Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১২

প্ৰেমে লোকসকলৰ ঘৃণা সহন কৰিবলৈ সহায় কৰে

প্ৰেমে লোকসকলৰ ঘৃণা সহন কৰিবলৈ সহায় কৰে

“তোমালোকে পৰস্পৰে প্ৰেম কৰিবলৈ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ। জগতে যদি তোমালোকক ঘিণায়, তেন্তে জানিব লাগে যে, তোমালোকৰ আগেয়ে মোকেই ঘিণালে।”—যোহ. ১৫:১৭, ১৮.

গীত ১২৯ আমি ধৈৰ্য্য ধৰিম

লেখৰ এক আভাস *

১. মথি ২৪:৯ পদৰ অনুসৰি লোকসকলে আমাক ঘৃণা কৰিলে আমি কিয় আচৰিত নহওঁ?

যিহোৱাই আমাক এইদৰে সৃষ্টি কৰিছে যাতে আমি আনক প্ৰেম কৰোঁ আৰু আনেও আমাক প্ৰেম কৰে। কিন্তু যেতিয়া আনে আমাক ঘৃণা কৰে, তেতিয়া আমাক দুখ লাগে আৰু ভয়ো লাগে। ইউৰোপৰ জৰ্জীনা নামৰ ভনীগৰাকীৰ উদাহৰণলৈ মন কৰক। তাই কৈছে, “যেতিয়া মই ১৪ বছৰ বয়সত যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলোঁ, তেতিয়া মোৰ মায়ে বৰ খং কৰিছিল। তাই মোক ঘৃণা কৰিবলৈ ধৰিলে। মাৰ ব্যৱহাৰ দেখি মোৰ বৰ দুখ লাগিছিল। মোৰ অনুভৱ হৈছিল যে মই ভাল ছোৱালী নহয়।” * আন এজন ভাই ডেনিলʼয়ে এইদৰে কৈছে, “যিহোৱাৰ সাক্ষী হোৱাৰ বাবে যেতিয়া সৈনিকসকলে মোক মাৰ-পিট কৰিছিল, ঠাট্টা কৰিছিল, ডাবি-ধমকি দিছিল, তেতিয়া মোৰ বৰ ভয় লাগিছিল আৰু দুখ লাগিছিল।” যেতিয়া লোকসকলে আমাক ঘৃণা কৰে, তেতিয়া আমি আনন্দিত নহওঁ, কিন্তু আচৰিতো নহওঁ। কিয়নো যীচুৱে আগতেই কৈছিল যে আমাৰ লগত এইদৰে হʼব।মথি ২৪:৯ পঢ়ক।

২-৩. জগতৰ লোকসকলে যীচুৰ শিষ্যসকলক কিয় ঘৃণা কৰে?

যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকল এই জগতৰ নহয়। সেইবাবে, লোকসকলে আমাক ঘৃণা কৰে আৰু আমাৰ বিৰোধ কৰে। (যোহ. ১৫:১৭-১৯) যদিও আমি মানৱীয় চৰকাৰক সন্মান কৰোঁ, কিন্তু আমি তেওঁলোকৰ উপাসনা নকৰোঁ। আমি পতাকা চেলামি নকৰোঁ, ৰাষ্ট্ৰীয় সংগীত নাগাওঁ বা ৰাজনীতিতো ভাগ নলওঁ। আমি সম্পূৰ্ণ হৃদয়েৰে কেৱল যিহোৱাৰ উপাসনা কৰোঁ। আমি যিহোৱাৰ শাসনক সমৰ্থন কৰোঁ, কিন্তু চয়তান আৰু তাৰ ‘বংশৰ’ শাসনক বিৰোধ কৰোঁ। (আদি. ৩:১-৫, ১৫) ঈশ্বৰৰ চৰকাৰে গোটেই মানৱজাতিৰ দুখ-কষ্ট নাইকিয়া কৰিব আৰু এই চৰকাৰক বিৰোধ কৰা লোকসকলক ধ্বংস কৰা হʼব বুলি আমি প্ৰচাৰ কৰোঁ। (দানি. ২:৪৪; প্ৰকা. ১৯:১৯-২১) এয়া নম্ৰ লোকসকলৰ বাবে ভাল খবৰ হয়, কিন্তু দুষ্ট লোকসকলৰ বাবে বেয়া খবৰ হয়।—গীত. ৩৭:১০, ১১.

