Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৯

আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

‘তুমি নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’—লেবী. ১৯:১৮.

গীত ১০৯ হৃদয়েৰে প্ৰেম কৰা

লেখৰ এক আভাস *

১-২. (ক) আগৰ লেখত আমি কি শিকিছিলোঁ? (খ) এই লেখত আমি কি শিকিম?

আগৰ লেখত আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰপৰা বহুতো কথা শিকিলোঁ। উদাহৰণস্বৰূপে, ৩ পদত যিহোৱাই ইস্ৰায়েলীসকলক কৈছিল যে তেওঁলোকে পিতৃ-মাতৃক সন্মান কৰা উচিত। ইয়াৰপৰা আমি শিকিলোঁ যে আমি নিজৰ পিতৃ-মাতৃৰ প্ৰয়োজনীয় বস্তুবোৰ আনি দিয়া উচিত, তেওঁলোকক উৎসাহিত কৰা উচিত আৰু যিহোৱাৰ কাষ চাপিবলৈ তেওঁলোকক সহায় কৰা উচিত। ৩ পদত এয়াও কোৱা হৈছিল যে ইস্ৰায়েলীসকলে বিশ্ৰাম দিন পালন কৰা উচিত। যদিও আজি আমি এই নিয়ম পালন নকৰোঁ, কিন্তু ইয়াৰপৰা আমি শিকিলোঁ যে আমি প্ৰতিদিনে যিহোৱাৰ উপাসনা কৰিবলৈ অলপ সময় ওলোৱা উচিত। যদি আমি এইদৰে কৰিম, তেনেহʼলে লেবীয়া পুস্তক ১৯:২ আৰু ১ পিতৰ ১:১৫ পদত কোৱাৰ দৰে আমি পবিত্ৰ হʼব পাৰিম।

এই লেখত আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰপৰা আৰু কিছুমান কথা শিকিম। আমি শিকিম যে আমি কেনেকৈ বিকলাংগ অৰ্থাৎ শাৰীৰিকভাৱে অক্ষম হোৱা লোকসকলক দয়া দেখুৱাব পাৰোঁ, ব্যৱসায়ত বিশ্বাসী হʼব পাৰোঁ আৰু আনক প্ৰেম কৰিব পাৰোঁ। যদি আমি এই সকলো কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ দৰে পবিত্ৰ হʼব পাৰিম।

বিকলাংগ লোকসকলক দয়া দেখুৱাওক

লেবীয়া পুস্তক ১৯:১৪ পদৰ অনুসৰি আমি বিকলাংগ লোকসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত? (অনুচ্ছেদ ৩-৫ চাওক) *

৩-৪. লেবীয়া পুস্তক ১৯:১৪ পদৰ অনুসৰি ইস্ৰায়েলীসকলে বিকলাংগ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগিছিল?

লেবীয়া পুস্তক ১৯:১৪ পঢ়ক। ইস্ৰায়েলীসকলে বিকলাংগ লোকসকলক দয়া দেখুৱাটো যিহোৱাই বিচাৰিছিল। উদাহৰণস্বৰূপে, যিহোৱাই ইস্ৰায়েলীসকলক কাণেৰে নুশুনা লোকসকলক শাও নিদিবলৈ অৰ্থাৎ তেওঁলোকক ডাবি-ধমকি নিদিবলৈ আৰু তেওঁলোকৰ বিষয়ে বেয়াকৈ কʼবলৈ মানা কৰিছিল। চিন্তা কৰক তেওঁলোকে এইদৰে কৰা হʼলে কিমান বেয়া হʼলহেঁতেন। কিয়নো কাণেৰে নুশুনা ব্যক্তিয়ে তেওঁক কি কোৱা হৈছে শুনিব নোৱাৰিছিল। সেইবাবে, তেওঁ উত্তৰত একো কʼব নোৱাৰিছিল।

