Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

যীচু খ্ৰীষ্ট কেতিয়া মহাপুৰোহিত হৈছিল আৰু নতুন নিয়মৰ চুক্তি কেতিয়া নিশ্চিত কৰিছিল?

▪ ২৯ খ্ৰীষ্টব্দত যেতিয়া যীচুৱে বাপ্তিষ্মা লয়, তেতিয়া তেওঁ মহাপুৰোহিত হয়। আমি এইদৰে কিয় কʼব পাৰোঁ? যীচুৱে বাপ্তিষ্মা লৈ প্ৰকাশ কৰিলে যে তেওঁ সেই লাক্ষণিক বেদীত বলিদান আগবঢ়াবলৈ সাজু আছে, যি যিহোৱাৰ ‘ইচ্ছা’ পূৰ কৰাক চিত্ৰিত কৰে। (গালা. ১:৪; ইব্ৰী ১০:৫-১০) বেদী মন্দিৰৰ এক গুৰুত্বপূৰ্ণ ভাগ হয়। সেইবাবে, আমি কʼব পাৰোঁ যে যীচুৱে বাপ্তিষ্মা লোৱাৰ সময়ৰপৰা এই লাক্ষণিক মন্দিৰ অস্তিত্বত আহে। লাক্ষণিক মন্দিৰ শুদ্ধ উপাসনা কৰাৰ এটা ব্যৱস্থা হয়, যি যিহোৱাই ব্যৱস্থা কৰিছে। তেওঁ এই ব্যৱস্থা যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত কৰিছে।—মথি ৩:১৬, ১৭; ইব্ৰী ৫:৪-৬.

মহান লাক্ষণিক মন্দিৰত এজন মহাপুৰোহিতৰ প্ৰয়োজন আছিল। সেইবাবে, মহাপুৰোহিত হʼবলৈ “পবিত্ৰ আত্মা আৰু মহিমাৰে” যীচুক অভিষিক্ত কৰা হয়। (পাঁচ. ১০:৩৭, ৩৮; মাৰ্ক ১:৯-১১) কিন্তু যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ আগতেই তেওঁক মহাপুৰোহিত হিচাপে নিযুক্ত কৰা হৈছিল বুলি আমি কিয় কʼব পাৰোঁ? হাৰোণ আৰু তেওঁৰ পাছত যিসকল মহাপুৰোহিত হৈছিল, তেওঁলোকৰ ওপৰত ধ্যান দিলে আমি এই প্ৰশ্নৰ উত্তৰ পাম।

মোচিৰ নিয়ম অনুসৰি কেৱল মহাপুৰোহিতে তম্বুৰ পবিত্ৰস্থান আৰু আগলৈ মন্দিৰৰ অতি পবিত্ৰস্থানত যাব পাৰিছিল। পবিত্ৰ স্থান আৰু অতি পবিত্ৰ স্থানৰ মাজত এখন আঁৰ-কাপোৰ আছিল। প্ৰায়শ্চিত্তৰ দিনাখন মহাপুৰোহিতে এই আঁৰ-কাপোৰখন পাৰ কৰি সেই স্থানলৈ গৈছিল। (ইব্ৰী ৯:১-৩, ৬, ৭) হাৰোণ আৰু আন লোকসকলক পবিত্ৰ-স্থানৰ এই “আঁৰ-কাপোৰৰ ভিতৰ ফালে” যোৱাৰ আগতেই মহাপুৰোহিত হিচাপে নিযুক্ত কৰা হৈছিল। ঠিক সেইদৰে, যীচু খ্ৰীষ্টকো হয়তো তেওঁৰ মৃত্যুৰ আগতে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰৰ মহাপুৰোহিত হিচাপে নিযুক্ত কৰা হৈছে আৰু ইয়াৰ পাছত তেওঁ “আঁৰ-কাপোৰেদি, অৰ্থাৎ তেওঁৰ মাংসেদি” স্বৰ্গলৈ যায়। (ইব্ৰী ১০:১৯) সেইবাবে, পৌলেও কৈছিল যে যীচু “মহা-পুৰোহিত স্বৰূপে” উপস্থিত হৈছে। তাৰ পাছত তেওঁ “এই সৃষ্টিৰ নোহোৱা সেই মহত্ত্বৰ আৰু সিদ্ধতৰ তম্বুৱেদি গমন” কৰিলে, যি স্বৰ্গত আছে।—ইব্ৰী ৯:১১, ২৪.

▪ নতুন নিয়ম কেতিয়া নিশ্চিত কৰা হʼল? যেতিয়া যীচুৱে নিজৰ বলিদান যিহোৱাৰ হাতত অৰ্পণ কৰিলে, তেতিয়া তেওঁ এই চুক্তি নিশ্চিত কৰিবলৈ পদক্ষেপ লʼলে। সেই পদক্ষেপত কি কি জড়িত আছিল?

সৰ্বপ্ৰথমে যীচুৱে যিহোৱাৰ আগত উপস্থিত হৈছিল। তাৰ পাছত তেওঁ নিজৰ বলিদানৰ মূল্য যিহোৱাক দিলে আৰু শেষত যীচুৱে আগবঢ়োৱা তেজৰ মূল্যক যিহোৱাই গ্ৰহণ কৰিলে। এই তিনিটা পদক্ষেপ লোৱাৰ পাছতহে নতুন নিয়মৰ চুক্তি প্ৰয়োগ হʼবলৈ আৰম্ভ হʼল।

বাইবেলত এই বিষয়ে স্পষ্টকৈ উল্লেখ নাই যে যিহোৱাই কেতিয়া যীচুৰ বলিদান গ্ৰহণ কৰিছিল। সেইবাবে, নতুন নিয়ম কেতিয়া নিশ্চিত কৰা হৈছিল আৰু প্ৰয়োগ কৰা হৈছিল, তাৰ বিষয়ে আমি সঠিকভাৱে কʼব নোৱাৰোঁ। কিন্তু আমি এয়া জানোঁ যে পেন্টাকোষ্টৰ দহদিনৰ আগতেই যীচুৱে স্বৰ্গলৈ গৈছিল। (পাঁচ. ১:৩) ইয়াৰ অৰ্থ হৈছে এই দহদিনৰ ভিতৰতে হয়তো যীচুৱে নিজৰ বলিদান যিহোৱালৈ অৰ্পণ কৰিছিল আৰু যিহোৱাই তাক গ্ৰহণ কৰিছিল। (ইব্ৰী ৯:১২) এই কথাৰ প্ৰমাণ পেন্টাকোষ্টৰ দিনাখন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। (পাঁচ. ২:১-৪, ৩২, ৩৩) ইয়াত কোনো সন্দেহ নাই যে সেইসময়ত নতুন নিয়ম প্ৰয়োগ হৈছিল।

সাৰাংশত কʼবলৈ গʼলে যেতিয়া যিহোৱাই যীচুৱে আগবঢ়োৱা তেজৰ মূল্য গ্ৰহণ কৰে, তেতিয়া নতুন নিয়মৰ চুক্তি নিশ্চিত হৈছিল। যেতিয়া যীচুৱে নতুন নিয়মৰ মহাপুৰোহিত আৰু মধ্যস্থতা হৈছিল, তেতিয়া এই চুক্তি প্ৰয়োগ হʼবলৈ আৰম্ভ হৈছিল।—ইব্ৰী ৭:২৫; ৮:১-৩, ৬; ৯:১৩-১৫.