Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫

‘খ্ৰীষ্ট প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ’

‘খ্ৰীষ্ট প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ’

‘খ্ৰীষ্ট প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ।’—১ কৰি. ১১:৩.

গীত ১২ যিহোৱা মহান ঈশ্বৰ

লেখৰ এক আভাস *

১. বেছিভাগ পুৰুষে নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত কেনে ব্যৱহাৰ কৰে আৰু কিয়?

আপুনি কি ভাৱে? যেতিয়া এজন ব্যক্তিয়ে পৰিয়ালৰ ‘মূৰব্বী’ হয়, তেতিয়া তেওঁ নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত কেনে ব্যৱহাৰ কৰা উচিত? পৰিয়াল আৰু সমাজৰ লোকসকলক নিজৰ তিৰোতা আৰু লʼৰা-ছোৱালীৰ লগত যিদৰে ব্যৱহাৰ কৰা দেখে, ঠিক সেইদৰে কিছুমান পুৰুষেও নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত ব্যৱহাৰ কৰে। ইউৰোপৰ ভনী য়ানিতাই এইদৰে কয়, “আমাৰ ইয়াত লোকসকলে তিৰোতাসকলক তুচ্ছ বুলি গণ্য কৰে। তেওঁলোকৰ লগত চাকৰৰ দৰে ব্যৱহাৰ কৰে।” আমেৰিকাৰ লূক নামৰ ভাইজনে এইদৰে কয়, “কিছুমান পিতৃয়ে নিজৰ পুত্ৰক শিকায় যে তিৰোতাসকলক মতামত দিয়াৰ কোনো অধিকাৰ নাই। তেওঁলোকে মনে মনে থকা উচিত।” কিন্তু এজন স্বামীয়ে নিজৰ পত্নীৰ লগত এইদৰে ব্যৱহাৰ কৰাটো যিহোৱাই কেতিয়াও নিবিচাৰে। (মাৰ্ক ৭:১৩ পদৰ লগত তুলনা কৰক।) তেনেহʼলে, এজন স্বামী ভাল মূৰব্বী কেনেকৈ হʼব পাৰে?

২. পৰিয়ালৰ মূৰব্বীয়ে কি কথা জনা উচিত আৰু কিয়?

পৰিয়ালৰ ভাল মূৰব্বী হʼবলৈ এজন পুৰুষে এয়া জনা উচিত যে যিহোৱাই তেওঁৰপৰা কি বিচাৰে। তেওঁ এয়াও জনা উচিত যে যিহোৱাই তেওঁক এই অধিকাৰ কিয় দিছে। এই ক্ষেত্ৰত তেওঁলোকে যিহোৱা আৰু যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰে? এই সকলো জনাটো কিয় প্ৰয়োজন? কিয়নো অধিকাৰ দিয়াজন যিহোৱা হয় আৰু পৰিয়ালৰ মূৰব্বীয়ে নিজৰ অধিকাৰ ভালদৰে ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে।—লূক ১২:৪৮.

স্বামীসকলক কি অধিকাৰ দিয়া হৈছে?

৩. প্ৰথম কৰিন্থীয়া ১১:৩ পদৰ অনুসৰি যিহোৱাই নিজৰ পৰিয়ালক কেনেকৈ সংগঠিত কৰিছে?

প্ৰথম কৰিন্থীয়া ১১:৩ পঢ়ক। এই পদত কোৱা হৈছে যে যিহোৱাই স্বৰ্গ আৰু পৃথিৱীত নিজৰ পৰিয়ালক কেনেকৈ সংগঠিত কৰিছে। তেওঁ এই পৰিয়ালৰ মূৰব্বী হয়। সেইবাবে, নিজৰ পৰিয়ালৰ ওপৰত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁ আনকো কিছুমান অধিকাৰ দিছে। কিন্তু তেওঁলোকে যিদৰে নিজৰ অধিকাৰক ব্যৱহাৰ কৰে, তাৰ বাবে তেওঁলোকে যিহোৱাক উত্তৰ দিব লাগিব। (ৰোম. ১৪:১০; ইফি. ৩:১৪, ১৫) যিহোৱাই যীচুক মণ্ডলীৰ মূৰব্বী হিচাপে নিযুক্ত কৰিছে। কিন্তু যীচুৱে মণ্ডলীৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ বাবে তেওঁ যিহোৱাক হিচাপ দিব লাগিব। (১ কৰি. ১৫:২৭) যিহোৱাই পুৰুষসকলকো নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ ওপৰত অধিকাৰ দিছে। পুৰুষসকলে যিদৰে তেওঁলোকৰ লগত ব্যৱহাৰ কৰে, তাৰ বাবে তেওঁলোকে যিহোৱা আৰু যীচুক উত্তৰ দিব লাগিব।—১ পিত. ৩:৭.

