Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৪

গীত নং ১০৭ যিহোৱাৰ প্ৰেমৰ আৰ্হি

পাপ কৰা লোকসকলৰ লগত প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰক

পাপ কৰা লোকসকলৰ লগত প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰক

“ঈশ্বৰে তোমাৰ ওপৰত কৃপা কৰি তোমাক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে।”ৰোম. ২:৪.

কি শিকিম?

যেতিয়া এজন খ্ৰীষ্টানে গভীৰ পাপ কৰে, তেতিয়া প্ৰাচীনসকলে তেওঁক কেনেকৈ সহায় কৰিব পাৰে?

১. যেতিয়া কোনোবাই গভীৰ পাপ কৰে, তেতিয়া কি হʼব পাৰে?

 ইয়াৰ আগৰ লেখত আমি দেখিলোঁ যে কৰিন্থীয়া মণ্ডলীত যেতিয়া এজন ব্যক্তিয়ে গভীৰ পাপ কৰিছিল, তেতিয়া পাঁচনি পৌলে সেই সমস্যাটো কেনেকৈ সমাধান কৰিছিল। সেই ব্যক্তিজনে অনুতাপ কৰা নাছিল সেইবাবে, তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল। কিন্তু এই লেখৰ মুখ্য পদত কোৱা হৈছে যে যদি এজন ব্যক্তিয়ে গভীৰ পাপ কৰে, তেনেহʼলে যিহোৱাই তেওঁক অনুতাপৰ ফালে লৈ যাব পাৰে। (ৰোম. ২:৪) এতিয়া প্ৰশ্ন হৈছে, সেই ব্যক্তিজনক অনুতাপৰ ফালে লৈ যাবলৈ প্ৰাচীনসকলে কেনেকৈ তেওঁক সহায় কৰিব পাৰে?

২-৩. যদি আমি গʼম পাওঁ যে কোনো ভাই বা ভনীয়ে গভীৰ পাপ কৰিছে, তেনেহʼলে আমি কি কৰা উচিত আৰু কিয়?

যদি প্ৰাচীনসকলে গʼমেই নাপাই যে কোনো এজন ব্যক্তিয়ে গভীৰ পাপ কৰিছে, তেনেহʼলে তেওঁলোকে তেওঁক সহায় কৰিব নোৱাৰিব। সেইবাবে, যদি আমি গʼম পাওঁ যে কোনো এজন ভাই বা ভনীয়ে গভীৰ পাপ কৰিছে আৰু তাৰ বাবে তেওঁক মণ্ডলীৰ পৰাও বাহিৰ কৰি দিয়া হʼব, তেনেহʼলে আমি কি কৰা উচিত? আমি তেওঁক প্ৰাচীনসকলৰ পৰা সহায় লʼবলৈ অনুৰোধ কৰা উচিত।—যিচ. ১:১৮; পাঁচ. ২০:২৮; ১ পিত. ৫:২.

কিন্তু তেওঁ যদি প্ৰাচীনসকলক ইয়াৰ বিষয়ে নজনায়, তেনেহʼলে আমি কি কৰা উচিত? আমি প্ৰাচীনসকলক তেওঁৰ বিষয়ে জনোৱা উচিত যাতে তেওঁলোকে সেই ব্যক্তিজনক সহায় কৰিব পাৰে। এইদৰে কৰাটো ভাল, কাৰণ এনে কৰাৰ যোগেদি আমি দেখুৱাব পাৰিম যে আমি তেওঁক প্ৰেম কৰোঁ আৰু তেওঁক হেৰুৱাব নিবিচাৰোঁ। আনকি তেওঁ যদি বেয়া কামত লাগি থাকে, তেনেহʼলে যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼব পাৰে আৰু তেওঁৰ বাবে মণ্ডলীৰ নামো বদনাম হʼব পাৰে। সেইবাবে, আমি সাহসেৰে কাম কৰা উচিত আৰু প্ৰাচীনসকলক ইয়াৰ বিষয়ে জনোৱা উচিত। কাৰণ আমি যিহোৱা আৰু সেই পাপ কৰা ব্যক্তিজনক প্ৰেম কৰোঁ। সেইবাবে, আমি এইদৰে কৰিবলৈ সংকোচ নকৰিম।—গীত. ২৭:১৪.

