Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৮

সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি?

সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি?

“হে মোৰ ভাইবিলাকক তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া . . . তাক অতি আনন্দৰ বিষয় যেন মানিবা।”—যাকো. ১:২.

গীত ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ

লেখৰ এক আভাস *

১-২. মথি ৫:১১ পদৰ অনুসৰি সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত আমি কি কৰা উচিত?

যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে যিসকলে তেওঁৰ শিষ্য হʼব, তেওঁলোকে প্ৰকৃত আনন্দ লাভ কৰিব। কিন্তু তেওঁ এয়াও কৈছিল যে তেওঁলোকে সমস্যাৰ সন্মুখীন হʼব লাগিব। (মথি ১০:২২, ২৩; লূক ৬:২০-২৩) যীচুৰ শিষ্য হিচাপে আজি আমি প্ৰকৃত আনন্দ লাভ কৰিছোঁ। কিন্তু যীচুৱে কৈছিল আমাৰ ওপৰত সমস্যাও আহিব। হয়তো আমাৰ পৰিয়ালৰ লোকসকলে আমাৰ বিৰোধ কৰিব পাৰে, চৰকাৰে আমাক তাড়না দিব পাৰে, আমাৰ সহপাঠী বা সহকৰ্মীয়ে আমাক বেয়া কাম কৰিবলৈ হেঁচা দিব পাৰে। এইবোৰ কথা ভাবি আমি চিন্তিত হওঁ নেকি?

সাধাৰণতে লোকসকলক যেতিয়া তাড়না দিয়া হয়, তেতিয়া তেওঁলোক আনন্দিত নহয়। কিন্তু ঈশ্বৰৰ বাক্যই আমাক কয় যে এনে পৰিস্থিতিত আমি আনন্দিত হোৱা উচিত। উদাহৰণস্বৰূপে, যীচুৰ শিষ্য যাকোবে নিজৰ চিঠিত কৈছিল যে যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া প্ৰয়োজনতকৈ বেছি চিন্তাৰ কৰাৰ পৰিৱৰ্তে আমি আনন্দিত হোৱা উচিত। (যাকো. ১:২, ১২) যীচুৱেও কৈছিল যে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত আমি আনন্দিত হোৱা উচিত। (মথি ৫:১১ পঢ়ক।) সমস্যাৰ সত্ত্বেও আমি কেনেকৈ আনন্দত থাকিব পাৰোঁ? যাকোবে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকললৈ লিখা চিঠিখনত আমি এই প্ৰশ্নৰ উত্তৰ পাব পাৰোঁ। কিন্তু প্ৰথমে আহক চাওঁ, সেই খ্ৰীষ্টানসকলে কি কি সমস্যাৰ সন্মুখীন হৈছিল।

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কি কি সমস্যাৰ সন্মুখীন হৈছিল?

৩. যাকোবে যীচুৰ শিষ্য হোৱাৰ পাছত খ্ৰীষ্টানসকলৰ লগত কি হৈছিল?

যীচুৰ ভাই যাকোবে শিষ্য হোৱাৰ কিছুসময়ৰ পাছত যিৰূচালেমৰ খ্ৰীষ্টানসকলক তাড়না দিয়া হৈছিল। (পাঁচ. ১:১৪; ৫:১৭, ১৮) তাৰ পাছত স্তিফানক হত্যা কৰা হৈছিল। এনে পৰিস্থিতিত বহুতো খ্ৰীষ্টানে যিৰূচালেম এৰি পলাবলগীয়া হৈছিল। তেওঁলোকে “যিহূদিয়া আৰু চমৰিয়া দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গল।” কিছুমান খ্ৰীষ্টানে বহু দূৰ “কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে” পলাবলগীয়া হৈছিল। (পাঁচ. ৭:৫৮–৮:১; ১১:১৯) সেইসময়ছোৱাত খ্ৰীষ্টানসকলে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তথাপিও তেওঁলোকে যি ঠাইলৈ গৈছিল, সেই ঠাইতেই প্ৰচাৰ কৰিছিল। কিছু সময়ৰ ভিতৰতে ৰোমান সাম্ৰাজ্যৰ বহুতো এলেকাত মণ্ডলী স্থাপন হৈছিল। (১ পিত. ১:১) কিন্তু তেওঁলোকে আৰু ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল।

৪. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে আৰু কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল?

