অধ্যয়নৰ লেখ ৪৬
সমস্যাৰ সত্ত্বেও আমি যিহোৱাৰ সহায়ত আনন্দত থাকিব পাৰোঁ
“যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, আৰু এই নিমিত্তে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উঠিব।”—যিচ. ৩০:১৮.
গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা
লেখৰ এক আভাস a
১-২. (ক) এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম? (খ) যিহোৱাই আমাক সহায় কৰিব বিচাৰে বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?
আমাৰ জীৱনলৈ বহুতো সমস্যা আহে, কিন্তু যিহোৱাৰ সহায়ত আমি এইবোৰ সহন কৰিব পাৰোঁ আৰু আনন্দেৰে তেওঁৰ সেৱা কৰিব পাৰোঁ। এই লেখত আমি শিকিম যে যিহোৱাই আমাক কেনেকৈ সহায় কৰে আৰু তেওঁৰ পৰা সহায় পাবলৈ আমি কি কৰিব লাগিব। কিন্তু প্ৰথমে আমি চাম যে যিহোৱাই সঁচাকৈ আমাৰ সহায় কৰিব বিচাৰেনে।
২ পাঁচনি পৌলে ইব্ৰী নামৰ চিঠিখনত যি লিখিছিল, তাৰ পৰা আমি এই প্ৰশ্নৰ উত্তৰ জানিব পাৰোঁ। পৌলে এইদৰে লিখিছিল, “প্ৰভু মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?” (ইব্ৰী ১৩:৬) এই পদত যি সহায়কৰ্ত্তা শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থৰ বিষয়ে এখন কিতাপত এইদৰে কোৱা হৈছে, সহায়কৰ্ত্তাৰ অৰ্থ হৈছে এনে এজন ব্যক্তি, যিজনে কাৰোবাৰ মাত শুনাৰ লগে লগে তেওঁক সহায় কৰিবলৈ দৌৰি আহে। যিহোৱাও আপোনাক এইদৰে সহায় কৰিবলৈ সাজু থাকে বুলি আপুনি নাভাবেনে? যদি আমাৰ জীৱনলৈ কিবা সমস্যা আহে আৰু আমি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ যেন আমাক সহায় কৰিবলৈ দৌৰি আহে। সঁচাকৈ যিহোৱাই আমাক সহায় কৰিবলৈ আগ্ৰহী হৈ আছে। যিহোৱাৰ সহায়ত আমি যিকোনো সমস্যা ভালদৰে সন্মুখীন হʼব পাৰোঁ আৰু আনন্দেৰে তেওঁৰ সেৱা কৰিব পাৰোঁ।
৩. আমি সমস্যাৰ সত্ত্বেও আনন্দত থাকিবলৈ যিহোৱাই কি তিনিটা উপায়েৰে আমাক সহায় কৰে?
৩ যিহোৱাই আমাক কি কি উপায়েৰে সহায় কৰে, যাতে আমি সমস্যাবোৰ সহন কৰিব পাৰোঁ আৰু আনন্দত থাকিব পাৰোঁ? ইয়াৰ উত্তৰ আমি যিচয়া কিতাপৰ পৰা জানিব পাৰোঁ। কাৰণ এই কিতাপখনত এনে বহুতো ভৱিষ্যতবাণীৰ বিষয়ে লিখা আছে, যিবোৰ আজি আমাৰ সময়ত পূৰ হৈ আছে। ইয়াৰ উপৰিও তেওঁ যিহোৱাৰ বিষয়ে যিদৰে লিখিছে, তাৰ পৰা আমি ভালদৰে জানিব পাৰোঁ যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়। উদাহৰণস্বৰূপে, যিচয়া ৩০ অধ্যায়ৰ পৰা জানিব পাৰোঁ যে তেওঁ নিজৰ লোকসকলক কেনেকৈ সহায় কৰে: (১) তেওঁ আমাৰ প্ৰাৰ্থনা মন দি শুনে আৰু তাৰ উত্তৰ দিয়ে, (২) আমাক সঠিক পথ দেখুৱায় আৰু (৩) তেওঁ আজি আমাক বহুতো আশীৰ্বাদ দি আছে আৰু ভৱিষ্যতেও দিব। এতিয়া আহক এটা এটাকৈ এই তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ।
যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে
৪. (ক) যিহোৱাই যিহূদীসকলৰ বিষয়ে কি কʼলে আৰু তেওঁলোকৰ লগত কি হʼবলৈ দিলে? (খ) কিন্তু যিসকল যিহূদী যিহোৱাৰ বিশ্বাসী হৈ আছিল, তেওঁলোকক যিহোৱাই কি আশা দিলে? (যিচয়া ৩০:১৮, ১৯)
৪ যিচয়া ৩০ অধ্যায়ৰ আৰম্ভণিত যিহোৱাই যিহূদীসকলক ‘বিদ্ৰোহী সন্তানবিলাক’ বুলি মাতিছে আৰু এইদৰে কৈছে, তেওঁলোকে ‘পাপৰ উপৰি পাপ কৰিছে।’ তেওঁলোকৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, ‘বিদ্ৰোহী জাতিয়ে মোৰ ব্যৱস্থা শুনিব নিবিচাৰে।’ (যিচ. ৩০:১, ৯) সেই যিহূদীসকলে যিহোৱাৰ কথা নুশুনিলে। সেইবাবে, যিচয়াই ভৱিষ্যতবাণী কৰিলে যে যিহোৱাই তেওঁলোকক শাস্তি দিব। (যিচ. ৩০:৫, ১৭; যিৰি. ২৫:৮-১১) ঠিক সেইদৰেই হʼল। বাবিলৰ লোকসকলে তেওঁলোকক বন্দী বনাই লৈ গʼল। কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোক যিহোৱাৰ বিশ্বাসী হৈ আছিল। যিচয়াই তেওঁলোকক কৈছিল যে যিহোৱাই এদিন তেওঁলোকক দয়া দেখুৱাব বুলি তেওঁলোকে আশা ৰাখিব পাৰে। (যিচয়া ৩০:১৮, ১৯ পঢ়ক।) কিন্তু যিচয়াই তেওঁলোকক এয়াও কৈছিল, “যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা” কৰি আছে। ইয়াৰ পৰা জানিব পাৰি যে তেওঁলোকে লগে লগে মুকলি নহʼব। তেওঁলোকক অপেক্ষা কৰাৰ প্ৰয়োজন হʼব আৰু সেইদৰেই হʼল। যিহূদীসকলে ৭০ বছৰলৈকে বাবিলত বন্দী হৈ থাকিবলগীয়া হʼল। কিন্তু পাছত কিছুমান যিহূদীয়ে যিৰূচালেমলৈ উভতি আহিল। (যিচ. ১০:২১; যিৰি. ২৯:১০) তেওঁলোকৰ দুখ সুখত পৰিৱৰ্তন হʼল।
৫. যিচয়া ৩০:১৯ পদৰ পৰা আমি কেনেকৈ শান্ত্বনা পাওঁ?
৫ যিচয়া ৩০:১৯ পদৰ পৰা আজি আমিও বৰ শান্ত্বনা লাভ কৰোঁ। তাত এইদৰে লিখা আছে,“তোমাৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমাক দয়া কৰিব।” ইয়াৰ পৰা জানিব পাৰি যে যেতিয়া আমি সমস্যাত থাকোঁ আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আমাৰ প্ৰাৰ্থনা ধ্যান দি শুনে আৰু আমাক লগে লগে সহায় কৰে। যিচয়াই এয়াও লিখিছিল, তোমাৰ প্ৰাৰ্থনা “শুনামাত্ৰকেই তেওঁ তোমাক উত্তৰ দিব।” ইয়াৰ অৰ্থ হৈছে যিসকল লোকে তেওঁলৈ প্ৰাৰ্থনা কৰে, তেওঁলোকক যিহোৱাই লগে লগে সহায় কৰিবলৈ আগ্ৰহী হৈ থাকে। যেতিয়া আমি এই কথা মনত ৰাখিম, তেতিয়া সমস্যাৰ সময়তো আমি নিৰাশ নহʼম, ইয়াৰ পৰিৱৰ্তে আমি ধৈৰ্য্য ধৰিব পাৰিম।
৬. যিচয়া ৩০:১৯ পদৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই নিজৰ প্ৰতিজন সেৱকৰ প্ৰাৰ্থনা শুনে?
