Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৮

‘শেষলৈকে দৌৰি থাকক’

‘শেষলৈকে দৌৰি থাকক’

“নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ।”—২ তীম. ৪:৭.

গীত ১২৯ আমি ধৈৰ্য্য ধৰিম

লেখৰ এক আভাস *

১. আমি সকলোৱে কি কৰি থকাৰ প্ৰয়োজন?

আপুনি এনে এক দৌৰত ভাগ লʼব বিচাৰেনে, যি ইমান সহজ নহয়? হয়তো নিবিচাৰে। যদি আপুনি অসুস্থ বা ভাগৰি পৰে, তেনেহʼলে আপুনি কেতিয়াও ভাগ লʼব নিবিচাৰিব। কিন্তু পাঁচনি পৌলে এনে এক দৌৰৰ বিষয়ে উল্লেখ কৰিছে, যʼত সকলো সত্য খ্ৰীষ্টানে দৌৰি আছে। (ইব্ৰী ১২:১) আমি বৃদ্ধ বা ডেকা, সুস্থ-পুষ্ট বা দুৰ্বল হোৱাৰ সত্ত্বেও আমি সকলোৱে শেষলৈকে দৌৰি থকাৰ প্ৰয়োজন। তেতিয়াহে আমি যিহোৱাৰপৰা পুৰস্কাৰ পাম।—মথি ২৪:১৩.

২. দ্বিতীয় তীমথিয় ৪:৭, ৮ পদৰ অনুসৰি পৌলে শেষলৈকে দৌৰি থাকিবলৈ কিয় পৰামৰ্শ দিব পাৰিলে?

পাঁচনি পৌলে ‘শেষলৈকে দৌৰি’ আছিল। সেইবাবে, তেওঁ খ্ৰীষ্টানসকলক শেষলৈকে দৌৰি থাকিবলৈ পৰামৰ্শ দিব পাৰিলে। (২ তীমথিয় ৪:৭, ৮ পঢ়ক।) কিন্তু তেওঁ যি দৌৰৰ বিষয়ে কৈছে, সেই দৌৰ প্ৰকৃততে কি হয়?

দৌৰ কি হয়?

৩. পৌলে কি দৌৰৰ বিষয়ে উল্লেখ কৰিছে?

পৌলে কেতিয়াবা কেতিয়াবা গুৰুত্বপূৰ্ণ বিষয়বোৰ শিক্ষা দিবলৈ প্ৰাচীন গ্ৰীকত হোৱা খেলৰ উদাহৰণ দিছিল। (১ কৰি. ৯:২৫-২৭; ২ তীম. ২:৫) খ্ৰীষ্টানসকলৰ জীৱন এক দৌৰৰ দৰে হয় বুলি তেওঁ বহুবাৰ উল্লেখ কৰিছে। (১ কৰি. ৯:২৪; গালা. ২:২; ফিলি. ২:১৬) যেতিয়া এজন ব্যক্তিয়ে নিজকে যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লয়, তেতিয়া তেওঁৰ এই ‘দৌৰ’ আৰম্ভ হয়। (১ পিত. ৩:২১) যেতিয়া তেওঁ অন্তিম ৰেখা পাৰ কৰে, তেতিয়া যিহোৱাই তেওঁক উপহাৰ হিচাপে অনন্ত জীৱন দিয়ে।—মথি ২৫:৩১-৩৪, ৪৬; ২ তীম. ৪:৮.

৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

দীঘলীয়া দৌৰ আৰু খ্ৰীষ্টান জীৱনৰ মাজত কিছুমান মিল আছে। এই লেখত আমি তিনিটা মিলৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে আমি নিৰ্দিষ্ট কৰা পথতে দৌৰা উচিত। দ্বিতীয়তে, আমাৰ ধ্যান অন্তিম ৰেখাৰ ওপৰত হোৱা উচিত আৰু তৃতীয়তে, আমি ৰাস্তাত অহা বাধাবোৰ পাৰ কৰাৰ প্ৰয়োজন।

নিৰ্দিষ্ট পথত দৌৰি থাকক

আমাৰ বাবে নিৰ্দিষ্ট কৰা পথত আমি দৌৰি থকা উচিত (অনুচ্ছেদ ৫-৭ চাওক) *

৫. আমি কেনেধৰণৰ জীৱন অতিবাহিত কৰা উচিত আৰু কিয়?