ইয়াৰ উপৰিও ১৪ পদত এয়াও লিখা আছে যে ইস্ৰায়েলীসকলে কোনো এজন অন্ধৰ “আগত উজুটি খোৱা মুড়া” থʼব নালাগিছিল। এখন কিতাপত কোৱা হৈছে, “প্ৰাচীন মধ্যপূব দিশত বিকলাংগ লোকসকলৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছিল।” কিছুমান লোকসকলে হয়তো অন্ধলোকসকলক হানি কৰিবলৈ বা তেওঁলোকৰ ঠাট্টা কৰিবলৈ সঁচাকৈ ৰাস্তাত উজুটি খোৱাৰ বাবে মুড়া থৈ দিছিল। তেওঁলোক কিমান নিৰ্দয় আছিল। যিহোৱাৰ এই আজ্ঞাৰপৰা ইস্ৰায়েলীসকলে বুজি পাইছিল যে তেওঁলোকে বিকলাংগ লোকসকলক দয়া দেখুৱা উচিত।

৫. আমি বিকলাংগ লোকসকলক কেনেকৈ দয়া দেখুৱাব পাৰোঁ?

যীচুৱে বিকলাংগ লোকসকলক দয়া দেখুৱাইছিল। এবাৰ তেওঁ যোহন বাপ্তাইজক এই বাৰ্তা দিছিল, “অন্ধই চকু পুণৰায় পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে।” (লূক ৭:২০-২২) যীচুৰ এই আচৰিত কৰ্মৰ বাবে “সকলো মানুহে তাকে দেখি ঈশ্বৰৰ স্তুতি কৰিলে।” (লূক ১৮:৪৩) আজি যীচুৰ নিচিনা আমিও বিকলাংগ লোকসকলক দয়া দেখুৱাওঁ, তেওঁলোকৰ লগত প্ৰেম আৰু ধৈৰ্য্যৰে ব্যৱহাৰ কৰোঁ। যদিও আমি আচৰিত কৰ্ম কৰি তেওঁলোকৰ দুখ-কষ্ট দূৰ কৰিব নোৱাৰোঁ, কিন্তু তেওঁলোকক আহিবলগীয়া নতুন পৃথিৱীৰ বিষয়ে জনাব পাৰোঁ, যʼত তেওঁলোকে সম্পূৰ্ণৰূপে সুস্থ হৈ পৰিব। আমি এই শুভবাৰ্তা অন্ধলোকসকলক জনোৱাৰ লগতে সেই লোকসকলকো জনাওঁ, যিসকলে আজি আধ্যাত্মিকভাৱে অন্ধ হৈ পৰিছে। (লূক ৪:১৮) ঈশ্বৰৰ এই শুভবাৰ্তাৰ বাবে আজি বহুতোলোকে যিহোৱাৰ প্ৰশংসা কৰি আছে।

ব্যৱসায়ত বিশ্বাসী হওক

৬. লেবীয়া পুস্তক ১৯ অধ্যায়ৰ কিছুমান পদত কি উল্লেখ কৰা হৈছে?

যিহোৱাই ইস্ৰায়েলীসকলক যি দহটা আজ্ঞা দিছিল, সেই আজ্ঞাবোৰৰ বিষয়ে লেবীয়া পুস্তক ১৯ অধ্যায়ৰ কিছুমান পদত উল্লেখ আছে। উদাহৰণস্বৰূপে, অষ্টম আজ্ঞা আছিল “তুমি চুৰ নকৰিবা।” (যাত্ৰা. ২০:১৫) এজন ইস্ৰায়েলীয়ে হয়তো ভাবিব পাৰিলেহেঁতেন যে যদি তেওঁ কাৰোবাৰ বস্তু লোৱা নাই, তেনেহʼলে তেওঁ এই আজ্ঞা পালন কৰিছে। কিন্তু তেওঁ হয়তো আন কিবা উপায়েৰে চুৰ কৰিব পাৰে।

৭. এজন বেপাৰীয়ে কি কৰিলে অষ্টম আজ্ঞা পালন নকৰাৰ দৰে হʼব?