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, ৫০ খ্ৰীষ্টাব্দৰ সময়ছোৱাত ৰোমান সম্ৰাট ক্লৌদিয়ই সকলো যিহূদীক ৰোম নগৰৰপৰা ওলাই যাবলৈ কৈছিল। বহুতো যিহূদীয়ে নিজৰ ঘৰ এৰি আন ঠাইত থাকিবলগীয়া হৈছিল। (পাঁচ. ১৮:১-৩) প্ৰায় ৬১ খ্ৰীষ্টাব্দত পাঁচনি পৌলে নিজৰ চিঠিত কৈছিল যে খ্ৰীষ্টানসকলক সকলোৰে আগত ঠাট্টা কৰা হৈছিল, জেলত বন্দী কৰা হৈছিল আৰু তেওঁলোকৰ বস্তু চুৰ কৰা হৈছিল। (ইব্ৰী ১০:৩২-৩৪) ইয়াৰ উপৰিও, কিছুমান খ্ৰীষ্টানে আন লোকসকলৰ দৰে দৰিদ্ৰতা আৰু বেমাৰৰ সন্মুখীন হৈছিল।—ৰোম. ১৫:২৬; ফিলি. ২:২৫-২৭.

৫. আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

যাকোবে ৬২ খ্ৰীষ্টাব্দৰ আগতে নিজৰ নামৰ চিঠিখন লিখিছিল। সেইসময়ত ভাই-ভনীসকলে কি কি সমস্যাৰ সন্মুখীন হৈছিল, তেওঁ ভালদৰে জানিছিল। যিহোৱাৰ প্ৰেৰণাৰে তেওঁ এই খ্ৰীষ্টানসকলক এনে কিছুমান পৰামৰ্শ দিলে, যাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হোৱাৰ সময়তো আনন্দত থাকিব পাৰিলে। আহক, যাকোবৰ চিঠিত লিখা কিছুমান কথাৰ ওপৰত আলোচনা কৰোঁ। তাত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম। যাকোবে কেনেধৰণৰ আনন্দৰ বিষয়ে কৈছিল? কি কি কাৰণৰ বাবে এজন খ্ৰীষ্টানৰ আনন্দ নাইকিয়া হʼব পাৰে? সমস্যাৰ সত্ত্বেও নিজৰ আনন্দ বজাই ৰাখিবলৈ বুদ্ধি, বিশ্বাস আৰু সাহসে আমাক কেনেকৈ সহায় কৰিব?

খ্ৰীষ্টানসকলক কি কথাই আনন্দিত কৰে?

যিদৰে বতাহ আৰু বৰষুণে লেম্পত জ্বলি থকা জুইৰ শিখাক নুমাব নোৱাৰে, ঠিক সেইদৰে সমস্যাবোৰে যিহোৱাই দিয়া আনন্দক নাইকিয়া কৰিব নোৱাৰে (অনুচ্ছেদ ৬ চাওক)

৬. লূক ৬:২২, ২৩ পদৰ অনুসৰি এজন খ্ৰীষ্টানে সমস্যাৰ সত্ত্বেও কিয় আনন্দত থাকিব পাৰে?

