Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১০

মণ্ডলীৰ সকলোৱে বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে?

মণ্ডলীৰ সকলোৱে বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে?

‘প্ৰত্যেক ভাগে কাৰ্য্য-সাধন কৰিলে শৰীৰৰ বৃদ্ধি সাধন হয়।’—ইফি. ৪:১৬.

গীত ৮৫ এজনে-আনজনক সম্ভাষণ জনোৱা

লেখৰ এক আভাস *

১-২. বাপ্তিষ্মা লʼবলৈ বাইবেল বিদ্যাৰ্থীক কোনে সহায় কৰিব পাৰে?

ফিজীৰ এমী নামৰ ভনীয়ে এইদৰে কৈছে, “মই বাইবেল অধ্যয়নৰপৰা যিবোৰ কথা শিকিছিলোঁ, সেইবোৰ কথা মোৰ বৰ ভাল লাগিছিল। এয়াই সত্য হয় বুলি মই জানিছিলোঁ। কিন্তু যেতিয়া মই ভাই-ভনীসকলক লগ পালোঁ, তেওঁলোকৰ লগত সময় অতিবাহিত কৰিলোঁ, তেতিয়া মই জীৱনত বহুতো পৰিৱৰ্তন কৰিলোঁ আৰু বাপ্তিষ্মা লোৱাৰ যোগ্য হʼলোঁ।” ভনী এমীৰপৰা আমি এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ যে যেতিয়া মণ্ডলীৰ ভাই-ভনীয়ে বিদ্যাৰ্থীক সহায় কৰে, তেতিয়া তেওঁ বাপ্তিষ্মা লʼবলৈ পদক্ষেপ লয়।

নতুন লোকসকলক মণ্ডলীৰ ভাগ হʼবলৈ প্ৰতিজন প্ৰচাৰকে সহায় কৰে। (ইফি. ৪:১৬) বনোৱাটʼৰ এগৰাকী অগ্ৰগামী সেৱক ভনী লেলানীয়ে কৈছে, “আমাৰ ইয়াত এষাৰ কথা আছে, এটি সন্তানক ডাঙৰ-দীঘল কৰিবলৈ গোটেই গাঁৱে সহায় কৰে, শিষ্য বনোৱা কামো ঠিক সেইদৰে হয়। এজন ব্যক্তিক শিষ্য বনাবলৈ গোটেই মণ্ডলীয়ে সহায় কৰে।” সঁচাকৈ, এটি সন্তানক ডাঙৰ-দীঘল কৰিবলৈ পৰিয়ালবৰ্গ, সম্বন্ধীয় লোকসকল, শিক্ষক এই সকলোৱে পৰিশ্ৰম কৰে। তেওঁলোকে সন্তানটিক শিকায় আৰু উৎসাহিত কৰে। ঠিক সেইদৰে, মণ্ডলীৰ প্ৰচাৰকৰ পৰিশ্ৰমৰ বাবে এজন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼবলৈ পদক্ষেপ লʼব পাৰে। তেওঁলোকে বিদ্যাৰ্থীক পৰামৰ্শ দিব পাৰে, উৎসাহিত কৰিব পাৰে আৰু তেওঁৰ বাবে এক ভাল উদাহৰণ ৰাখিব পাৰে।—হিতো. ১৫:২২.

৩. এনা, দানিয়েল আৰু লেলানীয়ে কোৱা কথাৰপৰা আপুনি কি শিকিব পাৰে?

ধৰি লওক, এজন প্ৰচাৰকে এটা বাইবেল অধ্যয়ন কৰে আৰু আন ভাই-ভনীয়ে তেওঁক সহায় কৰিব বিচাৰে, তেনেহʼলে সেই প্ৰচাৰকজনে কি কৰা উচিত? প্ৰচাৰকজনে আন ভাই-ভনীসকলৰপৰা সহায় লোৱা উচিত। মন কৰক, এই বিষয়ে কিছুমান অগ্ৰগামী সেৱকে কি কয়। মʼলডবাৰ এগৰাকী বিশেষ অগ্ৰগামী সেৱক ভনী এনাই এইদৰে কৈছে, “এজন বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰি থাকিবলৈ কেৱল এজন ব্যক্তিয়ে সকলোধৰণৰ সহায় কৰিব নোৱাৰে।” তাত থকা আন এজন বিশেষ অগ্ৰগামী সেৱক ভাই দানিয়েলে এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা ভাই-ভনীসকলে বিদ্যাৰ্থীক এনে কথা কয়, যিয়ে বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰে। হয়তো সেইবোৰ কথা মোৰ মনলৈ কেতিয়াও নাহিলেহেঁতেন।” ভনী লেলানীয়ে কৈছে, “যেতিয়া বিদ্যাৰ্থীয়ে ভাই-ভনীসকলৰ প্ৰেম আৰু আপোন ভাৱ অনুভৱ কৰে, তেতিয়া তেওঁলোকে গম পাই যে এয়া সত্য ঈশ্বৰৰ উপাসক হয়।”—যোহ. ১৩:৩৫.

৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আপুনি হয়তো ভাবিব পাৰে যে ‘মই বিদ্যাৰ্থীক অধ্যয়ন কৰা নাই, তেনেহʼলে মই কেনেকৈ তেওঁক সহায় কৰিব পাৰোঁ?’ আহক চাওঁ, যেতিয়া কোনো প্ৰচাৰকে আমাক তেওঁৰ বাইবেল অধ্যয়নলৈ মাতে বা কোনো এজন বাইবেল বিদ্যাৰ্থীয়ে সভালৈ আহে, তেতিয়া আমি কি কৰা উচিত। আমি এয়াও জানিম যে বাপ্তিষ্মা লʼবলৈ প্ৰাচীনসকলে বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে।

যেতিয়া আপুনি কাৰোবাৰ বাইবেল অধ্যয়নলৈ যায়

কাৰোবাৰ অধ্যয়নলৈ যোৱাৰ আগতে ভালদৰে প্ৰস্তুত কৰক (অনুচ্ছেদ ৫-৭ চাওক)

৫. কোনো ভাই বা ভনীৰ লগত বাইবেল অধ্যয়নলৈ যোৱাৰ সময়ত আপুনি কি কৰা উচিত?

বিদ্যাৰ্থীক বাইবেলৰ বিষয়ে শিকোৱাটো তেওঁক অধ্যয়ন কৰা ভাই-ভনীসকলৰ দায়িত্ব হয়। যেতিয়া কোনো ভাই বা ভনীয়ে আপোনাক তেওঁৰ বাইবেল অধ্যয়নলৈ মাতে, তেতিয়া আপুনি তেওঁক সহযোগ কৰা উচিত। (উপ. ৪:৯, ১০) কিন্তু আপুনি সেই ভাই বা ভনীক সহায় কৰিবলৈ কি কৰিব পাৰে?

৬. কোনো ভাই বা ভনীৰ লগত বাইবেল অধ্যয়নলৈ যোৱাৰ সময়ত আপুনি হিতোপদেশ ২০:১৮ পদত দিয়া সিদ্ধান্ত কেনেকৈ পালন কৰিব পাৰে?

বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুতি কৰক। অধ্যয়নলৈ যোৱাৰ আগতে বিদ্যাৰ্থীৰ বিষয়ে কিছুমান কথা জানিবলৈ চেষ্টা কৰক। (হিতোপদেশ ২০:১৮ পঢ়ক।) আপুনি বাইবেল অধ্যয়ন চলোৱা ভাই বা ভনীক কিছুমান প্ৰশ্ন সুধিব পাৰে। যেনে, বিদ্যাৰ্থীৰ বয়স কিমান? তেওঁ কি বিশ্বাস কৰে? তেওঁৰ পৰিয়ালত কোন কোন আছে? কোনটো বিষয়ত অধ্যয়ন কৰা হʼব? এই অধ্যয়নৰ যোগেদি আপুনি তেওঁক কি বুজাব বিচাৰে? বিদ্যাৰ্থীৰ লগত কথা পতাৰ সময়ত মই কি কোৱা উচিত আৰু কি কোৱা উচিত নহয়? মই তেওঁক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ? এয়া সঁচা যে অধ্যয়ন চলোৱা ভাই বা ভনীয়ে বিদ্যাৰ্থীৰ বিষয়ে কোনো গোপনীয় কথা নকয়। কিন্তু তেওঁ যিয়ে কʼব, তাৰপৰা আপুনি বিদ্যাৰ্থীক সহায় কৰিব পাৰিব। জয় নামৰ এগৰাকী মিচনেৰী ভনীয়ে তাইৰ বাইবেল অধ্যয়নত যোৱা ভাই বা ভনীৰ লগত এই বিষয়ে আলোচনা কৰে। তাই কৈছে, “এইবোৰৰ বিষয়ে আলোচনা কৰাৰ বাবে মোৰ লগত অহা ভাই বা ভনীয়ে বিদ্যাৰ্থীক ভালদৰে জানে আৰু অধ্যয়নৰ সময়ত তেওঁক সহায় কৰিব পাৰে।”

৭. আপুনি কাৰোবাৰ বাইবেল অধ্যয়নলৈ যোৱাৰ আগতে কিয় ভালদৰে প্ৰস্তুত কৰা উচিত?

