Skip to content

Skip to table of contents

ভাই ৰাডাৰফৰ্ড আৰু আন ভাইসকল ইউৰোপৰ সাক্ষাতত

১৯২০—এশ বছৰৰ আগত

১৯২০—এশ বছৰৰ আগত

১৯২০ চনৰপৰা যিহোৱাৰ লোকসকলক প্ৰচাৰ কাম কৰিবলৈ উৎসাহিত কৰা হʼল। সেই বছৰৰ বাবে তেওঁলোকে গীতমালা ১১৮:১৪ (কিং জেমছ ভাৰচন) পদটো বাৰ্ষিক পাঠ হিচাপে বাছনি কৰিছিল। সেয়া হৈছে, “যিহোৱা মোৰ বল, আৰু গানৰ বিষয়।”

যিহোৱাই সঁচাকৈ এই উদ্যমী প্ৰচাৰকসকলক বল দিলে। সেইবাবে, সেই বছৰতে কলপʼৰটৰ্ছ বা অগ্ৰগামী সেৱকসকলৰ সংখ্যা ২২৫ ৰপৰা বাঢ়ি ৩৫০ হʼল। প্ৰথমবাৰ ৮,০০০ তকৈ বেছি প্ৰচাৰকে মুখ্য কাৰ্য্যালয়ক নিজৰ কামৰ ৰিপৰ্ট দিলে। যিহোৱাই তেওঁলোকক আশা কৰাতকৈ বেছি আশীৰ্বাদ দিলে।

তেওঁলোকৰ আচৰিত ধৰণৰ উদ্যম আছিল

১৯২০ চনৰ ২১ মাৰ্চত যোচেফ এফ. ৰাডাৰফৰ্ডে এটা ভাষণ দিছিল। যাৰ বিষয় হৈছে, “আজি জীয়াই থকা লাখ লাখ লোকৰ কেতিয়াও মৃত্যু নহʼব।” সেইসময়ত ভায়ে সংগঠনৰ কামৰ নেতৃত্ব লৈছিল। এই ভাষণৰ বাবে বাইবেল বিদ্যাৰ্থীয়ে নিউয়ৰ্ক চহৰৰ আটাইতকৈ ডাঙৰ থিয়েটাৰ ভাড়াত লৈছিল আৰু প্ৰায় ৩,২০,০০০ খন নিমন্ত্ৰণ-পত্ৰ বিতৰণ কৰিলে। তেওঁলোকে আগ্ৰহী লোকসকলক নিমন্ত্ৰণ দিবলৈ কঠিন পৰিশ্ৰম কৰিলে।

বাতৰি কাকতত এই ভাষণৰ বিজ্ঞাপন: “আজি জীয়াই থকা লাখ লাখ লোকৰ কেতিয়াও মৃত্যু নহʼব”

সঁচাকৈ বাইবেল বিদ্যাৰ্থীয়ে আশা কৰাতকৈ বেছি লোকসকলে ভাষণ শুনিবলৈ আহিছিল। থিয়েটাৰত ৫,০০০ তকৈ বেছি লোকেৰে ভৰি পৰিল। ইয়াৰ উপৰিও ৭,০০০ তকৈ বেছি লোক আহিছিল, কিন্তু বহিবলৈ ঠাই নথকাৰ বাবে তেওঁলোকে উভতি যাবলগীয়া হৈছিল। ইয়াৰ বিষয়ে এখন প্ৰহৰীদুৰ্গই কৈছিল যে এইখন “আন্তঃৰাষ্ট্ৰীয় বাইবেল বিদ্যাৰ্থীৰ এটা ডাঙৰ সভা আছিল আৰু ইয়াৰপৰা লোকসকলে বহুতো শান্ত্বনা লাভ কৰিলে।”

