Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৫

ভালদৰে প্ৰচাৰ কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰে?

ভালদৰে প্ৰচাৰ কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰে?

‘তেওঁবিলাকৰ মাজত যে এজন ভাববাদী আছিল, তাক তেওঁবিলাকে জানিব।’—যিহি. ২:৫.

গীত ৬৭“বাক্য ঘোষণা কৰা”

লেখৰ এক আভাস a

১. (ক) লোকসকলক প্ৰচাৰ কৰাৰ সময়ত কি হʼব পাৰে? (খ) কিন্তু আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?

 যেতিয়া আমি লোকসকলক প্ৰচাৰ কৰোঁ, তেতিয়া বহু বাৰ তেওঁলোকে আমাক বিৰোধ কৰে। সেই সময়ত আমি আচৰিত হোৱা উচিত নহয়, কাৰণ ভৱিষ্যতে হয়তো আমি এনেধৰণৰ সমস্যাৰ আৰু বেছিকৈ সন্মুখীন হʼব লাগিব। (দানি. ১১:৪৪; ২ তীম. ৩:১২; প্ৰকা. ১৬:২১) কিন্তু আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাক নিশ্চয় সহায় কৰিব। তেওঁ নিজৰ সেৱকসকলক যেতিয়া কিবা দায়িত্ব দিয়ে, তেতিয়া সেই দায়িত্ব পূৰ কৰিবলৈ তেওঁ সহায়ো কৰে। প্ৰাচীন সময়ত বহু বাৰ যিহোৱাৰ সেৱকসকলক নিজৰ দায়িত্ব পূৰ কৰিবলৈ কঠিন লাগিছিল। কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে সেই কাম পূৰ কৰিব পাৰিলে। তেওঁলোকৰ মাজৰ এজন আছিল ভৱিষ্যতবক্তা যিহিষ্কেল। যিহিষ্কেলে এনে যিহূদীসকলক প্ৰচাৰ কৰাৰ প্ৰয়োজন আছিল, যিসকলক বন্দী বনাই বাবিলত অনা হৈছিল। যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে, আহক চাওঁ।

২. (ক) যিহিষ্কেলে যি লোকসকলক প্ৰচাৰ কৰিবলগীয়া আছিল, তেওঁলোকৰ বিষয়ে যিহোৱাই কি কৈছিল? (যিহিষ্কেল ২:৩-৬) (খ) এই লেখত আমি কি শিকিম?

যিহিষ্কেলে যিসকল লোকক প্ৰচাৰ কৰিছিল, তেওঁলোক কেনেকুৱা আছিল? যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছে যে তেওঁলোক “নিলাজ [“কঠিন হৃদয়ৰ,” NW],” “অবাধ্য” আৰু “বিদ্ৰোহী” আছিল। তেওঁলোক কাঁইটীয়া বনৰ নিচিনা আছিল আৰু কেঁকোৰা-বিছাৰ দৰে ভয়ানক আছিল। যিহোৱাই যিহিষ্কেলক ‘তেওঁবিলাকলৈ ভয় নকৰিবলৈ’ কৈছিল। (যিহিষ্কেল ২:৩-৬ পঢ়ক।) এই লেখত আমি শিকিম যে যিহিষ্কেলে লোকসকলক ভালদৰে প্ৰচাৰ কৰিব পাৰিলে কাৰণ: (১) যিহোৱাই তেওঁক পঠিয়াইছিল, (২) যিহোৱাই তেওঁক পবিত্ৰ আত্মা দিছিল আৰু (৩) যিহোৱাই নিজৰ কথাৰে তেওঁৰ বিশ্বাস বঢ়ালে। আমি এয়াও শিকিম যে এই তিনিটা কথা মনত ৰাখি আমি কেনেকৈ ভালদৰে প্ৰচাৰ কৰিব পাৰিম।

যিহোৱাই যিহিষ্কেলক পঠিয়াইছিল

৩. (ক) যিহোৱাই কেনেকৈ যিহিষ্কেলৰ সাহস বঢ়ালে? (খ) যিহোৱা যিহিষ্কেলৰ লগত থাকিব বুলি যিহোৱাই তেওঁক কেনেকৈ আশ্বাস দিলে?

