অধ্যয়নৰ লেখ ৪৩
‘যিহোৱাই তোমালোকক বলৱন্ত কৰিব’
“[যিহোৱাই] নিজেই তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।”—১ পিত. ৫:১০.
গীত ৩৮ তেওঁ তোমাক শক্তিশালী কৰিব
লেখৰ এক আভাস a
১. প্ৰাচীন সময়ত ঈশ্বৰৰ সেৱকসকলে কিয় শক্তিশালী হʼব পাৰিছিল?
বাইবেলত প্ৰায়ে কোৱা হৈছে যে যিহোৱাৰ বিশ্বাসী সেৱকসকল শক্তিশালী আছিল। কিন্তু তেওঁলোকে বহু বাৰ নিজকে শক্তিশালী বুলি ভবা নাছিল। যেনে, ৰজা দায়ূদে বহু বাৰ নিজকে ‘পৰ্ব্বতৰ’ নিচিনা দৃঢ় বুলি ভাবিছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ “ব্যাকুল” হৈ পৰিছিল। (গীত. ৩০:৭) চিমচোনৰ ওপৰত যেতিয়া যিহোৱাৰ পবিত্ৰ শক্তিয়ে কাম কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ বহুত শক্তিশালী হৈ পৰিছিল। কিন্তু তেওঁ জানিছিল যে যিহোৱাৰ পবিত্ৰ শক্তিৰ অবিহনে তেওঁ দুৰ্বল হৈ আন মানুহৰ নিচিনা হ’ব। (বিচা. ১৪:৫, ৬; ১৬:১৭) সঁচাকৈ, এই বিশ্বাসী সেৱকসকলক যিহোৱাই শক্তিশালী কৰি তুলিছিল।
২. “যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান” বুলি পৌলে কিয় কৈছিল? (২ কৰিন্থীয়া ১২:৯, ১০)
২ পাঁচনি পৌলেও জানিছিল যে তেওঁকো যিহোৱাৰ শক্তিৰ প্ৰয়োজন আছে। (২ কৰিন্থীয়া ১২:৯, ১০ পঢ়ক।) কিয় বাৰু? কাৰণ আমাৰ নিচিনা পৌলেও স্বাস্থ্যৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। (গালা. ৪:১৩, ১৪) কেতিয়াবা কেতিয়াবা তেওঁক সঠিক কাম কৰিবলৈ কঠিন লাগিছিল। (ৰোম. ৭:১৮, ১৯) বহু বাৰ তেওঁ বহুত চিন্তিত হৈ পৰিছিল আৰু আগলৈ গৈ কি হ’ব বুলি ভাবি ভয় কৰিছিল। (২ কৰি. ১:৮, ৯) তথাপি পৌলে কৈছিল “যেতিয়া মই দুৰ্বল তেতিয়াই বলৱান।” তেওঁ এয়া কিয় ক’ব পাৰিলে? কাৰণ যিহোৱাই তেওঁক শক্তি দিছিল আৰু মজবুত কৰিছিল।
৩. এই লেখত আমি কি কি প্ৰশ্নৰ উত্তৰ পাম?
৩ যিহোৱাই আমাকো মজবুত কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। (১ পিত. ৫:১০) কিন্তু ইয়াৰ বাবে আমি কিছুমান কাম কৰিব লাগিব। কল্পনা কৰক, আপোনাক এখন কাঁহীত আহাৰ দিয়া হৈছে। যদি আপুনি তাৰ আনন্দ ল’ব বিচাৰে তেনেহ’লে আপুনি নিজে হাতত লৈ খাব লাগিব, তেতিয়াহে আপুনি আনন্দ পাব আৰু আপুনি লাভৱানো হ’ব। ঠিক সেইদৰে, যিহোৱাই আমাক শক্তি দিবলৈ সাজু আছে কিন্তু তাক পাবলৈ আমি কিছুমান পদক্ষেপ ল’ব লাগিব। যিহোৱাই আমাক মজবুত কৰিবলৈ কি ব্যৱস্থা কৰিছে আৰু তেওঁৰ পৰা শক্তি বা সাহস পাবলৈ আমি কি কৰিব লাগিব? এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ আহক আমি মন কৰোঁ যে যিহোৱাই ভৱিষ্যবক্তা যোনা, যীচুৰ মাক মৰিয়ম আৰু পাঁচনি পৌলক কেনেকৈ শক্তিশালী কৰি তুলিছিল। এই লেখত আমি শিকিম যে আজি যিহোৱাই নিজৰ সেৱকসকলক কেনেকৈ শক্তিশালী কৰি তুলে।
প্ৰাৰ্থনা আৰু অধ্যয়ন কৰি শক্তি লাভ কৰক
৪. যিহোৱাৰ পৰা শক্তি পাবলৈ আমি কি কৰিব পাৰোঁ?
