Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪১

বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১

বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১

তোমালোক, আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছা।”—২ কৰি. ৩:৩.

গীত ৭৮ ‘ঈশ্বৰৰ বাক্য শিকাওক’

লেখৰ এক আভাস *

যেতিয়া এজন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মাৰ লয়, তেতিয়া গোটেই মণ্ডলীৰ বাবে আনন্দৰ বিষয় নহয়নে? (অনুচ্ছেদ ১ চাওক)

১. যদি কোনো বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লয়, তেনেহʼলে দ্বিতীয় কৰিন্থীয়া ৩:১-৩ পদৰ অনুসৰি এয়া কিয় আমাৰ বাবে এক আনন্দৰ বিষয় হয়? (বেটুপাতত দিয়া ছবিখন চাওক।)

যদি আপোনাৰ মণ্ডলীলৈ অহা কোনো বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লয়, তেনেহʼলে আপুনি কেনে অনুভৱ কৰে? আপুনি নিশ্চয় আনন্দিত হয়। (মথি ২৮:১৯) যদি আপোনাৰ বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লয়, তেলেহʼলে আপুনি বহুত আনন্দিত হয়। (১ থিচ. ২:১৯, ২০) সেই বিদ্যাৰ্থীজন কেৱল অধ্যয়ন কৰোৱা ব্যক্তিজনৰ বাবে নহয়, কিন্তু গোটেই মণ্ডলীৰ বাবে ‘সুখ্যাতিপত্ৰৰ’ দৰে হয়।—২ কৰিন্থীয়া ৩:১-৩ পঢ়ক।

২. (ক) আমি কি প্ৰশ্নৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত আৰু কিয়? (খ) বাইবেল অধ্যয়ন কি হয়? (ফুটনোট চাওক।)

বিগত চাৰি বছৰত প্ৰতি মাহে প্ৰায় ১,০০,০০,০০০ বাইবেল অধ্যয়ন * কৰা হৈছিল। সেই বছৰবোৰত প্ৰায় ২,৮০,০০০ তকৈ বেছি লোকে প্ৰতিবছৰে বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হৈছিল। আমি লাখ লাখ লোকক অধ্যয়ন কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ? এই প্ৰশ্নৰ বিষয়ে আমি গভীৰভাৱে চিন্তা কৰা উচিত। যিহোৱাই আজিলৈকে ধৈৰ্য্য ধৰিছে আৰু লোকসকলক খ্ৰীষ্টৰ শিষ্য হʼবলৈ সুযোগ দিছে। আমি যিমান পাৰোঁ, সিমান সোনকালে লোকসকলক সহায় কৰা উচিত। কিয়নো সময় একেবাৰে কম!—১ কৰি. ৭:২৯; ১ পিত. ৪:৭.

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আজি প্ৰচাৰ কাম কৰাটো অতি প্ৰয়োজন। সেইবাবে, বাইবেল বিদ্যাৰ্থীসকলক বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ কেনেকৈ সহায় কৰিব পাৰি, তাৰ ওপৰত বেলেগ বেলেগ শাখা কাৰ্য্যালয়ে অনুসন্ধান কৰিছিল। কিছুমান অভিজ্ঞ অগ্ৰাগামী সেৱক, মিছনেৰী আৰু চাৰ্কিট ওভাৰচিয়াৰে কিছুমান ভাল পৰামৰ্শ দিয়ে। * (হিতো. ১১:১৪; ১৫:২২) সেই ভাই-ভনীসকলে কৈছিল যে অধ্যয়ন কৰা ভাই-ভনী আৰু বিদ্যাৰ্থীসকলে কি কৰা উচিত। এই লেখত আমি আলোচনা কৰিম যে প্ৰতিজন বাইবেল বিদ্যাৰ্থীয়ে কি কৰিব পাৰে, যাতে তেওঁলোকে সোনকালে উন্নতি কৰি বাপ্তিষ্মা লʼব পাৰে। আমি পাঁচটা বিষয়ৰ ওপৰত আলোচনা কৰিম।