যিহোৱাই যিহিষ্কেলক এইদৰে কৈছিল, ‘মই তোমাক পঠাওঁ।’ (যিহি. ২:৩, ৪) এই কথা শুনি যিহিষ্কেলে হয়তো বহুত সাহস লাভ কৰিলে। তেওঁক হয়তো সেই কথা মনত পৰিলে, যেতিয়া যিহোৱাই মোচি আৰু যিচয়াক ভৱিষ্যতবক্তাৰ কাম দিছিল। সেই সময়ত যিহোৱাই তেওঁলোককো এইদৰেই কৈছিল। (যাত্ৰা. ৩:১০; যিচ. ৬:৮) যিহিষ্কেলে এয়াও জানিছিল যে তেওঁলোকক যি কাম দিয়া হৈছিল, সেই কাম ইমান সহজ নহয়। কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে সেই কাম পূৰ কৰিব পাৰিলে। সেইবাবে, যিহোৱাই যেতিয়া যিহিষ্কেলক দুবাৰ ‘মই তোমাক পঠাওঁ’ বুলি কৈছিল, তেতিয়া তেওঁৰ হয়তো সম্পূৰ্ণ বিশ্বাস হʼল যে যিহোৱা তেওঁৰ লগত আছে আৰু তেওঁক সহায় কৰিব। যিহিষ্কেল কিতাপত এই বাক্যটো বহু বাৰ কোৱা হৈছে “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল।” (যিহি. ৩:১৬; ৬:১) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱা যিহিষ্কেলৰ লগত আছে বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁৰ পিতৃ এজন পুৰোহিত আছিল। তেওঁ হয়তো নিজৰ পুতেকক নিশ্চয় কৈছিল যে আগৰে পৰা যিহোৱা নিজৰ ভৱিষ্যতবক্তাসকলৰ লগত থাকিব বুলি তেওঁলোকক আশ্বাস দিয়ে। যেনে, ইচ্‌হাক, যাকোব আৰু যিৰিমিয়াক কৈছিল যে যিহোৱা তেওঁলোকৰ লগত থাকিব।—আদি. ২৬:২৪; ২৮:১৫; যিৰি. ১:৮.

৪. যিহিষ্কেলে কোনটো কথা শুনি হয়তো বৰ শান্ত্বনা পালে?

যিহোৱাই যিহিষ্কেলক এয়াও কʼলে যে যেতিয়া তেওঁ প্ৰচাৰ কৰিব, তেতিয়া বেছিভাগ লোকে কি কৰিব। যিহোৱাই এইদৰে কʼলে, “ইস্ৰায়েল-বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহব; কিয়নো তেওঁবিলাকে মোৰ কথা শুনিবলৈ সন্মত নহয়।” (যিহি. ৩:৭) এই কথা শুনি যিহিষ্কেলে বুজি পালে যে যেতিয়া লোকসকলে তেওঁৰ কথাৰ ওপৰত ধ্যান নিদিব, তেতিয়া আচলতে লোকসকলে যিহোৱাৰ কথাই শুনিব নিবিচৰাৰ দৰে হʼব। যিহিষ্কেলে নিজৰ কাম ভালদৰে কৰিব নোৱাৰিব, এনে নহয়। যিহোৱাই যিহিষ্কেলক এয়াও কʼলে যে আগলৈ গৈ যেতিয়া তেওঁ লোকসকলক শাস্তি দিব, তেতিয়া ‘তেওঁবিলাকৰ মাজত যে এজন ভাববাদী আছিল, তাক তেওঁবিলাকে’ মনত পেলাব। (যিহি. ২:৫; ৩৩:৩৩) ইয়াৰ যোগেদি যিহিষ্কেলে হয়তো বহুত শান্ত্বনা পালে আৰু যিহোৱাই তেওঁক যি কাম দিছিল, তাক পূৰ কৰিবলৈ সাহস পালে।

আমাকো যিহোৱাই পঠিয়াইছে

যিহিষ্কেলৰ নিচিনা লোকসকলে হয়তো আমাৰ বাৰ্তা নুশুনিবও পাৰে বা আমাৰ বিৰোধ কৰিব পাৰে, কিন্তু আমি মনত ৰখা উচিত যে যিহোৱা আমাৰ লগত আছে (অনুচ্ছেদ ৫-৬ চাওক)

৫. যিচয়া ৪৪:৮ পদৰ অনুসৰি আমি কি কথাৰ পৰা সাহস পাব পাৰোঁ?

