Skip to content

Skip to table of contents

যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায় তেতিয়া কি কৰিম?

যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায় তেতিয়া কি কৰিম?
  • “মোৰ এনে লাগিছিল যে মোৰ স্বামীয়ে বহু বাৰ ব্যভিচাৰ কৰিলে।”

  • “মই কাৰো লগত চকু মিলাব পৰা নাছিলোঁ। মোৰ অনুভৱ হৈছিল যে মই দেখাত ধুনীয়া নহয় আৰু মই একো কামৰ যোগ্য নহয়।”

  • “মই এই বিষয়ে কাকো একো ক’ব পৰা নাছিলোঁ। মই ভিতৰে ভিতৰে বহুত দুৰ্বল হৈ গৈছিলোঁ।”

  • “মোৰ এনে লাগিছিল যে যিহোৱাই মোৰ বিষয়ে একোৱেই চিন্তা নকৰে।”

এইবোৰ কথাৰ পৰা জানিব পাৰি যে যদি এজন পুৰুষে পৰ্ণগ্ৰাফী a চায়, তেনেহ’লে ইয়াৰ তেওঁৰ পত্নীৰ ওপৰত কি প্ৰভাৱ পৰে। যদি এজন পুৰুষে কেইবা বছৰ বা মাহ ধৰি লুকাই লুকাই পৰ্ণগ্ৰাফী চাই, তেতিয়া তেওঁৰ পত্নীয়ে ভাবিব পাৰে যে এতিয়াৰ পৰা তেওঁৰ ওপৰত ভৰসা কৰিব নোৱাৰিম। এগৰাকী তিৰোতাই এইদৰে কৈছে, “মই বিশ্বাস কৰিব নোৱাৰিছিলোঁ যে এওঁ মোৰ স্বামী হয়। নাজানোঁ তেওঁ মোৰ পৰা আৰু কিমান কথা লুকুৱাই ৰাখিছে।”

এই লেখ এনে তিৰোতাসকলক মনত ৰাখি প্ৰস্তুত কৰা হৈছে যাৰ স্বামীয়ে পৰ্ণগ্ৰাফী চাবলৈ আৰম্ভ কৰিছে। b এই লেখত বাইবেলৰ এনে কিছুমান সিদ্ধান্তৰ বিষয়ে বুজোৱা হৈছে যাৰ যোগেদি সেই তিৰোতাসকলে শান্ত্বনা পাব আৰু তেওঁলোকৰ বিশ্বাস হ’ব যে যিহোৱাই তেওঁলোকক প্ৰেম কৰে আৰু সহায় কৰিব বিচাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে মনৰ শান্তি লাভ কৰিব আৰু যিহোৱাৰ কাষ চাপি আহিব পাৰিব। c

আপুনি কি কৰিব পাৰে?

আপুনি আপোনাৰ স্বামীৰ সকলো কামৰ ওপৰত নজৰ ৰাখিব নোৱাৰে আৰু বেয়া কাম কৰাৰ পৰা তেওঁক ৰখাবও নোৱাৰে। কিন্তু আপুনি এনে কিছুমান পদক্ষেপ ল’ব পাৰে যাৰ বাবে আপোনাৰ চিন্তা অলপ কম হৈ যাব পাৰে আৰু আপুনি মনৰ শান্তিও পাব। আহক আমি এনে কিছুমান কথাৰ ওপৰত ধ্যান দিম।

নিজকে দোষ নিদিব। যিজনী তিৰোতাৰ স্বামীয়ে পৰ্ণগ্ৰাফী চায় তেওঁ হয়তো ভাবিব পাৰে যে ইয়াৰ বাবে তেওঁ নিজে দায়ী। এলিচে d ভাবিছিল যে তাই দেখাত ধুনীয়া নহয় বা তেওঁৰহে কিবা দোষ আছে। তাই এইদৰে ভাবিছিল, “মোৰ স্বামীয়ে মোৰ বাহিৰে আন তিৰোতাসকলক কিয় চায়?” কিছুমান পত্নীয়ে ভাবে যে নিজৰ ব্যৱহাৰৰ বাবে পৰিস্থিতি বেয়ালৈ ঢাল খালে। ডেনিয়েলৰ স্বামীও পৰ্ণগ্ৰফী চায়। তেওঁ এইদৰে কৈছে, “নিজৰ স্বামীৰ ওপৰত মোৰ বহুত খং উঠিছিল, কিন্তু এয়াও ভাবিছিলোঁ যে তেওঁৰ ওপৰত খং কৰাৰ বাবেই আজি পৰিস্থিতি এইদৰে হৈছে।”