৪. যিহোৱা আৰু যীচুৰ কি অধিকাৰ আছে?

পৰিয়ালৰ মূৰব্বী হিচাপে নিজৰ সন্তানৰ বাবে নিয়ম বনাবলৈ যিহোৱাৰ অধিকাৰ আছে। তেওঁলোকে যাতে এই নিয়মবোৰ পালন কৰে, তাৰ প্ৰতিও যিহোৱাই ধ্যান দিয়ে। (যিচ. ৩৩:২২) ঠিক সেইদৰে, মণ্ডলীৰ মূৰব্বী হিচাপে নিয়ম বনাবলৈ যীচুৰ অধিকাৰ আছে আৰু মণ্ডলীয়ে যাতে সেই নিয়মবোৰ পালন কৰে, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে।—গালা. ৬:২; কল. ১:১৮-২০.

৫. পৰিয়ালৰ মূৰব্বী হোৱাৰ অৰ্থ এয়া নেকি যে তেওঁ অধিকাৰক নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব পাৰে?

যিহোৱা আৰু যীচুৰ দৰে খ্ৰীষ্টান পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালৰ বাবে নিৰ্ণয় লʼব পাৰে। (ৰোম. ৭:২; ইফি. ৬:৪) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ নিজৰ অধিকাৰক নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি তেওঁ নিজৰ পৰিয়ালৰ বাবে কিবা নিয়ম বনায়, তেন্তে সেই নিয়ম বাইবেলৰ সিদ্ধান্তৰ আধাৰত হোৱা উচিত। (হিতো. ৩:৫, ৬) তেওঁৰ পৰিয়ালৰ সদস্য নোহোৱা লোকসকলৰ বাবে তেওঁ নিয়ম বনাব নোৱাৰে। (ৰোম. ১৪:৪) যেতিয়া সন্তানে ডাঙৰ হৈ বিয়া কৰে, তেতিয়া পিতৃ তেওঁলোকৰ মূৰব্বী হৈ নাথাকে। যদিও পিতৃৰ প্ৰতি তেওঁলোকৰ প্ৰেম কমি নাযায়, তথাপি তেওঁলোক এতিয়া পিতৃৰ অধিকাৰৰ অধীনত নাই।—মথি ১৯:৫.

যিহোৱাই স্বামীসকলক মূৰব্বী হিচাপে কিয় নিযুক্ত কৰিছে?

৬. যিহোৱাই কিছুমান লোকক মূৰব্বী হিচাপে কিয় দায়িত্ব দিছে?

যিহোৱাই কিছুমান লোকক মূৰব্বী হিচাপে অধিকাৰ দিছে। কিয়নো যিহোৱাই নিজৰ পৰিয়ালক প্ৰেম কৰে। এই ব্যৱস্থাৰ বাবে যিহোৱাৰ পৰিয়ালত শান্তি থাকে আৰু সকলো কাম শৃংখলাবদ্ধভাৱে হয়। (১ কৰি. ১৪:৩৩, ৪০) পৰিয়ালত দায়িত্ব আৰু নিৰ্ণয় কোনে লʼব, তাৰ বিষয়ে যদি কোনেও নাজানে, তেনেহʼলে চিন্তা কৰকচোন পৰিয়ালত কিমান অশান্তিৰ সৃষ্টি হʼব আৰু সকলোৱে দুখিত হʼব।

৭. ইফিচীয়া ৫:২৫, ২৮ পদৰ অনুসৰি স্বামীয়ে নিজৰ পত্নীৰ লগত কেনে ব্যৱহাৰ কৰা উচিত?