৪ যিহোৱাৰ পৰা শক্তি পোৱাৰ এটা উপায় হৈছে তেওঁলৈ প্ৰাৰ্থনা কৰা। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া যিহোৱাই আমাক সেই ‘শক্তি’ দিব পাৰে যি সাধাৰণ মানুহৰ শক্তিতকৈ বহু গুণে বেছি। (২ কৰি. ৪:৭) যিহোৱাই বাইবেলত আমাৰ বাবে যি বাৰ্তা লিখাইছে, সেইবোৰ “কাৰ্য্য-সাধক।” (ইব্ৰী ৪:১২) সেইবাবে, যেতিয়া আমি ঈশ্বৰৰ বাক্য পঢ়োঁ আৰু তাৰ ওপৰত মনন কৰোঁ, তেতিয়া আমি তাৰ পাৰ সাহক আৰু শক্তি লাভ কৰোঁ। (গীত. ৮৬:১১) গতিকে, যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁৰ বাক্য বাইবেল পঢ়ক, তেতিয়া তেওঁ আপোনাক শক্তি দিব। ইয়াৰ সহায়ত আপুনি নিজৰ সমস্যাবোৰ সন্মুখীন হ’ব পাৰিব, নিজৰ আনন্দ বজাই ৰাখিব পাৰিব আৰু সেই কাম বা দায়িত্ব পূৰ কৰিব পাৰিব, যি কৰিবলৈ আপোনাক কঠিন লাগিছে। এতিয়া আহক মন কৰোঁ যে যিহোৱাই ভৱিষ্যবক্তা যোনাক কেনেকৈ শক্তি আৰু সাহস দিলে।
৫. যোনাক কিয় সাহসৰ প্ৰয়োজন আছিল?
৫ ভৱিষ্যবক্তা যোনাকো সাহসৰ প্ৰয়োজন আছিল। যিহোৱাই তেওঁক যি কাম দিছিল, সেই কামটো তেওঁক বহুত কঠিন লাগিছিল। সেইবাবে, তেওঁ এখন জাহাজত উঠি বিপৰীত দিশত পলাই গ’ল। পাছত সমুদ্ৰত ভয়ংকৰ ধুমুহা আহিল। যাৰ বাবে তেওঁৰ লগতে আন যাত্ৰীসকলৰ জীৱনো বিপদত পৰিল। যেতিয়া নাবিকসকলে তেওঁক সমুদ্ৰত পেলাই দিলে, তেতিয়া এটা ডাঙৰ মাছে তেওঁক গিলি দিলে। এতিয়া তেওঁ মাছৰ পেটত আছিল আৰু চাৰিওফালে অন্ধকাৰ আছিল। চিন্তা কৰকচোন, সেই সময়ত যোনা কেনে অনুভৱ কৰিছিল। তেওঁ এনে ভাবিছিলনে যে তেওঁ এতিয়া আৰু নাবাচিব বা যিহোৱাই তেওঁক এৰি দিলে? সঁচাকৈ যোনা হয়তো বহুত ভয় খাইছিল।
৬. যোনা ২:১, ২, ৭ পদৰ অনুসৰি মাছৰ পেটত থকাৰ সময়ত যোনাই সাহস পাবলৈ কি কৰিলে?
