Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৩

যিহোৱাই আমাক কেনেকৈ ৰক্ষা কৰে?

যিহোৱাই আমাক কেনেকৈ ৰক্ষা কৰে?

“প্ৰভু বিশ্বাসী; তেৱেঁই তোমালোকক সুস্থিৰ কৰিব, আৰু সেই পাপ-আত্মাৰ পৰা ৰক্ষা কৰিব।”—২ থিচ. ৩:৩.

গীত ১২৪ সদায় নিষ্ঠাৱান

লেখৰ এক আভাস *

১. যীচুৱে তেওঁৰ শিষ্যসকলক চোৱা-চিতা কৰিবলৈ যিহোৱাক কিয় কৈছিল?

যীচুৱে নিজৰ শিষ্যসকলক বহুত প্ৰেম কৰিছিল। সেইবাবে, নিজৰ জীৱনৰ শেষ ৰাতিত তেওঁ যিহোৱাক এইদৰে কৈছিল, “তেওঁবিলাকক পাপ-আত্মাৰ পৰা ৰাখা।” (যোহ. ১৭:১৪, ১৫) যীচুৱে জানিছিল যে স্বৰ্গলৈ যোৱাৰ পাছত চয়তানে তেওঁৰ শিষ্যসকল আৰু যিহোৱাৰ সেৱা কৰিবলৈ বিচৰা লোকসকলৰ ওপৰত দুখ-কষ্ট আৰু সমস্যা আনিব। সেইবাবে, তেওঁলোকক যিহোৱাৰ সুৰক্ষাৰ অতি প্ৰয়োজন আছিল।

২. যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ?

যিহোৱাই যীচুৰ প্ৰাৰ্থনা শুনিলে, কিয়নো তেওঁ যীচুক প্ৰেম কৰিছিল। যদি যীচুৰ দৰে আমিও যিহোৱাক আনন্দিত কৰোঁ, তেনেহʼলে তেওঁ আমাকো প্ৰেম কৰিব। যেতিয়া আমি নিজৰ সুৰক্ষা আৰু সহায়ৰ বাবে তেওঁলৈ প্ৰাৰ্থনা কৰিম, তেতিয়া তেওঁ শুনিব। যিহোৱা এজন মৰমীয়াল পিতৃ হয় আৰু তেওঁ নিজৰ সন্তানসকলৰ যত্ন লয়। যদি তেওঁ আমাৰ যত্ন নলয় আৰু আমাৰ ৰক্ষা নকৰে, তেনেহʼলে তেওঁৰ নাম কলংকিত হʼব।

৩. এতিয়া আমাক কিয় যিহোৱাৰ সুৰক্ষাৰ প্ৰয়োজন?

এতিয়া আমাক আগতকৈ বেছি যিহোৱাৰ সুৰক্ষাৰ প্ৰয়োজন আছে। চয়তানক স্বৰ্গৰপৰা পৃথিৱীত পেলাই দিয়া হৈছে আৰু ‘সি অতি ক্ৰুদ্ধত’ আছে। (প্ৰকা. ১২:১২) সি কিছুমান লোকক ফুচুলায়, যাতে তেওঁলোকে আমাক তাড়না দিয়ে। সেই লোকসকলে ভাবে যে তেওঁলোকে ‘ঈশ্বৰৰ সেৱা কৰিছে।’ (যোহ. ১৬:২) আনহাতে, এনে কিছুমান লোক আছে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে আৰু আমি তেওঁলোকৰ চিন্তাধাৰা গ্ৰহণ নকৰাৰ বাবে আমাক তাড়না দিয়ে। তেওঁলোকে আমাক যিয়ে কাৰণৰ বাবে তাড়না নিদিয়ক কিয়, আমি ভয় কৰাৰ প্ৰয়োজন নাই। কিয়নো ঈশ্বৰৰ বাক্যত কোৱা হৈছে যে “প্ৰভু বিশ্বাসী; তেৱেঁই তোমালোকক সুস্থিৰ কৰিব, আৰু সেই পাপ-আত্মাৰ পৰা ৰক্ষা কৰিব।” (২ থিচ. ৩:৩) কিন্তু যিহোৱাই আমাক কেনেকৈ ৰক্ষা কৰে? আহক ইয়াৰ দুটা উপায় চাওঁ।

ঈশ্বৰে দিয়া অস্ত্ৰ-শস্ত্ৰ

৪. ইফিচীয়া ৬:১৩-১৭ পদৰ অনুসৰি যিহোৱাই আমাক কি দিছে?