যদি যিহোৱাই কিবা ভাবিয়েই পুৰুষসকলক পৰিয়ালৰ মূৰব্বী হিচাপে নিযুক্ত কৰিছে, তেনেহʼলে বহুতো স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কিয় কৰে? তেওঁলোকক নিজৰ অধীনত কিয় ৰাখে? কিয়নো তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন নকৰে। তেওঁলোকে নিজৰ পৰিয়ালৰ লগত ঠিক সেইদৰে ব্যৱহাৰ কৰে, যিদৰে তেওঁলোকৰ সমাজ বা সংস্কৃতিত ব্যৱহাৰ কৰা হয়। তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, এজন স্বামীয়ে নিজকে বৰ বুলি প্ৰমাণ কৰিবলৈ নিজৰ পত্নীক হেয়জ্ঞান কৰে অথবা নিজৰ পত্নীৰ ওপৰত শাসন চলায়, যাতে লোকসকলে তেওঁক দুৰ্বল বুলি নাভাবে। তেওঁ হয়তো এয়া ভাবিব পাৰে যে তেওঁক প্ৰেম কৰিবলৈ নিজৰ পত্নীক বাধ্য কৰিব নোৱাৰে। কিন্তু তেওঁক দাবী-ধমকি দি ৰাখিব পাৰে। ডাবি-ধমকীৰ সহায়ত তেওঁ পত্নীক নিজৰ অধীনত ৰাখে। * তিৰোতাসকলক সন্মান কৰাটো যিহোৱাই বিচাৰে। কিন্তু যিসকল স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে আৰু সন্মান নকৰে, তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে কাম কৰে।—ইফিচীয়া ৫:২৫, ২৮ পঢ়ক।

ভাল মূৰব্বী হʼবলৈ এজন পুৰুষে কি কৰা উচিত?

৮. ভাল মূৰব্বী হʼবলৈ এজন পুৰুষে কি কৰা উচিত?

যিহোৱা আৰু যীচুৱে নিজৰ অধিকাৰক যিদৰে ব্যৱহাৰ কৰে, ঠিক সেইদৰে যদি এজন পুৰুষে নিজৰ অধিকাৰক ব্যৱহাৰ কৰে, তেন্তে তেওঁ এজন ভাল মূৰব্বী হʼব পাৰিব। এতিয়া আহক যিহোৱা আৰু যীচুৰ দুটা গুণৰ বিষয়ে আলোচনা কৰোঁ। আমি এয়াও শিকিম যে পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পত্নী আৰু সন্তানসকলৰ লগত ব্যৱহাৰ কৰোঁতে এই গুণ কেনেকৈ দেখুৱাব পাৰে।

৯. যিহোৱা নম্ৰ হয় বুলি আমি কেনেকৈ জানিব পাৰোঁ?

নম্ৰতা। গোটেই বিশ্বব্ৰহ্মাণ্ডত যিহোৱা সকলোতকৈ বুদ্ধিমান হয়। তথাপি তেওঁ নিজৰ অধীনত থকা লোকসকলৰ পৰামৰ্শ গ্ৰহণ কৰে। (আদি. ১৮:২৩, ২৪, ৩২) এবাৰ কোনো এটা বিষয়ত নিজৰ মতামত দিবলৈ যিহোৱাই স্বৰ্গদূতসকলক কৈছিল। (১ ৰাজা. ২২:১৯-২২) যিহোৱা সিদ্ধ হয়, তথাপি আমি ভুল নকৰিম বুলি তেওঁ আমাৰপৰা কেতিয়াও আশা নকৰে। ইয়াৰ পৰিৱৰ্তে অসিদ্ধ লোকক তেওঁ সহায় কৰে। (গীত. ১১৩:৬, ৮) যিহোৱা ইমানেই নম্ৰ হয় যে বাইবেলত তেওঁক আমাৰ “সহায়কৰ্ত্তা” বুলি কোৱা হৈছে। (গীত. ২৭:৯; ইব্ৰী ১৩:৬) দায়ূদে এই কথা স্বীকাৰ কৰিলে যে যিহোৱাৰ নম্ৰতাৰ বাবেহে তেওঁ নিজৰ জীৱনত সফল হʼব পাৰিলে।—২ চমূ. ২২:৩৬.

