Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৬

“তোমাৰ ভায়েৰা পুনৰায় উঠিব”!

“তোমাৰ ভায়েৰা পুনৰায় উঠিব”!

‘যীচুৱে মাৰ্থাক কলে, তোমাৰ ভায়েৰা পুনৰায় উঠিব।ʼ—যোহ. ১১:২৩.

গীত ১৫১ তেওঁ তেওঁলোকক মাতিব

লেখৰ এক আভাস a

১. এজন লʼৰাই কি কʼলে যাৰ পৰা জানিব পাৰি যে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল?

 মেথিউ নামৰ এজন লʼৰাৰ বহুত বেমাৰ হৈছে। তেওঁৰ ডাঙৰ ডাঙৰ অপাৰেচন হৈছে। যেতিয়া তেওঁ সাত বছৰৰ আছিল, তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ লগত মিলি JW ব্ৰডকাষ্টিং চাই আছিল। সেই কাৰ্য্যক্ৰমৰ শেষৰ গানত দেখুৱা হৈছিল যে নতুন পৃথিৱীত যেতিয়া মৃত লোকসকলক পুনৰুত্থান কৰা হʼব অৰ্থাৎ আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁলোকৰ আপোনজনাই তেওঁলোকক কেনেকৈ আদৰণি জনাব। b কাৰ্য্যক্ৰম চোৱাৰ পাছত মেথিউৱে নিজৰ মা-দেউতাৰ ওচৰলৈ গʼল আৰু তেওঁলোকৰ হাতত ধৰি কʼলে, “মা-দেউতা, আপোনালোকে দেখিলেনে মই যদি মৰিও যাওঁ, তেনেহʼলে যিহোৱাই মোক আকৌ জীয়াই তুলিব। আপোনালোকে চিন্তা নকৰিব, মোৰ বাবে বাট চাই থাকিব আৰু সকলো ঠিক হৈ যাব।” কল্পনা কৰকচোন, যেতিয়া মাক-দেউতাকে শুনিলে যে তেওঁলোকৰ লʼৰাৰ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তেতিয়া তেওঁলোকে কিমান আনন্দিত হʼল।

২-৩. ঈশ্বৰে মৃত লোকসকলক আকৌ জীয়াই তুলিব বুলি যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে আমি কিয় চিন্তা কৰা উচিত?

যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে আমি সকলোৱে চিন্তা কৰা উচিত। (যোহ. ৫:২৮, ২৯) কিয়নো যিকোনো সময়তে আমাৰ পৰিস্থিতি সলনি হʼব পাৰে। হয়তো আমাৰ কিবা ডাঙৰ বেমাৰ হʼব পাৰে বা হঠাতে আমাৰ আপোনজনাৰ মৃত্যু হʼব পাৰে। (উপ. ৯:১১; যাকো. ৪:১৩, ১৪) এনে পৰিস্থিতি এই আশাই আমাক চম্ভালি ৰাখিব। (১ থিচ. ৪:১৩) বাইবেল পঢ়ি আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে যিহোৱাই আমাৰ বিষয়ে ভালদৰে জানে আৰু তেওঁ আমাক বহুত প্ৰেম কৰে। (লূক ১২:৭) চিন্তা কৰকচোন, যিহোৱাই লোকসকলক কিমান ভালদৰে জানে। সেইবাবে, যেতিয়া তেওঁ লোকসকলক আকৌ জীয়াই তুলিব, তেতিয়া তেওঁলোকৰ স্বভাৱ আগৰ দৰেই হʼব আৰু আগৰ কথাও মনত থাকিব। যিহোৱাই আমাক প্ৰেম কৰে, সেইবাবে আমাক অনন্ত জীৱন জীয়াই থকাৰ সুযোগ দিছে আৰু যদিও আমাৰ মৃত্যু হৈ যায়, তথাপি তেওঁ আমাক আকৌ জীয়াই তুলিব।