দৌৰবিদসকলে তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰা পথতহে দৌৰিবলগীয়া হয়। তেতিয়াহে তেওঁ পুৰস্কাৰ পাব। ঠিক সেইদৰে আমিও জীৱনৰ সেই পথত চলি থকা উচিত, যি খ্ৰীষ্টানসকলৰ বাবে নিৰ্দিষ্ট কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে আমি যিহোৱা ঈশ্বৰে বিচৰা অনুসৰি জীৱন অতিবাহিত কৰা উচিত। তেতিয়াহে আমি উপহাৰ হিচাপে অনন্ত জীৱন লাভ কৰিম। (পাঁচ. ২০:২৪; ১ পিত. ২:২১) কিন্তু আমি সেই পথত চলাটো চয়তান আৰু তাৰ লোকসকলে নিবিচাৰে। আমি চয়তানৰ লোকসকলৰ মনোবৃত্তি অনুকৰণ কৰাটো তেওঁলোকে বিচাৰে। (১ পিত. ৪:৪) তেওঁলোকে আমাক ঠাট্টা কৰে আৰু কয় যে তেওঁলোকৰ জীৱন প্ৰণালীয়ে সঠিক হয়। তেওঁলোকে নিজকে স্বাধীন বুলি ভাবে। কিয়নো তেওঁলোকে যি বিচাৰে, তাকে কৰিব পাৰে। কিন্তু তেওঁলোকৰ এই চিন্তাধাৰা ভুল হয়।—২ পিত. ২:১৯.

৬. ব্ৰাইনৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

কিছুমান লোকে চয়তানৰ জগতৰ প্ৰলোভনত আহি পৰে আৰু তাৰ লোকসকলৰ লগত দৌৰিবলৈ আৰম্ভ কৰে। কিন্তু পাছত তেওঁলোকে অনুভৱ কৰে যে তেওঁলোক স্বাধীন নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁলোক চয়তান আৰু নিজৰ ইচ্ছাবোৰৰ দাস হৈ পৰিছে। (ৰোম. ৬:১৬) ব্ৰাইন নামৰ এজন ডেকাৰ লগতো এইদৰে হৈছিল। সৰু অৱস্থাতে তেওঁৰ মা-দেউতাকে তেওঁৰ সত্যৰ পথত চলিবলৈ শিকাইছিল। কিন্তু যেতিয়া তেওঁ ডাঙৰ হʼল, তেতিয়া তেওঁ ভাবিলে যে এজন খ্ৰীষ্টানৰ দৰে জীৱন অতিবাহিত কৰিলে তেওঁ আনন্দিত হৈ থাকিব নোৱাৰিব। সেইবাবে, তেওঁ জগতৰ লোকসকলৰ লগত বন্ধুত্ব কৰি তেওঁলোকৰ লগত দৌৰিবলৈ আৰম্ভ কৰিলে। তেওঁ এইদৰে কয়, ‘সেইসময়ত মই কল্পনাই কৰা নাছিলোঁ যে যি স্বাধীনতা পাবলৈ চেষ্টা কৰিছিলোঁ, তাৰ বাবে মই বেয়া অভ্যাসৰ দাস হৈ পৰিম। সময় অতিবাহিত হোৱাৰ লগে লগে মই ড্ৰাগচ লʼবলৈ, মদ সেৱন কৰিবলৈ আৰু অনৈতিক জীৱন অতিবাহিত কৰিবলৈ আৰম্ভ কৰিলোঁ। কেইবছৰ ধৰি মই ভয়ংকৰ ড্ৰাগচ লʼবলৈ ধৰিলোঁ আৰু ইয়াৰ কিছুমান ড্ৰাগচৰ বাবে আসক্তি হৈ পৰিছিলোঁ। মোৰ এই আসক্তি দিন-প্ৰতিদিন বাঢ়িবলৈ ধৰিলে। সেইবাবে, মই ড্ৰাগচ বেছিবলৈ আৰম্ভ কৰিলোঁ।’ পাছত ব্ৰাইনে নিৰ্ণয় লʼলে যে তেওঁ যিহোৱা ঈশ্বৰৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিব। তেওঁ ভুল পথত দৌৰিবলৈ এৰি দিলে আৰু ২০০১ চনত বাপ্তিষ্মা লʼলে। এইদৰে তেওঁ জীৱনৰ পথত দৌৰিবলৈ আৰম্ভ কৰে। আজি তেওঁ প্ৰকৃততে আনন্দিত, কিয়নো খ্ৰীষ্টানসকলৰ বাবে নিৰ্দিষ্ট কৰা পথত তেওঁ দৌৰি আছে। *

৭. মথি ৭:১৩, ১৪ পদৰ অনুসৰি আমাৰ ওচৰত কি দুটা পথ আছে?