৬ যিচয়া ৩০:১৯ পদৰ পৰা আমি এয়াও জানিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰতিজনৰ প্ৰাৰ্থনা মন দি শুনে। এয়া আমি কিয় কʼব পাৰোঁ? মন কৰক যে যিচয়া ৩০ অধ্যায়ৰ আৰম্ভণিত যিহোৱাই ইস্ৰায়েলীসকলক “তোমালোক” বুলি কৈছিল। ইয়াৰ অৰ্থ হৈছে তেওঁ সকলো ইস্ৰায়েলীৰ লগত কথা পাতিছিল। কিন্তু ১৯ পদত প্ৰতিজন ইস্ৰায়েলীক এইদৰে কোৱা হৈছিল,“তুমি আৰু নাকান্দিবা,” “তেওঁ অৱশ্যে তোমাক দয়া কৰিব” আৰু “তেওঁ তোমাক উত্তৰ দিব।” ইয়াৰ পৰা জানিব পাৰি যে যিহোৱা আমাৰ প্ৰতিজনৰ বিষয়ে চিন্তা কৰে। কিয়নো আমাৰ সকলোৰে দুৰ্বলতা আৰু সমস্যাবোৰ বেলেগ বেলেগ হয় বুলি তেওঁ জানে। সেইবাবে, তেওঁ আমাৰ প্ৰতিজনৰ প্ৰাৰ্থনা মন দি শুনে। যিহোৱাই কাৰো লগত আমাৰ তুলনা নকৰে আৰু এইদৰেও নাভাবে যে আমি আন ভাই-ভনীসকলৰ দৰে কিয় সাহসী হʼব নোৱাৰোঁ।—গীত. ১১৬:১; যিচ. ৫৭:১৫.
৭. ভৱিষ্যতবক্তা যিচয়া আৰু যীচুৱে কি কৈছিল, যাৰ পৰা জানিব পাৰি যে আমি প্ৰাৰ্থনা কৰি থকা উচিত?
৭ যেতিয়া আমি কোনো সমস্যাৰ বিষয়ে যিহোৱাক জনাওঁ, তেতিয়া লগে লগে যিহোৱাই সেই সমস্যা দূৰ নকৰিবও পাৰে। ইয়াৰ পৰিৱৰ্তে তাক সহন কৰিবলৈ আমাক শক্তি দিব পাৰে। বহু বাৰ কোনো এটা সমস্যা বহু দিনলৈকে থাকিব পাৰে। সেইবাবে, আমি বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত, যাতে আমি সেইবোৰ সহন কৰিব পাৰোঁ। আমি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। ভৱিষ্যতবক্তা যিচয়াই যিহোৱাৰ বিষয়ে এইদৰে কৈছিল, “তেওঁক জিৰণি নিদিবা।” (যিচ. ৬২:৭) ইয়াৰ অৰ্থ হৈছে আমি বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত, ইমানেই বেছিকৈ প্ৰাৰ্থনা কৰা উচিত যেন তেওঁ জিৰণি লʼবলৈ সময়ে নাপায়। যীচুৱেও যেতিয়া নিজৰ শিষ্যসকলৰ লগত প্ৰাৰ্থনা কৰাৰ বিষয়ে কথা পাতিছিল, তেতিয়া তেওঁ উদাহৰণ দি এই কথাটোৱে বুজাইছিল। তেওঁ কৈছিল যে আমি “ঘনে ঘনে” যিহোৱালৈ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰা উচিত। (লূক ১১:৮-১০, ১৩) আমি যাতে সঠিক নিৰ্ণয় লʼব পাৰোঁ, তাৰ বাবে সঠিক পথ বিচাৰিও আমি যিহোৱালৈ মিনতি কৰিব পাৰোঁ।
যিহোৱাই আমাক সঠিক পথ দেখুৱায়
৮. যিচয়া ৩০:২০, ২১ পদত লিখা ভৱিষ্যতবাণীটো প্ৰাচীন সময়ত কেনেকৈ পূৰ হʼল?
