Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২১

যিহোৱাই আপোনাক শক্তি দিব

যিহোৱাই আপোনাক শক্তি দিব

“যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।”—২ কৰি. ১২:১০.

গীত ৭৩ আমাক নিৰ্ভয়তাৰ বৰদান দিয়ক

লেখৰ এক আভাস *

১-২. বহুতো সাক্ষীয়ে কি কি সমস্যাৰ সন্মুখীন হয়?

পাঁচনি পৌলে তীমথিয়ক নিজৰ সেৱা ভালদৰে পূৰ কৰিবলৈ উৎসাহিত কৰিছিল। (২ তীম. ৪:৫) আজি আমিও পৌলৰ এই পৰামৰ্শ পালন কৰোঁ আৰু ঈশ্বৰৰ সেৱা ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু এনে কৰাটো সদায় সহজ নহয়। আমাৰ বহুতো ভাই-ভনীয়ে প্ৰচাৰ কৰিবলৈ ভয় কৰে। (২ তীম. ৪:২) কিয় বাৰু? কিয়নো কিছুমান দেশত আমাৰ কাম নিষেধ কৰা হৈছে। আমাৰ ভাই-ভনীসকলে জানে যে এনে পৰিস্থিতিত প্ৰচাৰ কৰিলে তেওঁলোকক জেলত বন্দী কৰা হʼব, তথাপি তেওঁলোকে প্ৰচাৰ কৰি থাকে।

যিহোৱাৰ লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। সেইবাবে, তেওঁলোকে নিৰাশ হʼব পাৰে। উদাহৰণস্বৰূপে, বহুতো ভাই-ভনীয়ে দুবেলা-দুসাঁজ আহাৰ গোটাবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হয়। তেওঁলোকে প্ৰচাৰ কাৰ্য্যত বেছিকৈ সময় অতিবাহিত কৰিব বিচাৰে, কিন্তু সপ্তাহৰ শেষত তেওঁলোকে একেবাৰে ভাগৰি পৰে। কিছুমান ভাই-ভনী বৃদ্ধ হয় বা বেমাৰত ভুগি আছে বা ঘৰৰপৰা বাহিৰত ওলাব নোৱাৰে। এনে কিছুমান ভাই-ভনী আছে, যিসকলে ভাবে যে যিহোৱাৰ দৃষ্টিত তেওঁলোকৰ কোনো মূল্য নাই। ভনী মাৰিয়াই * এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা মই ইমানেই নিৰাশ হৈ পৰোঁ যে এই ভাবনাৰ লগত যুঁজ কৰোঁতে মোৰ সকলো শক্তি শেষ হৈ যায় আৰু পাছত মোৰ বহুত দুখ লাগে। কিয়নো যি সময় আৰু শক্তি মই প্ৰচাৰ কামত লগাব পাৰিলোঁহেঁতেন, সেই সময় আৰু শক্তি বেয়া ভাবনাৰ বিৰুদ্ধে যুঁজ কৰোঁতে শেষ হৈ যায়।”

৩. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, যিহোৱাই আমাক শক্তি দিব পাৰে যাতে আমি যিমান পাৰোঁ সিমান প্ৰচাৰ কৰি থাকোঁ। এই লেখত আমি শিকিম যে যিহোৱাই আমাক কেনেকৈ শক্তি দিয়ে। কিন্তু ইয়াৰ আগতে আহক আমি চাওঁ যে সমস্যাৰ সত্ত্বেও প্ৰচাৰ কৰি থাকিবলৈ যিহোৱাই পৌল আৰু তীমথিয়ক কেনেকৈ সহায় কৰিছিল।

যিহোৱাই আমাক প্ৰচাত কৰি থাকিবলৈ শক্তি দিয়ে

৪. পৌলৰ জীৱনত কি কি সমস্যা আছিল?

