অধ্যয়নৰ লেখ ১৯
কোনো কথাই তেওঁলোকক উজুটি খোৱাব নোৱাৰে
“যিবিলাকে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁবিলাকৰ পৰম-শান্তি হয়; তেওঁবিলাক উজুটি খোৱাৰ কোনো কাৰণ নাই।”—গীত. ১১৯:১৬৫.
গীত ১২২ থিৰে থাকক
লেখৰ এক আভাস *
১-২. (ক) এজন লেখকে কি কৈছিল? (খ) এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
আজি লাখ-লাখ লোকে কয় যে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰে। কিন্তু তেওঁৰ শিক্ষাৰ অনুসৰি জীৱন-যাপন নকৰে। (২ তীম. ৪:৩, ৪) এজন লেখকে এইদৰে কৈছে, “আজিৰ সময়ত যদি যীচুৰ দৰে আন এজন ব্যক্তি আহে আৰু তেওঁৰ দৰেই শিকায়, তেনেহʼলে দুহেজাৰ বছৰৰ আগতে যিদৰে লোকসকলে যীচুৰ কথা শুনা নাছিল, ঠিক সেইদৰে সেই ব্যক্তিজনৰ কথাও নুশুনিব।”
২ যীচু পৃথিৱীত থকাৰ সময়ত বহুতোলোকে তেওঁ শিকোৱা কথাবোৰ শুনিছিল আৰু তেওঁ কৰা আচৰিত কৰ্মবোৰো দেখিছিল। তথাপি তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। তেওঁলোকে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল ইয়াৰ চাৰিটা কাৰণৰ বিষয়ে আগৰ লেখত আলোচনা কৰা হৈছিল। এই লেখত ইয়াৰ আৰু চাৰিটা কাৰণৰ ওপৰত আলোচনা কৰা হʼব। ইয়াৰ উপৰিও এয়াও আলোচনা কৰা হʼব যে আজি লোকসকলে যীচুৰ শিষ্যসকলৰ বাৰ্তা কিয় নুশুনে আৰু আপুনি কোনো কথাত উজুটি নাখাবলৈ কি কৰিব পাৰে।
(১) যীচুৱে পক্ষপাত কৰা নাছিল
৩. কিছুমান লোকক যীচুৰ ব্যৱহাৰ কিয় ভাল লগা নাছিল?
৩ যীচুৱে সকলোধৰণৰ লোকসকলৰ লগত সংগতি কৰিছিল। তেওঁ ধনী লোকসকলৰ লগত খোৱা-বোৱা কৰিছিল লগতে তেওঁ দুখীয়া আৰু নিঃসহায় বা সহায়হীন লোকসকলৰ বাবেও সময় উলিয়াইছিল। সমাজে ‘পাপী’ বুলি গণ্য কৰা লোকসকলৰ লগতো যীচুৱে মৰমেৰে ব্যৱহাৰ কৰিছিল। কিছুমান লোকক যীচুৰ ব্যৱহাৰ ভাল লগা নাছিল। তেওঁলোকে যীচুৰ শিষ্যসকলক এইদৰে সুধিছিল, “কৰতোলা আৰু পাপীৰে সৈতে তোমালোকে কিয় ভোজন-পান কৰা?” যীচুৱে তেওঁলোকক এইদৰে উত্তৰ দিলে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে সকাম আছে। মই ধাৰ্ম্মিকক নহয়; কিন্তু মন পালটাবলৈ, পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”—লূক ৫:২৯-৩২.
৪. যিচয়াৰ ভৱিষ্যতবাণীৰ অনুসৰি যিহূদীসকলে মচীহৰ বিষয়ে কি বুজি পোৱা উচিত আছিল?
যিচ. ৫৩:৩) ভৱিষতবাণীত কোৱা হৈছিল যে “মানুহে” মচীহক ত্যাগ কৰিব, সেইবাবে যীচুৰ লগত যেতিয়া এইদৰে হৈছিল, তেতিয়া যিহূদীসকলে বুজি পোৱা উচিত আছিল যে ভৱিষ্যতবাণীত কোৱাৰ দৰে যীচুৰ লগত ঘটিছিল।
৪ শাস্ত্ৰত কি লিখা আছিল? মচীহ অহাৰ বহুবছৰৰ আগতে ভৱিষ্যতবক্তা যিচয়াই কৈছিল যে লোকসকলে মচীহক স্বীকাৰ নকৰিব। ভৱিষ্যতবাণীত এইদৰে উল্লেখ আছে, “তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই পৰিত্যক্ত হল; . . . যাৰ পৰা মানুহে মুখ ঢাকে, তেওঁ তাৰ নিচিনা; তেওঁক তুচ্ছ কৰা হল, আৰু আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই।” (৫. আজি বহুতোলোকে যীচুৰ সেৱকসকলক কেনে দৃষ্টিৰে চায়?