আমি ঈশ্বৰৰ নৈতিক মানদণ্ড অনুসৰি জীৱন-যাপন কৰাৰ বাবে লোকসকলে আমাক ঘৃণা কৰে। ঈশ্বৰৰ নৈতিক মানদণ্ড আৰু জগতৰ নৈতিক মানদণ্ডৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে। উদাহৰণস্বৰূপে, যিহোৱাই চদোম আৰু ঘমোৰা নগৰখন যি অনৈতিক কামৰ বাবে ধ্বংস কৰিছিল, আজি সেই অনৈতিক কামবোৰ লোকসকলে মুকলিভাৱে কৰি আছে। (যিহূ. ৭) কিন্তু আমি যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন-যাপন কৰোঁ। সেইবাবে, লোকসকলে আমাক ঠাট্টা কৰে আৰু আমাক ঠেক মনৰ লোক বুলি কয়।—১ পিত. ৪:৩, ৪.

৪. লোকসকলৰ ঘৃণা সহন কৰিবলৈ আমাৰ কি কি গুণ থকা উচিত?

যেতিয়া লোকসকলে আমাক ঘৃণা কৰে বা ঠাট্টা কৰে, তেতিয়া আমি কি কৰা উচিত? সেইসময়ত যিহোৱাই আমাক সহায় কৰিব বুলি আমাৰ সম্পূৰ্ণ ভৰসা থকা উচিত। বিশ্বাস এটা ঢালৰ দৰে হয়, যিয়ে চয়তানৰ ‘সকলো অগ্নি-শৰ নুমাব পাৰে।’ (ইফি. ৬:১৬) কিন্তু বিশ্বাসৰ লগতে প্ৰেমো থকা উচিত। কিয়নো “প্ৰেমে . . . ক্ৰোধত উত্তেজিত নহয়,” সকলো বেয়া কথা সহ্য কৰে আৰু সকলোবোৰ ধৈৰ্য্যেৰে সহন কৰে। (১ কৰি. ১৩:৪-৭, ১৩) আমি এই লেখত আলোচনা কৰিম যে যিহোৱাৰ প্ৰতি প্ৰেম থাকিলে, ভাই-ভনীসকলৰ প্ৰতি প্ৰেম থাকিলে, আনকি শত্ৰুসকলৰ প্ৰতিও প্ৰেম থাকিলে আমি জগতৰ ঘৃণা কেনেকৈ সহন কৰিব পাৰিম।

যিহোৱাৰ প্ৰতি প্ৰেম থাকিলে ঘৃণা সহন কৰিব পাৰিম

৫. যীচুৱে যিহোৱাক প্ৰেম কৰাৰ বাবে কি কৰিব পাৰিলে?

যীচুৱে নিজৰ জীৱনৰ শেষ ৰাতিত নিজৰ বিশ্বাসী শিষ্যসকলক এইদৰে কৈছিল, ‘মই পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক আজ্ঞা দিয়াৰ দৰে কৰ্ম্ম কৰোঁ।’ (যোহ. ১৪:৩১) যীচুৱে যিহোৱাক প্ৰেম কৰিছিল, সেইবাবে যেতিয়া তেওঁৰ মৃত্যুৰ আগতে শত্ৰুসকলে তেওঁক তাড়না দিছিল, তেতিয়া তেওঁ সকলোবোৰ তাড়না সহন কৰিব পাৰিলে। যদি আমাৰো যিহোৱাৰ প্ৰতি প্ৰেম থাকে, তেনেহʼলে আমি জগতৰ ঘৃণা সহন কৰিব পাৰিম।

৬. ৰোমীয়া ৫:৩-৫ পদৰ অনুসৰি যিহোৱাৰ সেৱকসকলক তাড়না দিয়াৰ সময়ত তেওঁলোকক কেনেকুৱা লাগে?