যদি আপুনি কাৰোবাৰ বাইবেল অধ্যয়নলৈ যায়, তেনেহʼলে আলোচনা কৰিবলগীয়া বিষয়টো ভালদৰে প্ৰস্তুত কৰক। (ইজ্ৰা ৭:১০) আগতে উল্লেখ কৰা ভাই দানিয়েলে এইদৰে কৈছে, “মোৰ লগত অধ্যয়নলৈ যোৱা ভাই বা ভনীয়ে যেতিয়া আগতীয়াকৈ প্ৰস্তুত কৰে, তেতিয়া তেওঁলোকে বিদ্যাৰ্থীক ভালদৰে উৎসাহিত কৰিব পাৰে।” যেতিয়া আপুনি আৰু অধ্যয়ন চলোৱা ভাই বা ভনীয়ে আগতীয়াকৈ ভালদৰে প্ৰস্তুত কৰে, তেতিয়া বিদ্যাৰ্থীয়ে এয়া লক্ষ্য কৰে আৰু এয়া তেওঁৰ বাবে এক ভাল উদাহৰণ। যদিও আপুনি কেতিয়াবা অধ্যয়নৰ প্ৰস্তুত কৰিব পৰা নাই, তথাপি মূখ্য বিষয়বোৰ চাই যাওক।

৮. আপোনাৰ প্ৰাৰ্থনাৰপৰা বিদ্যাৰ্থীয়ে লাভৱান হʼবলৈ আপুনি কি কৰা উচিত?

প্ৰাৰ্থনা বাইবেল অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ ভাগ হয়। সেইবাবে, আগতীয়াকৈ চিন্তা কৰক যে যদি আপোনাক প্ৰাৰ্থনা কৰিবলৈ কোৱা হʼব, তেনেহʼলে আপুনি কি কʼব। এইদৰে কৰিলে আপোনাৰ প্ৰাৰ্থনাৰপৰা বিদ্যাৰ্থীয়ে লাভৱান হʼব। (গীত. ১৪১:২) জাপানৰ ভনী হানাইৰ আজিও সেই প্ৰাৰ্থনা মনত আছে, যি তাইৰ অধ্যয়নত এগৰাকী ভনীয়ে কৰিছিল। হানাইয়ে কৈছে, “তাইৰ প্ৰাৰ্থনাৰপৰা মই বুজিলোঁ যে যিহোৱাৰ লগত তাইৰ এক ভাল সম্পৰ্ক আছে। ময়ো তাইৰ দৰে হʼব বিচাৰিছিলোঁ। যেতিয়া তাই প্ৰাৰ্থনাত মোৰ নাম লৈছিল, তেতিয়া মোক বৰ ভাল লাগিছিল।”

৯. যাকোব ১:১৯ পদৰ অনুসৰি অধ্যয়ন চলোৱা ভাই বা ভনীক আপুনি কেনেকৈ সহযোগ কৰিব পাৰে?