৮ যিচয়া ৩০:২০, ২১ পঢ়ক। বাবিলৰ সেনাই প্ৰায় ডেৰ বছৰলৈকে যিৰূচালেম চহৰখনক চাৰিওফালৰ পৰা বেৰি ধৰিছিল। এই সময়ছোৱাটো যিহূদীসকলৰ বাবে বৰ কঠিন আছিল। যিদৰে আজি আমি প্ৰতিদিনে আহাৰ আৰু পানী খাওঁ, ঠিক সেইদৰে তেওঁলোকে প্ৰতিদিনে দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হৈছিল। কিন্তু ২০ আৰু ২১ পদত কোৱাৰ দৰে যিহোৱাই যিহূদীসকলক প্ৰতিজ্ঞা কৰিছিল যে যদি তেওঁলোকে অনুতাপ কৰে আৰু নিজকে সলনি কৰে, তেনেহʼলে যিহোৱাই তেওঁলোকক ৰক্ষা কৰিব। যিচয়াই যিহোৱাক এজন মহান ‘শিক্ষক’ বুলি কʼলে আৰু যিহূদীসকলৰ বিশ্বাস জন্মালে যে তেওঁলোকে কেনেকৈ যিহোৱাৰ উপাসনা কৰিব লাগে, তাৰ বিষয়ে শিকাব। যেতিয়া যিহূদীসকলে বাবিলৰ পৰা মুকলি হʼল, তেতিয়া এই ভৱিষ্যতবাণী পূৰ হʼল। যিহোৱাই তেওঁলোকক সঠিক পথ দেখুৱালে আৰু লোকসকলে পুনৰ শুদ্ধ উপাসনা আৰম্ভ কৰিব পাৰিলে আৰু ইস্ৰায়েলীসকলে চাব পাৰিলে যে যিহোৱা এজন মহান শিক্ষক হয়। আমি অতি আনন্দিত যে আজি যিহোৱাই আমাকো শিকাই আছে আৰু তেওঁ আমাৰো শিক্ষক হয়।
৯. আজি যিহোৱাই আমাক কেনেকৈ শিকায় আছে আৰু সঠিক পথ দেখুৱাই আছে?
৯ যিদৰে এজন শিক্ষকে লʼৰা-ছোৱালীবোৰক শিকায়, ঠিক সেইদৰে যিচয়াই কোৱাৰ দৰে যিহোৱাও এজন মহান শিক্ষকৰ দৰে শিকায়। তেওঁ আমাক দুই ধৰণে শিকায়। মন কৰক প্ৰথমতে যিচয়াই এইদৰে লিখিলে, ‘তোমাৰ চকুৱে তোমাৰ শিক্ষকক দেখিবলৈ পাব।’ তেওঁ কৈছিল যে যিহোৱা যেন শিক্ষকৰ দৰে আমাৰ ওচৰতে থিয় হৈ আমাক শিকায়। সঁচাকৈ এয়া আমাৰ বাবে বৰ সন্মানৰ বিষয় হয়! আজি তেওঁ আমাক নিজৰ সংগঠনৰ জৰিয়তে শিকাই আছে। তেওঁ সভা, অধিৱেশন, প্ৰকাশন আৰু JW ব্ৰডকাষ্টিং কাৰ্য্যক্ৰমৰ জৰিয়তে আৰু আন বহুতো ধৰণে আমাক নিৰ্দেশনা দি আছে। এইবোৰ কথা মনত ৰাখিলে আমি কঠিন পৰিস্থিতিতো আনন্দত থাকিব পাৰোঁ আৰু ধৈৰ্য্য ধৰিব পাৰোঁ। আমি এই নিৰ্দেশনাবোৰৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ!
১০. আজি আমি কেনেকৈ পিছফালৰ পৰা যিহোৱাৰ মাত শুনোঁ?
১০ তাৰ পাছত যিচয়াই কৈছিল যে যিহোৱাই আমাক আৰু এটা উপায়েৰে শিকায়। তেওঁ এইদৰে কৈছিল, “তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব।” যিচয়াই কৈছিল যে যিহোৱা এনে এজন শিক্ষকৰ দৰে হয়, যিজনে লʼৰা-ছোৱালীৰ পাছে পাছে যায় আৰু তেওঁলোকে কোনটো ৰাস্তাত যোৱা উচিত, তাৰ বিষয়ে কয়। আজি যেতিয়া আমি বাইবেল পঢ়োঁ, তেতিয়া আমি পিছফালৰ পৰা যেন যিহোৱাৰ মাত শুনিবলৈ পাওঁ। কাৰণ বাইবেলখন আজিৰ পৰা প্ৰায় হাজাৰ বছৰৰ আগতেই লিখা হৈছিল। সেইবাবে, যেতিয়া আমি বাইবেল পঢ়োঁ, তেতিয়া আমি যেন যিহোৱাৰ মাত পাছফালৰ পৰা শুনিবলৈ পাওঁ।—যিচ. ৫১:৪.