আমি সঠিক পথ বাছনি কৰাটো অতি প্ৰয়োজন। আমি ঠেক পথত দৌৰিবলৈ এৰি দিয়াটো চয়তানে বিচাৰে, যিয়ে আমাক “জীৱনলৈ নিয়ে।” জগতৰ বেছিভাগ লোকে দৌৰি থকা বহল পথত দৌৰি থকাটো চয়তানে বিচাৰে। এই বহল পথত দৌৰাটো সহজ হয়, কিন্তু ইয়ে “সৰ্ব্বনাশলৈ নিয়ে।” (মথি ৭:১৩, ১৪ পঢ়ক।) আমি মনত ৰখা উচিত যে আমি কেৱল ঠেক পথতে দৌৰি থাকোঁ আৰু অন্যমনস্ক নহওঁ। ইয়াৰ বাবে আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত আৰু তেওঁৰ কথা শুনা উচিত।

পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখক

আমি পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰখা উচিত আৰু আনক উজুটি খোৱা উচিত নহয় (অনুচ্ছেদ ৮-১২ চাওক) *

৮. যেতিয়া দৌৰবিদসকলে পৰি যায়, তেতিয়া তেওঁলোকে কি কৰে?

দীঘলীয়া দৌৰত ভাগ লোৱা লোকসকলে সন্মুখৰ পথত চাই দৌৰে, যাতে তেওঁলোকে উজুটি খাই পৰি নাযায়। কিন্তু দৌৰি থকাৰ সময়ত যদি এজন দৌৰবিদৰ ভৰি, আন এজন দৌৰবিদৰ ভৰিত লাগি যায় অথবা অজানিতে তেওঁ কোনো গাতত সোমায়, তেনেহʼলে পৰি যাব পাৰে। এনে সময়তো দৌৰবিদে লগে লগে উঠি পুনৰ দৌৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে ৰখি এইটো নাচায় যে তেওঁলোকে কিয় পৰি গৈছে। তেওঁলোকে কেৱল অন্তিম ৰেখা আৰু পুৰস্কাৰৰ ওপৰত নিজৰ দৃষ্টি বজাই ৰাখে।

৯. আমি উজুটি খালে কি কৰা উচিত?

জীৱনৰ দৌৰতো আমি কেইবাবাৰো উজুটি খাই পৰি যাব পাৰোঁ। কেতিয়াবা হয়তো আমি কথা আৰু কাৰ্য্যৰে ভুল কৰিব পাৰোঁ অথবা আমাৰ ভাই-ভনীসকলৰ ভুলৰপৰা আমি উজুটি খাব পাৰোঁ। যেতিয়া এইদৰে হয়, তেতিয়া আমি আচৰিত হোৱা উচিত নহয়, কিয়নো আমি সকলোৱে ভুল কৰোঁ। আমি সকলোৱে ঠেক পথত দৌৰি আছোঁ, যি জীৱনলৈ নিয়ে। সেইবাবে, এদিন নহয় এদিন আমি আনক আঘাত দিব পাৰোঁ। পৌলে কৈছিল যে কেতিয়াবা কেতিয়াবা আমি এজনে-আনজনক “দোষ দিবৰ কাৰণ থাকে।” (কল. ৩:১৩) কিন্তু উজুটি খোৱাৰ বিষয়ে চিন্তা নকৰি আমি পুৰস্কাৰৰ ওপৰত ধ্যান দিয়া উচিত। আমি উজুটি খালেও লগে লগে উঠি দৌৰি থকাৰ প্ৰয়োজন। যদি আমি মনত খং পুহি ৰাখোঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ, তেনেহʼলে আমি অন্তিম ৰেখা পাৰ কৰিব নোৱাৰিম আৰু পুৰস্কাৰ লাভ কৰিব নোৱাৰিম। ইয়াৰ উপৰিও, আমাৰ বাবে আন ভাই-ভনীসকলে আনন্দেৰে যিহোৱাৰ সেৱা কৰিব নোৱাৰিব, যিসকলে ঠেক পথত দৌৰিবলৈ পৰিশ্ৰম কৰিছে।

১০. আনে “উজটি” নাখাবলৈ আমি কিহৰ বিষয়ে ধ্যান দিয়া উচিত?

