অধ্যয়নৰ লেখ ৯
ডেকা ভাইসকল, আপোনালোকে আনৰ ভৰসা কেনেকৈ লাভ কৰিবে পাৰে?
“প্ৰভাতৰূপ গৰ্ভৰ পৰা জন্মা নিয়ৰৰ নিচিনা তোমাৰ ডেকাবিলাক পবিত্ৰ বস্ত্ৰেৰে ভূষিত হৈ তোমাৰ ওচৰলৈ আহিব।”—গীত. ১১০:৩.
গীত ৩৯ ঈশ্বৰৰ দৃষ্টিত ভাল নাম অৰ্জন কৰক
লেখৰ এক আভাস *
১. ডেকা ভাইসকলৰ বিষয়ে কি কʼব পাৰি?
ডেকা ভাইসকল, আপোনালোকৰ বহুতো উৎসাহ আৰু শক্তি আছে। (হিতো. ২০:২৯) আপুনি মণ্ডলীৰ বাবে বহুতো কাম কৰিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে মই পৰিচাৰক হৈ ভাই-ভনীসকলক সহায় কৰিম। কিন্তু আনে হয়তো ভাবিব পাৰে যে আপুনি এতিয়াও সৰু হৈ আছে আৰু আপোনাৰ অভিজ্ঞতাও নাই। আপুনি এই দায়িত্ব লোৱাৰ যোগ্য নহয়। যদিও আপুনি সৰু হৈ আছে, কিন্তু এতিয়াও আপুনি এনে বহুতো কাম কৰিব পাৰিব, যাৰ বাবে মণ্ডলীত আপোনাৰ এক ভাল নাম হʼব আৰু আপুনি আনৰ ভৰসাও লাভ কৰিব।
২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
২ এই লেখত আমি ৰজা দায়ূদৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। যিহূদাৰ দুজন ৰজা আচা আৰু যিহোচাফটৰপৰাও কিছুমান কথা শিকিম। আমি শিকিম যে তেওঁলোকৰ জীৱনত কেনেধৰণৰ সমস্যা আহিছিল, তেওঁলোকে কি কৰিলে আৰু ডেকা ভাইসকলে তেওঁলোকৰপৰা কি শিকিব পাৰে।
ৰজা দায়ূদৰপৰা শিকক
৩. ডেকা ভাইসকলে, বৃদ্ধ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে?
৩ ডেকাকালৰেপৰা দায়ূদৰ যিহোৱাৰ লগত এক গভীৰ সম্পৰ্ক আছিল। তেওঁ এনে কিছুমান দক্ষতা শিকিছিল, যাৰপৰা আনেও লাভৱান হৈছিল। যেনে, তেওঁ ৰজা চৌলৰ বাবে বীণা বজাইছিল। (১ চমূ. ১৬:১৬, ২৩) ডেকা ভাইসকল, আপোনাৰো এনে কিবা দক্ষতা আছেনে, যাৰ যোগেদি আপুনি আনক সহায় কৰিব পাৰে। আমাৰ কিছুমান বৃদ্ধ ভাই-ভনীয়ে মোবাইল বা টেবলেট ভালদৰে চলাব নাজানে, যদি আপুনি তেওঁলোকক এইবোৰ চলাবলৈ শিকায়, তেনেহʼলে তেওঁলোকৰ লাভ হʼব। যেনে, তেওঁলোকে ব্যক্তিগত অধ্যয়ন কৰিব পাৰিব আৰু সভাৰ বাবে ভালদৰে প্ৰস্তুতি কৰিব পাৰিব। আপুনি এই টেকনʼলজিৰ বিষয়ে যিমানেই জানে, সিমানেই বৃদ্ধ ভাই-ভনীসকলৰ সহায় হʼব।
৪. ডেকা ভাইসকলে দায়ূদৰ নিচিনা কি কৰা উচিত? (বেটুপাতত দিয়া ছবিখন চাওক)