যিহিষ্কেলৰ দৰে প্ৰচাৰ কৰিবলৈ আমাকো যিহোৱাইহে পঠিয়াইছে। ইয়াৰ পৰা সঁচাকৈ আমি বৰ শান্ত্বনা লাভ কৰোঁ। যিহোৱাই আমাক নিজৰ “সাক্ষী” বুলি কৈছে, এই কথাটো আমাৰ বাবে সঁচাকৈ বৰ সন্মানৰ বিষয় হয়। (যিচ. ৪৩:১০) যেতিয়া আমি লোকসকলক প্ৰচাৰ কৰোঁ, তেতিয়া বহু বাৰ তেওঁলোকে আমাক বিৰোধ কৰে। কিন্তু এনে পৰিস্থিতিত আমি ভয় কৰাৰ প্ৰয়োজন নাই। আমি মনত ৰখা উচিত যে যিহোৱাই আমাক প্ৰচাৰ কৰিবলৈ পঠিয়াইছে আৰু তেওঁ আমাৰ লগত আছে। যিদৰে যিহোৱাই যিহিষ্কেলক তুমি ভয় নকৰিবা বুলি কৈছিল, ঠিক সেইদৰে তেওঁ আমাকো এইদৰে কৈছে, “তোমালোকে নকঁপিবা, আৰু ভয় নকৰিবা।”যিচয়া ৪৪:৮ পঢ়ক।

৬. (ক) যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে (খ) আমি কি কথাৰ পৰা সাহস আৰু শান্ত্বনা পাওঁ?

যিহোৱাই আমাক সহায় কৰিব বুলি শান্ত্বনাও দিছে। তেওঁ আমাক “মোৰ সাক্ষী” বুলি কৈছে। ইয়াৰ লগতে তেওঁ আমাক প্ৰতিজ্ঞাও কৰিছে যে “তুমি জলসমূহৰ মাজেদি গমন কৰিলে মই তোমাৰ লগত থাকিম, আৰু তুমি নদীবোৰৰ মাজেদি গলে সেইবোৰে তোমাক তল নিনিয়াব; আৰু জুইৰ মাজেদি চলিলে তুমি দগ্ধ নহবা, তাৰ শিখাই তোমাক নুপূৰিব।” (যিচ. ৪৩:২) যেতিয়া আমি লোকসকলক প্ৰচাৰ কৰোঁ, তেতিয়া আমি বহু বাৰ নদীৰ নিচিনাকৈ বাধা আৰু জুইৰ নিচিনাকৈ পৰীক্ষাৰ সন্মুখীন হওঁ। (যিচ. ৪১:১৩) কিন্তু যিহোৱাৰ সহায়ত আমি এই সমস্যাবোৰ পাৰ কৰিব পাৰোঁ আৰু আমি ভালদৰে প্ৰচাৰো কৰিব পাৰোঁ। বহু বাৰ লোকসকলে আমাৰ কথা নুশুনে, যিদৰে লোকসকলে যিহিষ্কেলৰ কথা শুনা নাছিল। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি ভালদৰে প্ৰচাৰ কৰা নাই। আমি এয়া মনত ৰাখিব পাৰোঁ যে ইমান সমস্যাৰ সত্ত্বেও আমি প্ৰচাৰ কামত পৰিশ্ৰম কৰি থকা দেখি যিহোৱা আনন্দিত হয়। পৌলেও এইদৰে কৈছিল, “প্ৰতিজনে নিজৰ কৰ্ম্মৰ দৰে নিজৰ বেচ পাব।” (১ কৰি. ৩:৮; ৪:১, ২) এই কথাই আমাক বহুত সাহস আৰু শান্ত্বনা দিয়ে। বহু বছৰ ধৰি অগ্ৰগামী সেৱা কৰা এজনী ভনীয়ে এইদৰে কৈছে, “মই এয়া ভাবি বহুত আনন্দিত হওঁ যে যিহোৱাই আমাৰ পৰিশ্ৰমৰ প্ৰতি ধ্যান দিয়ে আৰু তেওঁ আমাৰ পৰিশ্ৰমৰ পুৰস্কাৰো দিয়ে।”

যিহোৱাই যিহিষ্কেলক পবিত্ৰ আত্মা দিলে

যিহিষ্কেলে যেতিয়া এটা দৰ্শনত যিহোৱাৰ স্বৰ্গীয় ৰথ দেখিলে, তেতিয়া তেওঁৰ ভৰসা বাঢ়িল যে লোকসকলক প্ৰচাৰ কৰিবলৈ যিহোৱাই তেওঁক নিশ্চয় সহায় কৰিব (অনুচ্ছেদ ৭ চাওক)