এজন বেপাৰীয়ে হয়তো কেতিয়াও আনৰ বস্তু চুৰ নকৰে। কিন্তু ব্যৱসায় কৰাৰ সময়ত তেওঁ এই কথাটো মনত ৰাখেনে? লেবীয়া পুস্তক ১৯: ৩৫, ৩৬ পদত যিহোৱাই এইদৰে কৈছে, “তোমালোকে বিচাৰত, পৰিমাণত, বা ওজনত বা দ্ৰৱ দ্ৰব্যৰ জোখত অন্যায় নকৰিবা, তোমালোকে ঠিক পাল্লা, ঠিক ডগা, ঠিক ঐফা, আৰু ঠিক হীন ৰাখিবা।” যদি এজন বেপাৰীয়ে আনক ঠগিবলৈ সঠিক ডগা-পাল্লাৰ ব্যৱহাৰ নকৰে, তেনেহʼলে তেওঁ চুৰ কৰাৰ নিচিনাই হʼব। এই অধ্যায়ৰ আন পদবোৰতো ইয়াৰ বিষয়েই কোৱা হৈছে।

লেবীয়া পুস্তক ১৯:১১-১৩ পদৰ অনুসৰি ব্যৱসায় কৰা খ্ৰীষ্টানে কি কি কথা মনত ৰখা উচিত? (অনুচ্ছেদ ৮-১০ চাওক) *

৮. (ক) লেবীয়া পুস্তক ১৯:১১-১৩ পদটো পঢ়ি যিহূদীসকলে অষ্টম আজ্ঞাৰ বিষয়ে কি বুজি পাইছিল? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

লেবীয়া পুস্তক ১৯:১১-১৩ পঢ়ক। লেবীয়া পুস্তক ১৯:১১ পদৰ আৰম্ভণিত লিখা আছে, “তোমালোকে চুৰ নকৰিবা” আৰু ১৩ পদত লিখা আছে, “তুমি লোকক অত্যাচাৰ নকৰিবা” এই পদবোৰৰপৰা বুজিব পাৰি যে চাকৰি বা কামত বিশ্বাসঘাত কৰাটো চুৰ কৰাৰ দৰে হয়। অষ্টম আজ্ঞাত কেৱল ইমানে লিখা আছে যে তুমি চুৰ নকৰিবা। কিন্তু যিহূদীসকলে তাৰ আঁৰত থকা সিদ্ধান্তটো লেবীয়া পুস্তকৰ এই পদবোৰৰপৰা বুজিব পাৰিছিল। সেই সিদ্ধান্তটো আছিল তেওঁলোকে সকলো বিষয়ত বিশ্বসী হৈ থকা উচিত। লেবীয়া পুস্তক ১৯:১১-১৩ পদৰপৰা আমি শিকোঁ যে বিশ্বাসঘাত আৰু চুৰ কৰাৰ বিষয়ে যিহোৱাৰ দৃষ্টভংগী কি। সেইবাবে, আমি নিজকে এইদৰে সুধা উচিত, ‘মই চাকৰি বা ব্যৱসায়ত বিশ্বাসী হৈ থকোঁনে? বা মই কিবা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে?’

৯. লেবীয়া পুস্তক ১৯:১৩ পদত কোৱা কথাৰপৰা শ্ৰমিকসকলৰ কেনেকৈ লাভ হৈছিল?

যদি এজন খ্ৰীষ্টানে ব্যৱসায় কৰে, তেনেহʼলে তেওঁ লেবীয়া পুস্তক ১৯ অধ্যায়ৰপৰা বিশ্বাসী হৈ থকাৰ বিষয়ে আৰু এটা কথা শিকিব পাৰে। ১৩ পদত এইদৰে লিখা আছে, তোমালোকে “বেচলৈ কাম কৰা চাকৰৰ বেচ ৰাতিপূৱালৈকে ওৰে ৰাতি নাৰাখিবা।” ইস্ৰায়েলত বেছিভাগ লোক খেতিয়ক আছিল আৰু তেওঁলোকে নিজৰ পথাৰত কাম কৰিবলৈ শ্ৰমিকক ৰাখিছিল। তেওঁলোকে সেই শ্ৰমিকসকলক দিনৰ শেষত হাজিৰা দিবলগীয়া হৈছিল। যদি এজন খেতিয়কে নিজৰ শ্ৰমিকক হাজিৰা নিদিয়ে, তেনেহʼলে সেই দিনাখন সেই শ্ৰমিকৰ পৰিয়ালে ভোকত থাকিব। যিহোৱাই এই কথা ভালদৰে জানিছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল, “সি দুখীয়া আৰু সেই ধনত তাৰ প্ৰাণ লাগি আছে।”—দ্বিতী. ২৪:১৪, ১৫; মথি ২০:৮.

