Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৪

মণ্ডলীত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে!

মণ্ডলীত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে!

“কিয়নো যেনেকৈ শৰীৰ এক, আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হলেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।”—১ কৰি. ১২:১২.

গীত ১০১ একতাৰে কাম কৰা

লেখৰ এক আভাস *

১. আমি কি আশীৰ্বাদ লাভ কৰিছোঁ?

যিহোৱাৰ মণ্ডলীৰ ভাগ হোৱাটো আমাৰ বাবে এক ডাঙৰ আশীৰ্বাদ হয়। ইয়াত আমি সকলোৱে মিলি আনন্দেৰে যিহোৱাৰ সেৱা কৰোঁ। মণ্ডলীত আপোনাৰো গুৰুত্বপূৰ্ণ ভূমিকা আছেনে?

২. পাঁচনি পৌলে নিজৰ চিঠিত বহুবাৰ কি উদাহৰণ দিছিল?

পাঁচনি পৌলে নিজৰ চিঠিত কেইবাবাৰো এই বিষয়ে এটা উদাহৰণ উল্লেখ কৰিছে। ইয়াৰপৰা আমি বহুতো কথা শিকিব পাৰিম। তেওঁ মণ্ডলীক শৰীৰৰ লগত তুলনা কৰিছে আৰু ভাই-ভনীসকল শৰীৰৰ বেলেগ বেলেগ অংগ হয় বুলি কৈছিল।—ৰোম. ১২:৪-৮; ১ কৰি. ১২:১২-২৭; ইফি. ৪:১৬.

৩. এই লেখৰপৰা আমি কি তিনিটা বিষয় শিকিব পাৰিম?

এই লেখত আমি পৌলে দিয়া উদাহৰণৰপৰা তিনিটা গুৰুত্বপূৰ্ণ কথা শিকিম। প্ৰথমতে, যিহোৱাৰ মণ্ডলীত আমাৰ সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। * দ্বিতীয়তে, যদি আমি ভাবোঁ যে মণ্ডলীত আমাৰ কোনো গুৰুত্বপূৰ্ণ ভূমিকা নাই, তেনেহʼলে আমি কি কৰিম। তৃতীয়তে, যিহোৱাই আমাক যি কাম দিছে, তাত আমি কিয় লাগি থকা উচিত।

যিহোৱাৰ মণ্ডলীত প্ৰতিজনৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে

৪. ৰোমীয়া ১২:৪, ৫ পদৰপৰা আমি কি শিকিব পাৰোঁ?

পৌলে দিয়া উদাহৰণৰপৰা প্ৰথম কথা আমি এইটো শিকিব পাৰোঁ যে যিহোৱাৰ মণ্ডলীত প্ৰতিজনৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৌলে এইদৰে কয়, “আমাৰ এক দেহতে যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপ কাৰ্য্য নহয়, তেনেকৈ আমিও অনেক হৈ, খ্ৰীষ্টত এক দেহ হওঁ; আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।” (ৰোম. ১২:৪, ৫) পৌলে কোৱাৰ অৰ্থ কি আছিল? তেওঁ কোৱাৰ অৰ্থ আছিল যে মণ্ডলীত আমাৰ সকলোৰে বেলেগ বেলেগ ভূমিকা আছে, কিন্তু যিহোৱাই আমাক প্ৰতিজনকে মূল্যৱান বুলি গণ্য কৰে।

মণ্ডলীৰ প্ৰতিজনৰে বেলেগ বেলেগ ভূমিকা আছে, তথাপি সকলোৱে মূল্যৱান (অনুচ্ছেদ ৫-১২ চাওক) *

৫. যিহোৱাই মণ্ডলীক কি “বৰ” দিছে?

আপুনি হয়তো ভাবিব পাৰে যে মণ্ডলীত সেই লোকসকলৰ গুৰুত্বতা আছে, যিসকলৰ দায়িত্ব আছে। (১ থিচ. ৫:১২; ইব্ৰী ১৩:১৭) এইটো সঁচা যে যিহোৱা ঈশ্বৰে খ্ৰীষ্টানসকলক ‘মানুহবিলাকৰ নানা বৰ দিলে।’ (ইফি. ৪:৮) তেওঁলোক হৈছে প্ৰশাসন গোষ্ঠীৰ সদস্য, তেওঁলোকৰ সহায়ক, শাখা সমিতিৰ সদস্য, চাৰ্কিট ওভাৰচিয়াৰ, সংগঠনৰ স্কুলত শিকোৱা ভাই, মণ্ডলীৰ প্ৰাচীন আৰু পৰিচাৰকসকল। এই ভাইসকলক পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা হয়। তেওঁলোকে যিহোৱাৰ মেৰসকলক চোৱা-চিতা কৰে আৰু মণ্ডলীক উৎসাহিত কৰে।—১ পিত. ৫:২, ৩.