যদি আপুনিও এইদৰে অনুভৱ কৰে, তেনেহ’লে মনত ৰাখক যিহোৱাই কেতিয়াও আপোনাক আপোনাৰ স্বামীৰ কামৰ বাবে দায়ী নকৰে। যাকোব ১:১৪ পদত লিখা আছে, “প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়।” (ৰোম. ১৪:১২; ফিলি. ২:১২) আপোনাক দোষ দিয়াৰ পৰিৱৰ্তে যিহোৱাই এই কথাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞ হয় যে আপুনি তেওঁৰ বিশ্বাসী হৈ আছে।—২ বং. ১৬:৯.

এই কথাও মনত ৰাখক যে যদি এজন পুৰুষে পৰ্ণগ্ৰাফী চায়, তেনেহ’লে ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁৰ পত্নীৰ কিবা দোষ আছে বা তাই দেখাত ধুনীয়া নহয়। এই বিষয়ে এজন বিশেষজ্ঞই কয় যে পৰ্ণগ্ৰাফী দেখিলে এজন পুৰুষৰ চেক্সৰ প্ৰতি তেওঁৰ ইচ্ছা ইমানেই বাঢ়ে যে তাক কোনো তিৰোতাই পূৰ কৰিব নোৱাৰে।

বেছিকৈ চিন্তা নকৰিব। কেথৰিনৰ মনত দিনে-ৰাতিয়ে এটাই কথা চলি আছিল যে তাইৰ স্বামীয়ে পৰ্ণগ্ৰাফী চায়। ফ্ৰান্ছীছে এইদৰে কৈছে, “যেতিয়া মই মোৰ স্বামী ক’ত আছে আৰু কি কৰি আছে এই কথা নাজানিছিলোঁ, তেতিয়া মই বহুত চিন্তিত হৈ পৰিছিলোঁ। গোটেই দিন মই চিন্তাই কৰিথাকোঁ।” কিছুমান পত্নীয়ে এইদৰে কৈছে যে যেতিয়া তেওঁলোকে সেই খ্ৰীষ্টানসকল লগ পাই যিসকলে হয়তো তেওঁলোকৰ স্বামীৰ এই অভ্যাসৰ বিষয়ে জানে, তেনে পৰিস্থিতিত তেওঁলোকে বৰ লাজ অনুভৱ কৰে। আন কিছুমানে এইদৰে কৈ যে তেওঁলোকে বহুত অকলশৰীয়া অনুভৱ কৰে, কাৰণ ভাবে যে তেওঁলোকে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে তাক কোনেও বুজিব নোৱাৰে।

এনে পৰিস্থিতিত এনেধৰণৰ চিন্তা আহাটো স্বাভাৱিক। কিন্তু আপুনি ইয়াৰ বিষয়ে বেছি ভাবি নাথাকিব নহʼলে আপুনি বহুত চিন্তিত হৈ পৰিব পাৰে। সেইবাবে, যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক মজবুত কৰক। এনে কৰিলে আপুনি পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আৰু শক্তি লাভ কৰিব।—গীত. ৬২:২; ইফি. ৬:১০.

