পাঠকসকলৰ প্ৰশ্ন
২ থিচলনীকীয়া ৩:১৪ পদৰ অনুসৰি কাৰোবাৰ ওপৰত দৃষ্টি ৰখাৰ নিৰ্ণয় প্ৰাচীনসকলৰ সমিতিয়ে লোৱা উচিত নে প্ৰচাৰকে?
পাঁচনি পৌলে থিচলনীকীয়াৰ খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল, “কোনোবাই যদি সেই কথাবোৰ পালন নকৰে, যিবোৰ আমি এই চিঠিখনত কৈছোঁ, তেনেহʼলে এনে মানুহৰ ওপৰত দৃষ্টি ৰাখা (আক্ষ., “ওপৰত চিন দিয়া”)। (২ থিচ. ৩:১৪) আগতে আমি আমাৰ প্ৰকাশনবোৰত কৈছিলোঁ যে পৌলে এই নিৰ্দেশনা প্ৰাচীনসকলক দিছিল। আমি এয়াও জনাইছিলোঁ যে বাৰে বাৰে পৰাৰ্মশ দিয়াৰ পাছতো যদি এজন ব্যক্তিয়ে বাইবেলৰ পৰামৰ্শ পালন কৰিবলৈ অস্বীকাৰ কৰে, তেনেহʼলে প্ৰাচীনে মণ্ডলীক সাৱধান কৰিবলৈ এটা ভাষণ দিব পাৰে। ইয়াৰ পাছত মণ্ডলীৰ প্ৰচাৰকে তেওঁৰ লগত বেলেগকৈ সময় কটাবলৈ আৰু মনোৰঞ্জন কৰিবলৈ বন্ধ কৰি দিছিল।
কিন্তু এই বিষয়ে আমাৰ বুজা-বুজিত সাল-সলনি কৰাৰ প্ৰয়োজন আছে। এনে লাগে যেন পৌলে এই পৰামৰ্শ মণ্ডলীৰ ভাই-ভনীসকলক দিছিল। সেইবাবে, এজন খ্ৰীষ্টানে নিজে নিৰ্ণয় লোৱা উচিত যে তেওঁ এজন ভাই বা ভনীৰ ওপৰত ‘দৃষ্টি ৰাখিব’ নে নাৰাখে। সেইবাবে, এতিয়াৰে পৰা প্ৰাচীনসকলে মণ্ডলীত সাৱধান কৰাৰ ভাষণ দিয়াৰ প্ৰয়োজন নাই। এই সাল-সলনি কিয় কৰা হৈছে? এয়া বুজিবলৈ আহক ২ থিচলনীকীয়া ৩:১৪ পদৰ আশে-পাশে থকা পদবোৰলৈ মন কৰোঁ।
পৌলে এই কথাৰ ওপৰতো ধ্যান দিলে যে মণ্ডলীৰ কিছুমান লোকে ‘আজ্ঞা পালন কৰা নাই।’ তেওঁলোকক যি পৰামৰ্শ দিয়া হৈছিল, সেইবোৰ তেওঁলোকে গুৰুত্ব দিয়া নাছিল। ইয়াৰ আগতে যেতিয়া পৌলে তেওঁলোকক লগ কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকক এই আদেশ দিছিল, “যদি কোনোবাই কাম কৰিব নিবিচাৰে, তেনেহʼলে তেওঁৰ খোৱাৰো অধিকাৰ নাই।” কিন্তু এতিয়াও কিছুমান লোকে এই পৰামৰ্শ পালন কৰা নাছিল। তেওঁলোকৰ শক্তি আছিল, তথাপিও তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কাম কৰিব বিচৰা নাছিল। আনকি তেওঁলোকে আনৰ বিষয়বোৰতো সোমাই পৰিছিল। ভাই-ভনীসকলে এনে আজ্ঞা পালন নকৰা লোকসকলৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছিল?—২ থিচ. ৩:৬, ১০-১২.
