Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৫

এজনে-আনজনক প্ৰকৃত প্ৰেম কৰি থাকক

এজনে-আনজনক প্ৰকৃত প্ৰেম কৰি থাকক

“প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া [প্ৰকৃত প্ৰেম] আৰু কৰুণা ব্যৱহাৰ কৰা।”—জখ. ৭:৯.

গীত ১০৭ যিহোৱাৰ প্ৰেমৰ আৰ্হি

লেখৰ এক আভাস *

১-২. আমি কিয় এজনে-আনজনক প্ৰকৃত প্ৰেম কৰা উচিত?

এজনে-আনজনক প্ৰকৃত প্ৰেম কৰাৰ বহুতো কাৰণ আছে। কিছুমান কাৰণৰ বিষয়ে হিতোপদেশ কিতাপত উল্লেখ আছে। সেইবোৰ হৈছে “দয়া * [প্ৰকৃত প্ৰেম] আৰু সত্যতাই তোমাক ত্যাগ নকৰক; . . . তাকে কৰিলে তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।” “দয়ালু [প্ৰকৃত প্ৰেম কৰা] লোকে নিজ প্ৰাণৰ উপকাৰ কৰে।” “যি কোনো লোক ধাৰ্ম্মিকতা আৰু দয়াৰ [প্ৰকৃত প্ৰেমৰ] অনুগামী, তেওঁ জীৱন . . . লাভ কৰিব।”—হিতো. ৩:৩, ৪; ১১: ১৭; ২১:২১.

আমি প্ৰকৃত প্ৰেম কিয় কৰা উচিত? তাৰ বিষয়ে ওপৰত দিয়া পদবোৰত তিনিটা কাৰণ দিয়া হৈছে। প্ৰথমতে, প্ৰকৃত প্ৰেম কৰিলে আমি যিহোৱাৰ দৃষ্টিত মূল্যৱান হৈ পৰোঁ। দ্বিতীয়তে, এইদৰে কৰিলে আমাৰ নিজৰে লাভ হয়। যেনে, আমি ভাল বন্ধু বনাব পাৰোঁ। তৃতীয়তে, ভৱিষ্যতে আমি বহুতো আশীৰ্বাদ লাভ কৰিম আৰু লগতে অনন্ত জীৱনো লাভ কৰিম। সেইবাবে, আহক আমি যিহোৱাৰ এই কথাটো সদায় পালন কৰি থাকোঁ, “প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া [প্ৰকৃত প্ৰেম] আৰু কৰুণা ব্যৱহাৰ কৰা।”—জখ. ৭:৯.

৩. এই লেখত আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

এই লেখত আমি চাৰিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। আমি কোন লোকসকলক প্ৰকৃত প্ৰেম কৰা উচিত? ৰূথ নামৰ কিতাপৰপৰা আমি প্ৰকৃত প্ৰেম কৰাৰ বিষয়ে কি শিকিব পাৰোঁ? আমি প্ৰকৃত প্ৰেম কেনেকৈ কৰিব পাৰোঁ আৰু এইদৰে কৰিলে আমাৰ কি লাভ হ’ব?

আমি কোন লোকসকলক প্ৰকৃত প্ৰেম কৰা উচিত?

৪. যিহোৱাৰ নিচিনাকৈ আমি কোন লোকসকলক প্ৰকৃত প্ৰেম কৰা উচিত? (মাৰ্ক ১০:২৯, ৩০)

আগৰ লেখত আমি শিকিলোঁ যে যিসকল লোকে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ সেৱা কৰে, যিহোৱাই কেৱল সেই লোকসকলকহে প্ৰকৃত প্ৰেম কৰে। (দানি. ৯:৪) আমি ঈশ্বৰৰ ‘প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ ঈশ্বৰৰ অনুকাৰী’ হʼবলৈ বিচাৰোঁ। (ইফি. ৫:১) সেইবাবে, আমিও নিজৰ ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰা উচিত আৰু সমস্যাৰ সময়ত তেওঁলোকক সহায় কৰা উচিত।—মাৰ্ক ১০:২৯, ৩০ পঢ়ক।

৫-৬. সাধাৰণতে লোকসকলে বিশ্বাসী বুলি কোন লোকসকলক কয়?

