Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৩

গীত নং ৯০ এজনে-আনজনক সাহস দিয়ক

নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিম?

নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিম?

‘সকলো বিষয় পৰীক্ষা কৰা।’১ থিচ. ৫:২১.

কি শিকিম?

যিহোৱাৰ সেৱাত নিৰুৎসাহ নহʼবলৈ আমি নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিব পাৰোঁ?

১-২. (ক) যিহোৱাৰ সেৱকসকলৰ মনত কি সন্দেহ আহিব পাৰে? (খ) এই লেখত আমি কি শিকিম?

 আমি ডেকা হওঁ বা বৃদ্ধ, আমাৰ সকলোৰে মনত কেতিয়াবা কেতিয়াবা সন্দেহ a আহে। যেনে, এজন ডেকাই হয়তো ভাবিব পাৰে, ‘ঈশ্বৰে সঁচাকৈ মোৰ বিষয়ে চিন্তা কৰে নে?’ এই সন্দেহে তেওঁক হয়তো বাপ্তিষ্মা লʼবলৈ বাধা দিব পাৰে। বা এজন ভায়ে হয়তো ডেকা কালত বেছিকৈ টকা-পইচা গোটোৱাৰ পৰিৱৰ্তে ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিছিল। কিন্তু এতিয়া নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ তেওঁৰ বাবে কঠিন হৈ পৰিছে। সেইবাবে, তেওঁ হয়তো ভাবিব পাৰে, ‘মই যি নিৰ্ণয় লৈছিলোঁ সেয়া সঠিক আছিল নে?’ হয়তো এজনী বৃদ্ধ ভনীয়ে শাৰীৰিকভাৱে বহুত দুৰ্বল হৈ পৰিছে আৰু তেওঁ এতিয়া যিহোৱাৰ সেৱাত আগৰ দৰে কৰিব পৰা নাই। তেওঁ হয়তো নিৰাশ হৈ পৰিছে আৰু ভাবে যে, ‘নাজানোঁ এতিয়া মই যিহোৱাৰ কোনো কামৰ যোগ্য হওঁ নে নহওঁ।’ আপোনাৰ মনতো এনেধৰণৰ সন্দেহ আহে নে?

যদি আপুনি এনেধৰণৰ সন্দেহ দূৰ নকৰে, তেনেহʼলে আপোনাৰ বিশ্বাস দুৰ্বল হʼব পাৰে আৰু আপুনি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব পাৰে। এই লেখত আমি শিকিম যে যদি আমি বাইবেলৰ সিদ্ধান্তৰ ওপৰত মন কৰোঁ, তেনেহʼলে আমি আমাৰ মনলৈ অহা সন্দেহ দূৰ কৰিব পাৰিম। যেনে, যেতিয়া আমি ভাবোঁ যে (১) নাজানোঁ যিহোৱাই মোৰ বিষয়ে চিন্তা কৰে নে নাই, (২) নাজানোঁ মই যি নিৰ্ণয় লৈছিলোঁ, সেয়া সঠিক আছিল নে নাই অথবা (৩) নাজানোঁ মই যিহোৱাৰ কোনো কামৰ যোগ্য হওঁ নে নহওঁ।

সন্দেহ দূৰ কৰিবলৈ কি কৰিব পাৰোঁ?

৩. সন্দেহ দূৰ কৰাৰ এটা উপায় কি?

সন্দেহ দূৰ কৰাৰ এটা উপায় হৈছে, বাইবেল পঢ়া। বাইবেল পঢ়িলে আমি নিজৰ প্ৰশ্নবোৰৰ উত্তৰ পাওঁ। এইদৰে কৰিলে যিহোৱাৰ ওপৰত আমাৰ ভৰসা বাঢ়িব, তেওঁৰ লগত থকা বন্ধুত্ব মজবুত হʼব আৰু আমি “বিশ্বাসত দৃঢ়তাৰে থিয়” হৈ থাকিব পাৰিম।—১ কৰি. ১৬:১৩.

