Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৮

আপুনি যীচুৰ বাবে উজুটি খাবনে?

আপুনি যীচুৰ বাবে উজুটি খাবনে?

“যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য।”—মথি ১১:৬.

গীত ৫৪ “এয়েই পথ”

লেখৰ এক আভাস *

১. কেতিয়াবা কেতিয়াবা আমি নিজৰ বন্ধু আৰু সম্বন্ধীয় লোকক সত্যৰ বিষয়ে জনালে কি হʼব পাৰে?

যেতিয়া আপুনি বাইবেলৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিলে, তেতিয়া এয়াই সত্য হয় বুলি আপুনি বুজি পালে। সেইসময়ত আপুনি বৰ আনন্দিত হৈছিল। আপুনি ভাবিলে যে যদি আনেও বাইবেলৰ বিষয়ে শিকিব, তেনেহʼলে তেওঁলোকৰ জীৱন ভাল হʼব আৰু তেওঁলোকে নতুন পৃথিৱীৰ আশাও লাভ কৰিব। (গীত. ১১৯:১০৫) সেইবাবে, আপুনি নিজৰ বন্ধু আৰু সম্বন্ধীয় লোকক সত্যৰ বিষয়ে কʼবলৈ আৰম্ভ কৰিলে। কিন্তু আপুনি যিদৰে ভাবিছিল, সেইদৰে নহʼল। তেওঁলোকে আপোনাৰ কথা নুশুনিলে।

২-৩. যীচুৰ সময়ত বেছিভাগ লোকে কি কৰিছিল?

যেতিয়া লোকসকলে আমাৰ বাৰ্তা শুনিবলৈ অস্বীকাৰ কৰে, তেতিয়া আমি আচৰিত হোৱা উচিত নহয়। যীচুৱে ডাঙৰ ডাঙৰ আচৰিত কৰ্ম কৰিছিল আৰু এই কামত ঈশ্বৰে তেওঁক সহায় কৰিছে বুলি স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। তথাপি সেইসময়ত বেছিভাগ লোকে তেওঁক ত্যাগ কৰিছিল। উদাহৰণস্বৰূপে, যীচুৱে লাজাৰক জীৱিত কৰিছিল। যীচুৱে লাজাৰক জীৱিত কৰিলে বুলি যিহূদী ধৰ্ম গুৰুসকলে স্বীকাৰ কৰিলে। কিন্তু যীচুৱেই মচীহ হয় বুলি তেওঁলোকে বিশ্বাস কৰিবলৈ বিচৰা নাছিল। আনকি তেওঁলোকে লাজাৰ আৰু যীচুক হত্যা কৰিবলৈ বিচাৰিছিল।—যোহ. ১১:৪৭, ৪৮, ৫৩; ১২:৯-১১.

যীচুৱে জানিছিল যে তেওঁ মচীহ হয় বুলি বহুতোলোকে বিশ্বাস নকৰিব। (যোহ. ৫:৩৯-৪৪) তেওঁ যোহন বাপ্তাইজকৰ শিষ্যসকলক এইদৰে কৈছিল, “যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য।” (মথি ১১:২, ৩, ৬) লোকসকলে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল?

৪. এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

প্ৰথম শতিকাৰ লোকসকলে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল, তাৰ কিছুমান কাৰণৰ বিষয়ে এই লেখত আৰু পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। লগতে এয়াও আলোচনা কৰা হʼব যে আজি লোকসকলে যীচুৰ শিষ্যসকলৰ বাৰ্তা কিয় নুশুনে। ইয়াৰ উপৰিও এয়াও আলোচনা কৰা হʼব যে আপুনি যীচুৰ ওপৰত নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰে, যাতে আপুনি যীচুক অনুকৰণ কৰি থাকে।

(১) যীচু কোন আছিল আৰু কʼৰ পৰা আহিছিল?

যীচুৰ পৃষ্ঠভূমিৰ বাবে সেইবাবে বহুতোলোকে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। আজিও হয়তো লোকসকলে এইবোৰ কাৰণৰ বাবে আমাৰ বাৰ্তা নুশুনে (অনুচ্ছেদ ৫ চাওক) *

৫. যীচু মচীহ নহয় বুলি কিছুমান লোকে কিয় ভাবিছিল?