যেতিয়া আমি বুজি পাওঁ যে প্ৰকৃত প্ৰেম দেখুৱাত আৰু কি কি জড়িত আছে, তেতিয়াহে আমি নিজৰ ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰিব পাৰিম। বহুতোলোকে ভাবে যে প্ৰকৃত প্ৰেমৰ অৰ্থ হৈছে বিশ্বাসী হৈ থকা। কিন্তু এই দুয়োটা গুণৰ মাজত পাৰ্থক্য আছে। আহক ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰোঁ।

যদি এজন ব্যক্তিয়ে বহুবছৰ ধৰি একেটা কোম্পানীত কাম কৰে, তেনেহ’লে তেওঁক বিশ্বাসী কৰ্মচাৰী বুলি কোৱা হয়। কিন্তু সেই সময়ছোৱাত হয়তো তেওঁ সেই কোম্পানীৰ মালিকক এবাৰো দেখা নাই। বহুবাৰ হয়তো তেওঁ মালিকৰ নিৰ্ণয়ত সন্মত নহʼবও পাৰে। তথাপি তেওঁ তাত কিয় কাম কৰি আছে? তেওঁ কোম্পানীটোক ভাল পাই কাম কৰিছে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ টকা-পইচা অৰ্জন কৰিবলৈহে কাম কৰিছে। যদি তেওঁ আন ঠাইত ভাল দৰমহা পোৱা চাকৰি পায়, তেনেহ’লে তেওঁ হয়তো সেই কোম্পানীটো এৰি দিব।

৭-৮. (ক) ঈশ্বৰৰ লোকসকলে এজনে-আনজনক কিয় প্ৰকৃত প্ৰেম কৰে? (খ) ৰূথ নামৰ কিতাপৰপৰা আমি কি শিকিম?

ইয়াৰপৰা স্পষ্টকৈ বুজিব পাৰি যে বহুবাৰ এজন ব্যক্তিয়ে বাধ্য হৈ বিশ্বাসী হয় থাকে। কিন্তু বাইবেলত কোৱা হৈছে যে ঈশ্বৰৰ লোকসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰাৰ কাৰণ হৈছে তেওঁলোকৰ হৃদয়ে এইদৰে কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰে। দায়ূদৰ উদাহৰণলৈ মন কৰক। যদিও যোনাথনৰ পিতৃয়ে দায়ূদক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, তথাপি দায়ূদৰ হৃদয়ে তেওঁৰ বন্ধু যোনাথনক প্ৰকৃত প্ৰেম কৰিবলৈ অনুপ্ৰাণিত কৰিলে। যোনাথনৰ মৃত্যুৰ বহুবছৰৰ পাছতো দায়ূদে তেওঁৰ পুত্ৰ মফীবোচৎক প্ৰকৃত প্ৰেম কৰি থাকিল।—১ চমূ. ২০:৯, ১৪, ১৫; ২ চমূ. ৪:৪; ৮:১৫; ৯:১, ৬, ৭.

এতিয়া আমি বাইবেলৰ ৰূথ নামৰ কিতাপৰপৰা আলোচনা কৰিম। আমি শিকিম যে ইয়াত উল্লেখ কৰা লোকসকলে কেনেকৈ প্ৰকৃত প্ৰেম দেখুৱালে আৰু আমি মণ্ডলীত এই প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ। *

ৰূথ কিতাপৰপৰা প্ৰকৃত প্ৰেম দেখুৱাৰ বিষয়ে আমি কি শিকিব পাৰোঁ?

৯. যিহোৱাই নয়মীক খং কৰিছিল বুলি তাই কিয় ভাবিছিল?

ৰূথ নামৰ কিতাপত আমি তিনিজন লোকৰ বিষয়ে পঢ়িবলৈ পাওঁ। নয়মী, তাইৰ বোৱাৰী ৰূথ আৰু বোৱজ নামৰ এজন ব্যক্তি, যিয়ে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু নয়মীৰ স্বামীৰ সমন্ধীয় লোক আছিল। যেতিয়া ইস্ৰায়েল দেশত আকাল হৈছিল, তেতিয়া নয়মীয়ে নিজৰ স্বামী আৰু দুজন পুত্ৰৰ লগত মোৱাব দেশলৈ গৈছিল। তাত তাইৰ স্বামীৰ মৃত্যু হৈ গ’ল। দুয়োজন পুত্ৰই বিয়া পতাৰ পাছত তেওঁলোকৰো মৃত্যু হ’ল। (ৰূথ ১:৩-৫; ২:১) এই ঘটনাৰ বাবে নয়মী বৰ নিৰাশ হৈ পৰিছিল। তাই ভাবিছিল যে যিহোৱাই তাইক খং কৰিছে। সেইবাবে, তাই এইদৰে কৈছিল, “যিহোৱাৰ হাত মোৰ বিৰুদ্ধে মেলা হল। . . . সৰ্ব্বশক্তিমান জনাই মোক বৰ দুখত পেলালে। . . . আৰু সৰ্ব্বশক্তিমান জনাই মোক নগ্ৰহ কৰিলে।”—ৰূথ ১:১৩, ২০, ২১.