যিহোৱাই আমাক ৰক্ষা কৰিবলৈ বহুতো অস্ত্ৰ-শস্ত্ৰ দিছে। এই অস্ত্ৰ-শস্ত্ৰই আমাক চয়তানৰ আক্ৰমণৰপৰা ৰক্ষা কৰিব পাৰে। (ইফিচীয়া ৬:১৩-১৭ পঢ়ক।) কিন্তু এই অস্ত্ৰ-শস্ত্ৰই আমাক ৰক্ষা কৰাটো যদি আমি বিচাৰোঁ, তেনেহʼলে এই অস্ত্ৰ-শস্ত্ৰ আমি সদায় ব্যৱহাৰ কৰা উচিত। প্ৰতিটো অস্ত্ৰ-শস্ত্ৰৰ অৰ্থ কি? আহক চাওঁ।

৫. সত্যতাৰ টঙালিৰ অৰ্থ কি আৰু আমাক এয়া কিয় প্ৰয়োজন?

সত্যতাৰ টঙালি: ঈশ্বৰৰ বাক্যত উল্লেখ কৰা সত্যতাই হৈছে সত্যতাৰ টঙালি। আমি কিয় সত্যতাৰ টঙালি কঁকালত বন্ধা উচিত? কিয়নো চয়তান ‘মিছলীয়াৰ বাপেক’ আৰু বহুবছৰৰপৰা সি মিছা কথা কৈ ‘গোটেই জগতত ভ্ৰান্তি জন্মাইছে।’ (যোহ. ৮:৪৪; প্ৰকা. ১২:৯) যদি আমি ঈশ্বৰৰ বাক্যত দিয়া সত্যতা জানিম, তেনেহʼলে আমি চয়তানৰ ফান্দত নপৰিম। আমি কেনেকৈ সত্যতাৰ টঙালি কঁকালত বান্ধিব পাৰোঁ? যিহোৱাৰ বিষয়ে সত্যতা শিকি, “আত্মাৰে আৰু সত্যেৰে” তেওঁৰ উপাসনা কৰি আৰু সকলো কাম সদাচাৰে কৰি আমি সত্যৰ টঙালি কঁকালত বান্ধিব পাৰোঁ।—যোহ. ৪:২৪; ইফি. ৪:২৫; ইব্ৰী ১৩:১৮.

টঙালি: ঈশ্বৰৰ বাক্যত দিয়া সত্যতাবোৰ

৬. ধাৰ্মিকতাৰ বুকুবৰিৰ অৰ্থ কি আৰু আমি এয়া কিয় পিন্ধিব লাগে?

ধাৰ্মিকাতাৰ বুকুবৰি: ইয়াৰ অৰ্থ হৈছে যিহোৱাৰ নৈতিক মানদণ্ড। আমি ধাৰ্মিকতাৰ বুকুবৰি কিয় পিন্ধা উচিত? এজন সৈনিকে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া বুকুবৰিয়ে তেওঁৰ হৃদয়ক ৰক্ষা কৰে। ঠিক সেইদৰে, আমি ধাৰ্মিকতাৰ বুকুবৰি পিন্ধিলে, ই আমাৰ হৃদয়ক ৰক্ষা কৰে। (হিতো. ৪:২৩) আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম আৰু সেৱা কৰাটো তেওঁ বিচাৰে। (মথি ২২:৩৬, ৩৭) কিন্তু আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক সেৱা কৰাটো চয়তানে নিবিচাৰে। সেইবাবে, চয়তানে সদায় চেষ্টা কৰে যাতে আমি জগতক প্ৰেম কৰোঁ আৰু এনে কাম কৰোঁ যি যিহোৱাই ভাল নাপায়। (যাকো. ৪:৪; ১ যোহ. ২:১৫, ১৬) যদি তাৰ এই কৌশল কামত নাহে, তেনেহʼলে চয়তানে আমাক ডাবি-ধমকি দিয়ে, যাতে আমি যিহোৱাৰ মানদণ্ডক আপোচ কৰোঁ।

বুকুবৰি: যিহোৱাৰ নৈতিক মানদণ্ড

৭. ধাৰ্মিকতাৰ বুকুবৰি পিন্ধিবলৈ আমি কি কৰিব লাগিব?