যিহোৱাৰ প্ৰতি প্ৰেম থকাৰ বাবে তেওঁৰ সেৱকসকলে সদায় অত্যাচাৰ সহন কৰিব পাৰিছে। উদাহৰণস্বৰূপে, প্ৰথম শতিকাৰ যিহূদীসকলৰ আটাইতকৈ ডাঙৰ ন্যায়লয়ে পাঁচনিসকলক প্ৰচাৰ কৰিবলৈ বাধা দিছিল। কিন্তু তেওঁলোকে প্ৰচাৰ কৰি থাকিল। তেওঁলোকে যিহোৱাক প্ৰেম কৰিছিল, সেইবাবে তেওঁলোকে ‘মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিলে।’ (পাঁচ. ৫:২৯; ১ যোহ. ৫:৩) আজিও এনে বহুতো ভাই-ভনী আছে, যিসকলৰ যিহোৱাৰ প্ৰতি প্ৰেম থকাৰ বাবে নিষ্ঠুৰ আৰু শক্তিশালী চৰকাৰৰ অত্যাচাৰ সহন কৰিব পাৰিছে। যেতিয়া তেওঁলোকক তাড়না দিয়া হয়, তেতিয়া তেওঁলোকে নিৰাশ হোৱাৰ পৰিৱৰ্তে আনন্দিত হয়।—পাঁচ. ৫:৪১; ৰোমীয়া ৫:৩-৫ পঢ়ক।

৭. আমাৰ পৰিয়ালে আমাক বিৰোধ কৰিলে আমি কি কৰা উচিত?

যেতিয়া আমাৰ পৰিয়ালৰ লোকসকলে আমাক তাড়না দিয়ে, তেতিয়া তাক সহন কৰিবলৈ আমাৰ বাবে আটাইতকৈ বেছি কঠিন হয়। আমাক কোনোবাই ফুচলাইছে বা আমি পাগল হৈছোঁ বুলি তেওঁলোকে হয়তো ভাবিব পাৰে। (মাৰ্ক ৩:২১ পদৰ লগত তুলনা কৰক) আমাক বাধা দিবলৈ তেওঁলোকে যিকোনো কৰিব পাৰে। যেতিয়া আমাৰ লগত এইদৰে হয়, তেতিয়া আমি আচৰিত হোৱা উচিত নহয়। কিয়নো যীচুৱে কৈছিল, “মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হব।” (মথি ১০:৩৬) যদিও তেওঁলোকে আমাক ঘৃণা কৰে, আমাক বাধা দিবলৈ চেষ্টা কৰে কিন্তু আমি তেওঁলোকক ঘৃণা কৰা উচিত নহয় আৰু তেওঁলোকক নিজৰ শত্ৰু বুলি ভবাও উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আমাৰ যিহোৱাৰ প্ৰতি থকা প্ৰেম বাঢ়িলে, লোকসলকৰ প্ৰতিও আমাৰ প্ৰেম বাঢ়িব। (মথি ২২:৩৭-৩৯) কিন্তু তেওঁলোকক আনন্দিত কৰিবলৈ আমি কেতিয়াও বাইবেলৰ সিদ্ধান্ত বা নিয়মবোৰ আপোচ নকৰিম।

আমি কিছু সময়ৰ বাবে দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে। কিন্তু যিহোৱা সদায় আমাৰ লগত থাকিব, আমাক সান্ত্বনা দিব আৰু আমাক সাহস দিব (অনুচ্ছেদ ৮-১০ চাওক)

৮-৯. জৰ্জীনাই নিজৰ পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে?

জৰ্জীনা যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে, বিৰোধৰ সত্ত্বেও তাই থিৰে থাকিল। তাই কৈছে, “মই আৰু মায়ে একেলগে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ছমাহৰ পাছত মই সভাত যাবলৈ বিচাৰিছিলোঁ। কিন্তু মায়ে মোৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰিলে। পাছত মই গম পালোঁ যে তাই ধৰ্মত্যাগীসকলৰ লগত মিলিছে। সেইবাবে, মোক বাধা দিবলৈ তাই তেওঁলোকৰ যুক্তি দিছিল। মায়ে মোক অপমান কৰিছিল, চুলি টানিছিল, ডিঙি চেপিছিল আৰু মোৰ কিতাপ পত্ৰিকাবোৰ পেলাই দিছিল। যেতিয়া মই ১৫ বছৰৰ হʼলোঁ, তেতিয়া মই বাপ্তিষ্মা লʼলোঁ। কিন্তু মোৰ মায়ে মোক বিৰোধ কৰিবলৈ এৰা নাছিল। তাই মোক এনে এখন ঘৰত ৰাখিছিল, যʼত ড্ৰাগছ লোৱা আৰু অপৰাধ কৰা লʼৰা-ছোৱালীসকলক ৰখা হয় আৰু তেওঁলোকক শুধৰণি কৰা হয়। সঁচাকৈ, যেতিয়া আমাৰ পৰিয়ালৰ লোকসকলে এইদৰে কৰে, তেতিয়া বৰ দুখ লাগে।”