৬. প্ৰথম থিচলনীকীয়া ২:৬-৮ পদৰ অনুসৰি দায়িত্বক থকা ভাইসকলে কিয় পৰিশ্ৰম কৰে?

এই ভাইসকলক পবিত্ৰ আত্মাৰে নিযুক্ত কৰা হয়, যাতে তেওঁলোকে বিভিন্ন দায়িত্ব পালন কৰিব পাৰে। এই ভাইসকলৰ পৰিশ্ৰমৰ বাবে গোটেই মণ্ডলীয়ে লাভৱান হয়। যিদৰে শৰীৰৰ বেলেগ বেলেগ অংগই ভালদৰে কাম কৰিলে গোটেই শৰীৰটোৱে লাভ হয়। এই ভাইসকলে আনৰপৰা প্ৰশংসা পোৱাটো নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ আৰু সত্যত দৃঢ় কৰিবলৈ কঠিন পৰিশ্ৰম কৰে। (১ থিচলনীকীয়া ২:৬-৮ পঢ়ক।) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ আমাক এনে ভাই দিছে, যিয়ে নিজৰ পৰিৰ্ৱতে আনৰ বিষয়ে চিন্তা কৰে।

৭. পূৰ্ণসময়ৰ সেৱকসকলে কি কি আশীৰ্বাদ লাভ কৰে?

কিছুমান ভাই-ভনীয়ে মিচনেৰী, বিশেষ অগ্ৰগামী বা নিয়মিত অগ্ৰগামী সেৱা কৰে। এইদৰে পূৰ্ণসময়ৰ সেৱা কৰা ভাই-ভনীসকল গোটেই পৃথিৱীত আছে। তেওঁলোকে নিজৰ বেছিভাগ সময় প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱা কাৰ্য্যত ব্যৱহাৰ কৰে। সেইবাবে, তেওঁলোকে বহুতোলোকক সত্যত আহিবলৈ সহায় কৰিছে। যদিও তেওঁলোকৰ ধন-সম্পত্তি নাই, তথাপি তেওঁলোকৰ জীৱন যিহোৱাৰ আশীৰ্বাদেৰে ভৰি পৰিছে। (মাৰ্ক ১০:২৯, ৩০) আমি আনন্দিত যে যিহোৱাই আমাক এনে ভাই-ভনীসকলক দিছে আৰু আমি তেওঁলোকক বহুত প্ৰেম কৰোঁ।

৮. যিহোৱাই প্ৰতিজন প্ৰচাৰককে কিয় মূল্যৱান বুলি গণ্য কৰে?

এয়া সঁচা যে পূৰ্ণসময়ৰ সেৱক আৰু দায়িত্বত থকা ভাইসকলে কঠিন পৰিশ্ৰম কৰে। কিন্তু মণ্ডলীত কেৱল এই লোকসকলৰ গুৰুত্বতা আছে নেকি? এনে নহয়। শুভবাৰ্তাৰ প্ৰতিজন প্ৰচাৰক মণ্ডলী আৰু যিহোৱাৰ বাবে অতি মূল্যৱান। (ৰোম. ১০:১৫; ১ কৰি. ৩:৬-৯) কিয়নো মণ্ডলীৰ মুখ্য কাম হৈছে, লোকসকলক খ্ৰীষ্টৰ শিষ্য বনোৱা। (মথি ২৮:১৯, ২০; ১ তীম. ২:৪) মণ্ডলীৰ সকলোৱে আনকি বাপ্তিষ্মা নোলোৱা প্ৰচাৰকসকলেও এই কামক বেছিকৈ গুৰুত্ব দিয়ে।—মথি ২৪:১৪.

৯. আমি আমাৰ ভনীসকলক কিয় মূল্যৱান বুলি গণ্য কৰোঁ?

