Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৬

শুনক, জানক আৰু সহানুভূতি দেখুৱাওক

শুনক, জানক আৰু সহানুভূতি দেখুৱাওক

“ওপৰে ওপৰে চাই সোধ-বিচাৰ নকৰি, ন্যায়-বিচাৰ কৰাহঁক।”—যোহ. ৭:২৪.

গীত ১০১ একতা হৈ কাম কৰক

লেখৰ এক আভাস *

১. যিহোৱাৰ বিষয়ে কি কথা জানি আমি আনন্দিত হওঁ?

যদি কোনোবাই আপোনাৰ বাহ্যিক দিশ চাই আপোনাৰ বিষয়ে বেয়াকৈ ভাবে, তেনেহʼলে আপোনাক ভাল লাগিবনে? নিশ্চয় নালাগে। সেইবাবে, এয়া আনন্দৰ বিষয় যে যিহোৱা ঈশ্বৰে আমাৰ বাহ্যিক দিশ চাই আমাৰ বিষয়ে মন্তব্য নকৰে। উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰে চমূৱেলক যিচয়ৰ ঘৰলৈ পঠোৱা ঘটনাটোলৈ মনত পেলাওক। তেওঁ চমূৱেলক কৈছিল যে যিচয়ৰ এজন পুত্ৰই ইস্ৰায়েলৰ ৰজা হʼব। কিন্তু কোনজন পুত্ৰ ৰজা হʼব, তাৰ বিষয়ে কোৱা নাছিল। চমূৱেলে যেতিয়া যিচয়ৰ পুত্ৰসকলক দেখে, তেতিয়া তেওঁ কেৱল বাহ্যিক দিশৰ বিষয়ে লক্ষ্য কৰে। তেওঁ ইলীয়াবক ভাবিলে, “এই মানুহেই অৱশ্য তেওঁৰ অভিষিক্ত জন।” ইলীয়াব দেখিবলৈ এজন ৰজাৰ দৰে আছিল। কিন্তু যিহোৱাই চমূৱেলক কʼলে, “তুমি ইয়াৰ মুখলৈ আৰু দীৰ্ঘকায়লৈ দৃষ্টি নকৰিবা; কাৰণ মই তাক অগ্ৰাহ্য কৰিলোঁ।” ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? “মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখিব পাৰি, তালৈ চায়, কিন্তু যিহোৱাই মনলৈ দৃষ্টি ৰাখে।”—১ চমূ. ১৬:১, ৬, ৭.

২. যোহন ৭:২৪ পদৰ অনুসৰি আমি কিয় বাহ্যিক দিশ চাই মন্তব্য কৰা উচিত নহয়? এটা উদাহৰণ দিয়ক।

অসিদ্ধ হোৱাৰ বাবে আমি প্ৰায়েই লোকসকলৰ বাহ্যিক দিশ চাই তেওঁলোকৰ বিষয়ে মন্তব্য কৰোঁ। (যোহন ৭:২৪ পঢ়ক।) কিন্তু এয়া সচাঁ যে আমি এজন ব্যক্তিৰ বাহ্যিক দিশ চাই তেওঁৰ বিষয়ে মন্তব্য কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, এজন ভাল চিকিৎসকে ৰোগীৰ কেৱল ওপৰে ওপৰে চাই বেমাৰ ধৰিব নোৱাৰে। তেওঁ ৰোগীজনৰ কথা ধ্যান দি শুনে, যাতে তেওঁ জানিব পাৰে যে ইয়াৰ আগতে তেওঁৰ কেতিয়াবা বেমাৰ হৈছে নে নাই, তেওঁ কেনে অনুভৱ কৰিছে আৰু তেওঁৰ বেমাৰৰ কি কি লক্ষ্যণ আছে। প্ৰয়োজন হʼলে চিকিৎসকে তেওঁক এক্স-ৰে কৰিবলৈ কʼব, যাতে তেওঁ চাব পাৰিব যে তেওঁৰ শৰীৰৰ ভিতৰৰ অংগ কেনেকুৱা আছে। যদি চিকিৎসকে এইদৰে নকৰে, তেনেহʼলে তেওঁ হয়তো ৰোগীক বেলেগ ঔষধ দিব পাৰে। ঠিক সেইদৰে, যদি আমি আমাৰ ভাই-ভনীৰ কেৱল বাহ্যিক দিশ চাওঁ, তেনেহʼলে তেওঁৰ বিষয়ে আমাৰ ভুল ধাৰণা হʼব পাৰে। সেইবাবে, তেওঁ আভ্যন্তৰীণভাৱে কেনে ব্যক্তি হয়, তাক আমি জানিবলৈ চেষ্টা কৰা উচিত। এয়া সচাঁ যে আমি যিহোৱাৰ দৰে তেওঁৰ হৃদয় পঢ়িব নোৱাৰোঁ। সেইবাবে, আমি যিহোৱাৰ দৰে তেওঁক ভালদৰে বুজিব নোৱাৰোঁ। তথাপিও আমি যিহোৱাৰ দৰে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আহক চাওঁ এয়া আমি কেনেকৈ কৰিব পাৰোঁ।

