অধ্যয়নৰ লেখ ১৫
যীচুৰ চমৎকাৰবোৰৰ পৰা আমি কি শিকিব পাৰোঁ?
‘তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম্ম কৰি সকলোকে সুস্থ কৰিলে।ʼ—পাঁচ. ১০:৩৮.
গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি
লেখৰ এক আভাস a
১. যীচুৱে কৰা প্ৰথম চমৎকাৰৰ বিষয়ে কওক।
এয়া হৈছে ২৯ খ্ৰীষ্টাব্দৰ শৰৎ কালৰ কথা। যীচুৱে অলপতে তেওঁৰ সেৱা আৰম্ভ কৰিছে। যীচু, তেওঁৰ মাক মৰিয়ম আৰু তেওঁৰ কিছুমান শিষ্যক বিয়াত মাতা হৈছে। এই বিয়াখন কানা নামৰ ঠাইত ৰখা হৈছে, যি যীচুৱে থকা নাচৰতৰ পৰা অলপ দূৰত আছে। মৰিয়মে এই পৰিয়ালটোক ভালদৰে চিনি পাইছিল, সেইবাবে তেওঁ অতিথি সৎকাৰ কৰাত হয়তো ব্যস্ত আছিল। কিন্তু তেতিয়াই এটা সমস্যা হʼল, দ্ৰাক্ষাৰস শেষ হʼবলৈ ধৰিলে। b হয়তো যিমান মানুহক মাতা হৈছিল, তাতকৈ বেছি মানুহ আহিছিল। সেইবাবে, যদি একো ব্যৱস্থা কৰা নহয়, তেনেহʼলে দৰা-কইনা আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে হয়তো বহুত লাজত পৰিব। সেইবাবে, মৰিয়মে লগে লগে তেওঁৰ লʼৰাৰ ওচৰলৈ গʼল আৰু কʼলে, “তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই।” (যোহ. ২:১-৩) তেতিয়া যীচুৱে এনে এক কাম কৰিলে, যাৰ বিষয়ে কোনেও ভবা নাছিল। তেওঁ আচৰিতভাৱে পানীক ‘উত্তম দ্ৰাক্ষাৰসলৈ’ পৰিৱৰ্তন কৰিলে।—যোহ. ২:৯, ১০.
২-৩. (ক) যীচুৱে আৰু কি কি চমৎকাৰ কৰিছিল? (খ) আমি যীচুৰ চমৎকাৰৰ ওপৰত কিয় ধ্যান দিয়া উচিত?
২ আগলৈ গৈ যীচুৱে আৰু বহুতো চমৎকাৰ কৰিলে। c এইদৰে তেওঁ হাজাৰ হাজাৰ লোকক সহয় কৰিলে। যেনে, বাইবেলত কোৱা হৈছে যে তেওঁ এবাৰ ৫০০০ পুৰুষক আহাৰ খোৱালে আৰু এবাৰ ৪০০০ পুৰুষক। যদি সেই পুৰুষসকলৰ লগত অহা তিৰোতা আৰু লʼৰা-ছোৱালীৰ হিচাপ কৰা হয়, তেনেহʼলে প্ৰায় ২৭,০০০ লোকক তেওঁ হয়তো আহাৰ খোৱাইছিল। (মথি ১৪:১৫-২১; ) এই দুয়োটা পৰিস্থিতিতে যীচুৱে বেমাৰী লোকসকলক ভাল কৰিছিল। ( ১৫:৩২-৩৮মথি ১৪:১৪; ১৫:৩০, ৩১) চিন্তা কৰকচোন, যেতিয়া যীচুৱে চমৎকাৰ কৰি ইমান লোকক ভাল কৰিছিল আৰু আহাৰ খোৱাইছিল, তেতিয়া লোকসকলে কিমান আচৰিত হৈছিল!
৩ যীচুৱে কৰা চমৎকাৰৰ পৰা আজিও আমি বহুতো কথা শিকিব পাৰোঁ। এই লেখত আমি যীচুৱে কৰা কিছুমান চমৎকাৰৰ বিষয়ে আলোচনা কৰিম, যাৰ যোগেদি আমাৰ বিশ্বাস বাঢ়িব। আমি এয়াও মন কৰিম যে যীচুৱে চমৎকাৰ কৰাৰ সময়ত কেনেকৈ দেখুৱালে যে তেওঁ নম্ৰ হয়, লোকসকলৰ প্ৰতি তেওঁৰ দয়া আছে আৰু আমি তেওঁৰ দৰে কেনেকৈ হʼব পাৰোঁ?