প্ৰাচীনসকলে গভীৰ পাপ কৰা লোকসকলক কেনেকৈ সহায় কৰে?

৪. যেতিয়া প্ৰাচীনসকলে পাপ কৰা কোনো ভাই বা ভনীক লগ কৰে, তেতিয়া তেওঁলোকে কি কৰিবলৈ চেষ্টা কৰে?

যেতিয়া মণ্ডলীত কোনোবাই গভীৰ পাপ কৰে, তেতিয়া প্ৰাচীন গোষ্ঠীৰ ভাইসকলে তিনিজন যোগ্য প্ৰাচীনক বাছনি কৰে আৰু তেওঁলোকৰ এটা সমিতি বনায়। a প্ৰাচীন গোষ্ঠীয়ে এনে ভাইসকলক বাছনি কৰে যি নম্ৰ আৰু নিজৰ সীমা বুজি পায়। এই ভাইসকলে পাপ কৰা ব্যক্তিজনক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকে এয়াও জানে যে তেওঁলোকে কাকো জোৰ-জবৰদস্তি কৰিব নোৱাৰে। (দ্বিতী. ৩০:১৯) তেওঁলোকে এয়াও মনত ৰাখে যে ভুল কৰা সকলো লোকে ৰজা দায়ূদৰ দৰে অনুতাপ নকৰিব। (২ চমূ. ১২:১৩) কিছুমান লোকে জানি-শুনি যিহোৱাৰ পৰামৰ্শ পালন নকৰিব। (আদি. ৪:৬-৮) তথাপিও প্ৰাচীনসকলে সেই পাপ কৰা ব্যক্তিজনক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে। যেতিয়া প্ৰাচীনসকলে এনে লোকসকলক লগ কৰে, তেতিয়া তেওঁলোকে বাইবেলৰ কোনটো সিদ্ধান্ত মনত ৰাখে? প্ৰাচীনসকলে গভীৰ পাপ কৰা লোকসকলক কেনেকৈ সহায় কৰে?

৫. পাপ কৰা ব্যক্তিজনক লগ কৰাৰ সময়ত প্ৰাচীনসকলে কেনেদৰে ব্যৱহাৰ কৰা উচিত? (২ তীমথিয় ২:২৪-২৬) (ছবিখনো চাওক।)

প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনক হেৰাই যোৱা ভেৰা বুলি ভাবে। (লূক ১৫:৪, ৬) সেইবাবে, যেতিয়া তেওঁলোকে তেওঁক লগ কৰিবলৈ যায়, তেতিয়া তেওঁৰ লগত কঠোৰতাৰে ব্যৱহাৰ নকৰে। তেওঁলোকে এইদৰেও নাভাবে যে তেওঁলোকে কিছুমান প্ৰশ্ন সুধিব লাগিব আৰু সত্য কি হয় তাৰ বিষয়ে জানিব লাগিব। ইয়াৰ পৰিৱৰ্তে ২ তীমথিয় ২:২৪-২৬ (পঢ়ক।) পদত কোৱাৰ দৰে তেওঁলোকে তেওঁৰ লগত কোমলতাৰে ব্যৱহাৰ কৰে আৰু মৰমেৰে কথা পাতি তেওঁৰ মনৰ কথা জানিবলৈ চেষ্টা কৰে।

প্ৰাচীন সময়ৰ মেৰ ৰখীয়াৰ দৰে প্ৰাচীনসকলেও হেৰাই যোৱা ভেড়াবোৰক উভতাই আনিবলৈ কঠিন পৰিশ্ৰম কৰে (অনুচ্ছেদ ৫ চাওক)


৬. পাপ কৰা ব্যক্তিজনক লগ কৰাৰ আগতে প্ৰাচীনসকলে কেনেকৈ নিজৰ হৃদয় তৈয়াৰ কৰে? (ৰোমীয়া ২:৪)