লোকসকলে ভাবে যে তেওঁলোকৰ স্বাস্থ্য ভাল থাকিলে, তেওঁলোকৰ ওচৰত বহুতো টকা-পইচা থাকিলে আৰু পৰিয়ালত আনন্দ থাকিলেহে তেওঁলোকে আনন্দত থাকিব। কিন্তু যাকোবে এই আনন্দৰ বিষয়ে কোৱা নাছিল। তেওঁ যি আনন্দৰ বিষয়ে কৈছিল, সেয়া আমাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে। আনন্দ পবিত্ৰ আত্মাৰ ফল হয়। (গালা. ৫:২২) যেতিয়া এজন খ্ৰীষ্টানে যিহোৱাক আনন্দিত কৰে আৰু যীচুৰ দৰে হʼবলৈ চেষ্টা কৰে, তেতিয়া তেওঁ এনে আনন্দ লাভ কৰে। এয়াই হৈছে প্ৰকৃত আনন্দ। (লূক ৬:২২, ২৩ পঢ়ক; কল. ১:১০, ১১) এই আনন্দ জুইৰ শিখাৰ দৰে হয়। যিদৰে বতাহ আৰু বৰষুণে লেম্পত জ্বলি থকা জুই শিখাক নুমাব নোৱাৰে, ঠিক সেইদৰে সমস্যাবোৰে যিহোৱাই দিয়া আনন্দক নাইকিয়া কৰিব নোৱাৰে। যেতিয়া আমি বেমাৰ হওঁ, আমাৰ ওচৰত টকা-পইচা নাথাকে, লোকসকলে আমাক ঠাট্টা কৰে বা পৰিয়ালে আমাৰ বিৰোধ কৰে, তেতিয়াও আমাৰ আনন্দ কমি নাযায়। সমস্যাৰ সময়ত আমাৰ আনন্দ কমি যোৱাৰ পৰিৱৰ্তে বেছিকৈ বাঢ়ে। নিজৰ বিশ্বাসৰ বাবে যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া ইয়ে প্ৰমাণ কৰে যে আমি খ্ৰীষ্টৰ প্ৰকৃত শিষ্য হওঁ। (মথি ১০:২২; ২৪:৯; যোহ. ১৫:২০) সেইবাবে, যাকোবে এইদৰে কৈছিল, “হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া . . . তাক অতি আনন্দৰ বিষয় যেন মানিবা।”—যাকো. ১:২.

আমাৰ জীৱনলৈ অহা পৰীক্ষাবোৰক কিয় ধাতু গৰম কৰা জুইৰ লগত তুলনা কৰা হৈছে? (অনুচ্ছেদ ৭ চাওক) *

৭-৮. যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া কি হয়?

যাকোবে এয়াও কৈছিল যে খ্ৰীষ্টানসকলে ডাঙৰ ডাঙৰ সমস্যা কিয় সহন কৰিব পাৰে? তেওঁ এইদৰে কৈছিল, ‘তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই ধৈৰ্য্য জন্মায়।’ (যাকো. ১:২) যেতিয়া কোনো এটা ধাতু জুইত গৰম কৰি ঠাণ্ডা কৰা হয়, তেতিয়া সেই ধাতু আৰু মজবুত হৈ পৰে। সমস্যাৰ তুলনা জুইৰ লগত কৰিব পাৰি। যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ বিশ্বাস আৰু মজবুত হয়। যাকোবে এইদৰে কৈছিল, “তোমালোক যেন একোতে অসম্পূৰ্ণ নহৈ, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট হওক।” (যাকো. ১:৩, ৪) যেতিয়া আমি এই কথা বুজি পাম যে সমস্যা আহিলে আমাৰ বিশ্বাস মজবুত হয়, তেতিয়া আমি আনন্দেৰে সেই সমস্যাৰ সন্মুখীন হʼব পাৰিম।

যাকোবে নিজৰ চিঠিত এনে কিছুমান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিছে, যিবোৰে আমাৰ আনন্দ নাইকিয়া কৰিব পাৰে। সেই পৰিস্থিতিনো কি হয় আৰু সেইবোৰ সন্মুখীন হʼবলৈ আমি কি কৰিব পাৰোঁ?

আনন্দ বজাই ৰাখিবলৈ কি কৰা উচিত?

৯. আমাক কিয় বুদ্ধিৰ প্ৰয়োজন?

