Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩০

সত্যৰ পথত চলি থাকক

সত্যৰ পথত চলি থাকক

“মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে, তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।”—৩ যোহ. ৪.

গীত ৫৪ “এয়েই পথ”

লেখৰ এক আভাস *

১. তৃতীয় যোহন ৩, ৪ পদৰ অনুসৰি আমি কেতিয়া আনন্দ লাভ কৰোঁ?

পাঁচনি যোহনে বহুতোলোকক সত্য শিকাইছিল। কল্পনা কৰকচোন, সেই লোকসকলে এতিয়াও সত্যৰ পথত চলি আছে বুলি যেতিয়া তেওঁ শুনিলে, তেতিয়া তেওঁ কিমান আনন্দিত হৈছিল। সেই বিশ্বাসী খ্ৰীষ্টানসকল তেওঁৰ সন্তানৰ দৰে আছিল। তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। সেইবাবে, তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিবলৈ যোহনে বহুতো পৰিশ্ৰম কৰিছিল। আমাৰ সন্তান বা যিসকলক আমি সত্য শিকাওঁ, তেওঁলোকে যেতিয়া নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু তেওঁৰ সেৱাত লাগি থাকে, তেতিয়া আমি এনেধৰণৰ আনন্দ লাভ কৰোঁ।—৩ যোহন ৩, ৪ পঢ়ক।

২. যোহনে বিশ্বাসী খ্ৰীষ্টানসকললৈ কিয় চিঠি লিখিছিল?

যোহন পাত্ম নামৰ দ্বীপত বন্দী হৈ আছিল। জেলৰপৰা মুক্ত হৈ তেওঁ হয়তো ইফিচ বা ইয়াৰ আশে-পাশে থাকিবলৈ লৈছিল। সেই ঠাইতেই ৯৮ খ্ৰীষ্টাব্দত যিহোৱাৰ পবিত্ৰ আত্মাই তেওঁক তিনিখন চিঠি লিখিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ বিশ্বাসী খ্ৰীষ্টানসকলক যীচুৰ ওপৰত বিশ্বাস কৰিবলৈ আৰু সত্যৰ পথত চলি থাকিবলৈ উৎসাহিত কৰাৰ বাবে এই তিনিখন চিঠি লিখিছিল।

৩. আমি কি কি প্ৰশ্নৰ উত্তৰ জানিম?

যোহনৰ বাহিৰে যীচুৰ সকলো পাঁচনিৰ মৃত্যু হৈছিল। তেওঁ ভাই-ভনীৰ বিষয়ে চিন্তিত হৈছিল। কিয়নো মণ্ডলীত মিছা শিক্ষকসকল সোমাই আহিছিল, যিসকলে লোকসকলক ভুল পথলৈ বিচলিত কৰিবলৈ চেষ্টা কৰিছিল। * (১ যোহ. ২:১৮, ১৯, ২৬) এই বিদ্ৰোহী লোকসকলে যিহোৱাক জানো বুলি দাবী কৰিছিল, কিন্তু তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰা নাছিল। এই লেখত আমি যোহনে ঈশ্বৰৰ প্ৰেৰণাৰে দিয়া সেই পৰামৰ্শৰ ওপৰত ধ্যান দিম। আমি তিনিটা প্ৰশ্নৰ উত্তৰো জানিম: সত্যৰ পথত চলাৰ অৰ্থ কি? এই পথত চলি থাকিবলৈ কি কি বাধা আহিব পাৰে? আৰু এই পথত চলি থাকিবলৈ আমি এজনে-আনজনক কেনেকৈ সহায় কৰিব পাৰোঁ?

সত্যৰ পথত চলাৰ অৰ্থ কি?

৪. প্ৰথম যোহন ২:৩-৬ আৰু ২ যোহন ৪, ৬ পদৰ অনুসৰি সত্যৰ পথত চলি থাকিবলৈ আমি কি কৰাৰ প্ৰয়োজন?