১০. যীচুৱে কেনেকৈ নম্ৰতাৰ উদাহৰণ ৰাখিলে?

১০ এতিয়া আহক যীচুৰ উদাহৰণলৈ মন কৰোঁ। যদিও যীচু নিজৰ শিষ্যসকলৰ প্ৰভু আৰু মালিক আছিল, তথাপি যীচুৱে তেওঁলোকৰ ভৰি ধুইছিল। ক্ষন্তেকৰ বাবে চিন্তা কৰক, যিহোৱাই এই কথা বাইবেলত কিয় উল্লেখ কৰিলে? কিয়নো সকলো পৰিয়ালৰ মূৰব্বীয়ে যাতে যীচুৰ দৰে নম্ৰ হʼবলৈ শিকে। যীচুৱে এইদৰে কৈছিল, “মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।” (যোহ. ১৩:১২-১৭) যীচুৰ বহুতো অধিকাৰ আছিল। তথাপি তেওঁ আনৰপৰা সেৱা-শুশ্ৰূষা নিবিচাৰিলে। ইয়াৰ পৰিৱৰ্তে তেওঁ আনৰ সেৱা কৰিলে।—মথি ২০:২৬.

যদি এজন মূৰব্বী নম্ৰ হয় আৰু নিজৰ পত্নীক প্ৰেম কৰে, তেনেহʼলে ঘৰৰ কামত তাইক সহায় কৰিব আৰু তাইৰ লগত বাইবেল অধ্যয়ন কৰিব (অনুচ্ছেদ ১১, ১৩ চাওক)

১১. নম্ৰ হোৱাৰ বিষয়ে এজন মূৰব্বীয়ে যিহোৱা আৰু যীচুৰপৰা কি শিকিব পাৰে?

১১ আমি কি শিকিব পাৰোঁ? যদি পৰিয়ালৰ মূৰব্বী নম্ৰ হয়, তেনেহʼলে তেওঁৰ পত্নী আৰু সন্তানে কেতিয়াও ভুল নকৰিব বুলি তেওঁ আশা নকৰে। যেতিয়া পৰিয়ালৰ লোকসকলে তেওঁৰ কথাত সন্মত নহয়, তেতিয়াও তেওঁ পৰিয়ালৰ কথা শুনিব। আমেৰিকাৰ মাৰ্লি নামৰ ভনীয়ে নিজৰ স্বামীৰ বিষয়ে এইদৰে কয়, “কেতিয়াবা কেতিয়াবা আমাৰ দুয়োজনৰে চিন্তাধাৰা নিমিলে। তথাপি তেওঁ মোৰপৰা মতামত বিচাৰে আৰু নিৰ্ণয় লোৱাৰ আগতে সেই বিষয়ে ভালদৰে চিন্তা কৰে। এইদৰে কৰাৰ বাবে মোৰ অনুভৱ হয় যে তেওঁ মোক সন্মান কৰে।” আন এটা কথালৈ ধ্যান দিয়ক। কিছুমান ঠাইৰ লোকসকলে ভাবে যে ঘৰৰ কাম কেৱল তিৰোতাসকলেই কৰা উচিত। কিন্তু এজন নম্ৰ স্বামীয়ে ঘৰৰ কাম কৰিবলৈ নিজৰ পত্নীক সহায় কৰিব। এনে কৰাটো কিছুমান স্বামীৰ বাবে সহজ নহয়। ৰিচেল নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “আমাৰ সংস্কৃতিত যদি এজন স্বামীয়ে ঘৰৰ কাম কৰিবলৈ নিজৰ পত্নীক সহায় কৰে, বাচন-বৰ্তন ধোৱে, ঘৰৰ চাফ-চিকুন কৰে, তেনেহʼলে ওচৰ-চুবুৰীয়া আৰু সম্বন্ধীয় লোকসকলে ভাবে তেওঁ নিজৰ পত্নীক ভয় কৰে আৰু তাইৰ ইচ্ছা অনুসৰি চলে।” যদি আপোনাৰ এলেকাৰ লোকসকলে এইদৰে ভাবে, তেনেহʼলে মনত ৰাখিব যীচুৱেও নিজৰ শিষ্যসকলৰ ভৰি ধুইছিল আৰু এই কাম সাধাৰণতে ঘৰৰ দাসে কৰিছিল। এজন ভাল মূৰব্বীৰ বাবে এয়া কোনো অৰ্থ নাৰাখে যে ঘৰৰ কাম কৰিলে, লোকসকলে তেওঁৰ বিষয়ে কি ভাবিব। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ পত্নী আৰু সন্তানে আনন্দত আছে নে নাই, তাৰ বিষয়েহে তেওঁ চিন্তা কৰিব। নম্ৰ গুণৰ উপৰিও এজন ভাল মূৰব্বীৰ আৰু কি কি গুণ থকা উচিত?

