Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৭

কোনো কথাই আপোনাক যিহোৱাৰ পৰা আঁতৰ নকৰক

কোনো কথাই আপোনাক যিহোৱাৰ পৰা আঁতৰ নকৰক

“হে যিহোৱা, মই হলে, তোমাত ভাৰসা কৰিছোঁ।”—গীত. ৩১:১৪.

গীত ১২২ থিৰে থাকক!

লেখৰ এক আভাস a

১. যিহোৱাই আমাৰ কাষ চাপিব বিচাৰে বুলি আমি কিয় কʼব পাৰোঁ?

 যিহোৱাই আমাক তেওঁৰ কাষ চাপিবলৈ উৎসাহিত কৰে। (যাকো. ৪:৮) তেওঁ আমাৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু হʼব বিচাৰে। আমি তেওঁলৈ প্ৰাৰ্থনা কৰিলে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। আমি সমস্যাৰ সন্মুখীন হʼলে তেওঁ আমাক সহায়ো কৰে। যিহোৱাই নিজৰ সংগঠনৰ যোগেদি আমাক শিকায় আৰু আমাক সুৰক্ষা দিয়ে। কিন্তু তেওঁৰ কাষ চাপিবলৈ আমি কি কৰিব লাগিব?

২. আমি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰোঁ?

যিহোৱাৰ কাষ চাপিবলৈ আমি প্ৰাৰ্থনা কৰিব লাগিব, বাইবেল পঢ়িব লাগিব আৰু পঢ়া কথাখিনি ধ্যান কৰিব লাগিব। এইদৰে কৰিলে আমি যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰিম আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ হʼম। এনে কৰাৰ যোগেদি তেওঁৰ আজ্ঞা মানিবলৈ আৰু তেওঁৰ মহিমা কৰিবলৈ আমি আৰু উৎসাহিত হʼম। (প্ৰকা. ৪:১১) যেতিয়া আমি যিহোৱাৰ বিষয়ে আৰু বেছিকৈ জানিম, তেতিয়া তেওঁৰ ওপৰত আমাৰ ভৰসা আৰু বাঢ়িব আৰু তেওঁৰ সংগঠনৰ ওপৰতো আমাৰ ভৰসা বাঢ়িব, যাৰ যোগেদি তেওঁ আমাক সহায় কৰে।

৩. (ক) চয়তানে কেনেকৈ আমাক যিহোৱাৰ পৰা আঁতৰাই নিব বিচাৰে? (খ) কিন্তু আমি কেনেকৈ তাৰ ফান্দৰ পৰা বাচি থাকিব পাৰোঁ? (গীতমালা ৩১:১৩, ১৪)

কিন্তু আমি যিহোৱাৰ কাষ চপাটো চয়তানে কেতিয়াও নিবিচাৰে। আমি যাতে যিহোৱাৰ পৰা আঁতৰি যাওঁ আৰু তেওঁৰ সেৱা কৰিবলৈ এৰি দিওঁ, তাৰ কাৰণে চয়তানে সদায় চেষ্টা কৰি থাকে। সি এয়া কেনেকৈ কৰে? আমি সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত চয়তানে বিশেষকৈ এইদৰে কৰে, আমি যাতে যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা লাহে লাহে বিশ্বাস হেৰুৱাই দিওঁ। কিন্তু আমি চয়তানৰ ফান্দৰ পৰা নিজকে বচাব পাৰোঁ। যদি আমি যিহোৱাৰ ওপৰত দৃঢ় বিশ্বাস ৰাখোঁ আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰোঁ, তেনেহʼলে যিকোনো পৰিস্থিতি নহওক কিয় আমি যিহোৱা আৰু তেওঁৰ সংগঠনক কেতিয়াও নেৰিম।গীতমালা ৩১:১৩, ১৪ পঢ়ক।

৪. এই লেখত আমি কি শিকিম?

চয়তানৰ এই জগতত আমি বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। এই লেখত আমি এনে তিনিটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম, যাৰ যোগেদি চয়তানে যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা আমাৰ ভৰসা নাইকিয়া কৰিবলৈ চেষ্টা কৰে। আমি শিকিম যে এনে পৰিস্থিতিত আমি কেনেকৈ যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ। ইয়াৰ লগতে আমি এয়াও শিকিম যে আমি কেনেকৈ চয়তানৰ এই প্ৰচেষ্টাক বাধা দিব পাৰোঁ।

যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ

৫. আমাৰ জীৱনলৈ কিবা সমস্যা আহিলে যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা আমাৰ ভৰসা কেনেকৈ নাইকিয়া হʼব পাৰে?