যিহোৱাৰ মণ্ডলীত খ্ৰীষ্টান ভনীসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মণ্ডলীত কিছুমান ভনী বিবাহিত আৰু কিছুমান অবিবাহিত, কিছুমান মাতৃ আৰু কিছুমান বিধৱা আছে। তেওঁলোক সকলোৱে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰে আৰু যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে। বাইবেলত এনে বহুতো তিৰোতাৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক সন্তুষ্ট কৰিছিল। তেওঁলোকে বুদ্ধি, বিশ্বাস, উদ্যম, সাহস, উদাৰতা আৰু ভাল কাম কৰাৰ ক্ষেত্ৰত এক উত্তম উদাহৰণ ৰাখিছে। (লূক ৮:২, ৩; পাঁচ. ১৬:১৪, ১৫; ৰোম. ১৬:৩, ৬; ফিলি. ৪:৩; ইব্ৰী ১১:১১, ৩১, ৩৫) তেওঁলোকৰ দৰে আজিও আমাৰ মণ্ডলীত বহুতো ভনী আছে আৰু ইয়াৰ বাবে আমি যিহোৱা ঈশ্বৰক ধন্যবাদ দিওঁ।

১০. আমি আমাৰ বৃদ্ধ ভাই-ভনীসকলক কিয় প্ৰেম কৰোঁ?

১০ আমি আমাৰ বৃদ্ধ ভাই-ভনীসকলকো বহুত প্ৰেম কৰোঁ। ইয়াৰে ভিতৰত কিছুমান লোকে বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আছে আৰু এনে কিছুমান আছে, যিসকলে অলপতে সত্য শিকিছে। কিছুমান বৃদ্ধ ভাই-ভনীসকলৰ স্বাস্থ্য ভাল নাথাকে। তেওঁলোকে মণ্ডলীৰ কাম আৰু প্ৰচাৰ কাম বেছিকৈ কৰিব নোৱাৰে, তথাপি তেওঁলোকে যিমান পাৰে সিমান, প্ৰচাৰ কাৰ্য্যত ভাগ লয় আৰু আনকো প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকক উৎসাহিত কৰে। আমি তেওঁলোকৰপৰা বহুতো কথা শিকিব পাৰোঁ। আমাৰ দৃষ্টিত আৰু যিহোৱাৰ দৃষ্টিত তেওঁলোক সঁচাকৈ ধুনীয়া।—হিতো. ১৬:৩১.

১১-১২. আপোনাৰ মণ্ডলীৰ লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলক দেখি আপুনি কিয় আনন্দিত হয়?

১১ ক্ষন্তেকৰ বাবে আমাৰ লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলৰ বিষয়ে চিন্তা কৰক। চয়তানৰ এই জগতত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। তেওঁলোকক বহুতো বেয়া কাম কৰিবলৈ আৰু বেয়া চিন্তাধাৰা গ্ৰহণ কৰিবলৈ হেঁচা দিয়া হয়। (১ যোহ. ৫:১৯) তথাপি তেওঁলোক সত্যত দৃঢ় হৈ আছে। যেতিয়া আমি দেখোঁ যে তেওঁলোকে সভাত ভালদৰে টিপ্পনী দিয়ে, প্ৰচাৰ কাৰ্য্যত ভাগ লয় আৰু সাহসেৰে নিজৰ বিশ্বাসৰ বিষয়ে আনক জনায়, তেতিয়া আমি আনন্দিত হওঁ। কিশোৰ-কিশোৰীসকল, যিহোৱাৰ মণ্ডলীত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।—গীত. ৮:২.

১২ কিছুমান ভাই-ভনীয়ে যিহোৱাৰ মণ্ডলীত তেওঁলোকৰ কোনো গুৰুত্বতা নাই বুলি ভাবে। কিন্তু আমি কেনেকৈ ভৰসা কৰিব পাৰিম যে মণ্ডলীত প্ৰতিজন ব্যক্তিয়েই গুৰুত্বপূৰ্ণ। আহক চাওঁ।

আপুনি মণ্ডলীত কিয় গুৰুত্বপূৰ্ণ

১৩-১৪. মণ্ডলীত তেওঁলোকৰ কোনো গুৰুত্বতা নাই বুলি কিছুমান লোকে কিয় ভাবে?