যিহোৱা আৰু যীচুৰ বিষয়ে শিক্ষা
৪. যীচুৱে কৰা চমৎকাৰবোৰৰ পৰা আমি কাৰ বিষয়ে শিকিব পাৰোঁ?
৪ যীচুৰ চমৎকাৰৰ পৰা আমি বহুতো কথা শিকিব পাৰিম, যাৰ পৰা আমাৰ বিশ্বাস মজবুত হʼব। ইয়াৰ পৰা কেৱল যীচুৰ বিষয়ে নহয়, আমি যিহোৱাৰ বিষয়েও বহুতো কথা শিকিব পাৰিম। কিয়নো তেওঁ নিজৰ পিতৃ যিহোৱাৰ সহায়তেই এই চমৎকাৰবোৰ কৰিছিল। পাঁচনিৰ কৰ্ম্ম ১০:৩৮ লিখা আছে, ‘ঈশ্বৰে যীচুক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰিলত, তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম্ম কৰি, চয়তানৰ পৰা অত্যাচাৰ পোৱা সকলোকে সুস্থ কৰিলে; কিয়নো ঈশ্বৰ তেওঁৰ সঙ্গী আছিল।’ এয়াও মনত ৰাখক যে যীচু নিজৰ পিতৃৰ নিচিনা আছিল। সেইবাবে, তেওঁ যি কৈছিল আৰু যিবোৰ চমৎকাৰ কৰিছিল, তাৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই কি ভাবে আৰু কেনে অনুভৱ কৰে। (যোহ. ১৪:৯) আহক আমি এনে তিনিটা কথাৰ ওপৰত ধ্যান দিওঁ, যি যীচুৱে কৰা চমৎকাৰৰ পৰা আমি শিকিব পাৰোঁ।
৫. যীচুৱে কিয় চমৎকাৰ কৰিছিল? (মথি ২০:৩০-৩৪)
৫ প্ৰথম শিক্ষা: যীচু আৰু তেওঁৰ পিতৃয়ে আমাক বহুত প্ৰেম কৰে। যীচুৱে এই পৃথিৱীত থকাৰ সময়ত তেওঁৰ কামৰ যোগেদি গম পোৱা গৈছিল যে তেওঁ লোকসকলক কিমান প্ৰেম কৰে। প্ৰেমৰ বাবেই যীচুৱে চমৎকাৰ কৰি লোকসকলৰ সমস্যাবোৰ দূৰ কৰিছিল। এবাৰ দুজন অন্ধই সহায় বিচাৰি যীচুক চিঞৰি চিঞৰি মাতিছিল। (মথি ২০:৩০-৩৪ পঢ়ক।) তেওঁলোকক চাই যীচুৰ ‘মৰম লাগিল’ আৰু তেওঁলোকক সুস্থ কৰিলে। ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ ‘মৰম লাগিল’ বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে অন্তৰৰ পৰা দয়া দেখুৱা। যীচুৱে অন্তৰৰ পৰা দয়া দেখুৱাৰ কাৰণ হৈছে তেওঁ লোকসকলক বহুত প্ৰেম কৰিছিল। এই দয়াৰ কাৰণে তেওঁ লোকসকলক আহাৰ খোৱাইছিল আৰু তেওঁ এবাৰ এজন কুষ্ঠ ৰোগীক সুস্থ কৰিছিল। (মথি ১৫:৩২; মাৰ্ক ১:৪১) ইয়াৰ পৰা আমি বিশ্বাস কৰিব পাৰোঁ যে “দয়ালু চিত্তৰ” ঈশ্বৰ যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই আমাক বহুত প্ৰেম কৰে আৰু আমাক দুখত থকা দেখি তেওঁলোককো বহুত দুখ লাগে। (লূক ১:৭৮, ১ পিত. ৫:৭) যিহোৱা আৰু যীচুৱে সেই দিনৰ বাবে আগ্ৰহেৰে বাট চাই আছে, যেতিয়া মানৱ জাতিৰ সকলো দুখ-কষ্ট তেওঁলোকে সদায় কালৰ বাবে দূৰ কৰিব।
৬. যিহোৱাই যীচুক কিমান শক্তি দিছে?