৭. যেতিয়াই যিহিষ্কেলে যিহোৱাৰ স্বৰ্গীয় ৰথৰ দৰ্শনৰ বিষয়ে হয়তো ভাবিছিল, তেতিয়া তেওঁৰ কেনে অনুভৱ হৈছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

যিহোৱাৰ পবিত্ৰ আত্মাই কি কি কাম কৰিব পাৰে, তাৰ বিষয়ে যিহিষ্কেলে এটা দৰ্শন দেখিছিল। দৰ্শনত তেওঁ দেখিছিল যে স্বৰ্গদূতসকলে যি যি কাম কৰি আছে, সেই সকলো পবিত্ৰ আত্মাৰ সহায়তে কৰিব পাৰিছে। তেওঁ দৰ্শনত এয়াও দেখিছিল যে স্বৰ্গীয় ৰথৰ ডাঙৰ ডাঙৰ চকাবোৰে পবিত্ৰ আত্মাৰ সহায়তে আগবাঢ়ি গৈ আছে। (যিহি. ১:২০, ২১) এই দৰ্শন ইমানেই আচৰিত আছিল যে সেয়া দেখি যিহিষ্কেলে ‘উবুৰি হৈ পৰিল।’ (যিহি. ১:২৮) যেতিয়াই যিহিষ্কেলে এই দৰ্শনৰ বিষয়ে ভাবিছিল, তেতিয়া তেওঁৰ হয়তো আৰু সাহস বাঢ়িছিল। তেওঁৰ হয়তো দৃঢ় বিশ্বাস হৈছিল যে পবিত্ৰ আত্মাৰ সহায়ত তেওঁ নিজৰ কামো পূৰ কৰিব পাৰিব।

৮-৯. (ক) যেতিয়া যিহোৱাই যিহিষ্কেলক থিয় হʼবলৈ কৈছিল, তেতিয়া কি হʼল? (খ) যিহোৱাই যিহিষ্কেলক কেনেকৈ সহায় কৰিলে যাতে তেওঁ কঠিন মনৰ লোকসকলক প্ৰচাৰ কৰিব পাৰে?

যিহোৱাই এই দৰ্শন দেখুৱাৰ পাছত যিহিষ্কেলক কʼলে, “হে মনুষ্য-সন্তান, ভৰিত ভৰ দি থিয় হোৱা, মই তোমাৰে সৈতে কথা হওঁ।” ইয়াৰ পাছত কি হʼল? যিহিষ্কেলে লিখিছিল যে পবিত্ৰ ‘আত্মা তেওঁৰ অন্তৰত সোমাল’ আৰু ইয়ে তেওঁক বহুত শক্তি দিলে, যাৰ বাবে তেওঁ “থিয়” হʼব পাৰিলে। (যিহি. ২:১, ২) ইয়াৰ পাছতো যিহোৱাই যিহিষ্কেলক পবিত্ৰ আত্মা দিলে আৰু তেওঁ কি কৰিব লাগে, তাৰ বিষয়ে কʼলে। সেইবাবে, যিহিষ্কেলে বহু বাৰ লিখিলে যে “যিহোৱাৰ হাত” তেওঁৰ ওপৰত আহিল। (যিহি. ৩:২২; ৮:১; ৩৩:২২; ৩৭:১; ৪০:১) যিহোৱাৰ পবিত্ৰ আত্মাই তেওঁক ইমানেই শক্তি দিলে যে তেওঁ ‘কঠিন’ মনৰ লোকসকলকো প্ৰচাৰ কৰিব পাৰিলে। (যিহি. ৩:৭) যিহোৱাই যিহিষ্কেলক এইদৰে কৈছিল, “মই তেওঁবিলাকৰ মুখৰ আগত তোমাৰ মুখ কঠিন, আৰু তেওঁবিলাকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ। মই তোমাৰ কপাল চক্‌মকি পাথৰত্‌কৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁবিলাকে বিদ্ৰোহী বংশ হলেও, তেওঁবিলাকলৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ মুখ দেখি ব্যাকুল নহবা।” (যিহি. ৩:৮, ৯) যিহোৱাই যিহিষ্কেলক যেন এইদৰে কৈছিল, ‘এই কঠিন মনৰ লোকসকলৰ কথা শুনি তুমি ভয় নকৰিবা। মই আছোঁ নহয়, মই তোমাক দৃঢ় কৰিম।’