বাইবেলত সেই তিৰোতাসকলৰ ঘটনাৰ বিষয়ে পঢ়ক আৰু মনন কৰক, যিসকল বহুত সমস্যাৰ সন্মুখীনহৈছিল। কিন্তু তেওঁলোকে যিহোৱাক প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাই তেওঁলোকক শান্ত্বনা দিলে। যিহোৱাই সকলোৰে সমস্যা দূৰ কৰা নাছিল কিন্তু তেওঁলোকক মনৰ শান্তি দিছিল। হান্নাৰ বিষয়ে চিন্তা কৰক, তেওঁ নিজৰ পৰিস্থিতিৰ বাবে “মনৰ বেজাৰেৰে” ভৰি পৰিছিল। কিন্তু যেতিয়া তাই ‘যিহোৱাৰ ওচৰত দীঘল প্ৰাৰ্থনা’ কৰিলে, তেতিয়া তেওঁ মনৰ শান্তি লাভ কৰিলে। তেওঁ এয়া জনা নাছিল যে আগলৈ গৈ কি হ’ব কিন্তু প্ৰাৰ্থনা কৰাৰ পাছত তাই মনৰ শান্তি পালে।—১ চমূ. ১:১০, ১২, ১৮; ২ কৰি. ১:৩, ৪.

পতি-পত্নী দুয়োজনে প্ৰাচীনসকলৰ পৰা সহায় লোৱাৰ প্ৰয়োজন হব পাৰে

মণ্ডলীৰ প্ৰাচীনসকলৰ পৰা সহায় লওক। তেওঁলোক ‘বতাহৰ পৰা লুকুৱা ঠাই আৰু ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাইৰ’ নিচিনা হয়। (যিচ. ৩২:২) তেওঁলোকে হয়তো আপোনাক এনে কোনো ভনীৰ লগত কথা পাতিবলৈ উৎসাহিত কৰিব পাৰে যাক আপুনি নিজৰ মনৰ কথা খুলি ক’ব পাৰে আৰু তাৰ পৰা শান্ত্বনা লাভ কৰিব পাৰে।—হিতো. ১৭:১৭.

আপুনি নিজৰ স্বামীক সহায় কৰিব পাৰিবনে?

পৰ্ণগ্ৰাফী চোৱাৰ বেয়া আভ্যাস এৰিবলৈ আপুনি নিজৰ স্বামীক সহায় কৰিব পাৰিবনে? নিশ্চয় পাৰিব। বাইবেলত এইদৰে বুজোৱা হৈছে যে কিবা এটা সমস্যা সমাধান কৰিবলৈ বা কোনো এজন শক্তিশালী শত্ৰুক হৰুৱাবলৈ “এজনতকৈ দুজন ভাল।” (উপ. ৪:৯-১২) কিছুমান বিশেষজ্ঞই কয় যে যেতিয়া পতি-পত্নীয়ে ইজনে-সিজনক সহায় কৰে, তেতিয়া বহুতো স্বামীয়ে এই বেয়া অভ্যাস এৰিবলৈ সফল হয় আৰু তেওঁৰ পত্নীসকলে পুনৰ তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব পাৰে।

আপোনাৰ স্বামীয়ে এই বেয়া অভ্যাস এৰিব নে নেৰে, এয়া বহু পৰিমানে তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁ এই অভ্যাসটো এৰিবলৈ দৃঢ় সংকল্প লৈছেনে বা পৰিশ্ৰম কৰিছেনে? তেওঁ যিহোৱালৈ মিনতি কৰি আছেনে যাতে এইদৰে কৰিবলৈ তেওঁ সাহস লাভ কৰে আৰু ইয়াৰ বিষয়ে তেওঁ প্ৰাচীনসকলৰ লগত কথা পাতিছিনে? (২ কৰি. ৪:৭; যাকো. ৫:১৪, ১৫) তেওঁ এনে কিবা কৰাৰ বিষয়ে ভাবিছেনে যাৰ বাবে তেওঁৰ মনলৈ পৰ্ণগ্ৰাফী চোৱাৰ বেয়া চিন্তা নাহে? যেনে, তেওঁ ভাবিছেনে যে তেওঁ ফোন, টেবলেট বা কম্পিউটাৰ ভাবি-চিন্তি ব্যৱহাৰ কৰিব যাতে তেওঁ এনে পৰিস্থিতিত নপৰে যাৰ বাবে পৰ্ণগ্ৰাফী চোৱাৰ ইচ্ছা তেওঁ মনলৈ আহে? (হিতো. ২৭:১২) তেওঁ আপোনাৰ পৰা সহায় লʼবলৈ আৰু সকলো কথা সঁচাকৈ কʼবলৈ সাজু আছেনে? যদি আছে, তেনেহ’লে আপুনি তেওঁক সহায় কৰিব পাৰে।