৬ দ্বিতীয় শিক্ষা: যিহোৱাই যীচুক মানুহৰ সকলো সমস্যা দূৰ কৰাৰ শক্তি দিছে। যীচুৱে যি চমৎকাৰ কৰিলে, তাৰ পৰা গম পোৱা যায় যে তেওঁ এনে সমস্যাবোৰো দূৰ কৰিব পাৰে, যিবোৰ মানুহে কেতিয়াও দূৰ কৰিব নোৱাৰে। তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ বেমাৰ আৰু মৃত্যুক একেবাৰে নাইকিয়া কৰিব পাৰে। আনকি সকলো সমস্যাৰ মূল কাৰণ পাপকো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে। (মথি ৯:১-৬; ৰোম. ৫:১২, ১৮, ১৯) যীচুৱে চমৎকাৰ কৰি দেখুৱালে যে তেওঁ ‘সকলো ধৰণৰ’ বেমাৰ দূৰ কৰিব পাৰে আৰু মৃত্যু হোৱা লোকসকলক পুনৰুত্থান কৰিব পাৰে অৰ্থাৎ আকৌ জীয়াই তুলিব পাৰে। (মথি ৪:২৩; যোহ. ১১:৪৩, ৪৪) তেওঁৰ ওচৰত ধুমুহা বতাহকো শান্ত কৰাৰ শক্তি আছে আৰু তেওঁৰ ওচৰত দুষ্ট স্বৰ্গদূতবিলাকেও টিকিব নোৱাৰে। (মাৰ্ক ৪:৩৭-৩৯; লূক ৮:২) যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক ইমান কাম কৰিবলৈ শক্তি দিয়া দেখি আমি বৰ উৎসাহিত হওঁ।
৭-৮. (ক) যীচুৱে কৰা চমৎকাৰবোৰৰ পৰা কি কথাৰ ওপৰত আমাৰ বিশ্বাস বাঢ়ে? (খ) আপুনি নতুন পৃথিৱীত কোনটো চমৎকাৰ চাবলৈ আগ্ৰহেৰে বাট চাই আছে?
৭ তৃতীয় শিক্ষা: আমি বিশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে নিজৰ ৰাজ্যত যি আশীৰ্বাদ দিয়াৰ প্ৰতিজ্ঞা কৰিছে, সেয়া আমি নিশ্চয় পাম। পৃথিৱীত থকাৰ সময়ত যীচুৱে যি চমৎকাৰ কৰিছিল, তাৰ পৰা গম পোৱা যায় যে ভৱিষ্যতেও তেওঁ এজন ৰজা হিচাপে আৰু বহুতো ডাঙৰ ডাঙৰ কাম কৰিব। কল্পনা কৰকচোন, সেই সময়ত কিমান ভাল পৰিৱেশ হʼব আৰু আমাৰ সকলোৰে স্বাস্থ্য ভাল হৈ যাব। কিয়নো যীচুৱে সকলো ধৰণৰ বেমাৰ আৰু শাৰীৰিক সমস্যা দূৰ কৰিব। (যিচ. ৩৩:২৪; ৩৫:৫, ৬; প্ৰকা. ২১:৩, ৪) কোনেও ভোকত নাথাকিব আৰু কাকো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼব নালাগিব। (যিচ. ২৫:৬; মাৰ্ক ৪:৪১) আমাৰ যিসকল আপোনজনা “মৈদামত” আছে, সেই সকলোকে আমি আকৌ লগ পাম। (যোহ. ৫:২৮, ২৯) আপুনি নতুন পৃথিৱীত কোনটো চমৎকাৰ চাবলৈ আগ্ৰহেৰে বাট চাই আছে?
