Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

শপত খোৱাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?

শপত খোৱাৰ অৰ্থ হৈছে ‘কোনো এটা কথা সঁচা বুলি কʼবলৈ সকলোৰে আগত প্ৰতিশ্ৰুতি লোৱা বা কোনো এটা কাম কৰিবলৈ প্ৰতিজ্ঞা কৰা। সাধাৰণতে এজন ব্যক্তিয়ে ঈশ্বৰক সাক্ষী কৰি শপত লয়।’ এয়া লিখিতৰূপে হʼব পাৰে বা কথাৰ যোগেদিও হʼব পাৰে।

কিছুমান লোকে হয়তো ভাবিব পাৰে যে শপত খোৱাটো ভুল হয়। কিয়নো যীচুৱে কৈছিল যে ‘তোমালোকে একো শপত নাখাবা; কিন্তু তোমালোকৰ কথা হয় হয়, বা নহয় নহয় হওক; ইয়াতকৈ যি অধিক, সি পাপ আত্মাৰ পৰাহে হয়।’ (মথি ৫:৩৩-৩৭) কিন্তু যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে আমি কেতিয়াও শপত খোৱা উচিত নহয়। তেওঁ ভালদৰে জানিছিল যে মোচিৰ নিয়মৰ অনুসৰি কিছুমান ক্ষেত্ৰত শপত খোৱাটো অতি প্ৰয়োজন আছিল। (যাত্ৰা. ২২:১০, ১১) তেওঁ এয়াও জানিছিল যে প্ৰাচীন সময়ত বিশ্বাসী লোকসকলে শপত লৈছিল। আনকি কিছুমান ক্ষেত্ৰত যিহোৱাও শপত খাইছিল। (আদি. ১৪:২২, ২৩; ইব্ৰী ৬:১৩-১৭) তেনেহʼলে যীচুৱে কোৱাৰ অৰ্থ কি আছিল? তেওঁ এয়াই কʼব বিচাৰিছিল যে আমি প্ৰতিটো কথাতে শপত বা প্ৰতিশ্ৰুতি লোৱা উচিত নহয়। শপত খোৱাটো এটা গম্ভীৰ কথা হয় আৰু আমি যেতিয়া শপত খাওঁ, তেতিয়া তাক পূৰ কৰাটো যিহোৱাই বিচাৰে।

যদি আপোনাক শপত লʼবলৈ কোৱা হয়, তেনেহʼলে আপুনি কি কৰিব? প্ৰথম কথা, নিশ্চিত কৰক যে আপুনি সেই শপত পূৰ কৰিব পাৰিব নে নোৱাৰে। যদি আপোনাক লাগে যে আপুনি সেই শপত পূৰ কৰিব নোৱাৰে, তেনেহʼলে শপত নোলোৱাটো ভাল হʼব। বাইবেলত লিখা আছে যে “সঙ্কল্প কৰি সিদ্ধ নকৰাতকৈ সঙ্কল্প নকৰাই ভাল।” (উপ. ৫:৫) দ্বিতীয় কথা আপুনি যি বিষয়ত শপত লʼবলৈ ভাবিছে, তাৰ লগত জড়িত বাইবেলৰ সিদ্ধান্ত চাওক। তাৰ পাছত সেই সিদ্ধান্ত মনত ৰাখি নিৰ্ণয় লওক। আহক এনে কিছুমান সিদ্ধান্তৰ বিষয়ে চাওঁ।