৫ আজিও এনে লোকসকল আছেনে? আছে। যিসকল লোক ধনী হয়, যিসকলৰ সমাজত সুনাম আছে আৰু যিসকল শিক্ষিত আৰু বুদ্ধিমান হয়, তেওঁলোকক আজি ধৰ্মগুৰুসকলে সন্মান কৰে। লোকসকলৰ নৈতিক মানদণ্ড অধঃপতন হৈছে, ইয়াৰ ওপৰত ধৰ্মগুৰুসকলে কোনো গুৰুত্ব নিদিয়ে। কিন্তু যিহোৱাৰ সাক্ষীয়ে উচ্চ নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। তথাপি এই ধৰ্মগুৰুসকলে তেওঁলোকক সন্মান নকৰে, কিয়নো জগতত তেওঁলোকৰ কোনো যশস্যা নাই। ঈশ্বৰে এনে লোকসকলক বাছনি কৰিছে, যিসকলক জগতে ‘হেয়জ্ঞান’ কৰে। কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁৰ সকলো সেৱক অতি মূল্যৱান হয়।—১ কৰি. ১:২৬-২৯.
৬. (ক) মথি ১১:২৫, ২৬ পদত যীচুৱে কি কৈছিল? (খ) আপুনি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰে?
৬ আপুনি উজুটি খোৱাৰপৰা দূৰে থাকিবলৈ কি কৰিব পাৰে? (মথি ১১:২৫, ২৬ পঢ়ক।) ঈশ্বৰৰ লোকসকলৰ বিষয়ে জগতৰ দৃষ্টিভংগী গ্ৰহণ নকৰিব। যিহোৱাই নম্ৰ লোকসকলৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰে, এই কথা স্বীকাৰ কৰক। (গীত. ১৩৮:৬) চিন্তা কৰক, জগতে যিসকলক তুচ্ছ বুলি গণ্য কৰে, সেই লোকসকলৰ যোগেদি যিহোৱাই নিজৰ কাম কৰাইছে।
(২) যীচুৱে মিছা শিক্ষাবোৰ পোহৰলৈ আনিলে
৭. (ক) যীচুৱে ফৰীচীসকলক কপটীয়া বুলি কিয় কৈছিল? (খ) যীচুৰ কথা শুনি ফৰীচীসকলক কেনেকুৱা লাগিছিল?
৭ যীচুৰ সময়ত ফৰীচীসকলৰ বহুতো বিষয়ত ভুল ধাৰণা আছিল। উদাহৰণস্বৰূপে, তেওঁলোকে হাত ধোৱাৰ পৰম্পৰাৰ ওপৰত বেছি গুৰুত্ব দিছিল। কিন্তু কোনোবাই যেতিয়া নিজৰ পিতৃ-মাতৃৰ যত্ন লোৱা নাছিল, তেতিয়া ফৰীচীসকলে তেওঁলোকক একো কোৱা নাছিল। সেইবাবে, যীচুৱে ফৰীচীসকলক কপটীয়া বুলি কৈছিল। (মথি ১৫:১-১১) এই কথা শুনি যীচুৰ শিষ্যসকলে আচৰিত হৈছিল আৰু তেওঁক এইদৰে কৈছিল, “ফৰীচীবিলাকে এই কথা শুনি বিঘিনি পালে, ইয়াক আপুনি জানে নে?” সেইসময়ত যীচুৱে তেওঁলোকক এইদৰে কৈছিল, “যি পুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভলা যাব। তেওঁবিলাকক এৰি দিয়া; তেওঁবিলাক অন্ধ পথদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।” (মথি ১৫:১২-১৪) যদিও যীচুৰ কথা শুনি ধৰ্ম গুৰুসকলক বহুত খং উঠিছিল, কিন্তু সত্য কথা কʼবলৈ যীচুৱে কেতিয়াও পিছ নুহুকিলে।
৮. যিহোৱাই সকলো ধৰণৰ শিক্ষাৰপৰা আনন্দিত নহয় বুলি যীচুৱে কেনেকৈ বুজালে?