ইয়াৰ পাছত যিহোৱাৰ পবিত্ৰ আত্মাই যিহিষ্কেলক সেই ঠাইলৈ নিলে, যʼত তেওঁক প্ৰচাৰ কৰিবলগীয়া আছিল। তেওঁ এইদৰে কৈছে, “যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।” ইয়াৰ অৰ্থ হৈছে যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰে যিহিষ্কেলক সহায় কৰিছিল, যাতে তেওঁ লোকসকলক ঈশ্বৰৰ বাৰ্তা শুনাবলৈ নিজকে সাজু কৰিব পাৰে। সেই বাৰ্তা তেওঁ প্ৰথমে নিজেই বুজিবলগীয়া আছিল। তাৰ পাছতহে তেওঁ লোকসকলক ভালদৰে প্ৰচাৰ কৰিব পাৰিব। সেইবাবে, তেওঁ সাত দিনলৈকে তাতে থাকিল। (যিহি. ৩:১৪, ১৫) তাৰ পাছত যিহোৱাই তেওঁক এটা উপত্যকাত যাবলৈ কʼলে, যʼত পবিত্ৰ ‘আত্মা তেওঁৰ অন্তৰত সোমালে।’ (যিহি. ৩:২৩, ২৪) এতিয়া যিহিষ্কেলে লোকসকলক প্ৰচাৰ কৰিবলৈ সাজু আছিল।

যিহোৱাই আমাকো পবিত্ৰ আত্মা দিয়ে

যিহিষ্কেলৰ নিচিনা আজি ভালদৰে প্ৰচাৰ কৰিবলৈ আমাক কিহৰ প্ৰয়োজন আছে? (অনুচ্ছেদ ১০ চাওক)

১০. প্ৰচাৰ কৰিবলৈ আমাক কিহৰ প্ৰয়োজন হয় আৰু কিয়?

১০ যিহিষ্কেলক প্ৰচাৰ কৰিবলৈ যিহোৱাৰ পবিত্ৰ আত্মাৰ প্ৰয়োজন আছিল। আজি আমাকো প্ৰচাৰ কৰিবলৈ যিহোৱাৰ পবিত্ৰ আত্মাৰ প্ৰয়োজন আছে। কিয় বাৰু? কাৰণ চয়তানে আমাৰ প্ৰচাৰ কামত বাধা দিবলৈ আমাৰ লগত যুঁজি আছে। (প্ৰকা. ১২:১৭) সি মানুহতকৈ বৰ শক্তিশালী। কিন্তু প্ৰচাৰ কৰাৰ যোগেদি আমি দেখুৱাওঁ যে আমি চয়তানক ভয় নকৰোঁ। সেইবাবে, যেতিয়া আমি প্ৰচাৰ কৰোঁ, তেতিয়া চয়তান পৰাজয় হয় আৰু আমি জয়লাভ কৰোঁ। (প্ৰকা. ১২:৯-১১) চিন্তা কৰক আজি আমাক বহুত বিৰোধ কৰা হয়, তথাপি আমি প্ৰচাৰ কামত লাগি আছোঁ। ইয়াৰ পৰা স্পষ্ট হয় যে যিহোৱাই আমাক পবিত্ৰ আত্মা দি আছে আৰু তেওঁ আমাৰ পৰা আনন্দিত হৈছে।—মথি ৫:১০-১২; ১ পিত. ৪:১৪.

১১. পবিত্ৰ আত্মাৰ সহায়ত আমি কি কৰিব পাৰোঁ আৰু ইয়াক পাবলৈ আমি কৰিব লাগিব?

১১ মনত পেলাওক সেই কঠিন মনৰ লোকসকলক প্ৰচাৰ কৰিবলৈ যিহোৱাই যিহিষ্কেলক কঠিন আৰু মজবুত কৰিছিল। ঠিক সেইদৰে তেওঁ পবিত্ৰ আত্মা দি আমাকো কঠিন আৰু মজবুত কৰিব, যাতে আমি প্ৰচাৰ কৰাৰ সময়ত সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰোঁ। (২ কৰি. ৪:৭-৯) কিন্তু পবিত্ৰ আত্মা পাবলৈ আমি কি কৰিব লাগিব? আমি বাৰে বাৰে প্ৰাৰ্থনা কৰা উচিত আৰু বিশ্বাস কৰা উচিত যে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, ‘খোজা, বিচাৰা আৰু টুকৰিওৱা। তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?’—লূক ১১:৯, ১৩; পাঁচ. ১:১৪; ২:৪.