১০. নয়মীৰ কথা শুনি যিহোৱাই কি কৰিলে?

১০ নয়মীৰ কথা শুনি যিহোৱাই খং কৰা নাছিল আৰু তাইক এৰিও দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে যিহোৱাই তাইক সহানুভূতি দেখুৱালে। যিহোৱাই ভালদৰে জানে যে সমস্যা বা “অত্যাচৰে জ্ঞানৱানক বলীয়া কৰে।” (উপ. ৭:৭) নয়মীয়ে এই কথা বুজি পোৱাৰ প্ৰয়োজন আছিল যে যিহোৱাই তাইক এৰি দিয়া নাই। যিহোৱাই নয়মীক এৰি দিয়া নাই বুলি তাইক কেনেকৈ আশ্বাস দিলে? (১ চমূ. ২:৮) যিহোৱাই নয়মীক প্ৰকৃত প্ৰেম কৰিবলৈ ৰূথক অনুপ্ৰাণিত কৰিলে। সেইবাবে, ৰূথে তাইক সহায় কৰিলে, যাতে নয়মীয়ে নিৰাশাৰপৰা ওলাই আহিব পাৰে আৰু যিহোৱাই যে তাইক এতিয়াও প্ৰেম কৰে, সেয়া বুজি পাব পাৰে। আমি ৰূথৰপৰা কি শিকিব পাৰোঁ?

১১. বহুতো সত্য খ্ৰীষ্টানে আন ভাই-ভনীসকলক কিয় প্ৰেম কৰে?

১১ প্ৰকৃত প্ৰেমে আমাক দুখত আৰু নিৰাশাত থকা ভাই-ভনীসকলক সহায় কৰিবলৈ অনুপ্ৰাণিত কৰে। যিদৰে ৰূথে নয়মীক সহায় কৰি থাকিল, ঠিক সেইদৰে আজি বহুতো সত্য খ্ৰীষ্টানে এনে ভাই-ভনীসকলক সহায় কৰে, যিসকল দুখত আৰু নিৰাশাত আছে। তেওঁলোকে সেই ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিবলৈ যিমান পাৰে সিমান কৰে। (হিতো. ১২:২৫; ২৪:১০) এইদৰে তেওঁলোকে পাঁচনি পৌলে দিয়া এই পৰামৰ্শ পালন কৰে, “অল্প-সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্ব্বল লোকক সাহায্য কৰা আৰু সকলোলৈকে দীৰ্ঘ-সহিষ্ণু হোৱা।”—১ থিচ. ৫:১৪.

নিৰাশাত থকা ভাই-ভনীসকলৰ কথা মনোযোগেৰে শুনি আমি তেওঁলোকক সহায় কৰিব পাৰোঁ (অনুচ্ছেদ ১২ চাওক)

১২. নিৰাশাত থকা ভাই-ভনীসকলক সহায় কৰাৰ আটাইতকৈ ভাল উপায় কি?

১২ নিৰাশাত থকা ভাই-ভনীসকলক সহায় কৰাৰ এটা ভাল উপায় হৈছে তেওঁলোকৰ কথা মনোযোগৰে শুনা আৰু আপুনি তেওঁলোকক প্ৰেম কৰে বুলি আশ্বাস দিয়া। এই ভাই-ভনীসকল যিহোৱাৰ বাবে মূল্যৱান মেৰৰ নিচিনা হয়। সেইবাবে, যদি আপুনি তেওঁলোকৰ যত্ন লয়, তেনেহ’লে যিহোৱাই আপোনাৰ প্ৰতি কৃতজ্ঞ হʼব। (গীত. ৪১:১) হিতোপদেশ ১৯:১৭ পদত এইদৰে লিখা আছে, “যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব।”

