Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩১

আপুনি “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰিছেনে?

আপুনি “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰিছেনে?

“কিয়নো যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল।”—ইব্ৰী ১১:১০.

গীত ২২ স্বৰ্গত ৰাজ্য আৰম্ভ হʼল—এতিয়া পৃথিৱীত হওক, এই প্ৰাৰ্থনা!

লেখৰ এক আভাস *

১. ঈশ্বৰৰ সেৱকসকলে কি ত্যাগ কৰে আৰু তেওঁলোকে এইদৰে কিয় কৰে?

বৰ্তমান সময়ৰ যিহোৱাৰ লাখ লাখ সেৱকে বহুতো ত্যাগ কৰিছে। বহুতো ভাই-ভনীয়ে অবিবাহিত হৈ থাকে আৰু কিছুমান দম্পতিয়ে কিছুসময়ৰ বাবে সন্তান জন্ম দিয়াৰ বিষয়ে চিন্তা নকৰে। কেৱল এয়াই নহয় কিছুমান পৰিয়ালে সৰল জীৱন-যাপন কৰে। তেওঁলোকে এনেধৰণৰ ত্যাগ কিয় কৰে? ইয়াৰ এটা বিশেষ কাৰণ হৈছে, তেওঁলোকে যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰে। তেওঁলোকে নিজৰ জীৱনক লৈ আনন্দিত আৰু যিহোৱাই তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব বুলি তেওঁলোকে ভৰসা কৰে। যিহোৱাৰ প্ৰতি তেওঁলোকৰ ভৰসা নাইকিয়া হʼবনে? নহয়। কিয়নো প্ৰাচীন সময়ত যিহোৱাই নিজৰ সেৱকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিছিল। ইয়াৰ এটা উদাহৰণ হৈছে অব্ৰাহাম। তেওঁক ‘বিশ্বাস কৰা সকলোৰে পিতৃ’ বুলি কোৱা হয়।—ৰোম. ৪:১১.

২. (ক) ইব্ৰী ১১:৮-১০, ১৬ পদৰ অনুসৰি অব্ৰাহামে কিয় আনন্দেৰে ঊৰ নগৰখন এৰি দিছিল? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

অব্ৰাহামে ঊৰ নগৰত আৰামদায়ক জীৱন-যাপন কৰিছিল। কিন্তু তেওঁ আনন্দেৰে সেই নগৰ এৰিছিল। তেওঁ এইদৰে কিয় কৰিলে? কিয়নো তেওঁ “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰিছিল। (ইব্ৰী ১১:৮-১০, ১৬ পঢ়ক।) ‘সেই নগৰ’ কি আছিল? সেই নগৰৰ অপেক্ষা কৰাৰ সময়ত অব্ৰাহামে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল? আমি অব্ৰাহাম আৰু সেই লোকসকলৰ দৰে কেনেকৈ হʼব পাৰোঁ, যিসকলে তেওঁক অনুকৰণ কৰিছিল?

‘ভিত্তিমূল থকা সেই নগৰখন’ কি হয়?

৩. অব্ৰাহামে অপেক্ষা কৰা ‘নগৰখন’ কি হয়?

অব্ৰাহামে যি নগৰৰ অপেক্ষা কৰিছিল, সেই নগৰখন হৈছে ঈশ্বৰৰ ৰাজ্য। এই ৰাজ্য যীচু খ্ৰীষ্ট্ৰ আৰু ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানসকলৰ দ্বাৰা গঠিত হৈছে। পৌলে এই ৰাজ্যক “জীৱনময় ঈশ্বৰৰ নগৰ, অৰ্থাৎ স্বৰ্গীয় যিৰূচালেম” বুলি কৈছিল। (ইব্ৰী ১২:২২; প্ৰকা. ৫:৮-১০; ১৪:১) যীচুৱে নিজৰ শিষ্যসকলক এই ৰাজ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। তেওঁ প্ৰাৰ্থনা কৰিছিল যে পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ হওক, ঠিক যেনেকৈ স্বৰ্গত পূৰ হৈছে।—মথি ৬:১০.