আমাৰ আনন্দ কেতিয়া নাইকিয়া হʼব পাৰে? যেতিয়া কি কৰিব লাগে আমি বুজি নাপাওঁ। হয়তো আমি কিবা সমস্যাৰ সন্মুখীন হৈছোঁ আৰু সেইসময়ত আমি বুজি নাপাওঁ যে আমি এনে কি কৰা উচিত, যাৰ বাবে যিহোৱা ঈশ্বৰ আনন্দিত হʼব, আমাৰ ভাই-ভনীসকলৰ লাভ হʼব আৰু আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম। (যিৰি. ১০:২৩) এনে পৰিস্থিতিত সঠিক নিৰ্ণয় লʼবলৈ আৰু আমাৰ বিৰোধীসকলক উত্তৰ দিবলৈ আমাক বুদ্ধিৰ প্ৰয়োজন। যদি আমি বুজি নাপাওঁ যে আমি কি কৰা উচিত, তেনেহʼলে আমি সহায়হীন অনুভৱ কৰিম আৰু আমাৰ আনন্দও নাইকিয়া হʼব।

১০. যাকোব ১:৫ পদৰ অনুসৰি আমি বুদ্ধি লাভ কৰিবলৈ কি কৰা উচিত?

১০ আনন্দ বজাই ৰাখিবলৈ কি কৰা উচিত? যিহোৱাৰপৰা বুদ্ধি বিচৰা উচিত। আমি যদি আনন্দেৰে সমস্যাৰ সন্মুখীন হʼব বিচাৰোঁ, তেনেহʼলে আমি প্ৰথমে বুদ্ধি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। এইদৰে কৰিলে আমি সঠিক নিৰ্ণয় লʼব পাৰিম। (যাকোব ১:৫ পঢ়ক।) যদি আমি ভাবোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই, তেনেহʼলে আমি কি কৰা উচিত? যাকোবে কৈছিল যে আমি যিহোৱাৰপৰা বুদ্ধিৰ বাবে “যাচনা” কৰি থকা উচিত। আমি যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰিলেও তেওঁ খং নকৰে। আমাৰ পিতৃয়ে আমাক কোনো “গৰিহণা নকৰাকৈ” আমাক বুদ্ধি দিয়ে, যাতে আমি সমস্যাৰ সন্মুখীন হʼব পাৰোঁ। (গীত. ২৫:১২, ১৩) আমি কেনে সমস্যাৰ সন্মুখীন হৈছোঁ, তাক যিহোৱাই ভালদৰে জানে। আমি দুখ-কষ্ট ভুগী থকা দেখি তেওঁ দুখ কৰে আৰু আমাক সহায় কৰিবলৈ তেওঁ সাজু থাকে। এয়া জানি আমি সঁচাকৈ আনন্দিত হওঁ। কিন্তু যিহোৱাই আমাক বুদ্ধি কেনেকৈ দিয়ে?

১১. বুদ্ধি লাভ কৰিবলৈ আমি আৰু কি কৰা উচিত?

১১ যিহোৱাই নিজৰ বাক্য বাইবেলৰ যোগেদি আমাক বুদ্ধি দিয়ে। (হিতো. ২:৬) বুদ্ধি লাভ কৰিবলৈ আমি বাইবেল আৰু আন প্ৰকাশনবোৰ অধ্যয়ন কৰাৰ প্ৰয়োজন। কিন্তু জ্ঞান লোৱাই যথেষ্ট নহয়। সেই অনুসৰি কামো কৰা উচিত। যাকোবে এইদৰে কৈছিল, “কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা।” (যাকো. ১:২২) বাইবেলত দিয়া পৰামৰ্শ পালন কৰিলে আমি কৰুণা আৰু দয়ালু হʼম আৰু শান্তি বজাই ৰাখিব পাৰিম। (যাকো. ৩:১৭) এনে গুণবোৰ থাকিলে আমি কঠিন পৰিস্থিতিৰ সন্মুখীন হʼব পাৰিম আৰু আমি আনন্দত থাকিব পাৰিম।

১২. বাইবেলখন ভালদৰে অধ্যয়ন কৰাটো কিয় প্ৰয়োজন?