অৰ্পাই মোৱাবলৈ উভতি গৈছে কিন্তু ৰূথে তাইৰ শাহু নয়মীক এৰি দিয়া নাই আৰু তাই এইদৰে কৈছে, “আপুনি য’লৈকে যাই, মইও তʼলৈকে যাম।” (অনুচ্ছেদ ১৩ চাওক)

১৩. (ক) ৰূথৰ নিৰ্ণয় কেনেকৈ অৰ্পাৰ নিৰ্ণয়তকৈ বেলেগ আছিল? (খ) ৰূথে এই নিৰ্ণয় কিয় লৈছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৩ প্ৰকৃত প্ৰেম কৰাত আৰু এটা কথা জড়িত আছে। এয়া জানিবলৈ আহক মন কৰোঁ যে নয়মীৰ স্বামী আৰু তেওঁৰ দুজন পুত্ৰৰ মৃত্যুৰ পাছত তাইৰ লগত কি হ’ল। যেতিয়া নয়মীয়ে গম পালে যে “যিহোৱাই নিজ লোকবিলাকলৈ অনুগ্ৰহ কৰি তেওঁবিলাকক খোৱা বস্তু দিছে,” তেতিয়া তাই নিজৰ দেশলৈ উভতি যাবলৈ নিৰ্ণয় ললে। (ৰূথ ১:৬) তাইৰ লগত দুয়োজনী বোৱাৰীও গ’ল। কিন্তু ৰাস্তাত তাই নিজৰ দুজনী বোৱাৰীক নিজৰ দেশ মোৱাবলৈ উভতি যাবলৈ তিনিবাৰ কৈছিল। তাৰ পাছত “অৰ্পাই তাইৰ শাহুৱেকক চুমা খাই বিদায় ললে; কিন্তু ৰূথে তেওঁক নেৰি তেওঁৰ লগতে থাকিল।” (ৰূথ ১:৭-১৪) নয়মীয়ে যিদৰে কৰিবলৈ কৈছিল অৰ্পাই ঠিক সেইদৰে কৰিলে, কিন্তু ৰূথে তাতকৈ অধিক কৰিলে। তাই বিচৰা হʼলে নিজৰ ঘৰলৈ যাব পাৰিলেহেঁতেন। কিন্তু তাই নয়মীক প্ৰকৃত প্ৰেম কৰিছিল। সেইবাবে, তাই নয়মীৰ লগত থাকিবলৈ নিৰ্ণয় লʼলে। (ৰূথ ১:১৬, ১৭) তাই এই নিৰ্ণয় বাধ্য হৈ লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তাই হৃদয়ৰপৰা নয়মীক সহায় কৰিবলৈ বিচাৰিছিল। এইদৰে তাই প্ৰকৃত প্ৰেম দেখুৱালে। ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

১৪. (ক) আজি বহুতো সত্য খ্ৰীষ্টানে কি কৰে? (খ) ইব্ৰী ১৩:১৬ পদৰ অনুসৰি ঈশ্বৰে কেনেধৰণৰ বলিদানৰপৰা আনন্দিত হয়?

১৪ প্ৰকৃত প্ৰেমে আমাক ভাই-ভনীসকলক বেছিকৈ সহায় কৰিবলৈ অনুপ্ৰাণিত কৰে। অতীতৰ নিচিনাকৈ আজিও বহুতো সত্য খ্ৰীষ্টানে এনে ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰে, যিসকলক তেওঁলোকে চিনি নাপায়। উদাহৰণস্বৰূপে, যেতিয়া তেওঁলোকে গম পাই যে কʼৰবাত দুৰ্যোগ হৈছে, তেতিয়া তেওঁলোকে লগে লগে সেই ঠাইৰ ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে। অথবা যেতিয়া তেওঁলোকে গম পাই যে মণ্ডলীৰ কোনো ভাই বা ভনীৰ টকা-পইচাৰ অভাৱ হৈছে, তেতিয়া লগে লগে তেওঁলোকক সহায় কৰে। প্ৰথম শতিকাৰ মাকিদনিয়াৰ খ্ৰীষ্টানসকলৰ নিচিনা তেওঁলোকৰ যিমান সামৰ্থ আছে, তাতকৈ “অতিৰিক্ত পৰিমাণে” দিলে। (২ কৰি. ৮:৩) তেওঁলোকে সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈ বহুতো ত্যাগ কৰে। অৰ্থাৎ নিজৰ সময় আৰু বস্তুবোৰ দিয়ে। এই সকলো দেখি যিহোৱাই কিমান আনন্দিত হয়।—ইব্ৰী ১৩:১৬ পঢ়ক।

আমি প্ৰকৃত প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ?