১০. লেবীয়া পুস্তক ১৯:১৩ পদৰপৰা আমি কি শিকিব পাৰোঁ?

১০ আজি বহুতোলোকে মাহত এবাৰ বা দুবাৰ দৰমহা পাই। কিন্তু লেবীয়া পুস্তকৰ ১৯:১৩ পদত যি সিদ্ধান্ত দিয়া হৈছে সেয়া আজিও অতি প্ৰয়োজন হয়। কিছুমান মালিকে জানে যে তেওঁলোকৰ শ্ৰমিকৰ বাবে চাকৰিটো অতি প্ৰয়োজন। সেইবাবে, তেওঁলোকে এই কথাৰ সুযোগ লৈ শ্ৰমিকসকলক কম পইচাত বেছি কাম কৰায়। এইদৰে কৰি তেওঁলোকে শ্ৰমিকসকলৰ ‘বেচ নিজৰ ওচৰত’ ৰাখে। এজন খ্ৰীষ্টানে ধ্যান দিয়া উচিত যে তেওঁ নিজৰ কৰ্মচাৰীৰ লগত যাতে এইদৰে নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে যি পৰিশ্ৰম কৰিছে, তাৰ দৰমহা তেওঁলোকক দিয়ে। এতিয়া আহক আমি লেবীয়া পুস্তকৰপৰা আৰু কিছুমান কথা শিকোঁ।

নিজৰ নিচিনাকৈ আনক প্ৰেম কৰক

১১-১২. যীচুৱে কি কথাৰ ওপৰত বেছি জোৰ দিছিল? (লেবীয়া পুস্তক ১৯:১৭, ১৮)

১১ আমি কেৱল আনৰ হানি নকৰাটোৱে যিহোৱাই বিচাৰে এনে নহয়। তেওঁ আমাৰপৰা আৰু কিবা বিচাৰে। ইয়াৰ বিষয়ে লেবীয়া পুস্তক ১৯:১৭, ১৮ পদত কোৱা হৈছে। (পঢ়ক।) এই পদত যিহোৱাই স্পষ্টকৈ কৈছে যে “নিজ ওচৰ-চুবুৰিয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” যদি আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ, তেনেহʼলে আমি এই আজ্ঞা পালন কৰিব লাগিব।

১২ যীচুৱেও এই কথাৰ ওপৰত জোৰ দিছিল। এবাৰ এজন ফৰীচীয়ে তেওঁক এইদৰে সুধিছিল, “বিধানৰ কোনটো আজ্ঞা প্ৰথম?” তেতিয়া যীচুৱে কৈছিল, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিতেৰে যিহোৱাক প্ৰেম কৰা, “এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা।” ইয়াৰ পাছত তেওঁ লেবীয়া পুস্তক ১৯:১৮ পদত কোৱা কথাষাৰ কৈছিল, “তাৰে নিচিনা দ্বিতীয়টো এই তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৫-৪০) নিজৰ চুবুৰীয়াক প্ৰেম কৰাৰ বহুতো উপায় আছে। কিছুমান উপায় লেবীয়া পুস্তকৰ ১৯ অধ্যায়ত উল্লেখ আছে।

১৩. লেবীয়া পুস্তক ১৯:১৮ পদত দিয়া পৰামৰ্শ পালন কৰাৰ বিষয়ে আমি যোচেফৰপৰা কি শিকিব পাৰোঁ?