৩. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

যিহোৱাই নিজৰ লোকসকলৰ লগত কেনে ব্যৱহাৰ কৰে? তেওঁ নিজৰ লোকসকলৰ কথা শুনে। তেওঁ লক্ষ্য কৰে যে তেওঁলোকে কেনে পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে, যাৰ বাবে তেওঁৰ আজি এনে স্বভাৱ হৈছে। যিহোৱাই তেওঁলোকক সহানুভূতি দেখুৱায়। এই লেখত আমি শিকিম যে যিহোৱা ঈশ্বৰে কেনেকৈ যোনা, এলিয়া, হাগাৰ আৰু লোটৰ কথা শুনিছিল, তেওঁলোকৰ পৰিস্থিতিৰ ওপৰত ধ্যান দিছিল আৰু তেওঁলোকক সহানুভূতি দেখুৱাইছিল। আমি আমাৰ ভাই-ভনীৰ লগত যিহোৱাৰ দৰে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম, তাৰ বিষয়েও শিকিম।

মনোযোগেৰে শুনক

৪. আমাৰ কিয় যোনাৰ বিষয়ে ভুল ধাৰণা হʼব পাৰে?

যোনাৰ নাম শুনি আমি হয়তো ভাবিব পাৰোঁ যে তেওঁ যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাসী নাছিল। আমি এইদৰে ভবাৰ কাৰণ হৈছে, আমি যোনাৰ বিষয়ে ভালদৰে নাজানোঁ। আমি কেৱল ইমানেই জানোঁ যে যেতিয়া যিহোৱা ঈশ্বৰে তেওঁক ন্যায়ৰ বাৰ্তা শুনাবলৈ নীনবিলৈ পঠিয়াইছিল, তেতিয়া তেওঁ যিহোৱাৰ কথা শুনা নাছিল। তেওঁ এখন জাহাজত উঠি বিপৰীত দিশলৈ যাত্ৰা কৰে অৰ্থাৎ “যিহোৱাৰ সন্মুখৰ পৰা . . . পলাই” যায়। (যোনা ১:১-৩) আপুনি যোনাৰ দৰে এজন ব্যক্তিক যিহোৱাৰ কাম কৰিবলৈ পুনৰ সুযোগ দিবনে? হয়তো নিদিব। কিন্তু যিহোৱাই যোনাক আৰু এবাৰ সুযোগ দিছিল। (যোনা ৩:১, ২) আহক ইয়াৰ কিছুমান কাৰণ চাওঁ।

৫. যোনা ২:১, ২, ৯ পদত উল্লেখ থকা যোনাৰ প্ৰাৰ্থনাৰপৰা আমি তেওঁৰ বিষয়ে কি শিকিব পাৰোঁ?

যোনাৰ এটা প্ৰাৰ্থনাৰপৰা আমি বুজিব পাৰোঁ যে তেওঁ আভ্যন্তৰীণভাৱে কেনেকুৱা ব্যক্তি আছিল। (যোনা ২:১, ২,  পঢ়ক।) তেওঁ হয়তো যিহোৱালৈ কেইবাবাৰো প্ৰাৰ্থনা কৰিছিল। কিন্তু তেওঁ মাছৰ পেটত থাকি যি প্ৰাৰ্থনা কৰিছিল, তাৰপৰা বুজিব পাৰি যে তেওঁ ভয়াতুৰ নাছিল। তেওঁ বৰ নম্ৰ আছিল, যিহোৱাৰ প্ৰতি কৃতজ্ঞ আছিল আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ সদায় সাজু আছিল। সেইবাবে, যিহোৱাই যোনাৰ ভুলৰ ওপৰত ধ্যান নিদি তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু আগলৈ ভৱিষ্যতবাণী কৰি থাকিবলৈ দায়িত্ব দিলে।

সম্পূৰ্ণ কথা জানিলে আমি আনৰ পৰিস্থিতি বুজিব পাৰিম (অনুচ্ছেদ ৬ চাওক) *

৬. আনৰ কথা মনোযোগেৰে শুনিলে কি লাভ আছে?

