Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৫

মণ্ডলীৰ সকলোকে সন্মান কৰক

মণ্ডলীৰ সকলোকে সন্মান কৰক

“তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক কব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক কব নোৱাৰে।”—১ কৰি. ১২:২১.

গীত ১২৪ সদায় বিশ্বাসী

লেখৰ এক আভাস *

১. যিহোৱাই নিজৰ প্ৰতিজন সেৱকক কেনে দৃষ্টিৰে চায়?

যিহোৱাই নিজৰ প্ৰতিজন বিশ্বাসী সেৱকক বহুত গুৰুত্ব দিয়ে। যদিও মণ্ডলীত আমাৰ বেলেগ বেলেগ ভূমিকা আছে, তথাপি আমি সকলোৱে মূল্যৱান। আমাক সকলোকে এজনে-আনজনৰ প্ৰয়োজন আছে। পাঁচনি পৌলেও আমাক এই কথা বুজিবলৈ সহায় কৰিছিল। তেওঁ কি কৈছিল, আহক চাওঁ।

২. ইফিচীয়া ৪:১৬ পদৰ অনুসৰি আমি কিয় এজনে-আনজনক সন্মান কৰা উচিত আৰু একেলগে মিলি কাম কৰা উচিত?

পাঁচনি পৌলে এই লেখৰ মুখ্য পদত কৈছে যে আমি কোনো ভাই বা ভনীক এইদৰে কʼব নোৱাৰো, ‘তোমালোকৰ মোৰ প্ৰয়োজন নাই।’ কিয়নো তেওঁলোকেও যিহোৱাৰ সেৱক হয়। (১ কৰি. ১২:২১) আমি এজনে-আনজনক সন্মান কৰা উচিত আৰু একেলগে মিলি কাম কৰা উচিত। তেতিয়াহে মণ্ডলীত শান্তি থাকিব। (ইফিচীয়া ৪:১৬ পঢ়ক।) এইদৰে কৰিলে সকলোৰে মাজত প্ৰেম থাকিব আৰু মণ্ডলী দৃঢ় হʼব।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আমি মণ্ডলীৰ সকলো ভাই-ভনীক সন্মান কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? এই লেখত আমি চাম যে প্ৰাচীনসকলে কেনেকৈ এজনে-আনজনক সন্মান কৰিব পাৰে? তাৰ পাছত আমি জানিম যে আমি কেনেকৈ অবিবাহিত ভাই-ভনীসকলক সন্মান কৰিব পাৰোঁ? শেষত আমি শিকিম যে আমি সেই ভাই-ভনীসকলক কেনেকৈ সন্মান কৰিব পাৰোঁ, যিসকলে আমাৰ ভাষা ভালদৰে কʼব নোৱাৰে।

প্ৰাচীনসকল, এজনে-আনজনক সন্মান কৰক

৪. ৰোমীয়া ১২:১০ পদত দিয়া কোনটো পৰামৰ্শ প্ৰাচীনসকলে পালন কৰা উচিত?

মণ্ডলীৰ সকলো প্ৰাচীনক পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা হৈছে। কিন্তু সকলোৰে বেলেগ বেলেগ দক্ষতা আছে। (১ কৰি. ১২:১৭, ১৮) কিছুমান ভায়ে অলপতে প্ৰাচীন হৈছে আৰু আনৰ তুলনাত তেওঁলোকৰ ইমান অভিজ্ঞতা নাই। কিছুমান বৃদ্ধ আৰু অসুস্থ হোৱাৰ বাবে মণ্ডলীত বেছি কাম কৰিব নোৱাৰে। তথাপি কোনো এজন প্ৰাচীনে আন প্ৰাচীনসকলৰ বিষয়ে এইদৰে কʼব নোৱাৰে যে ‘তোমালোকৰ মোৰ প্ৰয়োজন নাই।’ ইয়াৰ পৰিৱৰ্তে প্ৰতিজন প্ৰাচীনে ৰোমীয়া ১২:১০ পদত দিয়া পৰামৰ্শ পালন কৰা উচিত।—পঢ়ক।

প্ৰাচীনসকলে এজনে-আনজনৰ কথা মনোযোগেৰে শুনাৰ যোগেদি সন্মান দেখুৱাব পাৰে (অনুচ্ছেদ ৫-৬ চাওক)

৫. (ক) প্ৰাচীনসকলে কেনেকৈ এজনে-আনজনক সন্মান কৰিব পাৰে? (খ) এনে কৰাটো কিয় প্ৰয়োজন?