জৰ্জীনাই নিজৰ পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে? তাই কৈছে, “যেতিয়া মায়ে মোৰ প্ৰথমবাৰ বিৰোধ কৰিছিল, তেতিয়ালৈকে মই সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিছিলোঁ। এয়াই সত্য হয় বুলি মোৰ বিশ্বাস হʼল আৰু যিহোৱাৰ লগত এক মজবুত সম্পৰ্ক গঢ়ি উঠিছিল। মই প্ৰায়েই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু তেওঁ মোৰ প্ৰাৰ্থনা শুনিছিল। মই সেই ঘৰখনত থকাৰ সময়ত এজনী ভনীয়ে মোক তেওঁৰ ঘৰলৈ মাতিছিল। আমি একেলগে মিলি বাইবেল অধ্যয়ন কৰিলোঁ। ভাই-ভনীসকলে মোক সাহস দিলে। তেওঁলোকে মোক নিজৰ নিচিনাকৈ প্ৰেম কৰিলে। মোৰ এই কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হʼল যে যিহোৱা আমাৰ বিৰোধ কৰা লোকসকলতকৈ বহুত শক্তিশালী হয়।”

১০. আমি কি কথাৰ ওপৰত ভৰসা কৰিব পাৰোঁ?

১০ পাঁচনি পৌলে কৈছিল যে “আমাৰ প্ৰভু খ্ৰীষ্ট্‌ যীচুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা . . . আন কোনো সৃষ্ট বস্তুৱেই আমাক বিছিন্ন কৰিব নোৱাৰে।” (ৰোম. ৮:৩৮, ৩৯) আমি কিছু সময়ৰ বাবে দুখ-কষ্ট ভুগিবলগীয়া হʼব পাৰে, কিন্তু যিহোৱা সদায় আমাৰ লগত থাকিব, আমাক সান্ত্বনা দিব আৰু আমাক সাহস দিব। জৰ্জীনাৰ উদাহৰণৰপৰা আমি দেখিলোঁ যে যিহোৱাই মণ্ডলীৰ ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰে।

ভাই-ভনীসকলৰ প্ৰতি প্ৰেম থাকিলে ঘৃণা সহন কৰিব পাৰিম

১১. যোহন ১৫:১২, ১৩ পদত উল্লেখ কৰা প্ৰেম শিষ্যসকলৰ মাজত থাকিলে তেওঁলোকে কি কৰিব পাৰে? এটা উদাহৰণ দিয়ক।