আনৰ কথা মনোযোগেৰে শুনিবলৈ আমি নম্ৰ হোৱা আৰু ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। এনে কৰিলে আমি তিনিটা বিষয়ত লাভৱান হʼম। প্ৰথমতে, আমি ভাই-ভনীৰ বিষয়ে সহজে ভুল মন্তব্য দিয়াৰপৰা দূৰে থাকিম। দ্বিতীয়তে, আমি তেওঁলোকৰ ভাৱনা বুজিব পাৰিম আৰু তেওঁ এইদৰে কিয় কৰিছে, তাৰ বিষয়েও আমি জানিব পাৰিম। এনে কৰাৰ যোগেদি আমি তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাব পাৰিম। তৃতীয়তে, যেতিয়া আমি তেওঁৰ অন্তৰৰ কথা কʼবলৈ সুযোগ দিম, তেতিয়া তেওঁ নিজৰ সমস্যাৰ বিষয়ে ভালদৰে বুজিব পাৰিব। যেতিয়া আমি নিজৰ ভাৱনাৰ বিষয়ে আনক জনাওঁ, তেতিয়া আমি নিজৰ ভাৱনাৰ বিষয়ে আৰু ভালদৰে বুজিব পাৰোঁ। (হিতো. ২০:৫) এচিয়াৰ এজন প্ৰাচীনে এইদৰে কয়, “এবাৰ মই কি ভুল কৰিছিলোঁ, মোৰ মনত আছে মই এজনী ভনীৰ সকলো কথা নুশুনাকৈ পৰামৰ্শ দিবলৈ ধৰিলোঁ, সভাত ভালদৰে উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিবলৈ মই তাইক কৈছিলোঁ, কিন্তু পাছত মই জানিব পাৰিলোঁ যে তাই ভালদৰে পঢ়িব নোৱাৰে আৰু সেইবাবে তাই সভাত সহজে উত্তৰ দিব নোৱাৰে।” এই ঘটনাৰপৰা সকলো প্ৰাচীনে শিকিব পাৰে যে কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে তেওঁৰ সকলো কথা শুনা উচিত।—হিতো. ১৮:১৩.

৭. (ক) যিহোৱা ঈশ্বৰে এলিয়াৰ লগত কেনে ব্যৱহাৰ কৰিছিল? (খ) আমি যিহোৱাৰপৰা কি শিকিব পাৰোঁ?

আমাৰ কিছুমান ভাই-ভনীসকলক নিজৰ মনৰ কথা কʼবলৈ কঠিন হয়। তেওঁলোকে এনে পৰিৱেশত ডাঙৰ-দীঘল হৈছে, যʼত লোকসকলে নিজৰ ভাৱনা প্ৰকাশ নকৰে অথবা তেওঁলোকৰ লগত কিবা বেয়া ঘটনা ঘটিছিল বা অন্তৰ খুলি কথা নোকোৱাটো তেওঁলোকৰ স্বভাৱে হʼব পাৰে। আমি তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰা উচিত যাতে তেওঁলোকে নিজৰ ভাৱনা খুলি কʼব পাৰে। যেতিয়া এলিয়াই ইজেবলৰপৰা ৰক্ষা পাবলৈ পলাই গৈছিল, তেতিয়া যিহোৱাই এলিয়াৰ লগত কেনে ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে মনত পেলাওক। এলিয়াই নিজৰ মনৰ কথা যিহোৱাক কʼবলৈ বহুদিন লাগিছিল। যিহোৱাই তেওঁৰ কথা মনোযোগেৰে শুনিছিল। ইয়াৰ পাছত তেওঁ এলিয়াক সাহস দিয়ে আৰু এক গভীৰ দায়িত্ব দিয়ে। (১ ৰাজা. ১৯:১-১৮) ভাই-ভনীসকলক নিজৰ মনৰ কথা কʼবলৈ বহু সময় লাগিব পাৰে। কিন্তু যদি আমি যিহোৱাৰ দৰে ধৈৰ্য্য ধৰোঁ, তেনেহʼলে কিছুসময়ৰ পাছত তেওঁলোকে আমাৰ ওপৰত ভৰসা কৰিব আৰু নিজৰ মনৰ কথা কʼব। তেওঁলোকে নিজৰ মনৰ কথা কোৱাৰ সময়ত আমি মনোযোগেৰে শুনা উচিত।

নিজৰ ভাই-ভনীসকলক জানক

৮. আদিপুস্তক ১৬:৭-১৩ পদৰ অনুসৰি যিহোৱাই কেনেকৈ হাগাৰক সহায় কৰিছিল?