যেতিয়া আমাৰ জীৱনলৈ কিবা সমস্যা আহে, যেনে যেতিয়া আমি চাকৰি হেৰুৱাওঁ, পৰিয়ালৰ লোকে আমাক বিৰোধ কৰে, তেতিয়া যিহোৱাৰ সংগঠনৰ পৰা আমাৰ ভৰসা নাইকিয়া হʼব পাৰে আৰু আমি যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ। কেনেকৈ বাৰু? হয়তো কোনো এটা সমস্যা বহু সময়লৈকে থাকিব পাৰে, যাৰ বাবে আমি নিৰাশ হʼব পাৰোঁ আৰু আমি ভাবিব পাৰোঁ যে এই সমস্যাবোৰ কেতিয়াও শেষ নহʼব। সেই সময়ত যিহোৱাই আমাক প্ৰেম কৰে নে নকৰে বুলি আমাৰ মনত সন্দেহ জন্মাবলৈ চয়তানে চেষ্টা কৰে। আমি যিহোৱা আৰু তেওঁৰ সংগঠনত থকাৰ বাবে আমাৰ ওপৰত এই সমস্যাবোৰ আহিছে, এই বুলি চয়তানে আমাৰ মনত সন্দেহ জন্মাব পাৰে। প্ৰাচীন সময়তো সি এইদৰেই কৰিছল। ইস্ৰায়েলীসকলে মিচৰ দেশত দাস হিচাপে থকাৰ সময়ত চয়তানে ইস্ৰায়েলীসকলৰ মনত সন্দেহ জন্মাবলৈ চেষ্টা কৰিছিল। যেতিয়া যিহোৱাই মোচি আৰু হাৰোণক তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিল, তেতিয়া তেওঁলোকে আৰম্ভণিতে বিশ্বাস কৰিলে যে যিহোৱাই মোচি আৰু হাৰোণৰ যোগেদি তেওঁলোকৰ উদ্ধাৰ কৰিব। (যাত্ৰা. ৪:২৯-৩১) কিন্তু পাছত যেতিয়া ফৰৌণে ইস্ৰায়েলীসকলক কঠিন পৰিশ্ৰম কৰালে, তেতিয়া তেওঁলোকে মোচি আৰু হাৰোণক দোষ দিবলৈ ধৰিলে আৰু তেওঁলোকে এইদৰে কʼলে, “তোমালোকে ফৰৌণ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ সাক্ষাতে আমাৰ সুগন্ধ দুৰ্গন্ধ কৰি, আমাৰ প্ৰাণনাশৰ অৰ্থে সিবিলাকৰ হাতত তৰোৱাল দিলা।” (যাত্ৰা. ৫:১৯-২১) কিন্তু কিমান দুখৰ বিষয় যে যিসকল লোকক ইস্ৰায়েলীসকলে ভৰসা কৰিব লাগিছিল, তেওঁলোকে সেই লোকসকলকে দোষ দিবলৈ ধৰিলে। যদি আপুনি বহু সময়ৰ পৰা কিবা সমস্যাৰ সন্মুখীন হৈ আছে, তেতিয়া হʼলে আপুনি যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বজাই ৰাখিব পাৰে।

৬. (ক) সমস্যা অহাৰ সময়ত হবক্কুকে কি কৰিলে? (খ) তেওঁৰ পৰা আমি কি শিকিব পাৰোঁ? (হবক্কুক ৩:১৭-১৯)