সত্যৰ পথত চলি থাকিবলৈ আমি যিহোৱাৰ বাক্যত উল্লেখ কৰা সত্যতা বুজিব লাগিব। লগতে আমি যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব। (১ যোহন ২:৩-৬; ২ যোহন ৪,  পঢ়ক।) যীচুৱে সকলো সময়তে যিহোৱাৰ আজ্ঞা পালন কৰিছিল। তেওঁ আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। যিহোৱাৰ আজ্ঞা পালন কৰাৰ এটা উপায় হৈছে, যীচু খ্ৰীষ্টক অনুকৰণ কৰা।—যোহ. ৮:২৯; ১ পিত. ২:২১.

৫. আমি কি কথাৰ ওপৰত বিশ্বাস কৰা উচিত?

সত্যৰ পথত চলি থাকিবলৈ আমি এই কথাত ওপৰত সম্পূৰ্ণ বিশ্বাস কৰা উচিত যে যিহোৱা সত্য ঈশ্বৰ হয় আৰু তেওঁ নিজৰ বাক্য বাইবেলত যি লিখাইছে, সেয়া সত্য হয়। আমি এই কথাৰ ওপৰতো বিশ্বাস কৰা উচিত যে যীচুৱেই প্ৰতিজ্ঞা কৰা মচীহ হয়। আজি বহুতোলোকে বিশ্বাস নকৰে যে যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টক নিজৰ ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে। যিসকল লোকে যিহোৱা আৰু যীচু খ্ৰীষ্টক বিশ্বাস কৰে, কিন্তু তেওঁলোকৰ বিশ্বাস দৃঢ় নহয়, সেই লোকসকলক ‘অনেক প্ৰবঞ্চকে’ ভুল পথলৈ পৰিচালিত কৰিবলৈ চেষ্টা কৰিব বুলি যোহনে আগতিয়াকৈ সতৰ্ক কৰিছিল। (২ যোহ. ৭-১১) তেওঁ এইদৰে লিখিছিল, “যীচু যে সেই অভিষিক্ত জনা, ইয়াক যি জনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে?” (১ যোহ. ২:২২) যদি আমি বিচলিত হʼব নিবিচাৰোঁ, তেনেহʼলে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাটো অতি প্ৰয়োজন। এইদৰে কৰাৰ যোগেদিহে আমি যিহোৱা আৰু যীচুক জানিব পাৰিম। (যোহ. ১৭:৩) তেতিয়াহে আমাৰ বিশ্বাস হʼব যে আমাৰ ওচৰত সত্যতা আছে।

এই পথত চলিবলৈ কি কি বাধা আহিব পাৰে?

৬. ডেকা ভাই-ভনীসকলক সত্যৰ পথত চলিবলৈ কিহে বাধা দিব পাৰে?

মানৱীয় ভাবধাৰাই যাতে ভুল পথলৈ পৰিচালিত নকৰে, তাৰ বাবে সকলো খ্ৰীষ্টানে সতৰ্ক হোৱা উচিত। (১ যোহ. ২:২৬) বিশেষকৈ ডেকা ভাই-ভনীসকলে এই ফান্দৰপৰা নিজকে ৰক্ষা কৰা উচিত। ফ্ৰান্সত থকা এলেক্সিয়া * নামৰ ২৫ বছৰৰ এগৰাকী ভনীয়ে কৈছে যে “যেতিয়া মই স্কুলত আছিলোঁ, তেতিয়া মোক বিৱৰ্তন আৰু আন বহুতো মানৱীয় ভাবধাৰাৰ বিষয়ে শিকোৱা হৈছিল। কেতিয়াবা কেতিয়াবা এই শিক্ষাবোৰ মোক সঁচা যেন লাগিছিল। কিন্তু মই ভাবিলোঁ যে শিক্ষকে শিকোৱা সকলো কথা বিশ্বাস কৰাটো উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, যিহোৱাৰ কথা শুনা উচিত।” ভনী এলেক্সিয়াই কেনেকৈ জীৱনৰ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? (ইংৰাজী) নামৰ কিতাপখন ভালদৰে পঢ়িছিল। কিছু সপ্তাহৰ পাছতে তাইৰ সকলো সন্দেহ দূৰ হʼল। তাই এইদৰে কয়, “মই নিজকে প্ৰমাণ দিলোঁ যে কেৱল বাইবেলতহে সত্যতা আছে। মই অনুভৱ কৰিলোঁ যে ঈশ্বৰৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিলেহে মই আনন্দ আৰু শান্তি লাভ কৰিব পাৰিম।”

৭. আমি কিহৰ বাবে সাৱধান হোৱা উচিত আৰু কিয়?

