Skip to content

Skip to table of contents

আপুনি জানেনে?

আপুনি জানেনে?

মৰ্দখয় নামৰ ব্যক্তিজন সঁচাকৈ আছিলনে?

বাইবেলত ইষ্টেৰ নামৰ কিতাপখনত মৰ্দখয় নামৰ ব্যক্তিজনৰ নাম বহু বাৰ উল্লেখ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ আৰম্ভণিত যেতিয়া পাৰস্যত ৰজা অহচ্‌বেৰোচে শাসন কৰিছিল, তেতিয়া মৰ্দখয় ৰাজ মহলত কাম কৰিছিল। (আজি বহুতো লোকে বিশ্বাস কৰে যে ৰজা অহচ্‌বেৰোচ আচলতে ক্ষয়ৰ্চ প্ৰথম আছিল।) মৰ্দখয় এজন যিহূদী আছিল আৰু তেওঁক যিৰূচালেমৰ পৰা বন্দী কৰি অনা হৈছিল। এবাৰ কিছুমান লোকে ৰজা অহচ্‌বেৰোচক হত্যা কৰিবলৈ ষড়ষন্ত্ৰ কৰিছিল। ইয়াৰ বিষয়ে যেতিয়া মৰ্দখয় গম পালে, তেতিয়া তেওঁ লগে লগে ৰজাক জনালে। ৰজা তেওঁৰ পৰা আনন্দিত হʼল আৰু সকলোকে মৰ্দখয়ক সন্মান কৰিবলৈ ঘোষণা কৰিলে। কিছু সময়ৰ পাছত হামান নামৰ আৰু এজন ব্যক্তিয়ে পাৰস্য ৰাজ্যত যিমান যিহূদী আছিল, সকলোকে ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু তেওঁ এই ষড়যন্ত্ৰত সফল নহʼল আৰু তেওঁক মাৰি পেলোৱা হʼল। তাৰ পাছত ৰজাই মৰ্দখয়ক প্ৰধানমন্ত্ৰী বনালে আৰু মৰ্দখয়ে ৰজাৰ নামেৰে আৰু তেওঁৰ আঙুঠিৰে মোহৰ মৰা পত্ৰ তৈয়াৰ কৰিলে আৰু ইয়াৰ পৰা যিহূদীসকলৰ জীৱন ৰক্ষা পৰিল।—ইষ্টে. ১:১; ২:৫, ২১-২৩; ৮:১, ২; ৯:১৬.

২০ শতিকাৰ আৰম্ভণিতে কিছুমান ইতিহাসবিদে কৈছিল যে ইষ্টেৰ নামৰ কিতাপখনত যিবোৰ কথা লিখা আছে, সেয়া কেৱল কাহিনীহে হয় আৰু মৰ্দখয় নামৰ কোনো ব্যক্তি নাছিল। কিন্তু ১৯৪১ চনত যেতিয়া অনুসন্ধানকাৰীসকলে খনন কৰিলে, তেতিয়া তেওঁলোকে এনে এটা বস্তু পালে যাৰ পৰা প্ৰমাণ হʼল যে বাইবেলত লিখা কথাবোৰ সঁচা হয় আৰু মৰ্দখয় নামৰ ব্যক্তিজনো সঁচাকৈ আছিল। তেওঁলোকেনো কি বিচাৰি পাইছিল?

সেই অনুসন্ধানকাৰীসকলে এখন মাটিৰ ফলি পালে যʼত মৰদুকা নামৰ এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰা আছিল (অসমীয়াত মৰ্দখয়) আৰু তাত কোৱা হৈছিল যে তেওঁ চূচনত এজন অধিকাৰী আছিল আৰু হয়তো হিচাপ-কিতাপ ৰখাৰ কাম কৰিছিল। মন কৰক এই ফলিৰ বিষয়ে সেই এলেকাৰ ইতিহাস বিশেষজ্ঞ আৰ্থৰ ওগনাদে এইদৰে কৈছিল, ‘এতিয়ালৈকে আমি কেৱল বাইবেলতহে মৰ্দখয়ৰ নাম পঢ়িবলৈ পাইছিলোঁ, কিন্তু প্ৰথমবাৰ আমি আন ঠাইতো তেওঁৰ নাম পঢ়িবলৈ পালোঁ।’