চাৰীৰ দাসী হাগাৰ যেতিয়া অব্ৰামৰ পত্নী হৈ গৰ্ভৱতী হৈছিল, তেতিয়া তাই চাৰীক তুচ্ছ বুলি গণ্য কৰিছিল। কিয়নো তাইৰ কোনো সন্তান নাছিল। কথা ইমানেই গভীৰ হয় যে চাৰীয়ে তাইক ঘৰৰপৰা উলিয়াই দিয়ে। এইদৰে হাগাৰে নিজৰ ভুলৰ বাবে নিজৰ ওপৰতে সমস্যা আনিলে। (আদি. ১৬:৪-৬) অসিদ্ধ হোৱাৰ বাবে আমি হয়তো ভাবিব পাৰোঁ যে হাগাৰৰ লগত এইদৰে হোৱা উচিত। কিয়নো তাই অহংকাৰী হৈ গৈছিল। কিন্তু যিহোৱাই হাগাৰৰ বিষয়ে এইদৰে ভবা নাছিল। তেওঁ এজন স্বৰ্গদূতক হাগাৰৰ ওচৰলৈ পঠিয়ায়। স্বৰ্গদূতজনে তাইক শুধৰণি কৰে আৰু আৰ্শীবাদ দিয়ে। হাগাৰে বুজি পায় যে যিহোৱাই তাইক লক্ষ্য কৰিছে আৰু তাইৰ পৰিস্থিতিৰ বিষয়ে তেওঁ ভালদৰে জানে। হাগাৰ যিহোৱাৰ প্ৰতি ইমানেই কৃতজ্ঞ হৈ পৰিল যে তাই এইদৰে কৈছিল যিহোৱা “দেখোঁতা ঈশ্বৰ” হয়।—আদিপুস্তক ১৬:৭-১৩ পঢ়ক।

৯. যিহোৱাই হাগাৰৰ প্ৰতি কিয় দয়া দেখুৱাইছিল?

যিহোৱাই হাগাৰক কিয় সহায় কৰিছিল? যিহোৱাই হাগাৰৰ বিষয়ে সকলো কথা জানিছিল যে তাই কʼত ডাঙৰ-দীঘল হৈছিল আৰু তাইৰ লগত কি কি ঘটনা ঘটিছিল। (হিতো. ১৫:৩) হাগাৰ এগৰাকী মিচৰীয়া তিৰোতা আছিল আৰু তাই ইব্ৰীসকলৰ ঘৰত থাকিছিল। হয়তো কেতিয়াবা কেতিয়াবা তাই নিজকে পৰ বুলি অনুভৱ কৰিছিল। তাইক হয়তো নিজৰ পৰিয়ালৰ লোকসকল আৰু নিজৰ দেশলৈ মনত পৰিছিল। ইয়াৰ উপৰিও, তাই অব্ৰামৰ একমাত্ৰ পত্নী নাছিল। সেইসময়ত যিহোৱাৰ কিছুমান বিশ্বাসী লোকসকলৰ এজনীতকৈ বেছি পত্নী আছিল। এনে পৰিয়ালত ঈৰ্ষা আৰু তৰ্ক-বিতৰ্ক হোৱাটো সাধাৰণ কথা আছিল। কিয়নো এজন পুৰুষৰ এজনীতকৈ বেছি পত্নী থকাটো যিহোৱাই কেতিয়াও বিচৰা নাছিল। (মথি ১৯:৪-৬) হাগাৰে চাৰীৰ লগত যি ব্যৱহাৰ কৰিছিল, তাক যিহোৱাই ভুল বুলি কৈছিল। তথাপিও তেওঁ এই কথা বুজিবলৈ চেষ্টা কৰিছিল যে হাগাৰে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে। সেইবাবে, যিহোৱাই তাইৰ প্ৰতি দয়া দেখুৱাইছিল।

নিজৰ ভাই-ভনীসকলক ভালদৰে জানক (অনুচ্ছেদ ১০-১২ চাওক) *

১০. ভাই-ভনীসকলক ভালদৰে জানিবলৈ আমি কি কৰা উচিত?

