অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
মূখ্য বিষয়বোৰ পুনৰ আলোচনা কৰক
আপোনাৰ লগত এইদৰে হৈছে নে যে আপুনি কিবা পঢ়িলে, কিন্তু আপোনাৰ মনত নাই যে আপুনি কি পঢ়িলে? আমাৰ সকলোৰে লগত এইদৰেই হয়। এনে পৰিস্থিতিত আপুনি কি কৰিব? মূখ্য বিষয়বোৰ মনত পেলাওক।
অধ্যয়ন কৰাৰ সময়ত মাজে সময়ে ৰৈ চিন্তা কৰক যে আপুনি কোনটো বিশেষ কথা শিকিলে। পাঁচনি পৌলে এখন চিঠিত ভাই-ভনীসকলক এইদৰেই কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ এইদৰে কৈছিল, “ওপৰত কোৱা কথাবোৰৰ সাৰ কথা এই।” (ইব্ৰী ৮:১) এইদৰে কৈ তেওঁ ভাই-ভনীসকলক এয়া বুজাব বিচাৰিছিল যে তেওঁ কি কʼব বিচাৰিছেআৰু তেওঁৰ সকলো কথা মূখ্য বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে।
অধ্যয়ন কৰাৰ পাছত দহ মিনিট সময় উলিয়াই এয়া চিন্তা কৰক যে আপুনি যি পঢ়িলে, তাৰ মূখ্য বিষয়নো কি? যদি আপোনাৰ মনত নাহে, তেনেহʼলে পুনৰ লেখত দিয়া উপশীৰ্ষকবোৰ মন কৰক। প্ৰায়ে প্ৰতিটো অনুচ্ছেদৰ প্ৰথম শাৰীত মূখ্য বিষয় দিয়া থাকে, সেয়াও পঢ়ক। যদি আপুনি কিবা নতুন কথা শিকে, তেনেহʼলে সেয়া নিজৰ শব্দত বুজাবলৈ চেষ্টা কৰক। এইদৰে যেতিয়া আপুনি মূখ্য বিষয়টো পুনৰ আলোচনা কৰিব, তেতিয়া আপুনি এয়া সহজতে মনত ৰাখিব পাৰিব আৰু এয়াও বুজাব পৰিব যে আপুনি সেই কথাত কেনেকৈ চলিব পাৰে।