৪. আমি কেনেকৈ ‘সকলো বিষয় পৰীক্ষা কৰিব’ পাৰোঁ? (১ থিচলনীকীয়া ৫:২১)

প্ৰথম থিচলনীকীয়া ৫:২১ পঢ়ক। আমাক ‘সকলো বিষয় পৰীক্ষা কৰি’ চাবলৈ বাইবেলে কৈছে। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? যদি আমাৰ মনলৈ কিবা প্ৰশ্ন আহে, তেনেহʼলে আমি চালি-জাৰি চাব পাৰোঁ যে তাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে। আমি সেই ডেকাজনৰ বিষয়ে মন কৰিব পাৰোঁ, যিজনৰ মনলৈ সন্দেহ আহিছিল যে যিহোৱাই তেওঁৰ যত্ন লয় নে নলয়। তেওঁ এনেই এই কথাৰ ওপৰত বিশ্বাস কৰি লোৱাৰ প্ৰয়োজন আছিল নে? নহয়। তেওঁ ‘সকলো বিষয় পৰীক্ষা কৰি’ চোৱা উচিত আৰু যিহোৱাই তেওঁৰ বিষয়ে কি ভাবে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত।

৫. আমি নিজৰ প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ বিচাৰিব পাৰোঁ?

যেতিয়া আমি বাইবেলত পঢ়োঁ, তেতিয়া আমি যিহোৱাৰ মাত শুনোঁ আৰু তেওঁৰ চিন্তাধাৰাৰ বিষয়ে জানিব পাৰোঁ। কিন্তু ইয়াৰ লগতে আমি আৰু কিছুমান কাম কৰিব লাগিব। আমি এনে পদবোৰ বিচাৰিব লাগিব আৰু তাৰ বিষয়ে অনুসন্ধান কৰিব লাগিব, যাতে আমাৰ সন্দেহ দূৰ হʼব পাৰে। ইয়াৰ উপৰিও আমাৰ সংগঠনে অনুসন্ধান কৰিবলৈ বহুতো প্ৰকাশন তৈয়াৰ কৰিছে, আমি সেইবোৰো ব্যৱহাৰ কৰিব পাৰোঁ। (হিতো. ২:৩-৬) অনুসন্ধান কৰাৰ সময়ত আমি যাতে যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিব পাৰোঁ, তাৰ বাবে সহায় বিচাৰি আমি তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। তাৰ পাছত এনে সিদ্ধান্তবোৰ বিচাৰিবলৈ চেষ্টা কৰিব পাৰোঁ, যিয়ে আমাক নিজৰ পৰিস্থিতিৰ সন্মুখীন হʼবলৈ সহায় কৰিব পাৰে। আমি প্ৰাচীন সময়ৰ এনে বিশ্বাসী সেৱকসকলৰ উদাহৰণলৈ মন কৰিব পাৰোঁ, যিসকলৰ পৰিস্থিতি আমাৰ দৰেই আছিল।

৬. সন্দেহ দূৰ কৰিবলৈ আমি সভাবোৰৰ পৰা কেনেকৈ সহায় পাব পাৰোঁ?

যিহোৱাই সভাৰ যোগেদিও আমাৰ লগত কথা পাতে। যেতিয়া আমি সভালৈ যাওঁ, তেতিয়া কোনো এটা ভাষণ বা কাৰোবাৰ উত্তৰৰ পৰা আমি এনে কিবা কথা শুনিব পাৰোঁ, যাৰ পৰা আমাৰ মনত থকা সন্দেহ দূৰ হʼব পাৰে। (হিতো. ২৭:১৭) এতিয়া আহক চাওঁ যে আমাৰ মনলৈ কি কি সন্দেহ আহিব পাৰে আৰু আমি সেইবোৰ কেনেকৈ দূৰ কৰিব পাৰোঁ?

নাজানোঁ যিহোৱাই মোৰ বিষয়ে চিন্তা কৰে নে নাই!