৮ যীচুৱে চমৎকাৰ কৰি দেখুৱালে যে তেওঁ কিমান নম্ৰ হয় আৰু লোকসকলৰ প্ৰতি তেওঁৰ কিমান দয়া আছে। এই গুণবোৰ আমি সকলোৱে বঢ়োৱা উচিত। আহক আমি দুটা চমৎকাৰৰ ওপৰত মন কৰোঁ। প্ৰথমতে যীচুৱে কানা চহৰত এখন বিয়াত কৰা চমৎকাৰৰ বিষয়ে মন কৰিম।
নম্ৰ হʼবলৈ শিকক
৯. যীচুৱে বিয়াত চমৎকাৰ কিয় কৰিলে? (যোহন ২:৬-১০)
৯ যোহন ২:৬-১০ পঢ়ক। যেতিয়া বিয়াত দ্ৰাক্ষাৰস শেষ হৈ গৈছিল, তেতিয়া যীচুৱে চমৎকাৰ কৰাৰ প্ৰয়োজন আছিলনে? নাছিল। তেওঁ চমৎকাৰ কৰি দ্ৰাক্ষাৰস বনাব বুলি মচীহৰ বিষয়ে কোনো ভৱিষ্যবাণী কৰা নাছিল। চিন্তা কৰকচোন, আপোনাৰ বিয়া হৈ আছে আৰু আলহীৰ খোৱা-বোৱাৰ বাবে যি ব্যৱস্থা কৰা হৈছে, তাত কিবা কম হৈ গʼল, তেতিয়া আপোনাক কেনেকুৱা লাগিব? যীচুৱে সেই পৰিয়াল, বিশেষকৈ দৰা-কইনাৰ প্ৰতি ধ্যান দিলে আৰু তেওঁলোকে লাজত পৰাটো যীচুৱে বিচৰা নাছিল। তেওঁলোকৰ প্ৰতি যীচুৰ দয়া লাগিল আৰু তেওঁলোকৰ বাবে কিবা কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ চমৎকাৰ কৰিলে। তেওঁ প্ৰায় ৩৯০ লিটাৰ (১০৩ গেলন) পানীক উত্তম দ্ৰাক্ষাৰসলৈ পৰিৱৰ্তন কৰিলে। কিন্তু তেওঁ চমৎকাৰ কৰি ইমান দ্ৰাক্ষাৰস কিয় বনালে? হয়তো বাচি যোৱা দ্ৰাক্ষাৰসখিনি আগলৈ গৈ কামত আহে বা দৰা-কইনাই ইয়াক বেচি কিছু টকা গোটাব পাৰে। এই নতুন দৰা-কইনাই চমৎকাৰৰ পাছত হয়তো মনত কিমান শান্তি পালে!
১০. যোহন ২ অধ্যায়ত উল্লেখ থকা ঘটনাৰ কিছুমান সৰু সৰু কথা কওক। (ছবিখনো চাওক।)
১০ আহক যোহন ২ অধ্যায়ত উল্লেখ থকা ঘটনাৰ কিছুমান সৰু সৰু কথাৰ ওপৰত ধ্যান দিওঁ। আপুনি মন কৰিলেনে শিলৰ মঠীয়া অৰ্থাৎ কলহত যীচুৱে নিজেই পানী ভৰোৱা নাছিল, তাৰ পৰিৱৰ্তে সেৱকসকলক পানী ভৰাবলৈ কৈছিল, যাতে লোকসকলে তেওঁৰ ওপৰত ধ্যান নিদিয়ে। (৬, ৭ পদ) পানীক দ্ৰাক্ষাৰসলৈ পৰিৱৰ্তন কৰাৰ পাছত যীচুৱে নিজেই ইয়াক লৈ ভোজৰ চোৱা-চিতা কৰা লোকৰ ওচৰলৈ নগʼল, তাৰ পৰিৱৰ্তে তেওঁ সেৱকসকলক পঠিয়ালে। (৮ পদ) যীচুৱে আলহীসকলৰ ওচৰলৈ গৈ এয়াও কোৱা নাছিল যে ‘এই দ্ৰাক্ষাৰস মই এতিয়াই বনাইছো, আপোনালোকে অলপমান খাই চাওকচোন!’
১১. আমি যীচুৰ চমৎকাৰৰ পৰা কি শিকিব পাৰোঁ?