লোকসকলে বিশ্বাস কৰিছিল যে যীচু এজন ভাল শিক্ষক হয় আৰু ডাঙৰ ডাঙৰ আচৰিত কৰ্ম কৰে। কিন্তু তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস নকৰিলে। কিয় বাৰু? কিয়নো তেওঁ এজন দুখীয়া বাঢ়ৈৰ লʼৰা আছিল আৰু নাচৰতৰ আছিল। লোকসকলৰ দৃষ্টিত নাচৰত এখন সৰু চহৰ আছিল। যীচুৰ শিষ্য নথনেলেও প্ৰথমে এইদৰেই ভাবিছিল। তেওঁ এইদৰে কৈছিল, “নাচৰতৰ পৰা কোনো উত্তম বস্তু ওলাব পাৰে নে?” (যোহ. ১:৪৬) হয়তো নথনেলে এইদৰে কোৱাৰ কাৰণ হৈছে তেৱোঁ ভাবিছিল যে নাচৰত এখন সৰু চহৰ হয়। অথবা মীখা ৫:২ পদৰ ভৱিষ্যতবাণীৰ অনুসৰি তেওঁ ভাবিছিল যে মচীহ বৈৎলেহেমত জন্ম হʼব নাচৰতত নহয়।

৬. যীচুৱেই মচীহ হয় বুলি লোকসকলে কেনেকৈ চিনাক্ত কৰিব পাৰিলেহেঁতেন?

শাস্ত্ৰত কি লিখা আছিল? ভৱিষ্যতবক্তা যিচয়াই আগতেই কৈছিল যে “তেওঁৰ [মচীহৰ] কালৰ লোকবিলাকৰ মাজত কোনে ইয়াক বিবেচনা কৰিছিল?” অৰ্থাৎ যীচু কোন আছিল আৰু কাৰ বংশৰ আছিল, তাৰ বিষয়ে যীচুৰ শত্ৰুসকলে জানিবলৈ চেষ্টা নকৰিব। যদিও ইয়াৰ বিষয়ে বহুতো ভৱিষ্যতবাণী কৰা হৈছিল, তথাপি ইয়াৰ ওপৰত কোনেও ধ্যান নিদিলে। (যিচ. ৫৩:৮) তেওঁলোকে অলপ অনুসন্ধান কৰা হʼলে, সহজে জানিব পাৰিলেহেঁতেন যে যীচুৰ জন্ম বৈৎলেহেমত হৈছিল আৰু তেওঁ দায়ূদৰ বংশৰ আছিল। (লূক ২:৪-৭) যীচুৰ জন্ম বৈৎলেহেমত হৈছিল, যাৰ বিষয়ে মীখা ৫:২ পদত ভৱিষ্যতবাণী কৰিছিল। কিন্তু তেওঁলোকে কোনো অনুসন্ধান নকৰাকৈ আগতেই মত পোষণ কৰিলে আৰু যীচু মচীহ হয় বুলি স্বীকাৰ নকৰিলে।

৭. আজিও কিছুমান লোকে যিহোৱাৰ সাক্ষীসকলৰ বাৰ্তা কিয় নুশুনে?

আজিও এনে লোকসকল আছেনে? আছে। বেছিভাগ যিহোৱাৰ সাক্ষী ধনী নহয়। সেইবাবে, বহুতোলোকে ভাবে যে “তেওঁলোক অপণ্ডিত সামান্য মানুহ।” (পাঁচ. ৪:১৩) লোকসকলে ভাবে যে যিহোৱাৰ সাক্ষীসকলে ডাঙৰ ডাঙৰ ধাৰ্মিক স্কুলত পঢ়া নাই, গতিকে তেওঁলোকে আমাক বাইবেলৰ বিষয়ে কি শিকাব। কিছুমান লোকে ভাবে যে যিহোৱাৰ সাক্ষী আমেৰিকান ধৰ্মৰ লোক হয়। কিন্তু এয়া সঁচা নহয়। বেছিভাগ সাক্ষী আমেৰিকাত নাই, আন দেশতহে আছে। কিছুমান লোকে কয় যে যিহোৱাৰ সাক্ষীসকলে পৰিয়ালৰ একতা ভংগ কৰে বা দেশৰ বাবে বিপদ হয় আৰু বহুতোলোকে কয় যে যিহোৱাৰ সাক্ষীসকলে যীচুক নামানে। এনেধৰণৰ উৰাবাতৰি বিশ্বাস কৰাৰ বাবে লোকসকলে যিহোৱাৰ সাক্ষীসকলৰ বাৰ্তা নুশুনে।

৮. পাঁচনিৰ কৰ্ম্ম ১৭:১১ পদৰ অনুসৰি আপুনি কেনেকৈ জানিব পাৰে যে আজি যিহোৱাৰ লোক কোন হয়?

আপোনাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আপুনি কি কৰিব পাৰে? আপুনি ভালদৰে চালি-জাৰি চোৱা উচিত। লূকে এইদৰে কৰিলে। লূকে নিজৰ নামৰ কিতাপখন লিখোতে ‘আৰম্ভণিৰে পৰা সকলো বিষয়ে নিশ্চয়কৈ অনুসন্ধান কৰিলে,’ যাতে লোকসকলে নিশ্চিত কৰিব পাৰে যে তেওঁলোকে যীচুৰ বিষয়ে যি শুনিছে, সেইবোৰ “অলৰতা” হয়। (লূক ১:১-৪) বিৰয়াৰ যিহূদী লোকসকল লূকৰ দৰেই আছিল। তেওঁলোকে যীচুৰ বিষয়ে যি শুনিছিল, সেয়া সঁচা হয় নে নহয়, তাৰ বিষয়ে জানিবলৈ হিব্ৰু শাস্ত্ৰৰ পৰা অনুসন্ধান কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৭:১১ পঢ়ক।) যেতিয়া যিহোৱাৰ লোকসকলে আপোনাক কিবা শিকায়, তেতিয়া আপুনিও সেয়া শাস্ত্ৰৰ পৰা চালি-জাৰি চোৱা উচিত। আপুনি যিহোৱাৰ সাক্ষীসকলৰ ইতিহাসৰ বিষয়েও অনুসন্ধান কৰা উচিত। যদি আপুনি ভালদৰে চালি-জাৰি চাব, তেতিয়া আপুনি উৰাবাতৰিৰ ওপৰত বিশ্বাস নকৰিব।

(২) যীচুৱে আনক দেখুৱাবলৈ আচৰিত কৰ্ম কৰা নাছিল

যীচুৱে ডাঙৰ ডাঙৰ চিন নেদেখুৱাৰ বাবে কিছুমান লোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলে। আজিও হয়তো লোকসকলে এইবোৰ কাৰণৰ বাবে আমাৰ বাৰ্তা নুশুনে (অনুচ্ছেদ ৯-১০ চাওক) *

৯. যেতিয়া যীচুৱে আকাশৰ পৰা কোনো চিন দেখুওৱা নাছিল, তেতিয়া কি হʼল?

যীচুৱে যি শিকাইছিল, তাৰ বাবে কিছুমান লোক আনন্দিত নাছিল। যীচুৱেই মচীহ হয় বুলি জানিবলৈ তেওঁলোকে আৰু প্ৰমাণ বিচাৰিছিল। সেইবাবে, তেওঁলোকে যীচুক “আকাশৰ পৰা কোনো এটা চিন” দেখুৱাবলৈ কৈছিল। (মথি ১৬:১) দানিয়েল ৭:১৩, ১৪ পদত তেওঁলোকে যি পঢ়িছিল, হয়তো সেইবাবে তেওঁলোকে এইদৰে কৈছিল। কিন্তু সেই কথা ভৱিষ্যতে পূৰ হʼবলগীয়া আছিল। যীচুৱে শিকোৱা কথাবোৰলৈ ধ্যান দিয়া হʼলে তেওঁলোকৰ বিশ্বাস হʼলহেঁতেন যে যীচুৱেই মচীহ হয়। কিন্তু যীচুৱে যেতিয়া তেওঁলোকক কোনো চিন নেদেখুৱালে, তেতিয়া তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস নকৰিলে।—মথি ১৬:৪.

১০. যীচুৱে যিচয়াৰ ভৱিষ্যতবাণী কেনেকৈ পূৰ কৰিলে?

