আপুনি জানেনে?
বাইবেলৰ সময়ত লোকসকলে নল খাগৰীৰে নাওঁ সাজিছিলনে?
বহুতো লোকে জানে যে প্ৰাচীন সময়ত মিচৰ দেশৰ লোকসকলে নল খাগৰীৰপৰা * কাগজৰ দৰে কিবা বস্তু তৈয়াৰ কৰিছিল, যʼত তেওঁলোকে লিখিছিল। গ্ৰীক আৰু ৰোমান লোকসকলেও লিখিবলৈ এই বস্তু ব্যৱহাৰ কৰিছিল। নল খাগৰীৰপৰা নাওঁ সাজিব পাৰি বুলি বেছিভাগ লোকে জনা নাছিল।
২,৫০০ বছৰৰ আগতে ভৱিষ্যতবক্তা যিচয়াই লিখিছিল যে “কুচ দেশীয় নদীবোৰৰ সিপাৰে থকা” লোকসকলে “জলসমুহৰ ওপৰেদি নলেৰে [নল খাগৰীৰে] সজা নাৱেৰে প্ৰতিনিধি” পঠিয়াব। পাছত ভৱিষ্যতবক্তা যিৰিমিয়াই লিখিছিল যে যেতিয়া মাদীয়া আৰু পাৰসীয়ে বাবিলক আক্ৰমণ কৰিব, তেতিয়া তেওঁলোকে বাবিলৰ “নল খাগৰীৰে সজা নাওঁবোৰ জুই লগাই” পুৰিব, যাতে তেওঁৰ চহৰৰ লোকসকল পলাই যাব নোৱাৰে।—যিচ. ১৮:১, ২; যিৰি. ৫১:৩২ NW.
বাইবেলখন ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে। সেইবাবে, বাইবেলৰ ওপৰত বিশ্বাস কৰা লোকসকলে জানিছিল যে যেতিয়া পুৰাতত্ববিদসকলে অনুসন্ধান কৰিব, তেতিয়া তেওঁলোকে নিশ্চয় প্ৰমাণ পাব যে বাইবেলৰ সময়ত নল খাগৰীৰে নাওঁ সজা হৈছিল। (২ তীম. ৩:১৬, ১৭) তেওঁলোকে কিবা প্ৰমাণ পালেনে? নিশ্চয়। মিচৰ দেশত নল খাগৰীৰে নাওঁ সজা হৈছিল বুলি তেওঁলোকে বহুতো প্ৰমাণ পালে।
নল খাগৰীৰে কেনেকৈ নাওঁ সজা হৈছিল?
মিচৰৰ মৈদামত ছবি আৰু দেৱাল খোদাই বনোৱা যি শিল্প-বস্তু আছে, তাৰপৰা জানিব পাৰি যে মিচৰৰ লোকসকলে কেনেকৈ নল খাগৰীৰে নাওঁ সাজিছিল। মিচৰৰ লোকসকলে নল খাগৰীৰ ঠাৰি কাটি সৰু সৰুকৈ মুঠা বান্ধিছিল। নল খাগৰীৰ ঠাৰি তিনিকোণীয়া আছিল, সেইবাবে যেতিয়া সেইবোৰ জোৰেৰে বন্ধা হৈছিল, তেতিয়া সেইবোৰ মজবুত হৈছিল। মিচৰৰ ইতিহাসৰ বিষয়ে এখন কিতাপে কৈছে যে নল খাগৰীৰে সজা নাওঁ প্ৰায় ৫৫ ফুট দীঘল আছিল। ইয়াত ইমানেই ঠাই আছিল যে এফালে ১০ৰপৰা ১২ জন লোকে বঠা মাৰিব পাৰিছিল।
লোকসকলে নল খাগৰীৰে কিয় নাওঁ সাজিছিল?
নল খাগৰী নীল নদীৰ উপত্যকাত পোৱা গৈছিল। ইয়াৰ উপৰিও নল খাগৰীৰে নাওঁ সাজিবলৈ সহজ আছিল। পাছত যেতিয়া লোকসকলে কাঠেৰে ডাঙৰ ডাঙৰ নাওঁ সাজিবলৈ ধৰিলে, তেতিয়াও মাছমৰীয়া আৰু চিকাৰীসকলে নল খাগৰীৰে নাওঁ সাজিছিল।
লোকসকলে নল খাগৰীৰে সজা নাওঁ বহুবছৰলৈকে ব্যৱহাৰ কৰিছিল। পাঁচনিসকলৰ সময়ৰ এজন গ্ৰীক লেখক প্লুটাৰ্কে কৈছিল যে তেওঁৰ সময়ত কিছুমান লোকে নল খাগৰীৰে সজা নাওঁ ব্যৱহাৰ কৰিছিল।
^ অনু. 3 নল খাগৰীৰ গছ দ ঠাইত বা এনে নদীৰ কাষত পোৱা যায়, যʼত পানীৰ গতি কম হয়। এই গছ প্ৰায় ১৬ ফুটৰলৈকে বাঢ়ে আৰু ইয়াৰ ঠাৰি প্ৰায় ৬ ইঞ্চি বহল হয়।