প্ৰাচীনসকলে এজনে-আনজনক সন্মান কৰে বুলি কেনেকৈ দেখুৱাব পাৰে? তেওঁলোকে এজনে-আনজনৰ কথা মনোযোগেৰে শুনিব পাৰে, বিশেষকৈ সেইসময়ত যেতিয়া কোনো গভীৰ বিষয় আলোচনা কৰা হয়। এনে কৰাটো কিয় প্ৰয়োজন? মন কৰক অক্টোবৰ ১, ১৯৮৮ চনৰ প্ৰহৰীদুৰ্গত (ইংৰাজী) কি লিখা আছে: “প্ৰাচীনসকলে স্বীকাৰ কৰে যে যেতিয়া তেওঁলোকক কোনো ডাঙৰ নিৰ্ণয় লʼবলগীয়া হয় বা কোনো এটা সমস্যা সমাধান কৰিবলগীয়া হয়, তেতিয়া যীচুৱে পবিত্ৰ আত্মাৰ যোগেদি যিকোনো প্ৰাচীনৰ মনত আনিব পাৰে যে এই ক্ষেত্ৰত বাইবেলৰ কোনটো সিদ্ধান্ত পালন কৰিব পাৰি।” (পাঁচ. ১৫:৬-১৫) পবিত্ৰ আত্মা কেৱল এজন প্ৰাচীনৰ ওপৰতে নহয়, কিন্তু সকলো প্ৰাচীনৰ ওপৰত কাম কৰে।

৬. (ক) মণ্ডলীৰ প্ৰাচীনসকলে কেনেকৈ একতাৰে কাম কৰিব পাৰে? (খ) ইয়াৰপৰা মণ্ডলীয়ে কেনেকৈ লাভৱান হয়?

যিজন প্ৰাচীনে আন প্ৰাচীনসকলক সন্মান কৰে, তেওঁ প্ৰাচীনসকলৰ সভাত নিজে কোৱাৰ পৰিৱৰ্তে প্ৰথমে আন প্ৰাচীনসকলক কʼবলৈ সুযোগ দিব। আলোচনাৰ সময়ত তেওঁ নিজে কৈ নাথাকিব আৰু নিজৰ নিৰ্ণয় সঠিক হয় বুলি কেতিয়াও নাভাবিব। ইয়াৰ পৰিৱৰ্তে তেওঁ যি ভাবিছে, তাক তেওঁ নম্ৰতাৰে কʼব। তেওঁ আন প্ৰাচীনসকলৰ কথা মনোযোগেৰে শুনিব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে তেওঁ নিজৰ মতামত তুলি ধৰাৰ পৰিৱৰ্তে বাইবেলৰ সিদ্ধান্তৰ ওপৰত আলোচনা কৰিব আৰু ‘বিশ্বাসী বুদ্ধিমান দাসে’ দিয়া নিৰ্দেশনা পালন কৰিব। (মথি ২৪:৪৫-৪৭) যেতিয়া প্ৰাচীনসকলে তেওঁলোকৰ সভাত প্ৰেম আৰু সন্মানেৰে কথা পাতিব, তেতিয়া তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা কাম কৰিব। তেওঁলোকে সঠিক নিৰ্ণয় লʼব পাৰিব আৰু মণ্ডলী দৃঢ় হৈ থাকিব।—যাকো. ৩:১৭, ১৮.