১২. প্ৰেমৰ বাবে যিহোৱা আৰু যীচুৱে আমাৰ কাৰণে কি কি কৰিলে?

১২ প্ৰেম। যিহোৱাই যিয়েই কৰে, সকলো প্ৰেমৰ বাবে কৰে। (১ যোহ. ৪:৭, ৮) তেওঁ আমাৰ সকলো প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিয়ে। তেওঁ নিজৰ বাক্য বাইবেল আৰু সংগঠনৰ যোগেদি সেই সকলো দিছে, যাৰ যোগেদি আমি তেওঁৰ লগত এক ভাল সম্পৰ্ক বজাই ৰাখিব পাৰোঁ। তেওঁ আমাক প্ৰেম কৰে বুলি বেলেগ বেলেগ উপায়েৰে প্ৰকাশ কৰে। তেওঁ আমাৰ দৈনন্দিন প্ৰয়োজনীয়তাও পূৰ কৰে। বাইবেলত এইদৰে উল্লেখ আছে, “আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে [যিহোৱাই] আমাক দিছে।” (১ তীম. ৬:১৭) আমি ভুল কৰিলেও তেওঁ আমাক প্ৰেম কৰে আৰু আমাক শুধৰণি কৰিবলৈ চেষ্টা কৰে। যিহোৱাই আমাৰ বাবে মুক্তিপণস্বৰূপ বলিদানৰো ব্যৱস্থা কৰিছে। যীচুৱে আমাক প্ৰেম কৰাৰ বাবে নিজৰ জীৱন আমাৰ বাবে আগবঢ়ালে। (যোহ. ৩:১৬; ১৫:১৩) যদি আমি যিহোৱা আৰু যীচুৰ প্ৰতি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে কোনো কথাই আমাক তেওঁলোকৰ প্ৰেমৰপৰা পৃথক কৰিব নোৱাৰে।—যোহ. ১৩:১; ৰোম. ৮:৩৫, ৩৮, ৩৯.

১৩. এজন মূৰব্বীয়ে নিজৰ পৰিয়ালক কিয় প্ৰেম কৰা উচিত? (“ বিবাহৰ আৰম্ভণিৰেপৰা স্বামীয়ে কি কৰিব পাৰে, যাতে পত্নীয়ে তেওঁক সন্মান কৰে?” নামৰ বক্সো চাওক।)

১৩ আমি কি শিকিব পাৰোঁ? পৰিয়ালৰ মূৰব্বীয়ে সকলো কাম প্ৰেমৰ বাবে কৰা উচিত। এইদৰে কৰাটো কিয় প্ৰয়োজন? পাঁচনি যোহনে এইদৰে কৈছে, “যি ভাইক [বা পৰিয়ালক] তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।” (১ যোহ. ৪:১১, ২০) যিজন ব্যক্তিয়ে নিজৰ পৰিয়ালক প্ৰেম কৰে আৰু তেওঁ যিহোৱা আৰু যীচুৰ দৰে হʼব বিচাৰে, তেনেহʼলে তেওঁ নিজৰ সকলো প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিব। তেওঁ নিজৰ পৰিয়ালৰ আধ্যাত্মিক, মানসিক আৰু ভৌতিক প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। (১ তীম. ৫:৮) তেওঁ নিজৰ সন্তানক শিকাব আৰু প্ৰয়োজন হʼলে শুধৰণিও কৰিব। তেওঁৰ নিৰ্ণয়ৰপৰা যাতে যিহোৱাৰ মহিমা হয় আৰু পৰিয়ালৰ লাভ হয়, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। আহক এতিয়া আমি প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা কৰোঁ। পৰিয়ালৰ মূৰব্বীয়ে যিহোৱা আৰু যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰে, তাৰ বিষয়েও শিকিম।

পৰিয়ালৰ মূৰব্বীয়ে কি কৰা উচিত?