১১ যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমাক নম্ৰ হোৱা উচিত। যীচুৱে এই চমৎকাৰৰ বাবে ফিতাহি মৰা নাছিল। যীচুৱে যি কৰিছিল, তাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ আছিল আৰু তেওঁ কৰা কামৰ সকলো প্ৰশংসা আৰু মহিমা নিজৰ পিতৃ যিহোৱাক দিছিল। (যোহ. ৫:১৯, ৩০; ৮:২৮) আমিও যীচুৰ দৰে নম্ৰ হোৱা উচিত আৰু নিজৰ সফলতাৰ বাবে কেতিয়াও ফিতাহি মৰা উচিত নহয়। আমি যিহোৱা আৰু তেওঁৰ উপাসকসকলৰ বাবে যি কৰোঁ, তাৰ কাৰণে কেতিয়াও ফিতাহি মৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ যি সন্মান পাইছোঁ, তাৰ বাবে গৰ্ব কৰা উচিত। (যিৰি. ৯:২৩, ২৪) আহক আমি নিজৰ কামৰ প্ৰশংসা যিহোৱাক দিওঁ, কিয়নো তেওঁৰ সহায়ৰ বাবে আমি সকলো কাম কৰিব পাৰোঁ।—১ কৰি. ১:২৬-৩১.
১২. আমি যীচুৰ দৰে আৰু কেনেকৈ নম্ৰ হʼব পাৰোঁ? এটা উদাহৰণ দি বুজাওক।
১২ যীচুৰ দৰে নম্ৰ হোৱাৰ আৰু এটা উপায় আছে। কল্পনা কৰকচোন, এজন পৰিচাৰকে প্ৰথমবাৰ জন ভাষণ দিয়াৰ সুযোগ পাইছে। এজন প্ৰাচীনে তেওঁক এই ভাষণ তৈয়াৰ কৰিবলৈ বহুত সহায় কৰিলে। সেইবাবে, সেই পৰিচাৰকজনে বৰ ধুনীয়াকৈ ভাষণ দিলে আৰু মণ্ডলীৰ সকলোৱে এই ভাষণ শুনি ভাল পালে। ইয়াৰ পাছত কোনোবাই আহি সেই প্ৰাচীনক কʼলে, ‘সঁচাকৈ এই ভাইজনৰ ভাষণ বহুত ধুনীয়া আছিল, নহয়নে বাৰু?’ সেই প্ৰাচীনজনে এইদৰে কোৱাটো উচিত হʼবনে, ‘হয়, কিন্তু তেওঁক মই বহুত সহায় কৰিবলগীয়া হʼল।’ অথবা তেওঁ নম্ৰ হৈ এইদৰে কোৱা উচিত, ‘সঁচাকৈ, তেওঁ বহুত ভাল ভাষণ দিলে, শুনি বৰ ভাল লাগিল!’ যেতিয়া আমি নম্ৰ হওঁ, তেতিয়া আনৰ কাৰণে কৰা ভাল কামৰ প্ৰশংসা আমি নিজেই নলওঁ। এয়া জানি আমি আনন্দিত হওঁ যে আমি আনৰ বাবে যি কৰোঁ, সেয়া যিহোৱাই চাই আৰু ইয়াক মূল্যাংকন কৰে। (মথি ৬:২-৪; ইব্ৰী ১৩:১৬ পদৰ লগত তুলনা কৰক।) সঁচাকৈ, যীচুৰ দৰে নম্ৰ হʼলে যিহোৱাই আনন্দিত হয়।—১ পিত. ৫:৬.
