Skip to content

Skip to table of contents

জীৱন কাহিনী

“মই আনৰপৰা বহুতো কথা শিকিলোঁ”

“মই আনৰপৰা বহুতো কথা শিকিলোঁ”

যেতিয়া মই ১৯-২০ বছৰৰ আছিলোঁ, তেতিয়া ফ্ৰান্সৰ সেনাত সেৱা কৰিছিলোঁ। আমাৰ দলক যুদ্ধ কৰিবলৈ আফ্ৰিকাৰ আলজেৰিয়াৰ পাহাৰলৈ পঠিওৱা হৈছিল। ফ্ৰান্স আৰু আলজেৰিয়াৰ মাজত তয়াময়া যুদ্ধ হৈছিল। এদিনাখন ৰাতি বহুত অন্ধকাৰ আছিল। বালিৰ বস্তাৰে সজা ওখ ঠাইত মই অকলে আছিলোঁ। মোৰ হাতত মেচিন-গন আছিল। হঠাতে জোপোহাৰ পিছফালৰপৰা কিবা শব্দ শুনা পালোঁ। মোৰ বৰ ভয় লাগিছিল। মই মৰিবলৈ বিচৰা নাছিলোঁ আৰু আনকো হত্যা কৰিব বিচৰা নাছিলোঁ। ভয়তে মই জোৰেৰে চিঞৰিলোঁ, “হে ঈশ্বৰ, মোৰ সহায় কৰা!”

সেইদিনাখনৰ ৰাতিৰপৰা মোৰ জীৱন পৰিৱৰ্তন হʼল। সেইদিনাখনৰপৰা মই ঈশ্বৰৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। কিন্তু এয়া কোৱাৰ আগতে মই আপোনাক কʼব বিচাৰোঁ যে সেই ৰাতি আৰু কি হʼল। মই আপোনাক নিজৰ লʼৰালিকালৰ বিষয়ে আৰু ঈশ্বৰৰ বিষয়ে জানিবলৈ মোৰ মনত কেনেকৈ ইচ্ছা জাগিল, তাৰ বিষয়েও জনাব বিচাৰোঁ।

মই দেউতাৰপৰা বহুতো কথা শিকিলোঁ

মোৰ জন্ম ১৯৩৭ চনৰ উত্তৰ ফ্ৰান্সৰ গেনন নামৰ এখন সৰু চহৰত হৈছিল। তাত লোকসকলে কয়লাৰ খনিত কাম কৰিছিল। মোৰ দেউতাও কয়লাৰ খনিত কাম কৰিছিল। তেওঁ মোক পৰিশ্ৰমী হʼবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ শিকাইছিল। তেওঁ দেখিছিল যে কয়লা খনিত কাম কৰা শ্ৰমিকসকলৰ লগত কিমান অন্যায় কৰা হৈছিল আৰু তেওঁলোকে কিমান বেয়া পৰিস্থিতিত কাম কৰিছিল। সেইবাবে, মোৰ দেউতাই তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ কৰিছিল। তেওঁ পাদুৰিবৰ্গকো বিৰোধ কৰিছিল। এই পাদুৰিসকলে আৰামেৰে জীৱন-যাপন কৰিছিল, তথাপি সেই শ্ৰমিকসকলৰপৰা আহাৰ আৰু টকা-পইচা বিচাৰিছিল। দেউতাই এই পাদুৰিসকলক ইমানেই ঘৃণা কৰিছিল যে ঘৰত কেতিয়াও ঈশ্বৰৰ বিষয়ে কথা পতা নাছিল।

বেলেগ বেলেগ দেশৰপৰা অহা লʼৰা-ছোৱালীৰ লগত খেলিবলৈ মোৰ বৰ ভাল লাগিছিল। মই প্ৰায়ে তেওঁলোকৰ লগত ফোটবল খেলিছিলোঁ। কিন্তু মই দেখিছিলোঁ যে ফ্ৰান্সৰ বহুতোলোকে বেলেগ বেলেগ দেশৰপৰা অহা লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰা নাছিল আৰু তেওঁলোকক তুচ্ছ বুলি গণ্য কৰিছিল। এয়া দেখি মোৰ ভাল লগা নাছিল আৰু মই এই অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছিলোঁ। মোৰ মায়ো ফ্ৰান্সৰ নাছিল, তাই পোলেণ্ডৰ আছিল। মই ভাবিছিলোঁ যে এনে এক সময় অহা হʼলে কিমান ভাল আছিল যʼত বেলেগ বেলেগ দেশৰ লোকসকলৰ মাজত শান্তি থাকিব আৰু কোনো পক্ষপাত নাথাকিব।