১১. সমস্যা অহাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ আৰু আনন্দত থাকিবলৈ আমি কি কৰিব লাগিব আৰু কিয়?
১১ আজি যিহোৱাই বাইবেল আৰু নিজৰ সংগঠনৰ যোগেদি আমাক শিকাবলৈ বহুতো ব্যৱস্থা কৰিছে। তাৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি কি কৰিব লাগিব? মন কৰক যিচয়াই দুটা কথা কৈছিল। তেওঁ এইদৰে লিখিছিল, “এয়ে পথ” আৰু তাৰ পাছত তেওঁ লিখিছিল, “এয়েদি চলা।” (যিচ. ৩০:২১) ইয়াৰ অৰ্থ হৈছে আমি কোনটো পথত যাব লাগিব, তাৰ বিষয়ে জানিলেই যথেষ্ট নহয়, আমি সেই পথেদি যাবও লাগিব। বাইবেল আৰু সংগঠনৰ যোগেদি আমি জানিব পাৰোঁ যে যিহোৱাই আমাৰ পৰা কি বিচাৰে। আমি এয়াও জানিব পাৰোঁ যে আমি ঈশ্বৰৰ পথত কেনেকৈ চলিব পাৰোঁ। কিন্তু আমি জনাটোৱে যথেষ্ট নহয়, আমি যিবোৰ কথা শিকিলোঁ, তাক মানিবও লাগিব। যেতিয়া আমি এইদৰে কৰিম, তেতিয়া আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিব পাৰিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম। এইদৰে কৰিলে যিহোৱাই আমাক নিশ্চয় আশীৰ্বাদ দিব।
যিহোৱাই আমাক আশীৰ্বাদ দিয়ে
১২. যিচয়া ৩০:২৩-২৬ পদৰ অনুসৰি যিহোৱাই নিজৰ লোকসকলক কি আশীৰ্বাদ দিলে?
১২ যিচয়া ৩০:২৩-২৬ পঢ়ক। যিহূদীসকলে বহু বছৰ ধৰি বাবিলত বন্দী হৈ আছিল। কিন্তু যেতিয়া তেওঁলোকে যিৰূচালেমলৈ উভতি আহিলে, তেতিয়া এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল? যিহোৱাই নিজৰ লোকসকলক বহুতো আশীৰ্বাদ দিলে। যিহোৱাই তেওঁলোকক প্ৰচুৰ পৰিমাণে আহাৰ দিলে। ইয়াতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যিহোৱাই এনে কিছুমান ব্যৱস্থা কৰিলে, যাৰ সহায়ত তেওঁৰ লোকসকলে পুনৰ সঠিক উপায়েৰে তেওঁৰ উপাসনা কৰিব পাৰে আৰু তেওঁৰ কাষ চাপিব পাৰে। যিহূদীসকলে আগতে যিমান আশীৰ্বাদ পোৱা নাছিল, তাতকৈ বহু গুণে আশীৰ্বাদ যিহোৱাই তেওঁলোকক দিলে। যেনে, ২৬ পদত কোৱা হৈছে যে যিহোৱাই তেওঁলোকক বহুত পোহৰ দিলে অৰ্থাৎ তেওঁৰ বাক্য ভালদৰে বুজিবলৈ সহায় কৰিলে। (যিচ. ৬০:২) ইমান আশীৰ্বাদ পোৱাৰ বাবে যিহূদীসকলে বহুত সাহস পালে আৰু আনন্দেৰে তেওঁৰ সেৱা কৰি থাকিব পাৰিলে। যিচয়াই কোৱাৰ দৰে ‘তেওঁৰ দাসবিলাকৰ মন সুখী’ হʼল।—যিচ. ৬৫:১৪.