এই লেখত আমি প্ৰথমে আলোচনা কৰিম যে যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তুলিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ। তাৰ পাছত বাইবেলৰ এটা ঘটনাৰ ওপৰত মন কৰিম, যাৰ পৰা আমাৰ বিশ্বাস বাঢ়িব। এই লেখৰ মুখ্য পদ এই ঘটনাৰ পৰাই লোৱা হৈছে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।” (যোহ. ১১:২৩) শেষত আমি আলোচনা কৰিম যে যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমি কেনেকৈ নিজৰ বিশ্বাস বঢ়াব পাৰোঁ।

যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

৪. কাৰোবাৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিবলৈ কি কথাৰ প্ৰতি আমাৰ বিশ্বাস থকা উচিত? এটা উদাহৰণ দিয়ক।

আমি কোনো ব্যক্তিৰ প্ৰতিজ্ঞাৰ ওপৰত তেতিয়াহে ভৰসা কৰোঁ, যেতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে তেওঁ যি কৈছে সেয়া পূৰ কৰিব বিচাৰে আৰু এইদৰে কৰিবলৈ তেওঁৰ ওচৰত শক্তি বা দক্ষতাও থাকে। এটা উদাহৰণলৈ মন কৰক। কল্পনা কৰকচোন, এটা ডাঙৰ ধুমুহাই আপোনাৰ ঘৰ ভাঙি পেলাইছে। কিন্তু আপোনাৰ ভাল বন্ধুৱে আপোনাক প্ৰতিজ্ঞা কৰে যে ‘মই পুনৰ তোমাৰ ঘৰখন বনাবলৈ সহায় কৰিম।’ তেওঁ এজন ভাল ব্যক্তি হয় আৰু আপুনি বিশ্বাস কৰে যে তেওঁ সঁচাকৈ আপোনাক সহায় কৰিব বিচাৰে। যদি তেওঁ ঘৰ বনাব জানে আৰু তেওঁৰ ওচৰত সঁজুলিও আছে, তেনেহʼলে এই কাম কৰাৰ তেওঁৰ দক্ষতাও আছে। সেইবাবে, আপুনি তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰে। ঈশ্বৰে মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে আমি কি কʼব পাৰোঁ? তেওঁ সঁচাকৈ এনে কৰিব বিচাৰেনে আৰু এনে কৰিবলৈ তেওঁৰ ওচৰত শক্তি আছেনে?

৫-৬. মৃত্যু হোৱা লোকসকলক যিহোৱাই আকৌ জীয়াই তুলিব বিচাৰে বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

মৃত লোকসকলক যিহোৱাই জীয়াই তুলিব বিচাৰেনে? নিশ্চয় বিচাৰে। তেওঁ মৃত লোকসকলক আকৌ জীয়াই তুলিব বুলি বাইবেলৰ বহুতো লেখকৰ যোগেদি লিখুৱালে। (যিচ. ২৬:১৯; হোচে. ১৩:১৪; প্ৰকা. ২০:১১-১৩) যিহোৱাই যি প্ৰতিজ্ঞা কৰে, সেয়া নিশ্চয় পূৰ কৰে। (যিহো. ২৩:১৪) মৃত লোকসকলক জীয়াই তুলিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। এয়া আমি কিয় কʼব পাৰোঁ?

ইয়োৱে কি কৈছিল তালৈ মন কৰক। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যদি তেওঁৰ মৃত্যু হৈ যায়, তেনেহʼলে যিহোৱাই তেওঁক আকৌ চাবলৈ আগ্ৰহেৰে বাট চাই থাকিব। যিহোৱাই সেই সেৱকসকলকো আকৌ চাবলৈ আগ্ৰহী হৈ আছে, যিসকলৰ মৃত্যু হʼল। (ইয়ো. ১৪:১৪, ১৫) যিহোৱাই সেই সময়ৰ বাবে বাট চাই আছে, যেতিয়া তেওঁ সেই লোকসকলক আকৌ জীয়াই তুলিব। সেই সময়ত তেওঁলোকৰ স্বাস্থ্য ভাল হৈ যাব আৰু তেওঁলোকে আনন্দেৰে জীয়াই থাকিব। কিন্তু যিহোৱাই সেই লাখ লাখ লোককো জীয়াই তুলিবনে, যিসকলে জীয়াই থকাৰ সময়ত তেওঁৰ বিষয়ে শিকিবলৈ সুযোগে পোৱা নাছিল? নিশ্চয়, যিহোৱাই তেওঁলোককো প্ৰেম কৰে আৰু তেওঁলোককো জীয়াই তুলিব বিচাৰে। (পাঁচ. ২৪:১৫) তেওঁলোকেও যিহোৱাৰ বন্ধু হোৱা আৰু এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে। (যোহ. ৩:১৬) ইয়াৰ পৰা জানিব পাৰি যে সঁচাকৈ যিহোৱাই মৃত্যু হোৱা লোকসকলক জীয়াই তুলিব বিচাৰে।