প্ৰতিসপ্তাহে অধ্যয়ন কৰক

বিদ্যাৰ্থীক সোধক যে আপোনালোক দুয়োজনে বহি কʼৰবাত আলোচনা কৰিব পাৰেনে? (অনুচ্ছেদ ৪-৬ চাওক)

৪. দুৱাৰৰ মুখত থিয় হৈ অধ্যয়ন কৰাই যথেষ্ট নে? বুজাওক।

বহুতো ভাই-ভনীয়ে বিদ্যাৰ্থীসকলৰ দুৱাৰ মুখত থিয় হৈ বাইবেল অধ্যয়ন কৰে। বাইবেলৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ এয়া এক ভাল উপায়। কিন্তু দুৱাৰ মুখত থিয় হৈ অলপ সময়হে আলোচনা কৰিব পাৰি আৰু সেয়াও প্ৰতিসপ্তাহে অধ্যয়ন কৰিব নোৱাৰি। কিছুমান ভাই-ভনীয়ে বিদ্যাৰ্থীসকলৰ ফোন নম্বৰ লয় আৰু মাজে-সময়ে তেওঁলোকক ফোন কৰি বা মেছেজত বাইবেলৰ বিষয়ে কিছুমান কথা জনায়। এইদৰে তেওঁলোকে অলপ সময় আলোচনা কৰে আৰু এয়া কেইবামাহলৈকে চলি থাকে। কিন্তু এজন বিদ্যাৰ্থীয়ে যদি কেতিয়াবা কেতিয়াবা অধ্যয়ন কৰে আৰু বেছি সময় নিদিয়ে, তেনেহʼলে তেওঁ * উন্নতি কৰিব পাৰিবনে আৰু সমৰ্পণ কৰি বাপ্তিষ্মা লʼব পাৰিবনে? হয়তো নোৱাৰে।

৫. লূক ১৪:২৭-৩৩ পদৰ অনুসৰি আমি নিজৰ বিদ্যাৰ্থীসকলক কি কথা বুজোৱা উচিত?

যীচুৱে কৈছিল যে যদি কোনোবাই তেওঁৰ শিষ্য হʼব বিচাৰে, তেনেহʼলে তেওঁ কি কৰা উচিত। তেওঁ এজন ব্যক্তি আৰু এজন ৰজাৰ উদাহৰণ দিছিল। ব্যক্তিজনে গড়-কাৰেং নিৰ্মাণ কৰিব বিচাৰিছিল আৰু ৰজাজনে নিজৰ সৈন্য-বাহিনীক লৈ যুদ্ধ কৰিব বিচাৰিছিল। যীচুৱে কৈছিল যে গড়-কাৰেং নিৰ্মাণ কৰোঁতাজনে প্ৰথমে তাৰ খৰচ “গণনা” কৰিব লাগিব। ৰজাজনে ‘প্ৰথমে বহি, বিবেচনা’ কৰা উচিত যে তেওঁৰ সৈন্য-বাহিনীয়ে শত্ৰুসকলৰ লগত যুদ্ধ কৰিব পাৰিব নে নোৱাৰে। (লূক ১৪:২৭-৩৩ পঢ়ক।) ঠিক সেইদৰে, যিসকলে যীচুৰ শিষ্য হʼব বিচাৰে, তেওঁলোকে ভালদৰে বিবেচনা কৰা উচিত যে যীচুৰ শিষ্য হʼবলৈ তেওঁক কি কৰিব লাগিব। সেইবাবে, আমি তেওঁলোকক প্ৰতিসপ্তাহে আমাৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ উৎসাহিত কৰা উচিত। ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ?

৬. বিদ্যাৰ্থীয়ে সোনকালে উন্নতি কৰিবলৈ আমি কি কৰিব পাৰোঁ?