১৩ নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰাৰ এটা উপায়ৰ বিষয়ে লেবীয়া পুস্তক ১৯:১৮ পদত উল্লেখ আছে। তাত এইদৰে লিখা আছে, “তুমি স্বজাতীয়ৰ সন্তানবিলাকৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা।” আপুনিও হয়তো এনে এজন ব্যক্তিৰ বিষয়ে জানে, যিজনে আপোনাৰ লগত কাম কৰে, লগত পঢ়ে বা কোনো বন্ধু বা সম্বন্ধীয় লোকৰ প্ৰতি বহুবছৰলৈকে খং পুহি ৰাখিছে। যোচেফৰ দহজন ভাইয়েকেও তেওঁক হিংসা কৰিছিল, যাৰ বাবে তেওঁলোকে যোচেফৰ লগত বেয়া ব্যৱহাৰ কৰিলে। (আদি. ৩৭:২-৮, ২৫-২৮) কিন্তু যোচেফ তেওঁলোকৰ নিচিনা নাছিল। যেতিয়া তেওঁ এজন ডাঙৰ অধিকাৰী হʼল, তেতিয়া তেওঁ বিচৰা হʼলে প্ৰতিশোধ লʼব পাৰিলেহেঁতেন। কিন্তু যোচেফে তেওঁলোকক দয়া দেখুৱালে আৰু যোচেফে তেওঁলোকৰ প্ৰতি শত্ৰুৰ ভাৱ নাৰাখিলে। মন কৰক তেওঁ সেয়াই কৰিলে, যাৰ বিষয় পাছত লেবীয়া পুস্তক ১৯:১৮ পদত লিখা হʼল।—আদি. ৫০:১৯-২১.

১৪. লেবীয়া পুস্তক ১৯:১৮ পদত দিয়া সিদ্ধান্ত আমি আজিও কিয় পালন কৰা উচিত?

১৪ যদি আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ, তেনেহʼলে আমি যোচেফৰ দৰে আনক ক্ষমা কৰিবলৈ সাজু থকা উচিত আৰু প্ৰতিশোধ লোৱা উচিত নহয়। আদৰ্শ প্ৰাৰ্থনাত যীচুৱে এই কথাই কৈছিল। তেওঁ এইদৰে কৈছিল, ‘ধৰোৱাহঁতক আমি ক্ষমা কৰা উচিত।’ (মথি ৬:৯, ১২) ঠিক সেইদৰে পাঁচনি পৌলে খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা।” (ৰোম. ১২:১৯) তেওঁ এয়াও কৈছিল, “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা।” (কল. ৩:১৩) যিহোৱাৰ সিদ্ধান্ত কেতিয়াও সলনি নহয়। সেইবাবে, আমি লেবীয়া পুস্তক ১৯:১৮ পদত দিয়া সিদ্ধান্ত আজিও পালন কৰা উচিত।

যিদৰে ঘাটো বাৰে বাৰে চুলে ডাঙৰ হৈ যায়, ঠিক সেইদৰে আনৰ ভুলবোৰৰ বিষয়ে ভাবি থাকিলে আমাৰে হানি হʼব। সেইবাবে, সেইবোৰ পাহৰি যোৱা উচিত (অনুচ্ছেদ ১৫ চাওক) *