১০ আমাৰ ভাই-ভনীসকলৰ পৰিস্থিতিৰ বিষয়ে আমিও বুজা উচিত। নিজৰ ভাই-ভনীসকলক ভালদৰে জানিবলৈ চেষ্টা কৰক। সভাৰ আগত আৰু তেওঁলোকৰ লগত কথা পাতক, তেওঁলোকৰ লগত প্ৰচাৰ কৰক আৰু পাৰিলে তেওঁলোকক খোৱাৰ বাবে নিমন্ত্ৰণ কৰক। এইদৰে কৰাৰ যোগেদি আপুনি এনে ভাই-ভনীসকলৰ পৰিস্থিতি বুজিব পাৰিব, যিসকলৰ আচাৰ-ব্যৱহাৰ আপোনাক ভাল নালাগে। যদি আপুনি এজনী ভনীৰ বিষয়ে চিন্তা কৰে যে তাই দূৰে দূৰে থাকে, তেনেহʼলে আপুনি তাইৰ লগত কথা পাতিলে বুজি পাব যে তাই প্ৰকৃততে লাজুকীয়া স্বভাৱৰ হয়। আপুনি হয়তো এজন ধনী ভাইৰ বিষয়ে চিন্তা কৰিব পাৰে যে তেওঁ ধন-সম্পত্তি উপাৰ্জন কৰাৰ হেপাঁহ আছে। কিন্তু তেওঁ এজন দানশীল ব্যক্তি। যদি এটা পৰিয়ালে প্ৰায়েই সভালৈ দেৰিকৈ আহে, তেনেহʼলে আপুনি তেওঁলোকৰ লগত কথা পাতিলে জানিব পাৰিব যে তেওঁলোকে কি কি বিৰোধৰ সন্মুখীন হৈছে। (ইয়ো. ৬:২৯) আনক জনাৰ অৰ্থ এইটো নহয় যে আমি তেওঁলোকৰ ব্যক্তিগত “বন” বা কামত বাধা দিয়া। (১ তীম. ৫:১৩) আমাৰ ভাই-ভনীসকলে কেনে পৰিস্থিতিৰ বাবে আজি এনে স্বভাৱ হৈছে, তাৰ বিষয়ে আমি জনা উচিত।

১১. প্ৰাচীনে নিজৰ ভাই-ভনীসকলক ভালদৰে জনাটো কিয় প্ৰয়োজন?

১১ মণ্ডলীৰ ভাই-ভনীসকলে কেনে পৰিস্থিতিত আছে, তাৰ বিষয়ে বিশেষকৈ প্ৰাচীনসকলে জনা উচিত। কিয়নো তেওঁলোকক চোৱা-চিতা কৰাৰ দায়িত্ব প্ৰাচীনসকলক দিয়া হৈছে। আৰটূৰ নামৰ এজন ভায়ে এটা ভাল উদাহৰণ ৰাখিলে, যিয়ে এজন চাৰ্কিট ওভাৰচিয়াৰ আছিল। এবাৰ তেওঁ এজন প্ৰাচীনৰ লগত এগৰাকী ভনীক লগ কৰিবলৈ গৈছিল। সেই ভনীগৰাকীয়ে কাৰো লগত মিলা-মিচা কৰাটো ভাল পোৱা নাছিল। ভাই আৰটূৰে এইদৰে কৈছে, “ভনীগৰাকীৰ লগত কথা পতাৰ পাছত জানিব পাৰিলোঁ যে তাইৰ বিবাহৰ কিছুবছৰৰ পাছত তাইৰ স্বামীৰ মৃত্যু হৈছিল, তাই বহুতো সমস্যাৰ সন্মুখীন হৈছিল, তথাপি তাই নিজৰ দুজনী ছোৱালীক ভালদৰে প্ৰতিপালন কৰিছিল আৰু আজি তেওঁলোকে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে। এতিয়া ভনীগৰাকীয়ে ভালদৰে দেখিব নোৱাৰে আৰু নিৰাশাত ভুগি আছে। কিন্তু ইমান দুখ-কষ্ট হোৱাৰ সত্ত্বেও তাই যিহোৱাক প্ৰেম কৰে আৰু তাইৰ বিশ্বাস দৃঢ় আছে। ভনীগৰাকীক লগ পোৱাৰ পাছত আমি জানিলোঁ যে আমি তাইৰপৰা বহুতো কথা শিকিব পাৰোঁ।” (ফিলি. ২:৩) ভাই আৰটুৰে যিহোৱাৰ দৰে গুণ দেখুৱালে। যিহোৱাই নিজৰ লোকসকলক ভালদৰে জানে আৰু তেওঁলোকৰ দুখ বুজি পায়। (যাত্ৰা. ৩:৭) যিজন প্ৰাচীনে নিজৰ ভাই-ভনীসকলক ভালদৰে জানে তেওঁ তেওঁলোকক ভালদৰে চোৱা-চিতা কৰিব পাৰে।

১২. য়িপ য়িয়ে যেতিয়া এগৰাকী ভনীক ভালদৰে জানিলে, তেতিয়া তাই কি শিকিব পাৰিলে?