৬ যোনা অকলশৰীয়া অনুভৱ কৰিছিল। তেওঁৰ ওচৰত কোনো নাছিল। এনে পৰিস্থিতিত সাহস পাবলৈ তেওঁ কি কৰিলে? তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (যোনা ২:১, ২, ৭ পঢ়ক।) যোনাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে কিন্তু পাছত তেওঁ অনুতাপ কৰিলে। সেইবাবে, তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। যোনাই সেই কথাবোৰৰ বিষয়ে চিন্তা কৰিলে যি তেওঁ আগতে শাস্ত্ৰত পঢ়িছিল। এয়া আমি কিয় ক’ব পাৰোঁ? যোনা ২ অধ্যায়ত তেওঁৰ যি প্ৰাৰ্থনাৰ বিষয়ে লিখা আছে, তাত এনে কিছুমান কথা লিখা আছে যি গীতমালাত পোৱা যায়। (উদাহৰণস্বৰূপে, যোনা ২:২, ৫ পদক গীতমালা ৬৯:১; ৮৬:৭ পদৰ লগত তুলনা কৰক।) ইয়াৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যোনা সেই কথাবোৰৰ বিষয়ে ভালদৰে জানিছিল আৰু তেওঁ এই কঠিন পৰিস্থিতিত সেই কথাবোৰৰ বিষয়ে চিন্তা কৰিলে। ইয়াৰ পৰা তেওঁৰ বিশ্বাস হ’ল যে যিহোৱাই তেওঁক সহায় কৰিব। ইয়াৰ পাছত মাছটোৱে নিজৰ পেটৰ পৰা যোনাক শুকান মাটিত উলিয়াই দিলে। এতিয়া যোনা যিহোৱাৰ পৰা পোৱা কাম পূৰ কৰিবলৈ সাজু আছিল।—যোনা ২:১০–৩:৪.
৭-৮. টাইৱানত থকা এজন ভায়ে সমস্যাৰ সময়ত কেনেকৈ সাহস পালে?
৭ যোনাৰ উদাহৰণৰ পৰা আমি সকলোৱে সহায় পাব পাৰোঁ। বিশেষকৈ যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ। টাইৱানৰ ভাই জমিংগৰ b উদাহৰণলৈ মন কৰক। তেওঁৰ বহুতো ডাঙৰ ডাঙৰ বেমাৰ আছে। ইয়াৰ উপৰিও, তেওঁ যিহোৱাৰ সাক্ষী হোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰে। এনে পৰিস্থিতিত প্ৰাৰ্থনা আৰু অধ্যয়ন কৰাৰ বাবে ভায়ে সাহস লাভ কৰে। তেওঁ এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা যেতিয়া সমস্যাবোৰ বেছিকৈ বাঢ়ি যায়, তেতিয়া মই ইমানে চিন্তিত হৈ পৰোঁ যে অধ্যয়ন কৰিবলৈ মোৰ মন নাযায়। কিন্তু ভায়ে হাৰ নামানে। তেওঁ এইদৰে কৈছে, “প্ৰথমে মই যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তাৰ পাছত নিজৰ হেডফোন লগাওঁ আৰু ৰাজ্য গীত শুনোঁ। যেতিয়ালৈকে মোৰ মন শান্ত নহয়, তেতিয়ালৈকে বহু বাৰ তাৰ লগতে মই মনে মনে গাওঁ। তাৰ পাছত মই অধ্যয়ন কৰিবলৈ আৰম্ভ কৰোঁ।”
৮ ব্যক্তিগত অধ্যয়ন কৰাৰ বাবে ভাই জমিংগে বহুত সাহস পালে। মন কৰক এবাৰ তেওঁৰ লগত কি হ’ল। তেওঁৰ এটা ডাঙৰ অপাৰেচন হৈছিল। অপাৰেচনৰ পাছত এজনী নাৰ্চ তেওঁক কʼলে যে তেওঁৰ শৰীৰত তেজ (লোহিত ৰক্ত কনিকা) বহুত কমি গৈছে। সেইবাবে, তেওঁক তেজ ল’ব লাগিব। কিন্তু ভায়ে নিজৰ নিৰ্ণয়ত থিৰে থাকিল। তেওঁ কিয় এইদৰে কৰিব পাৰিলে? অপাৰেচনৰ এৰাতিৰ আগতে ভাই জমিংগে এজনী ভনীৰ অনুভৱ পঢ়িছিল, যাৰ তেওঁৰ নিচিনাই অপাৰেচন হৈছিল। সেই ভনীৰ তেজ ভাইৰ তেজৰ তুলনাত বহুত কম আছিল। তথাপিও ভনীয়ে তেজ নলʼলে আৰু তাইৰ বেমাৰ ভাল হ’ল। সেই ভনীৰ অনুভৱৰ পৰা ভাই জমিংগে বহুত সাহস পালে আৰু তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে।