৪. আদিপুস্তক ১৭:১, ২, ৬ পদৰ অনুসৰি অব্ৰাহামে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কিমান জানিছিল?

ঈশ্বৰৰ ৰাজ্য কোন লোকসকলৰ দ্বাৰা গঠিত হʼব, তাৰ বিষয়ে অব্ৰাহামে সম্পূৰ্ণৰূপে জানিছিলনে? নাজানিছিল। কিয়নো এই তথ্য বহু শতিকালৈকে “নিগূঢ়-তত্ত্ব” হৈ আছিল। (ইফি. ১:৮-১০; কল. ১:২৬, ২৭) কিন্তু তেওঁৰ বংশ ৰজা হʼব বুলি তেওঁ জানিছিল। কিয়নো যিহোৱাই ইয়াৰ বিষয়ে তেওঁক স্পষ্টকৈ কৈছিল। (আদিপুস্তক ১৭:১, ২,  পঢ়ক।) অব্ৰাহামক যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস আছিল। এই বিশ্বাস ইমানেই দৃঢ় আছিল যে তেওঁ যেন মচীহক দেখা পাইছিল, যিজন আগলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ ৰজা হʼবলগীয়া আছিল। সেইবাবে, যীচুৱে সেইসময়ৰ যিহূদীসকলক এইদৰে কৈছিল, “তোমালোকৰ ওপৰ পুৰুষ অব্ৰাহামে মোৰ দিন দেখিবলৈ উল্লাসিত হৈছিল, আৰু তাকে দেখি আনন্দ কৰিলে।” (যোহ. ৮:৫৬) নিশ্চয়, অব্ৰাহামে জানিছিল যে তেওঁৰ কিছুমান বংশই ঈশ্বৰৰ ৰাজ্যত শাসন কৰিব। সেইবাবে, অব্ৰাহামে সেই দিনৰ বাবে আনন্দেৰে অপেক্ষা কৰিছিল, যেতিয়া যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব।

অব্ৰাহামে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰে বুলি কেনেকৈ দেখুৱালে? (অনুচ্ছেদ ৫ চাওক)

৫. অব্ৰাহামে ঈশ্বৰৰ ৰাজ্যৰ অপেক্ষা কৰিছে বুলি কেনেকৈ দেখুৱালে?

অব্ৰাহামে ‘সেই নগৰ’ অথবা ঈশ্বৰৰ ৰাজ্যৰ অপেক্ষা কৰিছে বুলি কেনেকৈ দেখুৱালে? প্ৰথমতে, অব্ৰাহাম কোনো দেশৰ নাগৰিক হোৱা নাছিল। তেওঁ ঠায়ে ঠায়ে তম্বুত বাস কৰিছিল আৰু কোনো মানৱীয় ৰজাক সমৰ্থন কৰা নাছিল। দ্বিতীয়তে, তেওঁ নিজৰ শাসন স্থাপন নকৰিলে। ইয়াৰ পৰিৱৰ্তে, তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰি ধৈৰ্য্য ধৰি থাকিল। সঁচাকৈ অব্ৰাহামে যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল। এতিয়া আহক চাওঁ অব্ৰাহামে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু আমি তেওঁৰ উদাহৰণৰপৰা কি শিকিব পাৰোঁ।

অব্ৰাহামে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল?

৬. ঊৰ এখন কেনেকুৱা নগৰ আছিল?

অব্ৰাহামে এৰি অহা নগৰখন সুৰক্ষিত আছিল, কিয়নো তাৰ চাৰিওফালে ডাঙৰ ডাঙৰ দেৱাল আছিল। ইয়াৰ তিনিও দিশত নলা আছিল। ঊৰ নগৰৰ লোকসকল শিক্ষিত আৰু ধনী আছিল। তেওঁলোক লিখা-পঢ়া আৰু গণিতত পাৰ্গত আছিল। অনুমান কৰা হৈছে যে নগৰখনত বহুতো ব্যৱসায় কৰা হৈছিল। এইদৰে কোৱাৰ কাৰণ হৈছে ভূতত্ত্ববিদসকলে তাত ব্যৱসায়ৰ লগত জড়িত থকা বহুতো নথি-পত্ৰ পাইছিল। এই নগৰৰ লোকসকলে আৰামদায়ক জীৱন অতিবাহিত কৰিছিল আৰু তেওঁলোক পকি ঘৰত আছিল। কিছুমান ঘৰত ১৩ বা ১৪ টা কোঠালী আছিল আৰু ঘৰখনৰ মাজত এখন চোতাল আছিল।

