অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
আপুনি কোনো বাইবেল পদৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) দিয়া তথ্যৰ পৰা লাভৱান হৈছেনে?
পদৰ বিষয়ে দিয়া তথ্য পঢ়িলে আপুনি বহুতো কথা শিকিব পাৰিব আৰু সেইবোৰ ভালদৰে বুজি পাব। যেনে, আপুনি জানিব পাৰিব যে বাইবেলৰ কোনো পদত যি ঘটনাৰ বিষয়ে কোৱা হৈছে, সেই সময়ত কেনেকুৱা পৰিস্থিতি আছিল আৰু সেয়া কিয় বা কাৰ বাবে লিখা হৈছিল। আপুনি বাইবেলৰ কোনো পদত দিয়া শব্দৰ অৰ্থও জানিব পাৰিব।
ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী বা JW লাইব্ৰেৰী এপত আপুনি যিয়ে বাইবেল নপঢ়ক কিয়, যিকোনো পদৰ পৰাই তাৰ বিষয়ে অনুসন্ধান গাইডত দিয়া লেখবোৰ চাব পাৰে। সেই পদৰ বিষয়ে অনুসন্ধান গাইডত যদি তথ্য দিয়া আছে, তেনেহʼলে সেই পদটো ক্লিক কৰিলে অনুসন্ধান গাইডৰ চিন দেখিবলৈ পাব। সেই চিনত ক্লিক কৰিলে সেই পদৰ লগত জড়িত আন তথ্যবোৰ স্ক্ৰীনত ( ষ্টাডী পেনত) দেখিবলৈ পাব।
মন কৰক, নতুন লেখবোৰ ওপৰত দিয়া থাকে। তলত পুৰণি লেখবোৰ দেখিবলৈ পোৱা যায়, যʼত সেই পদবোৰৰ পুৰণি বুজাবুজি দিয়া আছে, যি এতিয়া সলনি কৰা হৈছে।
ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীত যিকোনো বাইবেল পদ ক্লিক কৰিলে, সেই পদবোৰৰ বিষয়ে অনুসন্ধান গাইডত দিয়া তথ্যবোৰ নিজে নিজে খুলি যাব।
JW লাইব্ৰেৰী এপৰ পৰা কোনো বাইবেল পদৰ বিষয়ে অনুসন্ধান গাইডত তথ্যবোৰ চাবলৈ অনুসন্ধান গাইড ডাউনলʼড কৰক আৰু আপডেট কৰি থাকক। ইয়াৰ বাবে ষ্টাডী পেনৰ ওপৰত দিয়া ডাউনলʼড বুটামত ক্লিক কৰক।