৯. যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈ আছে বা বহুত চিন্তিত হৈ পৰিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? (ছবিখনো চাওক।)
৯ যদি আপুনি কোনো সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেনেহ’লে আপুনি কেতিয়াবা ইমানে চিন্তিত হৈ পৰিছেনে যে আপুনি ভালদৰে প্ৰাৰ্থনা কৰিব নোৱাৰে বা আপুনি ইমানেই দুৰ্বল অনুভৱ কৰিছে নে যে আপুনি অধ্যয়ন কৰিব পৰা নাই। যদি এইদৰে হৈছে, তেনেহ’লে মনত ৰাখক যিহোৱাই আপোনাৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে বুজি পায়। এনে পৰিস্থিতিত যদি আপুনি সৰু-সুৰা প্ৰাৰ্থনা কৰে, তেনেহ’লে আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু আপোনাক নিশ্চয় সহায় কৰিব। (ইফি. ৩:২০) যদি আপুনি বেমাৰ হৈছে বা বহুত চিন্তিত হৈ পৰিছে অথবা ভাগৰি পৰিছে, যাৰ বাবে পঢ়িবলৈ আৰু অধ্যয়ন কৰিবলৈ আপোনাৰ শক্তিয়ে নাথাকে, তেনেহ’লে আপুনি আমাৰ প্ৰকাশনবোৰৰ অডিঅ’ শুনিব পাৰে। আপুনি যদি বিচাৰে jw.org-ত ৰাজ্য গীত শুনিব পাৰে বা ভিডিঅ’ চাব পাৰে। যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব আৰু বাইবেল আৰু তেওঁ কৰা আন ব্যৱস্থাবোৰত নিজৰ প্ৰাৰ্থনাৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি যিহোৱাক শক্তি দিবলৈ সুযোগ দিব।
যিহোৱাৰ সেৱকসকলৰ পৰা শক্তি লাভ কৰক
১০. ভাই-ভনীসকলে কেনেকৈ আমাৰ সাহস বঢ়ায়?
১০ যিহোৱাই ভাই-ভনীসকলৰ যোগেদিও আমাক শক্তি আৰু সাহস দিব পাৰে। যেতিয়া আমি কোনো সমস্যাৰ মাজেদি পাৰ হওঁ বা কোনো দায়িত্ব পালন কৰিবলৈ আমাক কঠিন লাগে, তেতিয়া আমি ভাই-ভনীসকলৰ পৰা ‘শান্তি’ লাভ কৰিব পাৰোঁ। (কল. ৪:১০, ১১) ‘দুৰ্দ্দশাৰ সময়ত’ আমাক বন্ধুসকলৰ আৰু বেছিকৈ প্ৰয়োজন হয়। (হিতো. ১৭:১৭) যেতিয়া আমি দুৰ্বল অনুভৱ কৰোঁ, তেতিয়া ভাই-ভনীসকলে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে, আমাক শান্ত্বনা দিব পাৰে আৰু আমাৰ সাহস বঢ়াব পাৰে যাতে আমি বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিব পাৰোঁ। এতিয়া আহক চাওঁ যে যীচুৰ মাক মৰিয়মে আনৰ পৰা কেনেকৈ সাহস পালে।
১১. মৰিয়মক কিয় সাহসৰ প্ৰয়োজন আছিল?
১১ মৰিয়মক সাহসৰ প্ৰয়োজন আছিল। চিন্তা কৰক, যেতিয়া গাব্ৰিয়েল নামৰ এজন স্বৰ্গদূতে তেওঁক ক’লে যে তাই গৰ্ভৱতী হৈ এটি সন্তানক জন্ম দিব, তেতিয়া তাই হয়তো বহুত ভয় খাইছিল। কিয়নো এতিয়ালৈকে মৰিয়মৰ বিয়া হোৱা নাছিল আৰু তাই গৰ্ভৱতী হ’বলগীয়া আছিল। সন্তানক ডাঙৰ-দীঘল কৰাৰ তাইৰ কোনো অভিজ্ঞতা নাছিল। কিন্তু তাই এনে এটি সন্তানক ডাঙৰ-দীঘল কৰিবলগীয়া আছিল যি আগলৈ গৈ মচীহ হ’লহেঁতেন। এতিয়ালৈ তাই কোনো পুৰুষৰ লগত সম্বন্ধ ৰখা নাছিল, তথাপিও মাতৃ হ’বলগীয়া আছিল। তাই নিজৰ হ’বলগীয়া স্বামী যোচেফক এই সকলো কথা কেনেকৈ বুজালেহেঁতেন?—লূক ১:২৬-৩৩.