পৌলৰ বহুতো সমস্যা আছিল। তেওঁক কোবোৱা হৈছিল, শিল দলিওৱা হৈছিল আৰু জেলত বন্দী কৰা হৈছিল। (২ কৰি. ১১:২৩-২৫) তেওঁ নিজৰ দুৰ্বলতাৰ বাবে বহুবাৰ নিৰাশ হৈ পৰিছিল। তেওঁ কৈছিল যে এই ভাবনাৰ বিৰোধে যুঁজিবলৈ তেওঁৰ বহুত কঠিন হৈছিল। (ৰোম. ৭:১৮, ১৯, ২৪) তেওঁৰ এটা বেমাৰ আছিল, যি তেওঁৰ বাবে ‘শৰীৰত এটা কাঁইটৰ’ দৰে আছিল। এই কাঁইট উলিয়াবলৈ তেওঁ বহুবাৰ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল।—২ কৰি. ১২:৭, ৮.

পৌলে তেওঁৰ সেৱা কৰি থাকিবলৈ কʼৰপৰা শক্তি লাভ কৰিলে? (অনুচ্ছেদ ৫-৬ চাওক) *

৫. পৌলে নিজৰ সমস্যাৰ সত্ত্বেও কি কি কৰিব পাৰিলে?

যিহোৱাই পৌলক শক্তি দিলে যাতে তেওঁ সমস্যাৰ সত্ত্বেও প্ৰচাৰ কৰি থাকিব পাৰে। উদাহৰণস্বৰূপে, পৌলে যেতিয়া ৰোমত বন্দী আছিল, তেতিয়াও তেওঁ উৎসাহেৰে যিহূদীৰ শাসক আৰু হয়তো ৰোমৰ ডাঙৰ ডাঙৰ অধিকাৰীসকলকো প্ৰচাৰ কৰিছিল। (পাঁচ. ২৮:১৭; ফিলি. ৪:২১, ২২) তেওঁ ‘প্ৰিটিৰয়ম’ অৰ্থাৎ সম্ৰাটৰ অংগৰক্ষক দলকো সাক্ষ্য দিছিল। যিসকল লোকে তেওঁক লগ কৰিবলৈ আহিছিল, পৌলে তেওঁলোককো প্ৰচাৰ কৰিছিল। (পাঁচ. ২৮:৩০, ৩১; ফিলি. ১:১৩) সেই সময়ছোৱাত তেওঁ মণ্ডলীবোৰলৈ বহুতো চিঠি লিখিছিল, যাৰ সহায়ত সেই সময়ৰ ভাই-ভনীসকলৰ বহুতো লাভ হৈছিল আৰু আজি আমাৰো লাভ হয়। পৌলৰ ভাল উদাহৰণৰপৰা ৰোমৰ ভাই-ভনীসকলে বহুতো উৎসাহ লাভ কৰিলে আৰু তেওঁলোকে “প্ৰভুত দৃঢ় বিশ্বাস ৰাখি, ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে কবলৈ অধিক সাহ” পালে। (ফিলি. ১:১৪) যদিও পৌলে যিমান বিচাৰিছিল সিমান কৰিব পৰা নাছিল। কিন্তু তেওঁ যি কৰিলে তাৰপৰা শুভবাৰ্তাৰ ‘বৃদ্ধি’ হʼল।—ফিলি. ১:১২.

৬. দ্বিতীয় কৰিন্থীয়া ১২:৯, ১০ পদৰ অনুসৰি পৌলে কাৰ সহায়ত নিজৰ সেৱা পূৰ কৰিব পাৰিলে?

পৌলে এই কথা বুজি পাইছিল যে তেওঁ যিহোৱাৰ সেৱাত যি কৰিব পাৰিলে, সেয়া নিজৰ শক্তিৰে নহয়, যিহোৱাৰ শক্তিৰেহে কৰিব পাৰিলে। তেওঁ এই কথা স্বীকাৰ কৰিলে যে যেতিয়া তেওঁ দুৰ্বল হয়, তেতিয়া ‘ঈশ্বৰৰ শক্তি সিদ্ধ হয়।’ (২ কৰিন্থীয়া ১২:৯, ১০ পঢ়ক।) যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায়ত পৌলে বিভিন্ন ধৰণৰ সমস্যাৰ সত্ত্বেও নিজৰ সেৱা পূৰ কৰিব পাৰিলে।

তীমথিয়ই তেওঁৰ সেৱা কৰি থাকিবলৈ কʼৰপৰা শক্তি লাভ কৰিলে? (অনুচ্ছেদ ৭ চাওক) *

৭. তীমথিয়ৰ কি কি সমস্যা আছিল?

