Skip to content

Skip to table of contents

জীৱন কাহিনী

“মই যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ”

“মই যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ”

চুৰীনামৰ ঘন জংঘলৰ মাজত গ্ৰানবুৰী গাৱৰ কিছুমান লোকক লগ কৰিবলৈ গৈছিলোঁ। আমি তেওঁলোকক লগ কৰি উভতি আহিলোঁ আৰু এখন দীঘল নাৱত উঠিলোঁ আৰু তাপানাহʼনি নদীৰ বুকুয়েদি আগবাঢ়ি গʼলোঁ। যেতিয়া আমি নদীৰ সেই ঠাইত পাইছিলোঁ, যʼত পানী বৰ বেগেৰে বৈছিল, তেতিয়া আমাৰ নাৱৰ মটৰৰ এটা অংশ ডাঙৰ শিলত গৈ খুন্দা মাৰিলে। হঠাৎ নাৱখনৰ আগভাগ পানীৰ তললৈ যাবলৈ ধৰিলে আৰু সকলোৱে ডুবিব লʼলোঁ। ভয়তে মোৰ বুকুখন কপিব ধৰিলে। বহু বছৰ ধৰি মই নদীৰ বুকুয়েদি যাত্ৰা কৰি চাৰ্কিটৰ কাম কৰিছিলোঁ, কিন্তু এতিয়ালৈকে মই সাঁতোৰিব জনা নাছিলোঁ।

এই কাহিনী আগবঢ়োৱাৰ আগতে বলক মই আপোনালোকক জনাওঁ যে মই পূৰ্ণ সময়ৰ সেৱা কেনেকৈ আৰম্ভ কৰিলোঁ।

মোৰ জন্ম ১৯৪২ চনত কিউৰছʼ নামৰ এটা ধুনীয়া দ্বীপত হৈছিল, যি কেৰিবিয়ান দ্বীপ-সমূহত পৰে। যিহেতু মোৰ দেউতা চুৰীনাম দ্বীপৰ আছিল, কিন্তু কামৰ বাবে তেওঁ কিউৰছʼ দ্বীপত আহি থাকিবলগীয়া হৈছিল। মোৰ জন্মৰ কিছু বছৰৰ আগতেই দেউতাৰ বাপ্তিষ্মা হৈছিল। সেই দ্বীপত যিসকল লোক প্ৰথমে সাক্ষী হৈছিল, তেওঁলোকৰ মাজত মোৰ দেউতাও আছিল। a দেউতাই আমাৰ সকলোৰে লগত বাইবেল অধ্যয়ন কৰিছিল। কেতিয়াবা কেতিয়াবা আমি অধ্যয়ন কৰিব বিচৰা নাছিলোঁ, তথাপি দেউতাই প্ৰতি সপ্তাহে আমাৰ লগত অধ্যয়ন কৰিছিল। যেতিয়া মই ১৪ বছৰৰ আছিলোঁ, তেতিয়া আমাৰ গোটেই পৰিয়াল চুৰীনামলৈ উভতি আহিল। কিয়নো আইতা বৃদ্ধ মাকক আৰু তেওঁক চোৱা-চিতা কৰাৰ প্ৰয়োজন আছিল।

বন্ধুসকলৰ ভাল প্ৰভাৱ

চুৰীনামত মই এনে ডেকা ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিলোঁ, যিসকলে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোক মোৰ পৰা কেৱল কেই বছৰমানহে ডাঙৰ আছিল আৰু তেওঁলোকে অগ্ৰগামী সেৱা কৰিছিল। যেতিয়া তেওঁলোকে প্ৰচাৰত হোৱা ভাল অনুভৱৰ বিষয়ে কথা পাতিছিল, তেতিয়া তেওঁলোকৰ চেহেৰাত বেলেগে এটা আনন্দ দেখিবলৈ পোৱা গৈছিল। আমি প্ৰায়ে সভাৰ পাছত মুকলি আকাশৰ তলত বহি তৰাবোৰ চাইছিলোঁ। কিছু সময়ৰ ভিতৰতে মই থিৰাং কৰিলোঁ যে মই বন্ধুসকলৰ নিচিনা হম আৰু তেওঁলোকৰ দৰে ময়ো যিহোৱাৰ সেৱা কৰিব বিচাৰিছিলোঁ। সেইবাবে, মই ১৬ বছৰ বয়সতে বাপ্তিষ্মা লʼলোঁ আৰু ১৮ বছৰ বয়সত অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ।