১৫. আমি কিয় আনৰ ভুলবোৰ ক্ষমা কৰি পাহৰি যোৱা উচিত? উদাহৰণ দি বুজাওক।

১৫ আমি লেবীয়া পুস্তক ১৯:১৮ পদত দিয়া পৰামৰ্শ কিয় পালন কৰা উচিত। ইয়াক বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ। ধৰি লওক, শাক-পাচলি কটাৰ সময়ত আপোনাক আঙুলি কাটিলে। আপোনাক হয়তো আঙুলিটো বিষাই আছে। কিন্তু এই বিষ বেছি দিনলৈকে নাথাকে। এদিন বা দুদিনৰ পাছত আপুনি পাহৰি যায় যে আপোনাৰ আঙুলি কাটিছিল। ঠিক সেইদৰে আপোনাৰ বন্ধুৱে হয়তো এনে কিবা কথা কʼব পাৰে বা এনে কিবা কাম কৰিব পাৰে, যাৰ বাবে আপুনি আঘাত পাব পাৰে। কিন্তু কথাটো ইমান ডাঙৰ নোহোৱাৰ বাবে আপুনি তেওঁক ক্ষমা কৰিলে। এতিয়া ধৰি লওক আপুনি হাতত ডাঙৰকৈ দুখ পাইছে। আপুনি ডাক্তৰৰ ওচৰলৈ যায় আৰু ডাক্তৰে আপোনাৰ দুখ পোৱা ঠাইত চিলাই কৰি বেণ্ডেজ বান্ধি দিয়ে। যদি আপুনি সেই দুখ পোৱা ঠাইত বাৰে বাৰে চুই থাকে, তেনেহʼলে সেই ঘাটো আৰু ডাঙৰ হʼব পাৰে। ঠিক সেইদৰে কোনোবাই হয়তো আপোনাক বহুত আঘাত দিছে। এনে পৰিস্থিতিত যদি আপুনি বাৰে বাৰে তাৰ বিষয়ে চিন্তা কৰি থাকে, তেনেহʼলে ইয়াৰপৰা আপোনাৰে হানি হʼব। সেইবাবে, লেবীয়া পুস্তক ১৯:১৮ পদত দিয়া পৰামৰ্শটো পালন কৰিলে আপোনাৰে লাভ হʼব।

১৬. (ক) লেবীয়া পুস্তক ১৯:৩৩, ৩৪ পদৰ অনুসৰি ইস্ৰায়েলীসকলে বিদেশীৰ লগত কেনেকৈ ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছিল? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

১৬ যেতিয়া যিহোৱাই ইস্ৰায়েলীসকলক নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰিবলৈ আজ্ঞা দিছিল, তেতিয়া তেওঁ কেৱল আন ইস্ৰায়েলীসকলৰ বিষয়ে কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে ইস্ৰায়েলীসকলৰ মাজত থকা বিদেশীসকলৰ বিষয়েও যিহোৱাই কৈছিল। এই কথাষাৰ লেবীয়া পুস্তক ১৯:৩৩, ৩৪ পদৰপৰা স্পষ্টকৈ বুজিব পাৰি। (পঢ়ক।) ইস্ৰায়েলীসকলে নিজৰ ইস্ৰায়েলী ভাইসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল আৰু যিদৰে “প্ৰেম” কৰিছিল, ঠিক সেইদৰে বিদেশীৰ লগতো কৰাৰ প্ৰয়োজন আছিল। উদাহৰণস্বৰূপে, তেওঁলোকে বিদেশী আৰু দুখীয়াসকলক নিজৰ পথাৰত শষ্য বুটলিবলৈ দিয়াৰ প্ৰয়োজন আছিল। (লেবী. ১৯:৯, ১০) লেবীয়া পুস্তক ১৯:৩৩, ৩৪ পদৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। (লূক ১০:৩০-৩৭) বৰ্তমান সময়তো লাখ লাখ লোকে নিজৰ দেশ এৰি আন দেশত থাকে। হয়তো আপোনাৰ এলেকাতো এনে লোকসকল আছে। আমি তেওঁলোকৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰা উচিত।

আটাইতকৈ গুৰুত্বপূৰ্ণ কাম

১৭-১৮. (ক) লেবীয়া পুস্তক ১৯:২ আৰু ১ পিতৰ ১:১৫ পদৰপৰা আমি কি শিকিব পাৰোঁ? (খ) পিতৰে কি গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আমাৰ উৎসাহিত কৰিছিল?

১৭ লেবীয়া পুস্তক ১৯:২ আৰু ১ পিতৰ ১:১৫ পদৰপৰা জানিব পাৰি যে আমি পবিত্ৰ হৈ থকাটো যিহোৱাই বিচাৰে। আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰ কিছুমান পদৰপৰা শিকিলোঁ যে যিহোৱাক আনন্দিত কৰিবলৈ আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয়। এই অধ্যায়ৰ আন পদবোৰৰ পৰাও ইয়াৰ বিষয়ে আমি বহুতো কথা শিকিব পাৰোঁ। * ইয়াৰ উপৰিও খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ পদবোৰৰপৰাও এয়া জানিব পাৰি যে বৰ্তমান সময়তো আমি এই সিদ্ধান্তবোৰ পালন কৰাটো যিহোৱাই বিচাৰে। পাঁচনি পিতৰে আৰু এটা কথা কৈছে।