যিহোৱাক নিজৰ মনৰ কথা কওক আৰু তেওঁৰ ওপৰত ভৰসা ৰাখক। প্ৰাচীন সময়ত ভৱিষ্যতবক্তা হবক্কুকৰ জীৱনত বহুতো সমস্যা আহিছিল। এটা সময়ত তেওঁ বহুত নিৰাশ হৈ পৰিছিল আৰু তেওঁ এয়াও ভাবিছিল যে যিহোৱাই হয়তো তেওঁৰ যত্ন নলয়। তেতিয়া তেওঁ মনত যিবোৰ ভাবিছিল সেই সকলো তেওঁ যিহোৱাক কʼলে। তেওঁ এইদৰে কʼলে, ‘হে যিহোৱা, মই নো কিমান কাল চিঞৰি থাকিম, আৰু তুমি নুশুনাকৈ থাকিবা? তুমি কিয় মোক অধৰ্ম্ম দেখুৱাইছা?’ (হব. ১:২, ৩) যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক আশ্বাস দিলে যে পৰিস্থিতি নিশ্চয় ভাল হʼব। (হব. ২:২, ৩) প্ৰাচীন সময়ত যিহোৱাই কেনেকৈ নিজৰ লোকসকলক বচালে, ইয়াৰ বিষয়ে হবক্কুকে যেতিয়া ভাবিলে, তেতিয়া তেওঁ পুনৰ আনন্দিত হʼল আৰু তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁৰ যত্ন লয় আৰু যিহোৱাৰ সহায়ত তেওঁ যিকোনো সমস্যা সন্মুখীন হʼব পাৰিব। (হবক্কুক ৩:১৭-১৯ পঢ়ক।) আমি হবক্কুকৰ পৰা কি শিকিব পাৰোঁ? যেতিয়া সমস্যা আহে, তেতিয়া যিহোৱালৈ প্ৰাৰ্থনা কৰক, তেওঁক নিজৰ মনৰ সকলো কথা কওক আৰু তেওঁৰ ওপৰত ভৰসা ৰাখক। এয়াও চিন্তা কৰক যে যিহোৱাই আগতে আপোনাক কেনেকৈ সহায় কৰিছিল। এইদৰে কৰিলে আপোনাৰ বিশ্বাস হʼব যে যিহোৱাই আপোনাক সহায় কৰিব আৰু সমস্যাৰ সন্মুখীন হʼবলৈ সাহস দিব। যেতিয়া আপুনি চাব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছে, তেতিয়া তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস আৰু বাঢ়িব।

৭. (ক) ভনী চৰ্লীৰ সম্বন্ধীয়ই কি কৰিবলৈ চেষ্টা কৰিলে? (খ) ভনী চৰ্লীয়ে এনে কি কৰিলে, যাৰ যোগেদি যিহোৱাৰ ওপৰত থকা তেওঁৰ ভৰসা নাইকিয়া নহʼল?

যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখক। পপুৱা নিউ গিনীত থকা ভনী চৰ্লীৰ জীৱনত যেতিয়া সমস্যা আহিছিল, তেতিয়া তেওঁ এইদৰেই কৰিছিল। b তেওঁৰ পৰিয়াল বৰ দুখীয়া আছিল আৰু এসাঁজ আহাৰ গোটাবলৈও তেওঁৰ বাবে বৰ কঠিন হৈ পৰিছিল। তেওঁৰ এজন সম্বন্ধীয় লোকে তেওঁক এইদৰে কʼলে, “তুমিতো দেখোন কৈছিলা, তোমাৰ ওপৰত ঈশ্বৰৰ পবিত্ৰ আত্মা আছে। এতিয়া কʼত গʼল সেই পবিত্ৰ আত্মা? তুমি আগতেও দুখীয়া আছিলা আৰু এতিয়াও দুখীয়া হৈ আছা! তাৰ উপৰিও তুমি তোমাৰ সকলো সময় প্ৰচাৰ কৰাত বৰ্বাদ কৰি দিয়া।” এইদৰে কৈ তেওঁ ভনী চৰ্লীৰ বিশ্বাস দুৰ্বল কৰিবলৈ চেষ্টা কৰিলে। ভনীয়ে এইদৰে কৈছে, “অলপ সময়ৰ বাবে ময়ো ভাবিবলৈ ধৰিলোঁ যে যিহোৱাই আমাৰ যত্ন লয় নে নলয়।” কিন্তু তেওঁলোকে যিহোৱাৰ ভৰসা কৰি থাকিল। তেওঁ এইদৰে কৈছে, “মই লগে লগে যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু মই মনতে যি ভাবি আছিলোঁ, সেই সকলো যিহোৱাক জনালোঁ। মই বাইবেল আৰু প্ৰকাশন পঢ়িবলৈ আৰু সভা আৰু প্ৰচাৰত যাবলৈ নেৰিলোঁ।” ভনীৰ অনুভৱ হʼল যে যিহোৱাই তেওঁৰ পৰিয়ালৰ যত্ন লৈ আছে। কাৰণ তেওঁৰ পৰিয়ালে এদিনো এসাঁজ নোখোৱালৈ থাকিবলগীয়া নহʼল আৰু তেওঁৰ পৰিয়ালে সদায় আনন্দত থাকিছিল। ভনী চৰ্লীয়ে এইদৰে কৈছে, “যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে।” (১ তীম. ৬:৬-৮) যেতিয়া আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক মজবুত কৰক। এইদৰে কৰিলে কোনো কথাই আপোনাক যিহোৱাৰ পৰা আঁতৰ কৰিব নোৱাৰে।