৮ যীচুৱে ধৰ্ম গুৰুসকলৰ কিছুমান মিছা শিক্ষাবোৰ পোহৰলৈ আনিলে। তেওঁ কৈছিল যে ঈশ্বৰে সকলো শিক্ষাৰপৰা আনন্দিত নহয়। তেওঁ এই কথা কেনেকৈ বুজালে? তেওঁ দুটা বাটৰ বিষয়ে কৈছিল এটা বহল বাট যি বাটত বহুতোলোকে যাব পাৰে, কিন্তু ইয়ে বিনাশৰ পথলৈ লৈ যায় আৰু আনটো ঠেক বাট, যʼত কম লোকে যাব পাৰে, কিন্তু ইয়ে অনন্ত জীৱনৰ পথলৈ লৈ যায়। (মথি ৭:১৩, ১৪) যীচুৱে এয়াও কৈছিল যে কিছুমান লোকে ঈশ্বৰৰ সেৱা কৰাৰ ভাও ধৰিব। যীচুৱে এনে লোকসকলৰ বিষয়ে এইদৰে কৈছিল, “ভাঁৰি-কোৱা ভাববাদীয়ে মেৰৰ বেশ ধৰি তোমালোকৰ ওচৰলৈ আহে; কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাংকুকুৰ, সিহঁতলৈ সাৱধান হোৱা। সিহঁতৰ কৰ্ম্মমফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা।”—মথি ৭:১৫-২০.
৯. যীচুৱে কি কি মিছা শিক্ষা পোহৰলৈ আনিছিল?
গীত. ৬৯:৯; যোহ. ২:১৪-১৭) এই উদ্যমৰ বাবেই যীচুৱে মিছা শিক্ষাবোৰ পোহৰলৈ আনিছিল। উদাহৰণস্বৰূপে, এজন ব্যক্তিৰ মৃত্যুৰ পাছত আত্মা জীয়াই থাকে বুলি ফৰীচীসকলে শিক্ষা দিছিল। কিন্তু যীচুৱে শিকাইছিল যে এজন ব্যক্তিয়ে মৃত্যুৰ পাছত একোৱেই গম নাপায়, অৰ্থাৎ গভীৰ টোপনিত থকাৰ দৰে হয়। (যোহ. ১১:১১) এজন ব্যক্তিৰ মৃত্যুৰ পাছত জীৱিত হʼব নোৱাৰে বুলি চদ্দূকীসকলে বিশ্বাস কৰিছিল। কিন্তু যীচুৱে নিজৰ বন্ধু লাজাৰক জীৱিত কৰিছিল। (যোহ. ১১:৪৩, ৪৪; পাঁচ. ২৩:৮) ফৰীচীসকলে এয়াও বিশ্বাস কৰিছিল যে আমাৰ কপালত যি লিখা আছে বা ঈশ্বৰে যি কৰোৱাই, আমি তাকে কৰোঁ। কিন্তু যীচুৱে শিকাইছিল যে এজন ব্যক্তিয়ে ঈশ্বৰৰ সেৱা কৰিব নে নকৰে, সেয়া নিজে নিৰ্ণয় লʼব পাৰে।—মথি ১১:২৮.
৯ শাস্ত্ৰত কি লিখা আছে? যিহোৱাৰ মন্দিৰৰ বাবে মচীহৰ বহুত উদ্যম হʼব বুলি বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল। (১০. আজি বহুতোলোকে যিহোৱাৰ সাক্ষীসকলৰ কথা কিয় নুশুনে?