১০ আমাৰ বাবে যাতে আনে “উজটি” নাখায়, তাৰ বাবে আমি আন এক বিষয়ৰ ওপৰত ধ্যান দিব পাৰোঁ। সেয়া হৈছে, যিমান দূৰ সম্ভৱ আমাৰ ভাই-ভনীৰ পচন্দৰ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ দিয়া উচিত আৰু তেওঁলোকে আমাৰ পচন্দৰ অনুসৰি কাম কৰিবলৈ দিয়া উচিত নহয়। (ৰোম. ১৪:১৩, ১৯-২১; ১ কৰি. ৮:৯, ১৩) আমি সেই দৌৰবিদসকলৰ দৰে নহয়, যিসকলে প্ৰকৃততে দৌৰত ভাগ লয়। তেওঁলোকে এজনে-আনজনতকৈ আগবাঢ়িবলৈ চেষ্টা কৰে আৰু নিজে কেনেকৈ পুৰস্কাৰ লাভ কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰে। প্ৰতিজনে সকলোতকৈ আগত থাকিবলৈ বিচাৰে। কিন্তু জীৱনৰ দৌৰত আমি এজনে-আনজনক পৰাজয় কৰিবলৈ কেতিয়াও চেষ্টা নকৰোঁ। (গালা. ৫:২৬; ৬:৪) বেছিভাগ লোকে অন্তিম ৰেখা পাৰ কৰা আৰু পুৰস্কাৰ লাভ কৰাটো আমি বিচাৰোঁ। আমি পৌলে দিয়া এই পৰামৰ্শ পালন কৰোঁ: “প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক।”—ফিলি. ২:৪.

১১. দৌৰবিদসকলে কিহৰ ওপৰত নিজৰ দৃষ্টি ৰাখে আৰু কিয়?

১১ দৌৰত ভাগ লোৱা লোকসকলে কেৱল পথলৈ লক্ষ্য কৰাৰ পৰিৱৰ্তে অন্তিম ৰেখাৰ ওপৰতো লক্ষ্য কৰে। তেওঁলোকে অন্তিম ৰেখা দেখা নাপায়, তথাপিও তেওঁলোকে অন্তিম ৰেখা পাৰ কৰিছে আৰু পুৰস্কাৰ লাভ কৰিছে বুলি কল্পনা কৰে। পুৰস্কাৰৰ বিষয়ে ভাবি থাকিলে, তেওঁলোকে দৌৰি থাকিবলৈ সাহস পায়।

১২. যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে?

১২ যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যিসকলে শেষলৈকে দৌৰি থাকিব, তেওঁলোকে নিশ্চয় পুৰস্কাৰ লাভ কৰিব। কিছুমান লোকে স্বৰ্গত আৰু কিছুমান লোকে পৃথিৱীত অনন্ত জীৱন লাভ কৰিব। বাইবেলত উল্লেখ কৰা হৈছে যে অনন্ত জীৱন কেনেকুৱা হʼব। সেইবাবে, আমি কল্পনা কৰিব পাৰোঁ যে আহিবলগীয়া সময়ত আমাৰ জীৱন কিমান আনন্দময় হʼব। এই পুৰস্কাৰৰ বিষয়ে ভাবি থাকিবলৈ আমি সকলো ধৰণৰ সমস্যা সন্মুখীন হʼব পাৰিম। যদিও আমি উজুটি খাই পৰি যাওঁ, তথাপি আমি উঠিব পাৰিম।

সমস্যাৰ সত্ত্বেও দৌৰি থাকক

সমস্যাৰ সত্ত্বেও জীৱনৰ দৌৰত দৌৰি থাকক (অনুচ্ছেদ ১৩-২০ চাওক) *

১৩. আমাৰ ওচৰত এনে কি আছে, যি গ্ৰীকৰ দৌৰবিদসকলৰ ওচৰত নাছিল?