যেতিয়া আমি যিহোৱাৰ নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেতিয়া আমি ধাৰ্মিকতাৰ বুকুবৰি পিন্ধোঁ। (গীত. ৯৭:১০) কিন্তু কিছুমান লোকক যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ বোজা যেন লাগে। যদি আমি যিহোৱাৰ মানদণ্ড পালন নকৰোঁ, তেনেহʼলে এনে হʼব যেন এজন সৈনিকে যুদ্ধ কৰি থাকোতে তেওঁ নিজৰ বুকুবৰি খুলি পেলায়, কিয়নো তেওঁক সেই বুকুবৰি গধুৰ যেন লাগে। এনে কৰাটো মূৰ্খতাৰ কাম হʼব। যিজন ব্যক্তিয়ে যিহোৱাক প্ৰেম কৰে, তেওঁৰ বাবে যিহোৱাৰ “আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” কিয়নো তেওঁ এই কথা ভালদৰে জানে যে যদি তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰে, তেনহʼলে তেওঁৰ জীৱন ৰক্ষা পৰিব।—১ যোহ. ৫:৩.

৮. ভৰিত প্ৰস্তুততাৰ জোতা পিন্ধাৰ অৰ্থ কি?

পাঁচনি পৌলে কৈছিল যে আমি প্ৰস্তুততাৰ জোতা পিন্ধা উচিত। ইয়াৰ অৰ্থ হৈছে আমি সকলো সময়তে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ সাজু থকা উচিত। এনে কৰিলে আমাৰো বিশ্বাস মজবুত হʼব। সেইবাবে, আমি সুযোগ পালেই আনক সাক্ষ্য দিওঁ। যেনে, কাম কৰাৰ ঠাইত, স্কুলত, ব্যৱসায়ৰ এলেকাত আৰু ঘৰে ঘৰে প্ৰচাৰ কৰি থকাৰ সময়ত, কিনা-বেচা কৰাৰ সময়ত, চিনাকী লোকসকল আৰু সম্বন্ধীয় লোকসকলৰ লগত কথা পতাৰ সময়ত বা বেলেগ বেলেগ কাৰণত আমি ঘৰৰপৰা ওলাব নোৱাৰিলেও আমি প্ৰচাৰ কৰোঁ। কিন্তু যদি আমি ভয় কৰি আনক সাক্ষ্য নিদিওঁ, তেনেহʼলে আমি সেই সৈনিকজনৰ দৰে হʼম, যিজনে যুদ্ধক্ষেত্ৰত নিজৰ জোতা খুলি দিয়ে। এনে কৰিলে তেওঁক আঘাত লাগিব পাৰে, যাৰ বাবে তেওঁ নিজৰ সেনাপতিৰ নিৰ্দেশনা পালন কৰিব নোৱাৰিব।

জোতা: শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ সদায় সাজু থকা

৯. আমি বিশ্বাসৰ ঢাল কিয় লোৱা উচিত?

বিশ্বাসৰ ঢাল: এই বিশ্বাসৰ ঢাল হৈছে যিহোৱা আৰু তেওঁ প্ৰতিজ্ঞাৰ ওপৰত থকা আমাৰ বিশ্বাস। বিশ্বাসৰ এই ঢাল লোৱাটো কিয় প্ৰয়োজন? ইয়াৰ সহায়ত আমি “পাপ-আত্মাৰ সকলো অগ্নি-শৰ নুমাব” পাৰিম। এই ঢালে আমাক ধৰ্মত্যাগীসকলৰ শিক্ষাৰপৰা ৰক্ষা কৰে। যেতিয়া লোকসকলে আমাক ঠাট্টা কৰে, তেতিয়া বিশ্বাসৰ এই ঢালে আমাক নিৰাশ হʼবলৈ নিদিয়ে। ইয়ে আমাক সঠিক কাম কৰিবলৈ সাহস দিয়ে। যেনে, আমি কামৰ ঠাই আৰু স্কুলত নিজৰ বিশ্বাসৰ পক্ষে থিয় দিব পাৰোঁ। (পিত. ৩:১৫) আমি এনে চাকৰি অস্বীকাৰ কৰিব পাৰোঁ, যʼত ভাল দৰমহা দিয়া হয়, কিন্তু ইয়াৰ বাবে আমি প্ৰচাৰ আৰু সভাত সময় দিব নোৱাৰোঁ। (ইব্ৰী ১৩:৫, ৬) কোনোবাই আমাক বিৰোধ কৰিলেও আমি যিহোৱাৰ সেৱা কৰি থাকিব পাৰোঁ। (১ থিচ. ২:২) যেতিয়া আমি প্ৰতিবাৰে সঠিক নিৰ্ণয় লৈ সেই অনুসৰি কাম কৰোঁ, তেতিয়া বিশ্বাসে আমাক ৰক্ষা কৰে।

ঢাল: যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত থকা আমাৰ বিশ্বাস

১০. উদ্ধাৰৰ টকয়া কি হয় আৰু আমি এয়া কিয় পিন্ধা উচিত?