মই জীৱনৰ বিষয়ে গভীৰভাৱে ভাবিবলৈ ধৰিলোঁ

যেতিয়া মই সেনাত আছিলোঁ

১৯৫৭ চনত মোক সেনাত ভৰ্তি হʼবলগীয়া হʼল। এইদৰে মই আলজেৰিয়াৰ পাহাৰলৈ পালোঁগৈ আৰু মোৰ লগত সেই ঘটনা ঘটিল, যাৰ বিষয়ে মই আৰম্ভণিতে কৈছিলোঁ। সেইদিনাখন কোনো শত্ৰু আহিছে বুলি মই ভাবিছিলোঁ, সেইবাবে মই জোৰেৰে ঈশ্বৰ বুলি চিঞৰিলোঁ। কিন্তু পাছত মই গʼম পালোঁ যে সেয়া কোনো শত্ৰু নাছিল বনৰীয়া গাধহে আছিল। সেই গাধটো দেখি মই সকাহ পালোঁ। সেই দ্ধৰ পাছত আৰু বিশেষকৈ সেই ৰাতিৰ পাছত মই জীৱনৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ ধৰিলোঁ। মই ভাবিবলৈ ধৰিলোঁ যে আমাক কিয় সৃষ্টি কৰা হৈছে? ঈশ্বৰে আমাৰ যত্ন লয়নে? পৃথিৱীত কেতিয়াবা শান্তি হʼবনে?

পাছত চুটি পোৱাৰ সময়ত মই মা-দেউতাৰ ঘৰলৈ গৈছিলোঁ। তাত মই এজন যিহোৱাৰ সাক্ষীক লগ পালোঁ। তেওঁ মোক এখন বাইবেল দিছিল। সেয়া ফৰাচী ভাষাৰ কেথʼলিক বাইবেল আছিল। আলজেৰিয়ালৈ উভতি যোৱাৰ পাছত মই সেই বাইবেলখন পঢ়িবলৈ ধৰিলোঁ। প্ৰকাশিত বাক্য ২১:৩, ৪ পদটো পঢ়ি মই আচৰিত হʼলোঁ। তাত এইদৰে কৈছে, “মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, . . . আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” এই পদটো পঢ়ি মই ভাবিবলৈ ধৰিলোঁ, ‘এইদৰে সঁচাকৈ হʼবনে?’ সেইসময়ত মই বাইবেল আৰু ঈশ্বৰৰ বিষয়ে একো জনা নাছিলোঁ।

১৯৫৯ চনত মই সেনাৰ সেৱা সম্পূৰ্ণ কৰিলোঁ। তাৰ পাছত মই ফ্ৰান্সৱা নামৰ সাক্ষীক লগ পালোঁ। তেওঁ মোক বাইবেলৰপৰা বহুতো কথা শিকালে। উদাহৰণস্বৰূপে, ঈশ্বৰৰ নাম হৈছে যিহোৱা। (গীত. ৮৩:১৮) তেওঁ পৃথিৱীৰপৰা অন্যায় নাইকীয়া কৰিব, পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব আৰু তেৱেঁ প্ৰকাশিত বাক্য ২১:৩, ৪ পদৰ কথাষাৰ পূৰ কৰিব।

ফ্ৰান্সৱাই শিকোৱা কথাবোৰ যুক্তিসংগত আছিল আৰু সেইবোৰে মোৰ হৃদয় স্পৰ্শ কৰিছিল। কিন্তু পাদুৰিসকলৰ ওপৰত মোৰ বৰ খং উঠিছিল। তেওঁলোকে শিকোৱা কথাবোৰ বাইবেলৰপৰা নাছিল। ময়ো দেউতাৰ দৰে অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছিলোঁ। সেইবাবে, পাদুৰীসকলে ভুল কৰিছে বুলি কʼবলৈ আৰু সেইবোৰ লগে লগে বন্ধ কৰিবলৈ বিচাৰিছিলোঁ।