১৮ আমি হয়তো যিহোৱাৰ উপাসনা কৰোঁ আৰু ভাল কাম কৰোঁ। কিন্তু পিতৰে এটা কামৰ ওপৰত বেছিকৈ জোৰ দিছিল, যাৰপৰা লোকসকলৰ বেছিকৈ লাভ হয়। তোমালোক সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হোৱা, এই কথাষাৰ কোৱাৰ পাছত পিতৰে এইদৰে কৈছিল, কঠিন পৰিশ্ৰম কৰিবলৈ “মনৰ ককাঁল” বান্ধা। (১ পিত. ১:১৩, ১৫) আমি কি কামৰ কাৰণে কঠিন পৰিশ্ৰম কৰিব লাগিব? পিতৰে কৈছিল যে খ্ৰীষ্টৰ অভিষিক্ত ভাইসকলে গোটেই পৃথিৱীত ‘ঈশ্বৰৰ সদগুণ’ অৰ্থাৎ মহান গুণবোৰৰ বিষয়ে ঘোষণা কৰিব। (১ পিত. ২:৯) আজি এই গুৰুত্বপূৰ্ণ কামত আমি তেওঁলোকক সহায় কৰোঁ। আমি উৎসাহেৰে প্ৰচাৰ কৰোঁ আৰু লোকসকলক শিকাওঁ। (মাৰ্ক ১৩:১০) সঁচাকৈ, যিহোৱাৰ পবিত্ৰ লোক হিচাপে আমি কিমান ডাঙৰ সন্মান লাভ কৰিছোঁ। যেতিয়া আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰ সিদ্ধান্তবোৰ পালন কৰিবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি ঈশ্বৰ আৰু নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰোঁ আৰু আমি এয়াও দেখুৱাওঁ যে আমি নিজৰ আচাৰ-ব্যৱহাৰত পবিত্ৰ হʼব বিচাৰোঁ।

গীত ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ

^ অনু. 5 আজি আমি সত্য খ্ৰীষ্টানে মোচিৰ নিয়মৰ অধীনত নাই, কিন্তু এই নিয়মৰপৰা আমি শিকিব পাৰোঁ যে আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয়। এই নিয়মবোৰ পালন কৰাৰ যোগেদি আমি আনক প্ৰেম কৰিব পাৰিম আৰু ঈশ্বৰৰক আনন্দিত কৰিব পাৰিম। এই লেখত আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰ কিছুমান কথাৰ ওপৰত আলোচনা কৰিম।

^ অনু. 17 লেবীয়া পুস্তক ১৯ অধ্যায়ৰ আন পদবোৰতো পক্ষপাত কৰা, বদনাম কৰা, তেজ খোৱা, যাদু-বিদ্যা কৰা ভৱিষ্যতৰ বিষয়ে কোৱা লোকসকলক সোধা আৰু অনৈতিক কামৰ বিষয়ে উল্লেখ কৰা হৈছে।—লেবী. ১৯:১৫, ১৬, ২৬-২৯, ৩১.—এই প্ৰহৰীদূৰ্গত পাঠকসকলৰ প্ৰশ্ন পঢ়ক।

^ অনু. 52 ছবিৰ বিষয়ে: এজন ভায়ে ডাক্তৰৰ লগত কথা পাতিবলৈ কাণেৰে নুশুনা ভাইজনক সহায় কৰি আছে।

^ অনু. 54 ছবিৰ বিষয়ে: এজন ভায়ে ৰং মৰাৰ কাম কৰে। তেওঁ নিজৰ কৰ্মচাৰীক তেওঁৰ দৰমহা দিছে।

^ অনু. 56 ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে সৰু দুখ পাইছিল বুলি পাহৰি গৈছিল। কিন্তু ডাঙৰকৈ দুখ পোৱা ঘাটো তাই পাহৰি যাবনে?