১ চমূ. ১৭:৩৪, ৩৫) দায়ূদক যি দায়িত্ব দিয়া হৈছিল, সেই দায়িত্বটো তেওঁ মনে-প্ৰাণে কৰিলে। তেওঁ নিজৰ মেৰবোৰক ৰক্ষা কৰিবলৈ বনৰীয়া জন্তুৰ লগত সাহসেৰে যুঁজ কৰিছিল। ডেকা ভাইসকল, আপোনালোকক যিয়ে কাম দিয়া হয়, তাক মনে-প্ৰাণে কৰক।
৪ লʼৰাকালত দায়ূদে নিজৰ পিতৃৰ মেৰবোৰ চোৱা-চিতা কৰিছিল আৰু এই কাম বিপদজনক আছিল। এবাৰ তেওঁ ৰজা চৌলক কৈছিল, “আপোনাৰ এই দাসে পিতৃৰ মেৰ ৰখোতে, এটা সিংহ আৰু এটা ভালুকো আহি জাকৰ মাজৰ পৰা মেৰ ধৰি ললে; তাতে মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰি, তাৰ মুখৰ পৰা তাক ৰক্ষা কৰিলোঁ; সি মোৰ অহিতে উঠি থিয় হলত, মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।” (৫. গীতমালা ২৫:১৪ পদৰ অনুসৰি কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ?
৫ দায়ূদৰ বহুতো দক্ষতা আৰু সাহস আছিল। কিন্তু এইবোৰতকৈ যিহোৱাৰ লগত থকা সম্পৰ্ক তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। সেইবাবে, যিহোৱাৰ লগত তেওঁৰ এক ভাল বন্ধুত্ব আছিল। যিহোৱা কেৱল তেওঁৰ ঈশ্বৰে নাছিল, কিন্তু এজন ভাল বন্ধুও আছিল। (গীতমালা ২৫:১৪ পঢ়ক) ডেকা ভাইসকল, আপোনালোকেও যিহোৱাৰ লগত এক ভাল সম্পৰ্ক ৰখা উচিত আৰু এনে কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি যিহোৱাৰ লগত আপোনাৰ এক ভাল সম্পৰ্ক থাকে, তেনেহʼলে আপুনি মণ্ডলীত বহুতো দায়িত্ব লাভ কৰিব।
৬. কিছুমান লোকে দায়ূদৰ বিষয়ে কি ভাবিছিল?
৬ কিছুমান লোকে ভাবিছিল যে দায়ূদ সৰু আৰু দায়িত্বশীল নহয়। যেতিয়া দায়ূদে গলিয়াথৰ লগত যুদ্ধ কৰিব বিচাৰিছিল, তেতিয়া ৰজা চৌলে তেওঁক বাধা দি এইদৰে কৈছিল, “তুমি কেৱল লৰা।” (১ চমূ. ১৭:৩১-৩৩) ইয়াৰ আগতেও দায়ূদৰ ককায়েকে তেওঁক গালি পাৰিছিল আৰু তেওঁ দায়িত্বশীল নহয় বুলি কৈছিল। (১ চমূ. ১৭:২৬-৩০) কিন্তু যিহোৱাই দায়ূদৰ বিষয়ে ভালদৰে জানিছিল। তেওঁ দায়ূদক সৰু লʼৰা হয় বা দায়িত্বশীল নহয় বুলি ভবা নাছিল। নিজৰ বন্ধু যিহোৱাৰ সহায়ত দায়ূদে গলিয়াথক হত্যা কৰিলে।—১ চমূ. ১৭:৪৫, ৪৮-৫১.
৭. দায়ূদৰপৰা আপুনি কি শিকিব পাৰে?