১৫-১৬. ৰূথে কেনেকৈ চেষ্টা কৰি থাকিল?

১৫ ৰূথ আৰু নয়মীৰপৰা আমি বহুতো কথা শিকিব পাৰিলোঁ। আহক ইয়াৰে কিছুমানৰ ওপৰত ধ্যান দিওঁ।

১৬ চেষ্টা কৰি থাকক। যেতিয়া ৰূথে নয়মীক কৈছিল যে তাই নয়মীৰ লগত যিহূদালৈ যাব, তেতিয়া নয়মীয়ে প্ৰথমে তাইক মানা কৰিছিল। কিন্তু ৰূথে হাৰ মানি লোৱা নাছিল। তাই যাবলৈ চেষ্টা কৰি থাকিল। ‘নয়মীৰ লগত যাবলৈ ৰূথৰ দৃঢ় মন’ দেখি নয়মীয়ে তাইক কথা কʼবলৈ এৰিলে।—ৰূথ ১:১৫-১৮.

১৭. চেষ্টা কৰি থাকিবলৈ আমাক কি কথাই সহায় কৰিব?

১৭ শিক্ষা: নিৰাশাত থকা লোকসকলক একেৰাহে সহায়ৰ প্ৰয়োজন হয়। সেইবাবে, আমি হাৰ নামানি ধৈৰ্য্য ধৰা উচিত। হয়তো আৰম্ভণিতে তেওঁলোক আমাৰপৰা সহায় লʼবলৈ মানা কৰিব। তথাপি আমি তেওঁলোকক প্ৰকৃত প্ৰেম কৰোঁ। সেইবাবে, আমি তেওঁলোকক সহায় কৰিবলৈ কেতিয়াও নেৰিম। ইয়াৰ পৰিৱৰ্তে বাৰে বাৰে আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰি থাকিম। (গালা. ৬:২) এদিন নহয় এদিন তেওঁলোকে নিশ্চয় আমাৰ সহায় ল’ব।

১৮. ৰূথক হয়তো কি কথাৰ বাবে বেয়া লাগিছিল?

১৮ বেয়া নাপাব। যেতিয়া নয়মী আৰু ৰূথে বৈৎলেহমলৈ পালেগৈ, তেতিয়া নয়মী নিজৰ পুৰণি চুবুৰীয়াসকলক লগ পালে। নয়মীয়ে তেওঁলোকক এইদৰে কৈছিল, “মই পৰিপূৰ্ণ হৈ গৈছিলোঁ; কিন্তু এতিয়া যিহোৱাই মোক শুধা-হাতে ওলোটাই আনিলে।” (ৰূথ ১:২১) চিন্তা কৰক, এই কথা শুনি ৰূথৰ কেনে অনুভৱ হ’ল? তাই নয়মীক বহুতো সহায় কৰিছিল। তাইৰ লগত মিলি কান্দিছিল, তাইক শান্ত্বনা দিছিল আৰু বহুদিনৰলৈকে তাইৰ লগত খোজ কাঢ়ি আহিছিল। তথাপি নয়মীয়ে এইদৰে ক’লে, “যিহোৱাই মোক শুধা-হাতে ওলোটাই আনিলে।” ৰূথে নয়মীক যি সহায় কৰিছিল, নয়মীয়ে সেইবোৰ উল্লেখ নকৰিলে। এই কথা শুনি ৰূথক হয়তো বেয়া লাগিছিল। তথাপি তাই নয়মীক এৰি দিয়া নাছিল।

১৯. নিৰাশাত থকা ভাই-ভনীসকলক সহায় কৰাৰ সময়ত আমি কি কথা মনত ৰখা উচিত?