অধ্যয়ন চলোৱা ভাই বা ভনীক সহযোগ কৰক। নাইজেৰিয়াৰ এগৰাকী বিশেষ অগ্ৰগামী সেৱক ভনী অমাময়বীয়ে এইদৰে কৈছে, “এক ভাল সহায়ক সেইজন হয়, যিজনে এই কথা বুজি পায় যে শিকোৱাৰ মূখ্য দায়িত্ব শিক্ষকৰ হয়। অধ্যয়নৰ সময়ত বেছিকৈ কথা নকয়। কিন্তু যেতিয়া প্ৰয়োজন হয়, তেতিয়া কিছুমান কথা কয়।” আপুনি কেনেকৈ জানিব পাৰে যে আপুনি কি কথা, কেতিয়া কোৱা উচিত। (হিতো. ২৫:১১) শিক্ষক আৰু বিদ্যাৰ্থীয়ে কথা পতাৰ সময়ত মনোযোগেৰে তেওঁলোকৰ কথা শুনক। (যাকোব ১:১৯ পঢ়ক।) তেতিয়া আপুনি বুজি পাব যে আপুনি কি কথা, কেতিয়া কোৱা উচিত। তথাপি আপুনি ভাবি-চিন্তি কথা কোৱা উচিত। যদি আপুনি এইদৰে নকৰে, তেনেহʼলে বেছিকৈ কথা কʼব পাৰে বা শিক্ষকে বুজাই থকাৰ সময়তে কথা পাতিব পাৰে বা মূখ্য বিষয়ৰপৰা আঁতৰি বেলেগ কথা পাতিব পাৰে। কিন্তু যি বিষয়ে শিকোৱা হৈছে, সেই বিষয়টো বুজাবলৈ যদি আপুনি এটা সৰু উদাহৰণ দিয়ে, এটা প্ৰশ্ন সোধে বা সেই বিষয়টোৰ লগত জড়িত কিছুমান কথা কয়, তেনেহʼলে ইয়াৰপৰা বিদ্যাৰ্থীৰ বহুতো লাভ হʼব। কেতিয়াবা কেতিয়াবা আপোনাক লাগিব পাৰে যে যি বিষয়ত অধ্যয়ন হৈ আছে, সেই বিষয়ত কʼবলৈ আপোনাৰ একো নাই। তথাপি যদি আপুনি বিদ্যাৰ্থীক প্ৰশংসা কৰিব আৰু তেওঁৰ প্ৰতি আগ্ৰহ দেখুৱাব, তেনেহʼলে ইয়াৰপৰা তেওঁলোকে উৎসাহিত হʼব।

১০. আপোনাৰ অনুভৱ শুনি বিদ্যাৰ্থীয়ে কেনেকৈ লাভৱান হʼব পাৰে?

১০ নিজৰ অনুভৱ জনাওক। বিদ্যাৰ্থীক জনাওক যে আপুনি সত্যত কেনেকৈ আহিলে, আপুনি কি কি সমস্যাৰ সন্মুখীন হৈছিল আৰু যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিলে। (গীত. ৭৮:৪, ৭) হয়তো আপোনাৰ অনুভৱ শুনি বিদ্যাৰ্থীৰ বিশ্বাস দৃঢ় হʼব আৰু তেওঁ বাপ্তিষ্মা লʼবলৈ উৎসাহিত হʼব। অথবা আপোনাৰ অনুভৱ শুনি তেওঁ বুজিব পাৰিব যে তেওঁ নিজৰ সমস্যাৰ কেনেকৈ সন্মুখীন হʼব পাৰে। (১ পিত. ৫:৯) ভাই গেব্ৰিয়েল ব্ৰাজিলৰ এজন অগ্ৰগামী সেৱক হয়, তেওঁ কয় যে অধ্যয়ন কৰি থকাৰ সময়ত কি কথাই তেওঁক সহায় কৰিলে। তেওঁ এইদৰে কৈছে, “ভাই-ভনীসকলৰ অনুভৱ শুনি মই বুজিলোঁ যে আমি কি কি সমস্যাৰ সন্মুখীন হৈছোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। যদি তেওঁলোকে নিজৰ সমস্যাবোৰ পাৰ কৰিব পাৰিলে, তেনেহʼলে ময়ো পাৰ কৰিব পাৰিম।”

যেতিয়া বাইবেল বিদ্যাৰ্থীয়ে সভালৈ আহে

আমি সকলোৱে বাইবেল বিদ্যাৰ্থীক সভাত আহি থাকিবলৈ উৎসাহিত কৰিব পাৰোঁ (অনুচ্ছেদ ১১ চাওক)

১১-১২. আমি সভাত বাইবেল বিদ্যাৰ্থীক কিয় আন্তৰিকতাৰে সম্ভাষণ জনোৱা উচিত?