বাইবেল বিদ্যাৰ্থীয়ে এই বাৰ্তা শুনোৱাৰ বাবে বিখ্যাত হʼল যে “আজি জীয়াই থকা লাখ লাখ লোকৰ কেতিয়াও মৃত্যু নহʼব।” সেইসময়ত তেওঁলোকে ৰাজ্যৰ শুভবাৰ্তা পৃথিৱীৰ দূৰ-দূৰণি ঠাইলৈকে প্ৰচাৰ কৰিব লাগিব আৰু ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হʼব বুলি বুজি পোৱা নাছিল, তথাপি তেওঁলোকৰ আচৰিত ধৰণৰ উদ্যম আছিল। ১৯০২ চনত ভনী আইডা অমষ্টেডে সভাত উপস্থিত হʼবলৈ আৰম্ভ কৰে। তাই এইদৰে কয়, “আমি জানিছিলোঁ যে সকলো মানৱজাতিৰ বাবে বহুতো আশীৰ্বাদ আছে, সেইবাবে আমি প্ৰচাৰত সকলোকে এই শুভবাৰ্তা জনাইছিলোঁ।”

ভাইসকলে নিজে প্ৰকাশনবোৰ ছপা কৰিবলৈ আৰম্ভ কৰে

১৯২০ চনত নিউয়ৰ্কত ব্ৰুকলিন বেথেলৰ ভাইসকলে আমাৰ কিছুমান প্ৰকাশন নিজে ছপা কৰিবলৈ আৰম্ভ কৰিলে, যাতে লোকসকলে সত্যৰ জ্ঞান সময় মতে লাভ কৰে। ইয়াৰ বাবে তেওঁলোকে বেথেলৰপৰা কিছু দূৰত ৩৫ মৰ্টল এভনিউত এটা বিল্ডিং ভাড়াত লʼলে আৰু ছপা কৰা মেচিন কিনি তাত থৈ দিয়ে।

লিঅʼ পেল আৰু ৱাল্টৰ কেচলৰ নামৰ দুজন ভায়ে ১৯২০ চনৰ জানুৱাৰী মাহত বেথেলত সেৱা কৰিবলৈ যায়। তেওঁলোকে বেথেলত পোৱাৰ পাছত কি হয়, তাৰ বিষয়ে ভাইজনে এইদৰে কয়, “যেতিয়া ছপা বিভাগৰ ওভাৰচিয়াৰজনে আমাক দেখিলে, তেতিয়া তেওঁ কʼলে, ‘আহাৰ খাবলৈ এতিয়া ডেৰ ঘণ্টা সময় বাকী আছে।’ তাৰ পাছত তেওঁ আমাক ষ্টʼৰৰূমৰপৰা কিছুমান কিতাপৰ বাকচ ওপৰলৈ আনিবলৈ কʼলে।”

পাছদিনাখন কি হয় তাৰ বিষয়ে ভাই লিঅʼই এইদৰে কয়, “আমাক সেই বিল্ডিঙৰ তলৰ মহলাৰ দেৱালবোৰ ধুবলৈ দিলে। মই জীৱনত কেতিয়াও ইমান লেতেৰা দেৱাল চফা কৰা নাছিলোঁ। কিন্তু আমি এই কাম প্ৰভুৰ কাৰণে কৰিছিলোঁ, সেইবাবে আমি আনন্দেৰে কৰিলোঁ।”

হাতেৰে কাম কৰিব পৰা মেচিন যাৰ যোগেদি প্ৰহৰীদুৰ্গ ছপা কৰা হৈছিল

কিছু সপ্তাহৰ পাছতে আমাৰ ভাইসকলে প্ৰহৰীদুৰ্গ ছপা কৰিবলৈ আৰম্ভ কৰে। প্ৰথম মহলাত হাতেৰে চলোৱা সৰু মেচিন ৰখা হৈছিল। সেই মেচিনৰপৰা ১৯২০ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰহৰীদুৰ্গৰ ৬০,০০০ খন কপি ছপা কৰা হৈছিল। এই সময়ছোৱাতে ষ্টʼৰৰূমত ভাইসকলে আৰু এটা মেচিন ৰাখিলে, যাক তেওঁলোকে বেটেলছিপ অৰ্থাৎ যুদ্ধ জাহাজ নাম দিলে। কিছু সময়ৰ পাছত তেওঁলোকে সোণালী যুগ আলোচনীও ছপা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে ১৯২০ চনৰ এপ্ৰিল মাহৰ প্ৰথম সংস্কৰণ ছপা কৰিলে। সেই ভাইসকলে মনে-প্ৰাণে কাম কৰিলে আৰু তেওঁলোকৰ পৰিশ্ৰমৰ ভাল পৰিণাম হʼল। যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিয়াটো স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছিল।