১৯ শিক্ষা: আমি হয়তো নিৰাশাত থকা ভাই-ভনীসকলক সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু তেওঁলোকে হয়তো আমাক এনে কথা কʼব পাৰে, যাৰ বাবে আমি হয়তো আঘাত পাব পাৰোঁ। এনে পৰিস্থিতিত আমি তেওঁলোকক বেয়া পাই এৰি দিয়া উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাৰপৰা সহায় বিচৰা উচিত, যাতে আমি তেওঁলোকক শান্ত্বনা দিব পাৰোঁ।—হিতো. ১৭:১৭.

মণ্ডলীত প্ৰাচীনসকলে বোৱজৰ নিচিনাকৈ কেনেকৈ হ’ব পাৰে? (অনুচ্ছেদ ২০-২১ চাওক)

২০. ৰূথে কেনেকৈ উৎসাহিত হ’ল?

২০ প্ৰয়োজনীয় সময়ত উৎসাহিত কৰক। ৰূথে নয়মীক প্ৰকৃত প্ৰেম কৰিছিল আৰু তাইক সহায় কৰি আছিল। কিন্তু এতিয়া ৰূথক সহায়ৰ প্ৰয়োজন আছিল। সেইবাবে, যিহোৱাই ৰূথক উৎসাহিত কৰিবলৈ বোৱজক অনুপ্ৰাণিত কৰিলে। বোৱজে তাইক এইদৰে কৈছিল, “যিহোৱাই তোমাৰ কৰ্ম্মৰ ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকা দুখনিৰ তলত আশ্ৰয় লবলৈ আহিছে, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰষ্কাৰ দিয়ক।” এয়া শুনি ৰূথক বৰ ভাল লাগিল। তাই বোৱজক এইদৰে কৈছিল, “আপুনি মোক শান্ত্বনা কৰিলে, আৰু মই আপোনাৰ এজনী দাসীৰ নিচিনা নোহোৱাতো আপুনি এই দাসীক মৰমৰ কথা কলে।” (ৰূথ ২:১২, ১৩) এইদৰে ৰূথে বোৱজৰপৰা উৎসাহিত হৈ নয়মীক সহায় কৰি থাকিল।

২১. যিচয়া ৩২:১, ২ পদৰ অনুসৰি প্ৰাচীনসকলে কি কৰা উচিত?

২১ শিক্ষা: যিসকল লোকে আনক প্ৰকৃত প্ৰেম কৰে, বহুবাৰ তেওঁলোককো উৎসাহৰ প্ৰয়োজন হয়। যিদৰে বোৱজে ধ্যান দিলে যে ৰূথে নিজৰ শাহুৱেকক কেনেকৈ সহায় কৰিছে, সেইবাবে বোৱজে তাইক প্ৰশংসা কৰিলে। ঠিক সেইদৰে বৰ্তমান সময়তো প্ৰাচীনসকলে ধ্যান দিয়া উচিত যে মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ আনক সহায় কৰি আছে। তাৰ পাছত সময়ে সময়ে তেওঁলোকক প্ৰশংসা কৰা উচিত। এইদৰে কৰিলেহে ভাই-ভনীসকলে আনক সহায় কৰিবলৈ উৎসাহ লাভ কৰিব।যিচয়া ৩২:১, ২ পঢ়ক।

প্ৰকৃত প্ৰেম কৰিলে আমাৰ কি লাভ হয়?

২২-২৩. (ক) নয়মীৰ চিন্তাধাৰা সলনি হ’ল বুলি কেনেকৈ জানিব পাৰি? (খ) তাইৰ চিন্তাধাৰা কিয় সলনি হ’ল? (গীতমালা ১৩৬:২৩, ২৬)

২২ কিছুসময়ৰ পাছত বোৱজে ৰূথ আৰু নয়মীক বহুতো শস্য দিছিল। (ৰূথ ২:১৪-১৮) তেওঁৰ উদাৰতা দেখি নয়মীয়ে এইদৰে কৈছিল, “যি জনাই জীয়া আৰু মৰা লোকলৈ দয়া [প্ৰকৃত প্ৰেম] কৰিবলৈ এৰা নাই, সেই যিহোৱাৰ পৰা তেওঁ আশীৰ্ব্বাদ পাওক।” (ৰূথ ২:২০) আপুনি মন কৰিলেনে নয়মীৰ চিন্তাধাৰা কিমান সলনি হ’ল। প্ৰথমে তাই দুখ কৰি এইদৰে কৈছিল, “যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে।” কিন্তু এতিয়া তাই আনন্দেৰে এইদৰে কৈছে, ‘যিহোৱাই দয়া [প্ৰকৃত প্ৰেম] কৰিবলৈ এৰা নাই।’ নয়মীৰ চিন্তাধাৰা কিয় সলনি হ’ল?