১১ যীচুৰ মৃত্যুৰ আগদিনাখন ৰাতি তেওঁ নিজৰ শিষ্যসকলক এজনে-আনজনক প্ৰেম কৰিবলৈ কৈছিল। (যোহন ১৫:১২, ১৩ পঢ়ক।) তেওঁ জানিছিল যে যদি তেওঁলোকৰ মাজত নিস্বাৰ্থ প্ৰেম থাকে, তেনেহʼলে তেওঁলোকৰ মাজত একতা থাকিব আৰু তেওঁলোকে জগতৰ ঘৃণা সহন কৰিব পাৰিব। থিচলনীকীৰ মণ্ডলী স্থাপন হোৱাৰেপৰা তেওঁলোকক অত্যাচাৰ কৰা হৈছিল। কিন্তু তেওঁলোকে এজনে-আনজনক প্ৰেম কৰি থাকিল, যিহোৱাৰ বিশ্বাসী হৈ থাকিল আৰু সকলোৰে বাবে এক ভাল উদাহৰণ ৰাখিলে। (১ থিচ. ১:৩, ৬, ৭) তথাপি পৌলে তেওঁলোকক উৎসাহিত কৰিছিল যে, “তোমালোক আৰু অধিককৈ উপচি পৰা।” (১ থিচ. ৪:৯, ১০) পৌলে জানিছিল যে যদি তেওঁলোকৰ মাজত প্ৰেম থাকে, তেনেহʼলে নিৰাশাত থকা লোকসকলক সান্ত্বনা আৰু দুৰ্বল লোকসকলক সহায় কৰিব পাৰিব। (১ থিচ. ৫:১৪) থিচলনীকী মণ্ডলীৰ ভাই-ভনীসকলে পৌলৰ কথা পালন কৰিলে। সেইবাবে, পৌলে এবছৰৰ পাছত নিজৰ দ্বিতীয় চিঠিখনত এইদৰে লিখিছিল, “এজন এজনকৈ তোমালোক সকলোৰে প্ৰেম পৰস্পৰৰ প্ৰতি উপচি পৰিছে।” (২ থিচ. ১:৩-৫) এজনে-আনজনক প্ৰেম কৰাৰ বাবে তেওঁলোকে সকলো ধৰণৰ অত্যাচাৰ আৰু ঘৃণা সহন কৰিব পাৰিলে।

যদি সত্য খ্ৰীষ্টানসকলৰ মাজত প্ৰেম থাকে, তেনেহʼলে তেওঁলোকে জগতৰ ঘৃণা সহন কৰিব পাৰিব (অনুচ্ছেদ ১২ চাওক) *

১২. যুদ্ধৰ সময়ত এখন দেশৰ ভাই-ভনীসকলে এজনে-আনজনক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱালে?

১২ আহক ডেনিলʼৰ উদাহৰণলৈ মন কৰোঁ, যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে। ডেনিলʼ আৰু তেওঁৰ পত্নীয়ে থকা দেশখনত যুদ্ধ হৈ আছিল। পাছত তেওঁলোকৰ চহৰতো যুদ্ধ আৰম্ভ হʼল। এনে পৰিস্থিতিতো তেওঁলোকে সভালৈ গৈছিল, যিমান পাৰে সিমান প্ৰচাৰ কৰিছিল আৰু তেওঁলোকৰ ওচৰত যিবোৰ খোৱা বস্তু আছিল, সেইবোৰ ভাই-ভনীসকলকো দিছিল। কিন্তু এদিন কিছুমান সৈনিকে তেওঁলোকৰ ঘৰত সোমাইছিল। আগলৈ কি হʼল তাৰ বিষয়ে ডেনিলʼয়ে কৈছে, “তেওঁলোকে মোক যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব কৈছিল। যেতিয়া মই তেওঁলোকক এইদৰে কৰিবলৈ অস্বীকাৰ কৰিলোঁ, তেতিয়া তেওঁলোকে মোক মাৰিলে আৰু ভয় খোৱাবলৈ মোৰ মূৰৰ ওপৰৰপৰা গুলি চলালে। আনকি তেওঁলোকে আমাক ভাবুকি দিলে যে অহাবাৰ আহিলে তেওঁলোকে মোৰ পত্নীৰ বলাৎকাৰ কৰিব। ভাই-ভনীসকলে ইয়াৰ বিষয়ে গম পোৱাৰ লগে লগে আমাক ট্ৰেইনত উঠাই আন এখন চহৰলৈ পঠিয়াই দিলে। তেওঁলোকে দেখুওৱা প্ৰেম মই কেতিয়াও পাহৰিব নোৱাৰোঁ। যেতিয়া আমি নতুন চহৰলৈ পালোঁ, তেতিয়া তাৰ ভাই-ভনীসকলে আমাৰ বহুত যত্ন লʼলে। তেওঁলোকে আমাক আহাৰ দিলে, আমাৰ বাবে ঘৰ বিচাৰিলে আৰু চাকৰিও বিচাৰি দিলে। তেওঁলোকৰ প্ৰেমৰ বাবে মই এনে ভাই-ভনীসকলৰ সহায় কৰিব পাৰিলোঁ, যিসকলে যুদ্ধৰ বাবে নিজৰ ঘৰ এৰি পলাবলগীয়া হৈছিল।” সঁচাকৈ, যদি আমাৰ মাজত প্ৰেম থাকে, তেনেহʼলে আমি জগতৰ ঘৃণা সহন কৰিব পাৰিম।

শত্ৰুসকলৰ প্ৰতি প্ৰেম থাকিলে ঘৃণা সহন কৰিব পাৰিম

১৩. লোকসকলে আমাক ঘৃণা কৰাৰ সময়ত পবিত্ৰ আত্মাই আমাক কেনেকৈ সহায় কৰে?