১৩. শুদ্ধ উপাসনা পুনৰ আৰম্ভ কৰাৰ বিষয়ে কৰা ভৱিষ্যতবাণী আজি আমাৰ সময়ত কেনেকৈ পূৰ হৈ আছে?
১৩ এই ভৱিষ্যতবাণী আজিও পূৰ হৈছেনে? নিশ্চয় হৈছে। যিদৰে ইস্ৰায়েলীসকলে বাবিলৰ পৰা মুকলি হৈছিল, ঠিক সেইদৰে ১৯১৯ চনৰ পৰা লাখ লাখ লোকে মহা-বাবিল অৰ্থাৎ মিছা ধৰ্মৰ পৰা মুকলি হৈ আছে। যিদৰে ইস্ৰায়েলীসকলে বাবিলৰ পৰা মুকলি হৈ প্ৰতিজ্ঞা কৰা দেশত উভতি আহিছিল, ঠিক সেইদৰে বহুতো লোকে মিছা ধৰ্মৰ পৰা ওলাই আহি লাক্ষণিক প্ৰমোদবনত গৈছে। (যিচ. ৫১:৩; ৬৬:৮) এই লাক্ষণিক প্ৰমোদবন কি হয়?
১৪. লাক্ষণিক প্ৰমোদবন কি আৰু তাত কোন লোকসকল আছে? (“ইয়াৰ অৰ্থ কি?” চাওক।)
১৪ অভিষিক্ত খ্ৰীষ্টানসকলে ১৯১৯ চনৰ পৰা এই লাক্ষণিক প্ৰমোদবনত আছে। b লাহে লাহে অন্য মেৰৰ লোকসকলেও অৰ্থাৎ এই পৃথিৱীত জীয়াই থকাৰ আশা থকা খ্ৰীষ্টানসকলেও অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত এই লাক্ষণিক প্ৰমোদবনত থাকিবলৈ ধৰিছে। লাক্ষণিক প্ৰমোদবনত সকলোৱে যিহোৱাৰ পৰা বহুতো আশীৰ্বাদ পাইছে।—যোহ. ১০:১৬; যিচ. ২৫:৬; ৬৫:১৩.
১৫. লাক্ষণিক প্ৰমোদবন কʼত আছে?
১৫ এই লাক্ষণিক প্ৰমোদবন কʼত আছে? আজি যিহোৱাৰ লোকসকল পৃথিৱীৰ বিভিন্ন দেশত আছে। সেইবাবে, এয়া সঁচাকৈ কোনো ঠাই নহয়। ই এটা প্ৰমোদবনৰ নিচিনা পৰিৱেশ হয়, যি গোটেই পৃথিৱীত যিহোৱাৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা যায়। সেইবাবে, আমি পৃথিৱীৰ যʼতেই নাথাকোঁ কিয়, যদি আমি সত্য উপাসনা কৰোঁ, তেনেহʼলে আমিও এই লাক্ষণিক প্ৰমোদবনত থাকিব পাৰোঁ।
১৬. লাক্ষণিক প্ৰমোদবন সদায় সুন্দৰ হৈ থাকিবলৈ আমি কৰিব লাগিব?