সৰ্বপ্ৰথমে অধ্যয়নৰ সময় বঢ়াবলৈ চেষ্টা কৰক। আপুনি প্ৰতিসপ্তাহে সাক্ষাৎ কৰিবলৈ গʼলে এটা পদৰ পৰিৱৰ্তে দুটা পদৰ ওপৰত আলোচনা কৰক। যেতিয়া বিদ্যাৰ্থীজনৰ দেৰিলৈকে আলোচনা কৰাৰ বাবে কোনো আপত্তি নাথাকে, তেন্তে আপুনি তেওঁক সুধিব পাৰে যে আপোনালোক দুয়োজনে কʼৰবাত বহি আলোচনা কৰিব পাৰেনে? যদি বিদ্যাৰ্থীজন সন্মত হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে তেওঁ অধ্যয়নক গুৰুত্বপূৰ্ণ বুলি ভাবে। কিছুদিনৰ পাছত আপুনি তেওঁক সুধিব পাৰে যে তেওঁ সপ্তাহত দুবাৰকৈ অধ্যয়ন কৰিব বিচাৰেনে? কিন্তু বিদ্যাৰ্থীজনৰ লগত সপ্তাহত এবাৰ বা দুবাৰ অধ্যয়ন কৰাই যথেষ্ট নহয়।

প্ৰতিটো অধ্যয়নৰ ভালদৰে প্ৰস্তুতি কৰক

অধ্যয়নৰ বাবে প্ৰস্তুতি কৰক আৰু বিদ্যাৰ্থীজনকো প্ৰস্তুতি কৰিবলৈ উৎসাহিত কৰক (অনুচ্ছেদ ৭-৯ চাওক)

৭. প্ৰতিটো অধ্যয়নৰ বাবে শিক্ষকে কেনেকৈ প্ৰস্তুতি কৰা উচিত?

প্ৰতিটো অধ্যয়নৰ বাবে শিক্ষকে ভালদৰে প্ৰস্তুতি কৰা উচিত। আপুনি অধ্যয়ন কৰিবলগীয়া বিষয়টো প্ৰথমে পঢ়ক আৰু তাত দিয়া পদবোৰ চাওক। মুল বিষয়বোৰ মনত ৰাখক। পাঠৰ বিষয়, উপশীৰ্ষক আৰু অনুচ্ছেদত দিয়া প্ৰশ্ন, “পঢ়িবলৈ” দিয়া শাস্ত্ৰপদ আৰু ছবিবোৰলৈ ধ্যান দিয়ক। ইয়াৰ লগতে কোনটো ভিডিঅʼ দেখুৱালে বিদ্যাৰ্থীজনে বিষয়টো ভালদৰে বুজিব পাৰিব, তাৰ বিষয়েও চিন্তা কৰক। তাৰ পাছত নিজৰ বিদ্যাৰ্থীক মনত ৰাখি চিন্তা কৰক যে আপুনি বিষয়টো কেনেকৈ স্পষ্টকৈ আৰু সৰলভাৱে বুজাব, যাতে আপোনাৰ বিদ্যাৰ্থীয়ে ভালদৰে বুজিব পাৰে আৰু সেই অনুসৰি পদক্ষেপ লʼব পাৰে।—নহি. ৮:৮; হিতো. ১৫:২৮.

৮. কলচীয়া ১: ৯, ১০ পদৰ অনুসৰি আমি নিজৰ বিদ্যাৰ্থীৰ বাবে কিহৰ বাবে প্ৰাৰ্থনা কৰা উচিত?