১৩ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে আমি নিজৰ শত্ৰুক প্ৰেম কৰা উচিত। (মথি ৫:৪৪, ৪৫) কিন্তু এনে কৰাটো সহজ নহয়। পবিত্ৰ আত্মাই আমাক সহায় কৰিব পাৰে। পবিত্ৰ আত্মাই আমাক প্ৰেম, চিৰসহিষ্ণুতা, মৰম, মৃদু-ভাব, ইন্দ্ৰিয়-দমনৰ দৰে গুণবোৰ বৃদ্ধি কৰিবলৈ আমাক সহায় কৰিব পাৰে। (গালা. ৫:২২) এই গুণবোৰ থাকিলে আমি জগতৰ ঘৃণা সহন কৰিব পাৰিম। বহুতো বিৰোধ কৰা লোকসকলৰ মন সলনি হৈছে, কিয়নো তেওঁলোকৰ খ্ৰীষ্টান স্বামী, পত্নী, লʼৰা-ছোৱালী আৰু ওচৰ-চুবুৰীয়াৰ মাজত এই গুণবোৰ আছিল। সেইবাবে, বহুতো লোক সত্যত আহিল। আমাক ঘৃণা কৰা লোকসকলক প্ৰেম কৰিবলৈ কঠিন হʼলে, আমি পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। (লূক ১১:১৩) আমি এই কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰা উচিত যে যিহোৱাই আমাক যিয়ে কৰিবলৈ কয়, তাৰপৰা আমাৰ সদায় লাভ হʼব।—হিতো. ৩:৫-৭.

১৪-১৫. ৰোমীয়া ১২:১৭-২১ পদত দিয়া পৰামৰ্শ পালন কৰাৰ বাবে ইয়াচমিনে কি কৰিব পাৰিলে?

১৪ ইয়াচমিনৰ উদাহৰণলৈ মন কৰক। তাই যিহোৱাৰ সাক্ষী হোৱাৰ সময়ত তাইৰ স্বামীৱে ভাবিছিল যে তাইক কোনোবাই ভুল পথত পৰিচালিত কৰিছে। সেইবাবে, তেওঁ তাইক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিব চেষ্টা কৰিছিল। তাইৰ স্বামীয়ে তাইক অপমান কৰিছিল আৰু তাইক বাধা দিবলৈ নিজৰ সম্বন্ধীয় লোকসকলক মাতিছিল। তেওঁলোকে অভিযোগ কৰিলে যে তাইৰ বাবে পৰিয়ালত একতা নাইকিয়া হৈছে। ইয়াচমিনক ডাবি-ধমকি দিবলৈ তাইৰ স্বামীয়ে ধৰ্মগুৰু আৰু তান্ত্ৰিককো মাতিছিল। এবাৰ তাইৰ স্বামীয়ে সভালৈ গৈ প্ৰাচীনসকলক বেয়াকৈ কৈছিল আৰু তেওঁলোকক অপমান কৰিছিল। ইয়াচমিনৰ লগত কৰা বেয়া ব্যৱহাৰৰ বাবে তাই প্ৰায়েই কান্দিছিল।

১৫ মণ্ডলীৰ ভাই-ভনীসকলে ইয়াচমিনক সাহস আৰু সান্ত্বনা দিলে। প্ৰাচীনসকলে তাইক ৰোমীয়া ১২:১৭-২১ পদত দিয়া পৰামৰ্শ পালন কৰিবলৈ কৈছিল। (পঢ়ক।) ইয়াচমিনে কৈছে, “এই পৰামৰ্শ পালন কৰাটো ইমান সহজ নাছিল, কিন্তু মই যিহোৱাৰপৰা সহায় বিচাৰিলোঁ আৰু নিজৰ ফালৰপৰা সম্পূৰ্ণ চেষ্টা কৰিলোঁ। মোৰ স্বামীয়ে জানি-শুনি পাকঘৰ লেতেৰা কৰিলেও মই সেইবোৰ পৰিষ্কাৰ কৰিছিলোঁ। তেওঁ মোক অপমান কৰাৰ সময়ত মই মৰমেৰে কথা পাতিছিলোঁ। যেতিয়া তেওঁ বেমাৰ হৈছিল, তেতিয়া মই ভালদৰে তেওঁৰ যত্ন লৈছিলোঁ।”