আপুনি এয়া কেনেকৈ কৰিব পাৰে? ভনী ফেলিচিয়াৰ উদাহৰণল মন কৰক। তাইৰ স্বামী ইথানৰ সৰুৰে পৰা পৰ্ণগ্ৰাফী চোৱাৰ অভ্যাস আছিল। কিন্তু ফেলিচিয়াই সদায় ধৈৰ্য্য ধৰিছিল আৰু নিজৰ স্বামীৰ কথা শুনিবলৈ সাজু থাকিছিল। সেইবাবে, যেতিয়াই তেওঁৰ স্বামীৰ পৰ্ণগ্ৰাফী চাবলৈ মন যায়, তেতিয়া তেওঁ সহজে তাইৰ লগত কথা পাতিব পাৰে। ইথানে এইদৰে কৈছে, “মই মোৰ পত্নীক সকলো কথা খুলি কৈছিলোঁ, তাইৰ পৰা একো লুকুৱাই ৰখা নাছিলোঁ। তাই মোক কিছুমান সীমা বান্ধিবলৈ মৰমেৰে সহায় কৰিছিল যাতে পৰ্ণগ্ৰাফী নাচাওঁ আৰু তাই মোৰ লগত সময়ে সময়ে এই বিষয়ে কথা পাতিছিল। তাইৰ সহায়ৰ বাবে মই এটা সীমাত থাকি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ।” নিজৰ স্বামীৰ এই পুৰণি অভ্যাসৰ বাবে ফেলিচিয়াক বেয়া লাগিছিল, কিন্তু তাই কৈছে যে “যদি মই তেওঁৰ ওপৰত খং কৰি থাকোঁ বা কওঁ যে মই তেওঁৰ বাবে কিমান দুখিত, তেনেহ’লে পৰ্ণগ্ৰাফীৰ পৰা আঁতৰি থাকিবলৈ তেওঁৰ বাবে সহজ নহ’ব। আমি দুয়োজনে মিলি এই সমস্যাৰ পৰা কেনেকৈ ওলাই আহিব পাৰি, তাৰ বিষয়ে কথা পাতিছিলোঁ আৰু তেওঁ মোক বেছিকৈ দুখ অনুভৱ নকৰিবলৈ সহায় কৰিছিল।”

এইদৰে কথা পাতিলে এজন স্বামীয়ে এই অভ্যাস এৰাত সহায় পোৱাৰ লগতে তেওঁৰ পত্নীয়েও তেওঁৰ ওপৰত পুনৰ ভৰসা কৰিবলৈ আৰম্ভ কৰে। কাৰণ যেতিয়া এজন স্বামীয়ে নিজৰ পত্নীক সকলো কথা খুলি কয় যে তেওঁ কেনে অনুভৱ কৰিছে, গোটেই দিনটো তেওঁ কি কৰে, কʼলৈ যায়, তেনেহ’লে তেওঁলোকৰ মাজত একো কথা লুকাই নাথাকিব।

আপুনি এইদৰে নিজৰ স্বামীক সহায় কৰিব বিচাৰেনে? তেনেহ’লে আপোনালোকে দুয়োজনে এই লেখটো পঢ়ক আৰু ইয়াৰ বিষয়ে কথা পাতক। এই অভ্যাস এৰা আৰু কিছুমান পদক্ষেপ লোৱাটো তেওঁৰ লক্ষ্য হোৱা উচিত যাতে আপুনি তেওঁৰ ওপৰত আকৌ ভৰসা কৰিব পাৰে। আপুনি তেওঁক সহায় কৰিব বিচাৰে, সেইবাবে তেওঁ আপোনাৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে এয়া বুজিবলৈ চেষ্টা কৰা উচিত যে এই অভ্যাসৰ বাবে আপোনাৰ ওপৰত কেনে প্ৰভাৱ পৰি আছে। এই অভ্যাস এৰিবলৈ আপুনি নিজৰ স্বামীক সম্পূৰ্ণৰূপে সহায় কৰাটো আৰু আপোনাৰ ভৰসা আকৌ জিকিবলৈ তেওঁক সুযোগ দিয়াটো আপোনাৰ লক্ষ্য হোৱা উচিত। আপোনালোকে এয়া বুজিবলৈ চেষ্টা কৰা উচিত যে লোকসকল কিয় পৰ্ণগ্ৰাফী চাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে কেনেকৈ এই অভ্যাসৰ পৰা ওলাই আহিব পাৰে। e