পৌলৰ বন্ধু তীমথিয় ডেকা আছিল। তেওঁকো নিজৰ সেৱা পূৰ কৰিবলৈ যিহোৱাৰ ওপৰত নিৰ্ভৰ হʼবলগীয়া আছিল। তেওঁ পৌলৰ লগত মিচনেৰী যাত্ৰাৰ বাবে বহুদূৰ যাবলগীয়া হৈছিল। কেতিয়াবা কেতিয়াবা তেওঁক পৌলে অকলেই মণ্ডলীৰ ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ পঠিয়াইছিল। (১ কৰি. ৪:১৭) হয়তো তীমথিয়ই এই কাম কৰিব নোৱাৰিম বুলি ভাবিছিল। সেইবাবে, পৌলে তেওঁক উৎসাহিত কৰিছিল আৰু এইদৰে কৈছিল, “তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।” (১ তীম. ৪:১২) ইয়াৰ উপৰিও তীমথিয়ৰ শৰীৰটো এটা কাঁইট আছিল। তেওঁ বাৰে বাৰে বেমাৰ হৈছিল। (১ তীম. ৫:২৩) কিন্তু তীমথিয়ই জানিছিল যে যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায়ত তেওঁ প্ৰচাৰ কৰিব পাৰিব আৰু ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰিব।—২ তীম. ১:৭.

যিহোৱাই সমস্যাৰ সত্ত্বেও বিশ্বাসী হৈ থাকিবলৈ শক্তি দিয়ে

৮. আজি যিহোৱাই নিজৰ লোকসকলক কেনেকৈ শক্তি দিয়ে?

আজি যিহোৱাই নিজৰ লোকসকলক তেওঁৰ সেৱা কৰি থাকিবলৈ “শক্তিৰ বাহুল্যতা” দিয়ে, যি সাধাৰণ লোকসকলতকৈ বহুগুণে বেছি। (২ কৰি. ৪:৭) এতিয়া আহক আমি চাৰিটা উপায়ৰ ওপৰত ধ্যান দিওঁ, যাৰ সহায়ত যিহোৱাই নিজৰ লোকসকলক শক্তি দিয়ে আৰু বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে। সেয়া হৈছে প্ৰাৰ্থনা, বাইবেল, ভাই-ভনীসকলৰ লগত সংগতি আৰু প্ৰচাৰ কাম।

যিহোৱাই আমাক প্ৰাৰ্থনাৰ যোগেদি শক্তি দিয়ে। (অনুচ্ছেদ ৯ চাওক)

৯. প্ৰাৰ্থনাই আমাক কেনেকৈ সহায় কৰিব পাৰে?

প্ৰাৰ্থনা। ইফিচীয়া ৬:১৮ পদত পৌলে আমাক “সকলো সময়তে” প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰিছে। যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব আৰু আমাক শক্তি দিব। বলিভিয়াৰ ভাই জʼনিৰ ওপৰত হঠাতে বহুতো সমস্যা আহি পৰিল। একেলগতে তেওঁৰ পত্নী আৰু পিতৃ-মাতৃয়ে বহুত বেমাৰ হৈ পৰিল। তিনিওজনক একেলগে চোৱা-চিতা কৰাটো জʼনিৰ বাবে সহজ নাছিল। কিছুসময়ৰ পাছত তেওঁৰ মাতৃৰ মৃত্যু হʼল আৰু তেওঁৰ পিতৃ আৰু পত্নীক সুস্থ হʼবলৈ বহুত সময় লাগিল। সেই কঠিন পৰিস্থিতিৰ বিষয়ে জʼনিয়ে এইদৰে কৈছে, “মোক চিন্তাই আৱৰি ধৰিছিল, কিন্তু যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ বাবে মই বহুত সাহস আৰু শক্তি লাভ কৰিলোঁ।” বলিভিয়াৰ এজন প্ৰাচীন ভাই ৰণাল্ডʼই গম পালে যে তাইৰ মাতৃৰ কেন্সাৰ আছে। এমাহৰ পাছত তাইৰ মাতৃৰ মৃত্যু হʼল। সেই কঠিন পৰিস্থিতিত তেওঁ প্ৰাৰ্থনা কৰি সাহস লাভ কৰিলে। তেওঁ এইদৰে কৈছে, “যেতিয়া মই যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া মোৰ মনৰ সকলো কথা তেওঁক জনাওঁ। যিহোৱাই মোক বুজি পায় বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই নিজৰ বিষয়ে যিমান নাজানোঁ, তাতকৈ বেছি যিহোৱাই মোৰ বিষয়ে জানে।” কেতিয়াবা কেতিয়াবা আমি ইমানেই চিন্তিত হৈ পৰোঁ যে প্ৰাৰ্থনাত কি কম বুজিয়েই নাপাওঁ। তথাপি আমি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে।—ৰোম. ৮:২৬, ২৭.

