অধ্যয়নৰ লেখ ৩৩
গীত নং ১৩০ ক্ষমা কৰিবলৈ শিকক
পাপ কৰা লোকসকলৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক
‘কোনোৱে যদিও পাপ কৰে, তথাপি আমাৰ সহায়কৰ্ত্তা আছে।’—১ যোহ. ২:১.
কি শিকিম?
এই লেখত আমি শিকিম যে প্ৰথম শতিকাত কৰিন্থ মণ্ডলীৰ এজন ভায়ে যেতিয়া গভীৰ পাপ কৰিছিল, তেতিয়া তাক কেনেকৈ সমাধান কৰা হʼল আৰু আমি তাৰ পৰা কি শিকিব পাৰোঁ।
১. যিহোৱাই সকলো মানুহৰ বাবে কি বিচাৰে?
যিহোৱাই আমাক নিজৰ নিৰ্ণয় নিজে লোৱা স্বাধীনতা দিছে আৰু এয়া সঁচাকৈ এটা মূল্যৱান উপহাৰ হয়। আমি আৰু এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼব পাৰোঁ, সেয়া হৈছে নিজৰ জীৱন যিহোৱালৈ সমৰ্পন কৰা আৰু ভাই-ভনীসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰা। যিহোৱাই সকলো মানৱজাতিৰ বাবে এয়াই বিচাৰে। কিয় বাৰু? কাৰণ তেওঁ আমাক প্ৰেম কৰে আৰু আমাৰ ভাল হোৱাটো বিচাৰে। ইয়াৰ উপৰিও আমি তেওঁৰ বন্ধু হোৱা আৰু অনন্ত কাললৈকে জীয়াই থকাটো তেওঁ বিচাৰে।—দ্বিতী. ৩০:১৯, ২০; গালা. ৬:৭, ৮.
২. যিসকল লোকে অনুতাপ কৰা নাই, তেওঁলোকৰ পৰা যিহোৱাই কি বিচাৰে? (১ যোহন ২:১)
২ কিন্তু যিহোৱাই কোনো ব্যক্তিক তেওঁৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। যিহোৱাই প্ৰতিজন ব্যক্তিক নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাৰ সুযোগ দিছে। কিন্তু বাপ্তিষ্মা লোৱা ভাই বা ভনীয়ে যদি যিহোৱাৰ নিয়ম উলংঘন কৰে আৰু গভীৰ পাপ কৰে, তেতিয়ানো কি? যদি তেওঁ নিজৰ পাপৰ বাবে অনুতাপ নকৰে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়া হয়। (১ কৰি. ৫:১৩) কিন্তু ইয়াৰ পাছতো সেই পাপ কৰা ব্যক্তিজনে ঘূৰি আহিব বুলি যিহোৱাই আশা কৰে। গতিকে এয়াই হৈছে মুক্তিৰ মূল্য বলিদানৰ ব্যৱস্থা কৰাৰ মুখ্য কাৰণ। ইয়াৰ সহায়ত অনুতাপ কৰা লোকসকলে নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰে। (১ যোহন ২:১ পঢ়ক।) সেইবাবে, ঈশ্বৰে পাপ কৰা লোকসকলক অনুতাপ কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ ঘূৰি আহিবলৈ মৰমেৰে অনুৰোধ কৰে।—জখ. ১:৩; ৰোম. ২:৪; যাকো. ৪:৮.
৩. এই লেখত আমি কি শিকিম?
৩ আমি পাপ আৰু পাপ কৰা ব্যক্তিজনৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰখাটো তেওঁ বিচাৰে। এয়া আমি কেনেকৈ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি এই লেখত শিকিম। এই লেখ পঢ়াৰ সময়ত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম: (১) প্ৰথম শতিকাত যেতিয়া কৰিন্থ মণ্ডলীত এটা গভীৰ পাপ হৈছিল, তেতিয়া তাক কেনেকৈ সমাধান কৰা হʼল? (২) যেতিয়া পাপ কৰা মানুহজনে অনুতাপ কৰিলে, তেতিয়া পাঁচনি পৌলে মণ্ডলীক কি পৰামৰ্শ দিলে? আৰু (৩) গভীৰ পাপ কৰা লোকসকলক যিহোৱাই কেনে দৃষ্টিৰে চাই, তাৰ বিষয়ে আমি এই উদাহৰণৰ পৰা কি শিকিব পাৰোঁ?