১২. লূক ১:৩৯-৪৫ পদৰ অনুসৰি মৰিয়মে কেনেকৈ সাহস লাভ কৰিলে?
১২ মৰিয়মে এটা আচৰিত আৰু ডাঙৰ দায়িত্ব পাইছিল। এই দায়িত্ব পূৰ কৰিবলৈ তাই কেনেকৈ সাহস পালে? তাই আনৰ পৰা সহায় ল’লে। যেনে, তাই গাব্ৰিয়েল স্বৰ্গদূতক ইয়াৰ বিষয়ে আৰু বেছিকৈ কথা জনাবলৈ ক’লে। (লূক ১:৩৪) ইয়াৰ কিছু সময়ৰ পাছত তাই দীঘলীয়া যাত্ৰা কৰি যিহুদাৰ ‘পৰ্বতীয়া এলেকাত’ থকা নিজৰ সম্বন্ধীয়া এলীচাবেতক লগ কৰিবলৈ গ’ল। মৰিয়মে তাত যোৱাৰ নিৰ্ণয় লৈ ভাল কাম কৰিলে। এলীচাবেতে মৰিয়মৰ প্ৰশংসা কৰিলে আৰু যিহোৱাৰ প্ৰেৰণাৰে মৰিয়মৰ হ’বলগীয়া সন্তানটিৰ বিষয়ে এটা ভৱিষ্যবাণী কৰিলে। (লূক ১:৩৯-৪৫ পঢ়ক।) তেতিয়া মৰিয়মে ক’লে যে যিহোৱাই “নিজৰ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে।” (লূক ১:৪৬-৫১) গাব্ৰিয়েল স্বৰ্গদূত আৰু এলীচেবাৰ জৰিয়তে যিহোৱাই মৰিয়মক সাহস দিলে।
১৩. যেতিয়া বলিভিয়াত এজনী ভনীয়ে ভাই-ভনীসকলৰ পৰা সহায় লʼলে, তেতিয়া কি হʼল?
১৩ মৰিয়মৰ দৰে আপুনিও ভাই-ভনীসকলৰ পৰা সাহস লাভ কৰিব পাৰে। বলিভিয়াত থকা ভনী দাচুৰীক এনেধৰণৰে সাহসৰ প্ৰয়োজন আছিল। তেওঁৰ দেউতাকৰ এটা বেমাৰ হৈছিল যাৰ কোনো চিকিৎসা নাছিল। পাছত যেতিয়া তেওঁক হস্পিতালত ভৰ্তি কৰা হ’ল, তেতিয়া ভনীয়ে তেওঁৰ চোৱা-চিতা কৰিবলৈ ধৰিলে। (১ তীম. ৫:৪) এইদৰে কৰিবলৈ তেওঁৰ বাবে সদায় সহজ নাছিল। তাই এইদৰে কৈছে, “বহু বাৰ মোৰ অনুভৱ হৈছিল যে মই আৰু কৰিব নোৱাৰোঁ।” তেতিয়া ভনীয়ে আনৰ পৰা সহায় ল’লেনে? আৰম্ভণিতে লোৱা নাছিল। তাই এইদৰে কৈছে, “মই ভাই-ভনীসকলক এনেই আমনি দিব বিচৰা নাছিলোঁ। মই ভাবিছিলোঁ মোৰ সহায় কৰিবলৈ যিহোৱা আছে। কিন্তু পাছত মোৰ অনুভৱ হ’ল যে মই নিজকে ভাই-ভনীসকলৰ পৰা আঁতৰাই ৰাখিছোঁ আৰু অকলে নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ।” (হিতো. ১৮:১) পাছত ভনী দাচুৰীয়ে নিজৰ কিছুমান বন্ধুক জনালে যে তাই কেনে সমস্যাৰ মাজেদি পাৰ হৈ আছে। তাই এইদৰে কৈছে, “ভাই-ভনীসকলে মোক যি সাহস দিলে, সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁলোকে হস্পিতালত আমাৰ বাবে আহাৰ আনিলে আৰু মোক বাইবেলৰ পৰা এনে কথাবোৰ জনালে যাৰ পৰা মই শান্ত্বনা পালোঁ। এয়া জানি মই বহুত সাহস লাভ কৰোঁ যে মই অকলশৰীয়া নহয়। আমি যিহোৱাৰ এটা ডাঙৰ পৰিয়ালৰ সদস্য হয়। এনে পৰিয়াল যিয়ে প্ৰয়োজনৰ সময়ত আমাৰ লগত থাকে, আমাৰ লগত কান্দে আৰু যেতিয়া আমি সমস্যাৰ লগত যুঁজি থাকোঁ, তেতিয়া আমাক সহায় কৰে।”
১৪. আমি প্ৰাচীনসকলৰ পৰা সহায় লʼবলৈ কিয় সংকোচ কৰা উচিত নহয়?