ফ্ৰান্সৱা আৰু মোৰ নতুন বন্ধুসকলে মোক শান্ত কৰিলে। তেওঁলোকে মোক বুজালে যে খ্ৰীষ্টানসকলে আনক দোষাৰূপ নকৰে, ইয়াৰ পৰিৱৰ্তে ৰাজ্যৰ শুভবাৰ্তা আনক জনায়। যীচুৱেও এইদৰে কৰিছিল আৰু নিজৰ শিষ্যসকলকো এই কাম কৰিবলৈ কৈছিল। (মথি ২৪:১৪; লূক ৪:৪৩) বাইবেলৰ শিক্ষাৰ লগত সন্মত নোহোৱা লোকসকলৰ লগত প্ৰেমেৰে আৰু ভাবি-চিন্তি কথা পাতিবলৈ মই শিকিবলগীয়া আছিল। বাইবেলেও উৎসাহিত কৰে যে “প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে; কিন্তু সকলোলৈকে মৃদুশীল” হʼব লাগে।—২ তীম. ২:২৪.

মই নিজকে সলনি কৰি ১৯৫৯ চনত এখন চাৰ্কিট সন্মিলনত বাপ্তিষ্মা লʼলোঁ। তাত মই এনজেলক লগ পালোঁ। তাইক মোৰ বৰ ভাল লাগিল। সেইসময়ৰপৰা মই তাইৰ মণ্ডলীৰ সভালৈ যাবলৈ ধৰিলোঁ। তাৰ পাছত ১৯৬০ চনত আমি বিয়া কৰিলোঁ। তাই এগৰাকী ভাল পত্নী হয় আৰু যিহোৱাই দিয়া মূল্যৱান উপহাৰ হয়।—হিতো. ১৯:১৪.

আমাৰ বিয়াৰ দিনাখন

মই অভিজ্ঞ ভাইসকলৰপৰা বহুতো কথা শিকিলোঁ

বহুবছৰৰপৰা মই অভিজ্ঞ ভাইসকলৰপৰা বহুতো কথা শিকিলোঁ। মই আটাইতকৈ ভাল কথা শিকিলোঁ যে আমি নম্ৰ হʼলে আৰু হিতোপদেশ ১৫:২২ পদত দিয়া পৰামৰ্শ পালন কৰিলেহে যিহোৱাই দিয়া কামবোৰ ভালদৰে কৰিব পাৰিম। তাত এইদৰে লিখা আছে, “মন্ত্ৰীৰ বাহুল্যত সেয়ে [কল্পনা] সিদ্ধ হয়।”

১৯৬৫ চনত ফ্ৰান্সত চাৰ্কিটৰ কাম কৰাৰ সময়ত

১৯৬৪ চনৰপৰা মই চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ ধৰিলোঁ। সেইসময়ত মই ২৭ বছৰ বয়সৰ আছিলোঁ। মই বেলেগ বেলেগ মণ্ডলীলৈ গৈ ভাই-ভনীসকলক উৎসাহিত কৰিবলগীয়া আছিল আৰু যিহোৱাৰ কাষ চাপিবলৈ তেওঁলোকক সহায় কৰিবলগীয়া আছিল। অভিজ্ঞতা নথকাৰ বাবে মোৰপৰা বহুতো ভুল হৈছিল, কিন্তু সেই ভুলবোৰৰপৰা মই শিকিবলৈ চেষ্টা কৰিছিলোঁ। মই হিতোপদেশ ১৫:২২ পদত দিয়া পৰামৰ্শও পালন কৰিলোঁ। মই অভিজ্ঞ ভাইসকলৰপৰা বহুতো কথা শিকিলোঁ আৰু তেওঁলোকৰ ‘পৰামৰ্শ’ গ্ৰহণ কৰি মোৰ বহুতো লাভ হʼল।