১০ উদ্ধাৰৰ টকয়া: উদ্ধাৰৰ টকয়া হৈছে এনে এক আশা, যি যিহোৱাই নিজৰ বিশ্বাসী লোকসকলক পুৰস্কাৰ দিব আৰু যদি তেওঁলোকৰ মৃত্যুও হৈ যায়, তেনেহʼলে তেওঁলোকক পুনৰ জীয়াই তুলিব। (১ থিচ. ৫:৮; ১ তীম. ৪:১০; তীত ১:১, ২) যিদৰে টকয়াই এজন সৈনিকৰ মূৰৰ ৰক্ষা কৰে, ঠিক সেইদৰে আশাই আমাৰ চিন্তাধাৰা ৰক্ষা কৰে। কেনেকৈ বাৰু? এই আশাৰ বাবে আমি নিজৰ সমস্যাৰ বিষয়ে প্ৰয়োজনতকৈ বেছি চিন্তা নকৰোঁ। ইয়াৰ পৰিৰ্ৱতে, আমি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰোঁ। আমি এই উদ্ধাৰৰ টকয়া কেনেকৈ পিন্ধিব পাৰোঁ? আমি নিজৰ চিন্তাধাৰা ঈশ্বৰৰ চিন্তাধাৰাৰ অনুসৰি খাপ খোৱাও। উদাহৰণস্বৰূপে, আমি নিজৰ আশা ধন-সম্পত্তিৰ ওপৰত ৰখাৰ পৰিৰ্ৱতে যিহোৱাৰ ওপৰত ৰাখোঁ।—গীত. ২৬:২; ১০৪:৩৪; ১ তীম. ৬:১৭.

টকয়া: অনন্ত জীৱনৰ আশা

১১. পবিত্ৰ আত্মাৰ তৰোৱাল কি হয় আৰু আমাক ইয়াৰ কিয় প্ৰয়োজন?

১১ পবিত্ৰ আত্মাৰ তৰোৱাল: ইয়াত ইমানেই শক্তি আছে যে ইয়ে মিছাক পোহৰলৈ আনিব পাৰে। ইয়ে আমাক মিছা শিক্ষাৰপৰা মুকলি কৰিবলৈ আৰু বেয়া অভ্যাসবোৰ এৰিবলৈ সহায় কৰিব পাৰে। (২ কৰি. ১০:৪, ৫; ২ তীম. ৩:১৬, ১৭; ইব্ৰী ৪:১২) ব্যক্তিগত অধ্যয়ন আৰু সংগঠনৰপৰা লাভ কৰা প্ৰশিক্ষণৰ যোগেদি আমি এই তৰোৱাল ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকিব পাৰোঁ। (২ তীম. ২:১৫) এই অস্ত্ৰ-শস্ত্ৰৰ উপৰিও যিহোৱাই আমাক আৰু একপ্ৰকাৰে সহায় কৰিব পাৰে। সেয়া কি? আহক চাওঁ।

তৰোৱাল: ঈশ্বৰৰ বাক্য, বাইবেল

এই যুদ্ধত আমি অকলশৰীয়া নহয়

১২. যিহোৱাই আমাক কি দিছে আৰু কিয়?

১২ এজন সৈনিকৰ যিমানেই দক্ষতা নাথাকক কিয়, তেওঁ অকলে ডাঙৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰিব নোৱাৰে। তেওঁক আন সৈনিকসকলৰ প্ৰয়োজন হʼব। ঠিক সেইদৰে, চয়তান আৰু তাৰ সহযোগীৰ লগত আমি অকলে সন্মুখীন হʼব নোৱাৰোঁ। আমাক খ্ৰীষ্টান ভাই-ভনীসকলৰ সহায়ৰ প্ৰয়োজন আছে। সেইবাবে, যিহোৱাই আমাক গোটেই পৃথিৱীত ‘ভাইমাত্ৰাৰ প্ৰেম’ দিছে।—১ পিত. ২:১৭.