১০ শাস্ত্ৰত কি লিখা আছিল? যিচয়াই মচীহৰ বিষয়ে এইদৰে কৈছিল, “তেওঁ এৰাও নকৰিব, বৰ মাতেৰে কথা নকব, আৰু বাহিৰলৈ নিজৰ মাত নুশুনাব।” (যিচ. ৪২:১, ২) যীচুৱে কেতিয়াও আনৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁ মন্দিৰ বনোৱা নাছিল আৰু বিশেষধৰণৰ কাপোৰো পিন্ধা নাছিল। ইয়াৰ উপৰিও তেওঁ কোনো ধৰ্মীয় উপাধি লাভ কৰিব বিচৰা নাছিল। নিজৰ জীৱনৰ শেষমুহূৰ্তত তেওঁ ৰজা হেৰোদক আনন্দিত কৰিবলৈ কোনো আচৰিত কৰ্ম কৰা নাছিল। (লূক ২৩:৮-১১) যদিও তেওঁ কিছুমান পৰিস্থিতিত আচৰিত কৰ্ম কৰিছিল, কিন্তু প্ৰচাৰ কাম কৰাটোৱে তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল, “সেই নিমিত্তেই মই ওলাই আহিলোঁ।”—মাৰ্ক ১:৩৮.

১১. আজি কিছুমান লোকৰ কি ভুল ধাৰণা আছে?

১১ আজিও এনে লোকসকল আছেনে? আছে। আজি বেছিভাগ লোকে ডাঙৰ ডাঙৰ ধাৰ্মিক ভৱন ভাল পায় আৰু ডাঙৰ ডাঙৰ উপাধি ৰখা লোকসকলক তেওঁলোকে ভাল পায়। তেওঁলোকে এনে উৎসৱবোৰ পালন কৰে, যি বাইবেলৰ অনুসৰি ভুল হয়। তেওঁলোকে ভাবে যে এইবোৰে তেওঁলোকক ঈশ্বৰৰ কাষ চাপিবলৈ সহায় কৰিব। প্ৰকৃততে তেওঁলোকে নিজৰ ধাৰ্মিক সভাবোৰত ঈশ্বৰৰ বিষয়ে একোৱেই নিশিকে। আনহাতে, যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত ঈশ্বৰৰ বিষয়ে বহুতো কথা শিকোৱা হয়। তেওঁলোকৰ ৰাজ্যগৃহ ডাঙৰ ডাঙৰ নহয়, কিন্তু পৰিষ্কাৰ আছে। তেওঁলোকৰ ৰাজ্যগৃহত যিসকল লোকে মণ্ডলীৰ চোৱা-চিতা কৰে, তেওঁলোকে কোনোধৰণৰ বিশেষ কাপোৰ নিপিন্ধে আৰু লোকসকলে তেওঁলোকক বিশেষ নাম দিয়াটো তেওঁলোকে নিবিচাৰে। যিহোৱাৰ সাক্ষীসকলে যি শিকায়, সেয়া বাইবেলৰ পৰা হয়। তেওঁলোকে লোকসকলক আনন্দিত কৰিবলৈ শিক্ষা নিদিয়ে আৰু তেওঁলোকে সাধাৰণভাৱে উপাসনা কৰে। সেইবাবে, লোকসকলে তেওঁলোকৰ বাৰ্তা নুশুনে।

১২. ইব্ৰী ১১:১, ৬ পদৰ অনুসৰি আপুনি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে?

১২ আপোনাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আপুনি কি কৰিব পাৰে? পাঁচনি পৌলে ৰোমৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।” (ৰোম. ১০:১৭) মিছা পৰম্পৰা আৰু উৎসৱবোৰ পালন কৰিলে আমাৰ বিশ্বাস নাবাঢ়ে। ইয়াৰ পৰিৰ্ৱতে, বাইবেল অধ্যয়ন কৰিলেহে বিশ্বাস বাঢ়ে। মজবুত বিশ্বাসৰ অতি প্ৰয়োজন, কিয়নো “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১১:১,  পঢ়ক।) যদি আপুনি বাইবেলৰ ভালদৰে অধ্যয়ন কৰে, তেনেহʼলে এয়াই সত্য হয় বুলি আপোনাৰ বিশ্বাস হʼব। বিশ্বাস কৰিবলৈ আপোনাক আকাশৰপৰা কোনো চিনৰ প্ৰয়োজন নহʼব।

(৩) যীচুৱে কোনো যিহূদী পৰম্পৰা পালন কৰা নাছিল

যীচুৱে তেওঁলোকৰ পৰম্পৰা পালন নকৰাৰ বাবে বহুতোলোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলে। আজিও হয়তো লোকসকলে এইবোৰ কাৰণৰ বাবে আমাৰ বাৰ্তা নুশুনে (অনুচ্ছেদ ১৩ চাওক) *

১৩. কিছুমান লোকে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল?