১৩ আমি মণ্ডলীত কিয় গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে জানিবলৈ আহক আমি পৌলৰ উদাহৰণৰ দ্বিতীয় কথালৈ ধ্যান দিওঁ। পৌলে কৈছে যে বহুতো ভাই-ভনীয়ে নিজৰ বিষয়ে ভুল ধাৰণা ৰাখে। মণ্ডলীত তেওঁলোক গুৰুত্বপূৰ্ণ হয় বুলি মানি লোৱাটো তেওঁলোকৰ বাবে কঠিন হয়। পৌলে এইদৰে কৈছে, “ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়। আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে যে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়।” (১ কৰি. ১২:১৫, ১৬) পৌলে কোৱাৰ অৰ্থ কি আছিল?

১৪ যদি আপুনি ভাবিছে আনৰ তুলনাত আপুনি ভালদৰে কৰিব নোৱাৰে বা আপুনি তেওঁলোকৰ দৰে যোগ্য নহয়, তেনেহʼলে আপুনি নিজকে অযোগ্য বুলি ভাবিব পাৰে। কিছুমান ভাই শিক্ষা দিয়াত সঁচাকৈ নিপুণ। সকলো কাম শৃংখলাবদ্ধভাৱে কৰে আৰু কিছুমান ভায়ে ভালদৰে মণ্ডলীৰ চোৱা-চিতা কৰে। তেওঁলোকৰ দৰে কৰিব নোৱাৰে বুলি আপুনি হয়তো ভাবিব পাৰে। যদি আপুনি এইদৰে ভাবিছে, তেনেহʼলে আপুনি নম্ৰ হয় আৰু নিজৰ সীমা বুজি পায়। (ফিলি. ২:৩) কিন্তু এটা কথা মনত ৰাখক, দক্ষতা থকা ভাই-ভনীসকলৰ লগত নিজৰ তুলনা কেতিয়াও নকৰিব। যদি এইদৰে কৰে, তেনেহʼলে আপুনি নিৰাশ হʼব পাৰে। পৌলে কোৱাৰ দৰে আপুনি এয়াও ভাবিব পাৰে যে মণ্ডলীত আপোনাৰ কোনো গুৰুত্বতা নাই। এনেধৰণৰ চিন্তাধাৰা আপুনি নিজৰ মনৰপৰা কেনেকৈ উলিয়াব পাৰে?

১৫. প্ৰথম কৰিন্থীয়া ১২:৪-১১ পদৰ অনুসৰি আমি কি কথা মনত ৰখা উচিত?

১৫ ক্ষন্তেকৰ বাবে এই কথালৈ ধ্যান দিয়ক। যিহোৱা ঈশ্বৰে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক পবিত্ৰ আত্মাৰ যোগেদি বিভিন্ন ধৰণৰ বৰ দিছিল। কিন্তু সকলোৱে একেধৰণৰ বৰ লাভ কৰা নাছিল। (১ কৰিন্থীয়া ১২:৪-১১ পঢ়ক।) যিহোৱা ঈশ্বৰে সকলোকে বেলেগ বেলেগ দক্ষতা দিছিল। কিন্তু সকলোৱে যিহোৱাৰ দৃষ্টিত মূল্যৱান আছিল। আজি আমি পবিত্ৰ আত্মাৰ যোগেদি এনে বৰ লাভ কৰা নাই। কিন্তু আমাৰ মাজৰ কিছুমান লোকৰ বিশেষ দক্ষতা আছে। তথাপি আমি সকলোৱে যিহোৱাৰ দৃষ্টিত মূল্যৱান।

১৬. আমি পাঁচনি পৌলৰ কোনটো পৰামৰ্শ পালন কৰা উচিত?

১৬ আমি আনৰ তুলনাত কোনো কামৰ যোগ্য নহয় বুলি ভবাৰ পৰিৱৰ্তে, পাঁচনি পৌলৰ এই পৰামৰ্শ পালন কৰা উচিত: “প্ৰতিজনে নিজৰ কৰ্ম্মৰ পৰীক্ষা কৰক; তেহে তেওঁ, অন্যৰ কথাত নহয়, নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব।”—গালা. ৬:৪.

১৭. পৌলৰ পৰামৰ্শ পালন কৰিলে আমি কেনেকৈ লাভৱান হʼম?