যেতিয়া আমি আমাৰ বিৰোধ কৰা লোকসকলক প্ৰেম কৰিম, তেতিয়া তেওঁলোকে আমাক তাড়না দিবলৈ এৰি দিব (অনুচ্ছেদ ১৬-১৭ চাওক) *

১৬-১৭. ইয়াচমিনৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

১৬ ইয়াচমিনে নিজৰ স্বামীক প্ৰেম কৰি থাকিল আৰু ইয়াৰ ভাল পৰিণাম হʼল। তাই কৈছে, “এতিয়া মোৰ স্বামীয়ে মোৰ ওপৰত ভৰসা কৰে। মই সদায় সঁচা কথা কওঁ বুলি তেওঁৰ বিশ্বাস আছে। ঘৰত ধৰ্মৰ বিষয়ে কথা পতাৰ সময়ত তেওঁ মনোযোগেৰে মোৰ কথা শুনে আৰু তেওঁ নিজেই মোক সভাত যাবলৈ উৎসাহিত কৰে। এতিয়া আমাৰ মাজত শান্তি আৰু প্ৰেম আছে। মোৰ আশা আছে যে এদিন নিশ্চয় তেওঁ সত্যত আহিব আৰু আমি একেলেগে মিলি যিহোৱাৰ উপাসনা কৰিম।”

১৭ ইয়াচমিনৰ উদাহৰণৰপৰা বুজিব পাৰি যে প্ৰেমে “সকলো কথাতে সহন কৰে, . . . সকলোতে আশা কৰে, সকলোকে সহ্য কৰে।” (১ কৰি. ১৩:৪, ৭) প্ৰেম ঘৃণাতকৈ বেছি শক্তিশালী। যেতিয়া আমি লোকসকলক প্ৰেম কৰোঁ, তেতিয়া তেওঁলোকে আমাক ঘৃণা কৰিবলৈ এৰি দিব আৰু যিহোৱাও আনন্দিত হয়। কিন্তু আমাৰ বিৰোধীসকলে আমাক অত্যাচাৰ কৰিলেও আমি আনন্দত থাকিব পাৰিম। আহক চাওঁ কেনেকৈ?

ঘৃণা সহন কৰাৰ সত্ত্বেও আনন্দ

১৮. লোকসকলে আমাক ঘৃণা কৰিলে আমি কিয় আনন্দিত হওঁ?

১৮ যীচুৱে কৈছিল, ‘যেতিয়া মানুহবিলাকে তোমালোকক ঘিণ কৰিব তেতিয়া তোমালোক ধন্য।’ (লূক ৬:২২) লোকসকলে অত্যাচাৰ কৰিলে আমাক ভাল নালাগে আৰু তেওঁলোকে আমাক ঘৃণা কৰাটো আমি নিবিচাৰোঁ। তেনেহʼলে যেতিয়া লোকসকলে আমাক ঘৃণা কৰে, তেতিয়া আমি কিয় আনন্দিত হোৱা উচিত? প্ৰথম কাৰণ হৈছে যেতিয়া আমি আনৰ ঘৃণা সহন কৰিও যিহোৱাৰ সেৱা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। (১ পিত. ৪:১৩, ১৪) দ্বিতীয়টো, আমাৰ বিশ্বাসৰ পৰীক্ষা কৰা হয় আৰু সেই বিশ্বাস আৰু মজবুত হয়। (১ পিত. ১:৬, ৭) তৃতীয়টো, আমি এক বহুমূলীয়া পুৰস্কাৰ পাওঁ, সেয়া হৈছে অনন্ত জীৱন।—ৰোম. ২:৬, ৭.