৭. যিহোৱাই অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালক সুৰক্ষা কৰিব বুলি তেওঁ কিয় ভৰসা কৰাৰ প্ৰয়োজন আছিল?

এতিয়া অব্ৰাহাম আৰু চাৰা কনান দেশৰ মুকলি ঠাইত তম্বুত বাস কৰিছিল। এই জীৱন ঊৰ নগৰৰ জীৱনতকৈ একেবাৰে বেলেগ আছিল। তাত তেওঁ আৰামেৰে জীৱন অতিবাহিত কৰিছিল আৰু কোনো কথাৰ ভয় নাছিল। কিন্তু ইয়াত তেওঁৰ সুৰক্ষাৰ বাবে কোনো ডাঙৰ দেৱাল আৰু নলা নাছিল। ইয়াৰ পৰিৱৰ্তে, শত্ৰুৱে আক্ৰমণ কৰাৰ ভয় আছিল। এনে পৰিস্থিতিত যিহোৱাই তেওঁক আৰু তেওঁৰ পৰিয়ালক সুৰক্ষা কৰিব বুলি অব্ৰাহামে ভৰসা কৰাৰ প্ৰয়োজন আছিল।

৮. (ক) এসময়ত অব্ৰাহামে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল?

অব্ৰাহামে যিহোৱাৰ ইচ্ছা পূৰ কৰিছিল, তথাপি তেওঁৰ জীৱনত কিছুমান সমস্যা আহিছিল। এসময়ত সেই দেশতো আকাল হৈছিল, যʼত যিহোৱাই তেওঁক পঠাইছিল। পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাইছিল যে তেওঁৰ পৰিয়ালৰ বাবে আহাৰ যোগাবলৈ কঠিন হৈ পৰিছিল। সেইবাবে, তেওঁ নিজৰ পৰিয়ালক কিছুসময়ৰ বাবে মিচৰলৈ লৈ যাবলৈ নিৰ্ণয় লʼলে। কিন্তু অব্ৰাহামে মিচৰ দেশত পোৱাৰ পাছত ফৰৌণে তেওঁৰ পত্নীক নিজৰ ওচৰত ৰাখিলে। আপুনি কল্পনা কৰিব পাৰে যে অব্ৰাহামে সেইসময়ত চাৰাৰ প্ৰতি কিমান চিন্তিত আছিল। চাৰাক অব্ৰাহামৰ ওচৰত ঘূৰাই দিবলৈ যেতিয়া যিহোৱাই ফৰৌণক বাধ্য কৰালে, তেতিয়া অব্ৰাহামৰ চিন্তা দূৰ হʼল।—আদি. ১২:১০-১৯.

৯. অব্ৰাহামৰ পৰিয়ালে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল?

অব্ৰাহামৰ পৰিয়ালেও সমস্যাৰ সন্মুখীন হৈছিল। তেওঁৰ পত্নী চাৰাৰ কোনো সন্তান নাছিল। সেইবাবে, তেওঁলোকে নিৰাশ হৈছিল। চাৰাই নিজৰ হাগাৰ নামৰ দাসীক অব্ৰাহামক দিয়ে, যাতে তাই অব্ৰাহাম আৰু চাৰাৰ বাবে সন্তান জন্ম দিয়ে। কিন্তু হাগাৰে যেতিয়া জানিব পাৰিলে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই চাৰাক হেয়জ্ঞান কৰিবলৈ ধৰিলে। পৰিস্থিতি ইমানেই বেয়া হʼল যে চাৰাই হাগাৰক ঘৰৰপৰা উলিয়াই দিলে।—আদি. ১৬:১-৬.