বহুতো গুৰুত্বপূৰ্ণ কথা শিকিলোঁ

পাৰামাৰিবʼ চহৰত অগ্ৰগামী সেৱা কৰাৰ সময়ত

অগ্ৰগামী সেৱা কৰাৰ সময়ত মই বহুতো কথা শিকিলোঁ, যিবোৰ আগলৈ গৈ মোক বহুত সহায় কৰিলে। যেনে, প্ৰথম কথা মই শিকিলোঁ যে আনক ট্ৰেইনিং দিয়া আৰু তেওঁলোকক শিকোৱাটো অতি প্ৰয়োজন। যেতিয়া মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ, তেতিয়া ভাই বিলিয়াম বান ছেলে মোক বহুত কথা শিকালে। b ভাইজন মিচনেৰী আছিল, তেওঁ মোক ভালদৰে বুজালে যে মই কেনেকৈ মণ্ডলীৰ দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰোঁ। সেই সময়ত মই অনুভৱে কৰিব পৰা নাছিলোঁ যে এই ট্ৰেইনিঙে মোক কিমান সহায় কৰিব। কিন্তু আহিবলগীয়া বছৰবোৰত যেতিয়া মোক এজন বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰি চুৰীনামৰ ঘন জংঘলত পঠোৱা হৈছিল, তেতিয়া এই ট্ৰেইনিং মোৰ কামত আহিল। তাত ভাই-ভনীসকল সৰু সৰু সমূহত গোট খাইছিল আৰু তেওঁলোকৰ নেতৃত্ব লʼবলৈ মোক কোৱা হৈছিল। মই ভাই বিলিয়াম আৰু আন ভাইসকলৰ প্ৰতি বহুত কৃতজ্ঞ, যিসকলে মোক উচিত সময়ত এই ট্ৰেইনিং দিলে। তেওঁলোকৰ নিচিনা ময়ো সময় উলিয়াই আন লোকসকল ট্ৰেইনিং দিয়াৰ চেষ্টা কৰোঁ।

দ্বিতীয় কথা মই শিকিলোঁ যে সহজ-সৰল জীৱন জীয়াই থকা আৰু আগতীয়াকৈ তালিকা বনোৱা বহুত লাভজনক। নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবৰ কাৰণে আমাক প্ৰতি মাহে সীমিত পৰিমাণে টকা দিয়া হৈছিল, যাক আমি ভাবি-চিন্তি খৰচ কৰিবলগীয়া হৈছিল। সেইবাবে, মই আৰু মোৰ লগত অগ্ৰগামী কৰা পাৰ্টনাৰে মাহৰ আৰম্ভণিতে আমি ভাবি লৈছিলোঁ যে গোটেই মাহ আমাক কি কি বস্তুৰ প্ৰয়োজন হʼব। তাৰ পাছত আমাৰ মাজৰ এজনে ঘন জংঘলৰ বাটেদি যাত্ৰা কৰি খোৱা বস্তু আৰু আন প্ৰয়োজনীয় বস্তুবোৰ লৈ আহিছিল। আমাক এই কথাৰো ধ্যান ৰখাৰ প্ৰয়োজন আছিল যাতে এই বস্তু গোটেই মাহ চলে, নহʼলে আমি এই বস্তুবোৰ বিচাৰি ঘন জংঘলত কʼত ওলাই গʼলোঁহেঁতেন! সহজ-সৰল জীৱন জায়াই থকা আৰু আগতীয়াকৈ তালিকা বনোৱাৰ বাবে মই একো অসুবিধা নোহোৱাকৈ যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিলোঁ।