১১ বিদ্যাৰ্থীয়ে নিয়মিতৰূপে সভালৈ অহাটো অতি প্ৰয়োজন। তেতিয়াহে তেওঁ বাপ্তিষ্মা লʼবলৈ পদক্ষেপ লʼব পাৰিব। (ইব্ৰী ১০:২৪, ২৫) যদিও তেওঁক অধ্যয়ন চলোৱা ভাই বা ভনীয়ে তেওঁক সভালৈ মাতে, কিন্তু যেতিয়া তেওঁ সভালৈ আহে, তেতিয়া আমি সকলোৱে তেওঁক সভালৈ আহি থাকিবলৈ উৎসাহিত কৰিব পাৰোঁ। তেওঁ যাতে নিয়মিতৰূপে সভালৈ আহি থাকে, তাৰ বাবে আমি কি কৰিব পাৰোঁ?

১২ বিদ্যাৰ্থীক আন্তৰিকতাৰে সম্ভাষণ জনাওক। (ৰোম. ১৫:৭) যদি ৰাজ্যগৃহত সকলোৱে বিদ্যাৰ্থীৰ লগত ভালদৰে কথা পাতে আৰু তেওঁক সম্ভাষণ জনায়, তেনেহʼলে তেওঁ সভালৈ আহি থাকিবলৈ বিচাৰিব। সেইবাবে, বিদ্যাৰ্থীয়ে যেতিয়া সভালৈ আহে, তেতিয়া তেওঁক আন্তৰিকতাৰে সম্ভাষণ জনাওক। তেওঁৰ লগত কথা পাতক আৰু আনৰ লগতো চিনাকি কৰাই দিয়ক। এয়া নাভাবিব যে তেওঁক অধ্যয়ন কৰা ভাই বা ভনীয়ে তেওঁক সকলোৰে লগত চিনাকি কৰাই দিব। হয়তো অধ্যয়ন চলোৱা ভাই বা ভনীয় এতিয়ালৈকে ৰাজ্যগৃহত আহি পোৱা নাই বা ৰাজ্যগৃহত তেওঁৰ কিছুমান কাম আছে। বিদ্যাৰ্থীৰ কথা মনোযোগেৰে শুনক আৰু তেওঁৰ প্ৰতি আগ্ৰহ দেখুওৱাক। এনে কৰিলে বিদ্যাৰ্থীৰ ওপৰত কি ভাল প্ৰভাৱ পৰিব পাৰে? ভাই দিমিত্ৰীৰ উদাহৰণলৈ মন কৰক। কিছু বছৰৰ আগতে তেওঁৰ বাপ্তিষ্মা হৈছিল আৰু তেওঁ এতিয়া পৰিচাৰক হয়। যেতিয়া তেওঁ প্ৰথমবাৰ সভালৈ গৈছিল, তেতিয়া কি হৈছিল? তেওঁ কৈছে, “মই ৰাজ্যগৃহৰ আগত থিয় হৈছিলোঁ আৰু বহুত সংকোচ অনুভৱ কৰিছিলোঁ। সেইসময়ত এজন ভায়ে আহি মোক ৰাজ্যগৃহৰ ভিতৰলৈ লৈ গʼল। তাত আৰু ভাই-ভনীসকলে মোৰ ওচৰলৈ আহিল আৰু মোৰ লগত কথা পাতিলে। তেওঁলোকৰ মাজত থকা প্ৰেম দেখি মোৰ বৰ ভাল লাগিল। এনেধৰণৰ পৰিৱেশ মই আগতে কেতিয়াও দেখা নাছিলোঁ। মই ভাবিলোঁ, এনেধৰণৰ সভা সদায় হোৱা হʼলে কিমান ভাল আছিল।”

১৩. আপোনাৰ ভাল আচাৰ-ব্যৱহাৰ দেখি বিদ্যাৰ্থীয়ে কি কথাৰ ওপৰত বিশ্বাস কৰিব?

১৩ ভাল উদাহৰণ ৰাখক। আপোনাৰ ভাল আচাৰ-ব্যৱহাৰ দেখি বিদ্যাৰ্থীৰ বিশ্বাস হʼব যে তেওঁ যি শিকিছে, সেয়াই সত্য হয়। (মথি ৫:১৬) মʼলডবাত সেৱা কৰা ভাই বিটালীয়ে এইদৰে কৈছে, “মণ্ডলীত ভাই-ভনীসকলে কেনেধৰণৰ চিন্তাধাৰা ৰাখে আৰু ব্যৱহাৰ কৰে, সেয়া মই ভালদৰে দেখিলোঁ। ইয়াৰপৰা মোৰ বিশ্বাস হʼল যে এয়াই সত্য ধৰ্ম।”

১৪. আপোনাৰ উদাহৰণ দেখি বিদ্যাৰ্থীয়ে কি কৰিবলৈ উৎসাহিত হʼব?