৭. কিছুমান মানুহৰ মনলৈ কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?

আপোনাৰ মনলৈ কেতিয়াবা এনেধৰণৰ প্ৰশ্ন আহিছে নে, ‘যিহোৱা সঁচাকৈ মোৰ যত্ন লয় নে?’ যদি আপুনিও নিজকে একেবাৰে সৰু বুলি ভাবে, তেনেহʼলে আপুনি ভাবিব পাৰে যে ‘গোটেই বিশ্বৰ সৃষ্টিকৰ্তাৰ লগত মই কেনেকৈ বন্ধুত্ব কৰিব পাৰোঁ? এইদৰে কেতিয়াও সম্ভৱ নহয়।’ হয়তো দায়ূদৰ মনতো এনেধৰণৰ প্ৰশ্ন আহিছিল। যিহোৱাই আমাৰ দৰে সাধাৰণ লোকসকলৰ ওপৰতো ধ্যান দিয়ে, তাৰ বিষয়ে ভাবি তেওঁ বহুত আচৰিত হৈছিল। তেওঁ এইদৰে কৈছিল, “হে যিহোৱা, তুমি যে মানুহৰ বুজ-বিচাৰ লোৱা, মানুহ নো কি? আৰু মনুষ্যৰ সন্তানক যে গণ্য কৰা, তাৰ সন্তানেই বা কি?” (গীত. ১৪৪:৩) ‘যিহোৱাই সঁচাকৈ মোৰ প্ৰতি ধ্যান দিয়ে নে আৰু মোৰ যত্ন লয় নে?’ এই প্ৰশ্নৰ উত্তৰ আপুনি কʼত পাব পাৰে?

৮. প্ৰথম চমূৱেল ১৬:৬, ৭, ১০-১২ পদৰ অনুসৰি যিহোৱাই লোকসকলৰ কি চাই?

বাইবেলৰ পৰা জানিব পাৰি যে যিসকল লোকক আন লোকসকলে, একেবাৰে সাধাৰণ বা সৰু বুলি ভাবে, তেওঁলোকৰ ওপৰতো যিহোৱাই ধ্যান দিয়ে। এয়া বুজিবলৈ এটা ঘটনালৈ মন কৰক। ইস্ৰায়লৰ পৰৱৰ্তী ৰজা বাছনি কৰিবলৈ যিহোৱাই চমূৱেলক যিচয়ৰ ঘৰলৈ পঠিয়াইছিল। যিচয়ে নিজৰ সাতজন লʼৰাক চমূৱোলৰ ওচৰত থিয় কৰালে, কিন্তু তেওঁৰ সৰু লʼৰা দায়ূদক তেওঁৰ ওচৰলৈ নানিলে। b কিন্তু যিহোৱাই দায়ূদক ৰজা বাছনি কৰিলে। (১ চমূৱেল ১৬:৬, ৭, ১০-১২ পঢ়ক।) কিয় বাৰু? কিয়নো যিহোৱাই দায়ূদৰ হৃদয় চালে। তেওঁ মন কৰিলে যে দায়ূদে যিহোৱাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁক ৰজা বাছনি কৰিলে।

৯. যিহোৱাই আপোনাৰ ওপৰত ধ্যান দিয়ে বুলি আপুনি কিয় বিশ্বাস কৰিব পাৰে? (ছবিখনো চাওক।)

যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে বুলি কেনেকৈ দেখুৱাই তালৈ ধ্যান দিয়ক। তেওঁ আপোনাৰ প্ৰয়োজনৰ অনুসৰি আপোনাক পৰামৰ্শ দিয়ে। (গীত. ৩২:৮) চিন্তা কৰক, তেওঁ আপোনাৰ বিষয়ে নজনা হʼলে তেওঁ আপোনাক কেনেকৈ পৰামৰ্শ দিলেহেঁতেন? (গীত. ১৩৯:১) যেতিয়া আপুনি তেওঁ দিয়া পৰামৰ্শবোৰ পালন কৰে আৰু চাই যে তাৰ পৰা আপোনাৰ কিমান লাভ হৈছে, তেতিয়া আপোনাৰ সম্পূৰ্ণ বিশ্বাস হয় যে যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে আৰু আপোনাক বহুত মূল্যৱান বুলি ভাবে। (১ বং. ২৮:৯; পাঁচ. ১৭:২৬, ২৭) আপুনি তেওঁৰ সেৱাত যি পৰিশ্ৰম কৰে, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। তেওঁ আপোনাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে আৰু আপোনাৰ বন্ধু হʼব বিচাৰে। (যিৰি. ১৭:১০) আপুনিও তেওঁৰ বন্ধু হোৱাটো যিহোৱাই বিচাৰে।—১ যোহ. ৪:১৯.

“যদি [যিহোৱাক] বিচাৰা, তেন্তে তুমি তেওঁক পাবা; কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।”—১ বং. ২৮:৯ (অনুচ্ছেদ ৯ চাওক) c


নাজানোঁ মই যি নিৰ্ণয় লৈছিলোঁ, সেয়া সঠিক আছিল নে নাই!

১০. আগতে আমি যি নিৰ্ণয় লৈছিলোঁ, তাৰ বিষয়ে আমাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে?

১০ কিছুমান লোকে হয়তো ভাবিব পাৰে যে বহু বছৰৰ আগতে তেওঁলোকে যি নিৰ্ণয় লৈছিল, সেয়া সঠিক আছিল নে? তেওঁ হয়তো যিহোৱাৰ সেৱাক প্ৰথম স্থান দিবলৈ ভাল চাকৰি বা ভাল বিজনেচ কৰাৰ ভাল সুযোগ এৰি দিলে। কিন্তু পাছত তেওঁ চাই যে তেওঁৰ চিনাকি লোকসকলে বা বন্ধুসকলে ভাল কেৰিয়াৰ বনালে, তেতিয়া তেওঁ হয়তো ভাবিব পাৰে যে ‘তেওঁলোকে বহুতো চকা-পইচা গোটালে আৰু আৰামদায়ক জীৱন জীয়াই আছে। মই যি নিৰ্ণয় লৈছিলোঁ সেয়া সঠিক আছিল নে মই আৰু অলপ টকা গোটাই লোৱাৰ প্ৰয়োজন আছিল?’

১১. গীতমালা ৭৩-ৰ লেখকজন কিয় চিন্তিত হৈছিল?

১১ যদি আপোনাৰ মনলৈও এনেধৰণৰ প্ৰশ্ন আহে, তেনেহʼলে গীতমালা ৭৩-ৰ লেখকজনলৈ মন কৰক। তেওঁ যেতিয়া চাইছিল যে যিহোৱাৰ উপাসনা নকৰা লোকসকলে বহুত উন্নতি কৰিছে আৰু আৰামেৰে জীৱন-যাপন কৰিছে। (গীত. ৭৩:৩-৫, ১২) তেতিয়া তেওঁ ভাবিছিল যে তেওঁলোকৰ কোনো চিন্তা আৰু সমস্যা নাই। তেওঁ ভাবিছিল যে যিহোৱাৰ সেৱাৰ বাবে তেওঁ যি ত্যাগ কৰিলে, তাৰ একোৱে লাভ নহʼল। তাৰ বিষয়ে ভাবি ‘তেওঁ ওৰে দিনটো প্ৰহাৰিত হৈছিল’ আৰু নিৰাশ হয় পৰিছিল। (গীত. ৭৩:১৩, ১৪) সেই সময়ত তেওঁ কি কৰিলে?