যদি আপোনাৰ অনুভৱ হয় যে এই বিষয়ে কথা পাতোঁতে আপোনালোকৰ মাজত তৰ্ক-বিৰ্তক হʼব পাৰে, তেনেহʼলে এজন প্ৰাচীনৰ সহায় লওক যাতে এনেধৰণৰ কথা পাতোঁতে তেওঁ আপোনালোকৰ লগত বহে আৰু আপোনালোকৰ সহায়ো কৰে। মনত ৰাখক এই অভ্যাস এৰাৰ পাছতো আপোনাৰ স্বামীৰ ওপৰত পুনৰ ভৰসা কৰিবলৈ আপোনাক অলপ সময়ৰ প্ৰয়োজন হ’ব পাৰে, কিন্তু আশা এৰি নিদিব। আপোনালোৰ স্বামীয়ে আপোনালোকৰ দুয়োজনৰ মাজত থকা সম্পৰ্কক অলপো ভাল কৰিবলৈ যি কৰে, তাৰ প্ৰতি ধ্যান দিয়ক। এদিন আপোনালোকৰ সম্পৰ্ক ভাল হ’ব বুলি আশা ৰাখক আৰু ধৈৰ্য্য ধৰক।—উপ. ৭:৮; ১ কৰি. ১৩:৪.

এই অভ্যাসটো নেৰিব বুলি অনুভৱ হ’লে

যদি আপোনাৰ স্বামীয়ে এই অভ্যাস এৰাৰ পাছতো পৰ্ণপ্ৰাফী চায়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া হয়নে যে তেওঁ অনুতাপ কৰা নাই আৰু তেওঁ কেতিয়াও সলনি নহʼব। এইদৰে নহয়। যিসকল লোকক ইয়াৰ অভ্যাস হৈছিল, তেওঁলোকৰ মাজৰ কিছুমানক গোটেই জীৱন এই অভ্যাসৰ লগত যুজিবলগীয়া হৈছে। কেইবা বছৰ ধৰি এই অভ্যাসৰ পৰা দূৰত থকাৰ পাছতো এজন ব্যক্তি আকৌ এই অভ্যাসত পৰিব পাৰে। তেওঁৰ লগত যাতে আকৌ এইদৰে নহওক তাৰ বাবে তেওঁ কি কৰিব পাৰে? তেওঁ এই অভ্যাসটো এৰিবলৈ নিজৰ লগত আগতে যিদৰে কঠোৰ ব্যৱহাৰ কৰিছিল তাতকৈ আৰু বেছি কঠোৰ ব্যৱহাৰ কৰা উচিত। যদি তেওঁৰ অনুভৱ হয় যে তেওঁ এই দুৰ্বলতাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিছে তাৰ পাছতো তেওঁক হয়তো নিজৰ লগত কঠোৰতাৰে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে। (হিতো. ২৮:১৪; মথি ৫:২৯; ১ কৰি. ১০:১২) তেওঁ “নিজ নিজ মনৰ আত্মাত নতুন কৰা” আৰু দুষ্টতাক ঘিণ কৰা উচিত। যেনে, হয়তো পৰ্ণগ্ৰাফী বা হস্তমৈথুনৰ দৰে আন অশ্লীল কামবোৰ। (ইফি. ৪:২৩; গীত. ৯৭:১০; ৰোম. ১২:৯) তেওঁ এইদৰে কৰাৰ বাবে সাজু আছেনে? যদি আছে, তেনেহʼলে তেওঁ এই অভ্যাসৰ পৰা একেবাৰে ওলাই আহিব পাৰিব। f