১৭ পৌলৰ পৰামৰ্শ পালন কৰি আমি নিজকে পৰীক্ষা কৰা উচিত। এইদৰে কৰিলে আমি জানিব পাৰিম যে আমাৰ মাজতো এনে গুণ আৰু দক্ষতা আছে, যি আনৰ মাজত নাই। উদাহৰণস্বৰূপে, যদিও এজন প্ৰাচীনে ভালদৰে ভাষণ দিব নোৱাৰে, কিন্তু তেওঁ শিষ্য বনোৱা কাৰ্য্যত নিপুণ হয়। অথবা এজন প্ৰাচীনে আন প্ৰাচীনসকলৰ দৰে মণ্ডলীৰ কাৰ্য্যবোৰ শৃংখলাবদ্ধভাৱে কৰিব নোৱাৰে, কিন্তু তেওঁ হয়তো সকলো ভাই-ভনীৰ লগত ভালদৰে ব্যৱহাৰ কৰে। সেইবাবে, ভাই-ভনীসকলে বাইবেলৰ পৰামৰ্শ লʼবলৈ তেওঁৰ ওচৰলৈ আহে অথবা হʼব পাৰে অতিথি-সৎকাৰ দেখুৱাত তেওঁৰ ভাল নাম আছে। (ইব্ৰী ১৩:২, ১৬) যেতিয়া আমি জানিব পাৰিম যে আমাৰ ওচৰত ভাল গুণ আৰু দক্ষতা আছে, তেনেহʼলে আমি নিজৰ বিষয়ে ভাল অনুভৱ কৰিম যে আমিও মণ্ডলীৰ বাবে কিবা কৰিব পাৰোঁ। আন ভাই-ভনীসকলৰ দক্ষতা দেখি আমি তেওঁলোকক ঈৰ্ষা নকৰিম।

১৮. আমি প্ৰচাৰ কাম আৰু ভালকৈ কেনেকৈ কৰিব পাৰোঁ?

১৮ মণ্ডলীত আমাৰ গুৰুত্বতা যিয়েই নহওক কিয়, আমি সকলোৱে নিজৰ সেৱা আৰু দক্ষতা উন্নতি কৰিব লাগে। আমি যিহোৱাৰ কাম কেনেকৈ ভালদৰে কৰিব পাৰোঁ, তাৰ বিষয়ে যিহোৱাই সংগঠনৰ যোগেদি আমাক প্ৰশিক্ষণ দিছে। উদাহৰণস্বৰূপে, সপ্তাহৰ মাজত হোৱা সভাত আমাক শিকোৱা হয় যে আমি প্ৰচাৰ কাৰ্য্যত আৰু কেনেকৈ পাৰ্গত হʼব পাৰোঁ। এই সভাত আপুনি যি শিকে, তাক পালন কৰেনে?

১৯. আপুনি ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হোৱাৰ লক্ষ্যত কেনেকৈ উপনিত হʼব পাৰে?

১৯ ইয়াৰ উপৰিও, ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক প্ৰশিক্ষণ দিছে। যিসকল ভাই-ভনীৰ বয়স ২৩-ৰপৰা ৬৫-ৰ ভিতৰত আৰু যিসকলে পূৰ্ণসময়ৰ সেৱা কৰে, তেওঁলোকে এই স্কুলত উপস্থিত হʼব পাৰে। হয়তো আপুনিও এই স্কুলত উপস্থিত হʼব বিচাৰে। কিন্তু আপুনি ইয়াৰ যোগ্য নহয় বুলি ভাবে। কি কি কাৰণৰ বাবে যোগ্য নহয় বুলি ভবাৰ পৰিৱৰ্তে আপুনি এই স্কুলত উপস্থিত হʼলে কি কি লাভ হʼব, তাৰ বিষয়ে চিন্তা কৰক। এনে লক্ষ্য ৰাখক যাতে আপুনি এই স্কুলত উপস্থিত হʼবলৈ যোগ্য হʼব পাৰে। যেতিয়া আপুনি পৰিশ্ৰম কৰিব, তেতিয়া যিহোৱাই আপোনাক সহায় কৰিব। তাৰ পাছত আপুনি যি অসম্ভৱ বুলি ভাবিছিল, সেয়া সম্ভৱ হৈ পৰিব।

মণ্ডলীক দৃঢ় কৰিবলৈ নিজৰ দক্ষতা ব্যৱহাৰ কৰক

২০. ৰোমীয়া ১২:৬-৮ পদৰপৰা আমি কি শিকিব পাৰোঁ?

২০ পৌলৰ উদাহৰণৰপৰা আমি যি তৃতীয় কথা শিকোঁ, সেয়া আমি ৰোমীয়া ১২:৬-৮ পদৰপৰা জানিব পাৰোঁ। (পঢ়ক।) এই পদবোৰতো পৌলে এইদৰে কৈছে যে মণ্ডলীৰ প্ৰতিজন ব্যক্তিৰ বেলেগ বেলেগ দক্ষতা থাকে। ইয়াৰ লগতে পৌলে জোৰ দি কৈছে যে আমাৰ ওচৰত যি দক্ষতা আছে, সেয়া আমি মণ্ডলীক দৃঢ় কৰিবলৈ ব্যৱহাৰ কৰা উচিত।

২১-২২. ৰবাৰ্ট আৰু ফেলিচৰপৰা আমি কি শিকিব পাৰোঁ?

২১ ৰবাৰ্ট নামৰ এজন প্ৰাচীনলৈ ধ্যান দিয়ক। তেওঁ আন দেশত সেৱা কৰিছিল। ইয়াৰ পাছত তেওঁক নিজৰ দেশৰ বেথেলত সেৱা কৰিবলৈ পঠোৱা হʼল। তেওঁ ভাবিছিল যে তেওঁ নিশ্চয় কিবা ভুল কৰিছে, সেইবাবে তেওঁক নিজৰ দেশৰ বেথেললৈ সেৱা কৰিবলৈ পঠোৱা হৈছে। ভাইসকলে তেওঁক আশ্বাস দিয়ে যে তেওঁ কোনো ভুল কৰা নাই, তথাপি তেওঁৰ বিশ্বাস নহʼল। তেওঁ এইদৰে কয়, “কেইমাহমান ধৰি মই নিৰাশাত আছিলোঁ, কাৰণ মই ভাবিছিলোঁ যে বিদেশত মই ভালদৰে সেৱা কৰা নাছিলোঁ। সেইবাবে, মোক ইয়ালৈ পঠোৱা হৈছে। কেইবাবাৰু মই বেথেল এৰাৰ বিষয়ে ভাবিছিলোঁ।” এজন প্ৰাচীনে তেওঁক সহায় কৰিলে, সেইবাবে তেওঁ পুনৰ আনন্দেৰে সেৱা কৰিবলৈ ধৰিলে। সেই প্ৰাচীনজনে ৰবাৰ্টক কৈছিল যে আগতে আমি যʼত সেৱা কৰিছিলোঁ, তাত যিহোৱাই আমাক বহুতো কথা শিকালে, যাতে এতিয়া আমি যʼত আছোঁ, তাত আমি আগতকৈ ভালদৰে সেৱা কৰিব পাৰোঁ। ৰবাৰ্টে এই কথা বুজি পালে যে আগতে তেওঁ যʼত সেৱা কৰিছিল, তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে, আজি তেওঁ যʼত সেৱা কৰিছে, তাৰ বিষয়ে বেছি চিন্তা কৰা উচিত।