২৩ নয়মীয়ে অনুভৱ কৰিলে যে যিহোৱাই তাইক সহায় কৰি আছে। যেতিয়া তাই যিহূদালৈ উভতি আহিছিল, তেতিয়া যিহোৱাই ৰূথক তাইৰ লগত যাবলৈ অনুপ্ৰাণিত কৰিলে। (ৰূথ ১:১৬) যিহোৱাই তেওঁলোকৰ ‘মুক্তিকৰ্ত্তাৰ’ মাজৰ এজন ব্যক্তি বোৱজক তেওঁলোকক বহুতো শস্য দিবলৈ অনুপ্ৰাণিত কৰিলে। * (ৰূথ ২:১৯, ২০) এইদৰে নয়মীয়ে বুজি পালে যে যিহোৱাই তাইক কেতিয়াও এৰি দিয়া নাই। ইয়াৰ পৰিৱৰ্তে সকলো সময়তে তাইৰ লগত আছে। (গীতমালা ১৩৬:২৩, ২৬ পঢ়ক।) নয়মীয়ে ৰূথ আৰু বোৱজৰ প্ৰতিও কৃতজ্ঞ আছিল। কিয়নো তেওঁলোকে তাইক সহায় কৰিবলৈ কেতিয়াও এৰি দিয়া নাছিল। ৰূথ আৰু বোৱজে এয়া দেখি অতি আনন্দিত আছিল যে নয়মীয়ে পুনৰ আনন্দেৰে যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে।

২৪. আমি আমাৰ ভাই-ভনীসকলক কিয় প্ৰকৃত প্ৰেম কৰোঁ?

২৪ ৰূথ নামৰ কিতাপৰপৰা আমি প্ৰকৃত প্ৰেম কৰাৰ বিষয়ে কি শিকিলোঁ? যদি আমি নিৰাশাত থকা ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰোঁ, তেনেহ’লে আমি তেওঁলোকক সহায় কৰিবলৈ পিছ নুহুকিম, লগতে তেওঁলোকক সহায় কৰিবলৈ আৰু পৰিশ্ৰম কৰিম। প্ৰাচীনসকলে সময়ে সময়ে এনে ভাই-ভনীসকলক উৎসাহিত কৰা উচিত, যিসকলে আনক সহায় কৰে। যেতিয়া নিৰাশাত থকা ভাই-ভনীসকলে আকৌ আনন্দেৰে যিহোৱাক সেৱা কৰিবলৈ ধৰে, তেতিয়া এয়া দেখি আমি বহুত আনন্দিত হওঁ। (পাঁচ. ২০:৩৫) কিন্তু ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ কি হয়? আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ, যিজন “দয়াৰে [প্ৰকৃত প্ৰেমেৰে] পৰিপূৰ্ণ।”—যাত্ৰা. ৩৪:৬; গীত. ৩৩:২২.

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

^ অনু. 5 আমি মণ্ডলীৰ ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰাটো যিহোৱাই বিচাৰে। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? প্ৰাচীন সময়ৰ ঈশ্বৰৰ সেৱকসকলৰপৰা আমি শিকিব পাৰোঁ। এই লেখত আমি বিশেষকৈ ৰূথ, নয়মী আৰু বোৱজৰপৰা শিকিম।

^ অনু. 1 কিছুমান বাইবেলত প্ৰকৃত প্ৰেমক দয়া বুলি অনুবাদ কৰা হৈছে। সেইবাবে, এই লেখত যেতিয়া দয়া শব্দটো আহে, তেতিয়া ইয়াৰ অৰ্থ হৈছে প্ৰকৃত প্ৰেম।

^ অনু. 8 এই লেখটো আৰু ভালদৰে বুজিবলৈ আপুনি যদি বিচাৰে ৰূথ অধ্যায় ১ আৰু পঢ়িব পাৰে।

^ অনু. 23 বোৱজৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ তেওঁলোকৰ বিশ্বাসৰ উদাহৰণ অনুকৰণ কৰক (হিন্দী) নামৰ কিতাপৰ ৫ অধ্যায়ৰ “এগৰাকী ধাৰ্ম্মিক তিৰোতা” পঢ়ক।