১৪ যিহোৱাই প্ৰাচীনসকলৰ যোগেদিও আমাৰ সাহস বঢ়াব পাৰে। প্ৰাচীনসকল তেওঁৰ পৰা পোৱা উপহাৰ হয়। তেওঁলোকৰ যোগেদি যিহোৱাই আমাক শক্তি আৰু সতেজতা দিব পাৰে। (যিচ. ৩২:১, ২) গতিকে, যেতিয়া আপুনি চিন্তিত হয়, তেতিয়া প্ৰাচীনসকলক নিজৰ চিন্তাৰ বিষয়ে জনাওক। যেতিয়া তেওঁলোকে আপোনাক সহায় কৰিব, তেতিয়া সংকোচ নকৰি তেওঁলোকৰ পৰা সহায় লওক। তেওঁলোকৰ যোগেদি যিহোৱাই আপোনাক শক্তি দিব পাৰে।
নিজৰ আশাৰ পৰা শক্তি লাভ কৰক
১৫. সকলো খ্ৰীষ্টানৰ ওচৰত কি আশা আছে?
১৫ বাইবেলৰ পৰা আমি যি আশা পাইছোঁ তাৰ পৰাও আমি সাহস বা শক্তি লাভ কৰিব পাৰোঁ। (ৰোম. ৪:৩, ১৮-২০) খ্ৰীষ্টান হোৱাৰ বাবে আমাৰ সকলোৰে ওচৰত অনন্ত জীৱন জীয়াই থকাৰ এটা সুন্দৰ আশা আছে। আমাৰ মাজৰ বেছিভাগ লোকৰ এই পৃথিৱীতে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে আৰু কিছুমান লোকৰ স্বৰ্গত। এই আশাৰ বাবে আমি সমস্যাবোৰ সহন কৰিবলৈ সাহস লাভ কৰোঁ আৰু প্ৰচাৰ কৰি থাকিবলৈ আৰু মণ্ডলীত বেলেগ বেলেগ দায়িত্ববোৰ পূৰ কৰিবলৈ শক্তি লাভ কৰোঁ। (১ থিচ. ১:৩) এই আশাৰ বাবেই পাঁচনি পৌলেও সাহস লাভ কৰিছিল।
১৬. পাঁচনি পৌলক কিয় সাহসৰ প্ৰয়োজন আছিল?
১৬ পৌলক সাহসৰ প্ৰয়োজন আছিল। কৰিন্থীয়ালৈ লিখা নিজৰ দ্বিতীয় চিঠিখনত পৌলে কৈছিল যে তেওঁ মাটিৰ বাচনৰ নিচিনা দুৰ্বল হয়। তেওঁ কৈছিল যে তেওঁক “চাপ” দিয়া হৈছে, তেওঁ “চিন্তিত” আছে, তেওঁক “তাড়না” দিয়া হৈছে আৰু তেওঁক “পেলোৱা” হৈছে। আনকি তেওঁৰ জীৱনো বিপদত আছিল। (২ কৰি. ৪:৮-১০, NW) পৌলে তৃতীয় মিচনেৰী যাত্ৰা কৰাৰ সময়ত এই কথাখিনি লিখিছিল। সেই সময়ত তেওঁ জনা নাছিল যে আগলৈ গৈ তেওঁ আৰু বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিব আৰু এইদৰেই হʼল। এটা ভীৰে তেওঁৰ ওপৰত আক্ৰমণ কৰিলে, তেওঁক গ্ৰেপ্তাৰ কৰা হʼল, তেওঁ যাত্ৰা কৰা জাহাজখন ভাঙি পৰিল আৰু তেওঁক জেলত বন্দী কৰা হʼল।
১৭. দ্বিতীয় কৰিন্থীয়া ৪:১৬-১৮ পদৰ অনুসৰি পৌলে নিজৰ সমস্যাবোৰ সহন কৰিবলৈ কেনেকৈ সাহস লাভ কৰিলে?