অবিবাহিত ভাই-ভনীসকলক সন্মান কৰক

৭. যীচুৱে অবিবাহিত ভাই-ভনীসকলক কেনে দৃষ্টিৰে চাইছিল?

মণ্ডলীত বিবাহিত দম্পতী আৰু পৰিয়ালৰ উপৰিও বহুতো অবিবাহিত ভাই-ভনীসকল থাকে। আমি এই অবিবাহিত ভাই-ভনীসকলক কেনে দৃষ্টিৰে চোৱা উচিত? যীচুৱে অবিবাহিত ভাই-ভনীসকলক যি দৃষ্টিৰে চাইছিল, ঠিক সেইদৰে আমিও চোৱা উচিত। যীচুৱে এই পৃথিৱীত থকাৰ সময়ত বিয়া কৰা নাছিল। তেওঁ নিজৰ সম্পূৰ্ণ ধ্যান আৰু সময় যিহোৱাৰ সেৱাত ব্যৱহাৰ কৰিছিল। এজন খ্ৰীষ্টানে বিয়া কৰা উচিত বুলি তেওঁ কেতিয়াও শিকোৱা নাছিল। তেওঁ এয়াও কোৱা নাছিল যে এজন খ্ৰীষ্টানে অবিবাহিত হৈ থকা উচিত। কিন্তু তেওঁ এয়া নিশ্চয় কৈছিল যে কিছুমান খ্ৰীষ্টানে বিয়া নকৰিবলৈ নিৰ্ণয় লʼব। (মথি ১৯:১১, ১২; মথি ১৯:১২ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) যীচুৱে অবিবাহিত ভাই-ভনীসকলক সন্মান কৰিছিল। যীচুৱে কেতিয়াও তেওঁলোকক তুচ্ছ বুলি গণ্য কৰা নাছিল। তেওঁ এয়াও ভবা নাছিল যে বিবাহ নকৰাৰ বাবে তেওঁলোকৰ জীৱন আধৰুৱা হৈ আছে।

৮. প্ৰথম কৰিন্থীয়া ৭:৭-৯ পদৰ অনুসৰি পৌলে খ্ৰীষ্টানসকলক কি পৰামৰ্শ দিছিল?

যীচুৰ দৰে পাঁচনি পৌলেও অবিবাহিত হৈ যিহোৱাৰ সেৱা কৰিছিল? কিন্তু বিয়া কৰাটো ভুল হয় বুলি তেওঁ কেতিয়াও শিকোৱা নাছিল। তেওঁ জানিছিল যে এজন ব্যক্তিয়ে বিয়া কৰিব নে নকৰে, সেয়া তেওঁৰ ব্যক্তিগত নিৰ্ণয় হয়। তথাপিও পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক পৰামৰ্শ দিছিল যে যদি তেওঁলোকে অবিবাহিত হৈ যিহোৱাৰ সেৱা কৰিব বিচাৰে, তেনেহʼলে বেছি ভাল হʼব। (১ কৰিন্থীয়া ৭:৭-৯ পঢ়ক।) ইয়াৰপৰা বুজিব পাৰি যে পৌলে অবিবাহিত ভাই-ভনীসকলক কেতিয়াও তুচ্ছ বুলি গণ্য কৰা নাছিল। তেওঁ অবিবাহিত ভাই তীমথিয়ক এটা ডাঙৰ দায়িত্ব দিছিল। * (ফিলি. ২:১৯-২২) সেইবাবে, এজন অবিবাহিত ভাই মণ্ডলীৰ দায়িত্ব লোৱাৰ বাবে যোগ্য নহয় বুলি ভবাটো উচিত নহয়।—১ কৰি. ৭:৩২-৩৫, ৩৮.

৯. বিবাহ কৰা বা নকৰাৰ বিষয়ে আমি কেনে দৃষ্টিভংগী ৰখা উচিত?

যীচু আৰু পৌলে খ্ৰীষ্টানসকলক বিবাহ কৰাৰ প্ৰয়োজন আছে বুলি বা অবিবাহিত হৈ থকা উচিত বুলি শিকোৱা নাছিল। তেনেহʼলে আমি বিয়া কৰা বা নকৰাৰ বিষয়ে কেনে দৃষ্টিভংগী ৰখা উচিত? ইয়াৰ উত্তৰ অক্টোবৰ ১, ২০১২ চনৰ প্ৰহৰীদুৰ্গত (ইংৰাজী) দিয়া হৈছে। ইয়াত এইদৰে লিখা আছে, “বিয়া কৰা আৰু অবিবাহিত হৈ থকা এই দুয়োটাই ঈশ্বৰৰপৰা পোৱা এক আশীৰ্বাদ হয়। . . . অবিবাহিত হৈ থকাটো দুখৰ বিষয় বা লাজৰ বিষয় হয় বুলি যিহোৱাই নাভাবে।” আমিও যিহোৱাৰ দৰে অবিবাহিত ভাই-ভনীসকলক সন্মান কৰা উচিত।

যদি আমি অবিবাহিত ভাই-ভনীসকলক সন্মান কৰোঁ, তেনেহʼলে আমি কি নকৰিম? (অনুচ্ছেদ ১০ চাওক)

১০. আমি অবিবাহিত ভাই-ভনীসকলক কেনেকৈ সন্মান কৰিব পাৰোঁ?

১০ আমি অবিবাহিত ভাই-ভনীসকলৰ ভাবনাক আঘাত দিয়া উচিত নহয়। আমি এই কথা বুজা উচিত যে কিছুমান ভাই-ভনীয়ে বেলেগ কাৰণত অবিবাহিত হৈ আছে। কিছুমান ভাই-ভনীয়ে বিয়া নকৰিবলৈ নিৰ্ণয় লৈছে। আনহাতে, কিছুমান ভাই-ভনীয়ে বিয়া কৰিবলৈ বিচাৰিছে, কিন্তু তেওঁলোকে ভাল সংগী বিচাৰি পোৱা নাই। কিছুমান ভাই-ভনীৰ জীৱন সংগীৰ মৃত্যু হৈছে। এজন খ্ৰীষ্টানে যিয়েই কাৰণত অবিবাহিত হৈ নাথাকক কিয়, আমি তেওঁলোকক এয়া সোধা উচিত নহয় যে তেওঁলোকে কিয় বিয়া কৰা নাই আৰু আমি তেওঁলোকক সংগী বিচাৰি দিম বুলি কোৱাটোও উচিত নহয়। এয়া সঁচা যে কিছুমান খ্ৰীষ্টানে সংগী বিচাৰিবলৈ আনক কয়, কিন্তু যিসকল খ্ৰীষ্টানে আপোনাৰপৰা সহায় বিচৰা নাই আৰু যদি আমি তেওঁলোকক সংগী বিচাৰি দিম বুলি কওঁ, তেনেহʼলে তেওঁলোকক কেনেকুৱা লাগিব? (১ থিচ. ৪:১১; ১ তীম. ৫:১৩) আহক আমি চাওঁ, এই বিষয়ে কিছুমান ভাই-ভনীয়ে কি কয়।

১১-১২. আমাৰ কথা-বতৰাই অবিবাহিত ভাই-ভনীসকলক কেনেকৈ নিৰাশ কৰিব পাৰে?

১১ সৰ্বপ্ৰথমে আহক আমি এজন অবিবাহিত চাৰ্কিট ওভাৰচিয়াৰৰ বিষয়ে চাওঁ। তেওঁ নিজৰ দায়িত্ব ভালদৰে পালন কৰে। তেওঁ কয়, অবিবাহিত হৈ থকাৰ বহুতো লাভ আছে। কিন্তু কিছুমান ভাই-ভনীয়ে তেওঁক সোধে যে “আপুনি কিয় বিয়া কৰা নাই?” তেওঁ কয় যে যদিও ভাই-ভনীসকলে তেওঁৰ ভালৰ বিষয়ে ভাবে, কিন্তু এইদৰে সুধিলে তেওঁ নিৰাশ হৈ পৰে। বেথেলত সেৱা কৰা এজন অবিবাহিত ভায়ে এইদৰে কৈছে, “অবিবাহিত ভাই-ভনীসকলৰ প্ৰতি কিছুমান ভাই-ভনীৰ পুতৌ জন্মে। ভাই-ভনীসকলে অবিবাহিত হৈ থকাটো আশীৰ্বাদৰ পৰিৱৰ্তে এক বোজা যেন অনুভৱ কৰোৱায়।”

১২ বেথেলত সেৱা কৰা এগৰাকী অবিবাহিতা ভনীয়ে এইদৰে কয়, “কিছুমান লোকে ভাবে যে সকলো অবিবাহিত ভাই-ভনীয়ে সংগী বিচাৰি আছে। কিছুমান ভাই-ভনীয়ে অনুমান কৰে যে অবিবাহিত ভাই-ভনীসকলে একগোট হৈ থাকিলে তেওঁলোকে বিবাহৰ বাবে সংগী বিচাৰিছে। এবাৰ মোক বেথেলৰ কামৰ বাবে আন দেশলৈ পঠোৱা হৈছিল। মই তাত পোৱা দিনাখন মণ্ডলীৰ সভা আছিল। মই যিগৰাকী ভনীৰ ঘৰত আছিলোঁ, তাই মোক কৈছিল যে তেওঁলোকৰ মণ্ডলীত মোৰ বয়সৰ দুজন ভাই আছে। তাই স্পষ্ট কৰি দিছিল যে সংগী বিচৰাৰ উদ্দেশ্যেৰেই তাই মোক কোৱা নাই। কিন্তু ৰাজ্যগৃহত পোৱাৰ লগে লগে তাই মোক সেই দুজন ভাইৰ ওচৰলৈ লৈ গʼল। মই আৰু সেই দুজন ভাই লাজত পৰিলোঁ।”

১৩. কোন ভাই-ভনীসকলে এগৰাকী ভনীৰ বাবে ভাল উদাহৰণ ৰাখিছে?

১৩ বেথেলত সেৱা কৰা আন এগৰাকী অবিবাহিতা ভনীয়ে এইদৰে কয়, “মই এনে কিছুমান অবিবাহিত অগ্ৰগামী সেৱকসকলক জানোঁ, যিসকল বয়সত মোতকৈ ডাঙৰ হয়। তেওঁলোক সত্যত দৃঢ়, যিহোৱাৰ সেৱাত সম্পূৰ্ণ ধ্যান দিয়ে আৰু জীৱনত বহুতো ত্যাগ কৰে। তেওঁলোকে যিহোৱাৰ সেৱা কৰি আনন্দিত হৈছে আৰু মণ্ডলীতো বহুতো সহায় আগবঢ়ায়। অবিবাহিত হোৱাৰ বাবে তেওঁলোকে নিজকে আনতকৈ বৰ বুলি নাভাবে। তেওঁলোকৰ সংগী বা সন্তান নাই বুলি নিজকে তুচ্ছ বুলি গণ্য নকৰে।” যেতিয়া সকলোৱে এজনে-আনজনক সন্মান কৰে আৰু মূল্যৱান বুলি গণ্য কৰে, তেতিয়া মণ্ডলীত আনন্দ থাকে। কোনেও কাকো ঈৰ্ষা আৰু হেয়জ্ঞান নকৰে আৰু কাকো উচ্চ বুলি নাভাবে। সকলোৱে এজনে-আনজনক প্ৰেম কৰে।

১৪. আমি অবিবাহিত ভাই-ভনীসকলক কেনেকৈ সন্মান কৰিব পাৰোঁ?

১৪ যদি আমি অবিবাহিত ভাই-ভনীসকলৰ ভাল গুণবোৰৰ বাবে তেওঁলোকক মূল্যৱান বুলি গণ্য কৰোঁ, তেনেহʼলে তেওঁলোক আনন্দিত হʼব। অবিবাহিত হোৱাৰ বাবে আমি তেওঁলোকক হেয়জ্ঞান নকৰিম। তেওঁলোকে যিহোৱাৰ প্ৰতি কিমান বিশ্বাসী আমি তালৈ ধ্যান দিয়া উচিত। পৰিণামস্বৰূপে আমাৰ অবিবাহিত ভাই-ভনীসকলে কেতিয়াও নাভাবিব যে আমি তেওঁলোকক এইদৰে কৈছোঁ: ‘তোমালোকৰ মোৰ প্ৰয়োজন নাই।’ (১ কৰি. ১২:২১) ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে জানিব পাৰিব যে আমি তেওঁলোকক সন্মান কৰোঁ আৰু মণ্ডলীত তেওঁলোকৰ গুৰুত্বতা আছে।

আপোনাৰ ভাষা ভালদৰে কʼব নোৱাৰা ভাই-ভনীসকলক সন্মান কৰক

১৫. বেছিকৈ সেৱা কৰিবলৈ ভাই-ভনীসকলে কি ত্যাগ কৰিছে?

১৫ বিগত কিছু বছৰৰপৰা বহুতো ভাই-ভনীয়ে আন ভাষা শিকিছে যাতে তেওঁলোকে প্ৰচাৰ কাৰ্য্য বেছিকৈ কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিছে। প্ৰথমে তেওঁলোকে এনে মণ্ডলীত আছিল যʼত তেওঁলোকৰ মাতৃভাষাত সভা হৈছিল। কিন্তু তেওঁলোকে এতিয়া বেলেগ ভাষা কোৱা মণ্ডলীলৈ সেৱা কৰিবলৈ গৈছে, যʼত প্ৰচাৰকসকলৰ প্ৰয়োজন আছে। (পাঁচ. ১৬:৯) তেওঁলোকে এই নিৰ্ণয় স্ব-ইচ্ছাৰে লৈছে যাতে তেওঁলোকে যিহোৱাৰ সেৱা বেছিকৈ কৰিব পাৰে। এইটো সঁচা যে নতুন ভাষা শিকিবলৈ তেওঁলোকক সময় লাগিব, তথাপি তেওঁলোকে মণ্ডলীত বহুতো সহায় আগবঢ়ায়। তেওঁলোকৰ ভাল গুণ আৰু অনুভৱৰ বাবে মণ্ডলী দৃঢ় হয়। নিজৰ জীৱনত বহুতো ত্যাগ কৰা এই ভাই-ভনীসকলক আমি সন্মান কৰোঁ।

১৬. এজন ভাইৰ বাবে অনুৰোধ কৰিবলৈ প্ৰাচীনসকলে কি কথাৰ ওপৰত ধ্যান দিব?

১৬ যদিও এজন ভায়ে নতুন মণ্ডলীৰ ভাষা ভালকৈ কʼব নোৱাৰে, তথাপি তেওঁৰ যদি প্ৰাচীন বা পৰিচাৰক হোৱাৰ যোগ্যতা আছে, তেনেহʼলে প্ৰাচীন গোষ্ঠীয়ে তেওঁৰ বাবে অনুৰোধ কৰিব। তেওঁ মণ্ডলীৰ ভাষা ভালদৰে কʼব পাৰিছে নে নাই, সেয়া চোৱাৰ পৰিৱৰ্তে তেওঁলোকে লক্ষ্য কৰিব যে প্ৰাচীন আৰু পৰিচাৰক হোৱাৰ বিষয়ে বাইবেলত দিয়া যোগ্যতা তেওঁৰ আছে নে নাই।—১ তীম. ৩:১-১০, ১২, ১৩; তীত ১:৫-৯.

১৭. আন দেশত গৈ বাস কৰা সত্য খ্ৰীষ্টানৰ পৰিয়ালে কি নিৰ্ণয় লʼবলগীয়া হয়?

১৭ কিছুমান সত্য খ্ৰীষ্টানৰ পৰিয়ালে নিজৰ দেশৰ বেয়া পৰিস্থিতিৰপৰা ৰক্ষা পাবলৈ বা চাকৰিৰ বাবে আন দেশলৈ যায়। তাত তেওঁলোকৰ লʼৰা-ছোৱালীৰ লিখা-পঢ়া সেই দেশৰ মুখ্য ভাষাত হয়। পিতৃ-মাতৃসকলেও চাকৰি পাবলৈ সেই দেশৰ ভাষা শিকিবলগীয়া হয়। যদি সেই নতুন দেশত তেওঁলোকৰ নিজৰ ভাষাত কোনো মণ্ডলী বা সমূহ আছে, তেনেহʼলে তেওঁলোকে কি কৰিব? তেওঁলোকে কোনটো ভাষাৰ মণ্ডলীলৈ যোৱা উচিত? সেই দেশৰ মুখ্য ভাষাৰ মণ্ডলীলৈ নে নিজৰ ভাষাৰ মণ্ডলীলৈ?

১৮. গালাতীয়া ৬:৫ পদৰ অনুসৰি পৰিয়ালে লোৱা নিৰ্ণয়ক আমি কিয় সন্মান দেখুৱা উচিত?

১৮ এই ক্ষেত্ৰত পৰিয়ালে কোনখন মণ্ডলীলৈ যাব, তাৰ বিষয়ে পৰিয়ালৰ মুৰব্বীয়ে নিৰ্ণয় লোৱা উচিত। তেওঁৰ পৰিয়ালৰ বাবে কি ভাল, সেয়া মুৰব্বীয়ে বিবেচনা কৰা উচিত। (গালাতীয়া ৬:৫ পঢ়ক।) এয়া পৰিয়ালৰ ব্যক্তিগত নিৰ্ণয় হয়। সেইবাবে, পৰিয়ালৰ মুৰব্বীয়ে যিয়েই নিৰ্ণয় নলওক কিয়, তাক আমি সন্মান কৰা উচিত। যেতিয়া এনে পৰিয়াল আমাৰ মণ্ডলীলৈ আহে, তেতিয়া আমি তেওঁলোকক আন্তৰিকতাৰে আদৰণি জনোৱা উচিত আৰু প্ৰেম দেখুৱা উচিত।—ৰোম. ১৫:৭.

১৯. পৰিয়ালৰ মুৰব্বীয়ে কি নিৰ্ণয় ভাবি-চিন্তি লোৱা উচিত?

১৯ কিছুমান পৰিয়ালে নিজৰ ভাষা কোৱা মণ্ডলীত সেৱা কৰিছে। কিন্তু লʼৰা-ছোৱালীয়ে হয়তো নিজৰ মাতৃভাষা ভালদৰে কʼব নোৱাৰে। সেইবাবে, লʼৰা-ছোৱালীয়ে সভাৰপৰা একো শিকিব পৰা নাই আৰু আধ্যাত্মিকভাৱে উন্নতি কৰিব পৰা নাই। এইদৰে হোৱাৰ কাৰণ কি? কিয়নো লʼৰা-ছোৱালীয়ে সেই দেশৰ ভাষাত লিখা-পঢ়া কৰে। এনে পৰিস্থিতিত পৰিয়ালৰ মুৰব্বীয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰি ভাবি-চিন্তি নিৰ্ণয় লোৱা উচিত যে তেওঁ কি কৰিলে ভাল হʼব, যাতে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে আৰু ভাই-ভনীসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে। পৰিয়ালৰ মুৰব্বীয়ে লʼৰা-ছোৱালীক মাতৃভাষা ভালদৰে শিকাব পাৰে নাইবা লʼৰা-ছোৱালীয়ে বুজি পোৱা ভাষাৰ মণ্ডলীলৈ নিজৰ পৰিয়ালক লৈ যাব পাৰে। পৰিয়ালৰ মুৰব্বীয়ে যিয়েই নিৰ্ণয় নলওক কিয়, এয়া তেওঁলোকৰ ব্যক্তিগত নিৰ্ণয় হয়। যদি আমাৰ মণ্ডলীলৈ এনে পৰিয়াল আহে, তেনেহʼলে আমি তেওঁলোকৰ সন্মান কৰা উচিত আৰু তেওঁলোকক মূল্যৱান বুলি ভবা উচিত।