যেতিয়া নেতৃত্ব লোৱা ভাইসকলৰ লগত অত্যাচাৰ কৰা হয়

৮. সংগঠনত নেতৃত্ব লোৱা ভাইসকলৰ লগত কি হʼব পাৰে?

যিসকল লোকে আমাৰ কামক বিৰোধ কৰে, তেওঁলোকে বহু বাৰ টিভি, বাতৰি, ইন্টাৰনেট আৰু চʼচিয়েল মিডিয়াৰ যোগেদি যিহোৱাৰ সংগঠনত নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে মিছা কথা কয়। (গীত. ৩১:১৩) কিছুমান ভাইক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক অপৰাধী হয় বুলি মিছা অভিযোগ কৰা হৈছে। প্ৰথম শতিকাত পৌলৰ লগতো এইদৰেই হৈছিল। তেওঁৰ ওপৰত মিছা অভিযোগ কৰা হৈছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত ভাই-ভনীসকলে কি কৰিলে?

৯. যেতিয়া পৌলক বন্দী কৰা হৈছিল, তেতিয়া কিছুমান খ্ৰীষ্টানে কি কৰিলে?

যেতিয়া পৌল ৰোমত বন্দী হৈ আছিল, তেতিয়া কিছুমান ভাই-ভনীয়ে তেওঁৰ পৰা আঁতৰি আঁতৰি থাকিছিল। (২ তীম. ১:৮, ১৫) কাৰণ পৌলক এজন অপৰাধীৰ দৰে ৰখা হৈছিল। সেইবাবে, তেওঁলোকে হয়তো ভাবিছিল যদি তেওঁলোকে পৌলক লগ কৰে, তেতিয়া হʼলে পৌলৰ কাৰণে তেওঁলোকে হয়তো লাজত পৰিবলগীয়া হʼব পাৰে। (২ তীম. ২:৮, ৯) তেওঁলোকে এয়া ভাবিও হয়তো ভয় খাইছিল যে তেওঁলোককো অত্যাচাৰ কৰা হʼব। তেওঁলোকে কি ভাবিছিল আমি নাজানোঁ। কিন্তু চিন্তা কৰক এয়া দেখি পৌলৰ কেনে অনুভৱ হৈছিল। পৌলে তেওঁলোকৰ বাবে বহুত পৰিশ্ৰম কৰিছিল। আনকি নিজৰ জীৱনো বিপদত পেলাইছিল। (পাঁচ. ২০:১৮-২১; ২ কৰি. ১:৮) যেতিয়া পৌলক তেওঁলোকৰ অতি প্ৰয়োজন আছিল, সেই সময়ত তেওঁলোকে পৌলৰ পৰা আঁতৰি গৈছিল। আমি প্ৰথম শতিকাৰ ভাই-ভনীসকলৰ নিচিনা হʼব নিবিচাৰোঁ। যেতিয়া আমাৰ সংগঠনত নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত অত্যাচাৰ কৰা হয়, তেতিয়া আমি কি কৰিব পাৰোঁ?

১০. নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত অত্যাচাৰ হোৱা দেখিলে আমি কি কথা মনত ৰখা উচিত?