১২. গীতমালা ৭৩-ৰ লেখকজনৰ সন্দেহ কেনেকৈ দূৰ হʼল? (গীতমালা ৭৩:১৬-১৮)

১২ গীতমালা ৭৩:১৬-১৮ পঢ়ক। যেতিয়া গীত ৰচকে যিহোৱাৰ মন্দিৰলৈ গʼল, তেতিয়া তাত তেওঁ ভালদৰে ভাবিব পাৰিলে। তেওঁ বুজি পালে যে যদিও দুষ্ট লোকসকলে আৰামেৰে জীৱন-যাপন কৰি আছে যেন লাগে, কিন্তু তেওঁলোকৰ ভৱিষ্যৰ কাৰণে কোনো আশা নাই। তেওঁ এয়াও বুজি পালে যে তেওঁ যি নিৰ্ণয় লৈছিল, সেয়া একেবাৰে সঠিক আছিল। তেওঁ মনত বৰ শান্তি অনুভৱ কৰিলে। তেওঁৰ মনত যি সন্দেহ আছিল, সেয়া দূৰ হʼল আৰু যিহোৱাৰ সেৱা কৰাৰ যি ইচ্ছা আছিল, সেয়া আৰু মজবুত হʼল।—গীত. ৭৩:২৩-২৮.

১৩. যদি আপোনাৰ সন্দেহ হৈছে যে আগতে আপুনি যি নিৰ্ণয় লৈছিল, সেয়া সঠিক নাছিল, তেনেহʼলে আপুনি কি কৰিব পাৰে? (ছবিখনো চাওক।)

১৩ গীতমালা ৭৩-ৰ লেখকজনৰ দৰে আমিও নিজৰ সন্দেহ দূৰ কৰিব পাৰোঁ আৰু মনৰ শান্তি পাব পাৰোঁ। ইয়াৰ বাবে আমি চিন্তা কৰিব পাৰোঁ যে জগতৰ লোকসকলৰ ওচৰত কি আছে আৰু আমাৰ ওচৰত কি আছে। যেনে, আমি স্বৰ্গত ধন জমা কৰি আছোঁ আৰু যিহোৱাই আমাক সহায় কৰি আছে। কিন্তু জগতৰ লোকসকলে যিহোৱাৰ সেৱা নকৰে আৰু যিহোৱাও তেওঁলোকক সহায় নকৰে। জগতৰ লোকসকলে ভাবে যে এটা ভাল চাকৰি আৰু আৰামেৰে জীৱন-যাপন কৰাটোৱে যথেষ্ট, কিয়নো তেওঁলোকৰ ওচৰত ভৱিষ্যৰ কোনো আশা নাই। কিন্তু আমি তেওঁলোকতকৈ একেবাৰে বেলেগ। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক ভাল ভৱিষ্য দিব আৰু ইমানেই আশীৰ্বাদ দিব যাৰ বিষয়ে আমি কল্পনাও কৰি নোৱাৰোঁ। (গীত. ১৪৫:১৬) ইয়াৰ বিষয়েও চিন্তা কৰক, যিহোৱাৰ সেৱা কৰাৰ পৰিবৰ্তে আপুনি বহুত টকা-পইচা গোটোৱা হʼলে আপুনি যিদৰে ভাবিছে, ঠিক সেইদৰে আপোনাৰ জীৱন হʼলহেঁতেন বুলি কি গেৰান্টী আছে। কিন্তু এটা কথা নিশ্চিত যে যদি আপুনি লোকসকলক আৰু যিহোৱাক প্ৰেম কৰে আৰু তেওঁলোকক মনত ৰাখি নিৰ্ণয় লয়, তেনেহʼলে আপুনি প্ৰকৃত অৰ্থত আনন্দ লাভ কৰিব।

যিহোৱাই যিবোৰ আশীৰ্বাদ দিব, তাৰ বিষয়ে চিন্তা কৰক (অনুচ্ছেদ ১৩ চাওক) d


নাজানোঁ মই যিহোৱাৰ কোনো কামৰ যোগ্য হওঁ নে নহওঁ!

১৪. যিহোৱাৰ কিছুমান সেৱকৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে আৰু কিয়?