১৪ বাপ্তিষ্মাৰ যোগ্য হʼবলৈ বিদ্যাৰ্থীয়ে যি শিকি আছে, তাৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। এনে কৰাটো ইমান সহজ নহয়। কিন্তু যেতিয়া তেওঁ দেখিব যে আপুনি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰি লাভৱান হৈছে, তেতিয়া তেৱোঁ এইদৰে কৰিব বিচাৰিব। (১ কৰি. ১১:১) ওপৰত উল্লেখ কৰা ভনী হানাইৰ উদাহৰণলৈ মন কৰক। তাই কৈছে, “মই শিকিছিলোঁ যে আমি এজনে-আনজনক উৎসাহিত কৰা উচিত, প্ৰেম কৰা উচিত আৰু হৃদয়ৰপৰা ক্ষমা কৰা উচিত। ভাই-ভনীসকলে নিজে এইদৰে কৰাটো মই দেখিলোঁ। তেওঁলোকে সদায় আনৰ বিষয়ে ভাল কথা কৈছিল। ময়ো তেওঁলোকৰ দৰে কৰিবলৈ উৎসাহিত হʼলোঁ।”

১৫. হিতোপদেশ ২৭:১৭ পদৰ অনুসৰি বিদ্যাৰ্থীসকলৰ লগত বন্ধুত্ব কৰাটো কিয় প্ৰয়োজন?

১৫ বাইবেল বিদ্যাৰ্থীৰ লগত বন্ধুত্ব কৰক। যেতিয়া বিদ্যাৰ্থীয়ে সভাত আহিবলৈ ধৰে, তেতিয়া তেওঁৰ প্ৰতি আগ্ৰহ দেখুওৱাক। (ফিলি. ২:৪) তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। আপুনি তেওঁক অধ্যয়নৰ বিষয়ে, পৰিয়ালৰ বিষয়ে আৰু কামৰ বিষয়ে সুধিব পাৰে। কিন্তু আপুনি তেওঁক এনে প্ৰশ্ন নুসুধিব, যাৰ উত্তৰ দিবলৈ তেওঁ লাজ কৰিব পাৰে। তেওঁৰ লগত কথা পাতিলে আপুনি তেওঁৰ এক ভাল বন্ধু হʼব পাৰিব আৰু বাপ্তিষ্মা লʼবলৈ তেওঁক সহায় কৰিব পাৰিব। (হিতোপদেশ ২৭:১৭ পঢ়ক।) ভনী হানাই এতিয়া অগ্ৰগামী সেৱক হয়। যেতিয়া তাই সভালৈ যাব ধৰিলে, তেতিয়া কি হʼল, তাৰ বিষয়ে ভনী হানাই এইদৰে কৈছে, “মণ্ডলীৰ ভাই-ভনীসকলৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিল। সভাত যাবলৈ মোক ভাল লাগিছিল। মই ভাগৰি যোৱাৰ সত্ত্বেও সভালৈ গৈছিলোঁ। এই নতুন বন্ধুসকলৰ বাবে মই সেই বন্ধুসকলক এৰিব পাৰিলোঁ, যিসকলে যিহোৱাৰ উপাসনা নকৰে। যিহোৱা আৰু এই ভাই-ভনীসকলৰ লগত বন্ধুত্ব আৰু গভীৰ হোৱাটো মই বিচাৰিছিলোঁ। সেইবাবে, মই বাপ্তিষ্মা লʼবলৈ নিৰ্ণয় লʼলোঁ।”

১৬. বাইবেল বিদ্যাৰ্থী মণ্ডলীৰ ভাগ হয় বুলি আপুনি তেওঁলোকক কেনেকৈ অনুভৱ কৰাব পাৰে?