প্ৰাচীনসকলে নিজৰ হৃদয় তৈয়াৰ কৰে। তেওঁলোকে যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰে আৰু পাপ কৰা ব্যক্তিজনৰ লগত মৰমেৰে ব্যৱহাৰ কৰে। তেওঁলোকে পৌলৰ এই পৰামৰ্শ মনত ৰাখে, “ঈশ্বৰে তোমাৰ ওপৰত কৃপা কৰি তোমাক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে।” (ৰোমীয়া ২:৪ পঢ়ক।) প্ৰাচীনসকলে মনত ৰখা উচিত যে তেওঁলোকে মেৰ ৰখীয়া হয় আৰু খ্ৰীষ্টৰ নেতৃত্বত কাম কৰি আছে। (যিচ. ১১:৩,৪; মথি ১৮:১৮-২০) সেইবাবে, সমিতিৰ ভাইসকলে সেই ব্যক্তিজনক লগ কৰাৰ আগতে প্ৰাৰ্থনা কৰিব আৰু তেওঁক কেনেকৈ অনুতাপৰ ফালে লৈ আহিব পাৰে ,তাৰ বিষয়ে তেওঁলোকৰ মাজত আলোচনা কৰিব। ইয়াৰ লগতে সমিতিৰ প্ৰাচীনসকলে বাইবেল আৰু আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব আৰু যিহোৱাৰ পৰা বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰিব। তেওঁলোকে সেই ব্যক্তিজনৰ পৰিস্থিতি, তেওঁৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে চিন্তা কৰিব আৰু জানিবলৈ চেষ্টা কৰিব যে তেওঁ কিয় পাপ কৰিলে।—হিতো. ২০:৫.

৭-৮. পাপ কৰা ব্যক্তিজনক লগ কৰাৰ সময়ত প্ৰাচীনসকলে কেনেকৈ যিহোৱাৰ দৰে ধৈৰ্য্য ধৰিব পাৰে?

প্ৰাচীনসকলে যিহোৱাৰ দৰে ধৈৰ্য্য ধৰে। তেওঁলোকে মনত ৰাখে যে প্ৰাচীন সময়ত পাপ কৰা লোকসকলৰ লগত যিহোৱাই কেনেকৈ ব্যৱহাৰ কৰিছিল। যেনে, যিহোৱাই কয়িনৰ লগত ধৈৰ্য্য ধৰিছিল। তেওঁ কয়িনক সাৱধান কৰিছিল যে যদি তেওঁ নিজকে সলনি নকৰে, তেনেহʼলে কি হʼব পাৰে। তেওঁ কয়িনক এয়াও বুজালে যে যদি তেওঁ আজ্ঞা পালন কৰে, তেনেহʼলে তেওঁ বহুতো আশীৰ্বাদ লাভ কৰিব। (আদি. ৪:৬, ৭) দায়ূদক শুধৰণি কৰিবলৈ যিহোৱাই ভৱিষ্যবক্তা নাথনক তেওঁৰ ওচৰলৈ পঠিয়াইছিল। নাথনে দায়ূদক এনে এটা উদাহৰণ দিছিল, যিয়ে দায়ূদৰ হৃদয় স্পৰ্শ কৰিলে। (২ চমূ. ১২:১-৭) ইয়াৰ উপৰিও যেতিয়া ইস্ৰায়েলী ৰাষ্ট্ৰই যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তেতিয়া যিহোৱাই সদায় নিজৰ ভৱিষ্যবক্তাসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিল। (যিৰি. ৭:২৪, ২৫) যেতিয়া তেওঁৰ লোকসকলে অনুতাপ কৰিব, তেতিয়াহে তেওঁলোকক সহায় কৰিম বুলি যিহোৱাই বাট চাই থকা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে পাপ কৰি থকা সময়তে যিহোৱাই তেওঁলোকক অনুতাপ কৰিবলৈ অনুৰোধ কৰিছিল।

যেতিয়া এজন ব্যক্তিয়ে গভীৰ পাপ কৰে, তেতিয়া তেওঁক সহায় কৰাৰ সময়ত প্ৰাচীনসকলে যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰে। দ্বিতীয় তীমথিয় ৪:২ পদত কোৱাৰ দৰে তেওঁলোকে ধৈৰ্য্যেৰে কাম কৰে। ইয়াৰ অৰ্থ হৈছে, সেই ব্যক্তিজনৰ লগত কথা পতাৰ সময়ত তেওঁলোকে শান্ত হৈ থাকে আৰু ধৈৰ্য্য ধৰে। তেওঁলোকে সেই ব্যক্তিজনক সহায় কৰিবলৈ চেষ্টা কৰে যাতে তেওঁ নিজকে সলনি কৰিব পাৰে আৰু সঠিক পদক্ষেপ লʼব পাৰে। প্ৰাচীনসকলে কেতিয়াও সেই ব্যক্তিজনৰ বাবে আমনি নাপায় আৰু তেওঁক খং নকৰে। যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে সেই ব্যক্তিজনে হয়তো তেওঁলোকৰ পৰামৰ্শ পালন নকৰিব আৰু অনুতাপো নকৰিব।

৯-১০. এজন ব্যক্তিয়ে কিয় পাপ কৰিলে, তাৰ বিষয়ে বুজি পাবলৈ প্ৰাচীনসকলে তেওঁক কেনেকৈ সহায় কৰিব পাৰে?