১০ আজি এনে লোকসকল আছেনে? আছে। আজি বহুতোলোকে যিহোৱাৰ সাক্ষীসকলৰ কথা নুশুনে। কিয়নো তেওঁলোকৰ কিছুমান শিক্ষাবোৰ মিছা হয় বুলি যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ বাক্যৰপৰা শিকায়। যেনে, ঈশ্বৰে দুষ্ট লোকসকলক নৰকত শাস্তি দিয়ে বুলি বহুতো ধৰ্ম গুৰুৱে শিকায়। এই শিক্ষাৰ আধাৰত তেওঁলোকে লোকসকলক ভয় দেখুৱায় নিজৰ নিয়ন্ত্ৰণত ৰাখে। কিন্তু যিহোৱাৰ সেৱকসকলে জানে যে যিহোৱা প্ৰেমী ঈশ্বৰ হয়। সেইবাবে, তেওঁলোকে এই মিছা শিক্ষাক পোহৰলৈ আনে। ধৰ্ম গুৰুসকলে আত্মা অমৰ হয় বুলিও শিকায়। কিন্তু যিহোৱাৰ লোকসকলে এই শিক্ষা পোহৰলৈ আনে। কিয়নো ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ মৃত লোকসকলক পুনৰ জীৱিত কৰিব। চিন্তা কৰক, যদি অমৰ আত্মাৰ শিক্ষা সঁচা হয়, তেনেহʼলে ঈশ্বৰে মৃত লোকসকলক কিয় পুনৰ জীৱিত কৰিব। বহুতো ধৰ্ম গুৰুৱে এয়াও শিকায় যে এজন ব্যক্তিৰ কপালত যি লিখা আছে বা ঈশ্বৰে যি কৰোৱায়, তেওঁ তাকে কৰে। কিন্তু যিহোৱাৰ লোকসকলে শিকায় যে এজন ব্যক্তিয়ে ঈশ্বৰৰ সেৱা কৰিব নে নকৰে, সেয়া নিজে নিৰ্ণয় লʼব পাৰে। যেতিয়া যিহোৱাৰ সাক্ষীয়ে ধৰ্ম গুৰুসকলৰ মিছা শিক্ষাবোৰ পোহৰলৈ আনে, তেতিয়া তেওঁলোক অতি ক্ৰোধিত হয়।
১১. যোহন ৮:৪৫-৪৭ পদৰ অনুসৰি ঈশ্বৰে নিজৰ লোকসকলৰপৰা কি বিচাৰে?
যোহন ৮:৪৫-৪৭ পঢ়ক।) যিদৰে চয়তানে সত্যক ত্যাগ কৰিলে, ঠিক সেইদৰে সত্যক ত্যাগ নকৰিব। সত্যত থিৰে থাকক। (যোহ. ৮:৪৪) ঈশ্বৰৰ লোকসকলে “যি মন্দ, তাক ঘিণ কৰা” আৰু “যি উত্তম, তাত আসক্ত” হোৱাটো ঈশ্বৰে বিচাৰে। যীচুৱেও ঠিক এইদৰে কৰিছিল।—ৰোম. ১২:৯, ১০; ইব্ৰী ১:৯.
১১ আপুনি উজুটি খোৱাৰপৰা দূৰে থাকিবলৈ কি কৰিব পাৰে? বাইবেলৰ সত্যতাৰ প্ৰতি প্ৰেম বঢ়াওক। এইদৰে কৰিলে আপুনি ঈশ্বৰৰ শিক্ষাবোৰ পালন কৰিব আৰু সেই অনুসৰি জীৱন-যাপন কৰিব। ((৩) যীচুক তাড়না দিয়া হৈছিল
১২. যীচুৱেই মচীহ হয় বুলি স্বীকাৰ কৰাটো যিহূদীসকলৰ বাবে কিয় কঠিন হৈছিল?
১২ যীচুৰ সময়ত যিহূদীসকলে আৰু কি কাৰণৰ বাবে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল? পৌলে এইদৰে কৈছিল, “আমি হলে, ক্ৰুচত দিয়া সেই খ্ৰীষ্টকহে ঘোষণা কৰোঁ; তেওঁ যিহূদীবিলাকলৈ বিঘিনি।” (১ কৰি. ১:২৩) যীচুক এজন অপৰাধীৰ দৰে স্তম্ভত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। সেইবাবে, যীচুৱে মচীহ হয় বুলি স্বীকাৰ কৰাটো যিহূদীসকলৰ বাবে কঠিন হৈছিল।—দ্বিতী. ২১:২২, ২৩.
১৩. যিসকলে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল, তেওঁলোকে কিহৰ প্ৰতি ধ্যান দিয়া নাছিল?