৭-৮. মৃত লোকসকলক আকৌ জীয়াই তুলিবলৈ যিহোৱাৰ শক্তি আছে বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

মৃত লোকসকলক আকৌ জীয়াই তুলিবলৈ ঈশ্বৰৰ ওচৰত শক্তি আছেনে? নিশ্চয় আছে। কিয়নো তেওঁ “সৰ্ব্বশক্তিমান” হয়। (প্ৰকা. ১:৮) ইয়াৰ অৰ্থ হৈছে তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে কোনো শত্ৰুয়ে তেওঁৰ পৰা জিকিব নোৱাৰে, আনকি মৃত্যুয়েও নোৱাৰে। (১ কৰি. ১৫:২৬) এয়া জানি আমি বহুত সাহস আৰু শান্ত্বনা পাওঁ। ভনী এমা আৰ্ণল্ডৰ উদাহৰণলৈ মন কৰক। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত তেওঁ আৰু তেওঁৰ পৰিয়ালে বহুতো সমস্যাৰ সন্মুখীন হৈছিল আৰু নাজী যাতনা শিবিৰত তেওঁ নিজৰ বহুতো আপোনজনাক মৃত্যুত হেৰুৱাইছিল। এবাৰ তেওঁ নিজৰ ছোৱালীজনীক শান্ত্বনা দিয়াৰ সময়ত এইদৰে কৈছিল, “যদি মৃত্যুৱে মানুহক সদায়ৰ বাবে নিজৰ শিকলিত বান্ধি ৰাখে, তেনেহʼলে মৃত্যু ঈশ্বৰতকৈয়ো শক্তিশালী হৈ পৰিব। কিন্তু এইদৰে হʼব পাৰে জানোঁ?” যিহোৱাতকৈ শক্তিশালী কোনেও নাই। চিন্তা কৰকচোন, যদি ঈশ্বৰে লোকসকলক জীৱন দিব পাৰে, তেনেহʼলে তেওঁ সেই লোকসকলক আকৌ জীয়াই তুলিব নোৱাৰিবনে?

মৃত লোকসকলক যিহোৱাই আকৌ জীয়াই তুলিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? কিয়নো তেওঁৰ স্মৃতি শক্তি বৰ আচৰিত। তেওঁ প্ৰতিটো তৰাক নাম লৈ মাতে। (যিচ. ৪০:২৬) তেওঁ সেই লোকসকলকো মনত ৰাখে, যিসকলৰ মৃত্যু হʼল। (ইয়ো. ১৪:১৩; লূক ২০:৩৭, ৩৮) তেওঁ যিসকল লোকক আকৌ জীয়াই তুলিব, তেওঁলোকৰ সৰু সৰু কথাও মনত ৰাখে। যেনে, তেওঁলোক দেখাত কেনেকুৱা আছিল, তেওঁলোকৰ স্বভাৱ কেনেকুৱা আছিল, তেওঁলোকৰ জীৱনত কি কি ঘটিছিল আৰু তেওঁলোকৰ স্মৃতি, এই সকলো কথা মনত ৰাখে।

৯. যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তুলিব বুলি আপুনি কিয় বিশ্বাস কৰে?