১৩ প্ৰাচীন গ্ৰীকত যিসকলে দৌৰত ভাগ লৈছিলে, তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। দৌৰি দৌৰি তেওঁলোকে ভাগৰি পৰিছিল আৰু বিষ অনুভৱ কৰিছিল। তেওঁলোকক দিয়া প্ৰশিক্ষণ আৰু নিজৰ শক্তিৰে দৌৰি থাকিব পাৰিছিল। জীৱনৰ দৌৰত দৌৰি থাকিবলৈ আমাকো প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু গ্ৰীকৰ দৌৰবিদ আৰু আমাৰ মাজত এটা পাৰ্থক্য আছে। আমি তেওঁলোকৰ দৰে কেৱল নিজৰ শক্তিৰে দৌৰ নামাৰোঁ। আমি যিহোৱাৰপৰা শক্তি লাভ কৰোঁ। আমাৰ জীৱনত যিয়ে সমস্যা নাহক কিয়, যিহোৱাই আমাক দৌৰি থাকিবলৈ সহায় কৰিব পাৰে। যদি আমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেনেহʼলে তেওঁ আমাক দৌৰি থাকিবলৈ প্ৰশিক্ষণ দিব আৰু শক্তিশালী কৰি তুলিব।—১ পিত. ৫:১০.

১৪. দ্বিতীয় কৰিন্থীয়া ১২:৯ পদৰপৰা আমি সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

১৪ পৌলে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। বিৰোধীসকলে কেইবাবাৰো তেওঁক অপমান কৰিছিল আৰু তাড়না দিছিল। ইয়াৰ উপৰিও, তেওঁ কেইবাবাৰো নিজকে দুৰ্বল অনুভৱ কৰিছিল। তেওঁ এনে এক কষ্ট পাৰ কৰিবলগীয়া হৈছিল, যি তেওঁৰ বাবে ‘শৰীৰত এটা কাঁইটৰ’ দৰে আছিল। (২ কৰি. ১২:৭) কিন্তু সেই সমস্যাবোৰৰ বাবে তেওঁ কেতিয়াও যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়া নাছিল। তেওঁ যিহোৱাৰ শক্তিৰে দৌৰি আছিল। (২ কৰিন্থীয়া ১২:৯, ১০ পঢ়ক।) পৌলে কঠিন পৰিস্থিতিতো থিৰে থকাৰ বাবে যিহোৱাই সহায় কৰিলে।

১৫. পৌলৰ দৰে থিৰে থাকিলে, আমি কি দেখিবলৈ পাম?

১৫ সত্যতাৰ বাবে আমিও তাড়নাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে আৰু আমাৰ অপমানো হʼব পাৰে। আমাৰ বেমাৰ বা বৃদ্ধ অৱস্থাৰ বাবে আমি শক্তি হেৰুৱাব পাৰোঁ। এনে পৰিস্থিতিতো যদি আমি পৌলৰ দৰে থিৰে থাকোঁ, তেনেহʼলে যিহোৱাই আমাক কেনেকৈ সহায় কৰে, তাক আমি দেখিবলৈ পাম।

১৬. বেমাৰ হোৱাৰ সত্ত্বেও আপুনি কি কৰিব পাৰে?

১৬ বেমাৰৰ বাবে আপুনি বিচনাৰপৰা উঠিব নোৱাৰে নেকি অথবা ৱীলচেয়াৰৰ সহায় লʼবলগীয়া হয় নেকি? আপোনাৰ আঁঠুৰ বিষ আছে নেকি অথবা আপুনি চকুৰে কম দেখে নেকি? এনে পৰিস্থিতি হোৱাৰ সত্ত্বেও আপুনি ডেকা আৰু সু-স্বাস্থ্যৱান লোকসকলৰ লগত দৌৰি থাকিব পাৰিবনে? আপুনি নিশ্চয় দৌৰিব পাৰিব। বহুতো ভাই-ভনীয়ে বয়সস্থ আৰু বেমাৰ হোৱাৰ সত্ত্বেও জীৱনৰ দৌৰত দৌৰি আছে। তেওঁলোকে নিজৰ শক্তিৰে দৌৰা নাই। তেওঁলোকে সভাৰ যোগেদি যিহোৱাৰপৰা শক্তি লাভ কৰে। যদিও তেওঁলোকে ৰাজ্যগৃহলৈ যাব নোৱাৰে, কিন্তু ফোন অথবা ষ্ট্ৰিমিঙৰ যোগেদি সভাৰ আনন্দ লʼব পাৰে। তেওঁলোকে শিষ্য বনোৱা কাৰ্য্যত ভাগ লয়। তেওঁলোকে চিকিৎসক, নাৰ্চ আৰু সম্বন্ধীয় লোকসকলকো সাক্ষ্য দিয়ে।