প্ৰাচীনসকলে এয়া বুজিবলৈ চেষ্টা কৰে যে সেই ব্যক্তিজনে কিয় পাপ কৰিলে? যেনে, যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক কিয় দুৰ্বল হৈ পৰিছিল? তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ আৰু প্ৰচাৰলৈ যাবলৈ কম কৰি দিছিল নে? তেওঁ প্ৰাৰ্থনা কৰিবলৈ এৰি দিছিল নে বা কৰোঁ নকৰোঁ কৰি আধৰুৱা মনেৰে প্ৰাৰ্থনা কৰিছিল নে? তেওঁ নিজৰ বেয়া ইচ্ছাৰ বিৰোধে যুঁজিবলৈ বন্ধ কৰি দিছিল নে? তেওঁ এনে লোকসকলৰ লগত সংগতি কৰিছিল নে বা এনে মনোৰঞ্জন কৰিছিল নে, যি খ্ৰীষ্টানসকলৰ বাবে সঠিক নহয়। এইবোৰে তেওঁৰ ওপৰত কি প্ৰভাৱ পেলালে? তেওঁ নিজৰ নিৰ্ণয় আৰু কামৰ পৰা যিহোৱাক কিমান দুখ দিছে, সেই কথা বুজি পাইছে নে?

১০ প্ৰাচীনসকলে মৰমেৰে আৰু ভাবি-চিন্তি প্ৰশ্ন সোধে আৰু সেই ব্যক্তিজনে কিয় পাপ কৰিলে, তাৰ বিষয়ে বুজি পাবলৈ তেওঁক সহায় কৰে। (হিতো. ২০:৫) কিন্তু তেওঁলোকে মনত ৰাখে যে তেওঁলোকে তেওঁক এনে কোনো ব্যক্তিগত প্ৰশ্ন নুসুধিব, যাৰ বিষয়ে তেওঁলোকে জনাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও প্ৰাচীনসকলে নাথনৰ দৰে এনে উদাহৰণ দিব পাৰে, যাৰ পৰা সেই ব্যক্তিজনে যি ভুল কৰিলে, সেয়া যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ ভুল হয়, সেয়া তেওঁ বুজি পাব পাৰে। এইদৰে কথা পাতিলে সমিতিয়ে প্ৰথমবাৰ লগ কৰাৰ পাছতেই তেওঁ হয়তো বুজি পাব যে তেওঁ ভুল পথত গৈ আছিল আৰু হয়তো তেওঁ অনুতাপ কৰিব।

১১. যীচুৱে পাপ কৰা লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিলে?

১১ প্ৰাচীনসকলে যীচুৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। মন কৰক, আকৌ জীৱিত হোৱাৰ পাছত যীচুৱে তাৰ্চত থকা চৌলক কি কʼলে। তেওঁ সুধিলে, “চৌল, চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা?” এই প্ৰশ্ন সুধি তেওঁ চৌলক বুজাব বিচাৰিছিল যে তেওঁ যি কৰি আছে, সেয়া কিমান ডাঙৰ ভুল হয়। (পাঁচ. ৯:৩-৬) যীচুৱে ‘ঈজেবলক’ কি কʼলে, তালৈও মন কৰক। তেওঁ এইদৰে কৈছিল, “মন পালটাবলৈ মই তেওঁক সময় দিলোঁ।”—প্ৰকা. ২:২০, ২১.