আমি শিকিলোঁ যে যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যি প্ৰতিজ্ঞা কৰিছে, সেই প্ৰতিজ্ঞাৰ ওপৰত আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কাৰণ তেওঁ সেই লোকসকলক আকৌ জীয়াই তুলিব বিচাৰে আৰু এনে কৰাৰ তেওঁৰ শক্তিও আছে। আমি আৰু এটা কাৰণৰ বাবে তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। সেয়া হৈছে যিহোৱাই আগতেও লোকসকলক জীয়াই তুলিছিল। প্ৰাচীন সময়ত তেওঁ কিছুমান সেৱকক মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শক্তি দিছিল। তেওঁ যীচুকো এই শক্তি দিছিল। এতিয়া আহক এনে এক ঘটনালৈ মন কৰোঁ, যʼত যীচুৱে এজন ব্যক্তিক জীয়াই তুলিছিল। এই ঘটনাটো যোহন ১১ অধ্যায়ত লিখা আছে।

যীচুৰ বন্ধুৰ মৃত্যু

১০. যীচুৱে যৰ্দ্দনৰ সিপাৰে প্ৰচাৰ কৰি থাকোঁতে কি হʼল আৰু তেওঁ কি কৰিলে? (যোহন ১১:১-৩)

১০ যোহন ১১:১-৩ পঢ়ক। কল্পনা কৰকচোন, এয়া হৈছে ৩২ খ্ৰীষ্টাব্দৰ শেষৰ কথা। যীচুৰ বহুত ভাল বন্ধু লাজাৰ, তেওঁৰ বায়েক মৰিয়ম আৰু মাৰ্থা বৈথনিয়া নামৰ গাঁৱত থাকিছিল। (লূক ১০:৩৮-৪২) লাজাৰ বহুত বেমাৰ হৈ পৰিছিল। সেইবাবে, তেওঁৰ বায়েকহঁতে চিন্তা কৰিবলৈ ধৰিলে। ইয়াৰ বিষয়ে তেওঁলোকে যীচুলৈ খবৰ পঠিয়ালে। সেই সময়ত যীচুৱে যৰ্দ্দনৰ সিপাৰে যি ঠাইত আছিল, বৈথনিয়াৰ পৰা তালৈ খোজকাঢ়ি যাবলৈ প্ৰায় দুদিন লাগিছিল। (যোহ. ১০:৪০) কিন্তু, দুখৰ বিষয় যে যেতিয়া যীচুৱে এই খবৰ শুনিলে, তেতিয়ালৈকে লাজাৰৰ মৃত্যু হৈ গৈছিল। যীচুৱে জানিছিল যে তেওঁৰ বন্ধুৰ মৃত্যু হʼল, তথাপি তেওঁ তাত আৰু দুদিন থাকিলে আৰু পাছত বৈথনিয়া যাবলৈ ওলালে। যেতিয়া যীচু তাত গৈ পালে, তেতিয়া লাজাৰৰ মৃত্যু হোৱা চাৰি দিন হৈছিল। কিন্তু যীচুৱে এনে এক কাম কৰিম বুলি ভাবিলে, যাৰ পৰা তেওঁৰ বন্ধুসকলে লাভৱান হোৱাৰ লগতে ঈশ্বৰৰৰো মহিমা হʼব।—যোহ. ১১:৪, ৬, ১১, ১৭.

১১. এই ঘটনাৰ পৰা আমি বন্ধুত্বৰ বিষয়ে কি শিকিব পাৰোঁ?

১১ এই ঘটনাৰ পৰা আমি বন্ধুত্বৰ বিষয়ে এটা ভাল কথা শিকিব পাৰোঁ। মন কৰক, মৰিয়ম আৰু মাৰ্থাই যীচুক যেতিয়া খবৰ পঠিয়ালে যে তেওঁৰ বন্ধু বেমাৰ হৈ আছে, তেতিয়া তেওঁলোকে যীচুক বৈথনিয়ালৈ আহিবলৈ কোৱা নাছিল। (যোহ. ১১:৩) যীচুৱে বিচৰা হʼলে তেওঁ যʼত আছে, তাৰ পৰাই লাজাৰক জীয়াই তুলিব পাৰিলেহেঁতেন, কিন্তু তেওঁ বৈথনিয়ালৈ গʼল যাতে তেওঁ এই দুখৰ সময়ত মৰিয়ম আৰু মাৰ্থাক লগ কৰি শান্ত্বনা দিব পাৰে। আপোনাৰ এনে বন্ধু আছেনে, যি আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে? যদি আছে, তেনেহʼলে আপুনি ‘দুৰ্দ্দশা’ বা সমস্যাৰ সময়ত তেওঁৰ ওপৰত ভৰসা কৰিব পাৰে। (হিতো. ১৭:১৭) আপুনিও যীচুৰ দৰে এজন ভাল বন্ধু হʼব বিচাৰেনে? আহক এতিয়া আমি সেই ঘটনালৈ মন কৰোঁ আৰু চাওঁ যে আগলৈ কি হʼল।