আমি ডেকা বা বৃদ্ধ যিয়েই নহও কিয়, আমি যাতে তেওঁলোকৰ দৰে নহওঁ, তাৰ বাবে আমি সাৱধান হোৱা উচিত। পাঁচনি যোহনেও কৈছিল যে যদি আমি অনৈতিক জীৱন অতিবাহিত কৰিছোঁ, তেনেহʼলে আমি প্ৰকৃততে সত্যৰ পথত চলা নাই। (১ যোহ. ১:৬) যিহোৱাই আমাক সকলো সময়তে চাই আছে বুলি আমি মনত ৰখা উচিত। যদিও আমি লোকসকলৰপৰা লুকাই বেয়া কাম কৰোঁ, কিন্তু যিহোৱাৰ দৃষ্টিত কোনো বস্তু লুকাই নাথাকে। তেওঁ সকলো দেখা পায়।—ইব্ৰী ৪:১৩.

৮. আমি কেনেধৰণৰ চিন্তাধাৰা গ্ৰহণ কৰা উচিত নহয়?

পাপৰ বিষয়ে থকা জগতৰ চিন্তাধাৰাক আমি গ্ৰহণ কৰা উচিত নহয়। পাঁচনি যোহনে এইদৰে কৈছিল, “আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ।” (১ যোহ. ১:৮) যোহনৰ সময়ছোৱাত, যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলে দাবী কৰিছিল যে এজন ব্যক্তিয়ে জানি-শুনি পাপ কৰাৰ লগতে যিহোৱাৰ বন্ধু হʼব পাৰে। আজিও লোকসকলে এইদৰেই ভাবে। বহুতোলোকে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কয়, কিন্তু তেওঁলোকে পাপৰ বিষয়ে থকা ঈশ্বৰৰ চিন্তাধাৰাক গ্ৰহণ নকৰে। বিশেষকৈ যৌন সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত। কিছুমান যৌন সম্পৰ্কক যিহোৱাই ভুল বুলি কয়। কিন্তু এই লোকসকলে ভাবে যে এজন ব্যক্তিয়ে যি বিচাৰে, তাকেই কৰিব পাৰে।

ডেকা ভাই-ভনীসকল যিহোৱাই কোনো এটা কথা কিয় ভাল বা বেয়া বুলি কৈছে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। তেতিয়াহে আপুনি আনক বুজাব পাৰিব যে আপুনি কিয় বেয়া কাম নকৰে (অনুচ্ছেদ ৯ চাওক) *

৯. বাইবেলৰ মানদণ্ডবোৰ পালন কৰিলে ডেকা ভাই-ভনীসকলে কেনেকৈ লাভৱান হয়?