তৃতীয় কথা মই শিকিলোঁ যেতিয়া লোকসকলক তেওঁলোকৰ নিজ ভাষাত শুভবাৰ্তা শুনোৱা হয়, তেতিয়া তেওঁলোকৰ অন্তৰ চুই যায়। মই ডচ, ইংৰাজী, পাপিয়ামেন্ট আৰু চ্ৰানানটাংগʼ (এই ভাষাক চ্ৰানন বুলিও কোৱা হয়) ভাষা কʼব পাৰিছিলোঁ, যি সাধাৰণতে চুৰীনামত কোৱা হয়। জংঘলত থকা লোকসকলক তেওঁলোকৰ মাতৃভাষাত প্ৰচাৰ কৰিলে তেওঁলোকে আৰু ভালদৰে শুনিছিল। মোৰ বাবে চাৰামাক্কনৰ নিচিনা ভাষাবোৰ শিকাটো ইমান সহজ নাছিলে। কাৰণ ইয়াত কণ্ঠ-সুৰ উঠা-নমা হʼলে শব্দৰ অৰ্থ একেবাৰে সলনি হৈ যায়। কিন্তু মই আনন্দিত যে মই পৰিশ্ৰম কৰিলোঁ আৰু তেওঁলোকৰ এই ভাষা শিকিলোঁ। যাৰ বাবে মই বহুতো লোকক সত্য শিকাত সহায় কৰিব পাৰিলোঁ।

অৱশ্যে তেওঁলোকৰ ভাষা কোৱাত মোৰ বহুতো ভুল হৈছিল। যেনে, এবাৰ চাৰামাক্কন ভাষা কোৱা এজনী বাইবেল বিদ্যাৰ্থীৰ পেটৰ বিষ হৈছিল। সেইবাবে, মই সুধিব বিচাৰিছিলোঁ যে তেওঁৰ পেটৰ বিষ ভাল হʼলনে? কিন্তু মই সুধি পালোঁ তুমি গৰ্ভৱতী আছানে? এয়া শুনি তেওঁ বহুত লাজ অনুভৱ কৰিলে। এনেধৰণৰ বহুতো ভুল হোৱাৰ সত্ত্বেও মই হাৰ মনা নাছিলোঁ। মই যতেই গৈছিলোঁ, তাত থকা লোকসকলৰ ভাষাত কথা কʼবলৈ চেষ্টা কৰিছিলোঁ।

আন বহুতো দায়িত্ব পালোঁ

১৯৭০ চনত মোক এজন চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল। সেই বছৰত মই চুৰীনামৰ জংঘলত থকা সৰু সৰু সমূহক সাক্ষাৎ কৰিছিলোঁ আৰু তেওঁলোকক আমাৰ মুখ্য কাৰ্য্যালয়ৰ বিষয়ে এখন চিনেমা দেখালোঁ। ইয়াত বহুতো ছবি আছিল আৰু ইয়াকে স্লাইট প্ৰʼগাম কোৱা হৈছিল। ইয়াৰ নাম আছিল “যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়লৈ যোৱা।” তেওঁলোকক লগ কৰিবৰ কাৰণে মই আৰু মোৰ লগত কেইজনমান ভায়ে লগত মিলি কাঠৰ এখন সৰু নাৱত যাত্ৰা কৰিছিলোঁ। সেই সৰু নাৱখনত আমি এটা প্ৰজেক্টাৰ, এটা জেনেটাৰ, এটা কেৰাচিনৰ চাকি আৰু পেট্ৰলৰ এটা গিলান লৈ যাত্ৰা কৰিছিলোঁ। যেতিয়া আমি তাত গৈ পাইছিলোঁ, তেতিয়া আমি সকলো বস্তু উঠাই সেই ঠাইত লৈ গৈছিলোঁ, যʼত কাৰ্য্যক্ৰম হʼবলগীয়া আছিল। মোৰ আজিও মনত আছে সেই সমূহক লগ কৰিবলৈ আমি কিমান পৰিশ্ৰম কৰিছিলোঁ। সেই সময়ৰ আটাইতকৈ বেছি মনত পৰা কথা হৈছে যেতিয়া লোকসকলক কাৰ্য্যক্ৰম দেখুৱা হৈছিল, তেতিয়া তেওঁলোকে বহুত আনন্দিত হৈছিল। মই বহুত আনন্দিত যে মই যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিষয়ে লোকসকলক শিকাবলৈ এটা সুযোগ পালোঁ। যদিও আমি বহুতো সমস্যাৰ সন্মুখীন হৈছিলোঁ, কিন্তু আমি পোৱা আশীৰ্বাদৰ তুলনাত সেইবোৰ একোৱেই নহয়!