প্ৰস্তুতি কৰাৰ সময়ত বিদ্যাৰ্থীৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপুনি যিহোৱাৰপৰা সহায় বিচাৰক যাতে আপুনি বাইবেলৰ কথাবোৰ বিদ্যাৰ্থীৰ হৃদয়ত স্পৰ্শ কৰিব পৰাকৈ শিকাব পাৰে। (কলচীয়া ১:৯, ১০ পঢ়ক।) আগতীয়াকৈ অনুমান কৰক যে বিদ্যাৰ্থীৰ বাবে কোনবোৰ বিষয় বুজিবলৈ বা বিশ্বাস কৰিবলৈ কঠিন হʼব পাৰে। মনত ৰাখক যে বিদ্যাৰ্থীজনে উন্নতি কৰি বাপ্তিষ্মা লʼবলৈ সহায় কৰাটোৱেই হৈছে আমাৰ উদ্দেশ্য।

৯. আপুনি নিজৰ বিদ্যাৰ্থীক প্ৰস্তুতি কৰিবলৈ কেনেকৈ শিকাব পাৰে? বুজাওক।

আমি আশা কৰোঁ যে যেতিয়া এজন বিদ্যাৰ্থীয়ে প্ৰতিটো সপ্তাহ অধ্যয়ন কৰিব, তেতিয়া তেওঁ বুজিব পাৰিব যে যিহোৱা আৰু যীচুৱে তেওঁৰ বাবে কি কৰিছে আৰু তেওঁ বাইবেলৰ বিষয়ে বেছিকৈ জানিবলৈ ইচ্ছা কৰিব। (মথি ৫:৩, ৬) কিন্তু অধ্যয়নৰ সময়ত বিদ্যাৰ্থীজনে ধ্যান দিলেহে তেওঁৰ লাভ হʼব। সেইবাবে, আমি অধ্যয়নৰ বাবে প্ৰস্তুতি কৰিবলৈ বিদ্যাৰ্থীক শিকোৱা উচিত। তেওঁ আগতিয়াকৈ বিষয়টো পঢ়িব পাৰে আৰু ভাবিব পাৰে যে তাত যি লিখা আছে, সেয়া তেওঁ কেনেকৈ পালন কৰিব পাৰে। অধ্যয়নৰ প্ৰস্তুতি কৰিবলৈ আপুনি তেওঁক কেনেকৈ সহায় কৰিব পাৰে? তেওঁৰ লগত মিলি এটা বিষয় প্ৰস্তুতি কৰক, যাতে তেওঁ চাব পাৰে যে প্ৰস্তুতি কেনেকৈ কৰা হয়। * তেওঁক বুজাওক যে অনুচ্ছেদত দিয়া প্ৰশ্নবোৰৰ উত্তৰ তেওঁ কেনেকৈ বিচাৰিব পাৰে আৰু কেনেকৈ বিশেষ শব্দবোৰত চিন দিলে উত্তৰ মনত থাকিব। তাৰ পাছত তেওঁ নিজেই যি বুজিলে, তাক উত্তৰ দিবলৈ কওক। তেওঁৰ উত্তৰৰপৰা আপুনি জানিব পাৰিব যে তেওঁ ভালদৰে বুজিছে নে নাই। আপুনি নিজৰ বিদ্যাৰ্থীক আৰু এটা কাম শিকাব পাৰে।

যিহোৱাৰ লগত কথা পাতিবলৈ বিদ্যাৰ্থীক শিকাওক

বিদ্যাৰ্থীজনক যিহোৱাৰ লগত কথা পাতিবলৈ শিকাওক (অনুচ্ছেদ ১০-১১ চাওক)

১০. (ক) বিদ্যাৰ্থীয়ে বাইবেল কিয় পঢ়া উচিত? (খ) বাইবেল পঢ়াৰ উপৰিও তেওঁ আৰু কি কৰিব লাগিব?