৭ ডেকা ভাইসকল, আপোনালোকে দায়ূদৰপৰা কি শিকিব পাৰে? আপুনি ধৈৰ্য্য ধৰা উচিত, যিসকলে আপোনাক সৰুৰেপৰা দেখিছে তেওঁলোকৰ দৃষ্টিত আপুনি এতিয়াও সৰু হয়। কিন্তু মনত ৰাখিব যে যিহোৱাই আপোনাৰ কেৱল বাহ্যিক দিশ চোৱাৰ পৰিৱৰ্তে, আপোনাৰ হৃদয় চায়। তেওঁ আপোনাৰ বিষয়ে ভালদৰে জানে আৰু আপুনি কি কি কৰিব পাৰে, সেয়াও জানে। (১ চমূ. ১৬:৭) দায়ূদৰ দৰে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক মজবুত কৰক। দায়ূদে যিহোৱাৰ সৃষ্টিৰ ওপৰত ধ্যান কৰিছিল। এনে কৰাৰ যোগেদি তেওঁ যিহোৱাৰ বিষয়ে বহুতো কথা শিকিলে। (গীত. ৮:৩, ৪; ১৩৯:১৪; ৰোম. ১:২০) আপুনি দায়ূদৰপৰা আৰু এটা কথা শিকিব পাৰে। সমস্যাৰ সময়ত শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। উদাহৰণস্বৰূপে, আপুনি এজন যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আপোনাৰ সহপাঠী বা সহকৰ্মীয়ে যেতিয়া আপোনাক ঠাট্টা কৰে, সেইসময়ত সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। বাইবেল, বাইবেল আধাৰিত প্ৰকাশন আৰু ভিডিঅʼবোৰত দিয়া পৰামৰ্শ পালন কৰক। যেতিয়া আপুনি যিহোৱাৰ সহায়ত সকলো সমস্যাৰ সন্মুখীন হʼব, তেতিয়া তেওঁৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব। আপুনি যিহোৱাৰ ওপৰত ভৰসা কৰে বুলি আনে যেতিয়া দেখিব, তেতিয়া তেওঁলোকেও আপোনাৰ ওপৰত ভৰসা কৰিব।
৮-৯. (ক) ৰজা নোহোৱালৈকে দায়ূদে কি কৰিলে? (খ) ডেকা ভাইসকলে দায়ূদৰপৰা কি শিকিব পাৰে?
৮ দায়ূদে আন এক সমস্যাৰ সন্মুখীন হৈছিল। ৰজা হিচাপে তেওঁক আগতেই বাচনি কৰা হৈছিল, কিন্তু যিহূদাৰ ৰজা হʼবলৈ তেওঁ বহুবছৰ অপেক্ষা কৰিবলগীয়া হʼল। (১ চমূ. ১৬:১৩; ২ চমূ. ২:৩, ৪) সেইসময়ত দায়ূদে কি কৰিলে? তেওঁ নিৰাশ হৈ পৰিছিলনে? নহয়। তেওঁ ধৈৰ্য্য ধৰিছিল আৰু তেওঁ যি কৰিব পাৰিছিল, সেয়া কৰিলে। উদাহৰণস্বৰূপে, যেতিয়া তেওঁ চৌলৰপৰা পলাই পলেষ্টীয়াবিলাকৰ দেশলৈ গৈছিল, তেতিয়াও তেওঁ ইস্ৰায়েলৰ শত্ৰুৰ বিৰোধে যুদ্ধ কৰি যিহূদাৰ এলেকা ৰক্ষা কৰিছিল।—১ চমূ. ২৭:১-১২.