১২-১৩. প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনক কেনেকৈ সময় দিব পাৰে যাতে তেওঁ অনুতাপ কৰিব পাৰে? (ছবিখনো চাওক।)

১২ যীচুৰ দৰে প্ৰাচীনসকলেও খৰ-খেদাকৈ নিৰ্ণয় নলয়। তেওঁলোকে এয়াও নাভাবে যে পাপ কৰা ব্যক্তিজনে অনুতাপ নকৰিব। কিছুমান লোকে যেতিয়া সমিতিয়ে তেওঁলোকক প্ৰথমবাৰ লগ কৰিবলৈ আহে, তেতিয়াই তেওঁলোকে অনুতাপ কৰে, কিন্তু কিছুমানক অলপ সময় লাগে। সেইবাবে, প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনক এবাৰতকৈ বেছি লগ কৰিব পাৰে। হয়তো প্ৰাচীনসকলে প্ৰথমবাৰ লগ কৰাৰ পাছত সেই ব্যক্তিজনে তেওঁলোকৰ কথা গভীৰভাৱে চিন্তা কৰিব পাৰে। তেওঁ নিজৰ ভুল বুজি পাব পাৰে আৰু নম্ৰ হৈ যিহোৱালৈ প্ৰাৰ্থনা কৰি ক্ষমা বিচাৰিব পাৰে। (গীত. ৩২:৫; ৩৮:১৮) পাছত যেতিয়া প্ৰাচীনসকলে তেওঁক আকৌ লগ কৰিব, তেতিয়া তেওঁ হয়তো তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰিব।

১৩ প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনৰ লগত মৰমেৰে কথা পাতে আৰু তেওঁক সহানুভুতি দেখুৱাই যাতে তেওঁক অনুতাপৰ ফালে লৈ যাব পাৰে। তেওঁলোকে যি কৰি আছে তাৰ ওপৰত আশীৰ্বাদ বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে। সেই ব্যক্তিজনে নিজৰ ভুল বুজি পাব আৰু অনুতাপ কৰিব বুলি তেওঁলোকে আশা ৰাখে।—২ তীম. ২:২৫, ২৬.

পাপ কৰা ব্যক্তিজনক অনুতাপ কৰাৰ বাবে সময় দিবলৈ প্ৰাচীনসকলে হয়তো তেওঁক এবাৰতকৈ বেছি লগ কৰিব (অনুচ্ছেদ ১২ চাওক)


১৪. যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া ইয়াৰ প্ৰশংসা কোনে পোৱা উচিত আৰু কিয়?

১৪ যদি এজন পাপ কৰা ব্যক্তিয়ে অনুতাপ কৰে, তেনেহʼলে এয়া আনন্দৰ বিষয়। (লূক ১৫:৭, ১০) কিন্তু ইয়াৰ প্ৰশংসা কোনে পোৱা উচিত? প্ৰাচীনসকলে নে? মন কৰক, পৌলে পাপ কৰা লোকসকলৰ বিষয়ে কি কৈছিল। তেওঁ কৈছিল, “হয়তো ঈশ্বৰে তেওঁলোকক অনুতাপ কৰিবলৈ সুযোগ দিব।” (২ তীম. ২:২৫) ইয়াৰ অৰ্থ হৈছে যিহোৱাই এজন ব্যক্তিক নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰিবলৈ সহায় কৰে, কোনো মানুহে নহয়। পৌলে বুজাইছিল যে যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া ইয়াৰ কি ভাল পৰিণাম হয়। সেই ব্যক্তিজনে সত্যৰ জ্ঞান পায় আৰু চেতনা পাই চয়তানৰ ফান্দৰ পৰা ওলাই আহিব পাৰে।—২ তীম. ২:২৬.

১৫. প্ৰাচীনসকলে অনুতাপ কৰা লোকসকলক কেনেকৈ সহায় কৰি থাকিব পাৰে?

১৫ যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া সমিতিয়ে আগলৈও তেওঁৰ মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰিব যাতে তেওঁ নিয়মীয়াকৈ সহায় লাভ কৰিব পাৰে। এইদৰে তেওঁ চয়তানৰ ফান্দৰ পৰা বাচি থাকিব পাৰে আৰু নিজৰ বাবে সঠিক পথ তৈয়াৰ কৰিব পাৰে। (ইব্ৰী ১২:১২, ১৩) মনত ৰাখক, প্ৰাচীনসকলে এজন ব্যক্তিয়ে কি পাপ কৰিলে, তাৰ বিষয়ে কেতিয়াও কাকো নজনায়। কিন্তু মণ্ডলীত হয়তো কি জনোৱাটো প্ৰয়োজন হʼব পাৰে?