যিহোৱাৰ কথাৰ পৰা যিহিষ্কেলৰ বিশ্বাস বাঢ়িল

১২. যিহিষ্কেলক দিয়া নুৰিওৱা পুথিখন কʼৰ পৰা আহিছিল আৰু তাত কি লিখা আছিল? (যিহিষ্কেল ২:৯–৩:৩)

১২ যিহোৱাই যিহিষ্কেলক পবিত্ৰ আত্মা দিছিল, যাতে তেওঁ সাহসেৰে লোকসকলক প্ৰচাৰ কৰিব পাৰে। ইয়াৰ উপৰিও যিহোৱাই নিজৰ কথাৰেও যিহিষ্কেলৰ বিশ্বাস বঢ়ালে। যিহোৱাই তেওঁক এটা দৰ্শন দেখুৱালে, যʼত তেওঁক এখন নুৰিওৱা পুথি বা নুৰা দিয়া হৈছিল। (যিহিষ্কেল ২:৯–৩:৩ পঢ়ক।) সেই পুথিখন কʼৰ পৰা আহিছিল? তাত কি লিখা আছিল? আৰু তাত লিখা কথাৰে যিহিষ্কেলৰ বিশ্বাস কেনেকৈ বাঢ়িল? আহক এটা এটাকৈ ইয়াৰ বিষয়ে চাওঁ। সেই নুৰিওৱা পুথিখন যিহোৱাৰ সিংহাসনৰ পৰা আহিছিল। ইয়াৰ আগতে যিহিষ্কেলে এটা দৰ্শনত চাৰিজন স্বৰ্গদূতক দেখিছিল, তাৰে মাজৰ এজনে হয়তো তেওঁক সেই পুথিখন দিছিল। (যিহি. ১:৮; ১০:৭, ২০) সেই পুথিখনত যিহোৱাই ন্যায়ৰ বাৰ্তা লিখিছিল, যি যিহিষ্কেলে বন্দী কৰি অনা সেই বিদ্ৰোহী ইস্ৰায়েলীসকলক শুনোৱাৰ প্ৰয়োজন আছিল। (যিহি. ২:৭) এই বাৰ্তাটো নুৰিওৱা পুথিখনৰ দুয়োফালে লিখা আছিল।

১৩. (ক) যিহিষ্কেলক নুৰিওৱা পুথিখন দি যিহোৱাই কি কৈছিল? (খ) যিহিষ্কেলক সেই পুথিখন খাই কিয় মিঠা লাগিছিল?

১৩ যিহোৱাই যিহিষ্কেলক সেই নুৰিওৱা পুথিখন খাই পেট ভৰাবলৈ কʼলে। যিহিষ্কেলে যিহোৱাৰ কথা পালন কৰিলে আৰু সেই নুৰিওৱা পুথিখন খালে। এই দৰ্শনৰ অৰ্থ আছিল যিহিষ্কেলে ইস্ৰায়েলীসকলক বাৰ্তা শুনোৱাৰ আগতে প্ৰথমে তেওঁ নিজেই সেই বাৰ্তাটো বুজি পাব লাগিছিল। তাৰ পাছতহে তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে লোকসকলক কʼব পাৰিলেহেঁতেন। যেতিয়া যিহিষ্কেলে সেই নুৰিওৱা পুথিখন খালে, তেতিয়া তেওঁক “মৌ-জোলৰ নিচিনা মিঠা লাগিল।” (যিহি. ৩:৩) ইয়াৰ অৰ্থ কি আছিল? যিহিষ্কেলেক সেই পুথিখন খাই মিঠা লাগিছিল, কাৰণ যিহোৱাই বাৰ্তা শুনাবলৈ তেওঁক বাছনি কৰাৰ তেওঁ আনন্দিত আছিল।—গীত. ১৯:৮-১১.

১৪. লোকসকলক যিহোৱাৰ বাৰ্তা শুনোৱাৰ আগতে যিহিষ্কেলক কি কৰাৰ প্ৰয়োজন আছিল?