প্ৰথম শতিকাত যেতিয়া এটা গভীৰ পাপ হৈছিল, তেতিয়া তাক কেনেকৈ সমাধান কৰা হʼল?
৪. প্ৰথম শতিকাত কৰিন্থ মণ্ডলীত কি হৈছিল? (১ কৰিন্থীয়া ৫:১, ২)
৪ প্ৰথম কৰিন্থীয়া ৫:১, ২ পঢ়ক। যেতিয়া পাঁচনি পৌল তৃতীয় মিচনেৰী যাত্ৰাত আছিল, তেতিয়া তেওঁ কৰিন্থ মণ্ডলীৰ বিষয়ে এনে এটা খবৰ পালে, যি খবৰ শুনি তেওঁ চিন্তিত হৈ পৰিছিল। এই মণ্ডলীটো আৰম্ভ হৈ বেছি সময় হোৱা নাছিল। পৌলে গʼম পালে যে এজন ভায়ে নিজৰ মাহী মাকৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিছে। এয়া এনে এটা ঘৃণনীয় পাপ আছিল, “যি জগতৰ লোকসকলেও নকৰে।” কিন্তু মণ্ডলীৰ লোকসকলে এই পাপক কেৱল সহ্যই কৰা নাছিল, এনে লাগে তেওঁলোকে যেন ইয়াক লৈ গৰ্বও কৰিছিল। কিছুমানে লোকে হয়তো ভাবিছিল যে তেওঁলোকে যিহোৱাৰ নিচিনা সেই মানুহজনক দয়া দেখুৱাইছে। কিন্তু যিহোৱাই এনেধৰণৰ পাপক কেতিয়াও সহ্য নকৰে। এই নিৰ্লজ কাম কৰি সেই মানুহজনে মণ্ডলীৰ নাম বদনাম কৰি আছিল। যিসকল খ্ৰীষ্টানে তেওঁৰ লগত সংগতি কৰিছিল, তেওঁলোকৰ ওপৰতো হয়তো তেওঁৰ বেয়া প্ৰভাৱ পৰিছিল। সেইবাবে, পৌলে মণ্ডলীক কি পৰামৰ্শ দিলে, আহক চাওঁ।
৫. পৌলে কৰিন্থ মণ্ডলীক কি নিৰ্দেশনা দিছিল আৰু তেওঁ কোৱা কথাৰ অৰ্থ কি আছিল? (১ কৰিন্থীয়া ৫:১৩) (ছবিখনো চাওক।)
৫ প্ৰথম কৰিন্থীয়া ৫:১৩ পঢ়ক। ঈশ্বৰৰ প্ৰেৰণাৰে পৌলে কৰিন্থৰ ভাই-ভনীসকললৈ এখন চিঠি লিখিলে। পাপ কৰা মানুহজনে অনুতাপ কৰা নাছিল। সেইবাবে, পৌলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশনা দিলে। তেওঁ এয়াও কʼলে যে সেই মানুহজনৰ লগত কেনেদৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজন। পৌলে কʼলে যে সেই মানুহজনৰ লগত “সংগতি কৰিবলৈ বন্ধ কৰা।” ইয়াৰ অৰ্থ কি আছিল? পৌলে তেওঁলোকক বুজালে “এনে মানুহৰ লগত খোৱা-বোৱাও নকৰিবা।” (১ কৰি. ৫:১১) যেতিয়া আমি কাৰোবাৰ লগত খোৱা-বোৱা কৰোঁ, তেতিয়া আমি তেওঁৰ লগত কথা পাতোঁ আৰু এইদৰে আমি লাহে লাহে তেওঁৰ লগত বেছিকৈ সময় কটাবলৈ ধৰোঁ। সেইবাবে, পৌলে সেই মানুহজনৰ লগত সংগতি কৰিবলৈ বন্ধ কৰি দিব কৈছিল। এইদৰে কৰিলে মণ্ডলীৰ ভাই-ভনীসকলৰে লাভ হʼলহেঁতেন। তেওঁলোকে সেই মানুহজনৰ বেয়া প্ৰভাৱৰ পৰা বাচি থাকিব পাৰিলেহেঁতেন। (১ কৰি. ৫:৫-৭) ইয়াৰ উপৰিও তেওঁলোকে সেই মানুহজনৰ পৰা আঁতৰি থকা হʼলে সেই মানুহজনে অনুভৱ কৰিব পাৰিলেহেঁতেন যে তেওঁ যিহোৱাৰ মনক দুখ দিছে আৰু তেওঁ নিজৰ ভুল বুজি পালেহেঁতেন আৰু অনুতাপ কৰিলেহেঁতেন।
৬. পৌলে লিখা চিঠিখনে মণ্ডলী আৰু পাপ কৰা মানুহজনৰ ওপৰত কেনে প্ৰভাৱ পেলালে?