১৭ পৌলে সাহস লাভ কৰিবলৈ নিজৰ আশাৰ ওপৰত ধ্যান দিলে। (২ কৰিন্থীয়া ৪:১৬-১৮ পঢ়ক।) তেওঁ কৰিন্থীয়াৰ খ্ৰীষ্টানসকলক কʼলে যে যদিও তেওঁৰ শৰীৰ “নষ্ট হৈ গৈছে” তথাপি তেওঁ হাৰ নামানিব। পৌলৰ ওচৰত স্বৰ্গত অনন্ত জীৱন জীয়াই থকাৰ যি আশা আছিল, তাক পূৰ হোৱাটো চাবলৈ তেওঁ যিকোনো সমস্যা সন্মুখীন হ’বলৈ সাজু আছিল। পৌলে সদায় তেওঁৰ এই আশাৰ বিষয়ে চিন্তা কৰিছিল আৰু ইয়াৰ বাবে তেওঁ বহুত সাহস লাভ কৰিছিল। তেওঁৰ এনে অনুভৱ হৈছিল যেন তেওঁ দিনে দিনে অন্তৰৰ পৰা নতুন হৈ গৈ আছে।
১৮. নিজৰ আশাৰ বিষয়ে ভাবি থকাৰ বাবে ভাই টিহʼমিৰ আৰু তেওঁৰ পৰিয়ালে কেনেকৈ সাহস লাভ কৰিলে?
১৮ বুলগেৰিয়াত থকা ভাই টিহʼমিৰে নিজৰ আশাৰ বিষয়ে চিন্তা কৰাৰ বাবে বহুত সাহস লাভ কৰে। কিছু বছৰৰ আগতে তেওঁৰ সৰু ভাই ষ্টেবকʼৰ এক্সিডেন্টত মৃত্যু হৈছিল। সেই দুৰ্ঘটনাৰ বহু বছৰৰ পাছতো তেওঁ সেই ঘটনাটো পাহৰিব পৰা নাই আৰু তাৰ বিষয়ে ভাবি দুখ অনুভৱ কৰে। এই দুখৰ পৰা ওলাই আহিবলৈ টিহʼমিৰ আৰু তেওঁৰ পৰিয়ালে চিন্তা কৰে যে যেতিয়া যিহোৱাই ষ্টেবকʼক আকৌ জীয়াই তুলিব, তেতিয়া সেই সময়টো কেনেকুৱা হʼব। তেওঁ এইদৰে কৈছে, “যেনে আমি কথা পাতোঁ যে আমি ষ্টেবকʼক কʼত লগ কৰিম, তেওঁৰ বাবে কি আহাৰ বনাম, তেওঁক আদৰণি জনাবলৈ আমি যি পাৰ্টী ৰাখিম তাত কাক কাক মাতিম আৰু আমি শেষ কালৰ বিষয়ে কি কি কথা জনাম।” ভাই টিহʼমিৰে কয় যে নিজৰ আশাৰ বিষয়ে চিন্তা কৰাৰ বাবে তেওঁৰ পৰিয়ালে বহুত সাহস লাভ কৰিছে। ইয়াৰ বাবে তেওঁলোকে ধৈৰ্য্য ধৰিব পাৰিছে আৰু সেই সময়ৰ বাবে অপেক্ষা কৰিব পাৰিছে, যেতিয়া যিহোৱাই তেওঁৰ ভাইক আকৌ জীয়াই তুলিব।
১৯. আপুনি নিজৰ আশা আৰু দৃঢ় কৰিবলৈ কি কৰিব পাৰে? (ছবিখনো চাওক।)
১৯ আপুনি নিজৰ আশা কেনেকৈ দৃঢ় কৰিব পাৰে? যেনে, যদি আপোনাৰ এই পৃথিৱীতে অনন্ত জীৱন জীয়াই থকাৰ আশা আছে, তেনেহʼলে বাইবেলৰ সেই পদবোৰ পঢ়ক, যʼত প্ৰমোদবনৰ বিষয়ে কোৱা হৈছে আৰু সেইবোৰ মনন কৰক। (যিচ. ২৫:৮; ৩২:১৬-১৮) চিন্তা কৰক, সেই সময়ত আপোনাৰ জীৱন কেনেকুৱা হʼব। কল্পনা কৰক, আপুনি নতুন পৃথিৱীত আছে। আপুনি কি কি দেখিবলৈ পাইছে? আপুনি কি কি মাত শুনিবলৈ পাইছে? আপোনাক কেনেকুৱা লাগিছে? এই