পাছত অনুসন্ধানকাৰীসকলে এনে হাজাৰ হাজাৰ ফলি পালে আৰু তাত লিখা কথাবোৰ অনুবাদ কৰা হʼল। উদাহৰণস্বৰূপে, যেতিয়া তেওঁলোকে পৰচে-পʼলিচ চহৰৰ ধ্বংসাৱশেষত খনন কৰিছিল, তেতিয়া তেওঁলোকে নগৰৰ দেৱালৰ ওচৰত ৰাজকীয় মূল্যৱান ৰত্নৰ ধ্বংসাৱশেষত মাটিৰ বহুতো সৰু-সৰু ফলি পালে। এইবোৰ ক্ষয়ৰ্চ প্ৰথমৰ সময়ৰ আছিল আৰু এইবোৰত এলামী ভাষাত কিছুমান কথা লিখা আছে। ইয়াত এনে বহুতো লোকৰ নাম লিখা আছে, যিসকলৰ নাম ইষ্টেৰৰ কিতাপতো পোৱা যায়। a

প্ৰাচীন সময়ৰ কীলাকাৰ লিপিত মৰ্দখয়ৰ (মৰদুকা) নাম

পৰচে-পʼলিচত পোৱা ফলিবোৰত মৰদুকা নামটো বহুতো ঠাইত লিখা আছে। এই ফলিবোৰৰ পৰা জানিব পাৰি যে যেতিয়া ক্ষয়ৰ্চ প্ৰথমে শাসন কৰি আছিল, তেতিয়া মৰদুকা চূচনৰ মহলত এজন শাস্ত্ৰজ্ঞ আছিল। এখন ফলিৰ পৰা এয়াও জানিব পাৰি যে তেওঁ এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিছিল। বাইবেলতো মৰ্দখয়ৰ বিষয়ে ঠিক এইদৰে কোৱা হৈছে। ইষ্টেৰৰ কিতাপখন পঢ়িলে জানিব পাৰি যে তেওঁ ৰজা অহচ্‌বেৰোচৰ (ক্ষয়ৰ্চ প্ৰথম) মহলত এজন দুৱৰী আছিল আৰু তেওঁ কমেও দুটা ভাষা জানিছিল। বাইবেলত এয়াও লিখা আছে যে মৰ্দখয়ে ৰাজদুৱাৰত বহিছিল। (ইষ্টে. ২:১৯, ২১; ৩:৩) ৰাজদুৱাৰ আচলতে এটা ডাঙৰ অট্টালিকা আছিল, যʼত মহলৰ দুৱৰীসকলে কাম কৰিছিল।

পৰচে-পʼলিচৰ ফলিবোৰত যিজন মৰদুকাৰ বিষয়ে কোৱা হৈছে আৰু বাইবেলত যি মৰ্দখয়ৰ বিষয়ে কোৱা হৈছে, সেই দুয়োজনৰ বহুতো কথা মিল আছে। যেনে, তেওঁলোক দুয়োজনে একেটা সময়তে জীয়াই আছিল, একেখন ঠাইতে থাকিছিল, একে ঠাইতে আৰু একেধৰণৰে কাম কৰিছিল। এই সকলো কথাৰ পৰা জানিব পাৰি যে মৰদুকা হয়তো ইষ্টেৰ কিতাপত কোৱা মৰ্দখয়েই আছিল।

a ১৯৯২ চনত প্ৰফেচৰ এডবিন এম. য়ামাউচীয়ে এখন লেখত পৰচে-পʼলিচৰ ফলিত লিখা এনে দহজন ব্যক্তিৰ নাম কʼলে, যিসকলৰ নাম ইষ্টেৰ কিতাপতো লিখা আছে।