১০. অব্ৰাহামক যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ কেতিয়া কঠিন হৈছিল? বুজাওক।

১০ অৱশেষত, চাৰাই গৰ্ভৱতী হয় আৰু এটি সন্তানক জন্ম দিয়ে। অব্ৰাহামে তেওঁৰ নাম ইচহাক ৰাখিলে। ইশ্মায়েল আৰু ইচহাক এই দুয়োজন পুত্ৰকে অব্ৰাহামে বহুত প্ৰেম কৰিছিল। কিন্তু ইশ্মায়েলে ইচহাকৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। সেইবাবে, ইশ্মায়েল আৰু হাগাৰক ঘৰৰপৰা উলিয়াই দিবলৈ যিহোৱাই অব্ৰাহামক কৈছিল। (আদি. ২১:৯-১৪) ইয়াৰ কিছুবছৰৰ পাছত ইচহাকৰ বলিদান দিবলৈ যিহোৱাই অব্ৰাহামক কৈছিল। (আদি. ২২:১, ২; ইব্ৰী ১১:১৭-১৯) ইশ্মায়েল আৰু ইচহাকৰ ক্ষেত্ৰত যিহোৱাৰ আজ্ঞা পালন কৰাটো অব্ৰাহামৰ বাবে কঠিন আছিল। কিন্তু তেওঁ ভৰসা কৰাৰ প্ৰয়োজন আছিল যে যিহোৱাই তেওঁৰ পুত্ৰসকলৰ বিষয়ে যি যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ হʼব।

১১. অব্ৰাহামে কিয় ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছিল?

১১ অব্ৰাহামে ধৈৰ্য্য ধৰিলে আৰু যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰি থাকিল। আমি এয়া কিয় কʼব পাৰোঁ? ঊৰ নগৰখন ত্যাগ কৰাৰ সময়ত অব্ৰাহামৰ বয়স প্ৰায় ৭০ বছৰ আছিল। (আদি. ১১:৩১–১২:৪) তেওঁ প্ৰায় এশ বছৰ কনান দেশত ইফালে-সিফালে ঘূৰি ফুৰিছিল আৰু তম্বুত বাস কৰিছিল। অব্ৰাহামৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স ১৭৫ বছৰ আছিল। (আদি. ২৫:৭) অব্ৰাহামে ঘূৰি ফুৰা দেশখনক যিহোৱাই তেওঁৰ বংশধৰক দিম বুলি প্ৰতিজ্ঞা কৰিছিল। কিন্তু অব্ৰাহামে জীয়াই থকা অৱস্থাত সেই প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ নাপালে। তেওঁ সেই নগৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যও স্থাপন হোৱা দেখিবলৈ নাপালে। তথাপি অব্ৰাহামৰ বিষয়ে এইদৰে কোৱা হৈছে যে তেওঁ “বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস” পালে। (আদি. ২৫:৮) অব্ৰাহামে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তথাপি তেওঁ নিজৰ বিশ্বাস বজাই ৰাখিলে। তেওঁ আনন্দেৰে যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰি থাকিল। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? কিয়নো যিহোৱাই তেওঁক বন্ধু বুলিলে আৰু গোটেই জীৱন ৰক্ষা কৰিলে।—আদি. ১৫:১; যিচ. ৪১:৮; যাকো. ২:২২, ২৩.

অব্ৰাহাম আৰু চাৰাৰ দৰে ঈশ্বৰৰ সেৱকসকলে কেনেকৈ বিশ্বাস দেখুৱাইছে আৰু ধৈৰ্য্য ধৰিছে (অনুচ্ছেদ ১২ চাওক) *

১২. (ক) আমি কিহৰ বাবে অপেক্ষা কৰি আছোঁ? (খ) এতিয়া আমি কি কথাৰ ওপৰত ধ্যান দিম?