১৩ যীচুক ন্যায় কৰা লোকসকলে আইনৰ কোনো চিন্তা কৰা নাছিল। তেওঁলোকে এই মোকদৰ্মা সোনকালে শেষ কৰিব বিচাৰিছিল। (লূক ২২:৫৪; যোহ. ১৮:২৪) তেওঁলোকে পক্ষপাত নকৰাকৈ ন্যায় কৰাৰ পৰিৰ্ৱতে নিজেই ‘যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিবলৈ’ ধৰিলে। যেতিয়া তেওঁলোকে কোনো প্ৰমাণ নাপালে, তেতিয়া মহাপুৰোহিতসকলে যীচুক তেওঁৰ কথাতে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু এনে কৰাটো আইনৰ বিৰোধ আছিল। (মথি ২৬:৫৯; মাৰ্ক ১৪:৫৫-৬৪) যীচু জীৱিত হোৱাৰ পাছত যেতিয়া তেওঁৰ কবৰ খালি আছিল, তেতিয়া যীচুৰ শিষ্যসকলে তেওঁৰ মৃত দেহটো চুৰ কৰিলে বুলি মিছা কথা কʼবলৈ সেই ন্যায়ধীশসকলে ৰোমান সৈনিকসকলক “ভালেমান ধন” দিলে। যিসকল যিহূদীয়ে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল, তেওঁলোকে যীচু নিৰ্দোষী হয় বুলি ধ্যান দিয়া নাছিল। যীচুৰ ওপৰত মিছা অভিযোগ কৰা হৈছিল আৰু তেওঁৰ লগত অন্যায় হৈছিল।—মথি ২৮:১১-১৫.
১৪. শাস্ত্ৰত মচীহৰ মৃত্যুৰ বিষয়ে কি কোৱা হৈছিল?
১৪ শাস্ত্ৰত কি লিখা আছিল? যীচুৰ সময়ত মচীহক মৃত্যুদণ্ড দিয়া হʼব বুলি বহুতো যিহূদীয়ে ভবা নাছিল। যিচ. ৫৩:১২) সেইবাবে, যীচুক অপৰাধী হিচাপে মৃত্যুদণ্ড দিয়াৰ বাবে যিহূদীসকলে উজুটি খোৱা উচিত নাছিল।
কিন্তু মন কৰক যে ভৱিষ্যতবাণীত কি লিখা আছিল। ইয়াত এইদৰে লিখা আছিল, “তেওঁ মৃত্যুলৈ নিজ প্ৰাণ ঢালি দিলে, আৰু অধৰ্ম্মীবোৰৰ লগত লেখত পৰিল। তথাপি তেওঁ অনেকৰ পাপৰ ভাৰ বলে, আৰু অধৰ্ম্মীবোৰৰ নিমিত্তে অনুৰোধ কৰিছে।” (১৫. কিছুমান লোকে কি কি কাৰণৰ বাবে যিহোৱাৰ সাক্ষীসকলৰ বাৰ্তা নুশুনে?
১৫ আজিও এনে লোকসকল আছেনে? আছে। যীচুৰ লগত যিদৰে অন্যায় কৰা হৈছিল আৰু মোকদৰ্মা চলোৱা হৈছিল, ঠিক সেইদৰে আজি যিহোৱাৰ সাক্ষীসকলৰ লগত অন্যায় কৰা হয় আৰু তেওঁলোকৰ ওপৰত মিছা অভিযোগ কৰা হয়। এইবোৰ কাৰণৰ বাবে লোকসকলে সাক্ষীসকলৰ বাৰ্তা নুশুনে। উদাহৰণস্বৰূপে, ১৯৩০ চনৰপৰা ১৯৫০ চনৰ সময়ছোৱাত আমেৰিকাৰ সাক্ষীসকলে বহুতো মোকদৰ্মা যুঁজিবলগীয়া হৈছিল। কিয়নো তেওঁলোকৰ উপাসনা কৰা স্বাধীনতাৰ ওপৰত নিষেধ কৰিবলৈ চেষ্টা কৰা হৈছিল। কিছুমান ন্যায়ধীশে সাক্ষীসকলৰ লগত পক্ষপাত কৰিলে আৰু তেওঁলোকৰ বিৰুদ্ধে নিৰ্ণয় লʼলে। কানাডাৰ কিউবেকত গীৰ্জা আৰু চৰকাৰে একেলগে মিলি সাক্ষীসকলৰ প্ৰচাৰ কাম বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। কিছুমান সাক্ষীক প্ৰচাৰ কৰাৰ বাবে জেলতো বন্দী কৰা হৈছিল। নাজী জাৰ্মানীত বহুতো ডেকা সাক্ষীক মৃত্যুদণ্ড দিয়া হৈছিল। শেহতীয়া বছৰত ৰুচ দেশত চৰকাৰে যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰ কাম নিষেধ কৰিছিল। তেওঁলোকে ভাবে যে এই কামৰপৰা দেশৰ বিপদ হʼব পাৰে। বহুতোলোকৰ ওপৰত মোকদৰ্মা কৰা হৈছিল আৰু তেওঁলোকক জেলত বন্দী কৰা হৈছিল। আনকি ৰুচৰ চৰকাৰে যিহোৱাৰ সাক্ষীসকলৰ নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ বাইবেলখনো নিষেধ কৰিছিল। কিয়নো তাত ঈশ্বৰৰ নাম যিহোৱা বুলি উল্লেখ আছে। তেওঁলোকে ভাবে যে এই কিতাপখন দেশৰ বাবে বিপদ হয়।
১৬. প্ৰথম যোহন ৪:১ পদৰ অনুসৰি যিহোৱাৰ লোকসকলৰ বিষয়ে মিছা কথা শুনিলে আপুনি কিয় তাৰ ওপৰত বিশ্বাস কৰা উচিত নহয়?