তিনি গুণীয়া ৰছী

১৯৭১ চনত মই আৰু এথেলে বিয়া কৰিলোঁ

মই জানিছিলোঁ যে বিয়া নপতাকৈ মই যিহোৱাৰ সেৱা আৰু ভালদৰে কৰিব পাৰিম, তথাপিও মোৰ অনুভৱ হʼল মোক এজনী জীৱন সংগীৰ প্ৰয়োজন আছে। সেইবাবে, মই যিহোৱালৈ বিশেষভাৱে প্ৰাৰ্থনা কৰিলোঁ, যাতে মই এনে এজনী পত্নী পাওঁ, যিয়ে মোৰ লগত চুৰীনামৰ ঘন জংঘলত আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰিব পাৰে। এবছৰৰ পাছত মই এথেল নামৰ এগৰাকী বিশেষ অগ্ৰগামী সেৱা কৰা ভনীক পচন্দ কৰিলোঁ আৰু আমি এজনে-আনজনক জানিবলৈ চেষ্টা কৰিলোঁ। এথেলে যিহোৱাৰ সেৱা বৰ উৎসাহেৰে কৰিছিল আৰু বহুত পৰিশ্ৰমীও আছিল। তাই সৰুৰে পৰা পাঁচনি পৌলৰ দৰে হʼব বিচাৰিছিল আৰু বেছিকৈ প্ৰচাৰ কৰিব বিচাৰিছিল। ১৯৭১ চনৰ চেপ্টেম্বৰ মাহত আমি বিয়া পাতিলোঁ আৰু তাৰ পাছত আমি চাৰ্কিটৰ কাম আৰম্ভ কৰিলোঁ।

এথেলৰ পৰিয়াল সহজ-সৰল জীৱন-যাপন কৰিছিল। সেইবাবে, এথেলে চাৰ্কিটৰ কাম বহুত ভালদৰে কৰিব পাৰিলে। যেনে, আমি ঘন জংগলত থকা মণ্ডলীবোৰত সাক্ষাৎ কৰিছিলোঁ, তেতিয়া আমি আমাৰ লগত একেবাৰে কম বস্তু নিছিলোঁ। আমি নদীত গা আৰু কাপোৰ ধুইছিলোঁ। ভাই-ভনীসকলে যি চিকাৰ কৰি আনিছিল, আমি সেয়াই খাইছিলোঁ। যেনে, ইগুৱানা জন্তু আৰু পিৰানা মাছ। যেতিয়া খাবৰ বাবে প্লেট নাছিল, তেতিয়া আমি কল পাততে খাইছিলোঁ। যেতিয়া কাটা চামুচ নাছিল, তেতিয়া হাতেদি খাইছিলোঁ। মই আৰু এথেলে অনুভৱ কৰিলোঁ যে যিহোৱাৰ সেৱাত কৰা ত্যাগৰ বাবে আমি ইজনে-আনজনৰ আৰু যিহোৱাৰ আৰু কাষ চাপিব পাৰিলোঁ। সঁচাকৈ আমাৰ তিনি গুণীয়া ৰছী আৰু মজবুত হʼল। (উপ. ৪:১২) যদি কোনোবাই এই জগতৰ গোটেই সম্পত্তি দি আমাক এনে ধৰণৰ জীৱন এৰিবলৈ কয়, তথাপি আমি নেৰিম।