১০ বিদ্যাৰ্থীয়ে প্ৰতিসপ্তাহে আপোনাৰ লগত অধ্যয়ন কৰাৰ উপৰিও প্ৰতিদিনে তেওঁ কিছুমান কাম অকলে কৰিব লাগিব। তেওঁ যিহোৱাৰ লগত কথা পতা আৰু তেওঁৰ কথা শুনাৰ প্ৰয়োজন। প্ৰতিদিনে বাইবেল পঢ়িলে তেওঁ যিহোৱাৰ কথা শুনিব পাৰিব। (যিহো. ১:৮; গীত. ১:১-৩) তেওঁক দেখুৱাওক যে jw.org ৱেবছাইটত দিয়া “বাইবেল অধ্যয়নৰ তালিকাৰ” অনুসৰি তেওঁ কেনেকৈ পঢ়িব পাৰে। * বিদ্যাৰ্থীজনে যাতে বাইবেল পঢ়াৰপৰা বেছিকৈ উপকৃত হʼব পাৰে, তাৰ বাবে তেওঁক ধ্যান কৰিবলৈ উৎসাহিত কৰক যে বাইবেলে যিহোৱাৰ বিষয়ে কি শিকায় আৰু তেওঁ শিকা বিষয়বোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰে।—পাঁচ. ১৭:১১; যাকো. ১:২৫.

১১. (ক) এজন বিদ্যাৰ্থীয়ে সঠিকভাৱে প্ৰাৰ্থনা কৰিবলৈ কেনেকৈ শিকিব পাৰে? (খ) তেওঁ প্ৰতিদিনে যিহোৱালৈ কিয় প্ৰাৰ্থনা কৰা উচিত?

১১ নিজৰ বিদ্যাৰ্থীক যিহোৱাৰ লগত প্ৰতিদিনে প্ৰাৰ্থনাৰ যোগেদি কথা পাতিবলৈ উৎসাহিত কৰক। প্ৰতিটো অধ্যয়নৰ আৰম্ভণিত আৰু শেষত হৃদয়েৰে প্ৰাৰ্থনা কৰক। নিজৰ বিদ্যাৰ্থীৰ বাবেও প্ৰাৰ্থনা কৰক। আপোনাৰ প্ৰাৰ্থনা শুনি তেওঁ শিকিব পাৰিব যে তেওঁ কেনেকৈ যীচুৰ নামেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু তেওঁ কেনেকৈ অন্তৰৰ কথা যিহোৱাক জনাব পাৰে। (মথি ৬:৯; যোহ. ১৫:১৬) প্ৰতিদিনে বাইবেল পঢ়া অৰ্থাৎ যিহোৱাৰ কথা শুনা আৰু প্ৰতিদিনে প্ৰাৰ্থনা কৰা অৰ্থাৎ যিহোৱাৰ লগত কথা পতাৰ যোগেদি আপোনাৰ বিদ্যাৰ্থীয়ে যিহোৱাৰ কাষ চাপিব পাৰিব। (যাকো. ৪:৮) তেওঁ প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ অভ্যাস কৰিলে ভালদৰে উন্নতি কৰিব আৰু সমৰ্পণ কৰি বাপ্তিষ্মা লʼব। উন্নতি কৰিবলৈ তেওঁ আৰু কি কৰা উচিত?

যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁক শিকাওক

১২. বিদ্যাৰ্থীক যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ আপুনি কেনেকৈ সহায় কৰিব পাৰে?