বৰ্তমান সময়ত ডেকা ভাই-ভনীসকলে সঠিক চিন্তাধাৰা বজাই ৰখাটো ইমান সহজ নহয়। কিয়নো তেওঁলোকৰ সহপাঠী বা সহকৰ্মীসকলে তেওঁলোকক অনৈতিক কাম কৰিবলৈ হেঁচা দিয়ে। এলেক্সজেণ্ডাৰৰ লগতো এইদৰেই হৈছিল। তেওঁ এইদৰে কয়, “মোৰ স্কুলৰ কিছুমান ছোৱালীয়ে মোৰ লগত অনৈতিক সম্পৰ্ক ৰাখিব বিচাৰিছিল। কিন্তু মই মানা কৰাত তেওঁলোকে মোক সমকামী বুলি কৈছিল। কিয়নো মোৰ কোনো গালফ্ৰেণ্ড নাছিল।” যদি আপুনিও এনে পৰিস্থিতিৰ সন্মুখীন হৈছে, তেনেহʼলে মনত ৰাখক যে যিহোৱাৰ মানদণ্ড পালন কৰিলে আপুনি লাভৱান হʼব। আপুনি নিজৰ আত্ম-সন্মান বজাই ৰাখিব পাৰিব, আপোনাৰ স্বাস্থ্য ভালে থাকিব, আপুনি নিৰাশ নহʼব আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকিব। প্ৰতিবাৰে যেতিয়া আপুনি প্ৰলোভনৰ অস্বীকাৰ কৰিব, তেতিয়া সঠিক কাম কৰিবলৈ আপোনাৰ বাবে সহজ হৈ পৰিব। মনত ৰাখক যে সমকামী সম্পৰ্কৰ বিষয়ে জগতৰ এই চিন্তাধাৰা চয়তানৰ ফালৰপৰা হয়। যদি আপুনি ঈশ্বৰৰ নৈতিক মানদণ্ডক আপোচ নকৰে, তেনেহʼলে আপুনি পাপ আত্মাক জয় কৰিবলৈ সক্ষম হʼব।—১ যোহ. ২:১৪.

১০. শুদ্ধ বিবেকেৰে যিহোৱাৰ সেৱা কৰিবলৈ ১ যোহন ১:৯ পদে আমাক কেনেকৈ সহায় কৰিব পাৰে?

১০ আমি বিশ্বাস কৰোঁ যে ভাল-বেয়া নিৰ্ণয় কৰাৰ অধিকাৰ কেৱল যিহোৱা ঈশ্বৰৰহে আছে। আমি সকলো ধৰণৰ বেয়া কাম বা পাপ কৰাৰপৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ। যদি আমি কিবা পাপ কৰোঁ, তেনেহʼলে আমি ক্ষমা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। (১ যোহন ১:৯ পঢ়ক।) কিন্তু যেতিয়া আমি কোনো গম্ভীৰ পাপ কৰোঁ, তেতিয়া আমি যিহোৱাই আমাক চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰা প্ৰাচীনসকলৰ সহায় লওঁ। (যাকো. ৫:১৪-১৬) কিন্তু আমি অতীতত কৰা পাপৰ বিষয়ে বাৰে বাৰে চিন্তা কৰি নিজকে দোষী অনুভৱ কৰা উচিত নহয়। কিয় বাৰু? কিয়নো আমাৰ মৰমিয়াল পিতৃ যিহোৱা ঈশ্বৰে আমাৰ পাপৰ ক্ষমাৰ বাবে নিজৰ একমাত্ৰ পুত্ৰৰ মুক্তিপণস্বৰূপ বলিদান হিচাপে আগবঢ়ালে। সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰা লোকসকলক যদি যিহোৱাই ক্ষমা কৰিম বুলি কৈছে, তেনেহʼলে তেওঁ নিশ্চয় ক্ষমা কৰিব। এই কথা মনত ৰাখিলে আমি শুদ্ধ বিবেকেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম।—১ যোহ. ২:১, ২, ১২; ৩:১৯, ২০.

১১. আমাৰ বিশ্বাস দুৰ্বল কৰিব পৰা শিক্ষাৰপৰা আমি কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰোঁ?

১১ যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলৰ শিক্ষাৰপৰা আমি আঁতৰি থকা উচিত। যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ বিশ্বাস দুৰ্বল কৰিবলৈ সত্য খ্ৰীষ্টান মণ্ডলীৰ আৰম্ভণিৰেপৰা চয়তানে চেষ্টা কৰি আহিছে। সেইবাবে, আমি ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ শিকাটো অতি প্ৰয়োজন। * হয়তো আমাৰ শত্ৰুসকলে ইণ্টাৰনেট আৰু চʼচিয়েল মিডিয়াৰ যোগেদি যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি থকা আমাৰ প্ৰেম দুৰ্বল কৰিবলৈ চেষ্টা কৰিব পাৰে। বিদ্ৰোহী লোকসকলে দিয়া উৰা-বাতৰিৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব। কিয়নো ইয়াৰ আঁৰত চয়তান থাকে।—১ যোহ. ৪:১, ৬; প্ৰকা. ১২:৯.