যেতিয়া আমি ঘন জংঘলত থকা ভাই-ভনীসকলক লগ কৰি উভতি আহিছিলোঁ, তেতিয়া আমাৰ লগত সেই ঘটনাটো হʼল যাৰ বিষয়ে মই আৰম্ভণিতে উল্লেখ কৰিছিলোঁ। যেতিয়া নদীৰ পানী বাঢ়িব ধৰিলে, তেতিয়া আমাৰ নাৱখন পানীত সোমাই গৈছিল। তাৰ পাছত আকৌ ওপৰলৈ উঠি আহে। আমি কোনেও পানীত পৰা নাছিলোঁ আৰু সকলোৱে লাইফ জেকেট পিন্ধি আছিলোঁ। আমাৰ নাৱত পানী সোমাবলৈ ধৰিলে। সেইবাবে, আমি লগে লগে বাচনৰ পৰা খোৱা বস্তু ওলাই নদীত পেলাই দিলোঁ আৰু সেই খালি বাচনেৰে নাৱৰ পৰা পানী উলিয়াবলৈ ধৰিলোঁ।

আমাৰ ওচৰত খাবলৈ একো নাছিল। সেইবাবে আমি মাছ ধৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু আমি এটাও মাছ নাপালোঁ। সেইবাবে আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ যে তেওঁ আমাক আজিৰ আহাৰ দিয়ে। প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগে এজন ভায়ে মাছ ধৰিবলৈ বৰশী পানীত পেলালে, তাৰ পাছত তাত এটা ডাঙৰ মাছ লাগিল। মাছটো ইমানেই ডাঙৰ আছিল যে আমি পাঁচজনে পেট ভৰাই খালোঁ।

স্বামী, পিতৃ আৰু চাৰ্কিট ওভাৰচিয়াৰ হিচাপে দায়িত্ব পালন কৰা

চাৰ্কিট কাম কৰাৰ পাঁচ বছৰৰ পাছত আমাৰ লগত এনে এটা ঘটনা হʼল, যাৰ বিষয়ে আমি আশাই কৰা নাছিলোঁ। আমি গম পালোঁ যে আমি মা-দেউতা হʼবলৈ গৈ আছোঁ। এয়া শুনি আমি বহুত আনন্দিত আছিলোঁ। কিন্তু আমি চিন্তিত আছিলোঁ যে আগলৈ গৈ কি হʼব। মোৰ আৰু এথলৰ পূৰ্ণ সময়ৰ সেৱা কৰি থকাৰ গভীৰ ইচ্ছা আছিল। ১৯৭৬ চনত আমাৰ প্ৰথম লʼৰা এথেনিয়েলৰ জন্ম হʼল আৰু তাৰ আঢ়ৈ বছৰৰ পাছত আমাৰ দ্বিতীয় লʼৰা জিঅবাণীৰ জন্ম হʼল।

১৯৮৩ চনত তাপানাহʼনি নদীত এটা বাপ্তিষ্মাত উপস্থিত হোৱাৰ সময়ত। এই নদী পূব চুৰীনামৰ গʼদʼ হʼলʼত আছে

সেই সময়ত চুৰিনামত ভাইসকলৰ বহুত প্ৰয়োজন আছিল। সেইবাবে শাখা কাৰ্য্যালয়ে মোক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰি থাকিবলৈ কʼলে। যেতিয়া মোৰ লʼৰা দুটা সৰু আছিল, তেতিয়া মোক এনে চাৰ্কিটত কাম কৰিবলৈ কৈছিল, যʼত কম মণ্ডলী আছিল। সেই কাৰণে মই কিছু সপ্তাহ চাৰ্কিটৰ কাম কৰিছিলোঁ আৰু আৰু বাকী সপ্তাহ মই নিজৰ মণ্ডলীতে অগ্ৰগামী হিচাপে সেৱা কৰিছিলোঁ। প্ৰতি মাহে মই এইদৰে কৰিছিলোঁ। যেতিয়া ঘৰৰ ওচৰত থকা মণ্ডলীত মই সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, তেতিয়া মোৰ লগত এথল আৰু মোৰ লʼৰা কেইজনো গৈছিল। কিন্তু চুৰিনামৰ ঘন জংঘলত থকা মণ্ডলীবোৰক সাক্ষাৎ কৰিবলৈ আৰু সন্মিলনৰ কাৰণে যাওঁতে মই অকলে যাত্ৰা কৰিছিলোঁ।