যিহোৱাৰ লগত নিজৰ সৰ্ম্পকক মজবুত কৰিবলৈ চেষ্টা কৰক

যদি আপোনাৰ স্বামীয়ে সলনি হ’বলৈ নিবিচাৰে, তেনেহʼলে আপুনি কি কৰিব? সঁচাকৈ আপুনি বহুত দুখ অনুভৱ কৰিব আৰু আপোনাক বহুত খং উঠিব। হয়তো এয়াও লাগিব পাৰে যে আপোনাৰ স্বামীয়ে আপোনাৰ লগত বিশ্বাসঘাত কৰিলে। এনে সময়ত আপোনাৰ বোজা যিহোৱাৰ ওপৰত পেলাই দিয়ক। তেওঁ আপোনাক মনৰ শান্তি দিব। (১ পিত. ৫:৭) অধ্যয়ন, মনন আৰু প্ৰাৰ্থনা কৰক। এইদৰে যেতিয়া আপুনি যিহোৱাৰ কাষ চাপিবলৈ চেষ্টা কৰিব, তেতিয়া যিহোৱাও আপোনাৰ কাষ চাপি আহিব। যিচয়া ৫৭:১৫ পদত লিখা আছে যে যিহোৱা সেই লোকসকলৰ লগত থাকে, যিসকল “ভগ্নচিত্তিয়া আৰু নম্ৰ মনৰ” লোক হয় যাতে তেওঁলোকে আনন্দ পাব পাৰে। বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থাকক। প্ৰাচীনসকলৰ সহায় লওক। আপোনাৰ স্বামীয়ে এদিন নহয় এদিন অনুতাপ কৰিব আৰু নিজকে সলনি কৰিব বুলি আশা এৰি নিদিব।—ৰোম. ২:৪; ২ পিত. ৩:৯.

a পৰ্ণগ্ৰাফীৰ অৰ্থ হৈছে এনে অশ্লীল ভিডিঅʼ, ছবি, লেখ বা সংগীত যিবোৰ এনেদৰে প্ৰস্তুত কৰা হয় যাতে এজন ব্যক্তিৰ মনত চেক্স কৰিবলৈ ইচ্ছা জাগে।

b এই লেখ এনেদৰে প্ৰস্তুত কৰা হৈছে যেন এজনী পত্নীৰ স্বামীয়ে পৰ্ণগ্ৰাফী চাই আছে। কিন্তু ইয়াত দিয়া লেখ আৰু সিদ্ধান্তবোৰ এনে এজন স্বামীকো সহায় কৰিব পাৰে যাৰ পত্নীয়ে পৰ্ণগ্ৰাফী চায়।

c যদি এজন ব্যক্তিয়ে পৰ্ণগ্ৰাফী চায়, তেনেহ’লে বাইবেলৰ অনুসৰি ইয়াৰ বাবে তেওঁৰ সংগীয়ে তেওঁৰ পৰা বিবাহ-বিচ্ছেদ কৰিব নোৱাৰে।—মথি ১৯:৯.

d কিছুমান নাম সলনি কৰা হৈছে।

e আপুনি এই বিষয়ে jw.org-ত আমাৰ প্ৰকাশনবোৰত দিয়া তথ্য পঢ়িব পাৰে। যেনে, jw.org-ত (হিন্দী) দিয়া লেখ “পৰ্ণগ্ৰাফীৰ বাবে আপোনাৰ বিবাহিত জীৱন ধ্বংস হ’ব পাৰে” আৰু “অশ্লীল ছবি আৰু ভিডিঅ’ চোৱাত কিবা ভুল আছেনে?” আৰু জুলাই ১, ২০১৪ চনৰ প্ৰহৰীদুৰ্গৰ পৃষ্ঠা ৯-১১-ত দিয়া লেখ “আপুনি নিজকে বেয়া অভ্যাসৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে?” চাওক।

f পৰ্ণগ্ৰাফী চোৱাৰ অভ্যাস এৰাটো কঠিন হয়। সেইবাবে কিছুমান পতি-পত্নীসকলে প্ৰাচীনসকলৰ পৰা সহায় লোৱাৰ উপৰিও তেওঁলোকে ডাক্তৰ আৰু বিশেষজ্ঞৰ পৰাও পৰামৰ্শ লয়।