১৭. স্বাস্থ্য ভাল নথকা ভাই-ভনীসকলৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

১৭ যদি আপুনি বেমাৰ বা বয়সস্থ হোৱাৰ বাবে বিচৰাৰ অনুসৰি বেছিকৈ সেৱা কৰিব নোৱাৰে, তেনেহʼলে নিৰাশ নহʼব। আপুনি দুৰ্বল হয় আৰু জীৱনৰ দৌৰত শেষলৈকে দৌৰিব নোৱাৰিব বুলি কেতিয়াও নাভাবিব। যিহোৱাই আপোনাক প্ৰেম কৰে, কিয়নো তেওঁৰ প্ৰতি আপোনাৰ দৃঢ় বিশ্বাস আছে আৰু বহুবছৰ ধৰি আপুনি সেৱা কৰি আছে। বৰ্তমান সময়ত আপোনাক আগতকৈ বেছি যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে, সেইবাবে যিহোৱাই আপোনাক কেতিয়াও এৰি নিদিব। (গীত. ৯:১০) তেওঁ আপোনাৰ আৰু কাষ চাপি আহিব। এগৰাকী বেছিকৈ বেমাৰ হৈ থকা ভনীয়ে এইদৰে কৈছে, “মোৰ স্বাস্থ্য দিনক দিনে বেয়ালৈ ঢাল খাইছে, সেইবাবে এতিয়া মই কম লোকক সত্যৰ বিষয়ে সাক্ষ্য দিব পাৰিছোঁ। কিন্তু মই জানোঁ যে মোৰ এই অলপ প্ৰচেষ্টাই যিহোৱাক আনন্দিত কৰে। এই কথা জানি মইও আনন্দিত হওঁ।” নিৰাশ হোৱাৰ সময়ত আপুনি মনত ৰাখক যে যিহোৱা আপোনাৰ লগত আছে। পৌলে কিদৰে সমস্যাৰ সত্ত্বেও থিৰে আছিল, তাৰ বিষয়ে মনত পেলাওক। তেওঁৰ এই বাক্যশাৰীৰপৰা সাহস লাভ কৰক: ‘মই দুৰ্ব্বলতাত সন্তুষ্ট হওঁ, কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।’—২ কৰি. ১২:১০.

১৮. কিছুমান ভাই-ভনীয়ে কেনেধৰণৰ দুখ-কষ্টত আছে?

১৮ জীৱনৰ দৌৰত কিছুমান ভাই-ভনীয়ে আন এক প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হয়। তেওঁলোকৰ সমস্যা আনে দেখিবও নোৱাৰে আৰু বুজিবও নোৱাৰে। যিদৰে কিছুমান লোক নিৰাশত আছে আৰু অতিশয় চিন্তাত সোমাই পৰিছে। এই দুখ-কষ্ট সহন কৰিবলৈ এই ভাই-ভনীসকলৰ বহুত কঠিন হয়। কিয় বাৰু? যদি কাৰোবাৰ হাতখন ভাঙিছে বা ৱীলচেয়াৰত আছে, তেনেহʼলে তেওঁলোকৰ দুখ-কষ্ট দেখা পায় আৰু সহায় কৰে। কিন্তু নিৰাশ বা কিবা মানসিক ৰোগত ভুগি থকা লোকসকলক দেখিলে নালাগে যে তেওঁলোকে কিবা কষ্টত আছে। সেইবাবে, লোকসকলে এই লোকসকলৰ দুখ-কষ্ট বুজিব নোৱাৰে আৰু সহায় কৰিবলৈ আগবাঢ়ি নাহে। কিন্তু এই লোকসকলৰ দুখ-কষ্ট হাত বা ভৰি ভঙা লোকৰ দুখ-কষ্টৰ সমান হয়।