যিহোৱাই আমাক বাইবেলৰ যোগেদি শক্তি দিয়ে। (অনুচ্ছেদ ১০ চাওক)

১০. ইব্ৰী ৪:১২ পদৰ অনুসৰি আমি কিয় বাইবেল পঢ়া উচিত আৰু তাৰ ওপৰত ধ্যান কৰা উচিত?

১০ বাইবেল। পৌলৰ দৰে আমিও ঈশ্বৰৰ বাক্য পঢ়া উচিত। এইদৰে কৰিলে আমি সাহস আৰু সান্ত্বনা লাভ কৰিম। (ৰোম. ১৫:৪) যেতিয়া আমি বাইবেল পঢ়োঁ আৰু তাৰ ওপৰত ধ্যান কৰোঁ, তেতিয়া যিহোৱাই আমাক বুজিবলৈ সহায় কৰে যে বাইবেলৰ পৰামৰ্শ আমি নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰোঁ। (ইব্ৰী ৪:১২ পঢ়ক।) ভাই ৰণাল্ডʼ যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছিল, তেওঁ এইদৰে কৈছে, “মই সদায় ৰাতি বাইবেল পঢ়োঁ আৰু যিহোৱাৰ গুণৰ ওপৰত ধ্যান কৰোঁ। মই এয়াও ধ্যান কৰোঁ যে প্ৰাচীন সময়ত যিহোৱাই নিজৰ লোকসকলৰ কেনেকৈ যত্ন লৈছিল। এনে অভ্যাস গঢ়ি তোলাৰ বাবে মই আনন্দিত। এইদৰে কৰি মই বহুত সাহস লাভ কৰিলোঁ।”

১১. এগৰাকী ভনীয়ে নিজৰ বেদনা সহন কৰিবলৈ বাইবেলৰপৰা কেনেকৈ সহায় লাভ কৰিলে?

১১ যেতিয়া আমি ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰোঁ, তেতিয়া আমি নিজৰ সমস্যাবোৰৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিব পাৰোঁ। এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক, তাইৰ স্বামীৰ মৃত্যু হৈছিল। এজন প্ৰাচীনে তেওঁক ইয়োবৰ কিতাপখন পঢ়িবলৈ পৰামৰ্শ দিছিল। যেতিয়া তাই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলে, তেতিয়া তাই ভাবিলে যে ইয়োবৰ চিন্তাধাৰা ভুল হয়। তাই মনতে ভাবিলে যে “ইয়োব! তুমি কেৱল নিজৰ সমস্যাৰ বিষয়ে চিন্তা কৰিছা! এয়া ভুল হয়।” ইয়াৰ পাছত তাই অনুভৱ কৰিলে যে তাইৰ চিন্তাধাৰাও ইয়োবৰ দৰে হৈ পৰিছে। বাইবেলৰ সহায়ত তাই নিজৰ চিন্তাধাৰা শুধৰণি কৰিব পাৰিলে আৰু নিজৰ স্বামীক হেৰুৱাৰ বেদনা সহন কৰিব পাৰিলে।

যিহোৱাই আমাক ভাই-ভনীৰ যোগেদি শক্তি দিয়ে। (অনুচ্ছেদ ১২ চাওক)

১২. যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক কেনেকৈ সাহস দিয়ে?