১৩ যোহন বাপ্তাইজকৰ শিষ্যসকলে বুজি পোৱা নাছিল যে যীচুৰ শিষ্যসকলে কিয় লঘোন নিদিয়ে। যীচুৱে তেওঁলোকক বুজালে যে যেতিয়ালৈকে তেওঁ জীৱিত আছে, তেতিয়ালৈকে তেওঁলোকে লঘোন দিয়াৰ কোনো প্ৰয়োজন নাই। (মথি ৯:১৪-১৭) যীচুৱে যিহূদীসকলৰ ৰীতি-নীতি আৰু পৰম্পৰা পালন নকৰাৰ বাবে ফৰীচী আৰু আন লোকসকলেও আনন্দিত নাছিল। যীচুৱে বিশ্ৰাম-বাৰত বেমাৰীসকলক সুস্থ কৰাৰ বাবেও তেওঁলোকে যীচুক খং কৰিছিল। (মাৰ্ক ৩:১-৬; যোহ. ৯:১৬) ফৰীচীসকলে বিশ্ৰাম-বাৰৰ নিয়ম পালন কৰোঁ বুলি কৈছিল, আনহাতে তেওঁলোকে মন্দিৰত বেপাৰ বাণিজ্য হʼবলৈ দিছিল। যেতিয়া যীচুৱে তেওঁলোকক ইয়াৰ বিষয়ে কৈছিল, তেতিয়া তেওঁলোকে যীচুক বহুত খং কৰিছিল। (মথি ২১:১২, ১৩, ১৫) তাৰ পাছত যীচুৱে যেতিয়া নাচৰতৰ ধৰ্মধামত লোকসকলক প্ৰচাৰ কৰিছিল, তেতিয়া যীচুৱে তেওঁলোকক কৈছিল যে তেওঁলোক প্ৰাচীন সময়ৰ ইস্ৰায়েলীৰ দৰে হয়, যিসকলৰ বিশ্বাস নাছিল আৰু স্বাৰ্থপৰ আছিল। এই কথা শুনি তেওঁলোক অতি ক্ৰোধিত হৈছিল। (লূক ৪:১৬, ২৫-৩০) লোকসকলে বিচৰা অনুসৰি যীচুৱে কোনো কাম কৰা নাছিল। সেইবাবে, তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল।—মথি ১১:১৬-১৯.

১৪. মানুহে বনোৱা পৰম্পৰাবোৰ যীচুৱে কিয় ত্যাগ কৰিছিল?

১৪ শাস্ত্ৰত কি লিখা আছিল? যিহোৱাই যিচয়াৰ যোগেদি এইদৰে কৈছিল, “এই লোকবিলাকে মোৰ ওচৰলৈ চাপি নিজ নিজ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ হলে মোৰ পৰা দূৰত ৰাখে; আৰু মোলৈ তেওঁবিলাকৰ যি ভয়, সিও তেওঁবিলাকৰ মুখস্থ কৰা মানুহৰ বিধি।” (যিচ. ২৯:১৩) যীচুৱে এনে পৰম্পৰা আৰু ৰীতি-নীতিৰ বিৰোধ কৰিছিল, যি শাস্ত্ৰৰ অনুসৰি ভুল হয়। মানুহে বনোৱা ৰীত-নীতি শাস্ত্ৰত লিখা কথাতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভবা লোকসকলে যিহোৱা আৰু মচীহক ত্যাগ কৰিছিল।

১৫. আজি বহুতোলোকে যিহোৱাৰ সাক্ষীসকলক কিয় ভাল নাপায়?

১৫ আজিও এনে লোকসকল আছেনে? আছে। আজি বহুতোলোকে যিহোৱাৰ সাক্ষীসকলক ভাল নাপায়। কিয়নো তেওঁলোকে বৰদিন আৰু জন্মদিন পালন নকৰে। আন কিছুমান লোকে যিহোৱাৰ লোকসকলক খং কৰে, কিয়নো তেওঁলোকে দেশভক্তিৰ কাৰ্য্যক্ৰমত ভাগ নলয়। তেওঁলোকে এনে ৰীতি-নীতিত ভাগ নলয়, যি এজন ব্যক্তিৰ মৃত্যুৰ পাছত ৰখা হয়। এনে লোকসকলে ভাবে যে এনে ৰীতি-নীতি পালন কৰিলে ঈশ্বৰ আনন্দিত হʼব। কিন্তু তেওঁলোকে বাইবেলৰ অনুসৰি ঈশ্বৰৰ উপাসনা কৰিলেহে ঈশ্বৰ আনন্দিত হʼব।—মাৰ্ক ৭:৭-৯.

