ৰম নষ্ট নকৰিবি; কিয়নো ধাৰ্ম্মিক লোক সাত বাৰ পৰিও আকৌ উঠে, কিন্তু দুষ্টবোৰ আপদত পৰি বিনষ্ট হয়। তোমাৰ শত্ৰুৰ পতনত আনন্দ নকৰিবা, আৰু সি উজুটি খোৱাত, তোমাৰ মন উল্লাসিত নহওক।”—হিতো. ২৪:১৫-১৭.
কিছুমান লোকে ভাবে যে ১৬ পদৰ অৰ্থ হৈছে, এজন ব্যক্তিয়ে পাপ কৰিলেও যদি তেওঁ অনুতাপ কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক গ্ৰহণ কৰিব। ব্ৰিটেইনৰ দুজন ধৰ্মগুৰুৱে এইদৰে লিখিছে, “প্ৰাচীন সময়ৰ আৰু বৰ্তমান সময়ৰ ধৰ্মগুৰুৱে এই পদৰ অৰ্থ এইদৰেই বুজাইছে।” এই ধৰ্মগুৰুসকলে এয়াও লিখছে যে যদি এই পদৰ অৰ্থ এয়াই হয়, তেনেহʼলে ‘এজন ধাৰ্ম্মিক ব্যক্তিয়ে যিমানেই ডাঙৰ-ডাঙৰ পাপ নকৰক কিয়, ইয়ে কোনো অৰ্থ নাৰাখে। যদি তেওঁ অনুতাপ কৰে আৰু ঈশ্বৰক প্ৰেম কৰি থাকে, তেন্তে ঈশ্বৰে তেওঁৰ ওপৰত দয়া দেখুৱাব। এইদৰে সেই ব্যক্তিজন পুনৰ উঠিব।’ এই কথা হয়তো সেই লোকসকলক ভাল লাগিব, যিসকলে বেয়া ইচ্ছাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰে। তেওঁলোকে হয়তো ভাবে যে তেওঁলোকে বাৰে বাৰে পাপ কৰি থাকিলেও ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিব।
কিন্তু ১৬ পদৰ অৰ্থ এয়া নহয়।
যি হীব্ৰু শব্দৰ অনুবাদ ১৬ আৰু ১৭ পদত ‘পৰি’ বুলি কৰা হৈছে, তাৰ অৰ্থ কিছুমান পদত সঁচাকৈ পৰি যোৱাক বুজাইছে। যেনে, গৰু ৰাস্তাত পৰি আছে, ব্যক্তিজন ছাদৰপৰা পৰিল বা এটি ক্ষুদ্ৰ ধান মাটিত পৰিছে। (দ্বিতী. ২২:৪, ৮; আমো. ৯:৯) কিছুমান পদত এই শব্দটোৱে লাক্ষণিক অৰ্থ বুজায়। যেনে, এই পদলৈ মন কৰক: “যিহোৱাৰ দ্বাৰাই মানুহৰ গতি স্থিৰ কৰা হয়, আৰু তেওঁ তাৰ পথত সন্তোষ পায়। যদিও সি পৰে, তথাপি নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাই তাৰ হাতত ধৰিছে।”—গীত. ৩৭:২৩, ২৪; হিতো. ১১:৫; ১৩:১৭; ১৭:২০.
কিন্তু প্ৰফেচৰ এডৱাৰ্ড এইচ. প্লামটেয়ে এইদৰে কৈছে, “কোনো পদত এই হীব্ৰু শব্দৰ অৰ্থ পাপ কৰা বুলি নাই।” এই কথা মনত ৰাখি আন এজন বিদ্বানে ১৬ পদৰ অৰ্থ এইদৰে বুজাইছে, “ঈশ্বৰৰ লোকসকলৰ ওপৰত যিমানেই তাড়না দিয়া নহওক কিয়, একো লাভ নাই। তেওঁলোকে নিজকে চম্ভালি লয়। কিন্তু দুষ্ট লোকে নিজকে চম্ভালিব নোৱাৰে।”
এই সকলো কথাৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে হিতোপদেশ ২৪:১৬ পদত পাপ কৰাৰ কথা উল্লেখ নাই। ইয়াৰ অৰ্থ হৈছে, এজন ব্যক্তিৰ জীৱনত ডাঙৰ ডাঙৰ সমস্যা, দুখ-কষ্ট আহিব পাৰে আৰু এয়া কেইবাবাৰো আহিব পাৰে। হয়তো দুষ্ট জগতত তেওঁ কোনো বেমাৰ বা সমস্যাৰ সন্মুখীন হʼব পাৰে। অথবা যিহোৱাৰ উপাসনা কৰাৰ বাবে চৰকাৰে তেওঁৰ ওপৰত তাড়না দিয়ে। কিন্তু তেওঁ ভৰসা ৰাখিব পাৰে যে যিহোৱাই তেওঁক সহায় কৰিব আৰু সেইবোৰ তেওঁ পাৰ কৰিব পাৰিব। আমি নিজেই দেখিছোঁ যে ঈশ্বৰৰ সেৱকসকলে বহুতো সমস্যাৰ সন্মুখীন হয়। কিন্তু পাছত সকলো ঠিক হৈ যায়। আমি এই কথাৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ যে “যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।”—গীত. ৪১:১-৩; ১৪৫:১৪-১৯.
‘ধাৰ্ম্মিক লোকৰ’ বিষয়ে আৰু এটা কথা মন কৰিবলগীয়া। আনক সমস্যাত পৰা দেখিলে তেওঁলোকে আনন্দিত নহয়। তেওঁলোকে জানে যে “ঈশ্বৰৰ যি ভয়কাৰী লোকবিলাকে তেওঁৰ সাক্ষাতে ভয় ৰাখে, তেওঁবিলাকৰ মঙ্গল হব।”—উপ. ৮:১১-১৩; ইয়ো. ৩১:৩-৬; গীত. ২৭:৫, ৬.