১৬ যদি আমি লাক্ষণিক প্ৰমোদবনত থাকিব বিচাৰোঁ, তেনেহʼলে আমি কিছুমান কথা ধ্যান দিব লাগিব। তাৰে মাজৰ এটা হৈছে আমি মনত ৰখা উচিত যে যিহোৱাৰ সংগঠন বৰ ধুনীয়া। কিন্তু যদি আমি ভাই-ভনীসকলৰ দুৰ্বলতাৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে আমি তেওঁলোকক সন্মান নকৰিবও পাৰোঁ। সেইবাবে, আমি তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়াটো অতি প্ৰয়োজন। (যোহ. ১৭:২০, ২১) আহক ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰোঁ। কল্পনা কৰক আপুনি এখন সুন্দৰ বাগিচা বা পাৰ্কত ফুৰিবলৈ গৈছে। তাত আপুনি বিভিন্ন ধৰণৰ গছ-গছনি আৰু ফুলবোৰ দেখে। কিন্তু যেতিয়া আপুনি গছ-গছনি আৰু ফুলবোৰৰ কাষ চাপে, তেতিয়া সেইবোৰত কিছুমান দাগ আৰু লেতেৰা দেখিবলৈ পায়। ঠিক সেইদৰে যিহোৱাৰ সংগঠনো এখন সুন্দৰ বাগিচাৰ নিচিনা হয় আৰু প্ৰতিজন ভাই বা ভনী একো একোটা গছ আৰু ফুলৰ দৰে হয়। (যিচ. ৪৪:৪; ৬১:৩) কিন্তু আমি যদি ভাই-ভনীসকলৰ দুৰ্বলতাৰ প্ৰতি ধ্যান দিওঁ, তেনেহʼলে যিহোৱাৰ সংগঠন কিমান ভাল হয় আৰু ভাই-ভনীসকলৰ মাজত কিমান একতা আছে, সেইবোৰ আমি চাব নোৱাৰিম। গতিকে আহক আমি ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিওঁ আৰু মনত ৰাখোঁ যে এই লাক্ষণিক প্ৰমোদবন কিমান সুন্দৰ হয়।
১৭. সংগঠনত একতা বজাই ৰাখিবলৈ আমি সকলোৱে কি কৰিব পাৰোঁ?
১৭ যিহোৱাৰ সংগঠনত একতা বজাই ৰাখিবলৈ আমি সকলোৱে কি কৰিব পাৰোঁ? আমি এজনে-আনজনৰ মাজত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ। (মথি ৫:৯; ৰোম. ১২:১৮) যেতিয়া আমি এনে কৰোঁ, তেতিয়া লাক্ষণিক প্ৰমোদবন আৰু ধুনীয়া হৈ পৰে। আমি মনত ৰখা উচিত যে সকলো ভাই-ভনীক এই লাক্ষণিক প্ৰমোদবনত যিহোৱাই লৈ আনিছে, যাতে তেওঁলোকে শুদ্ধ উপাসনা কৰিব পাৰে। (যোহ. ৬:৪৪) তেওঁলোক যিহোৱাৰ দৃষ্টিত বৰ মূল্যৱান। আমি যেতিয়া এজনে-আনজনৰ মাজত শান্তি আৰু একতা বজাই ৰখাৰ কাৰণে পৰিশ্ৰম কৰোঁ, তেতিয়া এয়া দেখি যিহোৱাৰ মন বহুত আনন্দিত হয়।—যিচ. ২৬:৩; হগ্. ২:৭.
১৮. আমি কি কি কথাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত আৰু কিয়?
১৮ যিহোৱাই নিজৰ লোকসকলক বহুতো আশীৰ্বাদ দিছে। যেতিয়া আমি এইবোৰত ধ্যান দিওঁ, তেতিয়া আমাৰ বহুত লাভ হয়। আমি বাইবেল আৰু প্ৰকাশনবোৰ পঢ়াৰ সময়ত সেই বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত। এইদৰে অধ্যয়ন আৰু ধ্যান কৰাৰ যোগেদি আমি এনে বহুতো গুণ বঢ়াব পাৰোঁ যি এজন খ্ৰীষ্টানৰ বাবে অতি প্ৰয়োজন। তাৰ পাছত আমি এজনে-আনজনক ‘ভাইৰ নিচিনা প্ৰেম’ কৰিম আৰু “পৰস্পৰ স্নেহশীল” হʼম। (ৰোম. ১২:১০) যেতিয়া আমি সেই আশীৰ্বাদবোৰৰ বিষয়ে ভাবিম, যি যিহোৱাই আজি আমাক দি আছে, তেতিয়া আমি তেওঁৰ কাষ চাপিব পাৰিম আৰু তেওঁৰ লগত থকা আমাৰ সম্পৰ্কও আৰু দৃঢ় হʼব। ভৱিষ্যতে অনন্ত জীৱন দিয়াৰ আশাও যিহোৱাই আমাক দিছে। এই আশীৰ্বাদবোৰৰ বিষয়ে চিন্তা কৰিলে আমাৰ আশা আৰু দৃঢ় হʼব। এনে কৰাৰ যোগেদি আমি যিহোৱাৰ সেৱা আনন্দ মনেৰে কৰিব পাৰিম।
আমি ধৈৰ্য্য ধৰিম আৰু যিহোৱাৰ সেৱা কৰি থাকিম
১৯. (ক) যিচয়া ৩০:১৮ পদৰ অনুসৰি আমি কি কথাত বিশ্বাস ৰাখিব পাৰোঁ? (খ) ধৈৰ্য্য ধৰিবলৈ আৰু আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰিবলৈ আমি কি কৰিব লাগিব?