বিষয়ে চিন্তা কৰিবলৈ আপুনি যদি বিচাৰে আমাৰ প্ৰকাশনবোৰত প্ৰমোদবনৰ বিষয়ে দিয়া ছবিবোৰ চাব পাৰে। অথবা আপুনি সংগীত ভিডিঅʼ চাব পাৰে। যেনে, যেতিয়া নতুন পৃথিৱী আহিব (হিন্দী), নিচেই আমাৰ ওচৰ বা কেনে পৰিস্থিতি হʼব? যদি আমি নতুন পৃথিৱীৰ আশাৰ বিষয়ে সদায় চিন্তা কৰি থাকোঁ, তেনেহʼলে আমাক নিজৰ সমস্যাবোৰ “অলপদিনীয়া” যেন লাগিব। (২ কৰি. ৪:১৭) এই আশাৰ যোগেদি যিহোৱাই আপোনাক মজবুত কৰিব আৰু সমস্যাবোৰ সহন কৰিবলৈ শক্তি দিব।
২০. যেতিয়া আমি দুৰ্বল অনুভৱ কৰোঁ, তেতিয়া আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ?
২০ যদিও আমি দুৰ্বল অনুভৱ কৰোঁ, কিন্তু ‘ঈশ্বৰে আমাক শক্তি দিব পাৰে।’ (গীত. ১০৮:১৩, NW) যিহোৱাই আগৰে পৰা সেই সকলো ব্যৱস্থা কৰিছে, যাৰ যোগেদি আমি শক্তি লাভ কৰিব পাৰোঁ। সেইবাবে, যেতিয়া আপোনাক কোনো এটা দায়িত্ব পালন কৰিবলৈ কঠিন লাগে, নিজৰ সমস্যাৰ বাবে দিনবোৰ পাৰ কৰিবলৈ কঠিন হৈ পৰে বা আপোনাৰ আনন্দ নাইকিয়া হয়, তেতিয়া যিহোৱালৈ মিনতি কৰক আৰু ব্যক্তিগত অধ্যয়ন কৰি তেওঁৰ পৰা সহায় লওক। ইয়াৰ উপৰিও আপুনি নিজৰ ভাই-ভনীসকলৰ পৰা সহায় লওক আৰু নিজৰ আশাৰ বিষয়ে ভাবি থাকক। তেতিয়া আপুনি ‘ঈশ্বৰৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিমন্ত হৈ, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ যোগ্যৰূপে আচৰণ কৰিব পাৰে।’—কল. ১:১১.
গীত ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত পেলাই দিয়া
a এই লেখৰ পৰা বিশেষকৈ সেই ভাই-ভনীসকলে সহায় লাভ কৰিব, যিসকলে কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আছে বা যিসকলে ভাবে যে তেওঁক যি কাম বা দায়িত্ব দিয়া হৈছে, সেয়া তেওঁ পূৰ কৰিব নোৱাৰিব। ইয়াত আমি শিকিম যে যিহোৱাই আমাক কেনেকৈ সাহস বা শক্তি দিব পাৰে আৰু তেওঁৰ পৰা সহায় পাবলৈ আমি কি কৰিব পাৰোঁ।
b কিছুমান নাম সলনি কৰা হৈছে।
c ছবিৰ বিষয়ে: কাণেৰে নুশুনা এজনী ভনীয়ে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে চিন্তা কৰি আছে আৰু সংগীত ভিডিঅʼ চাই আছে, যাতে নতুন পৃথিৱীত তাইৰ জীৱন কেনেকুৱা হʼব তাৰ বিষয়ে কল্পনা কৰিব পাৰে।