১২ ভাই-ভনী। যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক সাহস দিয়ে। পৌলে কৈছিল যে তেওঁ নিজৰ ভাই-ভনীসকলক লগ কৰিবলৈ ইচ্ছুক হৈ আছে, যাতে তেওঁলোকে “উভয় পক্ষৰ” বিশ্বাস বঢ়াব পাৰে। (ৰোম. ১:১১, ১২) ভনী মাৰিয়াৰ উদাহৰণলৈ মন কৰক, যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছিল। ভাই-ভনীসকৰ লগত সময় অতিবাহিত কৰি তাইক ভাল লাগে। তাই এইদৰে কৈছে, “ভাই-ভনীসকলৰ যোগেদি যিহোৱাই মোক উৎসাহিত কৰে। তেওঁলোকে মোক উৎসাহিত কৰিবলৈ কিছুমান কথা কয় বা কাৰ্ড দিয়ে, যি মোৰ বাবে অতি প্ৰয়োজন আছিল। মোৰ দৰে একে ভাবনা পাৰ কৰা ভনীসকলৰ লগত কথা পাতিও মোৰ ভাল লাগে। তেওঁলোকৰপৰা মই শিকোঁ যে মই নিজৰ ভাবনাৰ বিৰুদ্ধে কেনেকৈ যুঁজ কৰিব পাৰোঁ আৰু মণ্ডলীত মোৰ গুৰুত্বতা আছে বুলি প্ৰাচীনসকলে মোক আশ্বাস দিয়ে।”

১৩. সভাত আমি এজনে-আনজনক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

১৩ সভাত আমি ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ ভাল সুযোগ পাওঁ। আমি তেওঁলোকক কʼব পাৰোঁ যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ আৰু প্ৰশংসা কৰোঁ। পিতৰ নামৰ প্ৰাচীনজনে ঠিক এইদৰেই কৰিলে। এদিনাখন সভাৰ আগতে সত্যত অকলে থকা ভনী এগৰাকীক তেওঁ এইদৰে কৈছিল, “মোক এয়া দেখি বহুত ভাল লাগে যে আপুনি প্ৰতিটো সভাত নিজৰ ৬ জন লʼৰা-ছোৱালীক লগত লৈ আনে। আপুনি তেওঁলোকক ভালদৰে তৈয়াৰ কৰি আনে আৰু তেওঁলোকে ভাল উত্তৰো দিয়ে।” এই কথা শুনি ভনীগৰাকীৰ চকুপানী উলাইছিল। তাই এইদৰে কৈছিল, “আপোনাৰ কথাৰপৰা মই কিমান সাহস লাভ কৰিলোঁ, সেয়া মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ।”

যিহোৱাই আমাক প্ৰচাৰ কামৰ যোগেদি শক্তি দিয়ে। (অনুচ্ছেদ ১৪ চাওক)

১৪. প্ৰচাৰ কৰিলে আমি কেনেকৈ সহায় লাভ কৰোঁ?

১৪ প্ৰচাৰ কাম। লোকসকলে আমাৰ বাৰ্তা শুনক বা নুশুনক প্ৰচাৰ কৰিলে আমাক বহুত ভাল লাগে। (হিতো. ১১:২৫) ভনী স্টেচীয়েও প্ৰচাৰ কৰি বহুত সাহস লাভ কৰিলে। যেতিয়া তাইৰ ঘৰৰ কোনো এজন ব্যক্তিক বহিষ্কাৰ কৰা হৈছিল, তেতিয়া তাইক বৰ দুখ লাগিছিল। তাই এইদৰে ভাবিছিল, “মই তেওঁক ইমান ডাঙৰ ভুল কৰিবলৈ বাধা দিব পাৰিলোঁহেঁতেননে?” তাইৰ মনৰপৰা এই কথা আঁতৰ হোৱা নাছিল। তাই কেনেকৈ সহায় লাভ কৰিলে? প্ৰচাৰ কাম কৰাৰ যোগেদি তাই সহায় লাভ কৰিলে। প্ৰচাৰ কৰাৰ বাবে তাই নিজৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে, লোকসকলৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। তাই এইদৰে কৈছে, “যিহোৱাৰ সহায়ত মই এগৰাকী ভাল বাইবেল বিদ্যাৰ্থী পালোঁ, যি গৰাকীয়ে বহুত উন্নতি কৰিছিল। ইয়াৰপৰা মই বহুত সাহস লাভ কৰিলোঁ। প্ৰচাৰ কৰাৰ বাবে মই নিজৰ পৰিস্থিতিৰ সন্মুখীন হʼব পাৰিলোঁ।”

১৫. ভনী মাৰিয়াৰপৰা আপুনি কি শিকিলে?