যেতিয়া মই চাৰ্কিট ওভাৰচিয়াৰ আছিলোঁ, তেতিয়া মই প্ৰায়ে দূৰত থকা মণ্ডলীক নাৱৰ যোগেদি যাত্ৰা কৰি সাক্ষাৎ কৰিছিলোঁ

মই দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ তালিকা বনোৱাৰ প্ৰয়োজন আছিল। মই যাতে প্ৰতি সপ্তাহে পাৰিবাৰিক উপাসনা কৰিব পাৰোঁ, তাৰ প্ৰতি ধ্যান ৰাখোঁ। মই যেতিয়া জংঘলত থকা মণ্ডলীবোৰক সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, তেতিয়া এথলে লʼৰা দুজনৰ লগত পাৰিবাৰিক উপাসনা কৰিছিল। এটা পৰিয়াল হিচাপে আমি গোটেই কাম মিলি কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ উপৰিও মই আৰু এথলে আমাৰ লʼৰা দুজনৰ লগত বহুতো আনন্দ ফূৰ্তি কৰিছিলোঁ। যেনে, গেম খেলিছিলোঁ আৰু বাহিৰলৈ ফুৰিবলৈ গৈছিলোঁ। মই প্ৰায়ে ৰাতিলৈকে ভাষণবোৰ তৈয়াৰী কৰিছিলোঁ আৰু এথলে হিতোপদেশ ৩১:১৫ পদত কোৱা ভাল পত্নীৰ নিচিনাকৈ ৰাতিপুৱাই উঠি সকলোবোৰ কাম কৰিছিল। সেইবাবে আমাৰ লʼৰা কেইটাই স্কুললৈ যোৱাৰ আগতে আমি সকলোৱে মিলি দৈনিক পাঠ পঢ়িছিলোঁ আৰু ৰাতিপুৱাৰ আহাৰ খাইছিলোঁ। এথেলৰ বাবে মই বহুতো দায়িত্ব ভালদৰে পালন কৰিব পাৰিলোঁ। মই এথেলৰ নিচিনা পত্নী পাই বহুত সুখী।

আমি আমাৰ লʼৰা কেইটাক পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ কেতিয়াও হেঁচা দিয়া নাছিলোঁ, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজে এইদৰে কৰিব বিচাৰিলে, যি আমাৰো ইচ্ছা আছিল। মা-দেউতা হিচাপে আমি নিজৰ লʼৰা কেইটাক যিহোৱাক প্ৰেম কৰিবলৈ আৰু প্ৰচাৰ কামৰ বাবে লাগি থাকিবলৈ উৎসাহ জগালোঁ। পূৰ্ণ সময়ৰ সেৱা কৰিলে কিমান আনন্দ পোৱা যায়, সেয়াও আমি তেওঁলোকক জনালোঁ। নিশ্চয় আমাৰ ওপৰত বহুতো সমস্যা আহিল, কিন্তু এইবিলাক আমি তেওঁলোকৰ পৰা লুকুৱাই নাৰাখিলোঁ। আমি এই কথাৰ ওপৰত তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিলোঁ যে যিহোৱাই আমাৰ পৰিয়ালক সদায় সহায় কৰিলে আৰু তেওঁ বহুতো আশীৰ্বাদ দিলে। আমি সদায় চেষ্টা কৰিছিলোঁ যে আমাৰ লʼৰা কেইটা এনে ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰক, যিসকলে নিজৰ জীৱনত যিহোৱাৰ সেৱাক প্ৰথম স্থান দিয়ে।