৬ কৰিন্থ মণ্ডলীলৈ চিঠি পঠিওৱাৰ পাছত পৌলে হয়তো ভাবি আছিল যে সেই চিঠিখন পঢ়ি তেওঁলোকে কেনে অনুভৱ কৰিছিল, তেওঁলোকে সেই পৰামৰ্শ পালন কৰিলে নে নাই। সেই সময়তে তীতে পৌলক লগ কৰিবলৈ আহিল আৰু তেওঁক এনে এটা খবৰ দিলে, যাৰ বিষয়ে শুনি পৌলে বহুত আনন্দিত হʼল। তীতে তেওঁক জনালে যে গোটেই মণ্ডলীয়ে তেওঁৰ পৰামৰ্শ পালন কৰিলে আৰু সেই অনুসৰি কাম কৰি আছে। (২ কৰি. ৭:৬, ৭) ইয়াৰ লগতে পাপ কৰা মানুহজনেও অনুতাপ কৰিলে। পৌলে তেওঁলোকলৈ চিঠি লিখা কেইমাহ মানহে হৈছিল, কিন্তু সেই মানুহজনে নিজৰ আচাৰ-ব্যৱহাৰ আৰু চিন্তাধাৰা সলনি কৰিলে আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিলে। (২ কৰি. ৭:৮-১১) এই কথাবোৰ শুনি পৌলে আগলৈ মণ্ডলীক কি নিৰ্দেশনা দিলে?
মণ্ডলীয়ে অনুতাপ কৰা মানুহজনৰ লগত কেনেদৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছিল?
৭. যেতিয়া পাপ কৰা মানুহজনক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়া হʼল, তেতিয়া তেওঁ কি কৰিলে? (২ কৰিন্থীয়া ২:৫-৮)
৭ দ্বিতীয় কৰিন্থীয়া ২:৫-৮ পঢ়ক। পৌলে কʼলে, “সেই মানুহজনক বেছিভাগ লোকে যি তাড়না দিলে, সেয়াই যথেষ্ট।” তেওঁ কʼব বিচাৰিছিল যে সেই মানুহজনক যি উদ্দেশ্যেৰে তাড়না দিয়া হৈছিল বা শুধৰণি কৰা হৈছিল, সেয়া পূৰ হʼল। তেওঁক কিয় শুধৰণি কৰা হৈছিল? তেওঁ যাতে অনুতাপ কৰিবলৈ আগবাঢ়ি আহে।—ইব্ৰী ১২:১১.
৮. পৌলে মণ্ডলীক আগলৈ কি নিৰ্দেশনা দিলে?
৮ পৌলে অনুতাপ কৰা ‘সেই মানুহজনৰ ওপৰত কৃপা কৰি তেওঁক ক্ষমা কৰিবলৈ আৰু তেওঁক শান্ত্বনা দিবলৈ’ মণ্ডলীক নিৰ্দেশনা দিছিল। তেওঁ এয়াও কʼলে, “তোমালোকে সেই মানুহজনক যে প্ৰেম কৰা, সেয়া তেওঁক প্ৰমাণ দিয়া।” মন কৰিবলগীয়া কথা যে ভাই-ভনীসকলে মণ্ডলীত সেই মানুহজনক কেৱল আদৰণি জনাৱাটো পৌলে বিচৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁলোকক সেই মানুহজনক নিজৰ কথা, কাম আৰু ব্যৱহাৰেৰে এয়া প্ৰমাণ দিবলৈ উৎসাহিত কৰিছিল যে তেওঁলোকে তেওঁক ক্ষমা কৰিলে আৰু তেওঁক প্ৰেম কৰে। এইদৰে তেওঁলোকে দেখুৱাব পাৰিলেহেঁতেন যে সেই মানুহজন মণ্ডলীলৈ ঘূৰি অহাৰ বাবে তেওঁলোকে সঁচাকৈ বহুত আনন্দিত আছে।
৯. কিছুমান খ্ৰীষ্টানৰ বাবে সেই মানুহজনক ক্ষমা কৰিবলৈ কিয় কঠিন লাগিছিল?