১৪ যিহোৱাই যিহিষ্কেলক এইদৰে কৈছিল, “মই তোমাৰ আগত যি যি কথা কওঁ, সেই আটাই কথা অন্তৰত গ্ৰহণ কৰা, আৰু কাণত ঠাই দিয়া।” (যিহি. ৩:১০) যিহিষ্কেলে সেই বাৰ্তাটো মনত ৰখা, তাৰ বিষয়ে চিন্তা কৰা আৰু সেয়া ধ্যান কৰাটো যিহোৱাই বিচাৰিছিল। যেতিয়া যিহিষ্কেলে এইদৰে কৰিলে, তেতিয়া তেওঁৰ বিশ্বাস বাঢ়িল আৰু তেওঁ সেই শক্তিশালী বাৰ্তাটোৰ বিষয়ে বুজি পালে, যি তেওঁ লোকসকলক শুনোৱাৰ প্ৰয়োজন আছিল। (যিহি. ৩:১১) যিহিষ্কেলে যিহোৱাৰ এই বাৰ্তাটো মনত ৰাখিলে আৰু এতিয়া তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে লোকসকলক বাৰ্তাটো শুনাবলৈ সাজু আছিল।

যিহোৱাৰ কথাৰ পৰা আমাৰো বিশ্বাস বাঢ়ে

১৫. কঠিন পৰিস্থিতিতো প্ৰচাৰ কৰি থাকিবলৈ আমি কি কৰিব লাগিব?

১৫ যিহিষ্কেলৰ দৰে আমিও যিহোৱাৰ কথাৰ ওপৰত ধ্যান দিয়া উচিত আৰু সেইবোৰ নিজৰ “অন্তৰত” ৰখা উচিত। তেতিয়াহে আমাৰ বিশ্বাস বাঢ়িব আৰু কঠিন পৰিস্থিতিৰ সত্ত্বেও আমি প্ৰচাৰ কৰিব পাৰিম। যিহোৱাৰ কথাবোৰ আজি আমি বাইবেলৰ যোগেদি জানিব পাৰোঁ। কিন্তু আমাৰ চিন্তাধাৰা, ভাৱনা আৰু উদ্দেশ্যবোৰ বাইবেলৰ অনুসৰি হোৱাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?

১৬. (ক) নুৰিওৱা পুথিৰ দৰ্শনৰ পৰা আমি কি শিকোঁ? (খ) বাইবেলত লিখা কথাবোৰ ভালদৰে বুজিবলৈ আমি কি কৰিব পাৰোঁ?

১৬ যেতিয়া আমি আহাৰ খাওঁ আৰু সেই আহাৰ হজম কৰোঁ, তেতিয়া আমি শক্তি লাভ কৰোঁ আৰু মজবুত হওঁ। ঠিক সেইদৰে, যেতিয়া আমি বাইবেল পঢ়োঁ আৰু তাৰ বিষয়ে ধ্যান কৰোঁ, তেতিয়া আমাৰ বিশ্বাস মজবুত হয়। নুৰিওৱা পুথিখনৰ দৰ্শনৰ পৰা আমি এই কথাই শিকোঁ। যিদৰে যিহিষ্কেলে নুৰিওৱা পুথিখন খাই নিজৰ পেট ভৰাইছিল, ঠিক সেইদৰে ঈশ্বৰৰ বাক্যৰ যোগেদি আমি নিজৰ পেট ভৰোৱাটো যিহোৱাই বিচাৰে অৰ্থাৎ ঈশ্বৰৰ বাক্য ভালদৰে বুজি পোৱাটো তেওঁ বিচাৰে। এনে কৰিবলৈ আমি তিনিটা কাম কৰিব লাগিব। প্ৰথমতে, আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব লাগিব, যাতে আমি ঈশ্বৰৰ কথা ভালদৰে বুজিবলৈ নিজৰ মন প্ৰস্তুত কৰিব পাৰোঁ। দ্বিতীয়তে, আমি মন দি বাইবেল পঢ়িব লাগিব। তৃতীয়তে, অলপ সময় ৰৈ ধ্যান কৰিব লাগিব আৰু পঢ়া কথাখিনি গভীৰভাৱে চিন্তা কৰিব লাগিব। আমি যিমানেই ধ্যান কৰিম, সিমানেই বাইবেলত লিখা কথাবোৰ ভালদৰে বুজিব পাৰিম আৰু আমাৰ বিশ্বাস মজবুত হʼব।

১৭. বাইবেলত লিখা কথাবোৰ ধ্যান কৰাটো কিয় গুৰুত্বপূৰ্ণ?