১২ ঈশ্বৰৰ বাক্যক এখন আইনাৰ লগত তুলনা কৰিব পাৰি। ইয়াৰ সহায়ত আমি নিজৰ দুৰ্বলতা আৰু নিজকে কʼত শুধৰণি কৰিব লাগিব, তাৰ বিষয়ে জানিব পাৰোঁ। (যাকো. ১:২৩-২৫) হয়তো আমাৰ সহজে খং উঠে। ঈশ্বৰৰ বাক্য পঢ়ি আমি বুজি পাওঁ যে আমি নিজৰ খং দমন কৰা উচিত। যিহোৱাৰ সহায়ত আমি শান্ত হৈ থাকিবলৈ নিজৰ খং দমন কৰিবলৈ শিকোঁ। এইদৰে আনে আমাক খং উঠালেও আমি শান্ত হৈ থাকিম। শান্ত হৈ থাকিলে আমি ভাবি-চিন্তি নিৰ্ণয় লʼব পাৰিম। (যাকো. ৩:১৩) সঁচাকৈ, বাইবেলখন ভালদৰে অধ্যয়ন কৰাটো অতি প্ৰয়োজন।

১৩. বাইবেলত উল্লেখ কৰা উদাহৰণলৈ আমি কিয় ধ্যান দিয়া উচিত?

১৩ কেতিয়াবা কেতিয়াবা ভুল কৰাৰ পাছতহে আমি বুজি পাওঁ যে আমি সেই কাম কৰাটো উচিত নাছিল। কিন্তু আমি নিজে ভুল কৰি শিকাৰ পৰিৱৰ্তে আনৰপৰা শিকা উচিত। আনৰ ভাল কাম আৰু ভুলবোৰৰপৰা শিকি আমি বুদ্ধিমান হʼব পাৰোঁ। সেইবাবে, যাকোবে অব্ৰাহাম, ৰাহব, ইয়োব আৰু এলিয়াৰ উদাহৰণলৈ ধ্যান দিবলৈ উৎসাহিত কৰিছিল। (যাকো. ২:২১-২৬; ৫:১০, ১১, ১৭, ১৮) যিহোৱাৰ বিশ্বাসী সেৱকসকলে এনে সমস্যাৰ সন্মুখীন হৈছিল, যিয়ে তেওঁলোকৰ আনন্দ নাইকিয়া কৰিব পাৰিলেহেঁতেন। কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে ধৈৰ্য্যেৰে সমস্যাৰ সন্মুখীন হʼব পাৰিলে। যিহোৱাৰ সহায়ত আমিও এইদৰেই কৰিব পাৰিম।

১৪-১৫. আমাৰ মনলৈ প্ৰশ্ন আহিলে আমি কিয় সেইবোৰ ধ্যান দিয়া উচিত?

১৪ আমাৰ আনন্দ কেতিয়া নাইকিয়া হʼব পাৰে? যেতিয়া আমাৰ মনত সন্দেহ থাকে। হয়তো বাইবেলৰ কিছুমান কথা আমি বুজি পোৱা নাই বা আমি বিচৰা অনুসৰি যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই। এনে পৰিস্থিতিত আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে। যদি আমি এই প্ৰশ্নবোৰলৈ ধ্যান নিদোঁ, তেনেহʼলে আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া হʼব পাৰে। (যাকো. ১:৭, ৮) ইয়াৰ উপৰিও, আমি ভৱিষ্যতৰ আশাও হেৰুৱাব পাৰোঁ।