দয়া দেখুৱাবলৈ শিকক
১৩. নায়িন নগৰৰ ওচৰত যীচুৱে কি দেখিলে আৰু তাৰ পাছত তেওঁ কি কৰে? (লূক ৭:১১-১৫)
১৩ লূক ৭:১১-১৫ পঢ়ক। এই ঘটনাটো কল্পনা কৰিবলৈ চেষ্টা কৰক, যীচুৱে এই পৃথিৱীত নিজৰ সেৱা আৰম্ভ কৰা প্ৰায় দুই বছৰ হʼল। তেওঁ গালীল প্ৰদেশৰ পৰা নায়িন নগৰলৈ গৈ আছে। এই নগৰখন চূনেমৰ পৰা অলপ দূৰত আছিল, যʼত ভৱিষ্যতবক্তা ইলীচাই এজনী তিৰোতাৰ লʼৰাক আকৌ জীয়াই তুলিছিল। (২ ৰাজা. ৪:৩২-৩৭) যীচু যেতিয়া নগৰৰ দুৱাৰত পালে, তেতিয়া তেওঁ দেখিলে যে লোকসকলে এজন মৃত্যু হোৱা ব্যক্তিক লৈ গৈ আছে। এয়া বৰ দুখলগা সময় আছিল, কাৰণ এজনী বিধৱাৰ একমাত্ৰ লʼৰাৰ মৃত্যু হৈছে। কিন্তু তেওঁ অকলশৰীয়া নহয়, তেওঁৰ লগত নগৰৰ বহুতো লোক গৈ আছে। তেতিয়া মৃতদেহ লৈ যোৱা লোকসকলক যীচুৱে ৰʼবলৈ কয় আৰু সেই মাতৃগৰাকীৰ কাৰণে যীচুৱে এনে এটা কাম কৰে, যাৰ বাবে তাইৰ দুখ সুখলৈ পৰিৱৰ্তন হয়। যীচুৱে তেওঁৰ লʼৰাক আকৌ জীয়াই তুলে। শুভবাৰ্তাৰ কিতাপবোৰত লিখা তিনিটা ঘটনাৰ ভিতৰত এইটো প্ৰথম ঘটনা আছিল, যʼত যীচুৱে এজন মৃত ব্যক্তিক আকৌ জীয়াই তুলিছিল।
১৪. লূক ৭ অধ্যায়ত উল্লেখ থকা ঘটনাৰ কিছুমান সৰু সৰু কথা কওক। (ছবিখনো চাওক।)
১৪ আহক লূক ৭ অধ্যায়ত দিয়া ঘটনাৰ কিছুমান সৰু সৰু কথাৰ ওপৰত ধ্যান দিওঁ। আপুনি মন কৰিলেনে, যীচুৱে প্ৰথমতে ‘মাকক দেখিলে,’ তাৰ পাছত তেওঁক ‘মৰম লাগিল।’ (১৩ পদ) যেতিয়া যীচুৱে দেখিলে যে মাকে তেওঁৰ লʼৰাৰ মৃতদেহ লৈ যোৱা লোকসকলৰ লগে লগে গৈ আছে আৰু বহুত কান্দি আছে, তেতিয়া তেওঁৰ হয়তো বহুত দুখ লাগিল। যীচুৱে তেওঁক দেখি অকল দুখ অনুভৱ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ এনে এটা কাম কৰিলে, যাৰ পৰা জানিব পাৰি যে যীচু বহুত দয়ালু আছিল। যীচুৱে তেওঁক কʼলে, “নাকান্দিবা।” হয়তো তেওঁ বহুত মৰমেৰে এই কথা কৈছিল। তাৰ পাছত মাকে একো নোকোৱাৰ আগতেই তেওঁ লʼৰাজনক আকৌ জীয়াই তুলিলে আৰু “তেওঁক মাকৰ হাতত দিলে।”—১৪, ১৫ পদ।
১৫. আমি যীচুৰ এই চমৎকাৰৰ পৰা কি শিকিব পাৰোঁ?