১৪. এজন পৰিয়ালৰ মূৰব্বীয়ে যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ নিজৰ পৰিয়ালক কেনেকৈ সহায় কৰিব?

১৪ নিজৰ পৰিয়ালৰ আধ্যাত্মিক প্ৰয়োজনীয়তা পূৰ কৰক। শিষ্যসকলে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তোলাটো যীচুৱে বিচাৰিছিল। সেইবাবে, যিহোৱাৰ দৰে তেওঁ নিজৰ শিষ্যসকলৰ বিশ্বাস দৃঢ় কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল। (মথি ৫:৩, ৬; মাৰ্ক ৬:৩৪) এজন মূৰব্বীয়ে সৰ্বপ্ৰথমে এই কথাৰ ওপৰত ধ্যান দিব যে যিহোৱাৰ লগত যাতে তেওঁৰ পৰিয়ালৰ ভাল সম্পৰ্ক হয়। (দ্বিতী. ৬:৬-৯) তেওঁ নিজৰ পৰিয়ালৰ লগত ঈশ্বৰৰ বাক্য পঢ়িব, অধ্যয়ন কৰিব, সভালৈ যাব, প্ৰচাৰ কৰিব আৰু যিহোৱাৰ বন্ধু হʼবলৈ তেওঁলোকক সহায় কৰিব।

১৫. পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালৰ মানসিক প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিব পাৰে?

১৫ নিজৰ পৰিয়ালৰ মানসিক প্ৰয়োজনীয়তা পূৰ কৰক। যিহোৱাই যীচুক প্ৰেম কৰে বুলি সকলোৰে আগত প্ৰকাশ কৰিলে। (মথি ৩:১৭) যীচুৱেও নিজৰ কাৰ্য্য আৰু বাক্যৰ যোগেদি শিষ্যসকলক প্ৰেম কৰে বুলি প্ৰকাশ কৰিলে। শিষ্যসকলেও যীচুৰ প্ৰতি থকা নিজৰ প্ৰেম প্ৰকাশ কৰিলে। (যোহ. ১৫:৯, ১২, ১৩; ২১:১৬) পৰিয়ালৰ এজন মূৰব্বীও নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰা উচিত। যেনে, পৰিয়ালৰ মূৰব্বীয়ে তেওঁলোকৰ লগত বাইবেল অধ্যয়ন কৰা উচিত। তেওঁ নিজৰ পত্নী আৰু লʼৰা-ছোৱালীক প্ৰেম কৰোঁ বুলি কোৱা উচিত। প্ৰয়োজন হʼলে আনৰ আগত তেওঁলোকৰ প্ৰশংসা কৰা উচিত।—হিতো. ৩১:২৮, ২৯.

এজন মূৰব্বীয়ে নিজৰ পৰিয়ালৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰ কৰা উচিত। এইদৰে কৰিলে যিহোৱা আনন্দিত হʼব (অনুচ্ছেদ ১৬ চাওক)

১৬. (ক) এজন পৰিয়ালৰ মূৰব্বীয়ে কি কৰা উচিত? (খ) তেওঁ কি কথাৰ ওপৰত ধ্যান দিয়া উচিত?