১২ অব্ৰাহামৰ দৰে আমিও “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰি আছোঁ। কিন্তু আমি সেই নগৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ স্থাপন হোৱালৈ অপেক্ষা কৰা নাই। কিয়নো ঈশ্বৰৰ ৰাজ্য ১৯১৪ চনত স্থাপন হʼল আৰু এই ৰাজ্যই স্বৰ্গত শাসন কৰি আছে। (প্ৰকা. ১২:৭-১০) আমি সেই সময়লৈ অপেক্ষা কৰি আছোঁ, যেতিয়া ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শাসন কৰিব। সেই সময়ছোৱাত আমি হয়তো অব্ৰাহাম আৰু চাৰাৰ দৰে বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিব। বৰ্তমান সময়ত যিহোৱাৰ বহুতো সেৱকে অব্ৰাহাম আৰু চাৰাৰ দৰে নিজৰ বিশ্বাস বজাই ৰাখিছে আৰু ধৈৰ্য্য ধৰিছে। ইয়াৰে ভিতৰত বহুতোলোকৰ জীৱন কাহিনী আমি প্ৰহৰীদুৰ্গত পঢ়িবলৈ পাওঁ। আহক আমি কিছুমান ভাই-ভনীৰ উদাহৰণলৈ ধ্যান দিওঁ আৰু চাওঁ যে তেওঁলোকৰপৰা আমি কি শিকিব পাৰোঁ।

কিছুমান ভাই-ভনী অব্ৰাহামৰ দৰে আছিল

বিল আৰু ইবা ৱালডনে স্ব-ইচ্ছাৰে ত্যাগ কৰিলে আৰু যিহোৱাৰপৰা বহুতো আশীৰ্বাদ লাভ কৰিলে

১৩. ভাই ৱালডনৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

১৩ আমি যিহোৱাৰ বাবে স্ব-ইচ্ছাৰে ত্যাগ কৰা উচিত। যদি আমি নিজৰ জীৱনত যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিব বিচাৰোঁ, তেনেহʼলে আমি অব্ৰাহামৰ দৰে ত্যাগ কৰিব লাগিব। (মথি ৬:৩৩; মাৰ্ক ১০:২৮-৩০) ভাই বিল ৱালডনৰ উদাহৰণলৈ ধ্যান দিয়ক। * ভাই বিলে আমেৰিকাত চিভিল ইঞ্জিনীয়াৰিং পঢ়ি আছিল। ১৯৪২ চনত তেওঁৰ পঢ়া শেষ হʼলহেঁতেন আৰু সেই বছৰতে তেওঁ যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। ভাই বিলৰ প্ৰফেছৰজনে তেওঁৰ বাবে এটা চাকৰি বিচাৰি থৈছিল। কিন্তু তেওঁ চাকৰিটো কৰিবলৈ অস্বীকাৰ কৰিলে। ভাইজনে প্ৰফেছৰজনক বুজালে যে তেওঁ নিজৰ জীৱনত যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰে। সেইবাবে, তেওঁ এইদৰে কৰিলে। ইয়াৰ কিছুসময়ৰ পাছত চৰকাৰে তেওঁক সেনাত ভৰ্তি হʼবলৈ নিমন্ত্ৰণ কৰিলে। কিন্তু তেওঁ সেনাত ভৰ্তি হʼবলৈ অস্বীকাৰ কৰে। সেইবাবে, তেওঁক ১০,০০০ ডলাৰৰ জৰিমনা দিবলগীয়া হয় আৰু তেওঁ পাঁচ বছৰ জেলত বন্দী হয়। কিন্তু তিনি বছৰৰ পাছত তেওঁক মুকলি কৰা হয়। ইয়াৰ পাছত তেওঁক গিলিয়েড স্কুলৰ বাবে নিমন্ত্ৰণ কৰা হʼল আৰু তেওঁ আফ্ৰিকাত মিচনেৰী সেৱা কৰে। তাৰ পাছত ভাই বিলে ইবা নামৰ ভনীগৰাকীক বিয়া কৰে আৰু দুয়োজনে মিলি আফ্ৰিকাত সেৱা কৰে। আফ্ৰিকাত সেৱা কৰাৰ সময়ত তেওঁলোকক বহুতো ত্যাগ কৰিবলগীয়া হয়। তেওঁলোকে তাত বহুবছৰ সেৱা কৰাৰ পাছত ভাই বিলৰ মাকক চোৱা-চিতা কৰিবলৈ তেওঁলোকে পুনৰ আমেৰিকালৈ উভতি আহে। ভাই বিলে তেওঁৰ নিজৰ জীৱনৰ বিষয়ে এইদৰে কয়, “মই আনন্দিত যে যিহোৱা ঈশ্বৰে মোক তেওঁৰ সেৱা কৰিবলৈ সুযোগ দিলে। মই ৭০-তকৈ বেছি বছৰ তেওঁৰ সেৱা কৰিব পাৰিলোঁ। মোৰ জীৱন তেওঁৰ সেৱাত ব্যৱহাৰ কৰিবলৈ যিহোৱাই মোক সহায় কৰিলে। মই তেওঁৰ প্ৰতি কৃতজ্ঞ।” আপোনাৰ বিষয়েনো কি? আপুনিও নিজৰ জীৱন পূৰ্ণসময়ৰ সেৱাত ব্যৱহাৰ কৰিব বিচাৰেনে?