৯ ডেকা ভাইসকল, দায়ূদৰপৰা আপোনালোকে কি শিকিব পাৰে? যেতিয়ালৈকে আপুনি মণ্ডলীত কোনো দায়িত্ব লাভ নকৰে, তেতিয়ালৈকে যিহোৱা আৰু ভাই-ভনীসকলৰ বাবে যি কৰিব পাৰে, সেয়া কৰি থাকক। ৰিকাৰ্ডৰ * উদাহৰণলৈ মন কৰক। তেওঁ সৰুৰেপৰা অগ্ৰগামী সেৱক হʼব বিচাৰিছিল, কিন্তু প্ৰাচীনসকলে তেওঁক কʼলে যে তেওঁ এতিয়া ইয়াৰ বাবে সাজু নহয়। তেতিয়া ৰিকাৰ্ডই হাৰ মানিলেনে? তেওঁ হাৰ মনা নাছিল। তেওঁ যি কৰিব পাৰিছিল, সেয়া কৰি থাকিল। তেওঁ প্ৰচাৰত বেছিকৈ ভাগ লʼবলৈ ধৰিলে। ৰিকাৰ্ডই কৈছে “সেইসময়ত মোক অগ্ৰগামী সেৱক নবনোৱাৰ বাবে ভালেই হʼল। কিয়নো মই নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ সময় পালোঁ। মই ভালদৰে পুনৰ সাক্ষাৎ কৰিবলৈ শিকিলোঁ। মই প্ৰথমবাৰৰ বাবে কাৰোবাক বাইবেল অধ্যয়নো কৰিলোঁ। মই প্ৰচাৰত যিমানেই সময় অতিবাহিত কৰিলোঁ, সিমানেই মোৰ ভয় নাইকিয়া হʼল আৰু মই সম্পূৰ্ণ বিশ্বাসেৰে আনক বাইবেলৰ বিষয়ে শিকাবলৈ ধৰিলোঁ।” ৰিকাৰ্ডই এতিয়া পৰিচাৰক আৰু অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি আছে।
১০. গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ সময়ত দায়ূদে কি কৰিলে?
১০ যেতিয়া দায়ূদে ৰজা চৌলৰপৰা পলাই আছিল, তেতিয়া তেওঁৰ জীৱনত আৰু এটা ঘটনা হৈছিল। এবাৰ তেওঁ নিজৰ লোকসকলৰ লগত যুদ্ধ কৰিবলৈ গৈছিল, সেইসময়ত শত্ৰু সৈন্যসকলে আহি তেওঁলোকৰ সকলো বস্তু লৈ গৈছিল। লগতে তেওঁলোকৰ পত্নী আৰু লʼৰা-ছোৱালীসকলকো বন্দী কৰি নিলে। যেতিয়া দায়ূদে এই বিষয়ে গম পালে, তেতিয়া তেওঁ ভাবিব পাৰিলেহেঁতেন, “মই এজন যুজাঁৰু হয়, মই আজিলৈকে বহুতো যুদ্ধ কৰিছোঁ, মই যুদ্ধ কৰিবলৈ ভালদৰে জানোঁ, মই নিজে তেওঁলোকক উভতাই আনিব পাৰিম।” কিন্তু দায়ূদে এইদৰে ভবা নাছিল। তেওঁ যিহোৱাৰপৰা পৰামৰ্শ লʼলে। তেওঁ পুৰোহিত অবিয়াথৰৰ যোগেদি যিহোৱাক সুধিলে, “মই সেই সৈন্যদলৰ পাছত খেদি গলে সিহঁতক লগ পাম নে?” (১ চমূ. ৩০:৭-১০) যিহোৱাই তেওঁক যাবলৈ অনুমতি দিলে আৰু শত্ৰু সৈন্যক পৰাজয় কৰিব বুলি তেওঁক আশ্বাস দিলে। এই ঘটনাৰপৰা আপুনি কি শিকিব পাৰে?
১১. যিকোনো নিৰ্ণয় লোৱাৰ আগতে আপুনি কি কৰা উচিত?