১২ আমাৰ বাইবেল বিদ্যাৰ্থীয়ে অধ্যয়নৰপৰা যিহোৱাৰ বিষয়ে বহুতো কথা শিকাটো আমি বিচাৰোঁ। কিন্তু এয়াই যথেষ্ট নহয়। শিকা কথাবোৰ তেওঁৰ হৃদয়ত স্পৰ্শ কৰা উচিত আৰু পদক্ষেপ লʼবলৈ নিজেই আগবাঢ়ি অহা উচিত। যীচুৰ শিক্ষাত প্ৰভাৱশালী যুক্তি আছিল, যিয়ে লোকসকলক আকৰ্ষিত কৰিছিল। কিন্তু যীচুৰ কথাই লোকসকলৰ হৃদয় স্পৰ্শ কৰিছিল। সেইবাবে, তেওঁলোকে যীচুৰ শিষ্য হৈছিল। (লূক ২৪:১৫, ২৭, ৩২) আপোনাৰ বিদ্যাৰ্থীক বুজিবলৈ সহায় কৰক যে যিহোৱা এজন প্ৰকৃত ব্যক্তিৰ দৰে হয় আৰু তেওঁৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰি। ইয়াকো বুজিবলৈ সহায় কৰক যে যিহোৱা তেওঁৰ পিতৃ, ঈশ্বৰ আৰু বন্ধু হয়। (গীত. ২৫:৪, ৫) অধ্যয়নৰ সময়ত আপুনি যিয়েই বিষয়ত আলোচনা নকৰক কিয়, কিন্তু যিহোৱাৰ মনোমোহা গুণবোৰৰ ওপৰত ধ্যান দিবলৈ বিদ্যাৰ্থীক সহায় কৰক। (যাত্ৰা. ৩৪:৫, ৬; ১ পিত. ৫:৬, ৭) বিদ্যাৰ্থীক অনুভৱ কৰিবলৈ সহায় কৰক যে যিহোৱা প্ৰেমময়, দয়ালু আৰু কৰুণাময় ঈশ্বৰ হয়। “প্ৰভু পৰমেশ্বৰক প্ৰেম” কৰাটোৱেই “প্ৰধান আৰু প্ৰথম আজ্ঞা” বুলি যীচুৱে কৈছিল। (মথি ২২:৩৭, ৩৮) আপুনি নিজৰ বিদ্যাৰ্থীক এইদৰে শিক্ষা দিয়ক, যাতে তেওঁৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বাঢ়ে।

১৩. উদাহৰণ দি বুজাওক যে আপুনি কেনেকৈ এজন বিদ্যাৰ্থীক যিহোৱাৰ গুণৰ বিষয়ে শিকাব পাৰে।

১৩ আপুনি যিহোৱাৰ বিষয়ে কেনে অনুভৱ কৰে, সেই বিষয়ে বিদ্যাৰ্থীক শিকোৱাৰ সময়ত জনাওক। এইদৰে কৰিলে বিদ্যাৰ্থীয়ে বুজিব পাৰিব যে তেওঁকো যিহোৱাৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজন। (গীত. ৭৩:২৮) উদাহৰণস্বৰূপে, ধ্যান দিয়ক যে বিদ্যাৰ্থীৰ লগত আলোচনা কৰিবলগীয়া অনুচ্ছেদত যিহোৱাৰ প্ৰেম, বুদ্ধি, ন্যায় বা শক্তিৰ ওপৰত এনে কোনো পদ বা কথা লিখা আছে নেকি, যি আপোনাক ভাল লাগে। বিদ্যাৰ্থীক জনাওক যে যিহোৱাৰ এনেধৰণৰ বহুতো ভাল গুণ আছে, যাৰ বাবে আপুনি তেওঁক প্ৰেম কৰে। কিন্তু উন্নতি কৰি বাপ্তিষ্মা লʼবলৈ প্ৰতিজন বিদ্যাৰ্থীকে আৰু এটা কাম কৰাৰ প্ৰয়োজন।

সভাত উপস্থিত হʼবলৈ উৎসাহিত কৰক

যিমান পাৰি সিমান সোনকালে সভাত উপস্থিত হʼবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক! (অনুচ্ছেদ ১৪-১৫ চাওক)

১৪. ইব্ৰী ১০:২৪, ২৫ পদৰ অনুসৰি উন্নতি কৰিবলৈ এজন বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত হোৱাটো কিয় প্ৰয়োজন?