১০ মনত ৰাখক আমাৰ ওপৰত কিয় অত্যাচাৰ কৰা হয় আৰু ইয়াৰ আঁৰত কোন আছে। বাইবেলত আগতীয়াকৈ কোৱা হৈছিল যে “খ্ৰীষ্ট্‌ যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীম. ৩:১২) নেতৃত্ব লোৱা ভাইসকলক চয়তানে অত্যাচাৰ কৰা দেখি আমি আচৰিত হোৱাৰ প্ৰয়োজন নাই। সেই ভাইসকলে যাতে যিহোৱাৰ বিশ্বাসী হৈ নাথাকে আৰু যেতিয়া আমি তেওঁলোকৰ লগত অত্যাচাৰ হোৱা দেখোঁ, তেতিয়া আমি ভয় খোৱাটো চয়তানে বিচাৰে।—১ পিত. ৫:৮.

পৌল জেইলত বন্দী হৈ থকাৰ সময়ত অনীচিফৰে সাহস দেখুৱাই তেওঁক সহযোগ কৰিলে। আজিও যেতিয়া যিহোৱাৰ সাক্ষীসকলক গ্ৰেপ্তাৰ কৰা হয়, তেতিয়া বহুতো ভাই-ভনীয়ে তেওঁলোকক সহায় কৰে (অনুচ্ছেদ ১১-১২ চাওক)

১১. আমি অনীচিফৰৰ পৰা কি শিকিব পাৰোঁ? (২ তীমথিয় ১:১৬-১৮)

১১ নেতৃত্ব লোৱা ভাইসকলৰ লগ নেৰিব আৰু তেওঁলোকক সহায় কৰি থাকক। (২ তীমথিয় ১:১৬-১৮ পঢ়ক।) যেতিয়া পৌল বন্দী অৱস্থাত আছিল, তেতিয়া তেওঁক সহায় কৰিবলৈ এজন ভায়ে আগবাঢ়ি আহিছিল। সেই ভাইৰ নাম হৈছে অনীচিফৰ। তেওঁৰ বিষয়ে বাইবেলত এইদৰে কৈছে, তেওঁ ‘পৌলৰ শিকলিত লাজ নাপাইছিল।’ পৌল ৰোমত থকাৰ সময়ত অনীচিফৰে তেওঁক বিচাৰি উলিয়াবলৈ বহুত যত্ন কৰিলে। যেতিয়া তেওঁ পৌলক বিচাৰি পালে, তেতিয়া পৌলক প্ৰয়োজন হোৱা সকলো বস্তু আনি দিলে। পৌলক সহায় কৰিবলৈ অনীচিফৰে নিজৰ জীৱন বিপদত পেলালে। আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ? যেতিয়া আমাৰ ভাই-ভনীসকলক অত্যাচাৰ কৰা হয়, তেতিয়া এয়া দেখি আমি তেওঁলোকৰ পৰা আঁতৰি যোৱা উচিত নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক লগ দিয়া উচিত। আমি তেওঁলোকৰ বাবে যি যি কৰিব পাৰোঁ, সেই সকলো কৰা উচিত। (হিতো. ১৭:১৭) কাৰণ এনে সময়ত তেওঁলোকক আমাৰ প্ৰেম আৰু সহায়ৰ বেছি প্ৰয়োজন হয়।

১২. আমি ৰুচত থকা ভাই-ভনীসকলৰ পৰা কি শিকিব পাৰোঁ?

১২ যেতিয়া ৰুচত থকা আমাৰ ভাই-ভনীসকলক জেইলত বন্দী কৰা হৈছিল, তেতিয়া আমাৰ বহুতো ভাই-ভনীয়ে সেই ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। তাৰে মাজৰ কিছুমান ভাই-ভনীক যেতিয়া আদালতত উপস্থিত কৰোৱা হৈছিল, তেতিয়া আমাৰ ভাই-ভনীসকলে সেই ভাই-ভনীসকলক সহায় কৰিবৰ কাৰণে আদালততো গৈছিল। এই ভাই-ভনীসকলৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া নেতৃত্ব লোৱা ভাইসকলক বদনাম কৰা হয়, গ্ৰেপ্তাৰ কৰা হয় আৰু অত্যাচাৰ কৰা হয়, সেই সময়ত ভয় খোৱাৰ পৰিৱৰ্তে তেওঁলোকক সহায় কৰিবলৈ আগুৱাই আহক। তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক, তেওঁলোকৰ পৰিয়ালক শান্ত্বনা দিয়ক আৰু আপুনি তেওঁলোকৰ বাবে যি কৰিব পাৰে, সেয়া কৰিব কাৰণে সাজু হৈ থাকক।—পাঁচ. ১২:৫; ২ কৰি. ১:১০, ১১.