১৫ যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? যিসকল লোকে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে, আমি তেওঁলোকক দয়া দেখুৱা উচিত। এয়া সঁচা যে আমি যীচুৰ দৰে মৃত লোকসকলক আকৌ জীয়াই তুলিব নোৱাৰোঁ, কিন্তু আমি এনে ভাই-ভনীসকলক আৰু বেছিকৈ ধ্যান দিব পাৰোঁ, যিসকলে আপোনজনাক মৃত্যুত হেৰুৱাইছে। আমি নিজে আগবাঢ়ি গৈ এনে কথা কোৱা উচিত, যাৰ যোগেদি তেওঁলোকে শান্ত্বনা পাব আৰু আমি তেওঁলোকক সহায় কৰিবলৈ যি কৰিব পাৰোঁ, সেয়া কৰা উচিত। d (হিতো. ১৭:১৭; ২ কৰি. ১:৩, ৪; ১ পিত. ৩:৮) যদি আমি তেওঁলোকৰ লগত প্ৰেমেৰে কথা পাতোঁ বা তেওঁলোকৰ বাবে কিবা সৰু সুৰা কাম কৰি দিওঁ, তেনেহʼলে তেওঁলোকে শান্ত্বনা আৰু উৎসাহ লাভ কৰিব পাৰে।
১৬. এগৰাকী মাতৃক শান্ত্বনা দিয়া ভনীৰ পৰা আপুনি কি শিকিব পাৰে? (ছবিখনো চাওক।)
১৬ এটা উদাহৰণলৈ মন কৰক। এয়া কিছু বছৰ আগৰ কথা, এদিন সভাত সকলোৱে মিলি গীত গাই আছিল। এই গীত মৃত লোকসকলক আকৌ জীয়াই তোলাৰ আশাৰ বিষয়ে আছিল। তেতিয়া এজনী ভনীয়ে দেখিলে যে অলপ দূৰত আন এজনী ভনী কান্দি আছে। তেতিয়া তেওঁৰ মনত পৰিল এই ভনীগৰাকীয়ে কিছুদিনৰ আগতেই নিজৰ ছোৱালীজনীক মৃত্যুত হেৰুৱাইছে। তেওঁ লগে লগে সেই ভনীৰ ওচৰলৈ গʼল আৰু তেওঁৰ কান্ধত হাত ৰাখিলে আৰু তেওঁলোকে একেলগে থিয় হৈ গীত গালে। যিগৰাকী ভনীয়ে নিজৰ ছোৱালীজনীক হেৰুৱাইছিল তেওঁ এইদৰে কয়, “সেই সময়ত ভাই-ভনীসকলৰ কাৰণে মোৰ অন্তৰত আৰু প্ৰেম বাঢ়িল।” সেই দিনাখন তেওঁ সভাত যোৱাৰ বাবে বহুত আনন্দিত আছিল। তেওঁ এইদৰে কয়, “ৰাজ্যগৃহই এনে এখন ঠাই হয়, যʼত আমি সহায় পাব পাৰোঁ।” যেতিয়া আমি “খেদিত মন” বা নিৰাশ হোৱা ভাই-ভনীসকলক দয়া দেখুৱাওঁ আৰু তেওঁলোকক সহায় কৰিবলৈ সৰু-সুৰা কাম কৰোঁ, তেতিয়া যিহোৱাই এইবোৰ চাই আৰু মূল্যাংকন কৰে।—গীত. ৩৪:১৮.
লাভজনক অধ্যয়ন কৰক
১৭. যীচুৱে কৰা চমৎকাৰবোৰ অধ্যয়ন কৰিলে আমি কি শিকিব পাৰোঁ?
১৭ শুভবাৰ্তাৰ কিতাপবোৰত যীচুৱে কৰা যিবোৰ চমৎকাৰৰ বিষয়ে কোৱা হৈছে, তাৰ অধ্যয়ন কৰিলে আমি বহুতো কথা শিকিব পাৰোঁ। আমি জানিব পাৰোঁ যে যিহোৱা আৰু যীচুৱে আমাক বহুত প্ৰেম কৰে আৰু যীচুৰ ওচৰত মানুহৰ সকলো সমস্যা দূৰ কৰাৰ শক্তি আছে। ইয়াৰ পৰা যিহোৱাই অতি সোনকালে নিজৰ ৰাজ্যত সকলো প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমাৰ বিশ্বাস বাঢ়িব। যেতিয়া আমি এই ঘটনাবোৰৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়া আমি ভাবিব পাৰোঁ যে ইয়াৰ পৰা যীচুৰ কোনটো গুণৰ বিষয়ে জানিব পাৰি আৰু আমি তেওঁৰ দৰে কেনেকৈ হʼব পাৰোঁ। গতিকে পাৰিবাৰিক উপাসনাত বা ব্যক্তিগত অধ্যয়নত আপুনি যীচুৱে কৰা কিছুমান চমৎকাৰৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। আপুনি চিন্তা কৰিব পাৰে যে এই চমৎকাৰৰ পৰা আপুনি কি কি কথা শিকিব পাৰে, তাৰ পাছত এই কথা আপুনি আনকো জনাব পাৰে। এইদৰে কৰাৰ যোগেদি আপুনি ভাই-ভনীসকলৰ লগত উৎসাহমূলক কথা পাতিব পাৰিব।—ৰোম. ১:১১, ১২.