যেতিয়া মই নতুনকৈ চাৰ্কিট ওভাৰচিয়াৰ হৈছিলোঁ, তেতিয়াৰ কথা মোৰ মনত আছে। মই পেৰিচৰ এখন মণ্ডলীত সাক্ষাৎ কৰাৰ পাছত এজন অভিজ্ঞ ভায়ে আহি মোক এইদৰে সুধিছিল, “মই আপোনাৰ লগত অকলে কথা পাতিব পাৰোঁনে?” মই কʼলোঁ, “নিশ্চয়।”

তেওঁ মোক এইদৰে সুধিছিল, “ভাই লুই, যেতিয়া ডাক্তৰ এজন ঘৰলৈ আহে, তেতিয়া কাক লগ কৰিবলৈ আহে?”

মই কʼলোঁ, “বেমাৰীজনক।”

তেওঁ কৈছিল, “সঠিক কৈছে। কিন্তু মই লক্ষ্য কৰিলোঁ যে আপুনি এনে ভাই-ভনীসকলৰ লগত বেছি সময় অতিবাহিত কৰিলে, যিসকলৰ আগৰেপৰা যিহোৱাৰ লগত ভাল সম্পৰ্ক আছে। যেনে, মণ্ডলীৰ ওভাৰচিয়াৰ। কিন্তু আমাৰ মণ্ডলীত এনে বহুতো ভাই-ভনী আছে, যিসকল লাজুকীয়া স্বভাৱৰ হয়, নিৰাশাত আছে আৰু নতুনকৈ সাক্ষী হৈছে। যদি আপুনি তেওঁলোকৰ লগত সময় অতিবাহিত কৰে বা তেওঁলোকৰ ঘৰলৈ আহাৰ খাবলৈ যায়, তেনেহʼলে তেওঁলোকক ভাল লাগিব আৰু তেওঁলোকে উৎসাহিত হʼব।”

ভাইজনে ইমান ভাল পৰামৰ্শ দিয়াৰ বাবে মই অতি কৃতজ্ঞ আছিলোঁ। মই স্পষ্টকৈ দেখিলোঁ যে যিহোৱাই নিজৰ মেৰবোৰক কিমান প্ৰেম কৰে। যদিও ভুল স্বীকাৰ কৰাটো মোৰ বাবে সহজ নাছিল, তথাপি মই তেওঁৰ পৰামৰ্শ পালন কৰিলোঁ। মই যিহোৱাক ধন্যবাদ দিওঁ যে তেওঁৰ সংগঠনত এনে অভিজ্ঞ ভাইসকল আছে।

১৯৬৯ আৰু ১৯৭৩ চনত কলম্বৰ পেৰিচত দুখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশন হৈছিল। সেই অধিৱেশনবোৰত মই এটা বিভাগৰ ওভাৰচিয়াৰ আছিলোঁ। সেই বিভাগৰ কাম আছিল যে অধিৱেশনলৈ অহা লোকসকলৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰা। ১৯৭৩ চনত মই প্ৰায় ৬০,০০০ লোকৰ বাবে পাঁচদিনলৈকে খোৱা-বোৱাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছিল। মই এই কাম কেনেকৈ কৰিম বুজি পোৱা নাছিলোঁ। তাৰ পাছত হিতোপদেশ ১৫:২২ পদত দিয়া পৰামৰ্শ মোৰ মনত পৰিল: আমি আনৰপৰা পৰামৰ্শ লোৱা উচিত। মই এনে অভিজ্ঞ ভাইসকলৰপৰা পৰামৰ্শ লʼলোঁ, যিসকল আগৰেপৰা ৰান্ধনি, খেতিয়ক, কচাই আৰু কিনা-বেচা কৰাৰ কাম কৰিছিল। তেওঁলোকৰ সহায়ত মই ইমান ডাঙৰ দায়িত্ব পালন কৰিব পাৰিলোঁ।