১২ যেতিয়া আপুনি এনে ভাই বা ভনীক ভালদৰে জানিব যাৰ ব্যৱহাৰে আপোনাক খং তুলিব পাৰে, তেতিয়া আপুনি জানিব পাৰিব যে তেওঁ কিয় এনেদৰে ব্যৱহাৰ কৰে। এটা ঘটনালৈ মন কৰক, এচিয়াত থকা য়িপ য়ি নামৰ এগৰাকী ভনীয়ে এইদৰে কৈছে, “আমাৰ মণ্ডলীৰ এগৰাকী ভনীয়ে বহুত জোৰেৰে কথা পাতে, মই ভাবিছিলোঁ যে তাই কথা পাতিব নাজানে। কিন্তু মই যেতিয়া তাইৰ লগত প্ৰচাৰলৈ গৈছিলোঁ, তেতিয়া মই তাইৰ লগত কথা পাতি জানিব পাৰিলোঁ যে তাইৰ মা-দেউতাকে বজাৰত মাছ বেচিছিল আৰু তাই তেওঁলোকক সহায় কৰিছিল। গ্ৰাহকসকলক মাতিবলৈ তাই জোৰেৰে চিঞৰীব লগা হৈছিল।” ভনীগৰাকীয়ে আগলৈ এইদৰে কয়, “মই এইটো শিকিব পাৰিলোঁ যে যেতিয়া মই ভাই-ভনীসকলক ভালদৰে জানিম, তেতিয়া মই বুজিব পাৰিম যে তেওঁলোকে কিয় এইদৰে ব্যৱহাৰ কৰে।” নিজৰ ভাই-ভনীসকলক জানিবলৈ আমি কষ্ট কৰিবলগীয়া হয়। তথাপিও যদি আমি বাইবেলৰ পৰামৰ্শ পালন কৰি নিজৰ হৃদয় বহল কৰোঁ, তেতিয়া আমি যিহোৱাৰ দৰে সকলো মানুহকে প্ৰেম কৰিব পাৰিম।—১ তীম. ২:৩, ৪; ২ কৰি. ৬:১১-১৩.

সহানুভূতি দেখুৱাওক

১৩. যেতিয়া লোটে পলম কৰিছিল, তেতিয়া স্বৰ্গদূতসকলে কি কৰিলে আৰু কিয়?

১৩ চদোম নগৰখন ধ্বংস কৰাৰ সময়ত যিহোৱা ঈশ্বৰে লোটক কিছুমান নিৰ্দেশনা দিছিল। এই নিৰ্দেশনা পালন কৰিলে তেওঁৰ জীৱন ৰক্ষা পৰিলেহেঁতেন। কিন্তু এনে সময়তো লোটে যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ পলম কৰিছিল। লোটক চদোম চহৰৰপৰা বাহিৰলৈ উলিয়াবলৈ দুজন স্বৰ্গদূত আহিছিল। তেওঁলোকে লোটক কৈছিল, “আমি এই ঠাই বিনষ্ট কৰিম।” (আদি. ১৯:১২, ১৩) স্বৰ্গদূতে এনে কোৱাৰ পাছতো পাছ দিনাখন ৰাতিপুৱা লোট আৰু তেওঁৰ পৰিয়ালে ঘৰতে আছিল। সোনকালে কৰিবলৈ স্বৰ্গদূতে লোটক পুনৰ কʼলে। কিন্তু তেওঁ পলম কৰিলে। আমি হয়তো ভাবিব পাৰোঁ যে লোটে গুৰুত্ব দিয়া নাছিল আৰু যিহোৱাৰ আজ্ঞা পালন কৰা নাছিল। কিন্তু যিহোৱাই তেওঁক এৰি দিয়াৰ পৰিৱৰ্তে, তেওঁক দয়া দেখুৱালে। সেইবাবে স্বৰ্গদূতে লোট, তেওঁৰ পত্নী আৰু দুজনী ছোৱালীৰ হাতত ধৰি নগৰৰ বাহিৰ কৰিলে।—আদিপুস্তক ১৯:১৫, ১৬ পঢ়ক।

১৪. যিহোৱাই কিয় লোটৰ ওপৰত দয়া দেখুৱাইছিল?