১২. যীচুৱে মাৰ্থাক কি প্ৰতিজ্ঞা কৰে আৰু তেওঁ যীচুৰ কথাৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰিছিল? (যোহন ১১:২৩-২৬)

১২ যোহন ১১:২৩-২৬ পঢ়ক। মাৰ্থাই গম পালে যে যীচু বৈথনিয়ালৈ আহি পাইছে। তেওঁ দৌৰি গৈ যীচুক লগ কৰি কয়, “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” (যোহ. ১১:২১) এয়া সঁচা যে যীচু তাত থকা হʼলে লাজাৰক সুস্থ কৰিব পাৰিলেহেঁতেন। কিন্তু যীচুৱে এনে কিবা কৰিব বিচাৰিছিল, যাৰ বিষয়ে কোনেও ভবা নাছিল। তেওঁ মাৰ্থাক প্ৰতিজ্ঞা কৰে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।” তাৰ পাছত তেওঁ বিশ্বাস দিয়াবলৈ এইদৰে কয়, ‘ময়েই পুনৰুত্থান আৰু জীৱনো।’ ঈশ্বৰে তেওঁক মৃত লোকসকলক আকৌ জীয়াই তুলিবলৈ শক্তি দিছিল, সেইবাবে তেওঁ এইদৰে কʼলে। ইয়াৰ আগতে যীচুৱে এজনী সৰু ছোৱালীক মৃত্যুৰ অলপ পাছতেই জীয়াই তুলিছিল। লগতে তেওঁ এজন ডেকা ব্যক্তিক হয়তো যি দিনা তেওঁৰ মৃত্যু হৈছিল, সেইদিনাই তেওঁক জীয়াই তুলিছিল। (লূক ৭:১১-১৫; ৮:৪৯-৫৫) কিন্তু লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছে আৰু তেওঁৰ পৰা গোন্ধ ওলাইছে। যীচুৱে তেওঁক আকৌ জীয়াই তুলিব পাৰিবনে?

“হে লাজাৰ, বাহিৰলৈ আহাঁ”

নিজৰ বন্ধুসকলক কান্দি থকা দেখি যীচুকো বৰ দুখ লাগিছিল (অনুচ্ছেদ ১৩-১৪ চাওক)

১৩. যোহন ১১:৩২-৩৫ পদৰ অনুসৰি যেতিয়া যীচুৱে মৰিয়ম আৰু আন লোকসকলক কান্দি থকা দেখিলে, তেতিয়া তেওঁ কি কৰিলে? (ছবিখনো চাওক।)

১৩ যোহন ১১:৩২-৩৫ পঢ়ক। যেতিয়া লাজাৰৰ আন এজনী বায়েক মৰিয়মে যীচুক লগ কৰিবলৈ আহে, তেতিয়া মাৰ্থাৰ দৰে তেওঁ যীচুক কয়, “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” মৰিয়ম আৰু তেওঁৰ লগত অহা আন লোকসকলেও বহুত দুখত আছে। তেওঁলোকক কান্দি থকা দেখি যীচুক বহুত দুখ লাগিল। নিজৰ বন্ধুৰ বাবে তেওঁৰ মনত দয়া উপজে আৰু তেওঁ কান্দিবলৈ ধৰে। যীচুৱে ভালদৰে জানে যে যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাও, তেতিয়া আমাক কেনেকুৱা লাগে। তেওঁ নিজৰ বন্ধুসকলৰ দুখ দূৰ কৰিবলৈ আগ্ৰহী হৈ আছে।

১৪. মৰিয়মক কান্দি থকা দেখি যীচুৱে যি কৰিলে, তাৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ?