যেতিয়া লোকসকলে আমাক ঠাট্টা কৰে

১৩. যেতিয়া আমাক ঠাট্টা কৰা হয়, তেতিয়া যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত থকা আমাৰ ভৰসা কেনেকৈ নাইকিয়া হʼব পাৰে?

১৩ আমি প্ৰচাৰ কৰোঁ আৰু যিহোৱাৰ মানদণ্ডবোৰ পালন কৰোঁ। সেইবাবে, আমাৰ সম্বন্ধীয়া, লগত কাম কৰা বা লগত পঢ়া লোকসকলে আমাক ঠাট্টা কৰিব পাৰে। (১ পিত. ৪:৪) তেওঁলোকে হয়তো এইদৰে কয়, “তোমালোকক বহুত ভাল লাগে, কিন্তু তোমালোকৰ ধৰ্মত বহুত নীতি-নিয়ম আছে। আজি-কালি যুগত কোনে এইবোৰ পালন কৰে!” আমি বহিষ্কাৰ কৰা ব্যক্তিৰ লগত কথা নপতা দেখি তেওঁলোকে আমাক এইদৰে কয়, “তোমালোকে দেখোন সকলোকে প্ৰেম কৰোঁ বুলি কোৱা। এয়াই তোমালোকৰ প্ৰেম নে?” এইবোৰ শুনি যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত আমাৰ ভৰসা নাইকিয়া হʼব পাৰে আৰু আমাৰ মনত বহুতো প্ৰশ্ন আহিব পাৰে। হয়তো আমি ভাবিব পাৰোঁ যে ‘যিহোৱাই অলপ বেছিয়ে নিয়ম বনাই দিয়া নাইতো? তেওঁৰ সংগঠনত বহুতো বাধা আছে আৰু ইমানখিনি কোনেনো পালন কৰিব পাৰে?’ যদি লোকসকলে আপোনাকো ঠাট্টা কৰিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে যাতে আপুনি যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা আঁতৰি নাযায়?

ইয়োবৰ বন্ধুসকলে তেওঁক ঠাট্টা কৰিছিল, কিন্তু ইয়োবে তেওঁলোকৰ কথাৰ ওপৰত ধ্যান নিদিলে। তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব বুলি থিৰাং কৰিছিল (অনুচ্ছেদ ১৪ চাওক)

১৪. লোকসকলে আমাক ঠাট্টা কৰিলে আমি কি কৰা উচিত? (গীতমালা ১১৯:৫০-৫২)

১৪ আপুনি যিহোৱাৰ মানদণ্ড মানি থাকিব বুলি থিৰাং কৰক। ইয়োবে যিহোৱাৰ মানদণ্ড পালন কৰিছিল। সেইবাবে, লোকসকলে তেওঁক ঠাট্টা কৰিছিল। ইয়োবৰ লগৰ এজনে তেওঁক এইদৰে কৈছিল তেওঁ যিহোৱাৰ মানদণ্ড পালন কৰক বা নকৰক, এই কথাই যিহোৱাৰ ওপৰত একো প্ৰভাৱ নেপেলায়। (ইয়ো. ৪:১৭, ১৮; ২২:৩) কিন্তু ইয়োবে এইবোৰ কথাৰ ওপৰত ধ্যান নিদিলে। তেওঁ জানিছিল যে যিহোৱাই ভাল আৰু বেয়াৰ মাজত যি মানদণ্ড দিছে, সেয়া একেবাৰে সঠিক। সেইবাবে, তেওঁ যিকোনো পৰিস্থিতিতে ইয়াক পালন কৰিব বিচাৰিছিল। ইয়োবক লোকসকলে বহুতো কথা কৈছিল। কিন্তু ইয়োব, যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (ইয়ো. ২৭:৫, ৬) ইয়োবৰ পৰা আমি কি শিকিব পাৰোঁ? যদি লোকসকলে আমাক ঠাট্টা কৰে, তেনেহʼলে আমি এইদৰে ভবা উচিত নহয় যে যিহোৱাৰ মানদণ্ডবোৰ সঠিক হয় নে নহয়, এইবোৰ পালন কৰিলে আমাৰ লাভ হʼব নে নহয়। ইয়াৰ পৰিৱৰ্তে চিন্তা কৰক যে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰি এতিয়ালৈকে আপোনাৰ কি লাভ হৈছে। যিয়েই নহওক কিয় আপুনি যিহোৱাৰ সংগঠন নেৰিব বুলি থিৰাং কৰক। তেতিয়া লোকসকলে যিমানেই ঠাট্টা নকৰক কিয় আপুনি যিহোৱাৰ পৰা আঁতৰি নাযাব।গীতমালা ১১৯:৫০-৫২ পঢ়ক।