১৪ যিহোৱাই লোটৰ ওপৰত দয়া দেখুৱাৰ বহুতো কাৰণ আছিল। নগৰৰ বাহিৰত থকা লোকসকলক লোটে ভয় কৰিছিল। সেইবাবে, তেওঁ নিজৰ ঘৰ এৰি যাবলৈ বিচৰা নাছিল। ইয়াৰ উপৰিও আৰু বহুতো বিপদ আছিল। চদোম নগৰৰ কাষৰ উপত্যকাত বহুতো এঠা মাটিৰ গাত আছিল। লোটে নিশ্চয় শুনিছিল যে কিছু সময়ৰ আগতে দুজন ৰজাই সেই গাতত পৰিছিল। (আদি. ১৪:৮-১২) লোটে নিজৰ পত্নী আৰু ছোৱালীকেইজনীৰ বিষয়ে চিন্তা কৰিছিল যে তেওঁলোকে এই ঠাই ডোখৰ কেনেকৈ পাৰ কৰিব। ইয়াৰ উপৰিও, লোটৰ বহুতো ধন-সম্পত্তি আছিল আৰু চদোমত এটা ভাল ঘৰ আছিল। (আদি. ১৩:৫, ৬) এইটো সত্য যে যেতিয়া লোটৰ পৰিয়ালৰ জীৱন বিপদত পৰিছিল, তেতিয়া লোটে এই বিষয়ে ভবা উচিত নাছিল, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ আজ্ঞা পালন কৰি তেওঁ নগৰৰপৰা পলাই যাব লাগিছিল। কিন্তু যিহোৱাই তেওঁৰ ভুলৰ ওপৰত ধ্যান নিদি, তেওঁক এজন ধাৰ্মিক ব্যক্তি বুলি গণ্য কৰিলে।—২ পিত. ২:৭, ৮.

ভাই-ভনীসকলৰ কথা মনোযোগেৰে শুনিলে আমি জানিব পাৰিম যে আমি কেনেকৈ তেওঁলোকক সহানুভূতি দেখুৱাব পাৰিম (অনুচ্ছেদ ১৫-১৬ চাওক) *

১৫. কোনো ভাই বা ভনীৰ ব্যৱহাৰক ভুল বুলি ভবাৰ পৰিৰ্ৱতে, আমি কি কৰা উচিত?

১৫ আমি কোনো ভাই-ভনীৰ ব্যৱহাৰক ভুল বুলি কোৱাৰ পৰিৱৰ্তে, তেওঁৰ ভাৱনাক বুজিবলৈ চেষ্টা কৰা উচিত। ইউৰোপত থকা বেৰʼনিকা নামৰ এগৰাকী ভনীয়ে এইদৰে কয়, “এজনী ভনীক দেখি মোক লাগিছিল যে তাইৰ মনটো সদায় বেয়া হৈ থাকে। তাই কাৰো লগত মিলা-মিচা কৰা নাছিল। তাইৰ লগত কথা পাতিবলৈ মোৰ ভয় লাগিছিল।” কিন্তু মই ভাবিলোঁ যে যদি তাইৰ ঠাইত মই হোৱা হʼলে মই নিশ্চয় বিচাৰিলোঁহেঁতেন যে মোৰ লগত কোনোৱাই বন্ধুত্ব কৰক আৰু মোৰ ভাৱনা বুজিবলৈ চেষ্টা কৰক। সেইবাবে, মই তাইৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ। যেতিয়া মই এইদৰে কৰিলোঁ, তেতিয়া তাই নিজৰ মনৰ কথা খুলি কʼবলৈ ধৰিলে। এতিয়া মই তাইক ভালদৰে বুজিব পাৰিলোঁ।

১৬. আমি আনক ভালদৰে বুজিবলৈ কিয় যিহোৱাৰপৰা সহায় বিচৰা উচিত?

১৬ কেৱল যিহোৱা ঈশ্বৰে আমাক ভালদৰে বুজি পায়। (হিতো. ১৫:১১) সেইবাবে, আপুনি তেওঁৰপৰা সহায় বিচাৰক যে আপুনিও লোকসকলক তেওঁৰ দৃষ্টিৰে চায় আৰু জানক যে তেওঁক কেনেকৈ সহানুভূতি দেখুৱাব পাৰি। এনজেলা নামৰ এজনী ভনীয়ে প্ৰাৰ্থনা কৰি বহুত সহায় লাভ কৰিলে আৰু মণ্ডলীৰ এজনী ভনীক ভালদৰে বুজিব পাৰিলে। সেই ভনীগৰাকীৰ এনজেলাৰ লগত ভাল সম্পৰ্ক নাছিল। এনজেলাই এইদৰে কয়, “এনে পৰিস্থিতিত ভনীগৰাকী এনেকুৱাই আছে বুলি মানি লোৱাটো সহজ হʼব আৰু তাইৰপৰা আঁতৰি থকাটোৱেই উচিত হʼব। তথাপি মই ভনীগৰাকীক ভালদৰে বুজিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ।” যিহোৱাই এনজেলাক সহায় কৰিলেনে? নিশ্চয় কৰিলে। তাই এইদৰে কয়, “মই তাইৰ লগত প্ৰচাৰলৈ গʼলোঁ আৰু পাছত আমি বহু সময় ধৰি কথা পাতিলোঁ। মই মনোযোগেৰে তাইৰ কথা শুনিলোঁ আৰু তাইক বুজিবলৈ চেষ্টা কৰিলোঁ। এতিয়া মোৰ অন্তৰত তাইৰ প্ৰতি আগতকৈ বেছি প্ৰেম আছে আৰু মই তাইক সহায় কৰিব বিচাৰোঁ।”