১৫ পাঁচনি পৌলে আমাৰ আশাক জাহাজৰ লঙ্গৰৰ লগত তুলনা কৰিছিল। (ইব্ৰী ৬:১৯) ধুমুহাৰ সময়ত লঙ্গৰে জাহাজখনক স্থিৰ কৰি ৰাখে, যাতে জাহাজখন শিলত খুন্দা মাৰি পানীত ডুব নাযায়। লঙ্গৰৰ শিকলিডাল মজবুত থাকিলেহে লঙ্গৰটো কামত আহিব। কিন্তু শিকলিডালত যদি মামৰে ধৰে, তেনেহʼলে শিকলিডাল সহজে চিঙিব পাৰে। সন্দেহো মামৰৰ দৰে আমাৰ বিশ্বাস দুৰ্বল কৰিব পাৰে। যদি এজন ব্যক্তিৰ মনত সন্দেহ আছে আৰু তেওঁ সেই সন্দেহ দূৰ নকৰে, তেনেহʼলে সমস্যাৰ সময়ত তেওঁ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিব। আমাৰ বিশ্বাস দুৰ্বল হʼলে আমি ভৱিষ্যতৰ আশাও হেৰুৱাব পাৰোঁ। যাকোবে এইদৰে কৈছিল, “যি জনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়।” (যাকো. ১:৬) হয়তো এনে ব্যক্তিয়ে কেতিয়াও আনন্দত থাকিব নোৱাৰে।

১৬. নিজৰ সন্দেহ দূৰ কৰিবলৈ আমি কি কৰা উচিত?

১৬ আনন্দ বজাই ৰাখিবলৈ আমি কি কৰা উচিত? সন্দেহ দূৰ কৰক আৰু নিজৰ বিশ্বাস মজবুত কৰক। পলম নকৰাকৈ পদক্ষেপ লওক। প্ৰাচীন সময়ত এলিয়াই যিহোৱাৰ লোকসকলক এইদৰে কৈছিল, “তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” (১ ৰাজা. ১৮:২১) আমিও লগে লগে পদক্ষেপ লোৱা উচিত। যিহোৱা এজন সত্য ঈশ্বৰ, বাইবেলখন তেওঁৰ বাক্য আৰু যিহোৱাৰ সাক্ষীসকল তেওঁৰ লোক হয় বুলি নিজকে প্ৰমাণ দিবলৈ আমি অনুসন্ধান কৰা উচিত। (১ থিচ. ৫:২১) এইদৰে কৰিলে আমাৰ সন্দেহ দূৰ হʼব আৰু আমাৰ বিশ্বাস দৃঢ় হʼব। আমি প্ৰাচীনসকলৰপৰাও সহায় লʼব পাৰোঁ। যদি আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ, তেনেহʼলে আমি নিজৰ সন্দেহ দূৰ কৰিবলৈ লগে লগে পদক্ষেপ লোৱা উচিত।

১৭. আমি নিৰুৎসাহ হʼলে কি হʼব পাৰে?

১৭ কিহে আমাৰ আনন্দ নাইকিয়া কৰিব পাৰে? নিৰাশাৰ ভাবনাই। ঈশ্বৰৰ বাক্যই এইদৰে কয়, “সঙ্কটৰ কালত তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম।” (হিতো. ২৪:১০) যি হীব্ৰু শব্দৰ অনুবাদ “সাহ নাইকিয়া” কৰা হৈছে, তাৰ অৰ্থ “নিৰুৎসাহ হোৱাও” হʼব পাৰে। যদি আমি নিৰুৎসাহ হওঁ, তেনেহʼলে আমাৰ আনন্দ নাইকিয়া হʼব।

১৮. ধৈৰ্য্য ধৰাৰ অৰ্থ কি?

১৮ আনন্দ বজাই ৰাখিবলৈ কি কৰা উচিত? যিহোৱাই আপোনাক ধৈৰ্য্য ধৰিবলৈ শক্তি দিব বুলি ভৰসা ৰাখক। সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ আমাৰ সাহস থকাটো অতি প্ৰয়োজন। (যাকো. ৫:১১) যাকোবে যি শব্দৰ অনুবাদ ‘ধৈৰ্য্য ধৰা’ কৰিছে, এই শব্দৰপৰা এনে এজন ব্যক্তিৰ ছবি আমাৰ মনলৈ আহে, যিজনে নিজৰ ঠাইতে থিৰে থাকে। এজন সৈনিকে যুদ্ধক্ষেত্ৰত সাহসেৰে যুদ্ধ কৰি থাকে। শত্ৰুসকলে আক্ৰমণ কৰিলেও তেওঁ ভয় খাই পলাই নাযায়।

১৯. আমি পৌলৰপৰা কি শিকিব পাৰোঁ?