১৫. ভনী ব্ৰিজিটৰ পৰিয়ালে তেওঁক কিয় ঠাট্টা কৰিছিল?

১৫ ভাৰতত থকা এগৰাকী ভনী ব্ৰিজিট যেতিয়া যিহোৱাৰ সাক্ষী হʼল, তেতিয়া তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক ঠাট্টা কৰিবলৈ ধৰিলে। ১৯৯৭ চনত ভনীয়ে বাপ্তিষ্মা লʼলে। তেওঁৰ বাপ্তিষ্মাৰ কিছু সময়ৰ পাছত তেওঁৰ স্বামীয়ে চাকৰি হেৰুৱাবলগীয়া হৈছিল। তেওঁৰ স্বামী সাক্ষী নাছিল। চাকৰি হেৰুৱাৰ বাবে ভনীৰ স্বামীয়ে নিৰ্ণয় লʼলে যে তেওঁলোক দুয়োজন আৰু তেওঁলোকৰ তিনিজনী ছোৱালীয়ে আন চহৰত গৈ থাকিব। তাত যোৱাৰ পাছত ভনীৰ ওপৰত বহুতো সমস্যা আহি পৰিল। এতিয়া ভনীগৰাকীক নিজৰ শহুৱেকৰ ঘৰত থাকিবলগীয়া আছিল আৰু তেওঁ ঘৰৰ চোৱা-চিতা কৰাৰ লগতে চাকৰিও কৰিবলগীয়া হৈছিল। ৰাজ্যগৃহ ভনীৰ ঘৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ (২২০ মাইল) দূৰত আছিল। ইয়াৰ উপৰিও তেওঁৰ পৰিয়ালে ইমানেই বিৰোধ কৰিবলৈ ধৰিলে যে ভনীয়ে ঘৰ এৰি যাবলগীয়া হʼল। এদিনাখন হঠাতে এনে ঘটনা ঘটিল, যাৰ বিষয়ে তেওঁলোকে ভবাই নাছিল। তেওঁৰ স্বামীৰ মৃত্যু হʼল। কিছু সময়ৰ পাছত তেওঁৰ এজনী ছোৱালীৰো কেন্সাৰ হʼল আৰু ১২ বছৰ বয়সতে তাইৰ মৃত্যু হʼল। ভনীৰ পৰিয়ালে এয়াও কʼবলৈ ধৰিলে যে তেওঁ যিহোৱাৰ সাক্ষী নোহোৱা হʼলে এই সকলোবোৰ নহʼলেহেঁতেন । তথাপি ভনীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰিলে আৰু তেওঁৰ সংগঠনক নেৰিলে।

১৬. ভনী ব্ৰিজিটে যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰাৰ বাবে কি কি আশীৰ্বাদ পালে?