১৩. ইব্ৰী ১০:২৪, ২৫ পদৰ অনুসৰি সভালৈ গʼলে কি কি লাভ হয়?

১৩ যেতিয়া আমি সভালৈ যাওঁ, তেতিয়া ভাই-ভনীসকলে আমাক সহায় কৰিব পাৰে। (ইব্ৰী ১০:২৪, ২৫ পঢ়ক।) আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা নিৰাশ হওঁ। কিন্তু সভালৈ গʼলে আমাক ভাল লাগে। ভাই-ভনীসকলৰ উত্তৰ শুনি আমি সাহস লাভ কৰোঁ। বাইবেল আধাৰিত ভাষণ আৰু প্ৰদৰ্শনৰপৰা আমি যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত হওঁ। সভাৰ আগত আৰু পাছত ভাই-ভনীসকলৰ লগত কথা পাতি আমি উৎসাহিত হওঁ। (১ থিচ. ৫:১৪) ইয়াৰ উপৰিও সভালৈ গʼলে আমি আনক সহায় কৰিবলৈ সুযোগ পাওঁ আৰু ইয়াৰপৰা আমি আনন্দিত হওঁ। (পাঁচ. ২০:৩৫; ৰোম. ১:১১, ১২) সভাত উপস্থিত হʼলে আৰু বহুতো লাভ হয়। আমি প্ৰচাৰ কৰাৰ নিজৰ দক্ষতা বঢ়াব পাৰোঁ। যেনে, শিক্ষাদানৰ সঁজুলি বাকচত দিয়া প্ৰকাশনবোৰ আমি ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকোঁ। সেইবাবে, আমি সভাৰ ভালদৰে প্ৰস্তুতি কৰা উচিত। সভাৰ সময়ত মনোযোগেৰে শুনা উচিত আৰু আমি যিবোৰ শিকোঁ, সেই অনুসৰি আমি কাম কৰা উচিত। এইদৰে কৰিলে আমি ‘খ্ৰীষ্ট্‌ যীচুৰ এজন উত্তম সৈন্য’ হʼম।—২ তীম. ২:৩.

১৪. যিহোৱাই আমাক আৰু কেনেকৈ সহায় কৰে?

১৪ আমাৰ লগত বহুতো শক্তিশালী স্বৰ্গদূতো আছে। মনত পেলাওক কেৱল এজন স্বৰ্গদূতে কি কৰিছিল। (যিচ. ৩৭:৩৬) এজন স্বৰ্গদূতৰ যদি ইমান শক্তি আছে, তেনেহʼলে চিন্তা কৰক স্বৰ্গদূতৰ গোটেই সৈন্যবাহিনীয়ে কি কৰিব পাৰে। কোনো ব্যক্তি বা দুষ্ট স্বৰ্গদূতে যিহোৱাৰ শক্তিশালী সৈন্যবাহিনীৰপৰা জয় হʼব নোৱাৰিব। (বিচা. ৬:১৬) যিহোৱা বহুত শক্তিশালী হয়। সেইবাবে, যদি যিহোৱা আমাৰ লগত আছে, তেনেহʼলে আমাৰ শত্ৰুসকলৰ সংখ্যা যিমানেই বেছি নহওক কিয়, আমি তেওঁলোকৰপৰা ভয় কৰাৰ প্ৰয়োজন নাই। যেতিয়া আমাৰ সহকৰ্মী, সহপাঠী বা আমাৰ অবিশ্বাসী সম্বন্ধীয় লোকে আমাক ঠাট্টা কৰে, তেতিয়া আমাক নিৰাশ হোৱাৰ প্ৰয়োজন নাই। আমি মনত ৰখা উচিত যে আমি অকলশৰীয়া নহয়। সেইবাবে, যদি আমি যিহোৱাৰ নিৰ্দেশনা পালন কৰিম, তেনেহʼলে তেওঁ সদায় আমাৰ লগত থাকিব।

যিহোৱাই আমাক ৰক্ষা কৰি থাকিব

১৫. যিচয়া ৫৪:১৫, ১৭ পদৰ অনুসৰি চয়তান আৰু তাৰ সহযোগীয়ে আমাক কিয় প্ৰচাৰ কাম কৰিবলৈ বাধা দিব নোৱাৰিব?