১৪ আমাৰ বিদ্যাৰ্থীয়ে উন্নতি কৰি বাপ্তিষ্মা লোৱাটো আমি সকলোৱে বিচাৰোঁ। তেওঁক সহায় কৰাৰ এটা উপায় হৈছে তেওঁক সভালৈ নিমন্ত্ৰণ কৰা। অভিজ্ঞ ভাই-ভনীসকলে কয় যে আৰম্ভণিতে সভাত উপস্থিত হোৱা বিদ্যাৰ্থীয়ে সোনকালে উন্নতি কৰে। (গীত. ১১১:১) কিছুমান ভাই-ভনীয়ে নিজৰ বিদ্যাৰ্থীক জনায় যে বাইবেলৰ সকলো কথা অধ্যয়নৰ যোগেদি শিকিব নোৱাৰি। গতিকে, সভাত উপস্থিত হোৱাটো অতি প্ৰয়োজন। নিজৰ বিদ্যাৰ্থীক ইব্ৰী ১০:২৪, ২৫ পদটো পঢ়ি শুনাওক আৰু সভাত উপস্থিত হʼলে কি কি লাভ আছে জনাওক। যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? ভিডিঅʼখন দেখুৱাওক। * আপোনাৰ বিদ্যাৰ্থীক সভাৰ গুৰুত্বতাৰ বিষয়ে জনাওক, যাতে তেওঁ প্ৰতিখন সভাত উপস্থিত হʼবলৈ চেষ্টা কৰে।

১৫. আপোনাৰ বিদ্যাৰ্থীক নিয়মিয়াকৈ সভাত উপস্থিত হʼবলৈ আপুনি কেনেকৈ উৎসাহিত কৰিব পাৰে?

১৫ যদি আপোনাৰ বিদ্যাৰ্থীয়ে নিয়মিয়াকৈ সভালৈ নাহে বা এতিয়ালৈকে সভাত উপস্থিত হোৱা নাই, তেনেহʼলে আপুনি কি কৰিব? অলপতে কোনো এখন সভাত শিকা কথা তেওঁক উৎসাৰেৰে কওক। আপোনাৰ আনন্দ দেখি তেওঁ সভাত উপস্থিত হʼব বিচাৰিব। বৰ্তমানে সভাত আলোচনা কৰা প্ৰহৰীদুৰ্গ বা জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাখন দিয়ক। ইয়াৰ কোনটো বিষয় পৰৱৰ্তী সভাত আলোচনা কৰা হʼব, তাৰ বিষয়ে কওক। ইয়াৰ কোনটো বিষয়ৰ প্ৰতি তেওঁ আগ্ৰহী, তাৰ বিষয়ে সোধক। তেওঁ প্ৰথমবাৰ সভাত উপস্থিত হʼলে বুজিব পাৰিব যে আমাৰ সভা আন ধাৰ্মিক সভাৰপৰা একেবাৰে বেলেগ আৰু তেওঁক বৰ ভাল লাগিব। (১ কৰি. ১৪:২৪, ২৫) তেওঁ আন ভাই-ভনীসকলকো লগ পাব আৰু তেওঁলোকৰপৰা বহুতো কথা শিকিব পাৰিব। বিদ্যাৰ্থীজনক উন্নতি কৰি বাপ্তিষ্মা লʼবলৈ তেওঁলোকেও সহায় কৰিব পাৰিব।

১৬. (ক) বাইবেল বিদ্যাৰ্থীক উন্নতি কৰি বাপ্তিষ্মা লʼবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৬ এই লেখত আমি শিকিলোঁ যে উন্নতি কৰিবলৈ আমি আমাৰ বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰোঁ। প্ৰতিসপ্তাহে অধ্যয়ন কৰিবলৈ আৰু আগতিয়াকৈ প্ৰস্তুতি কৰিবলৈ আমাৰ বিদ্যাৰ্থীক আমি উৎসাহিত কৰিব পাৰোঁ। এনে কৰিলে তেওঁ বুজিব পাৰিব যে অধ্যয়ন কৰাটো কিমান গুৰুত্বপূৰ্ণ। প্ৰতিদিনে যিহোৱাৰ কথা শুনিবলৈ আৰু তেওঁৰ লগত কথা পাতিবলৈ আমি তেওঁক উৎসাহিত কৰিব পাৰোঁ। অধ্যয়নৰ সময়ত আমি এনেদৰে শিকোৱা উচিত, যাতে তেওঁ নিজে যিহোৱাৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে। সভাত উপস্থিত হʼবলৈও আমি তেওঁক অনুপ্ৰাণিত কৰা উচিত। (“ বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বিদ্যাৰ্থীয়ে কি কৰিব পাৰে?” নামৰ বক্সটো পঢ়ক।) বিদ্যাৰ্থীয়ে উন্নতি কৰি বাপ্তিষ্মা লʼবলৈ আমি কি কি পাঁচটা উপায়েৰে সহায় কৰিব পাৰোঁ? ইয়াৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।