“সকলোৰে আগত শুধৰণি”

১৬. যেতিয়া পৌলে কৈছিল যে “সকলোৰে আগত শুধৰণি” কৰা, তেতিয়া তাৰ অৰ্থ কি আছিল? (১ তীমথিয় ৫:২০)

১৬ প্ৰথম তীমথিয় ৫:২০ পঢ়ক। পৌলে এই কথা তেওঁৰ সংগী প্ৰাচীন তীমথিয়লৈ লিখিছিল আৰু কৈছিল যে “যিসকলে পাপ কৰাত লাগি আছে,” তেওঁলোকক কেনেকৈ সহায় কৰা উচিত। যেতিয়া পৌলে কʼলে যে “সকলোৰে আগত শুধৰণি” কৰা, তেতিয়া তাৰ অৰ্থ কি আছিল? প্ৰতিটো বিষয়তে গোটেই মণ্ডলীৰ আগত শুধৰণি কৰাৰ বিষয়ে তেওঁ কৈছিল নে? নহয়। পৌলে সেই “সকলোৰে আগত” শুধৰণি কৰাৰ বিষয়ে কৈছিল, যিসকলে সেই ব্যক্তিজনৰ পাপৰ বিষয়ে জানিছিল। হয়তো তেওঁলোকৰ মাজৰ কিছুমানে সেই ব্যক্তিজনক পাপ কৰা দেখিছিল বা যিসকলক পাপ কৰা ব্যক্তিজনে নিজেই তেওঁৰ পাপৰ বিষয়ে জনাইছিল। এনে পৰিস্থিতিত প্ৰাচীনসকলে ভাবি-চিন্তি কেৱল সেই লোকসকলকহে জনাই দিয়া উচিত যে সমস্যাটো সমাধান কৰা হৈছে আৰু পাপ কৰা ব্যক্তিজনক শুধৰণি কৰা হৈছে।

১৭. যদি গভীৰ পাপৰ বিষয়ে মণ্ডলীৰ বেছিভাগ লোকে জানে বা পাছলৈ গʼম পাব পাৰে, তেনেহʼলে কি ঘোষণা কৰা হয় আৰু কিয়?

১৭ কিন্তু এনে কিছুমান বিষয় থাকে, যাৰ বিষয়ে হয়তো মণ্ডলীৰ বেছিভাগ লোকে জানে বা পাছলৈ জানিব পাৰে। এনে পৰিস্থিতিত “সকলোৰে আগত” শুধৰণি কৰাৰ অৰ্থ হৈছে গোটেই মণ্ডলীৰ আগত শুধৰণি কৰা। সেইবাবে, প্ৰাচীনে মণ্ডলীত ঘোষণা কৰিব আৰু জনাব যে সেই ভাই বা ভনীক শুধৰণি কৰা হৈছে। এই ঘোষণা কৰাটো কিয় গুৰুত্বপূৰ্ণ? পৌলে কৈছিল, “যাতে আন লোকসকলে সতৰ্কবাণী পাই” আৰু তেওঁৰ দৰে পাপ নকৰে।

১৮. যদি এজন বাপ্তিষ্মা লোৱা চেমনীয়াই গভীৰ পাপ কৰে, তেনেহʼলে প্ৰাচীনসকলে সেই বিষয়টো কেনেকৈ সমাধান কৰে? (ছবিখনো চাওক।)