১৪ মৰিয়মক কান্দি থকা দেখি যীচুৱে যি কৰিলে, তাৰ পৰা আমি বুজিব পাৰোঁ যে যিহোৱা কিমান দয়ালু ঈশ্বৰ হয়। এয়া আমি কিয় কʼব পাৰোঁ? ইয়াৰ বিষয়ে আমি আগৰ লেখত আলোচনা কৰিছিলোঁ। যীচুৱে নিজৰ পিতৃৰ দৰেই ভাবে আৰু অনুভৱ কৰে। (যোহ. ১২:৪৫) সেইবাবে, যেতিয়া আমি পঢ়োঁ যে যীচুৱে নিজৰ বন্ধুসকলক কান্দি থকা দেখি নিজেও কান্দিবলৈ ধৰিলে, তেতিয়া ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে যিহোৱাই যেতিয়া আমাক দুখত কান্দি থকা দেখে, তেতিয়া তেওঁকো বহুত দুখ লাগে। (গীত. ৫৬:৮) এয়া জানি যিহোৱাৰ আৰু বেছি কাষ চাপিবলৈ আপোনাৰ মন নাযায়নে?

যীচুৰ ওচৰত মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শক্তি আছে বুলি তেওঁ দেখুৱালে (অনুচ্ছেদ ১৫-১৬ চাওক)

১৫. যোহন ১১:৪১-৪৪ পদৰ অনুসৰি লাজাৰৰ কবৰৰ ওচৰত কি হʼল?

১৫ যোহন ১১:৪১-৪৪ পঢ়ক। যীচু লাজাৰৰ কবৰৰ ওচৰলৈ যায়, তাৰ পাছত গুহাৰ মুখত থকা শিলচটা আঁতৰাবলৈ কয়। এনে কৰিবলৈ যীচুক মাৰ্থাই বাধা দিয়ে আৰু কয় যে হয়তো এতিয়া তেওঁৰ শৰীৰৰ পৰা গোন্ধ ওলাবলৈ ধৰিছে। যীচুৱে তেওঁক কʼলে, “যদি বিশ্বাস কৰা, তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা, এই কথা মই তোমাক নকৈছিলোঁ নে?” (যোহ. ১১:৩৯, ৪০) তাৰ পাছত যীচুৱে স্বৰ্গলৈ চাই সকলোৰে ওচৰত প্ৰাৰ্থনা কৰে আৰু এতিয়া তেওঁ যি কৰিবলৈ গৈ আছে, তাৰ সকলো মহিমা যিহোৱাক দিব বিচাৰে। তাৰ পাছত যীচুৱে জোৰকৈ চিঞৰি কʼলে, “হে লাজাৰ, বাহিৰলৈ আহাঁ।” তেতিয়া লাজাৰ কবৰৰ পৰা বাহিৰলৈ ওলাই আহিল। হয়তো কিছুমানে সপোনতো এইদৰে হʼব বুলি ভবা নাছিল। c

১৬. যোহন ১১ অধ্যায়ত দিয়া ঘটনাৰ পৰা মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

১৬ যোহন ১১ অধ্যায়ত আমি যি পঢ়িলোঁ, তাৰ পৰা মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়ে। মন কৰক, যীচুৱে মাৰ্থাক প্ৰতিজ্ঞা কৰিছিল যে “তোমাৰ ভায়েৰা পুনৰায় উঠিব।” (যোহ. ১১:২৩) নিজৰ পিতৃৰ দৰে যীচুও নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বিচাৰে আৰু এনে কৰিবলৈ তেওঁৰ ওচৰত শক্তিও আছে। মনত পেলাওক, যীচুৱে যেতিয়া নিজৰ বন্ধুসকলক কান্দি থকা দেখিলে, তেতিয়া তেওঁ কান্দিবলৈ ধৰিলে। ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে আমাৰ চকুলো মুচিবলৈ আৰু আমাৰ আপোনজনাক আকৌ জীয়াই তুলিবলৈ আগ্ৰহী হৈ আছে। লাজাৰক জীয়াই তুলি যীচুৱে প্ৰমাণ কৰিলে যে তেওঁৰ ওচৰত মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শক্তি আছে। চিন্তা কৰক, যীচুৱে মাৰ্থাক কি কথা মনত পেলাই দিছিল “যদি বিশ্বাস কৰা, তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা।” (যোহ. ১১:৪০) সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। কিন্তু এই প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস আৰু কেনেকৈ বঢ়াব পাৰোঁ?

যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কেনেকৈ বঢ়াব?

১৭. মৃত লোকসকলক জীয়াই তোলাৰ ঘটনাৰ বিষয়ে পঢ়াৰ সময়ত আমি কি কথা মনত ৰখা উচিত?

১৭ মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে লিখা ঘটনাবোৰ পঢ়ক আৰু মনন কৰক। যীচুৰ উপৰিও বাইবেলত এনে আঠটা ঘটনাৰ বিষয়ে লিখা আছে। d সেই ঘটনাবোৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক আৰু এনে কৰাৰ সময়ত মনত ৰাখক যে এয়া কেৱল কাহিনী নহয়, সেই পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীবিলাক সঁচাকৈ জীয়াই আছিল। সেই ঘটনা পঢ়াৰ সময়ত চিন্তা কৰক যে ইয়াৰ পৰা আপুনি কি শিকিব পাৰে? ইয়াৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তুলিব বিচাৰে আৰু এনে কৰাৰ তেওঁৰ শক্তিও আছে। বিশেষকৈ, সেই ঘটনাৰ ওপৰত মন কৰক যেতিয়া যীচুক আকৌ জীয়াই তোলা হৈছিল। এয়া বহুত অৰ্থ ৰাখে। মনত আছেনে, যীচুক আকৌ জীয়াই তোলাৰ পাছত হাজাৰ হাজাৰ লোকে তেওঁক দেখিছিল। ইয়াৰ পৰা আমি বিশ্বাস কৰিবলৈ প্ৰমাণ পাওঁ যে মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব।—১ কৰি. ১৫:৩-৬, ২০-২২.

১৮. মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে যিবোৰ গীত আছে, তাৰ পৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰিব? (ফুটনোট চাওক।)

১৮ উপাসনাৰ সেই গীতবোৰ শুনক, গাওক আৰু সেইবোৰৰ বিষয়ে ভাবক, যʼত মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে কোৱা হৈছে।  e (ইফি. ৫:১৯) সেই গীতৰ পৰা আমি বুজি পাওঁ যে মৃত লোকসকলক জীয়াই তোলাৰ যিহোৱাৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব আৰু ইয়াৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়িব। গতিকে, এই গীতবোৰ শুনক আৰু বাৰে বাৰে গাওক। নিজৰ পাৰিবাৰিক উপাসনাত এই গীতৰ শব্দবোৰ আলোচনা কৰক আৰু লগতে ইয়াৰ অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰক। এই গীতৰ শব্দবোৰ ভালদৰে মনত ৰাখক। যদি আপোনাৰ ওচৰত কিবা সমস্যা আহে, যʼত আপোনাৰ জীৱন বিপদত পৰে বা আপোনাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া যিহোৱাই পবিত্ৰ শক্তিৰ যোগেদি এই গীতবোৰ মনত পেলাবলৈ সহায় কৰিব, যাৰ যোগেদি আপুনি সাহস আৰু শান্ত্বনা লাভ কৰিব।

১৯. যেতিয়া আমাৰ আপোনজনাক আকৌ জীয়াই তোলা হʼব, সেই সময়ৰ বিষয়ে আমি কি কি কল্পনা কৰিব পাৰোঁ? (“ আপুনি তেওঁলোকক কি সুধিব?” নামৰ বক্স চাওক)