১৫ চয়তানৰ এই জগতে আমাক বহুতো কাৰণৰ বাবে ঘৃণা কৰে। কিয়নো আমি ৰাজনীতি আৰু যুদ্ধত ভাগ নলওঁ। আমি ঈশ্বৰৰ নামৰ বিষয়ে লোকসকলক জনাওঁ আৰু এয়াও জনাওঁ যে কেৱল ঈশ্বৰৰ ৰাজ্যই গোটেই জগতত শান্তি কঢ়িয়াই আনিব। আমি ঈশ্বৰৰ নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ। আমি লোকসকলক এয়াও জনাওঁ যে চয়তান নৰ-বধী আৰু মিছলীয়াৰ পিতৃ হয়। (যোহ. ৮:৪৪) এই দুষ্ট জগতখন অতি সোনকালে ধ্বংস হʼব। সেইবাবে, চয়তান আৰু তাৰ সহযোগীয়ে আমাৰ বিৰোধ কৰে। কিন্তু আমি যিহোৱাৰ প্ৰশংসা কৰি থাকিম বুলি থিৰাং কৰিছোঁ। চয়তান শক্তিশালী হয়, কিন্তু সি এতিয়ালৈকে আমাক গোটেই পৃথিৱীত ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ বাধা দিব পৰা নাই। কিয়নো যিহোৱাই আমাক ৰক্ষাৰ কৰাৰ বাবে আমি এই সকলো কৰিব পাৰিছোঁ।—যিচয়া ৫৪:১৫, ১৭ পঢ়ক।

১৬. মহাক্লেশৰ সময়ছোৱাত যিহোৱাই কি কৰিব?

১৬ অতি সোনকালে কি হʼবলগীয়া আছে? যিহোৱাই মহাক্লেশৰ সময়ছোৱাত দুটা আচৰিত উপায়েৰে নিজৰ লোকসকলক ৰক্ষা কৰিব। প্ৰথমতে, যেতিয়া পৃথিৱীৰ ৰজাই মহা-বাবিল অৰ্থাৎ সকলো মিছা ধৰ্ম ধ্বংস কৰিব, তেতিয়া যিহোৱাই নিজৰ বিশ্বাসী লোকসকলক ৰক্ষা কৰিব। (প্ৰকা. ১৭:১৬-১৮; ১৮:২, ৪) দ্বিতীয়তে, যেতিয়া যিহোৱাই চয়তানৰ জগতৰ বাকী থকা অংশ হৰমাগিদোনৰ যুদ্ধত ধ্বংস কৰিব, তেতিয়া তেওঁ নিজৰ লোকসকলক ৰক্ষা কৰিব।—প্ৰকা. ৭:৯, ১০; ১৬:১৪, ১৬.

১৭. যিহোৱাৰ কাষত থকাটো কিয় প্ৰয়োজন?

১৭ যদি আমি যিহোৱাৰ কাষত থাকোঁ, তেনেহʼলে চয়তানে আমাৰ একো হানি কৰিব নোৱাৰে। ইয়াৰ পৰিৰ্ৱতে, চয়তানক সদায়কাললৈকে ধ্বংস কৰা হʼব। (ৰোম. ১৬:২০) গতিকে আহক আমি ঈশ্বৰে দিয়া সকলো অস্ত্ৰ-শস্ত্ৰ পিন্ধোঁ আৰু তাৰ ব্যৱহাৰ কৰি থাকোঁ। চয়তান আৰু তাৰ জগতৰ লগত অকলে যুদ্ধ কৰাৰ পৰিৱৰ্তে ভাই-ভনীসকলৰ সহায় লওঁ, তেওঁলোককো সহায় কৰোঁ আৰু যিহোৱাৰ নিৰ্দেশনা পালন কৰি থাকোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে আমাৰ পিতৃ যিহোৱাই আমাক মজবুত কৰিব আৰু আমাক ৰক্ষা কৰিব।—যিচ. ৪১:১০.

গীত ১৪৯ জয়লাভৰ গীত

^ অনু. 5 বাইবেলত যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক মজবুত কৰিব আৰু ৰক্ষা কৰিব। এই লেখত আমি শিকিম যে আমাক কিয় সুৰক্ষাৰ প্ৰয়োজন? যিহোৱাই কেনেকৈ আমাক ৰক্ষা কৰে? আৰু যদি যিহোৱাই আমাক ৰক্ষা কৰাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত?