অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
যিহোৱাৰ বিষয়ে আধ্যাত্মিক ৰত্ন বিচাৰক
যেতিয়া আমি বাইবেলৰ কোনো এটা অধ্যায় পঢ়োঁ, তেতিয়া আমি আন প্ৰকাশনবোৰত অনুসন্ধান কৰি ইয়াক ভালদৰে বুজিব পাৰোঁ। কিন্তু আমি কেৱল বাইবেলৰ ওপৰত জ্ঞান বঢ়াব নিবিচাৰোঁ। আমি এনে ৰত্ন বিচাৰি উলিয়াব লাগিব যিয়ে যিহোৱাক ভালদৰে জানিবলৈ আৰু তেওঁক বেছিকৈ প্ৰেম কৰিবলৈ আমাক সহায় কৰিব। সেইবাবে, যেতিয়া আমি বাইবেল পঢ়োঁ, তেতিয়া আমি ভাবিব পাৰোঁ, ‘এই ঘটনাৰ পৰা মই যিহোৱাৰ বিষয়ে কি শিকিলোঁ?’
আমি চিন্তা কৰিব পাৰোঁ যে কি কথাৰ পৰা জানিব পাৰি যিহোৱাই আমাক বহুত প্ৰেম কৰে, তেওঁ বহুত বুদ্ধিমান হয়, সদায় ন্যায় কৰে আৰু বহুত শক্তিশালী। কিন্তু যিহোৱাৰ আৰু বহুতো ভাল ভাল গুণ আছে। আপুনি ইয়াৰ বিষয়ে বেছিকৈ ক’ৰ পৰা জানিব পাৰে?
যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “যিহোৱা ঈশ্বৰ” বিষয়ৰ তলত দিয়া উপশীৰ্ষক “যিহোৱাৰ গুণবোৰ” চাওক। তাৰ পাছত বাইবেলৰ সেই ভাগৰ পৰা আপুনি যিহোৱাৰ যি গুণবোৰৰ বিষয়ে জানিলে, তাৰ বিষয়ে আৰু বেছিকৈ বুজিবলৈ অনুসন্ধান গাইডত দিয়া লেখ পঢ়ক।