“আমি এই কাম প্ৰভুৰ কাৰণে কৰিছিলোঁ, সেইবাবে আমি আনন্দেৰে কৰিলোঁ।”

“আহক এজনে-আনজনৰ লগত মিলা-প্ৰীতিৰে থাকোঁ”

যিহোৱাৰ বিশ্বাসী লোকসকলে উদ্যমেৰে কাম কৰি আছিল আৰু এতিয়া তেওঁলোকৰ মাজত প্ৰেম আৰু একতা আছিল। কিন্তু তেওঁলোকে সেই বাইবেল বিদ্যাৰ্থীসকলক সহায় কৰাৰ বাবে কিবা কৰিব পাৰিলেহেঁতেন নে, যিসকলে ১৯১৭ চনৰপৰা ১৯১৯ চনৰ কঠিন সময়ত সংগঠন এৰি গৈছিল? আহক চাওঁ তেওঁক সহায় কৰিবলৈ কি কৰা হৈছিল।

১৯২০ চনৰ ১ এপ্ৰিলৰ প্ৰহৰীদুৰ্গত এটা লেখ ছপা কৰা হৈছিল, “আহক এজনে-আনজনৰ লগত মিলা-প্ৰীতিৰে থাকোঁ।” যিসকলে সংগঠন এৰি গৈছিল তেওঁলোকক এই লেখত প্ৰেমেৰে নিমন্ত্ৰণ দিয়া হৈছিল, ‘আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিসকলে প্ৰভুৰ আজ্ঞা পালন কৰিব বিচাৰে, তেওঁ পুৰণি কথাবোৰ পাহৰি পুনৰ প্ৰভুৰ ওচৰলৈ উভতি আহিব আৰু তেওঁৰ কাম কৰিবলৈ তেওঁৰ লোকসকলৰ লগত একলগ হʼব।’

বহুতোলোকে এই নিমন্ত্ৰণ স্বীকাৰ কৰিলে। এহাল দম্পতীয়ে সংগঠনক এইদৰে চিঠি লিখিলে, “আমি যোৱা ডেৰ বছৰ ধৰি প্ৰচাৰ কাম কৰা নাছিলোঁ, কিন্তু আন লোকসকলে সম্পূৰ্ণ উদ্যমেৰে এই কাম কৰি আছিল। আমি বহুত ডাঙৰ ভুল কৰিলোঁ বুলি স্বীকাৰ কৰিছোঁ আৰু আমি এই ভুল পুনৰ কৰিব নিবিচাৰোঁ।” তেওঁলোকৰ দৰে বহুতো ভাই-ভনীয়ে উভতি আহি যিহোৱাৰ কাম কৰিলে। তেওঁলোকৰ বাবে বহুতো কাম আছিল।

সমাপ্ত ৰহস্যৰ নতুন সংস্কৰণ বিতৰণ কৰা হʼল

বাইবেল বিদ্যাৰ্থীয়ে যেতিয়া সমাপ্ত ৰহস্য কিতাপখন প্ৰকাশ কৰিলে, তেতিয়া ১৯১৮ চনত এই কিতাপখন নিষেধ কৰা হʼল। প্ৰকৃততে এয়া শাস্ত্ৰৰ অধ্যয়ন কিতাপৰ সপ্তম খণ্ড আছিল। তেওঁলোকে সমাপ্ত ৰহস্য কিতাপৰ বহুতো কপি লুকুৱাই ৰাখিছিল। তাৰ পাছত তেওঁলোকে ১৯১৮ চনত এই কিতাপৰে নতুন সংস্কৰণ উলিয়ালে আৰু ইয়াক পাতল জিলেৰে ছপা কৰিলে। তেওঁলোকে ১৯২০ চনৰ ২১ জুনত এই নতুন সংস্কৰণ বিতৰণ কৰিবলৈ অভিযান চলালে।