এনে শপত যি যিহোৱাৰ দৃষ্টিত সঠিক হয়। ইয়াৰ এটা উদাহৰণলৈ মন কৰক। যেতিয়া দুজন যিহোৱাৰ সাক্ষীয়ে বিয়া হয়, তেতিয়া তেওঁলোকে শপত লয়। তেওঁলোকে ঈশ্বৰ আৰু কিছুমান সাক্ষীৰ ওচৰত প্ৰতিজ্ঞা কৰে যে তেওঁলোকে “মৃত্যুলৈকে” এজনে-আনজনক মনে-প্ৰাণে প্ৰেম কৰিব আৰু সন্মান কৰিব। (যিহোৱাৰ সাক্ষী নোহোৱা লোকসকলেও নিজৰ বিয়াত ঈশ্বৰক সাক্ষী কৰি এইদৰে প্ৰতিজ্ঞা কৰে।) ইয়াৰ পাছত তেওঁলোকে পতি-পত্নী হয় আৰু তেওঁলোকে এই প্ৰতিজ্ঞা গোটেই জীৱন পালন কৰে। (আদি. ২:২৪; ১ কৰি. ৭:৩৯) এনেধৰণৰ প্ৰতিজ্ঞা আৰু শপত যিহোৱাৰ দৃষ্টিত সঠিক হয়।

এনে শপত যি যিহোৱাৰ দৃষ্টিত ভুল হয়। কিছুমান দেশত লোকসকলক দেশৰ ৰক্ষা কৰিবলৈ, সেনাত ভৰ্তি হʼবলৈ আৰু যুদ্ধ কৰিবলৈ শপত লʼবলৈ কোৱা হয়। কিন্তু এজন খ্ৰীষ্টানে এনধৰণৰ শপত নাখায়। ইয়াৰ উপৰিও তেওঁ কেতিয়াও লিখিতৰূপে নকʼব যে তেওঁ এতিয়াৰে পৰা যিহোৱাৰ ওপৰত বিশ্বাস নকৰে। যদি তেওঁ এনেধৰণৰ শপত খায়, তেনেহʼলে তেওঁ যিহোৱাৰ আজ্ঞা উলংঘন কৰিব। খ্ৰীষ্টানসকলে এই ‘জগতৰ’ হোৱা উচিত নহয়। সেইবাবে, আমি এই জগতৰ ৰাজনৈতিক বিষয় আৰু যুদ্ধবোৰত ভাগ নলওঁ।—যোহ. ১৫:১৯; যিচ. ২:৪; যাকো. ১:২৭.

এনে শপত যাক লʼবলৈ প্ৰতিজন খ্ৰীষ্টানে নিজে নিৰ্ণয় লʼব লাগিব। বহুবাৰ কোনো এটা শপত খাব লাগে নে নালাগে, তাক নিৰ্ণয় লোৱাৰ সময়ত আমি যীচুৰ এটা কথা মনত ৰাখিব লাগিব। তেওঁ এইদৰে কৈছিল, “যি কৈচৰৰ, তাক কৈচৰক দিয়া; যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”—লূক ২০:২৫.

ধৰি লওক এজন ভায়ে কোনো এখন দেশৰ নাগৰিক হʼবলৈ বা পাচপৰ্ট বনাবলৈ আবেদন দিয়ে। এনে পৰিস্থিতিত তেওঁ হয়তো শপত লʼব লাগিব যে তেওঁ সেই দেশৰ বিশ্বাসী হৈ থাকিব। যদি তেওঁ সেই শপত লোৱাৰ বাবে এনে কিছুমান কাম কৰিবলগীয়া হʼব পাৰে, যি যিহোৱাৰ নিয়মবোৰৰ বিৰুদ্ধে হয়, তেনেহʼলে ভাইজনে সেই শপত নাখাব। কিন্তু তেওঁ শপতত কিছুমান সাল-সলনি কৰিব পাৰে বুলি সেই দেশৰ চৰকাৰে অনুমতি দিব পাৰে। যেতিয়া ভাইজনে সেই শপতত কিছুমান সাল-সলনি কৰিব, তেতিয়া হয়তো তেওঁৰ বিবেকে তেওঁক খুচ নামাৰিব।

সেই ভাইজনে হয়তো ভাবিব পাৰে যে সাল-সলনি কৰি শপত লোৱাটো সঠিক হয়। কিয়নো এইদৰে তেওঁ ৰোমীয়া ১৩:১ পদত দিয়া সিদ্ধান্তটো পালন কৰাৰ দৰে হয়। তাত এইদৰে লিখা আছে, “প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক।”