১৬ যেতিয়া বিদ্যাৰ্থীয়ে নিজৰ জীৱনত পৰিৱৰ্তন কৰে, তেতিয়া তেওঁ মণ্ডলীৰ ভাগ হৈ বুলি অনুভৱ কৰাওক। এনে কৰিবলৈ আপুনি তেওঁক নিজৰ ঘৰলৈ মাতিব পাৰে আৰু তেওঁৰ লগত সময় অতিবাহিত কৰিব পাৰে। (ইব্ৰী ১৩:২) মʼলডবাত সেৱা কৰা ভাই ডেনিছে কৈছে, “যেতিয়া মই আৰু মোৰ পত্নীয়ে বাইবেল অধ্যয়ন কৰিছিলোঁ, তেতিয়া বহুবাৰ ভাই-ভনীসকলে আমাক তেওঁলোকৰ ঘৰলৈ মাতিছিল। তেওঁলোকে আমাক কৈছিল যে যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে। তেওঁলোকে আমাক উৎসাহিত কৰিছিল। তেওঁলোকৰ কথা শুনি আমিও যিহোৱাৰ সেৱা কৰিব বিচাৰিছিলোঁ আৰু আমাৰ বিশ্বাস হʼল যে তেওঁৰ সেৱা কৰিলে আমি ভাল জীৱন-যাপন কৰিব পাৰিম।” যেতিয়া বাইবেল বিদ্যাৰ্থীজন প্ৰচাৰক হʼব, তেতিয়া আপুনি তেওঁৰ লগত প্ৰচাৰলৈ যাব পাৰে। ব্ৰাজিলৰ ভাই জীয়েগʼই কৈছে, “বহুতো ভায়ে মোক তেওঁলোকৰ লগত প্ৰচাৰলৈ লৈ গৈছিল। এইদৰে মই তেওঁলোকক ভালদৰে জানিব পাৰিলোঁ আৰু তেওঁলোকৰপৰা বহুতো কথা শিকিব পাৰিলোঁ। মই যিহোৱা আৰু যীচুকো ভালদৰে জানিব পাৰিলোঁ আৰু তেওঁলোকৰ বন্ধু হʼব পাৰিলোঁ।”

প্ৰাচীনসকলে কি কৰিব পাৰে?

প্ৰাচীনসকল, যেতিয়া আপুনি কোনো বিদ্যাৰ্থীৰ প্ৰতি আগ্ৰহ দেখুৱায়, তেতিয়া তেওঁ বাপ্তিষ্মা লʼবলৈ পদক্ষেপ লʼব (অনুচ্ছেদ ১৭ চাওক)

১৭. প্ৰাচীনে বাইবেল বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰে?

১৭ বাইবেল বিদ্যাৰ্থীসকলৰ বাবে সময় উলিয়াওক। প্ৰাচীনসকলে বাইবেল বিদ্যাৰ্থীৰ প্ৰতি আগ্ৰহ দেখুওৱা উচিত আৰু তেওঁলোকৰ লগত কথা পতা উচিত। এনে কৰিলে তেওঁলোকে উন্নতি কৰি বাপ্তিষ্মা লʼব পাৰিব। যেতিয়া বিদ্যাৰ্থীয়ে সভাত উত্তৰ দিবলৈ হাত উঠাই, তেতিয়া বিদ্যাৰ্থীৰ নাম লৈ মাতক। এনে কৰিলে বিদ্যাৰ্থীসকলক ভাল লাগিব। প্ৰাচীনসকল, ভাই-ভনীৰ বাইবেল অধ্যয়নলৈ যাবলৈ আপোনালোকে সময় উলিয়াব পাৰেনে? যদি আপুনি তেওঁলোকৰ লগত যায়, তেন্তে বিদ্যাৰ্থীৰ ওপৰত ভাল প্ৰভাৱ পৰিব। নাইজেৰীয়াৰ জেকি নামৰ এগৰাকী অগ্ৰগামী সেৱকে এইদৰে কৈছে, “বহুতো বিদ্যাৰ্থীয়ে এয়া দেখি আচৰিত হয় যে তেওঁলোকৰ অধ্যয়ন কৰিবলৈ মোৰ লগত যিজন ভাই আহিছে, তেওঁ এজন প্ৰাচীন হয়। মোৰ এজন বিদ্যাৰ্থীয়ে কৈছিল, ‘পাষ্টৰে মোৰ ঘৰত কেতিয়াও নাহে। তেওঁ কেৱল ধনী লোক আৰু সেই লোকসকলৰ ঘৰলৈ যায়, যিসকলে তেওঁক পইচা দিয়ে।’” আজি সেই বিদ্যাৰ্থীজনে গোটেই পৰিয়ালৰ লগত সভালৈ আহে।

১৮. পাঁচনিৰ কৰ্ম্ম ২০:২৮ পদত উল্লেখ কৰা দায়িত্ব প্ৰাচীনসকলে কেনেকৈ পালন কৰিব পাৰে?