এলিনি আৰু এৰিষ্টʼটেলিচ অপষ্টʼলিডিচে অনুভৱ কৰিলে যে যিহোৱাই তেওঁলোকক শক্তি দিলে

১৪-১৫. ভাই এৰিষ্টʼটেলিচ আৰু ভনী এলিনিৰ উদাহৰণৰপৰা আপুনি কি শিকিব পাৰে?

১৪ আমাৰ জীৱনত সমস্যা নাহিব বুলি আমি আশা কৰা উচিত নহয়। অব্ৰাহামৰ উদাহৰণৰপৰা আমি বুজিব পাৰোঁ যে যিসকলে গোটেই জীৱন যিহোৱাৰ সেৱাত ব্যৱহাৰ কৰে, তেওঁলোকৰ জীৱনতো সমস্যা আহে। (যাকো. ১:২; ১ পিত. ৫:৯) ভাই এৰিষ্টʼটেলিচ অপষ্টʼলিডিচৰ ক্ষেত্ৰতো এই কথা সত্য বুলি প্ৰমাণিত হয়। * তেওঁৰ বাপ্তিষ্মা ১৯৪৬ চনৰ গ্ৰীচত হৈছিল। ১৯৫২ চনত এলিনি নামৰ ভনীগৰাকীৰ লগত তেওঁৰ বিয়া ঠিক হৈছিল। তেওঁলোক দুয়োজনে মিলি যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ বিচাৰিছিল। কিন্তু ভনী এলিনি অসুস্থ হৈ পৰিল আৰু জানিবপৰা গʼল যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে। অপাৰেচন কৰি তাইৰ টিউমাৰ ওলোৱা হৈছিল। কিন্তু বিয়াৰ কিছুবছৰৰ পাছত তাইৰ পুনৰ টিউমাৰ হʼল। ডক্টৰে তাইৰ পুনৰ অপাৰেচন কৰে। কিন্তু এইবাৰ তাইৰ শৰীৰৰ কিছুমান অংগ অচেতন হৈ পৰে আৰু ইয়াৰ বাবে ভনীগৰাকীয়ে ভালদৰে কথা পাতিব নোৱাৰিছিল। সেইসময়ত চৰকাৰে যিহোৱাৰ সাক্ষীসকলক তাড়না দিছিল। চৰকাৰৰ তাড়না আৰু বেমাৰৰ সত্ত্বেও তাই উদ্যমেৰে প্ৰচাৰ কাৰ্য্য কৰি থাকিল।