১৪ ঈশ্বৰৰ এনে কিছুমান সেৱক আছে, যিসকলে বৃদ্ধ হৈ পৰিছে, বেমাৰ বা অক্ষম হয়। তেওঁলোকে যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰে, সিমান কৰিব নোৱাৰে। সেইবাবে, তেওঁলোকে নিজকে একেবাৰে অযোগ্য বুলি ভাবে আৰু ভাবিব পাৰে যে ‘মই এতিয়াও যিহোৱাৰ কোনো কামৰ যোগ্য হওঁ নে?’

১৫ গীতমালা ৭১-ৰ লেখকজনৰ কি কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল?

১৫ গীতমালা ৭১-ৰ লেখকজনৰ মনতো হয়তো এনেধৰণৰ প্ৰশ্ন আহিছিল। তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল। “মই বলহীন হোৱা কালত মোক নেৰিবা।” (গীত. ৭১:৯, ১৮) কিন্তু তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে যদি তেওঁ বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থাকে, তেনেহʼলে যিহোৱাই তেওঁক নিশ্চয় চম্ভালিব আৰু তেওঁক সঠিক পথ দেখুৱাব। তেওঁ এয়াও জানিলে যে যদি আমি নিজৰ পৰিস্থিতিৰ অনুসৰি সম্পূৰ্ণৰূপে কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে এয়া চাই যিহোৱাই বৰ আনন্দিত হয়।

১৬. বৃদ্ধ ভাই-ভনীসকলে যিহোৱাৰ বাবে কি কি কৰিব পাৰে? (গীতমালা ৯২:১২-১৫)

১৬ মৰমৰ বৃদ্ধ ভাই-ভনীসকল, আপোনালোকে নিজকে যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। আপোনালোকে হয়তো দিনক-দিনে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে, কিন্তু যিহোৱাৰ লগত থকা আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হৈ গৈ আছে। (গীতমালা ৯২:১২-১৫ পঢ়ক।) সেইবাবে, আপোনালোকে কি কৰিব নোৱাৰে তালৈ ধ্যান দিয়াৰ পৰিৱৰ্তে আপোনালোকে কি কৰিব পাৰে তালৈ ধ্যান দিয়ক। যেনে, যেতিয়া আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকে আৰু আনক জানিবলৈ চেষ্টা কৰে, তেতিয়া আপুনি তেওঁলোকৰ উৎসাহ বঢ়াব পাৰে। বহু বছৰ ধৰি যিহোৱাই আপোনাৰ কেনেকৈ যত্ন লʼলে আৰু ভৱিষ্যতে আপুনি তেওঁৰ কি প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ বিচাৰে, তাৰ বিষয়েও আপুনি তেওঁলোকক জনাব পাৰে। ইয়াৰ উপৰিও, আপুনি আনৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে। এই প্ৰাৰ্থনাই কিমান প্ৰভাৱিত কৰে, তাৰ বিষয়ে আপুনি কল্পনাও কৰিব নোৱাৰে। (১ পিত. ৩:১২) আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, আমি যিহোৱা আৰু আনক বাবে কিবা নহয় কিবা নিশ্চয় কৰিব পাৰোঁ।

১৭. আমি কিয় নিজৰ তুলনা আনৰ লগত কৰা উচিত নহয়?