১৯. কোব খোৱাৰ সত্ত্বেও পাঁচনিসকলে কিয় ইমান আনন্দিত আছিল?

১৯ যীচুৰ পুনৰুত্থানৰ কিছু সময়ৰ পাছত পাঁচনিসকলে সেই আনন্দ অনুভৱ কৰিলে, যাৰ বিষয়ে যীচুৱে কৈছিল। যেতিয়া তেওঁলোকক কোবোৱা হৈছিল আৰু প্ৰচাৰ কাম বন্ধ কৰিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁলোকে আনন্দিত হৈছিল। কিয়নো ‘তেওঁলোক যীচুৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হʼল।’ (পাঁচ. ৫:৪০-৪২) তেওঁলোকে যীচুক ইমানেই প্ৰেম কৰিছিল যে তেওঁলোকে শত্ৰুসকলক ভয় নকৰিলে আৰু প্ৰচাৰ কাম কৰি থাকিল। আজিও এনে বহুতো ভাই-ভনী আছে, যিসকলে সমস্যাৰ সত্ত্বেও যিহোৱাৰ সেৱা কৰি আছে। তেওঁলোকে জানে যে যিহোৱাই তেওঁলোকৰ কাম আৰু যিহোৱাৰ প্ৰতি থকা প্ৰেম কেতিয়াও নাপাহৰিব।—ইব্ৰী ৬:১০.

২০. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২০ চয়তানে এই জগতত শাসন কৰি থকালৈকে লোকসকলকে আমাক ঘৃণা কৰি থাকিব। (যোহ. ১৫:১৯) কিন্তু আমি ভয় কৰাৰ প্ৰয়োজন নাই। পৰৱৰ্তী লেখত আমি আলোচনা কৰিম যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক ‘সুস্থিৰ কৰে আৰু ৰক্ষা কৰে।’ (২ থিচ. ৩:৩) গতিকে, আহক আমি যিহোৱা, ভাই-ভনী আৰু শত্ৰুসকলক প্ৰেম কৰি থাকোঁ। এইদৰে কৰিলে মণ্ডলীত একতা থাকিব, আমাৰ বিশ্বাস মজবুত হʼব, আমি যিহোৱাৰ প্ৰশংসা কৰিম আৰু এয়া প্ৰমাণ হʼব যে প্ৰেম ঘৃণাতকৈ বেছি শক্তিশালী।

গীত ১০৬ প্ৰেমৰ গুণ বৃদ্ধি কৰক

^ অনু. 5 এই লেখত আমি আলোচনা কৰিম যে যদি আমাৰ যিহোৱাৰ প্ৰতি প্ৰেম থাকে, ভাই-ভনীসকলৰ প্ৰতি প্ৰেম থাকে, আনকি নিজৰ শত্ৰুসকলৰ প্ৰতিও প্ৰেম থাকে, তেনেহʼলে আমি এই জগতৰ ঘৃণা সহন কৰিব পাৰিম আৰু যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম। আমি এয়াও শিকিম যে যেতিয়া আমাক ঘৃণা কৰা হʼব, তেতিয়া আনন্দিত হোৱা উচিত বুলি যীচুৱে কিয় কৈছিল।

^ অনু. 1 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 58 ছবিৰ বিষয়ে: সৈনিকসকলে ডেনিলʼক ডাবি-ধমকি দিয়াৰ পাছত ভাই-ভনীসকলে তেওঁলোকক আন এখন চহৰলৈ পঠিয়াই দিছিল। নতুন চহৰৰ ভাই-ভনীসকলে তেওঁলোকক সম্ভাষণ জনালে আৰু তেওঁলোকক সহায় কৰিলে।

^ অনু. 60 ছবিৰ বিষয়ে: ইয়াচমিনৰ স্বামীয়ে তাইৰ বিৰোধ কৰিছিল। কিন্তু প্ৰাচীনসকলে ভনীগৰাকীক ভাল পৰামৰ্শ দিলে। তাই সেই পৰামৰ্শ পালন কৰি এগৰাকী ভাল পত্নী হʼবলৈ চেষ্টা কৰিলে আৰু তাইৰ স্বামীৰ বেমাৰ হোৱাৰ সময়ত ভালদৰে যত্ন লৈছিল।