১৬ ৰাজ্যগৃহ দূৰত থকাৰ বাবে চাৰ্কিট ওভাৰচিয়াৰে ভনীক নিজৰ এলেকাত প্ৰচাৰ কৰিবলৈ আৰু নিজৰ ঘৰত সভা পৰিচালনা কৰিবলৈ কʼলে। প্ৰথমতে ভনী অলপ চিন্তিত আছিল, কিন্তু পাছত এইদৰেই কৰিলে। ভনীয়ে নিজৰ ওচৰে-পাজৰে প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু ঘৰতে সভা চলালে। ভনীয়ে নিজৰ ছোৱালী কেইজনীৰ লগত নিয়মীয়াকৈ পাৰিবাৰিক উপাসনা কৰাৰ প্ৰতি ধ্যান দিলে আৰু তেওঁ বহুতো লোকৰ বাইবেল অধ্যয়ন কৰাবলৈ আৰম্ভ কৰিলে। তাৰে মাজৰ কিছুমানে বাপ্তিষ্মাও লʼলে। ২০০৫ চনত ভনীয়ে অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। ভনীয়ে যি এলেকাত প্ৰচাৰ কৰিছিল, এতিয়া তাত দুখন মণ্ডলী আছে আৰু ভনীৰ ছোৱালী কেইজনীও যিহোৱাৰ সেৱা কৰি আছে। যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰাৰ বাবে যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিলে। ভনীয়ে নিজৰ পৰিয়ালৰ ঠাট্টা সহন কৰিলে আৰু তেওঁৰ ওপৰত বহুতো সমস্যা আহিল। কিন্তু ভনীয়ে কৈছে যিহোৱাই সাহস দিয়াৰ বাবে তেওঁ এই সকলোবোৰ সহন কৰিব পাৰিলে।

যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থাকক

১৭. আমি কি থিৰাং কৰা উচিত?

১৭ আমাৰ ওপৰত সমস্যা আহিলে যিহোৱাই আমাক এৰি দিছে আৰু আমি সংগঠনত থকাৰ বাবে আমাৰ দুখ-কষ্ট আৰু বাঢ়ি গৈছে বুলি ভবাটো চয়তানে বিচাৰে। যেতিয়া নেতৃত্ব লোৱা ভাইসকলক বদনাম কৰা হয়, জেইলত দিয়া হয় আৰু তেওঁলোকক তাড়না দিয়া হয়, তেতিয়া এইবোৰ দেখি আমি ভয় কৰাটো চয়তানে বিচাৰে। লোকসকলে ঠাট্টা কৰিলে যিহোৱাৰ সংগঠনৰ ওপৰত আমাৰ বিশ্বাস নাইকিয়া হোৱা আৰু যিহোৱাৰ মানদণ্ড পালন কৰি আমাৰ একো লাভ নাই হোৱা বুলি আমি ভবাটো চয়তানে বিচাৰে। কিন্তু আমি ভালদৰে জানোঁ যে এইবোৰ চয়তানৰ ফান্দ। (২ কৰি. ২:১১) সেইবাবে, থিৰাং কৰক যে আপুনি যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব আৰু চয়তানৰ ফান্দত নপৰিব। যিহোৱাই আপোনাক কেতিয়াও নেৰিব বুলি মনত ৰাখক। (গীত. ২৮:৭) তেতিয়া কোনো কথাই আপোনাক যিহোৱাৰ পৰা আঁতৰ কৰিব নোৱাৰিব!—ৰোম. ৮:৩৫-৩৯.

১৮. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৮ এই লেখত আমি এনে কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰিলোঁ, যি চয়তানৰ এই জগতত আমাৰ ওপৰত আহে। কেতিয়াবা মণ্ডলীতো এনে কিছুমান সমস্যা আহে, যাৰ কাৰণে যিহোৱা আৰু তাৰ সংগঠনৰ ওপৰৰ পৰা আমাৰ ভৰসা নাইকিয়া হʼব পাৰে। পৰৱৰ্তী লেখত আমি আলোচনা কৰিম যে মণ্ডলীত এনে কিছুমান সমস্যা আহিলে আমি কি কৰিব পাৰোঁ।

গীত ১১৮ “আমাৰ বিশ্বাস বঢ়াই দিয়ক”

a এই শেষ-কালত যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আমি তেওঁৰ ওপৰত আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰাটো অতি প্ৰয়োজন। কিন্তু চয়তানে এইদৰে হোৱাটো একেবাৰে নিবিচাৰে। এই লেখত আমি শিকিম যে চয়তানে এনে কি তিনিটা উপায় ব্যৱহাৰ কৰে, যাতে আমি যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰিবলৈ এৰি দিওঁ। আমি এয়াও শিকিম যে আমি কেনেকৈ চয়তানৰ ফান্দৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ আৰু যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰিব পাৰোঁ।

b কিছুমান নাম সলনি কৰা হৈছে।