১৯৭৩ চনত আমাক দুয়োজনকে ফ্ৰান্সৰ বেথেলত সেৱা কৰিবলৈ নিমন্ত্ৰণ কৰা হʼল। তাত প্ৰথমে মোক যি কাম দিয়া হৈছিল, সেয়া বৰ কঠিন আছিল। আফ্ৰিকাৰ কেমৰুণ দেশত ভাই-ভনীসকলৰ বাবে মই যিকোনো উপায়েৰে পত্ৰিকাবোৰ পঠিয়াব লাগিছিল। তাত আমাৰ কাম ১৯৭০ চনৰপৰা ১৯৯৩ চনলৈকে নিষেধ কৰা হৈছিল। মই এই কাম কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ। মই এই কাম কৰিবলৈ ভয় কৰিছোঁ বুলি শাখা ওভাৰচিয়াৰে গম পালে। তেওঁ মোক এইদৰে কৈছিল, “কেমৰুণৰ ভাই-ভনীসকলক এই পত্ৰিকাবোৰৰ অতি প্ৰয়োজন আছে। আমি তেওঁলোকক সহায় কৰা উচিত।” আমি ঠিক এইদৰেই কৰিলোঁ।

১৯৭৩ চনত নাইজেৰিয়াত এখন বিশেষ সভা হৈছিল আৰু কেমৰুণৰ ভাই-ভনীসকলক নিমন্ত্ৰণ কৰা হৈছিল।

কেমৰুণৰ প্ৰাচীনসকলক লগ কৰিবলৈ মই কেমৰুণৰ আশে-পাশে থকা দেশবোৰলৈ বহুবাৰ গৈছিলোঁ। তাৰ প্ৰাচীনসকল সাহসী আৰু বুদ্ধিমানো আছিল। আমি কেমৰুণৰ ভাই-ভনীসকললৈ পত্ৰিকাবোৰ কেনেকৈ পঠিয়াব পাৰিম, তাৰ বিষয়ে তেওঁলোকে কিছুমান উপায় কৈছিল। যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দিলে। ২০ বছৰলৈকে আমাৰ ভাই-ভনীসকলে প্ৰহৰীদুৰ্গ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যা পত্ৰিকাবোৰ পাইছিল।

১৯৭৭ চনত কেমৰুণৰপৰা কিছুমান চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁলোকৰ পত্নীসকল নাইজেৰিয়ালৈ আহিছিল। তেওঁলোকক লগ কৰি আমাৰ বহুত ভাল লাগিল।

মই মোৰ পত্নীৰপৰাও বহুতো কথা শিকিলোঁ

বিয়াৰ আগত আৰু পাছতো এনজেলৰ যিহোৱাৰ লগত এক গভীৰ সম্পৰ্ক আছিল। আমি বিয়াৰ পাছতো একেলগে মিলি যিহোৱাৰ সেৱা কৰাটো এনজেলে বিচাৰিছিল। সেইবাবে, যিদিনাখন আমাৰ বিয়া হʼল, সেইদিনাখন আমাৰ এই ইচ্ছাৰ বিষয়ে যিহোৱাক প্ৰাৰ্থনাত জনাবলৈ এনজেলে মোক কৈছিল। যিহোৱাই আমাৰ সেই প্ৰাৰ্থনা শুনিলে।

যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ এনজেলে মোক শিকালে। ১৯৭৩ চনত যেতিয়া আমাক বেথেললৈ নিমন্ত্ৰণ কৰা হৈছিল, তেতিয়া মোক তালৈ যাবলৈ মন যোৱা নাছিল, কিয়নো মোক চাৰ্কিটৰ কাম কৰি বহুত ভাল লাগিছিল। কিন্তু সেইসময়ত এনজেলে মনত পেলাই দিছিল যে আমি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছোঁ। সেইবাবে, যিহোৱাই নিজৰ সংগঠনৰ যোগেদি আমাক যিয়ে কাম দিয়ে আমি তাক কৰা উচিত। (ইব্ৰী ১৩:১৭) মই তাইৰ কথাত সন্মত আছিলোঁ। সেইবাবে, আমি আনন্দেৰে বেথেললৈ গʼলোঁ। মোৰ পত্নী বুদ্ধিমতী স্ত্ৰী হয় আৰু তাই যিহোৱাক বহুত প্ৰেম কৰে। তাইৰ এই গুণবোৰৰ বাবে আমাৰ বহুবছৰৰপৰা সম্পৰ্ক মজবুত হৈছে আৰু আমি জীৱনত সঠিক নিৰ্ণয় লʼব পাৰিছোঁ।