১৭. আমি কি থিৰাং কৰা উচিত?

১৭ আমি এয়া ভাবিব নোৱাৰোঁ যে অমুক ভাই বা ভনীৰ লগত আমি প্ৰেমেৰে ব্যৱহাৰ কৰিম, কিন্তু অমুকৰ লগত নহয়। আমাৰ সকলো ভাই-ভনীয়ে হয়তো নিজৰ ভুলৰ বাবে কিছুমান দুখ-কষ্ট ভুগি আছে। উদাহৰণস্বৰূপে, যোনা, এলিয়া, হাগাৰ আৰু লোটেও নিজৰ ওপৰত সমস্যা আনিছিল। আচলতে আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা ভুল কৰোঁৱেই। সেইবাবে, আমি এজনে-আনজনৰ দুখ বুজাটো যিহোৱাই বিচাৰে। (১ পিত. ৩:৮) যদি আমি যিহোৱাৰ এই কথা পালন কৰোঁ, তেনেহʼলে আমাৰ একতা দৃঢ় হʼব। কিয়নো গোটেই পৃথিৱীত থকা আমাৰ ভাই-ভনীসকল এটা পৰিয়ালৰ সদস্য। তেনেহʼলে আহক আমি থিৰাং কৰোঁ যে আমি ভাই-ভনীসকলৰ কথা মনোযোগেৰে শুনিম, তেওঁলোকক ভালদৰে জানিম আৰু তেওঁলোকক সহানুভূতি দেখুৱাম।

গীত ৮৭ আহা! সতেজ হওঁ

^ অনু. 5 অসিদ্ধ হোৱাৰ বাবে আমি লোকসকলৰ বিষয়ে সহজে মন্তব্য কৰোঁ আৰু তেওঁৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰোঁ। কিন্তু যিহোৱাই এইদৰে নকৰে। তেওঁ মানুহৰ “মনলৈ দৃষ্টি ৰাখে।” (১ চমূ. ১৬:৭) এই লেখত আমি চাম যে যিহোৱাই যোনা, এলিয়া, হাগাৰ আৰু লোটক কেনেকৈ সহায় কৰিছিল। ইয়াৰপৰা আমি শিকিম যে আমি কেনেকৈ আমাৰ ভাই-ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ।

^ অনু. 52 ছবিৰ বিষয়ে: এজন ডেকা ভায়ে সভালৈ পলমকৈ অহাৰ বাবে এজন বয়সস্থ ভাইৰ খং উঠিছে। কিন্তু তেওঁ পাছত গম পালে যে সেই ডেকা ভাইজনৰ গাড়ীৰ এক্সিডেণ্ট হৈছিল।

^ অনু. 54 ছবিৰ বিষয়ে: এজন প্ৰচাৰ সমুহৰ অধ্যক্ষই এজনী ভনীৰ বিষয়ে আগতে ভাবিছিল যে তাই সদায় অকলে বহে আৰু কাৰো লগত মিলা-মিচা নকৰে। কিন্তু পাছলৈ তেওঁ জানিব পাৰে যে ভনীগৰাকী লাজুকীয়া স্বভাৱৰ আছিল আৰু অচিনাকী লোকসকলৰ লগত তাই মিলা-মিচা কৰিব নোৱাৰিছিল।

^ অনু. 56 ছবিৰ বিষয়ে: যেতিয়া এগৰাকী ভনীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যগৃহত এগৰাকী ভনীক লগ পায়, তেতিয়া তাই ভাবে যে ভনীগৰাকীৰ মনটো সদায় বেয়া হৈ থাকে। তাই নাভাবে যে তাইৰ ব্যৱহাৰৰ বাবে আনক কেনেকুৱা লাগে। কিন্তু তাইৰ লগত সময় অতিবাহিত কৰাৰ পাছত তাই বুজিব পাৰিলে যে সেই ভনীগৰাকীৰ বিষয়ে তাই যি ভাবিছিল, সেয়া ভুল হয়।