গীত ৭৬ কেনেকুৱা লাগে?

^ অনু. 5 যেতিয়া আমি কাৰোবাক কিবা শিকাওঁ, তেতিয়া আমি তেওঁক “নতুনকৈ ভাবিবলৈ আৰু নতুন পদ্ধতিৰে কাম কৰিবলৈ সহায় কৰোঁ।” ২০২০ চনৰ বাৰ্ষিক পাঠ হৈছে, মথি ২৮:১৯ আৰু এই পদে আমাক মনত পেলাই দিয়ে যে লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰা আৰু তেওঁলোকক শিকোৱাটো অতি গুৰুত্বপূৰ্ণ কাম। তেতিয়াহে তেওঁলোকে বাপ্তিষ্মা লৈ যীচু খ্ৰীষ্টৰ শিষ্য হʼব পাৰিব। এই লেখত আৰু পৰৱৰ্তী লেখত আমি চাম যে এই কাম আমি আৰু ভালদৰে কেনেকৈ কৰিব পাৰোঁ।

^ অনু. 2 ইয়াৰ অৰ্থ কি: যদি আপুনি কাৰোবাৰ লগত বাইবেলৰপৰা ক্ৰমান্বয়ে আলোচনা কৰে, তেনেহʼলে আপুনি তেওঁৰ লগত বাইবেল অধ্যয়ন কৰিছে। যদি আপুনি কাৰোবাক বাইবেল অধ্যয়ন কেনেকৈ কৰা হয় দেখুৱাৰ পাছত তেওঁৰ লগত দুবাৰ অধ্যয়ন কৰিছে আৰু আগলৈও অধ্যয়ন হৈ থাকিব বুলি ভাবে, তেনেহʼলে আপুনি তেওঁৰ ৰিপৰ্ট দিব পাৰে।

^ অনু. 3 জুলাই ২০০৪ চনৰপৰা মেʼ ২০০৫ চনলৈকে আমাৰ ৰাজ্যৰ পৰিচৰ্য্যাত “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা” নামৰ লেখ আহিছিল। সেই লেখত দিয়া পৰামৰ্শও এই লেখত উল্লেখ কৰা হৈছে।

^ অনু. 4 এই লেখটো মহিলাসকলৰ বাবেও প্ৰযোজ্য হয়।

^ অনু. 9 বাইবেল বিদ্যাৰ্থীসকলক আগতীয়াকৈ প্ৰস্তুতি কৰিবলৈ শিকাওক নামৰ চাৰি মিনিটৰ ভিডিঅʼখন চাওক। JW লাইব্ৰেৰী, মিডিয়া > আমাৰ সভা আৰু পৰিচৰ্য্যা > নিজৰ দক্ষতা উন্নতি কৰক ভাগলৈ যাওক।

^ অনু. 10 বাইবেলৰ শিক্ষা > বাইবেল অধ্যয়নৰ সঁজুলি ভাগলৈ যাওক।

^ অনু. 14 JW লাইব্ৰেৰী, মিডিয়া > আমাৰ সভা আৰু পৰিচৰ্য্যা > পৰিচৰ্য্যাৰ বাবে সঁজুলি ভাগত যাওক।