বহুবাৰ এজন ব্যক্তিক শপত খোৱাৰ বিষয়ে কোৱাৰ সময়ত তেওঁ নিজৰ হাতেৰে ইংগিত কৰিবলৈ বা কোনো এটা বস্তু নিজৰ হাতত ৰাখিবলৈ কোৱা হয়। প্ৰাচীন সময়ত ৰোমীয়া আৰু স্কুথীয়া লোকসকলে শপত লোৱাৰ সময়ত নিজৰ হাতত তৰোৱাল ৰাখিছিল। এনে কৰি তেওঁলোকে নিজৰ যুদ্ধৰ দেৱতাক সাক্ষী কৰি শপত লৈছে বুলি দেখুৱাইছিল। গ্ৰীক লোকসকলে শপত লোৱাৰ সময়ত নিজৰ হাতখন আকাশৰ ফালে দাঙিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এনে এজন ঈশ্বৰ আছে, যিজনে কি শপত লোৱা হৈছে, সেয়া চাই আছে আৰু সেই ব্যক্তিজনে তাক পূৰ কৰিব নে নকৰে, সেয়াও চাই আছে। যদি শপত খোৱাৰ সময়ত আমাক এনে কৰিবলৈ কোৱা হয়, তেনেহʼলে এই ক্ষেত্ৰত আমি নিজৰ বিবেকৰ কথা শুনিম আৰু বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিৰ্ণয় লʼম।

যদি এজন ভাইক কোনো ৰাষ্ট্ৰীয় প্ৰতীকৰ ওপৰত হাত ৰাখি বা তাক হাতত লৈ শপত খাবলৈ কোৱা হয়, তেনেহʼলে তেওঁ কেতিয়াও এইদৰে নকৰিব। কিয়নো সেই প্ৰতীকটো মিছা উপাসনাৰ লগত জড়িত হৈ আছে। কিন্তু ন্যায়লয়ত যদি তেওঁক বাইবেলৰ ওপৰত হাত ৰাখি শপত খাবলৈ কোৱা হয়, তেন্তে তেওঁ কি কৰা উচিত? এনে পৰিস্থিতিত তেওঁ হয়তো মনত পেলাব পাৰে যে বাইবেলত উল্লেখ কৰা বিশ্বাসী লোকসকলেও শপত লোৱাৰ সময়ত এইদৰে কৰিছিল আৰু তেওঁ হয়তো ভাবিব পাৰে যে এইদৰে শপত খোৱাটো সঠিক হয়। (আদি. ২৪:২, ৩, ৯; ৪৭:২৯-৩১) যেতিয়া কোনোবাই এনেধৰণৰ শপত খায়, তেতিয়া তেওঁ মনত ৰখা উচিত যে তেওঁ ঈশ্বৰক সাক্ষী কৰি কৈছে যে তেওঁ যিয়ে কʼব, সঁচা কʼব। সেইবাবে, তেওঁক যিয়ে প্ৰশ্ন সোধা হʼব, তেওঁ তাৰ সঁচা উত্তৰ দিব লাগিব।

আমাৰ কোনো নিৰ্ণয়ৰ পৰা যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কটো নাইকিয়া হোৱাটো আমি নিবিচাৰোঁ। সেইবাবে, যেতিয়া শপত খাবলগীয়া হয়, তেতিয়া আমি প্ৰাৰ্থনা কৰা উচিত আৰু মনত ৰখা উচিত যে আমি এনে শপত কেতিয়াও নাখাম, যাৰ পৰা বাইবেলৰ সিদ্ধান্ত উলংঘন হয় বা পাছত আমাৰ বিবেকে আমাক খোচ মাৰে। যেতিয়া আমি কিবা শপত খাওঁ, তেতিয়া আমি তাক পূৰ কৰাটো অতি আৱশ্যক।—১ পিত. ২:১২.