কেৱল অগ্ৰগামী সেৱকসকলৰ উপৰিও প্ৰচাৰকসকলকো এই অভিযানত ভাগ লʼবলৈ উৎসাহিত কৰা হৈছিল। তেওঁলোকক এইদৰে কোৱা হৈছিল, “প্ৰতিটো মণ্ডলীৰ বাপ্তিষ্মা লোৱা সকলো লোকেই এই অভিযানত ভাগ লোৱা উচিত। যিসকলে এই কাম কৰিব পাৰে, তেওঁলোকে আনন্দেৰে কৰা উচিত। তেওঁলোকে এই কিতাপখন লোকসকলক দিম বুলি থিৰাং কৰা উচিত।” এডমণ্ড হুপাৰ নামৰ ভাইজনে এই অভিযানত ভাগ লৈছিল। তেওঁ সেই দিনবোৰ মনত পেলাই কয় যে এই অভিযানত ভাগ লোৱা বহুতোলোকে প্ৰথমবাৰ সঠিকভাৱে ঘৰে-ঘৰে প্ৰচাৰ কৰিছিল। ভাইজনে এইদৰে কয়, “তেতিয়া আমি বুজিলোঁ যে আমাক কিমান কাম কৰাৰ প্ৰয়োজন আছে। আগতে আমি গমেই পোৱা নাছিলোঁ।”

ইউৰোপত কাম পুনৰ সংগঠিতৰূপে কৰা হʼল

প্ৰথম বিশ্ব যুদ্ধৰ সময়ছোৱাত ইউৰোপৰ বহুতো দেশৰ বাইবেল বিদ্যাৰ্থীসকলে মুখ্য কাৰ্য্যালয়ৰ লগত ভালদৰে যোগাযোগ কৰিব পৰা নাছিল। ৰাডাৰফৰ্ডে তাত থকা ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ আৰু প্ৰচাৰ কাম পুনৰ সংগঠিতৰূপে কৰিব বিচাৰিছিল। সেইবাবে, ১৯২০ চনৰ ১২ আগষ্টত ভাই ৰাডাৰফৰ্ড আৰু আন চাৰিজন ভায়ে ব্ৰিটেইন আৰু আন দেশবোৰ সাক্ষাৎ কৰিবলৈ যায়।

মিছৰত ভাই ৰাডাৰফৰ্ড

যেতিয়া ভাই ৰাডাৰফৰ্ড ব্ৰিটেইনলৈ যায়, তেতিয়া তাত থকা বাইবেল বিদ্যাৰ্থীয়ে তিনিটা অধিৱেশন আৰু ১২ টা জন-ভাষণৰ ব্যৱস্থা কৰে। এই অধিৱেশন আৰু সভাবোৰত মুঠতে ৫০,০০০ লোক উপস্থিত হয়। ভাইজনৰ সাক্ষাৎ কেনেকুৱা হৈছিল, তাৰ বিষয়ে প্ৰহৰীদুৰ্গত এইদৰে কোৱা হৈছে, “ভাই-ভনীসকলে সাহস পালে আৰু তেওঁলোক উৎসাহিত হʼল। তেওঁলোকৰ মাজত প্ৰেম আৰু একতাৰ বান্ধোন দৃঢ় হʼল। তেওঁলোকে একেলগে মিলি প্ৰচাৰ কৰিলে আৰু তাৰপৰা তেওঁলোকে আনন্দ লাভ কৰিলে।” যেতিয়া ভাই ৰাডাৰফৰ্ড পেৰিছলৈ গʼল, তেতিয়া তাত পুনৰ এই বিষয়ে তেওঁ ভাষণ দিছিল, “আজি জীয়াই থকা লাখ লাখ লোকৰ কেতিয়াও মৃত্যু নহʼব।” ভাষণ শুনিবলৈ ইমানেই লোক আহিছিল যে গোটেই প্ৰেক্ষাগৃহ ভৰি পৰিল। তিনিশ লোকে কʼলে যে তেওঁলোকে এই বিষয়ে বেছিকৈ জানিব বিচাৰে।