১৫ কিছুমান লোকে নিজৰ পৰিস্থিতিৰ বাবে প্ৰচাৰ কাৰ্য্যত যিমান সময় অতিবাহিত কৰিব বিচাৰে, সিমান কৰিব নোৱাৰে। যদি আমিও এইদৰে ভাবোঁ তেনেহʼলে আমি মনত ৰখা উচিত যে আমি যিমান পাৰোঁ সিমান যদি মনে-প্ৰাণে কৰোঁ, তেনেহʼলে যিহোৱা আনন্দিত হʼব। ভনী মাৰিয়াৰ উদাহৰণলৈ পুনৰ মন কৰক। যেতিয়া তাই নতুন ভাষাত প্ৰচাৰ কৰিবলৈ আন ঠাইলৈ গৈছিল, তেতিয়া তাই তাত যিহোৱাৰ সেৱাত বেছি কৰিব পৰা নাছিল। তাই এইদৰে কৈছে, “সভাত উত্তৰ দিবলৈ মোৰ বৰ কঠিন হৈছিল বা বাইবেলেৰ কোনো এটা পদ পঢ়ি দিছিলোঁ। যেতিয়া মই প্ৰচাৰলৈ গৈছিলোঁ, তেতিয়া মই লোকসকলক কেৱল ট্ৰেক্ট দিছিলোঁ।” তাই ভাবিছিল যে যিসকল লোক সেই ভাষা ভালদৰে জানে তেওঁলোকৰ তুলনাত তাই একো কৰিব পৰা নাই। পাছত তাইৰ অনুভৱ হʼল যে যদিও তাই বেছিকৈ কৰিব পৰা নাই, তথাপি যিহোৱাই নিজৰ কামত তাইক ব্যৱহাৰ কৰিব পাৰে। তাই নিজৰ চিন্তাধাৰা শুধৰণি কৰিলে। তাই কয় বাইবেলৰ সত্যতা ইমানেই সৰল যে ইয়ে যিকোনো ব্যক্তিৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ বাবে আমি কোনো এটা ভাষা ভালদৰে জনাটো গুৰুত্বপূৰ্ণ নহয়।

১৬. যিসকল লোকে বেমাৰৰ বাবে ঘৰৰপৰা ওলাব নোৱাৰে, তেওঁলোকে কেনেকৈ প্ৰচাৰ কৰিব পাৰে?

১৬ যিহোৱাই জানে যে আমাৰ মাজৰ কিছুমান লোকে প্ৰচাৰ কৰিব বিচাৰে কিন্তু বেমাৰৰ বাবে ঘৰৰপৰা ওলাব নোৱাৰে। এনে পৰিস্থিতিত তেওঁ আমাক আন উপায়েৰে প্ৰচাৰ কৰিবলৈ সুযোগ দিয়ে। যেনে, আমি ডাক্তৰ, নাৰ্চ বা সেই লোকসকলক প্ৰচাৰ কৰিব পাৰোঁ, যিসকলে আমাৰ চোৱা-চিতা কৰে। আগতে আমি বহুত কৰিবলৈ পাৰিছিলোঁ, কিন্তু এতিয়া কৰিব পৰা নাই বুলি যদি আমি ভাবি থাকোঁ, তেনেহʼলে আমি নিৰাশ হৈ পৰিম। কিন্তু আমি যদি এই কথা বুজি পাওঁ যে আজি যিহোৱাই আমাক কেনেকৈ সহায় কৰিছে, তেনেহʼলে আমি শক্তি লাভ কৰিম আৰু আমাৰ যি সমস্যা আছে, তাক আনন্দেৰে সহন কৰিব পাৰিম।

১৭. উপদেশক ১১:৬ পদৰ অনুসৰি আমি প্ৰচাৰত ভাল পৰিণাম নাপালেও কিয় প্ৰচাৰ কৰি থকা উচিত?