১৬. গীতমালা ১১৯:৯৭, ১১৩, ১৬৩-১৬৫ পদৰ অনুসৰি আপুনি কি কৰা উচিত আৰু কি কৰা উচিত নহয়?

১৬ আপোনাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আপুনি কি কৰিব পাৰে? আপুনি নিজৰ হৃদয়ত যিহোৱা আৰু তেওঁৰ সিদ্ধান্তবোৰৰ প্ৰতি প্ৰেম বঢ়োৱা উচিত। (গীতমালা ১১৯:৯৭, ১১৩, ১৬৩-১৬৫ পঢ়ক।) যদি তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম থাকিব, তেনেহʼলে আপুনি সেই ৰীতি-নীতিবোৰ পালন নকৰিব, যাৰপৰা ঈশ্বৰ আনন্দিত নহয়। আপুনি যিহোৱাতকৈ বেছি আন বস্তুবোৰক যাতে প্ৰেম নকৰে, তাৰ প্ৰতি আপুনি ধ্যান দিয়া উচিত।

(৪) যীচুৱে সেইসময়ত নিজৰ চৰকাৰ স্থাপন কৰা নাছিল

যীচুৱে ৰাজনীতিৰ ক্ষেত্ৰত নিৰপেক্ষ হৈ থকাৰ বাবে কিছুমান লোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলে। আজিও হয়তো লোকসকলে এইবোৰ কাৰণৰ বাবে আমাৰ বাৰ্তা নুশুনে (অনুচ্ছেদ ১৭ চাওক) *

১৭. যীচুৰ সময়ত কিছুমান লোকে মচীহৰপৰা কি আশা কৰিছিল?

১৭ সেইসময়ত কিছুমান লোকে ভাবিছিল যে মচীহে তেওঁলোকক ৰোমান চৰকাৰৰ অত্যাচাৰৰপৰা মুকলি কৰিব। কিন্তু তেওঁলোকে যীচুক ৰজা পাতিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ এনে কৰিবলৈ দিয়া নাছিল। (যোহ. ৬:১৪, ১৫) আনহাতে, ৰোমান চৰকাৰে পুৰোহিত আৰু আন লোকসকলক কিছুমান অধিকাৰ দিছিল। যদি যীচুৰ চৰকাৰ আহে, তেনেহʼলে ৰোমান চৰকাৰে নিৰাশ হৈ তেওঁলোকৰ সকলো অধিকাৰ কাঢ়ি লʼব বুলি তেওঁলোকে ভয় কৰিছিল। এইবোৰ কাৰণৰ বাবে কিছুমান লোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল।

১৮. মচীহৰ বিষয়ে লোকসকলৰ কিয় ভুল ধাৰণা আছিল?

১৮ শাস্ত্ৰত কি লিখা আছিল? মচীহে ৰজা হʼব আৰু জয়লাভ কৰিব বুলি শাস্ত্ৰত বহুতো ভৱিষ্যতবাণী উল্লেখ আছে। কিন্তু ভৱিষ্যতবাণীত এয়াও উল্লেখ আছে যে মচীহে প্ৰথমে পাপী মানৱজাতিৰ বাবে মৃত্যু হʼব লাগিব। (যিচ. ৫৩:৯, ১২) কিন্তু প্ৰশ্ন হয় যে মচীহৰ বিষয়ে লোকসকলৰ কিয় ভুল ধাৰণা আছিল? কিয়নো তেওঁলোকৰ সমস্যাবোৰ লগে লগে সমাধান হোৱাটো তেওঁলোকে বিচাৰিছিল। সেইবাবে, তেওঁলোকে কিছুমান ভৱিষ্যতবাণীৰ ওপৰতহে ধ্যান দিলে।—যোহ. ৬:২৬, ২৭.

১৯. আজি লোকসকলে সাক্ষীসকলৰ বাৰ্তা কিয় নুশুনে?