১৫ ভাই এৰিষ্টʼটেলিচে ৩০ বছৰ ধৰি নিজৰ পত্নীৰ চোৱা-চিতা কৰিছে। সেই সময়ছোৱাত ভায়ে প্ৰাচীন হিচাপে সেৱা কৰিছিল, সন্মিলন সমিতিত কাম কৰিছিল আৰু সন্মিলন গৃহৰ নিৰ্মাণ কাৰ্য্যত সহায় কৰিছিল। ১৯৮৭ চনত ভনী এলিনিয়ে প্ৰচাৰ কৰাৰ সময়ত তাইৰ লগত এটা দুৰ্ঘটনা ঘটিল। তাই তিনিবছৰ ধৰি কʼমাত আছিল আৰু পাছত তাইৰ মৃত্যু হʼল। ভাই এৰিষ্টʼটেলিচে নিজৰ জীৱন কাহিনীৰ শেষত এইদৰে কৈছে, “বহুবছৰৰপৰা মই এনে কঠিন পৰিস্থিতি, সমস্যা আৰু দুৰ্ঘটনাৰ মাজেৰে পাৰ হৈছোঁ, যʼত ধৈৰ্য্য ধৰি দৃঢ়তাৰে কাম কৰাটো অতি প্ৰয়োজন আছিল। এই সকলো সমস্যা পাৰ কৰিবলৈ যিহোৱাই মোক সকলো সময়তে শক্তি দিলে।” (গীত. ৯৪:১৮, ১৯) ইয়াত কোনো সন্দেহ নাই যে সমস্যাৰ সত্ত্বেও আন্তৰিকতাৰে তেওঁৰ সেৱা কৰা লোকসকলক যিহোৱাই বহুত প্ৰেম কৰে।

অʼড্ৰে হাইডে নিৰাশ নহʼল, কিয়নো তাই ভৱিষ্যতৰ ওপৰত ধ্যান দিছিল

১৬. ভাই নৰে নিজৰ পত্নীক কি ভাল পৰামৰ্শ দিছিল?

১৬ আমি ভৱিষ্যতৰ ওপৰত ধ্যান দিয়া দিয়া উচিত। ভৱিষ্যতে যিহোৱাই দিবলগীয়া আশীৰ্বাদৰ ওপৰত অব্ৰাহামে ধ্যান দিছিল। সেইবাবে, তেওঁৰ নিজৰ সমস্যা ভালদৰে সন্মুখীন হʼব পাৰিলে। ভনী অʼড্ৰে হাইডৰ ওপৰত ধ্যান দিয়ক। তাইৰ প্ৰথম স্বামী নেথেন এইচ নৰৰ কেন্সাৰৰ বাবে মৃত্যু হৈছিল। তাৰ পাছত তাইৰ দ্বিতীয় স্বামী গ্লেন হাইডৰ এলজাইমাৰছ ৰোগ হয়। * এনে পৰিস্থিতিতো ভনীয়ে নিৰাশ হোৱা নাছিল। কি কথাই তাইক সহায় কৰিলে? ভনীয়ে কৈছে যে ভাই নৰৰ মৃত্যুৰ কিছু সপ্তাহৰ আগত তেওঁ তাইক ভাল কথা কৈছিল। ভনীয়ে এইদৰে কৈছে, “নেথেনে মোক মনত পেলাই দিয়ে যে ‘মৃত্যুৰ পাছত এজন ব্যক্তিৰ আশা নিশ্চিত হয় আৰু তেওঁক সেই কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হʼবলগীয়া নহয়।’ তাৰ পাছত তেওঁ মোক এইদৰে উৎসাহিত কৰে, ‘সদায় আগলৈ চাবা কিয়নো তোমাৰ পুৰস্কাৰ তাতে আছে, ঈশ্বৰৰ কাৰ্য্যত লাগি থাকিবা, আনক সহায় কৰিবলৈ ব্যস্ত থাকিবা, ইয়ে তোমাক আনন্দেৰে জীয়াই থাকিবলৈ সহায় কৰিব।’” প্ৰকৃততে ভাইজনে তাইক আনক সহায় কৰিবলৈ আৰু ‘আশাত আনন্দ কৰিবলৈ’ পৰামৰ্শ দিছিল। (ৰোম. ১২:১২) এয়া সঁচাকৈ এক ভাল পৰামৰ্শ আছিল।

১৭. (ক) ভৱিষ্যতৰ ওপৰত ধ্যান দিয়াৰ আমাৰ ওচৰত কি কাৰণ আছে? (খ) মীখা ৭:৭ পদৰ কি কথা পালন কৰিলে আমি ভৱিষ্যতে আশীৰ্বাদ লাভ কৰিম?