১৬ আপুনি উজুটি খোৱাৰপৰা দূৰে থাকিবলৈ কি কৰিব পাৰে? সত্য কি হয় চালি-জাৰি চাওক। পৰ্বতীয়া উপদেশত যীচুৱে কৈছিল যে এনে লোকসকল আহিব, যিসকলে “মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব।” (মথি ৫:১১) এনেধৰণৰ মিছা কথাত চয়তানৰ হাত আছে। সি ঈশ্বৰৰ লোকসকলৰ বিষয়ে মিছা কথা কʼবলৈ লোকসকলক উৎসাহিত কৰে। (প্ৰকা. ১২:৯, ১০) আপুনি তেওঁলোকৰ মিছা কথাত বিশ্বাস কৰা উচিত নহয়। তেওঁলোকৰ মিছা কথাৰ বাবে ভয় কৰা আৰু পিছ হোঁহকি যোৱাও উচিত নহয়।—১ যোহন ৪:১ পঢ়ক।
(৪) যীচুৰ বন্ধুসকলে তেওঁক এৰি দিছিল
১৭. যীচুৰ মৃত্যুৰ আগত কি হৈছিল, যাৰ বাবে কিছুমান লোকে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল?
১৭ যীচুৰ মৃত্যুৰ আগত তেওঁৰ বাৰজন পাঁচনিৰ ভিতৰত এজনে তেওঁক বিশ্বাসঘাত কৰিলে, আন এজনে তেওঁক তিনিবাৰ অস্বীকাৰ কৰিলে আৰু আন পাঁচনিয়ে তেওঁক অকলে এৰি পলাই গʼল। (মথি ২৬:১৪-১৬, ৪৭, ৫৬, ৭৫) যীচুৱে আচৰিত হোৱা নাছিল। কিয়নো এইদৰে হʼব বুলি তেওঁ জানিছিল। (যোহ. ৬:৬৪; ১৩:২১, ২৬, ৩৮; ১৬:৩২) কিন্তু এইবোৰ দেখি কিছুমান যিহূদীয়ে ভাবিছিল যে ‘যীচুৰ পাঁচনিসকলে যদি এইদৰে কৰিছে, তেনেহʼলে মই তেওঁৰ শিষ্য হʼব নিবিচাৰোঁ।’
১৮. যীচুৰ মৃত্যুৰ আগত কোনটো ভৱিষ্যতবাণী পূৰ হৈছিল?
১৮ শাস্ত্ৰত কি লিখা আছিল? যিহোৱাই বহুবছৰৰ আগতে কৈছিল যে মচীহক ৩০ চেকল ৰূপৰ বাবে বেচি দিয়া হʼব। (জখ. ১১:১২, ১৩) নিজৰ বন্ধুৱে তেওঁক বিশ্বাসঘাত কৰিব। (গীত. ৪১:৯) ভৱিষ্যতবক্তা জখৰিয়াই এয়াও লিখিছিল, “ভেড়া-ৰখীয়া জনক আঘাত কৰা, তাতে ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব।” (জখ. ১৩:৭) এইবোৰ ভৱিষ্যতবাণী পূৰ হোৱা দেখি মচীহৰ ওপৰত নম্ৰ লোকসকলৰ বিশ্বাস দুৰ্বল হোৱাৰ পৰিৰ্ৱতে মজবুত হʼব লাগিছিল।
১৯. নম্ৰ লোকসকলে কি জানে?