১৮ কিন্তু গভীৰ পাপ কৰা ব্যক্তিজন যদি বাপ্তিষ্মা লোৱা চেমনীয়া বয়সীয়া হয় অৰ্থাৎ যাৰ বয়স ১৮ বছৰতকৈ কম, তেতিয়া কি কৰা উচিত? এনে পৰিস্থিতিত প্ৰাচীনসকলৰ সমিতি বনোৱা হয়, যিয়ে সেই চেমনীয়া আৰু তেওঁৰ খ্ৰীষ্টান মা-দেউতাকক লগ কৰে। তেওঁলোকে এয়া জানিবলৈ চেষ্টা কৰিব যে মা-দেউতাকে নিজৰ সন্তানক অনুতাপৰ ফালে লৈ যাবলৈ কেনেকৈ চেষ্টা কৰি আছে। যদি সন্তানে নিজৰ মা-দেউতাৰ কথা মানিছে আৰু নিজৰ চিন্তাধাৰা আৰু ব্যৱহাৰ সলনি কৰিছে, তেনেহʼলে সেই দুজন প্ৰাচীনে নিৰ্ণয় লʼব যে আগলৈও মা-দেউতাকে নিজৰ সন্তানক সহায় কৰি থাকিব আৰু সমিতি বনোৱাৰ কোনো প্ৰয়োজন নাই। যিহোৱাই মা-দেউতাকক নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ আৰু প্ৰেমেৰে শুধৰণি কৰিবলৈ দায়িত্ব দিছে। (দ্বিতী. ৬:৬, ৭; হিতো. ৬:২০; ২২:৬; ইফি. ৬:২-৪) কিন্তু ইয়াৰ পাছতো প্ৰাচীনসকলে মাজে-সময়তে মা-দেউতাকৰ লগত কথা পাতিব আৰু চাব যে চেমনীয়াক কেনেকৈ সহায় কৰা হৈছে। কিন্তু বাপ্তিষ্মা লোৱা চেমনীয়াই যদি ভুল কাম কৰি আছে আৰু অনুতাপ কৰা নাই, তেতিয়া কি কৰা হয়? এনে পৰিস্থিতিত প্ৰাচীনসকলৰ এটা সমিতি বনোৱা হয়, যিসকলে সেই চেমনীয়া আৰু তেওঁৰ খ্ৰীষ্টান পিতৃ-মাতৃ বা তেওঁক চোৱা-চিতা কৰা ব্যক্তিক লগ কৰে।

যেতিয়া এজন চেমনীয়াই গভীৰ পাপ কৰে, তেতিয়া দুজন প্ৰাচীনে তেওঁক আৰু তেওঁৰ খ্ৰীষ্টান মা-দেউতাকক লগ কৰে (অনুচ্ছেদ ১৮ চাওক)


“প্ৰভু [যিহোৱা] অতি স্নেহৱান আৰু দয়ালু”

১৯. প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনৰ লগত কেনেকৈ যিহোৱাৰ দৰে ব্যৱহাৰ কৰে?

১৯ যিসকলে প্ৰাচীন সমিতিত থাকে, তেওঁলোকক যিহোৱাই মণ্ডলীক শুদ্ধ বনাই ৰখাৰ দায়িত্ব দিছে। (১ কৰি. ৫:৭) কিন্তু তেওঁলোকে পাপ কৰা ব্যক্তিজনক অনুতাপৰ ফালে লৈ যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে আৰু তেওঁ নিশ্চয় নিজকে সলনি কৰিব বুলি আশা ৰাখে। কিন্তু তেওঁলোকে এইদৰে কিয় কৰে? কাৰণ তেওঁলোকে যিহোৱাৰ দৰে হʼব বিচাৰে যি “অতি স্নেহৱান আৰু দয়ালু” ঈশ্বৰ হয়। (যাকো. ৫:১১) বৃদ্ধ পাঁচনি যোহনে এইদৰেই উৎসাহ দেখুৱাইছিল। তেওঁ লিখিছিল, “হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা, এই আশায়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে।”—১ যোহ. ২:১.

২০. এই খণ্ডৰ শেষৰ লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২০ দুখৰ বিষয় যে কেতিয়াবা কেতিয়াবা পাপ কৰা লোকসকলে অনুতাপ নকৰে। সেইবাবে, তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়াটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। প্ৰাচীনসকলে এনেধৰণৰ গভীৰ বিষয়বোৰ কেনেকৈ সমাধান কৰে? ইয়াৰ বিষয়ে আমি শেষৰ লেখত আলোচনা কৰিম।

গীত নং ১০৩ মেৰৰখীয়া, মানুহৰ ৰূপত বৰ

a প্ৰাচীনসকলৰ সমিতিক আগতে ন্যায় সমিতি বুলি কোৱা হৈছিল। কিন্তু ন্যায় কৰাটো তেওঁলোকৰ কামৰ কেৱল এটাহে ভাগ হয়। সেইবাবে, আমি এতিয়াৰে পৰা ইয়াক ন্যায় সমিতি বুলি কোৱাৰ পৰিৱৰ্তে প্ৰাচীনসকলৰ সমিতি বুলি কʼম।