৯ মণ্ডলীত কিছুমান লোকৰ বাবে অনুতাপ কৰা সেই মানুহজনক ক্ষমা কৰিবলৈ আৰু মণ্ডলীত আকৌ আদৰণি জনাবলৈ কঠিন লাগিছিল নে? বাইবেলত ইয়াৰ বিষয়ে একো কোৱা নাই। কিন্তু কিছুমান লোকক এইদৰে কৰিবলৈ হয়তো কঠিন লাগিছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? কাৰণ সেই মানুহজনে পাপ কৰাৰ বাবে গোটেই মণ্ডলীয়ে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল? তেওঁ কৰা বেয়াৰ কামৰ বাবে কিছুমান লোকক লাজত পৰিবলগীয়া হৈছিল। কিছুমান ভাই-ভনীয়ে হয়তো ভাবিছিল যে তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখিবলৈ কিমান পৰিশ্ৰম কৰিছে, কিন্তু তাৰ বিষয়ে কোনেও একো খবৰ লোৱা নাই। আনহাতে সেই মানুহজনে ইমান ডাঙৰ পাপ কৰাৰ পাছতো তেওঁক ইমান প্ৰেমেৰে আদৰণি জনোৱা হৈছে। (লূক ১৫:২৮-৩০ পদৰ লগত তুলনা কৰক।) কিন্তু মণ্ডলীয়ে অনুতাপ কৰা সেই মানুহজনক ক্ষমা কৰা আৰু তেওঁৰ প্ৰতি প্ৰেম দেখুৱাটো অতি গুৰুত্বপূৰ্ণ আছিল। কিয় বাৰু?
১০-১১. প্ৰাচীনসকলে অনুতাপ কৰা মানুহজনক ক্ষমা নকৰা হʼলে কি হʼলহেঁতেন?
১০ খন্তেকৰ বাবে চিন্তা কৰক, প্ৰাচীনসকলে অনুতাপ কৰা মানুহজনক মণ্ডলীত পুনৰ আদৰণি নজনোৱা হʼলে বা ভাই-ভনীসকলে তেওঁক প্ৰেম নেদেখুৱা হʼলে কি হʼলহেঁতেন? সেই মানুহজনে হয়তো ‘বেছি দুখ কৰি নিৰাশাত সোমাই’ পৰিলেহেঁতেন। তেওঁ হয়তো ভাবিলেহেঁতেন যে সকলোবোৰ শেষ হৈ গʼল আৰু তেওঁৰ বাবে একো আশা নাই। আনকি তেওঁ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক শুধৰণি কৰিবলৈও চেষ্টা নকৰিলেহেঁতেন।
১১ ইয়াতকৈও আৰু এটা বেয়া পৰিণাম হʼলহেঁতেন। যদি ভাই-ভনীসকলে সেই মানুহজনক ক্ষমা কৰিবলৈ মানা কৰে, তেনেহʼলে তেওঁলোকৰেই যিহোৱাৰ লগত থকা সম্পৰ্ক বেয়া হʼলহেঁতেন। কিয় বাৰু? কাৰণ যিহোৱাৰ দৰে ক্ষমা কৰাৰ পৰিৱৰ্তে তেওঁলোকে চয়তানৰ দৰে নিষ্ঠুৰ হʼলহেঁতেন আৰু তেওঁলোকে অনুতাপ কৰা মানুহজনক দয়া নেদেখুৱালেহেঁতেন। এইদৰে কৰাৰ যোগেদি তেওঁলোকে চয়তানক সহযোগ কৰিলেহেঁতেন। কাৰণ সেই মানুহজনৰ যিহোৱাৰ লগত যি সম্পৰ্ক আছিল, সেয়া একেবাৰে শেষ হৈ যোৱাটোৱেই চয়তানে বিচাৰিছিল।—২ কৰি. ২:১০, ১১; ইফি. ৪:২৭.