১৯ আজিও এনে লোকসকল আছেনে? আছে। আমাৰ সময়তো কিছুমান সাক্ষীয়ে ঈশ্বৰৰ সেৱা কৰিবলৈ এৰি দিছে। তেওঁলোক ধৰ্মত্যাগী হৈছে আৰু আন লোকসকলকো যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিয়ে। তেওঁলোকে টি.ভি, বাতৰি কাকত আৰু ইন্টাৰনেটত যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে মিছা কথা কয়। কিন্তু নম্ৰ লোকসকলে এই কথাৰ ওপৰত ধ্যান নিদিয়ে। কিয়নো তেওঁলোকে জানে যে এইবোৰ হʼব বুলি বাইবেলত আগতেই কোৱা হৈছিল।—২০. সত্য এৰি গুচি যোৱা লোকসকলৰপৰা উজুটি নাখাবলৈ আপুনি কি কৰিব পাৰে? (২ তীমথিয় ৪:৪, ৫)
২০ আপুনি উজুটি খোৱাৰপৰা দূৰে থাকিবলৈ কি কৰিব পাৰে? ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক, বাৰে বাৰে প্ৰাৰ্থনা কৰক আৰু যিহোৱাই নিজৰ লোকসকলক যি কাম দিছে, সেই কাম কৰি থাকক। এই কামবোৰ কৰি আপুনি নিজৰ বিশ্বাস মজবুত কৰিব পাৰিব। (২ তীমথিয় ৪:৪, ৫ পঢ়ক।) যদি আপোনাৰ বিশ্বাস মজবুত হয়, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কোৱা মিছা কথা শুনি আপুনি ভয় নকৰিব। (যিচ. ২৮:১৬) যিহোৱা, তেওঁৰ বাক্য আৰু তেওঁৰ লোকসকলৰ প্ৰতি যদি আপোনাৰ প্ৰেম থাকে, তেনেহʼলে সত্য এৰি যোৱা লোকসকলৰ কথা শুনি আপুনি উজুটি নাখাব।
২১. প্ৰথম শতিকাৰ দৰে আজিও কি দেখিবলৈ পোৱা যায়?
২১ প্ৰথম শতিকাত বহুতোলোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। কিন্তু এনে বহুতোলোক আছিল, যিয়ে যীচুৰ ওপৰত বিশ্বাস কৰিছিল। যেনে, মহাসভাৰ এজন সদস্য তেওঁৰ শিষ্য হৈছিল আৰু ‘পুৰোহিতসকলৰো এটা ডাঙৰ সমাজে’ তেওঁৰ ওপৰত বিশ্বাস কৰিছিল। (পাঁচ. ৬:৭; মথি ২৭:৫৭-৬০; মাৰ্ক ১৫:৪৩) যদিও আজি বহুতোলোকে যীচুৰ ওপৰত বিশ্বাস নকৰে, কিন্তু এনে লাখ লাখ লোক আছে যিয়ে তেওঁৰ ওপৰত বিশ্বাস কৰে। কিয়নো তেওঁলোকে ঈশ্বৰৰ বাক্যত দিয়া সত্যতা জানে আৰু সেইবোৰক প্ৰেম কৰে। ঈশ্বৰৰ বাক্যত লিখা আছে, “যিবিলাকে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁবিলাকৰ পৰম-শান্তি হয়; তেওঁবিলাক উজুটি খোৱাৰ কোনো কাৰণ নাই।”—গীত. ১১৯:১৬৫.
গীত ১২৪ সদায় নিষ্ঠাৱান
^ অনু. 5 লোকসকলে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল আৰু বৰ্তমান সময়ত লোকসকলে যীচুৰ শিষ্যসকলৰ বাৰ্তা কিয় নুশুনে, তাৰ চাৰিটা কাৰণ আগৰ লেখত আলোচনা কৰা হৈছিল। এই লেখত আৰু চাৰিটা কাৰণত ওপৰত আলোচনা কৰা হʼব। এই লেখত এয়াও আলোচনা কৰা হʼব যে যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁলোকে যিকোনো পৰিস্থিতিত যিহোৱাৰ সেৱা কৰে আৰু কোনো কথাত উজুটি নাখায়।