১৭ বাইবেল পঢ়া আৰু ধ্যান কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ? কাৰণ এনে কৰিলে আমি আজি সাহসেৰে প্ৰচাৰ কৰিব পাৰিম আৰু ভৱিষ্যতে যদি আমাক ন্যায়ৰ বাৰ্তা শুনাবলগীয়া হয়, তেতিয়াও আমি সেই বাৰ্তা ভালদৰে শুনাব পাৰিম। বাইবেলত লিখা কথাবোৰ ধ্যান কৰিলে, যিহোৱাৰ কি কি গুণ আছে আৰু তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়, তাৰ বিষয়ে আমি জানিব পাৰোঁ। এনে কৰিলে আমি যিহোৱাৰ কাষ চাপিব পাৰিম আৰু আমাৰ জীৱন মৌ-জোলৰ নিচিনা মিঠা হʼব অৰ্থাৎ আমি মনৰ শান্তি পাম আৰু সন্তুষ্ট হʼম!—গীত. ১১৯:১০৩.

কঠিন পৰিস্থিতিতো আমি যিহোৱাৰ সহায়ত প্ৰচাৰ কৰি থাকিম

১৮. যেতিয়া লোকসকলক ন্যায় কৰা হʼব, তেতিয়া সকলোৱে কি স্বীকাৰ কৰিব লাগিব আৰু কিয়?

১৮ আমি যিহিষ্কেলৰ নিচিনা কোনো ভৱিষ্যতবক্তা নহয়, কিন্তু আজি আমিও তেওঁৰ দৰেই কাম কৰি আছোঁ। আমি যিহোৱাৰ বাৰ্তা লোকসকলক শুনাই আছোঁ আৰু যেতিয়ালৈকে যিহোৱাৰ দৃষ্টিত এই কাম শেষ নহয়, তেতিয়ালৈকে আমি এই কাম কৰি থাকিম। গোটেই পৃথিৱীত প্ৰচাৰ কাম শেষ হোৱাৰ পাছত যেতিয়া যিহোৱাই ন্যায় কৰিব, তেতিয়া ঈশ্বৰে মোক পাহৰি গʼল বা কোনেও মোক ইয়াৰ বিষয়ে নজনালে বুলি কোনেও কʼব নোৱাৰিব। (যিহি. ৩:১৯; ১৮:২৩) সকলোৱে স্বীকাৰ কৰিব লাগিব যে তেওঁলোকক যি বাৰ্তা শুনোৱা হৈছিল, সেয়া ঈশ্বৰৰ ফালৰ পৰা আছিল।

১৯. কি কি কথা মনত ৰাখিলে আমি সাহসেৰে প্ৰচাৰ কৰিব পাৰিম?

১৯ যিহিষ্কেলক যি তিনিটা কথাই সাহস দিছিল, সেইবোৰ মনত ৰাখিলে আমিও সাহসেৰে প্ৰচাৰ কৰিব পাৰিম। আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই আমাক পঠিয়াইছে, তেওঁ আমাক পবিত্ৰ আত্মা দিয়ে আৰু বাইবেলত লিখা কথাবোৰ ধ্যান দিলে আমাৰ বিশ্বাস মজবুত হয়। সমস্যাবোৰ নিশ্চয় আহিব, কিন্তু মনত ৰাখক যে যিহোৱা আমাৰ লগত আছে। তেওঁৰ সহায়ত আমি উৎসাহেৰে প্ৰচাৰ কৰি থাকিম আৰু “শেষলৈকে সহি” থাকিম।—মথি ২৪:১৩.

গীত ৬৫ আগবাঢ়ি যোৱা!

a এই লেখত আমি শিকিম যে ভৱিষ্যতবক্তা যিহিষ্কেলে যিহোৱাৰ সহায়ত কেনেকৈ ভালদৰে প্ৰচাৰ কৰিব পাৰিলে। আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যাৰ যোগেদি যিহোৱাই যিহিষ্কেলক সহায় কৰিছিল। ইয়াৰ পৰা আমাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই আমাকো সহায় কৰিব আৰু আমি ভালদৰে প্ৰচাৰ কৰিব পাৰিম।