১২. আমি যি সত্যতা শিকিলোঁ তাৰ ওপৰত আমাৰ বিশ্বাস কিয় দৃঢ় কৰা উচিত?

১২ চয়তানৰ আক্ৰমণৰ সন্মুখীন হʼবলৈ আমি যীচুৰ ওপৰত নিজৰ ভৰসা বৃদ্ধি কৰাটো আৰু ঈশ্বৰৰ উদ্দেশ্যত যীচুৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি বিশ্বাস কৰা অতি প্ৰয়োজন। আমি এই কথাৰ ওপৰতো বিশ্বাস কৰা উচিত যে বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে কেৱল বিশ্বাসী আৰু বুদ্ধিমান দাসৰ যোগেদি নিজৰ সংগঠনক নিৰ্দেশনা দিছে। (মথি ২৪:৪৫-৪৭) প্ৰতিদিনে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি আমি আমাৰ বিশ্বাস দৃঢ় কৰিব পাৰোঁ। এইদৰে কৰিলে আমাৰ বিশ্বাস সেই গছৰ দৰে হʼব, যাৰ শিপা মাটিৰ তললৈকে খামোচ মাৰি ধৰি থাকে। কলচীয়া মণ্ডলীলৈ লিখাৰ সময়ত পৌলে ঠিক এইদৰেই কৈছিল, ‘এতেকে তোমালোকে খ্ৰীষ্টক, অৰ্থাৎ প্ৰভু যীচুক যেনেকৈ গ্ৰহণ কৰিলা, তেনেকৈ তেওঁতেই চলা আৰু তেওঁতেই শিপা ধৰি বিশ্বাসত থিৰ হোৱা।’ (কল. ২:৬, ৭) যদি আমি নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ পৰিশ্ৰম কৰোঁ, তেনেহʼলে চয়তান আৰু তাৰ সহযোগীবিলাকে আমাক সত্যৰ পথত চলি থাকিবলৈ কেতিয়াও বাধা দিব নোৱাৰে।—২ যোহ. ৮, ৯.

১৩. আমি কি কথা জানোঁ আৰু কিয়?

১৩ আমি জানোঁ যে জগতে আমাক ঘৃণা কৰিব। (১ যোহ. ৩:১৩) যোহনে এইদৰে কৈছিল, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহ. ৫:১৯) যিদৰে দুষ্ট ব্যৱস্থাৰ ধ্বংস ওচৰ চাপিছে, ঠিক সেইদৰে চয়তানৰ খং আৰু বেছিকৈ বাঢ়ি গৈছে। (প্ৰকা. ১২:১২) চয়তানে বিভিন্ন কৌশল ব্যৱহাৰ কৰি আমাক আক্ৰমণ কৰে। সি অনৈতিক কাৰ্য্য আৰু ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলৰ শিক্ষাৰ যোগেদি আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ চেষ্টা কৰে। চয়তানে আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ আমাৰ ওপৰত নিষ্ঠুৰভাৱে অত্যাচাৰ কৰে। চয়তানে এই কথা ভালদৰে জানে যে আমাৰ প্ৰচাৰ কাৰ্য্যত বাধা দিবলৈ আৰু আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ তাৰ ওচৰত আৰু বেছি সময় নাই। সেইবাবে, কিছুমান দেশত আমাৰ প্ৰচাৰ কাৰ্য্যত বাধা দিছে বা নিষেধ কৰা হৈছে বুলি যেতিয়া আমি শুনোঁ, তেতিয়া আমি আচৰিত নহওঁ। চয়তানৰ আক্ৰমণৰ সত্ত্বেও আমাৰ ভাই-ভনীসকলে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে। ইয়াৰপৰা বুজিব পাৰি যে চয়তানে আমাৰ ওপৰত যিমানেই আক্ৰমণ নকৰক কিয়, সি আমাক সত্যৰ পথত চলি থাকিবলৈ কেতিয়াও বাধা দিব নোৱাৰে।