১১ যিকোনো নিৰ্ণয় লোৱাৰ আগতে আনৰপৰা পৰামৰ্শ লওক। নিজৰ পিতৃ-মাতৃৰপৰা পৰামৰ্শ লওক। আপুনি মণ্ডলীৰ প্ৰাচীনসকলৰ পৰাও পৰামৰ্শ লʼব পাৰে। প্ৰাচীনসকলৰ ওপৰত আপুনি ভৰসা কৰিব পাৰে, কিয়নো যিহোৱাই তেওঁলোকৰ ওপৰত ভৰসা কৰে। যিহোৱাৰ দৃষ্টিত প্ৰাচীনসকল মণ্ডলীত ‘বৰৰ’ নিচিনা হয়। (ইফি. ৪:৮) যদি আপুনি প্ৰাচীনসকলৰ দৰে বিশ্বাস ৰাখে আৰু তেওঁলোকৰ পৰামৰ্শ পালন কৰে, তেনেহʼলে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব। এতিয়া আহক ৰজা আচাৰ জীৱনৰপৰা কিছুমান কথা শিকোঁ।
ৰজা আচাৰপৰা শিকক
১২. ৰজা হোৱাৰ সময়ত আচাৰ কি কি ভাল গুণ আছিল?
১২ ডেকাকালত ৰজা আচা বহুত নম্ৰ আৰু সাহসী আছিল। নিজৰ পিতৃ অবিয়াৰ পাছত তেওঁ ৰজা হৈছিল। সেইসময়ত ২ বং. ১৪:১-৭) যেতিয়া কুচদেশীয় ৰজা জেৰহে দহ লাখ সৈন্যবাহিনী লৈ যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল, তেতিয়া ৰজা আচাই যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰপৰা সহায় বিচাৰিলে। তেওঁ এইদৰে কৈছিল, ‘হে যিহোৱা, তুমি সহায় কৰিবলৈ গলে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা ৰাখিছোঁ।’ এই প্ৰাৰ্থনাৰপৰা বুজিব পাৰি যে যিহোৱাই ৰজা আচা আৰু তেওঁৰ লোকসকলক সহায় কৰিব বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। ৰজা আচাই নিজৰ পিতৃ যিহোৱাৰ ওপৰত ভৰসা কৰিলে আৰু যিহোৱাই ‘কুচীয়াবিলাকক ঘটোৱালে।’—২ বং. ১৪:৮-১২.
তেওঁ গোটেই দেশৰপৰা মূৰ্তি-পূজা নাইকিয়া কৰিবলৈ এটা ডাঙৰ পদক্ষেপ লৈছিল। তেওঁ “যিহূদাক তেওঁবিলাকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ যিহোৱাক বিচাৰিবলে, ব্যৱস্থা আৰু আজ্ঞা পালন কৰিবলৈ আদেশ কৰিলে।” (১৩. ৰজা আচাই পাছত কি কৰিলে? বুজাওক।
১৩ কল্পনা কৰক, দহ লাখ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাটো সহজ নাছিল। কিন্তু ৰজা আচাই যিহোৱাৰ ওপৰত ভৰসা কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰিলে। যেতিয়া ইস্ৰায়েলৰ ৰজা বাচাই সৰু সৈন্যবাহিনী লৈ যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল, তেতিয়া ৰজা আচাই যিহোৱাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে, অৰামৰ ৰজাৰপৰা সহায় বিচাৰিলে। ইয়াৰ পৰিণাম বহুত বেয়া হৈছিল। তেতিয়াৰেপৰা ৰজা আচাক যুদ্ধতে লাগি থাকিবলগীয়া হʼল। যিহোৱাই নিজৰ ভৱিষ্যতবক্তা হনানীৰ যোগেদি ৰজা আচাক এইদৰে কৈছিল, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্যসামন্ত তোমাৰ হাতৰ পৰা সাৰিল।” (২ বং. ১৬:৭, ৯; ১ ৰাজা. ১৫:৩২) ইয়াৰপৰা আপুনি কি শিকিব পাৰে?
১৪. (ক) যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ আপুনি কি কৰা উচিত? (খ) ১ তীমথিয় ৪:১২ পদৰ অনুসৰি এনে কৰিলে কি ভাল পৰিণাম হয়?