১৯ অতি সোনকালে যিহোৱাই এই দুষ্ট জগতক ধ্বংস কৰিবলৈ “উঠিব” অৰ্থাৎ পদক্ষেপ লʼব। (যিচ. ৩০:১৮) যিহোৱাই ন্যায় বিচাৰ কৰি ভাল পায়। সেইবাবে, আমি বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ সঠিক সময়ত এইদৰে কৰিব অৰ্থাৎ তেওঁ ন্যায় কৰিবলৈ অলপো দেৰি নকৰিব। (যিচ. ২৫:৯) কিন্তু তেতিয়ালৈকে যিহোৱাই ধৈৰ্য্য ধৰি আছে। গতিকে আহক আমি ধৈৰ্য্য ধৰি থাকোঁ আৰু যেতিয়ালৈকে সেই দিন নাহে, তেতিয়ালৈকে যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকোঁ, বাইবেল অধ্যয়ন কৰি থাকোঁ আৰু তাত লিখা কথাবোৰ মানি চলোঁ আৰু যিহোৱাই আমাক যিবোৰ আশীৰ্বাদ দিছে, তাৰ বিষয়ে ধ্যান কৰি থাকোঁ। তেতিয়া যিহোৱাই আমাক সহায় কৰিব আৰু সমস্যা আহিলেও আমি ধৈৰ্য্য ধৰিব পাৰিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম।
গীত ১৪২ নিজৰ আশাক দৃঢ়তাৰে ধৰি ৰাখক
a এই লেখত আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যাৰ যোগেদি যিহোৱাই আমাক সহায় কৰে, যাতে আমি সমস্যাবোৰ সহন কৰিব পাৰোঁ আৰু আনন্দেৰে তেওঁৰ সেৱা কৰিব পাৰোঁ। এই লেখত আমি যিচয়া ৩০ অধ্যায়টো আলোচনা কৰিম আৰু চাম যে আমি কিয় যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত, বাইবেল অধ্যয়ন কৰা উচিত আৰু যিহোৱাই আজি যিবোৰ আশীৰ্বাদ দিছে আৰু ভৱিষ্যতে দিব, তাৰ বিষয়ে কিয় ধ্যান কৰা উচিত।
b ইয়াৰ অৰ্থ কি? “লাক্ষণিক প্ৰমোদবন” এনে এক পৰিৱেশ হয়, যʼত যিহোৱাৰ সেৱকসকলে সুৰক্ষিত হৈ আছে আৰু সকলোৱে মিলি যিহোৱাৰ উপাসনা কৰে। এই লাক্ষণিক প্ৰমোদবনত আহাৰৰ একো অভাৱ নহয়। আজি আমাৰ ওচৰত বহুতো প্ৰকাশন আছে, যʼত বাইবেলৰ সত্যতাৰ বিষয়ে কোৱা হৈছে আৰু তাত মিছা ধৰ্মৰ কোনো কথা উল্লেখ নাই। আমাৰ ওচৰত এনে কাম আছে, যিবোৰ কৰি আমি আনন্দ পাওঁ। আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰোঁ। এই লাক্ষণিক প্ৰমোদবনত থকা লোকসকলৰ যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক আছে আৰু তেওঁলোকৰ মাজত শান্তি আছে। তেওঁলোকে এজনে-আনজনক সহায় কৰে, যাতে সমস্যাৰ সময়ত সকলোৱে ধৈৰ্য্য ধৰিব পাৰে আৰু আনন্দত থাকিব পাৰে। কিন্তু এই লাক্ষণিক প্ৰমোদবনত কোনে থাকিব পাৰে? যিসকল লোকে সঠিক উপায়েৰে যিহোৱাৰ উপাসনা কৰে আৰু তেওঁৰ দৰে হʼবলৈ চেষ্টা কৰে।