১৯ আজিও এনে লোকসকল আছেনে? আছে। সাক্ষীসকলে ভোট নিদিয়াৰ বাবে আজি বহুতোলোকে অভিযোগ কৰে। কিন্তু সাক্ষীসকলে জানে যে যদি তেওঁলোকে কোনো মানুহক বাছনি কৰে, তেনেহʼলে যিহোৱাক ত্যাগ কৰাৰ দৰে হʼব। (১ চমূ. ৮:৪-৭) যদি তেওঁলোকে ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থাকে, তেনেহʼলে লোকসকলে তেওঁলোকৰ বাৰ্তা নুশুনে। ইয়াৰ উপৰিও লোকসকলে ভাবে যে সাক্ষীসকলে স্কুল, চিকিৎসালয় বনোৱা উচিত আৰু সমাজ সেৱা কৰা উচিত। কিন্তু সাক্ষীসকলে যেতিয়া লোকসকলৰ সমস্যা সমাধান কৰাৰ পৰিৰ্ৱতে প্ৰচাৰ কাম কৰি থাকে, তেতিয়া লোকসকলে তেওঁলোকৰ বাৰ্তা নুশুনে।

২০. মথি ৭:২১-২৩ পদত উল্লেখ কৰাৰ অনুসৰি যীচুৰ শিষ্যসকলে কি কাম মনে-প্ৰাণে কৰা উচিত?

২০ আপোনাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আপুনি কি কৰিব পাৰে? (মথি ৭:২১-২৩ পঢ়ক।) যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কাম কৰাৰ গভীৰ দায়িত্ব দিছে। (মথি ২৮:১৯, ২০) তেওঁলোকে জগতৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰাৰ পৰিৰ্ৱতে প্ৰচাৰ কাম মনে-প্ৰাণে কৰে। যদিও তেওঁলোকে লোকসকলক প্ৰেম কৰে আৰু তেওঁলোকৰ দুখ-কষ্ট দেখি বেয়া লাগে, কিন্তু তেওঁলোকে এই কথা জানে যে কেৱল ঈশ্বৰৰ ৰাজ্যই এই সকলো দুখ-কষ্ট নাইকীয়া কৰিব। সেইবাবে, তেওঁলোকে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে লোকসকলক সাক্ষ্য দিয়ে।

২১. আমি কি নিৰ্ণয় লোৱা উচিত?

২১ এই লেখত আমি এনে চাৰিটা কাৰণৰ বিষয়ে আলোচনা কৰিলোঁ, যাৰ বাবে লোকসকলে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। এই চাৰিটা কাৰণৰ বাবে আজিও লোকসকলে যীচুৰ শিষ্যসকলৰ বাৰ্তা নুশুনে। আমি যিদৰে এই লেখত আলোচনা কৰিলোঁ আহক আমি নিৰ্ণয় লওঁ যে আমি সদায় যীচুৰ কথা পালন কৰিম আৰু নিজৰ বিশ্বাস মজবুত কৰি ৰাখিম। পৰৱৰ্তী লেখত আমি আৰু চাৰিটা কাৰণৰ ওপৰত আলোচনা কৰিম, যাৰ বাবে লোকসকলে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল।

গীত ৫৬ সত্যক আপোন কৰি লওক

^ অনু. 5 যীচু এজন মহান শিক্ষক আছিল। তথাপি বেছিভাগ লোকে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। লোকসকলে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল, তাৰ চাৰিটা কাৰণৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব। এই লেখত এয়াও আলোচনা কৰা হʼব যে আজি বহুতোলোকে যীচুৰ শিষ্যসকলৰ বাৰ্তা কিয় নুশুনে? লগতে এয়াও আলোচনা কৰা হʼব যে আপুনি নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰে, যাতে আপুনি উজুটি নাখায় আৰু যীচুক অনুকৰণ কৰি থাকিব পাৰে।

^ অনু. 60 ছবিৰ বিষয়ে: যীচুক লগ কৰিবলৈ ফিলীপে নথনেলক কৈছে।

^ অনু. 62 ছবিৰ বিষয়ে: যীচুৱে শুভবাৰ্তাৰ প্ৰচাৰ কৰি আছে।

^ অনু. 64 ছবিৰ বিষয়ে: যীচুৱে এজন ব্যক্তিৰ হাতখন সুস্থ কৰিছে, যিজনৰ হাতখন শুকাই গৈছিল। যীচুৰ বিৰোধীসকলে তেওঁক চাই আছে।

^ অনু. 66 ছবিৰ বিষয়ে: যীচুৱে অকলে পাহাৰলৈ গৈছে।