১৭ আপুনি যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰে, সিমান কৰিব পৰা নাই বুলি ভাবি চিন্তিত হয় নে? বিশ্বাস ৰাখক আপুনি তেওঁৰ সেৱাত যি কৰে, সেয়া যিহোৱাই মূল্যাংকন কৰে। আনৰ লগত তুলনা নকৰিব। এইদৰেও নাভাবিব যে আনে যিহোৱাৰ সেৱাত বহুত কাম কৰিছে, কিন্তু আপুনি একোৱে কৰিব পৰা নাই। কাৰণ যিহোৱাই নিজৰ সেৱকসকলৰ তুলনা কেতিয়াও নকৰে। (গালা. ৬:৪) উদাহৰণস্বৰূপে, মৰিয়মে যীচুৰ ওপৰত যি সুগন্ধি তেল ঢালিছিল, সেয়া বহুমূলীয়া আছিল। (যোহ. ১২:৩-৫) কিন্তু যিগৰাকী বিধৱাই মন্দিৰত দুই পইচা দান দিছিল, তাৰ মূল্য একেবাৰে কম আছিল। (লূক ২১:১-৪) যীচুৱে তেওঁলোকৰ তুলনা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ যি বিশ্বাস আছিল তাৰ প্ৰতি ধ্যান দিলে আৰু তেওঁলোকৰ প্ৰশংসা কৰিলে। যীচু নিজৰ পিতৃৰ দৰেই আছিল। সেইবাবে, বিশ্বাস ৰাখক আপুনি প্ৰেমৰ বাবে যিহোৱাৰ সেৱাত যি কৰে, সেয়া আপোনাক কম যেন লাগিব পাৰে। কিন্তু যিহোৱাই তাক বহুত মূল্যাংকন কৰে।

১৮. আমি নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিব পাৰোঁ? (“ যিহোৱাৰ বাক্যৰ পৰা আপুনি নিজৰ সন্দেহ দূৰ কৰিব পাৰে” নামৰ বক্সখন চাওক।)

১৮ আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা সন্দেহ কৰোঁ। কিন্তু আমি এই লেখত শিকিলোঁ যে ঈশ্বৰৰ বাক্য পঢ়ি আমি নিজৰ সন্দেহ দূৰ কৰিব পাৰোঁ। সেইবাবে, আমি নিজৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ পৰিশ্ৰম কৰিব লাগিব। এইদৰে কৰিলে আপোনাৰ চিন্তা কম হʼব আৰু যিহোৱাই আপোনাৰ যত্ন লয় বুলি আপোনাৰ বিশ্বাস বাঢ়িব। ইয়াৰ উপৰিও মনত ৰাখক আপুনি যি ত্যাগ কৰিলে, তাক তেওঁ মূল্যাংকন কৰে আৰু আপোনাক নিশ্চয় পুৰস্কাৰ দিব। গতিকে, বিশ্বাস ৰাখক যিহোৱাই নিজৰ প্ৰতিজন সেৱকক প্ৰেম কৰে আৰু তেওঁলোকৰ প্ৰতি ধ্যান দিয়ে।

গীত নং ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ

a ইয়াৰ অৰ্থ কি? বাইবেলত কোৱা হৈছে যে বিশ্বাস কম হোৱাৰ বাবে এজন ব্যক্তিয়ে যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত সন্দেহ কৰিব পাৰে। কিন্তু এই লেখত সেই সন্দেহৰ বিষয়ে কোৱা নাই। তাৰ পৰিৱৰ্তে এনে সন্দেহৰ বিষয়ে কৈছে, যি এজন খ্ৰীষ্টানৰ মনলৈ কেতিয়াবা বা কেতিয়াবা আহিব পাৰে। যেনে, তেওঁ হয়তো ভাবিব পাৰে যে যিহোৱাৰ দৃষ্টিত তেওঁৰ কোনো মূল্য নাই বা তেওঁ যি নিৰ্ণয় লৈছিল, সেয়াও সঠিক নাছিল।

b যেতিয়া দায়ূদক অভিষেক কৰা হৈছিল, তেতিয়া তেওঁৰ বয়স কিমান আছিল, তাৰ বিষয়ে বাইবেলত কোৱা নাই। কিন্তু সেই সময়ত তেওঁৰ বয়স হয়তো ১৪-১৫-ৰ মাজত আছিল।—২০১৬ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) খণ্ড ৪, পৃষ্ঠা ৯ পঢ়ক।

c ছবিৰ বিষয়ে: এজনী যুৱতী ভনীয়ে কোনো এটা বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিবলৈ শাস্ত্ৰত অনুসন্ধান কৰি আছে।

d ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কাম কৰি আছে, কিন্তু তেওঁ আহিবলগীয়া প্ৰমোদবনৰ বিষয়ে চিন্তা কৰি আছে।