১৯. মফীবোচতৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

১৯ যদি আপুনিও কিবা সমস্যাত ভুগি আছে আৰু আপোনাকো লাগে যে আপোনাৰ কষ্ট কোনেও বুজি নাপায়, তেনেহʼলে মফীবোচতৰ উদাহৰণলৈ ধ্যান দিলে আপুনি সাহস লাভ কৰিব পাৰে। (২ চমূ. ৪:৪) তেওঁ শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰিও, ৰজা দায়ূদে তেওঁৰ বিষয়ে ভুল ধাৰণা হৈছিল আৰু তেওঁৰ লগত অন্যায় কৰিছিল। মফীবোচতে কোনো ভুল কৰা নাছিল, তথাপিও তেওঁ এই সমস্যাবোৰ ভুগিবলগীয়া হৈছিল। কিন্তু তেওঁ মনত খং পুহি ৰখা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ লগত হোৱা ভাল পৰিণামৰ ওপৰত ধ্যান দিছিল। বহুবছৰ আগতে দায়ূদে যি দয়া দেখুৱাইছিল, তাৰ প্ৰতি তেওঁ কৃতজ্ঞ আছিল। (২ চমূ. ৯:৬-১০) সেইবাবে, দায়ূদে যেতিয়া তেওঁৰ লগত অন্যায় কৰিছিল, তেতিয়া তেওঁ পৰিস্থিতিক ভালদৰে বুজিবলৈ চেষ্টা কৰিছিল। দায়ূদৰ ভুলৰ বাবে তেওঁ নিজৰ মনত খং পুহি ৰখা নাছিল বা যিহোৱাক দোষ দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কেৱল ধ্যান দিছিল যে যিহোৱাই দায়ূদক ৰজা হিচাপে নিযুক্ত কৰিছে আৰু তেওঁ দায়ূদক কেনেকৈ সহায় কৰিব পাৰে। (২ চমূ. ১৬:১-৪; ১৯:২৪-৩০) মফীবোচতে উত্তম উদাহৰণ ৰাখিলে। সেইবাবে, তেওঁৰ বিষয়ে যিহোৱাই বাইবেলত উল্লেখ কৰিলে, যাতে তেওঁৰপৰা আমি শিকিব পাৰোঁ।—ৰোম. ১৫:৪.

২০. (ক) গভীৰ চিন্তাৰ বাবে কিছুমান ভাই-ভনীয়ে কি কি সমস্যাৰ সন্মুখীন হৈছে? (খ) তেওঁলোকে কি কথাৰ ওপৰত ভৰসা ৰাখিব পাৰে?

২০ গভীৰ চিন্তাত থকা ভাই-ভনীসকলে যেতিয়া আনৰ মাজত থাকে, তেতিয়া তেওঁলোকে সংকোচ কৰে। আনে তেওঁলোকৰ বিষয়ে কি চিন্তা কৰিছে, তাৰ বিষয়ে ভাবি তেওঁলোক চিন্তিত হৈ পৰে। যদিও তেওঁলোকৰ বহুতো লোকৰ মাজত থাকিবলৈ কঠিন হয়, তথাপিও তেওঁলোকে সভা, সন্মিলন আৰু অধিৱেশনত উপস্থিত হয়। অচিনাকী লোকৰ লগত কথা পাতিবলৈ কঠিন হোৱাৰ সত্ত্বেও তেওঁলোকে আনক প্ৰচাৰ কৰে। যদি আপুনিও গভীৰ চিন্তাত পৰিছে, তেনেহʼলে মনত ৰাখিব যে আপোনাৰ দৰে বহুতোলোকে দুখ-কষ্টত ভুগি আছে। এয়াও মনত ৰাখিব যে আপুনি যিহোৱাৰ বাবে যি কৰে, তাৰ প্ৰতি তেওঁ আনন্দিত। আপুনি এতিয়ালৈকে আশা এৰি দিয়া নাই। ইয়ে প্ৰমাণ কৰে যে যিহোৱাৰ আশীৰ্বাদ আপোনাৰ ওচৰত আছে আৰু তেওঁ আপোনাক সহন কৰিবলৈ শক্তি দিছে। * (ফিলি. ৪:৬, ৭; ১ পিত. ৫:৭) আপুনি শাৰীৰিক দুৰ্বলতা বা মানসিক চিন্তাৰ বাবে যিয়ে সমস্যাৰ সন্মুখীন নহওক কিয়, কিন্তু আপুনি ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ প্ৰতি আনন্দিত।

২১. যিহোৱাৰ সহায়ত আমি কি কৰিব পাৰিম?

২১ আনন্দৰ বিষয় যে প্ৰকৃত দৌৰ আৰু জীৱনৰ দৌৰৰ মাজত কিছুমান পাৰ্থক্য আছে। প্ৰাচীন সময়ত দৌৰত কেৱল এজন ব্যক্তিক পুৰস্কাৰ দিয়া হৈছিল। কিন্তু জীৱনৰ দৌৰত কেৱল এজন ব্যক্তিক পুৰস্কাৰ দিয়াৰ পৰিৱৰ্তে শেষলৈকে দৌৰি থকা সকলোকে অনন্ত জীৱন দিয়া হʼব। (যোহ. ৩:১৬) প্ৰকৃত দৌৰত ভাগ লোৱা লোকসকলে স্বাস্থ্যৱান হোৱা উচিত, নহʼলে তেওঁলোকে পুৰস্কাৰ লাভ নকৰিব। কিন্তু আমি দৌৰি থকা দৌৰত এনে লোকসকলো আছে, যিসকলৰ স্বাস্থ্য ভাল নহয়। (২ কৰি. ৪:১৬) আমি সকলোৱে থিৰে আছোঁ। আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাৰ সহায়ত আমি শেষলৈকে দৌৰি থাকিব পাৰিম।

গীত ১৪৪ পুৰস্কাৰৰ ওপৰত নিজৰ দৃষ্টি ৰাখক!

^ অনু. 5 বৰ্তমান সময়ত যিহোৱাৰ বহুতো সেৱকে বেমাৰ আৰু বৃদ্ধ অৱস্থাৰ বাবে হোৱা দুখ-কষ্ট ভোগ কৰিছে। আমি সকলোৱে কেতিয়াবা কেতিয়াবা ভাগৰি পৰোঁ। সেইবাবে, দৌৰত ভাগ লোৱাৰ কথা ভাবিয়েই আমি হয়তো ভয় খাওঁ। কিন্তু জীৱনৰ দৌৰত আমি সকলোৱে ভাগ লʼব পাৰোঁ আৰু জয়লাভ কৰিব পাৰোঁ। এই লেখত উল্লেখ কৰা হʼব যে জয়লাভ কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন।

^ অনু. 6 ২০১৩ চনৰ, ১ জানুৱাৰীৰ প্ৰহৰীবুৰুজৰ লেখ “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” চাওক।

^ অনু. 20 আমি গভীৰ চিন্তাৰ সন্মুখীন কেনেকৈ হʼব পাৰোঁ, এই বিষয়ে জানিবলৈ ২০১৯ চনৰ মে’ মাহৰ jw.org® ৱেবছাইটৰ লাইব্ৰেৰী > JW ব্ৰডকাষ্টিং চাওক। ইয়াত কিছুমান ভাই-ভনীৰ অনুভৱ দেখুৱা হৈছে, যিসকলে গভীৰ চিন্তাৰ সন্মুখীন হʼব পাৰিছে।

^ অনু. 63 ছবিৰ বিষয়ে: প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থকাৰ বাবে এই বয়সস্থ ভাইজনে খ্ৰীষ্টানসকলৰ বাবে নিৰ্দিষ্ট কৰা পথত দৌৰি আছে।

^ অনু. 65 ছবিৰ বিষয়ে: যদি আমি অতিপাত মদ্যপান কৰোঁ বা আনক মদ্যপান কৰিবলৈ জোৰ কৰোঁ, তেনেহʼলে আনে উজুটি খাব পাৰে।

^ অনু. 67 ছবিৰ বিষয়ে: এজন ভাই চিকিৎসালয়ত আছে আৰু তেওঁ বিচনাৰপৰা উঠিব নোৱাৰে। কিন্তু তেওঁৰ ওচৰলৈ চোৱা-চিতা কৰিবলৈ অহা লোকক তেওঁ সাক্ষ্য দিয়ে। এইদৰে তেওঁ এতিয়াও দৌৰি আছে।