১২. কৰিন্থ মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ যিহোৱাৰ দৰে হʼব পাৰিলেহেঁতেন?
১২ কৰিন্থ মণ্ডলীৰ ভাই-ভনীসকলে চয়তানৰ দৰে নহয়, যিহোৱাৰ দৰে হোৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰিলেহেঁতেন? যিহোৱাই অনুতাপ কৰা লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, ঠিক সেইদৰে তেওঁলোকে সেই মানুহজনৰ লগত ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছিল। মন কৰক, বাইবেলৰ লেখকসকলে যিহোৱাৰ বিষয়ে কি কʼলে। দায়ূদে লিখিলে, যিহোৱা “মঙ্গলময় আৰু ক্ষমাৱান” ঈশ্বৰ। (গীত. ৮৬:৫) মীখাই লিখিলে, “অপৰাধ ক্ষমা কৰোঁতা. . . তোমাৰ নিচিনা ঈশ্বৰ কোন আছে?” আৰু তেওঁ “চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে।” (মীখা ৭:১৮) যিচয়াই লিখিলে, “দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্ম্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক, আৰু যিহোৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব; আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।”—যিচ. ৫৫:৭.
১৩. সেই মানুহজনক বাহাল কৰাৰ বাবে কিয় অপেক্ষা কৰাৰ প্ৰয়োজন নাছিল? (“ কৰিন্থৰ সেই মানুহজনক কেতিয়া বাহাল কৰা হʼল?” নামৰ বক্সখন চাওক।)
১৩ যিহোৱাৰ দৰে হʼবলৈ কৰিন্থ মণ্ডলীৰ ভাই-ভনীসকলে অনুতাপ কৰা মানুহজনক আদৰণি জনোৱা আৰু তেওঁলোকে যে তেওঁক প্ৰেম কৰে তাৰ বিশ্বাস দিয়াৰ প্ৰয়োজন আছিল। পৌলৰ নিৰ্দেশনা পালন কৰি যেতিয়া মণ্ডলীয়ে এইদৰে কৰিলে, তেতিয়া তেওঁলোকে “সকলো কথাত আজ্ঞা পালন” কৰে বুলি দেখুৱালে। (২ কৰি. ২:৯) এয়া সঁচা যে সেই মানুহজনক মণ্ডলীৰ পৰা বাহিৰ কৰা কিছুমাহহে হৈছিল। কিন্তু তেওঁক যি উদ্দেশ্যেৰে শুধৰণি কৰা হৈছিল, সেয়া পূৰ হৈছিল অৰ্থাৎ তেওঁ অনুতাপ কৰিছিল। সেইবাবে, তেওঁক বাহাল কৰিবলৈ আৰু অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাছিল।
আমি ন্যায় কৰা আৰু দয়া দেখুৱা ঈশ্বৰৰ দৰে কেনেকৈ হʼব পাৰোঁ?
১৪-১৫. কৰিন্থ মণ্ডলীত হোৱা সমস্যাটো যিদৰে সমাধান কৰা হʼল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (২ পিতৰ ৩:৯) (ছবিখনো চাওক।)
১৪ কৰিন্থ মণ্ডলীত হোৱা সমস্যাটো যিদৰে সমাধান কৰা হৈছিল, “সেইবোৰ আমাৰ শিক্ষাৰ কাৰণে” বাইবেলত লিখা আছে। (ৰোম. ১৫:৪) এই উদাহৰণৰ পৰা আমি শিকিলোঁ যে যদি কোনোবাই গভীৰ পাপ কৰে আৰু অনুতাপ নকৰে, তেনেহʼলে যিহোৱাই তেওঁক নিজৰ লোকসকলৰ মাজত থাকিবলৈ নিদিয়ে। যিহোৱা দয়ালু ঈশ্বৰ হয়, কিন্তু তেওঁ বেয়া আচাৰ-ব্যৱহাৰক কেতিয়াও সহ্য নকৰে। তেওঁ যিকোনো কথাৰ বাবে নিজৰ মানদণ্ড কেতিয়াও সলনি নকৰে। (যিহূ. ৪) যদি তেওঁ নিজৰ মানদণ্ড সলনি কৰে, তেনেহʼলে তেওঁ এজন দয়ালু ঈশ্বৰ হয় বুলি নেদেখুৱাব। কিয়নো এইদৰে কৰি তেওঁ মণ্ডলীৰ আন বিশ্বাসী লোকসকলৰ জীৱন বিপদত পেলাব আৰু আমি জানোঁ যিহোৱাই এইদৰে কেতিয়াও নকৰিব।—হিতো. ১৩:২০; ১ কৰি. ১৫:৩৩.