১৪ নম্ৰ হওক আৰু যিহোৱাৰ ওপৰত ভৰসা ৰাখক। বাপ্তিষ্মা লোৱাৰ সময়ত আপোনাৰ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল আৰু আপোনাৰ এই নিৰ্ণয়ে যিহোৱাক আনন্দিত কৰিছিল। কিন্তু যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ কেতিয়াও নেৰিব। এয়া সঁচা যে জীৱনত ডাঙৰ ডাঙৰ নিৰ্ণয় লোৱাৰ সময়ত, আপুনি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সৰু সৰু নিৰ্ণয় লোৱাৰ সময়তো আপুনি যিহোৱাৰ ওপৰত ভৰসা কৰেনে? যেনে, আপুনি কেনেধৰণৰ মনোৰঞ্জন বাচনি কৰিব, কেনেধৰণৰ চাকৰি কৰিব বা আপুনি কি কি লক্ষ্য ৰাখিব। এনেধৰণৰ নিৰ্ণয় লোৱাৰ সময়ত নিজৰ ওপৰত নহয়, যিহোৱাৰ ওপৰত ভৰসা ৰাখক। এনে বিষয়ত বাইবেলৰ সিদ্ধান্ত বিচাৰক আৰু তাৰ অনুসৰি নিৰ্ণয় লওক। (হিতো. ৩:৫, ৬) এনে কৰিলে যিহোৱা আনন্দিত হʼব আৰু আপুনি মণ্ডলীত ভাল নাম অৰ্জন কৰিব পাৰিব।—১ তীমথিয় ৪:১২ পঢ়ক।
ৰজা যিহোচাফটৰপৰা শিকক
১৫. দ্বিতীয় বংশাৱলী ১৮:১-৩; ১৯:২ পদৰ অনুসৰি যিহোচাফটে কি কি ভুল কৰিছিল?
১৫ আমাৰ লগতে আপুনিও অসিদ্ধ হয়। সেইবাবে, আপোনাৰ পৰাও ভুল হʼব। কিন্তু ইয়াৰ বাবে নিৰাশ হৈ যিহোৱাৰ সেৱা কৰিবলৈ কেতিয়াও নেৰিব। আপুনি যি কৰিব পাৰে, সেয়া কৰি থাকক। ৰজা যিহোচাফেটৰ বহুতো ভাল গুণ আছিল। বাইবেলে কৈছে যে যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া “তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে, আৰু ইস্ৰায়েলৰ কাৰ্য্যৰ দৰে নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।” যিহোৱাৰ বিষয়ে শিকাবলৈ তেওঁ প্ৰধান লোকসকলক পঠিয়াইছিল। (২ বং. ১৭:৪, ৭) কিন্তু যিহোচাফটৰপৰাও কিছুমান ভুল হৈছিল। তেওঁ কিছুমান ভুল নিৰ্ণয় লৈছিল। তেওঁৰ এটা নিৰ্ণয়ৰপৰা যিহোৱা বৰ নিৰাশ হৈছিল। সেইবাবে, যিহোচাফটক শুধৰণি কৰিবলৈ যিহোৱাই নিজৰ সেৱকক পঠিয়াইছিল। (২ বংশাৱলি ১৮:১-৩; ১৯:২ পঢ়ক।) ইয়াৰপৰা আপুনি কি শিকিব পাৰে?
১৬. ৰাজীবৰপৰা আপুনি কি শিকিলে?
