Skip to content

Skip to table of contents

এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল

এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল

ফিলিপিন্স দেশৰ বাগিঅʼ চহৰত যিহোৱাৰ সাক্ষীয়ে ব্যৱসায় এলেকাত কাৰ্ডৰ যোগেদি সাক্ষ্য দিছিল। দুজনী ছোৱালী সেইফালেদি পাৰ হৈছিল। তেওঁলোকে কাৰ্ডৰ ফালে চাইছিল, কিন্তু কাৰ্ডৰ ওচৰলৈ যোৱা নাছিল। কাৰ্ডৰ ওচৰত থিয় হোৱা হেলেন নামৰ ভনীগৰাকীয়ে তেওঁলোকক দেখি মিচিকিয়াই হাঁহিলে। তেওঁলোকে তাৰপৰা গুচি গʼল, কিন্তু তেওঁলোকে হেলেনৰ মিচিকিয়া হাঁহি পাহৰিব নোৱাৰিলে।

সেইদিনাখনেই যেতিয়া সেই দুজনী ছোৱালীয়ে বাছেৰে ঘৰলৈ গৈছিল, তেতিয়া তেওঁলোকে jw.org লিখা এখন ডাঙৰ বৰ্ড দেখিলে। তেওঁলোকৰ মনত পৰিল যে কাৰ্ডত এয়াই লিখা আছিল। তেওঁলোকে বাছৰপৰা নামিল আৰু আমাৰ ৰাজ্যগৃহৰ গেটত লগোৱা বৰ্ডৰ ফালে আগবাঢ়ি আহিল। সেই বৰ্ডখনত লিখা আছিল যে বেলেগ বেলেগ মণ্ডলীৰ সভাবোৰ কেতিয়া হয়।

সেই দুজনী ছোৱালীয়ে পাছৰ সভাত উপস্থিত হʼল আৰু ৰাজ্যগৃহত সোমোৱাৰ লগে লগে তেওঁলোকে হেলেনক দেখা পালে। হেলেনৰ মিচিকিয়া হাঁহি দেখিয়েই তেওঁলোকে তাইক চিনি পালে। হেলেনে এইদৰে কয়, “দুজনী অচিনাকি ছোৱালীক মোৰ ফালে অহা দেখি মই ভয়ভিত হৈছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ, ‘তেওঁলোকে মোৰ ফালে কিয় আহিছে?’” কিন্তু তেওঁলোকে পাছত হেলেনক কয় যে তেওঁলোকে তাইক কেনেকৈ চিনি পায়।

তেওঁলোকক সভাত উপস্থিত হৈ ভাল লাগিল আৰু ভাই-ভনীসকলকো লগ কৰি ভাল লাগিল। তেওঁলোকে সভাত আপোন যেন অনুভৱ কৰিলে। সভাৰ পাছত যেতিয়া তেওঁলোকে ভাই-ভনীসকলক ৰাজ্যগৃহ চাফ-চিকুণ কৰা দেখিলে, তেতিয়া তেওঁলোকেও সহায় কৰিব পাৰিবনে বুলি সুধিলে। দুজনী ছোৱালীৰ ভিতৰত এজনীয়ে আন দেশলৈ গুচি গʼল। কিন্তু আনজনী ছোৱালীয়ে সভালৈ আহিবলৈ আৰু বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। এই সকলো এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল।