Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

আমি মেছেজ কৰা এপবোৰ কিয় ভাবি-চিন্তি ব্যৱহাৰ কৰা উচিত?

কিছুমান খ্ৰীষ্টানে নিজৰ পৰিয়ালৰ লোকসকল আৰু ভাই-ভনীসকলৰ খবৰ লʼবলৈ ৱাট্ছ এপ বা আন এপবোৰৰ ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত এজন পৰিপক্ক খ্ৰীষ্টানে বাইবেলৰ এই পৰামৰ্শ নিশ্চয় পালন কৰিব: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।”—হিতো. ২৭:১২

যিহোৱাই আমাক বিপদৰপৰা ৰক্ষা কৰিব বিচাৰে। সেইবাবে, তেওঁ আমাক এনে লোকসকলৰ লগত সংগতি নকৰিবলৈ পৰামৰ্শ দিছে, যিসকলে মণ্ডলীত বিবাদৰ সৃষ্টি কৰে, যিসকলৰ বহিষ্কাৰ হৈছে আৰু যিসকলে আমাক ভুল পথত পৰিচালিত কৰিবলৈ চেষ্টা কৰে। (ৰোম. ১৬:১৭; ১ কৰি. ৫:১১; ২ যোহ. ১০, ১১) মণ্ডলীত এনে লোকসকল থাকিব পাৰে, যিসকলে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন নকৰে। (২ তীম. ২:২০, ২১) কাৰ লগত বন্ধুত্ব কৰাটো সঠিক হʼব, তাৰ বিষয়ে মেছেজ কৰা এপৰপৰা জনাটো কঠিন হয়। সেইবাবে, আনৰ লগত বন্ধুত্ব কৰাৰ সময়ত আমি এইবোৰ কথা মনত ৰখা উচিত।

যি গ্ৰুপত বহুতো লোক থাকে, সেই গ্ৰুপত ভাবি-চিন্তি বন্ধুত্ব কৰাটো কঠিন হʼব পাৰে। এনে গ্ৰুপত থকাৰ বাবে কিছুমান ভাই-ভনীয়ে সমস্যাৰ সন্মুখীন হৈছে। এটা গ্ৰুপত যদি হাজাৰ হাজাৰ লোক থাকে, তেনেহʼলে আমি প্ৰতিজন ব্যক্তিৰ বিষয়ে নাজানোঁ যে তেওঁ কোন হয় আৰু তেওঁ সত্যত মজবুত আছে নে নাই। গীতমালা ২৬:৪ পদত এইদৰে কোৱা হৈছে, “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ।” যদি আমি এনে লোকসকলৰপৰা বাছি থাকিব বিচাৰোঁ, তেনেহʼলে আমি কেৱল সেই লোকসকলক মেছেজ কৰা উচিত, যিসকলক আমি ব্যক্তিগতভাৱে চিনি পাওঁ।

যি গ্ৰুপত কম সংখ্যক লোক থাকে, সেই গ্ৰুপতটো আমি সাৱধান হোৱা উচিত। আমি মেছেজ পঢ়িবলৈ আৰু উত্তৰ দিবলৈ কিমান সময় অতিবাহিত কৰোঁ আৰু গ্ৰুপত কেনেধৰণৰ কথা-বতৰা হয়, তাৰ বিষয়ে আমি ধ্যান দিয়া উচিত। প্ৰতিটো মেছেজৰ উত্তৰ দিয়া বা তাত বেছি সময় অতিবাহিত কৰাটো সঠিক নহয়। যিদৰে পৌলে কৈছিল যে কিছুমান লোকৰ ‘টুটকীয়া, আৰু লোকৰ বন চোৱাৰ’ অভ্যাস থাকে। (১ তীম. ৫:১৩) কোনো এপৰ যোগেদি মেছেজ কৰাৰ সময়তো লোকসকলে এইদৰেই কৰে।

এজন পৰিপক্ক খ্ৰীষ্টানে গুপ্ত কথা আৰু কোনো ভাই বা ভনীৰ বিষয়ে মিছা কথা আনক কৈ নুফুৰিব। (গীত. ১৫:৩; হিতো. ২০:১৯) যদি কোনোবাই এনেধৰণৰ মেছেজ পঠিয়াই, তেন্তে এজন পৰিপক্ক খ্ৰীষ্টানে সেয়া নপঢ়িব। তেওঁ এনে বাতৰিৰ ওপৰত ধ্যান নিদিব, যি অতি ৰঞ্জিতভাৱে কোৱা হয় বা যি কথা সত্য হয় বুলি কোনো প্ৰমাণ নাথাকে। (ইফি. ৪:২৫) jw.org ৱেবছাইট আৰু প্ৰতিমাহে JW ব্ৰʼডকাষ্টিংৰপৰা পোৱা বাতৰিবোৰ সত্য হয়। বাইবেলৰপৰা দিয়া তথ্য বিশ্বাসযোগ্য হয়।

কিছুমান ভাই-ভনীয়ে মেছেজৰ যোগেদি আন ভাই-ভনীসকলৰ লগত ব্যৱসায় কৰে। তেওঁলোকে বস্তুবোৰ কিনা-বেচা কৰে, আন ভাই-ভনীসকলক চাকৰি দিয়ে আৰু নিজৰ বস্তুবোৰ বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিয়ে। কিন্তু টকা-পইচাৰ কাৰণে নিজৰ ভাই-ভনীসকলক ব্যৱহাৰ কৰাটো সঠিক নহʼব। বাইবেলে আমাক “নিৰ্ল্লোভ” হʼবলৈ পৰামৰ্শ দিছে।—ইব্ৰী ১৩:৫.

আমি মেছেজিং এপত গ্ৰুপ বনাই ভাই-ভনীসকলৰপৰা টকা বা দান গোটাব পাৰোঁনে, যাতে বিপদৰ সন্মুখীন হোৱা ভাই-ভনীসকলক সেই টকা বা দান পঠিয়াব পাৰোঁ? হয়তো আমি এনে ভাল উদ্দেশ্যেৰে কৰোঁ, কিয়নো আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ আৰু বিপদৰ সময়ত তেওঁলোকক সহায় কৰিব বিচাৰোঁ। (যাকো. ২:১৫, ১৬) কিন্তু আমি ধ্যান দিয়া উচিত যে শাখা কাৰ্য্যালয় আৰু মণ্ডলীয়েও দান-বৰঙণিৰ বাবে কিছুমান ব্যৱস্থা কৰে। যদি আমিও ডাঙৰ গ্ৰুপ বনাই টকা গোটাও, তেনেহʼলে শাখা কাৰ্য্যালয় আৰু মণ্ডলীয়ে কৰা ব্যৱস্থাত বিশৃংখলতাৰ সৃষ্টি হʼব পাৰে। (১ তীম. ৫:৩, ৪, ৯, ১০, ১৬) আমি এনে কোনো কাম কৰা উচিত নহয়, যাৰ বাবে লাগিব পাৰে যে ঈশ্বৰৰ লোকসলক চোৱা-চিতা কৰিবলৈ আমাক বিশেষ দায়িত্ব দিয়া হৈছে।

আমাৰ সকলো কামৰপৰা যিহোৱাৰ মহিমা হোৱাটো আমি বিচাৰোঁ। (১ কৰি. ১০:৩১) সেইবাবে, মেছেজিং এপ বা ট্ৰেকনʼলজিৰ ব্যৱহাৰ কৰাৰ সময়ত আমি ধ্যান দিয়া উচিত যে সেইবোৰৰপৰা কি বিপদ হʼব পাৰে আৰু আমি তাৰপৰা কেনেকৈ সাৱধান হʼব পাৰোঁ।