১৬ নিজৰ পৰিয়ালৰ ভৌতিক প্ৰয়োজনীয়তা পূৰ কৰক। যেতিয়া ইস্ৰায়েলীসকলে ঈশ্বৰৰ আজ্ঞা পালন নকৰাৰ বাবে অৰণ্যত থাকিবলগীয়া হৈছিল, তেতিয়াও যিহোৱাই তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰ কৰিছিল। (দ্বিতী. ২:৭; ২৯:৫) যিহোৱাই আজিও আমাৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰ কৰে। (মথি ৬:৩১-৩৩; ৭:১১) পৃথিৱীত থকাৰ সময়ত যীচুৱে তেওঁৰ কথা শুনিবলৈ অহা লোকসকলক আহাৰ দিছিল। (মথি ১৪:১৭-২০) তেওঁ অসুস্থ লোকসকলকো সুস্থ কৰিছিল। (মথি ৪:২৪) এজন মূৰব্বীও নিজৰ পৰিয়ালৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰ কৰা উচিত। এইদৰে কৰিলে যিহোৱা আনন্দিত হʼব। কিন্তু তেওঁ যাতে প্ৰয়োজনতকৈ বেছি কামত সোমাই নপৰে, তাৰ প্ৰতি তেওঁ ধ্যান দিয়া উচিত। যদি তেওঁ কামত ব্যস্ত হৈ থাকে, তেনেহʼলে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ নিজৰ পৰিয়ালক সহায় কৰিব নোৱাৰিব আৰু তেওঁলোকৰ প্ৰতি প্ৰেমো প্ৰকাশ কৰিব নোৱাৰিব।

১৭. যিহোৱা আৰু যীচুৱে আমাক কেনেকৈ শিক্ষা দিয়ে আৰু শুধৰণি কৰে?

১৭ তেওঁলোকক শিকাওক। যিহোৱাই আমাৰ ভালৰ বাবে আমাক শিক্ষা দিয়ে আৰু আমাক শুধৰণি কৰে। (ইব্ৰী ১২:৭-৯) যীচুৱেও নিজৰ অধীনত থকা লোকসকলক প্ৰেমেৰে শিকায়। (যোহ. ১৫:১৪, ১৫) প্ৰয়োজন হʼলে তেওঁ আমাক প্ৰেমেৰে শুধৰণি কৰে। (মথি ২০:২৪-২৮) আমি অসিদ্ধ আৰু আমাৰপৰা ভুল হʼব বুলি তেওঁ ভালদৰে জানে।—মথি ২৬:৪১.

১৮. এজন ভাল মূৰব্বীয়ে কি কথা মনত ৰাখে?

১৮ এজন পৰিয়ালৰ মূৰব্বীয়ে যিহোৱা আৰু যীচুৰ দৰে এই কথা মনত ৰাখে যে তেওঁৰ পৰিয়ালৰ লোকসকল অসিদ্ধ হয় আৰু তেওঁলোকৰো ভুল হয়। তেওঁ নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত “তিতা ব্যৱহাৰ” নকৰে। (কল. ৩:১৯) তেওঁ মনত ৰাখে যে তেওঁ নিজেও অসিদ্ধ। সেইবাবে, গালাতীয়া ৬:১ পদৰ সিদ্ধান্তৰ অনুসৰি পৰিয়ালৰ মূৰব্বীয়ে তেওঁলোকক “মৃদুশীল আত্মাৰে” সুস্থ কৰিবলৈ চেষ্টা কৰে। তেওঁ জানে যে আনক শিকোৱাৰ এটা উত্তম উপায় হৈছে, যীচুৰ দৰে এক ভাল উদাহৰণ ৰখা।—১ পিত. ২:২১.

১৯-২০. এজন মূৰব্বীয়ে যিহোৱা আৰু যীচুৰ দৰে কেনেকৈ নিৰ্ণয় লʼব পাৰে?

১৯ পৰিয়ালৰ ভালৰ বাবে নিৰ্ণয় লওক। যিহোৱাই আনৰ বিষয়ে চিন্তা কৰি নিৰ্ণয় লয়। উদাহৰণস্বৰূপে, যিহোৱাই নিজৰ বাবে নহয়, কিন্তু আমাৰ আনন্দৰ বাবে জীৱনৰ আৰম্ভণি কৰিলে। তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে বলিদান দিবলৈ নিজে নিৰ্ণয় কৰিলে। এইদৰে কৰিবলৈ কোনেও তেওঁক হেঁচা দিয়া নাছিল। যীচুৱেও আনৰ ভালৰ বাবে নিৰ্ণয় লৈছিল। (ৰোম. ১৫:৩) এবাৰ তেওঁ সম্পূৰ্ণৰূপে ভাগৰি পৰিছিল, তথাপি তেওঁ নিজৰ আৰাম ত্যাগ কৰি আনক শিক্ষা দিছিল।—মাৰ্ক ৬:৩১-৩৪.

২০ পৰিয়ালৰ এজন মূৰব্বীয়ে জানে যে তেওঁৰ ওপৰত এক ডাঙৰ দায়িত্ব আছে। তেওঁ নিজৰ পৰিয়ালৰ বাবে সঠিক নিৰ্ণয় লোৱাৰ প্ৰয়োজন। তেওঁ এই দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰে। তেওঁ আবেগিক হৈ বা কোনো চিন্তা-ভাবনা নকৰাকৈ নিৰ্ণয় নলয়। ইয়াৰ পৰিৱৰ্তে সঠিক নিৰ্ণয় লʼবলৈ তেওঁ যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰে। * (হিতো. ২:৬-৮) এইদৰে নিৰ্ণয় লোৱাৰ সময়ত তেওঁ নিজৰ পৰিৱৰ্তে আনৰ বিষয়ে চিন্তা কৰে।—ফিলি. ২:৪.

২১. পৰৱৰ্তী লেখত কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰা হʼব?

২১ যিহোৱাই পৰিয়ালৰ মূৰব্বীক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিছে আৰু তেওঁলোকে এই দায়িত্ব ভালদৰে পালন কৰাটো যিহোৱাই বিচাৰে। যদি এজন স্বামীয়ে যিহোৱা আৰু যীচুৰ দৰে হʼবলৈ চেষ্টা কৰে, তেনেহʼলে তেওঁ এজন ভাল মূৰব্বী হʼব পাৰিব। যদি তেওঁৰ পত্নীয়ে নিজৰ দায়িত্ব ভালদৰে পালন কৰে, তেনেহʼলে তেওঁলোকৰ বিবাহিত জীৱন আনন্দপূৰ্ণ হʼব। এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ অধিকাৰৰ অধীনত কেনেকৈ থাকিব পাৰে? নিজৰ স্বামীৰ অধীনত থাকিবলৈ তাইৰ বাবে কিয় কঠিন হʼব পাৰে? পৰৱৰ্তী লেখত এই প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰা হʼব।

গীত ১৬ অভিষিক্ত পুত্ৰৰ বাবে যিহোৱাৰ প্ৰশংসা কৰক

^ অনু. 5 যেতিয়া এজন পুৰুষে বিয়া কৰে, তেতিয়া পৰিয়ালৰ মূৰব্বী হিচাপে তেওঁৰ এক নতুন দায়িত্ব আহি পৰে। এই লেখত কোৱা হʼব যে যিহোৱাই স্বামীসকলক কি অধিকাৰ দিছে, কিয় দিছে আৰু তেওঁলোকে যিহোৱা আৰু যীচুৰপৰা কি শিকিব পাৰে। পৰৱৰ্তী লেখত আলোচনা কৰা হʼব যে স্বামী-স্ত্ৰীয়ে যীচু আৰু বাইবেলৰ আন লোকসকলৰপৰা কি শিকিব পাৰে। তাৰ পিছৰ লেখত আমি জানিম যে মণ্ডলীৰ ভাইসকলে নিজৰ অধিকাৰক কেনেকৈ ব্যৱহাৰ কৰা উচিত।

^ অনু. 7 লʼৰা-ছোৱালীৰ কাহিনীৰ কিতাপ, চিনেমা আৰু নাটকবোৰত প্ৰায়ে পুৰুষে তিৰোতাসকলৰ লগত বেয়া ব্যৱহাৰ কৰা আৰু তেওঁলোকক মাৰ-পিট কৰা দেখুৱায়। সেইবাবে, কিছুমান লোকে ভাবে যে পুৰুষে তিৰোতাক মাৰ-পিট কৰা আৰু তেওঁলোকক নিজৰ অধীনত ৰখাটো ভুল নহয়।

^ অনু. 20 ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি, তাৰ বিষয়ে বেছিকৈ জানিবলৈ এপ্ৰিল ১৫, ২০১১ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ১৩-১৭ পৃষ্ঠাৰ “যিহোৱাৰ প্ৰশংসা হোৱা নিৰ্ণয় লওক” নামৰ লেখ চাওক।