১৭ আমি সত্যৰ যি কঠীয়া সিঁচিছোঁ, তাৰ মাজৰ ইটো বা সিটো কোনটো সফল হʼব তাক আমি নাজানোঁ। (উপদেশক ১১:৬ পঢ়ক।) ভনী বাৰবাৰাৰ বয়স ৮০ বছৰতকৈ বেছি হৈছে। তাই প্ৰায়ে ফোন আৰু চিঠিৰ যোগেদি সাক্ষ্য দিয়ে। এবাৰ ভনীয়ে অজানিতে বহুবছৰৰ আগতে বহিষ্কাৰ হোৱা দম্পতীক চিঠি পঠিয়াইছিল। তাই চিঠিৰ লগতে মাৰ্চ ১, ২০১৪ চনৰ প্ৰহৰীদুৰ্গ পঠিয়াইছিল। যাৰ বিষয় আছিল “ঈশ্বৰে আপোনাৰ বাবে কি কৰিলে। * সেই দম্পতীয়ে পত্ৰিকাখন বাৰে বাৰে পঢ়িলে। স্বামীয়ে অনুভৱ কৰিলে যে যিহোৱাই নিজেই তেওঁলোকৰ লগত কথা পাতিছে। তেওঁলোকে পুনৰ সভালৈ যাবলৈ আৰম্ভ কৰিলে। প্ৰায় ২৭ বছৰৰ পাছত তেওঁলোকে পুনৰ যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। হয়তো ভনী বাৰবাৰাই কিমান সাহস লাভ কৰিলে যে তাইৰ এখন চিঠিৰপৰা কিমান ভাল পৰিণাম হʼল।

যিহোৱাই আমাক (১) প্ৰাৰ্থনা, (২) বাইবেল, (৩) ভাই-ভনী আৰু (৪) প্ৰচাৰ কামৰ যোগেদি শক্তি দিয়ে (অনুচ্ছেদ ৯, ১০, ১২, ১৪)

১৮. যিহোৱাৰপৰা শক্তি লাভ কৰিবলৈ আমি কি কৰা উচিত?

১৮ এই লেখত আমি শিকিলোঁ যে যিহোৱাই নিজৰ লোকসকলক সহায় কৰে আৰু শক্তি দিয়ে। যিহোৱাই প্ৰাৰ্থনা, বাইবেল, ভাই-ভনীসকলৰ লগত সংগতি আৰু প্ৰচাৰ কামৰ যোগেদি আমাক শক্তি দিয়ে। এই সকলো উপায় ব্যৱহাৰ কৰাৰ যোগেদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি দেখুৱাওঁ। গতিকে আহক ‘যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱা’ ঈশ্বৰৰ ওপৰত আমি সদায় নিৰ্ভৰ কৰোঁ।—২ বং. ১৬:৯.

গীত ৬১ আগবাঢ়ি যোৱা, সাক্ষীসকল!

^ অনু. 5 আজি আমি বহুতো সমস্যাৰ সন্মুখীন হৈ আছোঁ, কিন্তু এই সমস্যাবোৰ পাৰ কৰিবলৈ যিহোৱাই আমাক সহায় কৰে। এই লেখত আমি শিকিম যে পৌল আৰু তীমথিয়ই সমস্যাৰ সত্ত্বেও যিহোৱাৰ সেৱা কৰি থাকিবলৈ যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে। আমি এনে চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰিম যাৰ সহায়ত আজি আমি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম।

^ অনু. 2 নাম সলনি কৰা হৈছে।

^ অনু. 17 এই প্ৰহৰীদুৰ্গ কেৱল ইংৰাজী ভাষাত উপলব্ধ আছে।

^ অনু. 54 ছবিৰ বিষয়ে: ৰোমৰ এখন ঘৰত বন্দী হৈ থকাৰ সময়ত পৌলে বহুতো চিঠি লিখিছিল আৰু যিসকল লোকে তেওঁক লগ কৰিবলৈ আহিছিল, পৌলে তেওঁলোকক প্ৰচাৰ কৰিছিল।

^ অনু. 56 ছবিৰ বিষয়ে: তীমথিয়ই যি মণ্ডলীলৈ গৈছিল, সেই মণ্ডলীৰ ভাই-ভনীসকলক উৎসাহিত কৰিছিল।