নতুন ভাষা শিকা ভাই-ভনীসকলক আমি কেনেকৈ সন্মান দেখুৱাব পাৰোঁ? (অনুচ্ছেদ ২০ চাওক)

২০. নতুন ভাষা শিকি থকা ভাই-ভনীসকলক আমি কেনেকৈ সন্মান দেখুৱাব পাৰিম?

২০ আমি আলোচনা কৰাৰ দৰে বহুতো মণ্ডলীত এনে ভাই-ভনীসকল আছে, যিসকলে নতুন ভাষা শিকিবলৈ পৰিশ্ৰম কৰিছে। যদিও তেওঁলোকে নতুন ভাষা ভালদৰে কʼব নোৱাৰে, কিন্তু তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু তেওঁৰ সেৱা কৰিব বিচাৰে। যদি আমি তেওঁলোকৰ ভাল গুণবোৰৰ প্ৰতি ধ্যান দিওঁ, তেনেহʼলে আমি তেওঁলোকক অন্তৰৰপৰা সন্মান দেখুৱাব পাৰিম। তেওঁলোকে আমাৰ ভাষা ভালদৰে কʼব নোৱাৰাৰ বাবে আমি তেওঁলোকক নকম যে ‘তোমালোকৰ মোৰ প্ৰয়োজন নাই।’

যিহোৱাৰ দৃষ্টিত আমি সকলোৱে মূল্যৱান

২১-২২. আমি কি কথাৰ বাবে কৃতজ্ঞ?

২১ আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ মণ্ডলীৰ প্ৰতিজনকে মূল্যৱান বুলি গণ্য কৰে। আমি পুৰুষ হওঁ বা তিৰোতা, বিবাহিত হওঁ বা অবিবাহিত, বৃদ্ধ হওঁ বা ডেকা, আমি কোনো এটা ভাষা কʼব পাৰোঁ বা নোৱাৰোঁ, আমি সকলোৱে যিহোৱা আৰু এজনে-আনজনৰ দৃষ্টিত মূল্যৱান।—ৰোম. ১২:৪, ৫; কল. ৩:১০, ১১.

২২ পৌলে দিয়া শৰীৰৰ উদাহৰণৰপৰা আমি বহুতো কথা শিকিলোঁ। আহক আমি সেইবোৰ কথা নিজৰ জীৱনত পালন কৰি থাকোঁ। এইদৰে কৰিলে আমি বুজিব পাৰিম যে যিহোৱাৰ মণ্ডলীত আমিও গুৰুত্বপূৰ্ণ আৰু আমি আন ভাই-ভনীসকলক সন্মান কৰিম।

গীত ৯০ এজনে-আনজনক উৎসাহিত কৰক

^ অনু. 5 যিহোৱাৰ লোকসকল বিভিন্ন পৃষ্ঠভূমিৰপৰা আহিছে আৰু তেওঁলোকে মণ্ডলীত বেলেগ বেলেগ ভূমিকা পালন কৰে। মণ্ডলীৰ প্ৰতিজন ভাই-ভনীকে সন্মান কৰাটো কিয় গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে এই লেখে আমাক বুজিবলৈ সহায় কৰিব।

^ অনু. 8 তীমথিয়ই গোটেই জীৱন অবিবাহিত হৈ আছিল বুলি আমি নিশ্চিতভাৱে কʼব নোৱাৰোঁ।