১৯ নতুন পৃথিৱীৰ বিষয়ে কল্পনা কৰক। যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে, যাৰ বাবে এতিয়ালৈকে নোহোৱা ঘটনাবোৰো আমি কল্পনা কৰিব পাৰোঁ। এজনী ভনীয়ে এইদৰে কয়, “মই প্ৰায়ে কল্পনা কৰোঁ যে মই নতুন পৃথিৱীত আছোঁ। বহু বাৰ মোৰ অনুভৱ হয় যেন মই তাত ফুলি থকা গোলাপ ফুলৰ গোন্ধ লৈ আছোঁ।” সেই সময়ৰ বিষয়ে চিন্তা কৰক যেতিয়া আপুনি প্ৰাচীন সময়ৰ বিশ্বাসী লোকসকলক লগ কৰিব। আপুনি কাক লগ কৰিব বিচাৰে? আপুনি তেওঁক কি সুধিব বিচাৰে? চিন্তা কৰক, যেতিয়া আপুনি প্ৰথমবাৰ তেওঁলোকক লগ পাব, তেতিয়া কি কʼব, আপুনি কেনেকৈ তেওঁলোকক আনন্দেৰে সাৱটি ধৰিব আৰু আপোনাৰ চকুৰ পৰা আনন্দৰ চকুলো বৈ আহিব।

২০. আমি কি থিৰাং কৰা উচিত?

২০ আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ যে তেওঁ মৃত লোকসকলক আকৌ জীয়াই তুলিব। আমি তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয়নো তেওঁ এইদৰে কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে আৰু এইদৰে কৰাৰ তেওঁৰ ওচৰত শক্তিও আছে। সেইবাবে, আহক তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকোঁ। এইদৰে আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম, যিজনে আমাক প্ৰতিজ্ঞা কৰিছে যে ‘তোমাৰ আপোনজনা পুনৰায় উঠিব’ অৰ্থাৎ আকৌ জীয়াই তোলা হʼব।

গীত ১৪৭ অনন্ত জীৱনৰ প্ৰতিজ্ঞা

a আপুনি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছেনে? যদি হেৰুৱাইছে, তেনেহʼলে যিহোৱাই তেওঁক আকৌ জীয়াই তুলিব বুলি যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে ভাবি হয়তো আপুনি শান্ত্বনা লাভ কৰে। কিন্তু আপুনি এই প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰে বুলি আনক কেনেকৈ জনাব পাৰে? আপুনি এই প্ৰতিজ্ঞাৰ ওপৰত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে? এই লেখত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ যোগেদি আমাৰ বিশ্বাস বাঢ়িব যে মৃত্যু হোৱা লোকসকলক যিহোৱাই আকৌ জীয়াই তুলিব।

b এই গানৰ নাম হৈছে নিচেই আমাৰ ওচৰ যি নৱেম্বৰ ২০১৬ চনৰ JW ব্ৰডকাষ্টিঙত আহিছিল।

c ১ জানুৱাৰী ২০০৮ চনৰ প্ৰহৰীদুৰ্গত দিয়া লেখ “আপুনি জানেনে?—যীচুক লাজাৰৰ কবৰত পাওঁতে চাৰিদিন কিয় লাগিছিল?” চাওক।

d এই ঘটনাবোৰ ১ ৰাজাৱলি ১৭:১৭-২৪; ২ ৰাজাৱলি ৪:৩২-৩৭; ১৩:২০, ২১; লূক ৭:১১-১৫; ৮:৪১-৫৬; যোহন ১১:৩৮-৪৪; পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; ২০:৭-১২ পদৰ পৰা লোৱা হৈছে।

e “গীত গাকাৰ য়হʼৱা কি “জেইজেইকাৰ কাৰে” (হিন্দী)” নামৰ গীত কিতাপৰ এই গীতবোৰ চাওক। “নিজকে নতুন পৃথিৱীত চাওক” (গীত ১৩৯), “পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখক!” (গীত ১৪৪) “তেওঁ তেওঁলোকক মাতিব” (গীত ১৫১)। jw.org হিন্দীত ব্ৰডকাষ্টিঙৰ এই গানবোৰো চাব পাৰে: “নিচেই আমাৰ ওচৰ,” “যেতিয়া নতুন পৃথিৱী আহিব” আৰু “চোৱাচোন।