১৬ আনে দিয়া পৰামৰ্শ শুনক আৰু পালন কৰক। আন ডেকা ভাই-ভনীসকলৰ দৰে নিজৰ জীৱনত যিহোৱাৰ সেৱাক প্ৰথম স্থান দিবলৈ হয়তো আপোনাক কঠিন লাগে, কিন্তু নিৰাশ নহʼব। ৰাজীব নামৰ ডেকা ভাইজনৰ লগতো ঠিক এইদৰেই হৈছিল। তেওঁ নিজৰ কিশোৰ অৱস্থাৰ বিষয়ে এইদৰে কয়, “সেইসময়ত মই খেল-ধেমালি কৰি বেছি ভাল পাইছিলোঁ। প্ৰচাৰ আৰু সভাবোৰত মই বেছি ধ্যান দিয়া নাছিলোঁ। কি কথা বেছি গুৰুত্বপূৰ্ণ মই বুজি পোৱা নাছিলোঁ।” সেইসময়ত এজন মৰমিয়াল প্ৰাচীনে ৰাজীবক পৰামৰ্শ দিলে। ৰাজীবে কৈছে, “তেওঁ মোক ১ তীমথিয় ৪:৮ পদত দিয়া সিদ্ধান্ত বুজিবলৈ সহায় কৰিলে।” ৰাজীবে ভাইজনৰ কথাবোৰ শুনিলে আৰু বাইবেলৰ পৰামৰ্শ পালন কৰিলে। লগতে নিজৰ জীৱনত যিহোৱাৰ সেৱাক প্ৰথম স্থান দিবলৈ নিৰ্ণয় লʼলে। ইয়াৰ পৰিণাম কি হʼল? ৰাজীবে কৈছে, “সেই পৰামৰ্শ পালন কৰাৰ কিছু বছৰৰ পাছত মই এজন পৰিচাৰক হʼলোঁ।”
স্বৰ্গীয় পিতৃ যিহোৱাৰ হৃদয় আনন্দিত কৰক
১৭. ডেকা ভাইসকলক যিহোৱাৰ সেৱা কৰি থকা দেখি বৃদ্ধ ভাই-ভনীসকলক কেনেকুৱা লাগে?
১৭ বৃদ্ধ ভাই-ভনীসকলে এয়া দেখি অতি আনন্দিত হয় যে আপোনালোকে তেওঁলোকৰ লগত মিলি “একে মনেৰে” যিহোৱাৰ সেৱা কৰি আছে। (চফ. ৩:৯) যেতিয়া আপোনাক কিবা কাম দিয়া হয় আৰু আপুনি সেই কামটো সম্পূৰ্ণ শক্তি আৰু উৎসাহেৰে কৰে, তেতিয়া এয়া দেখি তেওঁলোকক বৰ ভাল লাগে। আপুনি তেওঁলোকৰ বাবে অতি মূল্যৱান।—১ যোহ. ২:১৪.
১৮. হিতোপদেশ ২৭:১১ পদৰ অনুসৰি ডেকা ভাইসকলৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?
১৮ ডেকা ভাইসকল, মনত ৰাখক যে যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপোনাৰ ওপৰত ভৰসা কৰে। তেওঁ আগতীয়াকৈ কৈছিল যে শেষ কালত বহুতো ডেকা ভায়ে আনন্দেৰে তেওঁৰ সেৱা কৰিব। (গীত. ১১০:১-৩) তেওঁ জানে আপুনি তেওঁক প্ৰেম কৰে আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিব বিচাৰে। সেইবাবে, নিজৰ লগত ধৈৰ্য্য ধৰক আৰু আনৰ লগতো। যদি আপোনাৰপৰা কিবা ভুল হয় আৰু আপোনাক শুধৰণি কৰা হয়, তেনেহʼলে নিৰাশ নহʼব। সেই পৰামৰ্শ শুনক আৰু পালন কৰিবলৈ চেষ্টা কৰক। কিয়নো এই পৰামৰ্শ যিহোৱাৰ ফালৰপৰা হয়। (ইব্ৰী ১২:৬) আপোনাক মণ্ডলীত যিয়েই দায়িত্ব দিয়া হয়, সেয়া সম্পূৰ্ণ হৃদয়েৰে কৰক। এই সকলোতকৈ নিজৰ কামৰপৰা যিহোৱাৰ হৃদয় আনন্দিত কৰক।—হিতোপদেশ ২৭:১১ পঢ়ক।
গীত ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ: ‘হে মোৰ বোপা জ্ঞানৱান হোৱা’