লণ্ডনৰ ৰয়েল এলবাৰ্ট প্ৰেক্ষাগৃহত হʼবলগীয়া ভাষণৰ পʼষ্টাৰ

পাছৰ সপ্তাহত ভাই ৰাডাৰফৰ্ড আৰু কিছুমান ভাইসকলে এথেন্স, কাইৰো আৰু জেৰুজালেমত সাক্ষাৎ কৰিলে। তাত যিসকল লোকে আগ্ৰহ দেখুৱাইছিল, তেওঁলোকৰ বাবে ভাই ৰাডাৰফৰ্ডে জেৰুজালেমৰ ওচৰত ৰামল্লা নামৰ চহৰত শাখা কাৰ্য্যালয়ৰ ব্যৱস্থা কৰে, যাতে তেওঁলোকে তাৰপৰা প্ৰকাশন লʼব পাৰে। তাৰ পাছত ভাইজন ইউৰোপলৈ উভতি যায় আৰু তাত তেওঁলোকে মধ্য ইউৰোপীয় শাখা কাৰ্য্যালয় খোলে আৰু তাতো তেওঁলোকে সাহিত্য ছপা কৰাৰ ব্যৱস্থা কৰে।

অন্যায়ৰ প্ৰকাশ পালে

১৯২০ চনৰ চেপ্টেম্বৰ মাহত বাইবেল বিদ্যাৰ্থীয়ে সোণালী যুগৰ ২৭তম সংস্কৰণ উলিয়ালে, যি এক বিশেষ সংস্কৰণ আছিল। ইয়াত স্পষ্টকৈ কোৱা হৈছিল যে ১৯১৮ চনত বাইবেল বিদ্যাৰ্থীসকলৰ ওপৰত কিমান অত্যাচাৰ কৰা হৈছিল। ভাইসকলে যুদ্ধ জাহাজ নামৰ মেচিনত দিনে-ৰাতিয়ে কাম কৰিলে আৰু এই বিশেষ সংস্কৰণৰ ৪০ লাখতকৈ বেছি কপি ছপা কৰিলে।

পুলিচৰ ৰেকৰ্ডত ভনী এমাৰ ফটো

যিসকল লোকে এই আলোচনী পঢ়িছিল, তেওঁলোকে জানিব পাৰিলে যে ভনী এমা মাৰ্টিনৰ লগত কেনেধৰণৰ ঘটনা ঘটিছিল। ভনী এমা কেলিফʼৰ্ণিয়াৰ চেন বৰনাৰডিনʼ চহৰত এগৰাকী অগ্ৰগামী সেৱক আছিল। তাই ১৯১৮ চনৰ ১৭ মাৰ্চত বাইবেল বিদ্যাৰ্থীৰ এটা সভাত উপস্থিত হৈছিল। তাত আৰু তিনিজন ভাই আছিল, তেওঁলোকৰ নাম হৈছে, ই. হেম, ই. জে. চনেনৱৰ্গ আৰু ই. এ. ষ্টীবন্স।