১৭ আজি আমাৰ ওচৰত ভৱিষ্যতৰ ওপৰত ধ্যান দিয়াৰ বহুতো কাৰণ আছে। জগতৰ ঘটনাবোৰে স্পষ্টকৈ প্ৰমাণ কৰে যে আমি এই ব্যৱস্থাৰ একেবাৰে শেষ পৰ্যায়ত জীয়াই আছোঁ। অতি সোনকালে আমাৰ অপেক্ষাৰ অন্ত পৰিব। কিয়নো গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যই শাসন কৰিব। তেতিয়া আমি বহুতো আশীৰ্বাদ লাভ কৰিম। ইয়াৰে মাজত এটা হৈছে আমি আমাৰ মৃত আপোনজনাক পুনৰ লগ পাম। সেইসময়ত যিহোৱা ঈশ্বৰে অব্ৰাহামক তেওঁৰ বিশ্বাস আৰু ধৈৰ্য্যৰ বাবে পুৰস্কাৰ দিব। যিহোৱা ঈশ্বৰে তেওঁক আৰু তেওঁৰ পৰিয়ালক জীৱিত কৰিব। তেওঁলোকক আদৰণি জনাবলৈ আপোনালোকে তাত থাকিবনে? যদি আপুনি অব্ৰাহামৰ দৰে ঈশ্বৰৰ ৰাজ্যৰ বাবে ত্যাগ কৰে, সমস্যাৰ সত্ত্বেও নিজৰ বিশ্বাস বজাই ৰাখে আৰু যিহোৱাৰ দিনলৈ ধৈৰ্য্যেৰে অপেক্ষা কৰি থাকে, তেনেহʼলে আপুনি নিশ্চয় তাত থাকিব।—মীখা ৭:৭ পঢ়ক।

গীত ৭৪ আহক ৰাজ্যৰ গীত গাওঁ!

^ অনু. 5 যেতিয়া আমি যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰোঁ, তেতিয়া হয়তো আমি অধৈৰ্য্য হৈ পৰোঁ আৰু আমাৰ বিশ্বাসো দুৰ্বল হৈ পৰে। অব্ৰাহামে ধৈৰ্য্য ধৰিলে আৰু যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰিলে। আমি অব্ৰাহামৰপৰা কি শিকিব পাৰোঁ? বৰ্তমান সময়ৰ যিহোৱাৰ সেৱকসকল কেনেকৈ আমাৰ বাবে এক ভাল উদাহৰণ হয়?

^ অনু. 13 ভাই ৱালডনৰ জীৱন কাহিনী ডিচেম্বৰ ১, ২০১৩ চনৰ প্ৰহৰীদুৰ্গ (ইংৰাজী), ৮-১০ পৃষ্ঠাত উল্লেখ আছে।

^ অনু. 14 ভাই অপষ্টʼলিডিচৰ জীৱন কাহিনী ফেব্ৰুৱাৰী ১, ২০০২ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী), ২৪-২৮ পৃষ্ঠাত উল্লেখ আছে।

^ অনু. 16 ভনী হাইডৰ জীৱন কাহিনী জুলাই ১, ২০০৪ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী), ২৩-২৯ পৃষ্ঠাত উল্লেখ আছে।

^ অনু. 56 ছবিৰ বিষয়ে: এহাল বৃদ্ধ দম্পতিয়ে সমস্যাৰ সত্ত্বেও যিহোৱাৰ সেৱাত লাগি আছে। তেওঁলোকে ভৱিষ্যতে লাভ কৰিবলগীয়া আশীৰ্বাদৰ ওপৰত ধ্যান দিছে আৰু এইদৰে নিজৰ বিশ্বাস দৃঢ় কৰিছে।