সত্যৰ পথত চলিবলৈ এজনে-আনজনক সহায় কৰক

১৪. সত্যৰ পথত চলি থাকিবলৈ আমাৰ ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

১৪ ভাই-ভনীসকলক প্ৰেম দেখুৱাৰ যোগেদি আমি তেওঁলোকক সত্যৰ পথত চলি থাকিবলৈ সহায় কৰিব পাৰোঁ। (১ যোহ. ৩:১০, ১১, ১৬-১৮) আমি কেৱল ভাল পৰিস্থিতিতে নহয়, কিন্তু বেয়া পৰিস্থিতিতো আমি তেওঁলোকক প্ৰেম কৰা উচিত। উদাহৰণস্বৰূপে, আপুনি হয়তো এনে এজন ভাই বা ভনীক জানে, যাৰ পৰিয়ালত তেওঁলোকৰ আপোনজনাৰ মৃত্যু হৈছে। আপুনি তেওঁলোকক শান্ত্বনা দিব পাৰেনে? বা আন কোনো উপায়ে তেওঁলোকক সহায় কৰিব পাৰেনে? অথবা আপুনি এনে বিশ্বাসী ভাই-ভনীৰ বিষয়ে শুনিছেনে, যিসকলে প্ৰাকৃতিক দুৰ্যোগত সকলো হেৰাইছে আৰু তেওঁলোকক ৰাজ্যগৃহ আৰু ঘৰ নিৰ্মাণ কৰিবলৈ সহায়ৰ প্ৰয়োজন? আমি আমাৰ ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, সেয়া কেৱল কথাৰে নহয়, কিন্তু আমাৰ কাৰ্য্যৰে দেখুৱা উচিত।

১৫. প্ৰথম যোহন ৪:৭, ৮ পদৰ অনুসৰি আমি কি কৰা উচিত?

১৫ এজনে-আনজনক প্ৰেম কৰাৰ যোগেদি আমি আমাৰ স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰক অনুকৰণ কৰোঁ। (১ যোহন ৪:৭, ৮ পঢ়ক।) প্ৰেম কৰাৰ এটা উপায় হৈছে, নিজৰ ভাই-ভনীক ক্ষমা কৰা। হয়তো কোনোবাই আমাক আঘাত দিয়ে আৰু পাছত তেওঁ আমাক ক্ষমা বিচাৰে। যদি আমি তেওঁক প্ৰেম কৰোঁ, তেনেহʼলে আমি তেওঁক ক্ষমা কৰিম আৰু তেওঁৰ ভুলবোৰ পাহৰি যাম। (কল. ৩:১৩) আল্ড নামৰ এজন ভায়ে এইদৰেই কৰিলে। তেওঁ এজন ভাইক বৰ সন্মান কৰিছিল। এবাৰ সেই ভাইজনে আল্ডৰ জাতিৰ বিষয়ে বেয়াকৈ কোৱা শুনিলে। আল্ডই এইদৰে কয়, “মই যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰিলোঁ, যাতে সেই ভাইজনৰ বিষয়ে মই ভুলকৈ নাভাবোঁ।” প্ৰাৰ্থনা কৰাৰ উপৰিও তেওঁ আৰু কিবা কৰিলে। ভাইজনৰ কথাত আল্ডই কিমান আঘাত পাইছিল, এই বিষয়ে প্ৰচাৰ কৰাৰ সময়ত ভাইজনক কʼবলৈ নিৰ্ণয় কৰিলে। আল্ডই কয় যে যেতিয়া ভাইজনে এই বিষয়ে গম পালে, তেতিয়া তেওঁ মোক ক্ষমা খুজিলে। তেওঁৰ কথা শুনি মই বুজিব পাৰিলোঁ যে তেওঁ সঁচাকৈ অনুতাপ কৰিছিল। আমি সেই কথা তাতে পাহৰি গ’লোঁ আৰু পুনৰ ভাল বন্ধু হৈ পৰিলোঁ।

১৬-১৭. আপুনি কি কৰিবলৈ দৃঢ় সংকল্প লৈছে?