এনজেলৰ লগত ফ্ৰান্সৰ বেথেলত

এতিয়া আমি বৃদ্ধ হৈছোঁ, তথাপি এনজেলে এগৰাকী ভাল পত্নী হিচাপে মোক সহযোগ কৰে। উদাহৰণস্বৰূপে, আমি সংগঠনৰ স্কুলত যাবলৈ বিচাৰিছিলোঁ, সেইবাবে আমি ৭৫ বছৰ বয়সত ইংৰাজী ভাষা শিকিবলৈ আৰম্ভ কৰিলোঁ। আমি এখন ইংৰাজী ভাষাৰ মণ্ডলীলৈ যাবলৈ ধৰিলোঁ। ফ্ৰান্সৰ শাখা সমিতিৰ সদস্য হোৱাৰ বাবে নতুন ভাষা শিকিবলৈ সময় উলিয়াবলৈ মোৰ বাবে কঠিন হৈছিল। কিন্তু আমি এজনে-আনজনক সহায় কৰিলোঁ। এতিয়া আমাৰ বয়স ৮০ বছৰতকৈ বেছি। কিন্তু আমি এতিয়াও ইংৰাজী আৰু ফৰাচী ভাষাত সভাৰ বাবে তৈয়াৰী কৰোঁ। আমি প্ৰচাৰলৈ আৰু সভালৈ যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দিছে।

২০১৭ চনত যিহোৱাই আমাক এক ডাঙৰ আশীৰ্বাদ দিলে। শাখা-সমিতিৰ সদস্য আৰু তেওঁলোকৰ পত্নীৰ বাবে যি স্কুল আছে, সেই স্কুলত মোক আৰু এনজেলক নিমন্ত্ৰণ কৰা হʼল। এই স্কুল পেটৰচনৰ ৱাচটাৱাৰ শিক্ষা কেন্দ্ৰত হৈছিল।

যিহোৱা এজন মহান শিক্ষক হয়। (যিচ. ৩০:২০) সেইবাবে, তেওঁ বৃদ্ধ, ডেকা সকলো সেৱককে সকলোতকৈ ভাল শিক্ষা দিয়ে। (দ্বিতী. ৪:৫-৮) মই প্ৰায়ে দেখিছোঁ যে যেতিয়া ডেকা ভাই-ভনীসকলে যিহোৱাৰ আজ্ঞা পালন কৰে আৰু অভিজ্ঞ ভাই-ভনীসকলৰ পৰামৰ্শ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে জীৱনত সঠিক নিৰ্ণয় লʼব পাৰে আৰু যিহোৱাৰ এজন ভাল সেৱক হʼব পাৰে। হিতোপদেশ ৯:৯ পদে আমাক মনত পেলাই দিয়ে যে “জ্ঞানৱানক উপদেশ দিয়া, তাতে তেওঁ আৰু জ্ঞানী হব; ধাৰ্ম্মিকক শিক্ষা দিয়া, তাতে তেওঁ বিদ্যাত বৃদ্ধি পাব।”

৬০ বছৰৰ আগতে অন্ধকাৰ ৰাতিত যেতিয়া মই আলজেৰিয়াৰ পাহাৰত অকলে আছিলোঁ আৰু বহুত ভয়-ভিত হৈছিলোঁ, সেই কথা মই কেতিয়াবা কেতিয়াবা মনত পেলাওঁ। সেইসময়ত মই বুজি পোৱা নাছিলোঁ যে আগলৈ গৈ মোৰ জীৱন ইমান সুন্দৰ হʼব। মই আনৰপৰা বহুতো কথা শিকিলোঁ। যিহোৱাই মোক আৰু এনজেলক আনন্দপূৰ্ণ জীৱন দিছে। আমি যিহোৱা আৰু অভিজ্ঞ ভাই-ভনীসকলৰপৰা শিকি থাকিবলৈ নিৰ্ণয় লৈছোঁ।