সেই সভাত এনে এজন ব্যক্তি আছিল, যিজনে বাইবেলৰ বিষয়ে শিকাৰ উদ্দেশ্যেৰে অহা নাছিল। তেওঁ পাছত এইদৰে কৈছিল, “মই তালৈ যোৱাৰ কাৰণ হৈছে মোক চৰকাৰী উকীলৰ কাৰ্য্যালয়ে পঠিয়াইছিল। তাৰপৰা মোক কিছুমান প্ৰমাণ আনিবলৈ কোৱা হৈছিল।” তেওঁ যি “প্ৰমাণ” বিচাৰিছিল, সেয়া তেওঁ পালে অৰ্থাৎ সমাপ্ত ৰহস্য কিতাপ।। কিছু দিনৰ পাছত ভনী এমা আৰু সেই তিনিজন ভাইক গ্ৰেপ্তাৰ কৰা হʼল। তেওঁলোকৰ ওপৰত অভিযোগ কৰা হৈছিল যে তেওঁলোকে এনে এখন কিতাপ বিতৰণ কৰিছে, যাৰ নিষেধ কৰা হৈছিল আৰু এনে কৰি তেওঁলোকে দেশৰ আইন পালন কৰা নাই।

ভনী এমা আৰু সেই তিনিজন ভাইক দোষী সাব্যস্ত কৰি তিনি বছৰৰ বাবে জেলৰ শাস্তি ঘোষণা কৰে। তেওঁলোকে বহুবাৰ আপীল কৰিলে, কিন্তু তেওঁলোকৰ আপীল অস্বীকাৰ কৰা হʼল। অৱশেষত, ১৯২০ চনৰ ১৭ মেʼত তেওঁলোক জেলত বন্দী হʼল। কিন্তু অতি সোনকালে এনে ঘটনা ঘটিল, যাৰপৰা তেওঁলোকে সকাহ পালে।

ভনী এমা আৰু সেই ভাইসকলৰ লগত যি ঘটনা ঘটিছিল, তাৰ বিষয়ে ভাই ৰাডাৰফৰ্ডে ১৯২০ চনৰ ২০ জুনত চেন ফ্ৰান্সিস্কʼ চহৰত হোৱা অধিৱেশনত কৈছিল। তাত উপস্থিত হোৱা ভাই-ভনীসকলৰ বৰ খং উঠিল আৰু তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতিক টেলিগ্ৰাম পঠিয়ালে। টেলিগ্ৰামত এই বাৰ্তা লিখা হৈছিল, ‘আমি বিশ্বাস কৰোঁ যে আইনৰ আধাৰত শ্ৰীমতী এমাক যি শাস্তি ঘোষণা কৰা হৈছে, সেয়া অন্যায় হয়। চৰকাৰী অধিকাৰীসকলে নিজৰ শক্তিৰ অপব্যৱহাৰ কৰি শ্ৰীমতী এমাক ফান্দত পেলালে আৰু তাইৰ ওপৰত মিছা মোকৰ্দ্দমা কৰি জেলত দিয়া হʼল। অধিকাৰীসকলে যি কৰিলে, সেয়া ভুল হয়।’

পাছদিনাখন ৰাষ্ট্ৰপতি উডৰো উইলচনে ভনী এমা আৰু আন তিনিজন ভাইৰ শাস্তি বাতিল কৰিলে। তেওঁলোকক জেলৰপৰা মুকলি কৰা হʼল।

১৯২০ চনৰ শেষত বাইবেল বিদ্যাৰ্থীসকলে গোটেই বছৰৰ ঘটনাবোৰ মনত পেলাই বৰ আনন্দিত হʼল। মুখ্য কাৰ্য্যালয়ত উৎসাহেৰে কাম কৰা হʼল। এতিয়া সত্য খ্ৰীষ্টানসকলে আগতকৈ বেছি উৎসাহেৰে লোকসকলক জনাবলৈ ধৰিলে যে ঈশ্বৰৰ ৰাজ্যইহে সকলো মানৱজাতিৰ সমস্যাৰ দূৰ কৰিব। (মথি ২৪:১৪) অহা বছৰ অৰ্থাৎ ১৯২১ চনত ৰাজ্যৰ সত্যতাৰ ঘোষণা আৰু বেছিকৈ হʼবলগীয়া আছিল।