১৬ পাঁচনি যোহনে ভাই-ভনীসকলক বহুত প্ৰেম কৰছিল। তেওঁ লিখা তিনিখন চিঠিৰ যোগেদি বুজিব পাৰি যে যোহনে ভাই-ভনীসকলৰ প্ৰতি কিমান চিন্তিত আছিল। এই কথা জানি আমি আনন্দিত যে যিসকলে যীচুৰ লগত স্বৰ্গৰপৰা শাসন কৰিব তেওঁলোকেও যোহনৰ দৰে আমাক প্ৰেম কৰে আৰু যত্ন লয়।—১ যোহ. ২:২৭.

১৭ এই লেখত আমি যিবোৰ কথা আলোচনা কৰিলোঁ, সেইবোৰ সদায় মনত ৰাখক। সত্যৰ পথত চলি থাকিবলৈ আৰু সদায় যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ দৃঢ় সংকল্প লওক। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক, ইয়াত লিখা কথাবোৰ সত্য হয় বুলি নিজকে প্ৰমাণ দিয়ক। মানৱীয় ভাবধাৰা আৰু ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলৰ শিক্ষাৰ ওপৰত কেতিয়াও ধ্যান নিদিব। ঈশ্বৰৰ সেৱা কৰাৰ লগতে বেয়া কাম নকৰিব। বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰা লোকসকলৰ কথা নুশুনিব। ঈশ্বৰৰ নৈতিক মানদণ্ডক স্বীকাৰ কৰক, প্ৰয়োজনীয়তাৰ সময়ত ভাই-ভনীসকলক সহায় কৰক। যদি কোনোবাই আপোনাক আঘাত দিয়ে, তেনেহʼলে তেওঁক ক্ষমা কৰক। এইদৰে কৰাৰ যোগেদি আমি সমস্যাৰ সত্ত্বেও সত্যৰ পথত চলি থাকিবলৈ এজনে-আনজনক সহায় কৰিব পাৰোঁ।

গীত ৪৯ যিহোৱাৰ হৃদয় আনন্দিত কৰোঁ

^ অনু. 5 আমি এনে এখন জগতত জীয়াই আছোঁ, যʼত চয়তানে শাসন কৰি আছে। সেইবাবে, আমি সত্যৰ পথত চলি থকাটো ইমান সহজ নহয়। প্ৰথম শতিকাৰ শেষত জীয়াই থকা খ্ৰীষ্টানসকলৰ বাবেও এয়া সহজ নাছিল। তেওঁলোকক সহায় কৰিবলৈ যিহোৱা ঈশ্বৰে পাঁচনি যোহনক তিনিখন চিঠি লিখিবলৈ অনুপ্ৰাণিত কৰে। এই চিঠিবোৰৰপৰা আজিও আমি বহুতো সহায় লাভ কৰিব পাৰোঁ। ইয়াত উল্লেখ কৰা হৈছে যে সত্যৰ পথত চলি থাকিবলৈ কি কি বাধা আহিব পাৰে আৰু আমি ইয়াক কেনেকৈ পাৰ কৰিব পাৰোঁ।

^ অনু. 6 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 11 ২০১৮ চনৰ আগষ্ট মাহৰ প্ৰহৰীদুৰ্গ, (হিন্দী) “আপোনাৰ ওচৰত সঠিক তথ্য আছেনে?” নামৰ লেখটো পঢ়ক।

^ অনু. 59 ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে স্কুলৰ চাৰিওফালে সমকামীতাক সমৰ্থন কৰা দেখিবলৈ পাইছে। (কিছুমান দেশত মেঘধনুৰ দৰে ৰংবোৰক সমকামীতাৰ চিন হিচাপে বিশ্বাস কৰে।) পাছলৈ তাই বাইবেলত লিখা কথাবোৰৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ অনুসন্ধান কৰে। সেইবাবে, হেঁচাৰ সময়ত তাই সঠিক নিৰ্ণয় লʼব পাৰিলে।