এটা পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰাটো ইমান সহজ নহয়। তথাপি মই মোৰ পৰিয়ালক ভালদৰে চোৱা-চিতা কৰিবলৈ চেষ্টা কৰিলোঁ। মই যেতিয়া অবিবাহিত আছিলোঁ আৰু চুৰীনামৰ জংঘলত বিশেষ অগ্ৰগামী সেৱা কৰিছিলোঁ, সেই সময়ত মই টকা-পইচা ভাবি-চিন্তি খৰচ কৰিবলৈ ভালদৰে শিকিছিলোঁ। সেই সময়ত শিকা কথাটো মোৰ এতিয়া বহুত কামত আহিল। কেতিয়াবা কেতিয়াবা আমাৰ ওচৰত প্ৰয়োজনীয় বস্তুবোৰো নাছিল। তথাপি আমি স্পষ্টকৈ দেখিবলৈ পালোঁ যে যিহোৱাই আমাৰ পৰিয়ালৰ যত্ন লৈ আছে আৰু আমাক সহায়ো কৰি আছে। যেনে, ১৯৮৬ চনৰ পৰা ১৯৯২ চনৰলৈকে চুৰীনামত গৃহ যুদ্ধ চলি থকাৰ সময়ত প্ৰয়োজনীয় বস্তুবোৰ পাবলৈ কঠিন হৈছিল। তেতিয়াও যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিলে।—মথি ৬:৩২.

যিহোৱাৰ সেৱা কৰাতকৈ ভাল আৰু একোৱেই হʼব নোৱাৰে

বাওঁফালৰ পৰা সোফাললৈ: মোৰ পত্নী এথেলৰ লগত

আমাৰ ডাঙৰ লʼৰা এথেনিয়েল নিজৰ পত্নী নেথলীৰ লগত

আমাৰ সৰু লʼৰা জিঅবাণী নিজৰ পত্নী ক্ৰিষ্টেলৰ লগত

যিহোৱাই আমাৰ ভালদৰে যত্ন লʼলে। তেওঁৰ সেৱাত আমি বহুতো আনন্দ লাভ কৰিলোঁ। যিহোৱাৰ সহায়ত আমি নিজৰ লʼৰা কেইটাৰ ভালদৰে চোৱা-চিতা কৰিব পাৰিলোঁ আৰু তেওঁলোকক যিহোৱাৰ বিষয়ে শিকাব পাৰিলোঁ। আমাৰ লʼৰা দুজনে পূৰ্ণ সময়ৰ সেৱা কৰাটো চাই আমি বহুত আনন্দিত হৈছোঁ। এথেনিয়েল আৰু জিঅবাণীয়ে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ পৰা গ্ৰেজুৱেট হৈ আজি দুয়োজনে নিজৰ পত্নীৰ লগত মিলি চুৰীনামৰ শাখা কাৰ্য্যালয়ত সেৱা কৰি আছে।

মোৰ আৰু এথেলৰ এতিয়া বয়স হৈছে। আমি যিহোৱাৰ সেৱাত লাগি আছোঁ আৰু বিশেষ অগ্ৰগামী সেৱা কৰি আছোঁ। আমাৰ ওচৰত ইমানেই কাম আছে যে মই এতিয়ালৈকে সাঁতোৰিবলৈ শিকাৰ কাৰণে সময়ে নাপালোঁ। যেতিয়া মই নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই দুখ অনুভৱ নকৰোঁ, তাৰ পৰিৱৰ্তে মই আনন্দিত যে মই ডেকাকালত পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলোঁ। এয়া মোৰ জীৱনৰ আটাইতকৈ ভাল নিৰ্ণয় আছিল। সঁচাকৈ, যিহোৱাৰ সেৱা কৰাতকৈ ভাল আৰু একোৱেই হʼব নোৱাৰে।

b ভাই বিলিয়াম বান ছেলৰ জীৱন কাহিনী “বাস্তৱতা মোৰ কল্পনাতকৈ বহুগুণে উত্তম আছিল” ৮ নৱেম্বৰ ১৯৯৯ চনৰ সচেতন থাকক! (হিন্দী) আলোচনীত ছপা কৰা হৈছিল।