১৫ কিন্তু আমি এয়াও শিকিলোঁ যে কোনোৱে নাশ হোৱাটো যিহোৱাই নিবিচাৰে, তাৰ পৰিৱৰ্তে তেওঁ সকলোকে বচাব বিচাৰে। যিসকল লোকে নিজকে সলনি কৰে আৰু তেওঁৰ লগত নিজৰ সম্পৰ্ক ভাল কৰিব বিচাৰে, যিহোৱাই তেওঁলোকৰ ওপৰত দয়া দেখুৱায়। (যিহি. ৩৩:১১; ২ পিতৰ ৩:৯ পঢ়ক।) সেইবাবে, যেতিয়া কৰিন্থ মণ্ডলীৰ সেই মানুহজনে অনুতাপ কৰিলে আৰু বেয়া কামবোৰ এৰিলে, তেতিয়া যিহোৱাই পৌলৰ জৰিয়তে তেওঁক ক্ষমা কৰিবলৈ আৰু মণ্ডলীত পুনৰ আদৰণি জনাবলৈ ভাই-ভনীসকলক কʼলে।
১৬. কৰিন্থ মণ্ডলীত হোৱা সমস্যাটো যিদৰে সমাধান কৰা হʼল, তাৰ বিষয়ে জানি আমি যিহোৱাৰ বিষয়ে কেনে অনুভৱ কৰোঁ?
১৬ কৰিন্থ মণ্ডলীত যি সমস্যা হৈছিল, তাৰ ওপৰত ধ্যান দিলে আমি দেখা পাওঁ যে যিহোৱা প্ৰেম কৰোঁতা ঈশ্বৰ হয়, তেওঁ সদায় সঠিক ন্যায় কৰে আৰু তেওঁ কেতিয়াও নিজৰ মানদণ্ড সাল-সলনি নকৰে। (গীত. ৩৩:৫) এয়া জানি যিহোৱাৰ আৰু বেছিকৈ প্ৰশংসা কৰিবলৈ আপোনাৰ মন নাযায় নে? আমি সকলোৱে ভুল কৰোঁ আৰু আমাক ক্ষমাৰ প্ৰয়োজন হয়। সেইবাবে, আমি যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ, কাৰণ তেওঁ মুক্তিৰ মূল্য বলিদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ সহায়ত আমি নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ। যিহোৱাই নিজৰ লোকসকলক কিমান প্ৰেম কৰে আৰু তেওঁলোকৰ ভাল হোৱাটো বিচাৰে। এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ!
১৭. পৰৱৰ্তী দুখন লেখত আমি কি কি প্ৰশ্নৰ উত্তৰ পাম?
১৭ বৰ্তমান সময়ত যদি কোনোবাই গভীৰ পাপ কৰে, তেনেহʼলে সেই সমস্যাটো কেনেকৈ সমাধান কৰা হয়? প্ৰাচীনসকলে কেনেকৈ যিহোৱাৰ দৰে হʼব পাৰে আৰু সেই ব্যক্তিজনক কেনেকৈ অনুতাপৰ ফালে লৈ যাব পাৰে? যেতিয়া কাৰোবাক মণ্ডলীৰ পৰা বাহিৰ কৰা হয় বা বাহাল কৰা হয়, তেতিয়া ভাই-ভনীসকলে তেওঁৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত? পৰৱৰ্তী দুখন লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম।
গীত নং ১০৯ হৃদয়েৰে প্ৰেম কৰা