২২ ভাই ফেলিচ ইপিচʼকʼপেও এইদৰেই অনুভৱ কৰিছে। ভাই আৰু তেওঁৰ পত্নীয়ে ১৯৫৬ চনত গিলিয়ডৰপৰা গ্ৰেজুৱেট হৈছিল আৰু তেওঁলোকে বলিভিয়াত চাৰ্কিটৰ কাম কৰিছিল। ১৯৬৪ চনত তেওঁলোকৰ এটা সন্তান জন্ম হয়। সেইবাবে, তেওঁলোকক চাৰ্কিটৰ কাম এৰিবলগীয়া হয়। ফেলিচে এইদৰে কয়, “চাৰ্কিটৰ কাম কৰি আমাৰ বৰ ভাল লাগিছিল। সেইবাবে, এই কাম এৰাৰ বাবে আমি বৰ দুখিত হৈছিলোঁ। যি হʼল তাৰ বিষয়ে চিন্তা কৰি মই এবছৰ অবাবত পাৰ কৰিলোঁ। কিন্তু যিহোৱাৰ সহায়ত মই নিজৰ চিন্তাধাৰা সলনি কৰিলোঁ আৰু এজন পিতৃৰ দায়িত্ব পালন কৰিবলৈ ধ্যান দিলোঁ।” আপুনিও ৰবাৰ্ট আৰু ফেলিচৰ দৰে চিন্তিত নে যে আগতে আপোনাৰ সেৱাৰ বাবে যি সুযোগ আছিল, কিন্তু এতিয়া নাই? যদি হয়, তেনেহʼলে আজি যিহোৱাৰ সেৱা কৰিবলৈ আৰু ভাই-ভনীসকলৰ সেৱা কৰিবলৈ আপুনি কি কৰিব পাৰে, তাৰ বিষয়ে ধ্যান দিয়ক। আনক সহায় কৰিবলৈ নিজৰ দক্ষতা ব্যৱহাৰ কৰক। এইদৰে কৰিলে আপুনি মণ্ডলীক দৃঢ় কৰিব আৰু আনন্দিত হʼব।

২৩. (ক) আমি কিহৰ বিষয়ে চিন্তা কৰা উচিত? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২৩ যিহোৱাই আমাক প্ৰতিজনকে মূল্যৱান বুলি গণ্য কৰে। আমি তেওঁৰ পৰিয়ালৰ ভাগ হওঁ বুলি আমাক অনুভৱ কৰাব বিচাৰে। আমি সময় উলিয়াই ভাবিব পাৰোঁ যে ভাই-ভনীসকলক দৃঢ় কৰিবলৈ আমি কি কৰিব পাৰোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমাক নালাগিব যে মণ্ডলীত আমাৰ কোনো গুৰুত্বতা নাই। এই লেখত আমি দেখিলোঁ যে আমি নিজৰ বিষয়ে কেনে অনুভৱ কৰা উচিত। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে আমি মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে কি চিন্তা কৰা উচিত আৰু তেওঁলোকক কেনেকৈ গুৰুত্ব দিয়া উচিত। এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ২৪ যিহোৱাৰ পৰ্বতলৈ আহক

^ অনু. 5 যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰাটো আমি সকলোৱে বিচাৰোঁ। কেতিয়াবা কেতিয়াবা আমি ভাবিব পাৰোঁ যে আমি কোনো কামৰ যোগ্য নহয়। এই লেখৰপৰা আমি বুজিব পাৰিম যে মণ্ডলীত সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে।

^ অনু. 3 ইয়াৰ অৰ্থ কি: যিহোৱাৰ মণ্ডলীত আমাৰ সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি সকলোৱে মণ্ডলীক দৃঢ় কৰিব পাৰোঁ। আমি যিয়ে ভাষা বা জাতিৰ নহওঁ কিয়, কম পঢ়া-লিখা হওঁ বা বেছি, আমি ধনী বা দুখীয়া যিয়েই নহওঁ কিয়, মণ্ডলীত আমাৰ সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে।

^ অনু. 62 ছবিৰ বিষয়ে: তিনিওখন ছবিত দেখুৱা হৈছে যে সভাৰ আগত, সভাৰ সময়ত আৰু সভাৰ পাছত কি হয়। ছবি ১: এজন প্ৰাচীনে নতুনকৈ অহা এজন ব্যক্তিক আদৰণি জনাইছে। এজন ডেকা ভায়ে ষ্টেইজত মাইক লগাবলৈ গৈছে আৰু এজনী ভনীয়ে এগৰাকী বয়সস্থ ভনীৰ লগত কথা পাতিছে। ছবি ২: বিভিন্ন বয়সৰ ভাই-ভনীসকলে প্ৰহৰীদুৰ্গ অধ্যয়নত টিপ্পনী দিবলৈ হাত উঠাইছে। ছবি ৩: এহাল দম্পতীয়ে ৰাজ্যগৃহ পৰিষ্কাৰ কৰিছে। এজনী ভনীয়ে নিজৰ সন্তানক দান দিবলৈ সহায় কৰিছে। এজন ডেকা ভায়ে প্ৰকাশন থোৱা ঠাই পৰিষ্কাৰ কৰিছে। এজন ভায়ে বয়সস্থ ভনীৰ লগত কথা পাতি তাইক উৎসাহিত কৰিছে।