১৮ অধ্যয়ন চলোৱা প্ৰচাৰকসকলক সহায় কৰক আৰু উৎসাহিত কৰক। ভাই-ভনীসকলক ভালদৰে প্ৰচাৰ কৰিবলৈ আৰু অধ্যয়ন কৰিবলৈ শিকোৱাটো প্ৰাচীনসকলৰ দায়িত্ব। (পাঁচনিৰ কৰ্ম্ম ২০:২৮ পঢ়ক।) যদি কোনোবাই আপোনাৰ আগত অধ্যয়ন কৰিবলৈ সংকোচ কৰে, তেনেহʼলে আপুনি অধ্যয়ন কৰিব পাৰে। জেকিয়ে কৈছে, “প্ৰাচীনে প্ৰায়ে মোৰ বাইবেল বিদ্যাৰ্থীসকলৰ বিষয়ে সুধি থাকে। যেতিয়া বাইবেল অধ্যয়ন কৰিবলৈ কঠিন হয়, তেতিয়া তেওঁলোকে মোক ভাল উপায় দিয়ে।” প্ৰাচীনে অধ্যয়ন চলোৱা ভাই-ভনীসকলৰ সাহস বঢ়াব পাৰে আৰু তেওঁলোকক প্ৰশংসা কৰিব পাৰে, যাতে তেওঁলোকে এই কামত লাগি থাকে। (১ থিচ. ৫:১১) জেকিয়ে এয়াও কৈছে, “যেতিয়া প্ৰাচীনসকলে মোক কয় যে মই ভাল কাম কৰি আছোঁ আৰু তেওঁলোকে মোৰ কামৰ মূল্যাংকন কৰে, তেতিয়া মোক বৰ আনন্দ লাগে। তেতিয়া গৰমৰ সময়ত মোক কোনোবাই এগিলাচ ঠাণ্ডা পানী দিয়া যেন অনুভৱ হয়। তেওঁলোকৰ কথা শুনি মই সতেজ হওঁ।”—হিতো. ২৫:২৫.

১৯. আমি সকলোৱে কি কৰিলে আনন্দ লাভ কৰোঁ?

১৯ যদিও এতিয়া আমাৰ ওচৰত কোনো বাইবেল অধ্যয়ন নাই, কিন্তু আমি আনৰ বাইবেল বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰিব পাৰোঁ। কাৰোবাৰ বাইবেল অধ্যয়নলৈ যোৱাৰ আগতে আমি ভালদৰে প্ৰস্তুত কৰিব পাৰোঁ। আমি ভাবি-চিন্তি কথা পাতিব পাৰোঁ, যাতে প্ৰয়োজনতকৈ বেছি কথা নাপাতোঁ। যেতিয়া কোনো বাইবেল বিদ্যাৰ্থী সভালৈ আহে, তেতিয়া আমি তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ আৰু তেওঁক উৎসাহিত কৰিব পাৰোঁ। আমি তেওঁলোকৰ বাবে ভাল উদাহৰণো ৰাখিব পাৰোঁ। প্ৰাচীনে বাইবেল অধ্যয়নৰ বাবে সময় উলিয়াব পাৰে, অধ্যয়ন চলোৱা ভাই-ভনীসকলৰ প্ৰশংসা কৰিব পাৰে আৰু তেওঁলোকক শিকাব পাৰে। সঁচাকৈ, এজন ব্যক্তিক সত্যত আনিবলৈ মণ্ডলীৰ সকলোৱে সহায় কৰে আৰু এই কাম কৰি আমি সকলোৱে আনন্দ লাভ কৰোঁ।

গীত ৭৯ তেওঁলোকক দৃঢ় হʼবলৈ শিক্ষা দিয়ক

^ অনু. 5 হয়তো আমাৰ সকলোৰে ওচৰত এটা বাইবেল অধ্যয়ন নাথাকিবও পাৰে। তথাপি আমি সকলোৱে এজন বাইবেল বিদ্যাৰ্থীক উন্নতি কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ সহায় কৰিব পাৰোঁ। এই লেখত আমি আলোচনা কৰিম যে মণ্ডলীৰ সকলো ভাই-ভনীয়ে এই পদক্ষেপ লʼবলৈ তেওঁক কেনেকৈ সহায় কৰিব পাৰে।