পৌলে কৈছিল, “এনে মানুহৰ ওপৰত দৃষ্টি ৰাখা।” ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ “দৃষ্টি ৰাখা” বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে যাতে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি বিশেষ ধ্যান দিয়া। পৌলে এই নিৰ্দেশনা কেৱল প্ৰাচীনসকলকে নহয়, গোটেই মণ্ডলীক দিছিল। (২ থিচ. ১:১; ৩:৬) সেইবাবে, এজন খ্ৰীষ্টানে চাই যে মণ্ডলীৰ এজন ব্যক্তিয়ে বাইবেলৰ পৰামৰ্শ পালন কৰা নাই, তেনেহʼলে তেওঁ সেই ভাই বা ভনীৰ লগত সংগতি কৰিবলৈ এৰি দিব বুলি নিৰ্ণয় লʼব পাৰিছিল।
ইয়াৰ অৰ্থ এয়া আছিল নে যে সেই ব্যক্তিজনৰ লগত এনে ব্যৱহাৰ কৰা, যেন তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে? নহয়। পৌলে আগলৈ কʼলে, “তেওঁক এজন ভাই হিচাপে শিকাই-বুজাই থাকা।” সেইবাবে, ভাই-ভনীসকলে সেই ব্যক্তিজনৰ লগত সভাত লগ কৰে আৰু প্ৰচাৰো কৰে, কিন্তু তেওঁৰ লগত অকলে সময় নকটায় বা মনোৰঞ্জন নকৰে। কিয় বাৰু? পৌলে কʼলে, “যাতে তেওঁ লাজ পায়।” সেইবাবে, যেতিয়া ভাই-ভনীসকলে সেই ব্যক্তিৰ লগত সংগতি কৰিবলৈ এৰি দিয়ে, তেতিয়া তেওঁ হয়তো নিজৰ আচাৰ-ব্যৱহাৰৰ বাবে লাজ অনুভৱ কৰিলেহেঁতেন, আৰু নিজকে সলনি কৰিলেহেঁতেন।—২ থিচ. ৩:১৪, ১৫.
আজি আমি পৌলৰ পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ? প্ৰথমতে, এজন ভাই বা ভনীয়ে সঁচাকৈ আজ্ঞা পালন কৰিছে নে নাই, সেয়া আমি নিশ্চিত কৰিব লাগিব। যেতিয়া পৌলে ‘আজ্ঞা পালন নকৰা’ লোকসকলৰ বিষয়ে কৈছিল, তেতিয়া যিসকলে বিবেকৰ ওপৰত এৰি দিয়া নিৰ্ণয়বোৰত আমাতকৈ বেলেগ নিৰ্ণয় লয় বা যিসকলৰ পছন্দবোৰ আমাতকৈ বেলেগ, তেওঁলোককৰ বিষয়ে কোৱা নাছিল। যিসকলে হয়তো আমাৰ মনত আঘাত দিছে, তেওঁলোকৰ বিষয়েও কোৱা নাছিল। তাৰ পৰিৱৰ্তে যিসকলে যিহোৱাৰ পৰামৰ্শ পালন কৰিবলৈ মানা কৰে, তেওঁলোকৰ বিষয়ে কৈছিল।
বৰ্তমান সময়ত যদি আমি চাওঁ যে এজন ভাই বা ভনীয়ে বাইবেলত দিয়া পৰামৰ্শ পালন কৰা নাই আৰু নিজৰ আচাৰ-ব্যৱহাৰ সলনি কৰা নাই, a তেনেহʼলে তেওঁৰ লগত সময় নকটাবলৈ আৰু মনোৰঞ্জন নকৰিবলৈ আমি নিৰ্ণয় লʼব পাৰোঁ। এয়া আমাৰ ব্যক্তিগত নিৰ্ণয় হয় আৰু আমি নিজৰ পৰিয়ালৰ বাহিৰে কাৰো লগত ইয়াৰ বিষয়ে কথা পতা উচিত নহয়। কিন্তু আমি সেই ব্যক্তিজনৰ লগত সভাত লগ কৰিম আৰু প্ৰচাৰো কৰিম। কিন্তু যদি তেওঁ নিজৰ আচাৰ-ব্যৱহাৰ সলনি কৰে, তেনেহʼলে তেওঁৰ লগত আকৌ আগৰ দৰে সংগতি কৰিম।
a যেনে, হয়তো এজন খ্ৰীষ্টানে শক্তি থকাৰ সত্ত্বেও নিজৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কাম কৰিব নিবিচাৰে বা তেওঁক বহু বাৰ কোৱাৰ সত্ত্বেও এজন অবিশ্বাসী ব্যক্তিৰ লগত ডেটিং কৰি আছে বা এনে কথাবোৰ বিয়পাই আছে, যাৰ বাবে মণ্ডলীৰ একতা নাইকিয়া হʼব পাৰে বা হানিকাৰক কথাবোৰ পাতি থাকে। (১ কৰি. ৭:৩৯; ২ কৰি. ৬:১৪; ২ থিচ. ৩:১১, ১২; ১ তীম. ৫:১৩) যিসকল লোকে এনে কামবোৰত লাগি থাকে, তেওঁলোকক ‘আজ্ঞা পালন নকৰা লোক’ বুলি কোৱা হৈছে।