১৮. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
১৮ যীচুৱে নিজৰ সেৱাৰ একেবাৰে শেষ সময়ছোৱাত এজন ব্যক্তিক আকৌ জীয়াই তুলে। যদিও তেওঁ আগতে বহুতো লোকক জীয়াই তুলিছিল, তথাপি এই চমৎকাৰ একেবাৰে বেলেগ আছিল। এইবাৰ তেওঁ নিজৰ প্ৰিয় বন্ধু এজনক জীয়াই তুলিছিল আৰু ইয়াৰ পৰিস্থিতি একেবাৰে বেলেগ আছিল। শুভবাৰ্তাৰ কিতাপত লিখা এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? ইয়াৰ বিষয়ে অধ্যয়ন কৰিলে মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব বুলি আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে? এই প্ৰশ্নবোৰৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।
গীত ২০ তুমি নিজৰ প্ৰিয় পুত্ৰক দিলা
a যীচুৱে এক ভয়ংকৰ ধুমুহাক শান্ত কৰিছিল, বেমাৰী লোকসকলক সুস্থ কৰিছিল আৰু মৃত লোকসকলক জীয়াই তুলিছিল। যেতিয়া এই কামৰ বিষয়ে আমি পঢ়োঁ, তেতিয়া আচৰিত হৈ যাওঁ। কিন্তু এইবোৰ পঢ়ি কেৱল আনন্দ পাবলৈ বাইবেলত লিখা নাই, তাৰ পৰিৱৰ্তে আমি ইয়াৰ পৰা বহুতো কথা শিকিব পাৰোঁ। এই লেখত যীচুৱে কৰা কিছুমান চমৎকাৰৰ বিষয়ে আমি আলোচনা কৰিম। আমি এয়াও জানিম যে এই কামৰ পৰা আমি যিহোৱা আৰু যীচু খ্ৰীষ্টৰ বিষয়ে কি কি শিকিব পাৰোঁ, যাৰ যোগেদি আমাৰ বিশ্বাস মজবুত হʼব। এই চমৎকাৰবোৰৰ পৰা আমি এনে কিছুমান গুণৰ বিষয়ে শিকিম, যিবোৰ আমাক বঢ়োৱা উচিত।
b বাইবেলৰ এজন বিদ্বানে এইদৰে কৈছে, “ইস্ৰায়েলৰ ওচৰে-পাজৰে থকা দেশবোৰৰ লোকসকলে অতিথি সৎকাৰ কৰাটো নিজৰ দায়িত্ব বুলি ভাবিছিল। যদি তেওঁলোকৰ ঘৰত কোনোবা আলহী আহে, তেতিয়া ঘৰৰ মানুহে আলহীৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰাৰ প্ৰয়োজন আছিল। বিশেষকৈ বিয়া-বাৰুত আলহীসকলৰ কাৰণে আৰু বেছিকৈ খোৱা-বোৱাৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন আছিল।”
c শুভবাৰ্তাৰ কিতাপবোৰত যীচুৱে কৰা ৩০ টাতকৈ বেছি চমৎকাৰৰ বিষয়ে কোৱা হৈছে। কিছুমান পৰিস্থিতিত প্ৰতিটো চমৎকাৰৰ বিষয়ে বহলভাৱে কোৱা নাই। যেনে, এবাৰ “নগৰৰ আটাই মানুহ” যীচুৰ ওচৰলৈ আহিছিল আৰু তেওঁ “অনেক ৰোগীক সুস্থ কৰিলে।”—মাৰ্ক ১:৩২-৩৪.
d যিসকলে নিজৰ আপোনজনাক হেৰুৱাইছে, তেওঁলোকক শান্ত্বনা দিবলৈ আপুনি কি কʼব বা কৰিব পাৰে, তাৰ বাবে কিছুমান উপায়ৰ বিষয়ে জানিবলৈ ২০১৬ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) খণ্ড ৩-ত দিয়া লেখ “আপোনজনাক মৃত্যুত হেৰুৱা লোসকলক শান্ত্বনা দিয়ক” পঢ়ক।
e ছবিৰ বিষয়ে: দৰা-কইনা আৰু তেওঁলোকৰ আলহীসকলে উত্তম দ্ৰাক্ষাৰসৰ আনন্দ লৈ আছে আৰু যীচু পিছফালে থিয় হৈ আছে।