১৯ সাহস আৰু ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত পাঁচনি পৌলে এক ভাল উদাহৰণ ৰাখিছে। কেতিয়াবা কেতিয়াবা তেওঁ দুৰ্বল অনুভৱ কৰিছিল। কিন্তু তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু যিহোৱাই তেওঁক ধৈৰ্য্য ধৰিবলৈ শক্তি দিলে। (২ কৰি. ১২:৮-১০; ফিলি. ৪:১৩) আমাকো যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে বুলি যদি আমি স্বীকাৰ কৰোঁ, তেনেহʼলে তেওঁ আমাক সাহস আৰু শক্তি দিব।—যাকো. ৪:১০.

যিহোৱাৰ কাষত থাকক আৰু নিজৰ আনন্দ বজাই ৰাখক

২০-২১. আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?

২০ আমি বিশ্বাস কৰিব পাৰোঁ যে আমি সন্মুখীন হোৱা সমস্যাবোৰ যিহোৱাৰ ফালৰপৰা অহা শাস্তি নহয়। যাকোবে এইদৰে কৈছিল, “যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকেৰও।” (যাকো. ১:১৩) এই কথাৰ ওপৰত বিশ্বাস কৰিলে আমি আৰু বেছি যিহোৱাৰ কাষ চাপিব পাৰিম।—যাকো. ৪:৮.

২১ যিহোৱা কেতিয়াও ‘পৰিবৰ্ত্তন’ বা সলনি নহয়। (যাকো. ১:১৭) সমস্যাৰ সময়ত তেওঁ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক সহায় কৰিছিল। আজিও তেওঁ আমাক সহায় কৰিব। আমি বুদ্ধি, বিশ্বাস আৰু সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। আমি বিশ্বাস কৰিব পাৰোঁ যে সমস্যাৰ সময়ত আনন্দত থাকিবলৈ যিহোৱাই আমাক সহায় কৰিব।

গীত ১২৮ আমি শেষলৈকে ধৈৰ্য্য ধৰা উচিত

^ অনু. 5 যাকোব কিতাপত এনে বহুতো পৰামৰ্শ দিয়া হৈছে, যিবোৰে সমস্যাবোৰ পাৰ কৰিবলৈ আমাক সহায় কৰিব। এই লেখত আমি যাকোবে দিয়া কিছুমান পৰামৰ্শৰ ওপৰত আলোচনা কৰিম। সেইবোৰ পালন কৰিলে সমস্যাৰ সত্ত্বেও আমি যিহোৱাৰ সেৱা আনন্দেৰে কৰিব পাৰিম।

^ অনু. 59 ছবিৰ বিষয়ে: পুলিচে এজন ভাইক তেওঁৰ ঘৰৰপৰা গ্ৰেপ্তাৰ কৰি নিছে। তেওঁৰ পত্নী আৰু ছোৱালীয়ে তেওঁক লৈ যোৱালৈ চাই আছে। ভাইজনে জেলত থকাৰ সময়ত তেওঁৰ পত্নী আৰু ছোৱালীৰ লগত আন ভাই-ভনীসকলে যিহোৱাৰ উপাসনা কৰিছে। এই কঠিন পৰিস্থিতিত মাতৃ আৰু ছোৱালীয়ে ধৈৰ্য্য ধৰিবলৈ শক্তি বিচাৰি যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰিছে। যিহোৱাই তেওঁলোকক মনৰ শান্তি আৰু সাহস দিছে। সেইবাবে, তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছে আৰু তেওঁলোকে আনন্দেৰে সমস্যাৰ সন্মুখীন হʼব পাৰিছে।